দোজখ আল্লাৰ বিচাৰৰ ভাগ হয়নে?
দোজখ আল্লাৰ বিচাৰৰ ভাগ হয়নে?
আপুনি কাৰোবাক তাড়না দিয়া দেখিছেনে? আশা কৰো আপুনি দেখা নাই। অহৰহ যান্ত্ৰনা ৰোগগ্ৰস্ত আৰু ঘৃণনীয়।। তথাপি কি আল্লাই যান্ত্ৰণা বিহে? আপুনি তেনে কথা কল্পনা কৰেনে? বহুতো মজহৱৰ কাৰ্যাকাৰী নীতি অনুসৰি দোজখৰ শিক্ষা নিয়াৰিকৈ শিকায়।
অলপ সময়ৰ বাবে এই ভয়ানক দৃশ্যৰ কল্পনা কৰক: এজন ব্যক্তিক অতি গৰম লোহাৰ কেৰাহীত সিজোৱা হৈছে। যান্ত্ৰণাত তেওঁ চিঞৰি-চিঞৰি দয়াৰ বাবে ভিক্ষা খুজিছে, কিন্তু কোনেও শুনা নাই। ঘন্টাৰ পাছত ঘন্টা, দিনৰ পাছত দিন ধৰি অহৰহ অবিৰামভাৱে যাতনা চলি আছে!
পীড়িত ব্যক্তিজনে যিহকে অপৰাধ নকৰক কিয়, আপুনি তেওঁৰ প্ৰতি কৰুণা অনুভৱ নকৰিবনে? কিহৰ বাবে এজনে এই যাতনা দিবলৈ হুকুম দিলে? তেওঁ এজন পিয়াৰা মুমিন হব পাৰেনে? নিঃসন্দেহ হব নোৱাৰে! মোহব্বতে আনৰ ওপৰত দয়ালু হয় আৰু তেওঁৰ প্ৰতি কৰুণা দেখুৱায়। এজন মোব্বতৰ আব্বাই হয়তো লৰা-ছোৱালীক শাস্তি দিব পাৰে কিন্তু কেতিয়াও যান্ত্ৰণা নিদিয়ে!
কিন্তু, বহুতো মজহৱে শিকাই যে আল্লাই গোনাহগাৰ সকলক দোজখত শাস্তি দিয়ে। আৰু ই আল্লাৰ ন্যায় বুলি তেওঁলোকে দাবী কৰে। যদি এয়া সচাঁ হয়, কোনে দোজখৰ দৰে সেই ভয়ানক স্থানক সৃষ্টি কৰিলে? আৰু তাত দিয়া এই যান্ত্ৰণাদায়ক যাতনাৰ বাবে কোন দায়ী? ইয়াৰ উত্তৰ স্পষ্টভাৱে দেখা গৈছে। যদি এনে ধৰণৰ স্থান প্ৰকৃততে আছে, নিশ্চয় আল্লাই এই দোজখৰ সৃষ্টিকৰ্ত্তা আৰু তাত যি ঘটে তাৰ বাবে মাত্ৰ তেৱেঁ দায়ী।
a কৈছে “আল্লা মোহব্বত হয়।” (১ ইউহোন্না ৪:৮) যিজন মোহব্বতৰ আল্লাই ইনচানৰ আনকি সৌন্দয্যৰ মাপ-কাঠি বিবেচনা কৰে সেইজনে বিদ্ৰোহৰ ভাৱ প্ৰযোগ কৰিবনে? কেতিয়াও নকৰে!
