এক শান্তিপূৰ্ণ নতুন জগতত জীৱন
এক শান্তিপূৰ্ণ নতুন জগতত জীৱন
যেতিয়া আপুনি এই ট্ৰ্যাক্ট্ (Tract) থকা দৃশ্যলৈ চাই, তেতিয়া আপোনাৰ কেনে অনুভৱ হয় বাৰু? তাত দেখি পোৱা শান্তি, আনন্দ আৰু সমৃদ্ধিৰ বাবে আপোনাৰ হৃদয়ে হেঁপাহ নকৰেনে? নিশ্চয় হেঁপাহ কৰে। কিন্তু এনে পৰিস্থিতি কেতিয়াবা পৃথিবীত যে অস্তিত্বত হব, এইটো বিশ্বাস কৰাটো মাত্ৰ সপোন বা কল্পনানে?
সম্ভৱ বহুতো লোকে এনেধৰণৰ চিন্তা কৰে। বৰ্ত্তমান সময়ৰ সত্যতা হৈছে যুদ্ধ, অপৰাধ, আকাল, বেমাৰ, বৃদ্ধ অৱস্থা—মাত্ৰ কিছুমানহে উল্লেখ কৰা হʼল। তথাপি আশা কৰাৰ কাৰণ আছে। ভৱিষ্যতলৈ চাই, বাইবেলে কৈছে, “তেওঁৰ [ঈশ্বৰৰ] প্ৰতিজ্ঞাৰ দৰে, আমি নতুন আকাশ-মণ্ডল আৰু নতুন পৃথিবীলৈ অপেক্ষা কৰি আছোঁ; সেইবোৰত ধাৰ্ম্মিকতা নিবাস কৰে।”—২ পিতৰ ৩:১৩; যিচয়া ৬৫:১৭.
বাইবেলৰ মতে এই “নতুন আকাশ” আৰু “নতুন পৃথিৱী,” এটা নতুন ভৌতিক আকাশ বা বাস্তৱ নতুন পৃথিৱী নহয়। প্ৰাকৃতিক পৃথিৱী আৰু আকাশ সিদ্ধৰূপে সৃষ্টি কৰা হৈছিল আৰু বাইবেলে কৈছে যে এইবিলাক অনন্তকাললৈকে থাকিব। (গীতমালা ৮৯:৩৬, ৩৭; ১০৪:৫) “নতুন পৃথিৱীত” জীয়াই থকা লোকসকলৰ ধাৰ্ম্মিক সমাজ হব, আৰু “নতুন আকাশ” স্বৰ্গীয় ৰাজ্য, বা চৰকাৰ হব, যিয়ে লোকসকলৰ পাৰ্থিব সমাজত শাসন কৰিব। কিন্তু এইটো বিশ্বাস কৰাটো বাস্তৱিকনে যে “নতুন পৃথিৱী,” বা গৌৰৱময় নতুন পৃথিৱী সম্ভৱ?
যি কি নহওঁক, এই তথ্যক বিবেচনা কৰক যে পৃথিৱীৰ বাবে এনেবোৰ অৱস্থা, ঈশ্বৰৰ মূল উদ্দেশ্যৰ ভাগ আছিল। তেওঁ প্ৰথম মানৱ দম্পতিক পাৰ্থিব পৰমদেশৰ এদন বাগিছাত ৰাখিছিল আৰু তেওঁলোকক অতি আচৰিত কাৰ্য্যৰ নিযুক্তি দিছিল: “তোমালোক বহুবংশ হোৱা, আৰু বাঢ়ি বাঢ়ি পৃথিবীখন পৰিপূৰ্ণ কৰা, আৰু তাক বশীভূত কৰা।” (আদিপুস্তক ১:২৮) হয়, সন্তানক জন্ম দিয়া আৰু অৱশেষত গোটেই পৃথিৱীখন পৰমদেশলৈ বৃদ্ধি কৰা, তেওঁলোকৰ বাবে ঈশ্বৰৰ উদ্দেশ্য আছিল। যদিও তেওঁলোকে পাছলৈ ঈশ্বৰৰ অবাধ্য হৈছিল আৰু এইদৰে অনন্তকাললৈকে জীয়াই থাকিবলৈ অযোগ্য হোৱাৰ স্বত্বেও, ঈশ্বৰৰ মূল উদ্দেশ্য পৰিবৰ্ত্তন নহʼল। আৰু এইটো নতুন জগতত নিশ্চয় পূৰ্ণ হব!—যিচয়া ৫৫:১১.
