এই পৃথিৱীখনক প্ৰকৃততে কোনে শাসন কৰিছে?
আপুনি কি ভাবে . . .
-
ঈশ্বৰে?
-
মানুহে?
-
নে চয়তানে?
পবিত্ৰ শাস্ত্ৰ বাইবেলে কি উত্তৰ দিয়ে
“গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।”—১ যোহন ৫:১৯.
“চয়তানৰ কৰ্ম্ম লুপ্ত কৰিবৰ কাৰণেই ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হল।”—১ যোহন ৩:৮, পবিত্ৰ বাইবেল O.V. (Ref.)
আপোনাৰ বাবে কি অৰ্থ ৰাখে
পৃথিৱীত হৈ থকা সমস্যাবোৰৰ যুক্তিপূৰ্ণ বৰ্ণনা।—প্ৰকাশিত বাক্য ১২:১২.
আমাৰ পৃথিৱীখন ভাললৈ পৰিৱৰ্তন হোৱাৰ আধাৰ।—১ যোহন ২:১৭.
বাইবেলত উল্লেখ থকা বিষয়বোৰ আমি বিশ্বাস কৰিব পাৰোঁনে?
হয় পাৰোঁ। অন্তত তিনিটা কাৰণৰ বাবে:
-
চয়তানৰ শাসনৰ অন্ত। চয়তানৰ শাসনক অন্ত কৰিবলৈ যিহোৱা ঈশ্বৰ দৃঢ়সংকল্প। “চয়তানক . . . অকৰ্ম্মণ্য কৰিবলৈ” আৰু চয়তানৰ শাসনে মানৱজাতিৰ যি ক্ষতি কৰিছে, তাক সম্পূৰ্ণৰূপে ভাল কৰিবলৈ ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে।—ইব্ৰী ২:১৪.
-
ঈশ্বৰে এই পৃথিৱীখনৰ ওপৰত শাসন কৰিবলৈ যীচু খ্ৰীষ্টক মনোনীত কৰিছে। পৃথিৱীৰ বৰ্তমান শাসকজন হৈছে স্বাৰ্থপৰ আৰু নিষ্ঠুৰ। কিন্ত্ত ইয়াৰ তুলনাত যীচু একেবাৰে বিপৰীত। যীচুৰ ৰাজত্বৰ বিষয়ে ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে: “তেওঁ দুখী-দৰিদ্ৰক কৃপা কৰিব . . . অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ সিবিলাকৰ প্ৰাণ মুক্ত কৰিব।”—গীতমালা ৭২:১৩, ১৪.
-
ঈশ্বৰে মিছা নকয়। বাইবেলে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে “ঈশ্বৰে মিছা কোৱা অসাধ্য।” (ইব্ৰী ৬:১৮) যেতিয়া যিহোৱা ঈশ্বৰে কিবা কৰিম বুলি প্ৰতিজ্ঞা কৰে, ইয়াৰ অৰ্থ হৈছে তেওঁ যেন ইয়াক পূৰ কৰিলেই। (যিচয়া ৫৫:১০, ১১) “এই জগতৰ অধিপতিক বাহিৰ কৰা হব।”—যোহন ১২:৩১.
এই বিষয়ে চিন্তা কৰক
বৰ্তমানৰ শাসকজনক বাহিৰ কৰাৰ পাছত পৃথিৱীৰ পৰিস্থিতি কেনেকুৱা হ’ব?
বাইবেলে ইয়াৰ উত্তৰ গীতমালা ৩৭:১০, ১১ আৰু প্ৰকাশিত বাক্য ২১:৩, ৪ পদত দিছে।