আপুনি ইয়াক গ্ৰহণ কৰিব নে? কিতাবুল মোকাদ্দসেএক অযুক্তিকৰ শিক্ষা
বৰ্তমান সময়তো বহুতে এতবাৰ (বিশ্বাস) কৰে যে গোনাহগাৰসকল জ্বলি থকা দোজখত যাব আৰু তাত অনন্ত কাললৈকে যাতনা ভূগিব। এই শিক্ষা যুক্তিপূৰ্ণ নে? ইনচানৰ জীয়াই থকাৰ সীমিত আয়ুস ৭০ বা ৮০ বছৰ। যদি কোনোৱাই গোটেই জীৱন ধৰি গোনাহ কৰি পাৰ কৰিলে তেওঁলোকৰ বাবে অনন্ত-জীৱনৰ যাতনা একমাত্ৰ শাস্তিনে? নহয়। জীয়াই থকা সময়ত কৰা সীমিত গোনাহৰ বাবে এজন ব্যক্তিক শাস্তি দিয়াটো বে-ইনচাফী হব।
ইনতেকাল হোৱাৰ পাছত কি হয় তাৰ বিষয়ে কোনে জানে? মাত্ৰ আল্লাই এই বাৰ্ত্তা জাহিৰ কৰিব পাৰে আৰু ওপৰত বৰ্ণনা কৰা অনুসৰি আল্লাই তেওঁৰ কালাম কিতাবুল মোকদ্দসত ইয়াৰ বিষয়ে লিখি ৰাখিছে। ইয়াত কিতাবুল মোকদ্দসত বৰ্ণনা কৰিছে: “কিয়নো মনুষ্য-সন্তানবিলাকলৈ যি ঘটে, সেয়ে পশুলৈকো ঘটে . . . সিহঁত সকলোৰে এক নিশ্বাস-প্ৰশ্বাস মাথোন; সকলোৱেই একে ঠাইলৈ গমন কৰে। সকলোৱেই ধূলিৰ পৰা উৎপন্ন হৈছে, আৰু সকলোৱেই ধূলিলৈ উলটি যায়।” (হেদায়েতকাৰী ৩:১৯, ২০) ইয়াত কোনো যাতনা দিয়া দোজখৰ বিষয়ে বৰ্ণনা কৰা নাই। যেতিয়া ইনচানৰ ইন্তেকাল হয়—ইনচান ধূলিলৈ উভটি যায়—অস্তিত্বহীনতালৈ যায়।
যাতনা পোৱাৰ ক্ষেত্ৰত এজন ব্যক্তিৰ জ্ঞান-বুদ্ধি থাকে। মৃতসকল সচেতন নে? নহয়। “কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে, আৰু সিহঁতে সিবিলাকৰ শ্ৰমৰ ফল আৰু নাপায় কিয়নো সিহঁতৰ স্মৃতি লুপ্ত হয়।” (হেদায়তকাৰী ৯:৫) মৃতসকলৰ বাবে এইয়া অসম্ভৱ, যান্ত্ৰণাদায়ক দোজখৰ বিষয়ে “মৃত লোকবিলাকে একোকেই নাজানে।”
এক হানিকাৰক শিক্ষা
সত্য হওঁক বা অসত্য হওঁক কিছুমানে দোজখৰ শিক্ষা লাগতিয়াল বুলি এতবাৰ (বিশ্বাস) কৰে। কিয়? ইনচানে কয় যে ই গোনাহ কৰোঁতা সকলৰ মনত ভয় উৎপন্ন কৰে। ই সঁচা নে? দোজখ এতবাৰ (বিশ্বাস) কৰা লোকসকলৰ স্থানতকৈ অন্য অঞ্চলত অপৰাধৰ পৰিমাণ কমনে? একেবাৰে নহয়! প্ৰকৃততে দোজখৰ শিক্ষাই অনিষ্টকৰ। আল্লাই যাতনা দিয়াৰ বিষয়ে এজন ব্যক্তিয়ে যি এতবাৰ (বিশ্বাস) কৰে তেওঁ যান্ত্ৰণাক ঘৃণনীয় ৰূপে দৃষ্টি কৰেনে? তেওঁ কিয় এইদৰে ভৱা উচিত? যি সকলে নিষ্ঠুৰ আল্লাত এতবাৰ (বিশ্বাস) কৰে তেওঁলোকেও প্ৰায় তেওঁলোকৰ আল্লাৰ দৰে নিষ্ঠুৰ হয়।
এজন যুক্তিসঙ্গত ব্যক্তিয়ে যদি যি কোনো উপায়ে বিষয়টো চালি-জাৰি চালে তেওঁ কেতিয়াও দোজখৰ শিক্ষা গ্ৰহণ নকৰিব। ই যুক্তিৰ বিৰুদ্ধ। ইনচানৰ স্বভাৱে ইয়াক নামঞ্জুৰ কৰে। আটাইতকৈ প্ৰয়োজনী বিষয় এই যে আল্লাৰ কালামে এনে স্থানৰ অস্তিত্বৰ বিষয়ে কোনো শিক্ষা দিয়া নাই। যেতিয়া এজন ব্যক্তিৰ মৌত হয়, “তাৰ উশাহ বাহিৰ হলেই, সি পুনৰায় মাটিত লীন হয়, আৰু সেই দিনাই তাৰ সঙ্কল্পবোৰ নষ্ট হয়।”—আল-জবুৰ ১৪৬:৪.
গোনাহৰ শাস্তি কি?
ইয়াৰ অৰ্থ এইটো নেকি যে আমি কৰা গোনাহৰ বাবে কোনো শাস্তি নাই? নহয়, এইটো কাৰণ নহয়। আল্লা পাকে গোনাহ কৰা সকলক শাস্তি দিয়ে, কিন্তু তেওঁ যাতনা নিদিয়ে। গোনাহগাৰে অনুতাপ কৰিলে তেওঁ তেওঁলোকক মাফ কৰে। গোনাহৰ শাস্তি কি? কিতাবুল মোকদ্দসে ইয়াৰ উত্তৰ স্পষ্টভাৱে দিছে: “কিয়নো পাপৰ বেচ মৌত।” (ৰোমীয়া ৬:২৩) জীৱন হৈছে আল্লাৰ এটা দান। যেতিয়া আমি গোনাহ কৰো, আমি আৰু সেই দানৰ বাবে কাবিল নহওঁ আৰু আমি মৰোঁ।
আপুনি হয়তো সুধিব পাৰে: ‘ই কেনে ইনচাফ? কিয়, সকলোৰে মৌত হয়!’ এইটো সত্য, কিয়নো আমি সকলোৱে গোনাহগাৰ। যি কি নহওঁক, কোনেও জীৱনৰ বাবে কাবিল নহয়। “যেনেকৈ এজন ইনচানৰ দ্বাৰাই গোনাহ, গোনাহৰ দ্বাৰাই মৌত দুনিয়াত সোমাল, আৰু গোনাহ কৰাত, সেই মৌত তামাম ইন্চানলৈ ব্যাপি গল।”—ৰোমীয়া ৫:১২.
এই ক্ষেত্ৰত হয়তো আপুনি ভাৱিব পাৰে: ‘যদি আমি সকলোৱে গোনাহ কৰো আৰু সেইবাবে আমি মৰিম, তেন্তে কিয় আমি সকলোৱে এজন নেক ইনচান হবলৈ ৰোমীয়া ১২:২) এই সত্যই হৈছে অদ্ভুত আশাৰ আধাৰ।
চেষ্টা কৰো? ইয়াৰ পৰা এইটো বুজিব পাৰি যে গোনাহগাৰে যেনেকৈ ব্যৱহাৰ কৰা হয় আল্লাক সেৱা কৰিবলৈ চেষ্টা কৰা লোক সকলকো সেই একেদৰে ব্যৱহাৰ কৰা হয়।’ কিন্তু প্ৰকৃততে সেয়া নহয়। আমি সকলো যদিও গোনাহগাৰ, আল্লাই সেই লোকসকলক মাফ কৰে যি সকলে সৰলতাৰে অনুতাপ কৰে আৰু তেওঁলোকৰ জীৱন পৰিবৰ্তন কৰিবলৈ চেষ্টা কৰে। নেকি কৰিবলৈ আৰু ‘নতুন মন কৰাৰ ’ আমাৰ যত্মক তেওঁ আৰ্শীবাদ দিয়ে। (নেকিৰ বাবে পুৰস্কাৰ
মৌতৰ লগে লগে আমাৰ সকলো শেষ হয়। ইয়াৰ অৰ্থ এইটো নহয় যে কোনো আশা নাই। ইমানদাৰ ইনচান আইয়ুবে জানিছিল যে তেওঁৰ মৌতৰ পাছত কবৰলৈ (চিয়োল) যাব। কিন্তু তেওঁ আল্লাক এইদৰে মুনাজাত কৰিছিল: “অস, তুমি মোক চিয়োলত লুকুৱাই থোৱা হলে, তোমাৰ ক্ৰোধ মাৰ নাযায়মানে মোক গুপ্তকৈ ৰখা হলে, তুমি মোৰ নিমিত্তে এক সময় নিৰূপণ কৰি, মোক সোঁৱৰণ কৰা হলে, কেনে ভাল আছিল! ইনচানে মৌতৰ পাছত পুনৰায় জীৱিত হবনে? . . . তেতিয়া তুমি মাতিবা, আৰু মই উত্তৰ দিম।”—আইয়ুব ১৪:১৩-১৫.
আইয়ুব এতবাৰ (বিশ্বাস) কৰিছিল যে যদি তেওঁ মৌতলৈকে ইমানদাৰ হৈ থাকে, তেন্তে তেওঁক আল্লাই মনত পেলাব আৰু পুনৰুত্থান কৰিব। এয়া আছিল প্ৰাচীন ইমানদাৰ লোক সকলৰ আশা। ঈছাই নিজেই এই আশাৰ বিষয়ে কৈছিল: “তোমালোকে ইয়াত বিস্ময় নামানিবা; কিয়নো যি কালত কবৰত থকা সকলোৱে তেওঁৰ আওয়াজ শুনি, নেককৰ্ম্ম কৰাবিলাক জিন্দেগীৰ পুনৰুত্থানলৈ আৰু বদকৰ্ম্ম কৰাবিলাক সোধ-বিচাৰৰ পুনৰুত্থানলৈ ওলাব, সেই কাল আহিছে।”—ইউহোন্না ৫:২৮, ২৯.
কেতিয়া ইহায়ক (পুনৰুত্থান) আৰম্ভ হব? কিতাবুল মোকদ্দসৰ অনুসৰি অতি সোনকালে হব। কিতাবুল মোকদ্দসৰ নবুবতত উল্লেখ কৰে যে ১৯১৪ চনৰ পৰা এই দুনিয়া “শেষ-কালত” প্ৰবেশ কৰিলে। (২ম তীমথিয় ৩:১) ‘এই দুনিয়াৰ শেষ ’ বুলি বহুতে বৰ্ণনা কৰে, অতি সোনকালে আল্লাই বদমাচ লোকসকলক আঁতৰাই দিব আৰু স্বৰ্গীয় শাসনৰ অধীনত নতুন ৰাজ্য আনিব।—মথি ২৪ অধ্যায়; মাৰ্ক, ১৩ অধ্যায়; লূক, ২১ অধ্যায়; জাহেৰী কালাম ১৬:১৪.
ইয়াৰ পৰিণাম স্বৰূপে গোটেই দুনিয়াজুৰি বেহেষ্টৰ সীমা বৃদ্ধি হব আৰু যি সকলে সৰলতাৰে আল্লাক ইবাদত কৰিব বিচাৰে সেই ইনচান সকল ইয়াৰ অধিকাৰী
হব। গোনাহগাৰসকল দোজখত নজ্বলিব, কিন্তু আহিবলগীয়া বেহেষ্টত তেওঁলোকৰ বাবে কোনো স্থান পোৱা নাযাব। আল-জবুৰ ৩৭:১০, ১১ আয়াতত আমি পঢ়ো: “কাৰণ অলপতে দুষ্ট লোক নাইকিয়া হব; তুমি তাৰ ঠাইত যত্নেৰে বিচাৰিলেও তাক নাপাবা। কিন্তু নম্ৰবিলাক মুলুকৰ ওয়াৰিশ হব, আৰু প্ৰচুৰ শান্তিত হৰ্ষিত হব।”এই সকলোবোৰ মাত্ৰ সপোন নে? নহয়, এইয়া হৈছে আল্লাৰ ৱাদা। কিতাবুল মোকদ্দসত আমি পঢ়ো: “পাছে মই সেই সিংহাসনৰ পৰা এই মহা আকাশী বাণী শুনিলোঁ, সৌৱা চোৱা, মানুহবিলাকৰ সহিত আল্লাৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব; তেওঁ বিলাক তেওঁৰ বান্দা হব, আৰু আল্লা নিজে তেওঁ বিলাকৰ সঙ্গী হৈ তেওঁ বিলাকৰ আল্লা হব; আৰু তেওঁ বিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৌত আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—জাহেৰী কালাম ২১:৩, ৪.
এই ৱাদাক আপুনি এতবাৰ (বিশ্বাস) কৰেনে? আপুনি কৰা উচিত। আল্লাৰ কালাম সদায় সচাঁ হয়। (ইশাইয়া ৫৫:১১) ইনচানৰ প্ৰতি থকা আল্লাৰ উদ্দেশ্যৰ বিষয়ে আমি আপোনাক জানিবলৈ অনুৰোধ কৰো। যিহোৱা সাক্ষীসকলে আপোনাক সহায় কৰিবলৈ পালে আনন্দিত হব। যদি আপুনি তেওঁলোকৰ সহায় বিচাৰে তেন্তে নিম্নলিখিত যি কোনো ঠিকনাত যোগাযোগ কৰিবলৈ আমি আপোনাক নিমন্ত্ৰণ কৰিছো।
[ফুটনোটবোৰ]
a ইছলাম জগতত কিতাবুল মোকদ্দসৰ অন্তভুক্ত কিতাপ হʼল—তৌৰাত, জবুৰ আৰু ইঞ্জীল। কোৰাণত প্ৰায় ৬৪ বাৰ আয়তত কৈছে যে এই কিতাপবোৰ হৈছে আল্লাৰ কালাম আৰু ইয়াক পঢ়া আৰু ইয়াৰ ফৰমানবোৰক অমল কৰা বিষয়ে জোৰ দিছে। কিছুমানলোকে দাবী কৰে যে তৌৰাত, জবুৰ আৰু ইঞ্জীলৰ কিতাপবোৰ বিকৃত কৰা হʼল। দাবী কৰোঁতাসকলে এই দৰেও কয় যে আল্লাই তেওঁৰ কালামক হিফাজত কৰিব নোৱাৰিলে।
ইয়াত উল্লেখিত পবিত্ৰ কোৰাণ শৰীফৰ সকলো আয়াত, আলহাজ্ব মাওলানা এ, কে, এম, ফজলুৰ ৰহমান মুন্সীৰ দ্বাৰা অনুবাদীত বঙালী কোৰাণৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে, আৰু উল্লেখিত কিতাবুল মোকাদ্দসৰ আয়াত সমূহ বঙালী সংস্কৰণৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।