বাস্তৱতে, যেতিয়া আপুনি ঈশ্বৰৰ ৰাজ্য আহিবলৈ প্ৰাৰ্থনাত বিচাৰে ‘হে আমাৰ পিতৃ’ বা প্ৰভু প্ৰাৰ্থনা কৰে, তেতিয়া আপুনি তেওঁৰ স্বৰ্গীয় চৰকাৰক, পৃথিৱীক দুষ্টৰ পৰা মুক্ত কৰিবলৈ আৰু এই নতুন জগতৰ ওপৰত শাসন কৰিবলৈ প্ৰাৰ্থনা কৰে। (মথি ৬:৯) আমি দৃঢ় হব পাৰো যে ঈশ্বৰে সেই প্ৰাৰ্থনাৰ উত্তৰ দিব, যিহেতু তেওঁৰ বাক্যয়ে প্ৰতিজ্ঞা কৰিছে: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।”—গীতমালা ৩৭:২৯.
ঈশ্বৰৰ নতুন জগতত জীৱন
ঈশ্বৰে আৰম্ভনিতে নিজৰ লোকসকলৰ প্ৰতি পৃথিৱীত ভাল বস্তুবোৰৰ আনন্দ লাভ কৰাটো উদ্দেশ্য আছিল, সেই সকলোবোৰ সম্পূৰ্ণ কৰি ঈশ্বৰৰ ৰাজ্যই অপাৰ পাৰ্থিব কল্যাণ আনিব। শত্ৰুতা আৰু পক্ষপাত অস্তিত্বত আৰু নাথাকিব আৰু অৱশেষত পৃথিৱীত সকলো ব্যক্তিয়ে এজনে আনজনৰ প্ৰকৃত বন্ধু হব। বাইবেলত, ঈশ্বৰে প্ৰতিজ্ঞা কৰিছে যে তেওঁ ‘পৃথিবীৰ অন্তলৈকে যুদ্ধৰ শেষ কৰে।’ “এক জাতিয়ে আন জাতিৰ বিৰোদ্ধে তৰোৱাল নাদাঙিব, সিহঁতে যুদ্ধ-বিদ্যা আৰু নিশিকিব।”—গীতমালা ৪৬:৯; যিচয়া ২:৪.
অৱশেষত, গোটেই পৃথিৱীখন এটা বাগিচাৰূপী পৰমদেশলৈ পৰিণত কৰা হব। বাইবেলে কৈছে: “অৰণ্য আৰু নিৰ্জন ঠাই আনন্দিত হব, আৰু মৰুভূমি উল্লাসিত হৈ গোলাপ ফুলৰ নিচিনা প্ৰফুল্লিত হব। . . . অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব। মৰীচিকা জলাশয় হৈ যাব, আৰু খৰাং মাটি ভুমুক হৈ যাব।”—যিচয়া ৩৫:১, ৬, ৭.
পৰমদেশীয় পৃথিৱীত আনন্দিত হবলৈ সকলোৰে বাবে বহুতো কাৰণ হব। আকৌ কেতিয়াও লোকসকল খাদ্যৰ অভাৱৰ বাবে ভোকত নাথাকিব। বাইবেলে কৈছে: ‘পৃথিবীয়ে নিজ ফল উৎপন্ন কৰিব।’ (গীতমালা ৬৭:৬; ৭২:১৬) সকলোৱে তেওঁলোকৰ নিজ নিজ কাৰ্য্যৰ ফল ভোগ কৰিব, যিদৰে আমাৰ সৃষ্টিকৰ্ত্তাই প্ৰতিজ্ঞা কৰিছে: “দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। . . . অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব।”—যিচয়া ৬৫:২১, ২২.
