আপুনি বাইবেলৰ বিষয়ে কি ভাবে?
আপুনি ক’ব নেকি যে . . .
-
মানৱ ভাৱধাৰাৰে লিখা এখন কিতাপ?
-
পৌৰাণিক কাহিনী বা গল্পৰ কিতাপ?
-
ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এখন কিতাপ?
পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে
“গোটেই শাস্ত্ৰ ঈশ্বৰ-নিশ্বাসিত।”—২ তীমথিয় ৩:১৬, পবিত্ৰ বাইবেল O.V. (Ref.)
আপোনাৰ বাবে কি অৰ্থ ৰাখে
গুৰুত্বপূৰ্ণ প্ৰশ্নবোৰৰ সঠিক উত্তৰ।—হিতোপদেশ ২:১-৫.
দৈনন্দিন জীৱনৰ বাবে নিৰ্ভৰযোগ্য নিৰ্দ্দেশনা।—গীতমালা ১১৯:১০৫.
ভৱিষ্যতৰ বাবে প্ৰকৃত আশা।—ৰোমীয়া ১৫:৪.
বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?
হয় পাৰোঁ। অন্তত তিনিটা কাৰণৰ বাবে:
-
আচৰিত ভাৱে মিল আছে। বাইবেলখন লিখিবলৈ ১,৬০০ বছৰতকৈ বেছি সময় লাগিছিল আৰু ইয়াক ৪০ জন ব্যক্তিয়ে লিখিছিল। তেওঁলোকৰ বেছিভাগে এজনে-আনজনক দেখা নাছিল। তথাপিও, গোটেই বাইবেলখন এটা মূল বিষয়ৰ লগত মিল আছে।
-
সত্য ইতিহাস। বুৰঞ্জীবিদসকলে প্ৰায়ে, নিজ দেশৰ লোকসকলৰ ভুল-ত্ৰুটি বা তেওঁলোকে সন্মুখীন হোৱা পৰাজয়বোৰৰ বিষয়ে বৰ্ণনা নকৰে। কিন্ত্ত তাৰ পৰিৱৰ্তে, বাইবেলৰ লেখকসকলে নিজৰ আৰু ৰাষ্ট্ৰত হোৱা ভুল-ত্ৰুটিবোৰৰ বিষয়ে উল্লেখ কৰিছে।—২ বংশাৱলি ৩৬:১৫, ১৬; গীতমালা ৫১:১-৪.
-
নিৰ্ভৰযোগ্য ভৱিষ্যতবাণী। বাবিল মহানগৰৰ বিনাশৰ বিষয়ে বাইবেলত প্ৰায় ২০০ বছৰৰ আগতে ভৱিষ্যতবাণী কৰা হৈছিল। (যিচয়া ১৩: ১৭-২২) এই ভৱিষ্যতবাণীত বাবিল মহানগৰখন কেনেকৈ ধ্বংস কৰা হ’ব আৰু কোনে ইয়াক পৰাজয় কৰিব তেওঁৰ নামো উল্লেখ কৰা হৈছিল।—যিচয়া ৪৫:১-৩.
সময় অতিবাহিত হোৱাৰ লগে লগে বাইবেলৰ বহুতো ভৱিষ্যতবাণী বিতংভাৱে পূৰ হোৱা দেখিবলৈ পোৱা যায়। ঈশ্বৰৰ বাক্যৰপৰা আমি এনে হোৱাটো নিশ্চয় আশা কৰোঁ, নহয়নে বাৰু?—২ পিতৰ ১:২১.
এই বিষয়ে চিন্তা কৰক
বাইবেলে আপোনাৰ জীৱনত কেনেকৈ সহায় কৰিব?
বাইবেলে ইয়াৰ উত্তৰ যিচয়া ৪৮:১৭, ১৮ আৰু ২ তীমথিয় ৩:১৬, ১৭ পদত দিছে।