যিচয়া ৬৫:২১-২৩) লোকসকলৰ কাৰ্য্য ফলদায়ক আৰু সন্তোষজনক হব। জীনৱটো আমনিদায়ক নহব।
ঈশ্বৰৰ নতুন জগতত, লোকসকলে ডাঙৰ-ডাঙৰ অট্টালিকা বা জৰাজীৰ্ণ অস্বাস্থ্যকৰ অঞ্চলত হেঁচা-হেঁচীকৈ নাথাকিব, কিয়নো ঈশ্বৰৰ উদ্দেশ্য হৈছে: “লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব . . . অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব।” বাইবেলে প্ৰতিজ্ঞা কৰিছে: “তেওঁবিলাকে বৃথা পৰিশ্ৰম নকৰিব।” (সময়ত, ঈশ্বৰৰ ৰাজ্যই যিদৰে এদন বাগিচাত জীৱ-জন্তুৰ মাজত আৰু মানৱ আৰু জীৱ-জন্তুৰ মাজত শান্তিময় সমন্ধ আছিল, সেই সমন্ধক পুনৰ স্থাপন কৰিব। বাইবেলে কৈছে: “ৰাংকুকুৰে ভেৰা পোৱালিৰ লগত বাস কৰিব, আৰু নাহৰফুটুকী বাঘে ছাগ পোৱালিৰ লগত শয়ন কৰিব; দামুৰি আৰু যুবা সিংহ, আৰু হৃষ্টপুষ্ট পশু একে-লগে থাকিব, আৰু এটি সৰু লৰাই সিহঁতক চলাব।”—যিচয়া ১১:৬-৯; হোচেয়া ২:১৮.
কল্পনা কৰক, পৰমদেশীয় পৃথিবীত সকলো বেমাৰ আৰু শাৰীৰিক ব্যাধি আৰোগ্য কৰা হব! ঈশ্বৰৰ বাক্যই আমাক নিশ্চয়তা দিছে: “ ‘মই নৰিয়া,’ এই বুলি নগৰ-নিবাসীয়ে নকব।” (যিচয়া ৩৩:২৪) “[ঈশ্বৰে] তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।”—প্ৰকাশিত বাক্য ২১:৪.
আপোনাৰ বাবে এইটো কেনেকৈ সম্ভৱ
নিশ্চয় আপোনাৰ হৃদয়ত ঈশ্বৰে প্ৰতিজ্ঞা কৰা তেওঁৰ ধাৰ্ম্মিকতাৰ নতুন জগতত জীৱনৰ বিষয়ে প্ৰভাৱিত কৰিছে। হয়তো কিছুমান লোকে এনেবোৰ আশীৰ্ব্বাদক গীতমালা ১৪৫:১৬; মীখা ৪:৪.
সম্পূৰ্ণ হোৱাটো অসম্ভৱ বুলি ভাৱিব পাৰে, কিন্তু আমাৰ মৰমীয়াল সৃষ্টিকৰ্ত্তাৰ হাতত এইটো কোনো অসম্ভৱ নহয়।—নিঃসন্দেহ, যদি আমি আহিবলগীয়া পৰমদেশীয় পৃথিবীত অনন্ত জীৱন জীয়াই থাকিবলৈ বিচাৰো, তেনেহʼলে কিছুমান আৱশ্যকতা পূৰ্ণ কৰিব লাগিব। যীচুৱে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোতে, তাৰে এটা মুখ্য আৱশ্যকতা দেখুৱাইছিল: “একমাত্ৰ সত্য ঈশ্বৰ যি তুমি, তোমাক আৰু তুমি পঠোৱা যীচু খ্ৰীষ্টক জনা, এয়েই অনন্ত জীৱন।”—যোহন ১৭:৩.
গতিকে যদি আমি সঁচাকৈ ঈশ্বৰৰ নতুন জগতত জীয়াই থাকিবলৈ বিচাৰো, তেনেহʼলে আমি প্ৰথমে ঈশ্বৰৰ ইচ্ছা শিকিবলৈ আৰু ইয়াক পালন কৰিব লাগিব। কিয়নো এইটো এটা তথ্য: এই “জগত আৰু তাৰ আভিলাষ গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে,” সেই আশীৰ্ব্বাদ অনন্ত কালৰ বাবে আনন্দ লাভ কৰিব, যিটো আমাৰ মৰমীয়াল সৃষ্টিকৰ্ত্তাই প্ৰচুৰ পৰিমাণে দিব।—১ যোহন ২:১৭.
অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দে শিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে।