কোন হয়? যিহোৱা সাক্ষীসকল
কোন হয়? যিহোৱা সাক্ষীসকল
আপুনি যিহোৱা সাক্ষীসকলৰ বিষয়ে কি জানে? বহুতৰ মতে তেওঁলোক খ্ৰীষ্টানৰ প্ৰচাৰক, এটা নতুন খ্ৰীষ্টানৰ ধৰ্ম্ম, ইহুদীৰ দ্বাৰা প্ৰভাৱিত খ্ৰীষ্টানৰ একনাম-কৰনীয় ধৰ্ম্ম বা শৈল্য চিকিৎসা অগ্ৰাহ্য কৰা সকলৰ দৰে ভণ্ডামী। প্ৰকৃততে সাক্ষীসকল এই বৰ্গৰ এটাৰো ভাগ নহয়। কিছুমান ব্যক্তিয়ে তেওঁলোকৰ বিষয়ে এইদৰে কিয় ভাবে? কিয়নো বিশেষকৈ এই লোকসকলক তেওঁলোকৰ বিষয়ে আগৰে পৰা ভুল সম্বাদ দি অহা হৈছে।
যিহোৱাৰ নামেৰে সাক্ষী দিয়াৰ বাবে তেওঁলোকক যিহোৱা সাক্ষী বুলি কোৱা হয়। যিহোৱা কোন হয়? কিতাবুল মোকাদ্দসত চিৰাতোল-মুছতাকিম আল্লাই তেওঁৰ নিজৰ নাম যিহোৱা হিচাবে প্ৰকাশ কৰিছে। a এইটো তেওঁৰ ব্যক্তিগত নাম, আল্লা বা প্ৰভুৰ দৰে উপাধি নহয়। সাধাৰণ অৰ্থত, গোটেই ইতিহাসত যি ব্যক্তিয়ে আল্লাৰ মহিমাৰ বিষয়ে সাক্ষী দিয়ে তেওঁক যিহোৱা সাক্ষী বুলি কোৱা হৈছিল।—হিজৰত ৩:১৩, ১৫; ইশাইয়া ৪৩:১০.
এইদৰে, কিতাবুল মুকাদ্দসে হাবিলৰ পৰা আৰম্ভ কৰি ইমানদাৰ খাদীমসকলৰ বিষয়ে উল্লেখ কৰি তেওঁলোকক “ইমান মেঘৰূপ সাক্ষী” বুলি কোৱা হয়। (ইব্ৰী ১১: ৪; ১২:১) উল্লেখযোগ্য ব্যক্তিসকল যেনে—নোহ, ইব্ৰাহিম, ইচ্হাক, ইয়াকুব, ইউসুফ, মোচি আৰু দাউদ এইসকল আল্লাৰ সাক্ষী হিচাবে অন্তুভূক্ত—যিহোৱা সাক্ষী। ঈছাক “বিশ্বাসী আৰু সত্য সাক্ষী” বুলি কোৱা হয়।—জাহেৰী কালাম ৩:১৪.
সাক্ষীসকলৰ কিয় প্ৰয়োজন
কিতাবুল মোকাদ্দসে কৈছে যে ইনচানক সিদ্ধৰূপে সৃষ্টি কৰা হৈছিল আৰু বেহেষ্টত থাকিবলৈ দিয়া হৈছিল। সৃষ্টিকৰ্ত্তা আল্লাই তেওঁলোকক অনন্ত জীন্দেগী জীয়াই থকাৰ সামৰ্থতা দিছিল আৰু সন্তান সন্ততিৰে বহুবংশ হৈ গোটেই দুনিয়াত বেহেষ্টৰ সীমা বৃদ্ধি কৰিবলৈ পয়দা কৰিছিল। সেই সময়ত ইনচানে আল্লাৰ বিষয়ে জানিছিল আৰু তাত সাক্ষীৰ প্ৰয়োজনীয়তা নাছিল।—পয়দায়েশ ১:২৭, ২৮.
আল্লাই ইনচানক স্বতন্ত্ৰ ইচ্ছাৰে সৃষ্টি কৰিলে কিন্তু আমাৰ প্ৰথম পিতা-মাতাই ভুল পথক বাছি ললে। তেওঁলোকে নিজেই নিজৰ পথ বাছি ললে। এই দুনিয়াৰ সকলো ইনচান দৰাচলতে পাপী আৰু অধাৰ্ম্মিক হʼল, কেৱল আল্লা সিদ্ধ ন্যায় আৰু নিৰ্ম্মল হৈ থাকিল। তথাপিও, আল্লা পাকে অলপ সময়ৰ বাবে এই গোনাহ আৰু খাৰাবীক মঞ্জুৰ কৰিলে। কিতাবুল মোকাদ্দসে উল্লেখ কৰিছে যে আল্লাই মঞ্জুৰ কৰা সময়ৰ শেষত উপনীত হবলৈ আমি একেবাৰে ওচৰত আছো। ইনচানে এইবোৰ জানিবলৈ তেওঁ তৌৰাত, জবুৰ, আৰু ইঞ্জীলবোৰ আমাৰ সময়লৈকে হেফাজতৰে ৰাখিছে।
বেছিভাগ ইনচানে আল্লাক নজনাৰ বাবে তেওঁ ইমানদাৰ ইনচানসকলক তেওঁৰ বিষয়ে সাক্ষী দিবলৈ আহকম দিছিল। এনে ইমানদাৰ লোকসকলক তেওঁ কৈছে: “তোমালোকেই মোৰ সাক্ষী।” (ইশাইয়া ৪৩:১০) তেওঁলোকে সম্পন্ন কৰিবলগীয়া কামৰ বিষয়ে তেওঁ বৰ্ণনা কৰিছে: “সকলো জাতিলৈ সাক্ষ্য হবলৈ, ৰাজ্যৰ এই শুভবাৰ্ত্তা গোটেই জগততে ঘোষণা কৰা হব।”—মথি ২৪:১৪.
বৰ্তমান সময়ত সকলো জাতি, ভাষা আৰু মখলুকাতৰ আগতকৈ বহু বেছি, ইনচানে আল্লাৰ কালামক ইমানদাৰৰে জাচ (পৰীক্ষা) কৰিছে। তেওঁলোকে বিচাৰি পাইছে যে বহুতো ধৰ্মীয় পৰম্পৰা মূৰ্ত্তি পূজাৰ পৰা আৰম্ভ হৈছে আৰু ইয়ে আল্লাক নাৰাজ কৰে।
হয়তো আপুনি জানে যে কিছুমান লোকে মজহৱক ব্যৱসায়ী উদ্দেশ্যৰে ব্যৱহাৰ কৰে। অন্য কিছুমানে ৰাজনৈতিক উদ্দেশ্য ধৰ্ম্মত অন্তনিহিত কৰে বা দুখীয়াসকলৰ নামত খৰছ কৰি ধনী হয়। আপোনাৰ মতে যেতিয়া আল্লাৰ বিষয়ে সত্য সাক্ষী দিয়া হয়, তেতিয়া এই ধৰ্মীয় লাভ বিচৰা লোকসকলে কি অনুভৱ কৰে? স্পষ্টভাৱে, তেওঁলোকে ভয় অনুভৱ কৰে। এইটো এটা কাৰণ কিয় আপুনি কিছুমান লোকে যিহোৱা সাক্ষীসকলৰ বিষয়ে বেয়া কথা কোৱাটো শুনিবলৈ পায়।
যিয়েই পৰিণাম নহওঁক কিয়, যিহোৱা সাক্ষীসকলে কিতাবুল মোকাদ্দসক বিশ্বাসেৰে অনুকৰণ কৰে। তেওঁলোকে কোনো নতুন মজহৱ আৱিষ্কাৰ কৰা নাই। তৌৰাত, জবুৰ আৰু ইঞ্জীলত যি লিখা আছে আৰু যি সত্য মজহৱৰ মূল, তেওঁলোকে তাক
অনুকৰণ কৰে। ইয়াতকৈ আৰু কি তেওঁলোকে বিশ্বাস কৰে? তেওঁলোকৰ কিছুমান শিক্ষা তলত উল্লেখ কৰা হʼল। ই সত্যৰ কেন্দ্ৰিত হয় নে নহয় তাক পঢ়ক আৰু পৰীক্ষা কৰি চাওঁক।তচলীচৰ (ত্ৰিমূৰ্ত্তি) ইল্ম নিষিদ্ধ
কিতাবুল মোকাদ্দসে তচলীচৰ বিষয়ে শিক্ষা দিয়া নাই। তাৰ পৰিবৰ্তে, বৰং ই কৈছে যে মাত্ৰ আল্লাই সত্য আৰু কুফুৱান আহাদ। “আমাৰ আল্লা যিহোৱা একমাত্ৰ যিহোৱা।” (দ্বিতীয় বিবৰণ ৬:৪) তেওঁ হৈছে সৃষ্টিকৰ্ত্তা—কুফুৱান আহাদ, চিৰাতোল-মুছতাকিম, আল্লাহুছ ছামাদ। ঈছা চিৰাতোল মুছতাকিম নহয়। ঈছাৱে এই পৃথিবীত এজন সিদ্ধ ইনচানৰূপে জীয়াই আছিল আৰু অসিদ্ধ ইনচানৰ বাবে মৃত্যুবৰণ কৰিলে। আল্লাই ঈছাৰ মখলচী-কুৰবানীক মোহব্বতৰে গ্ৰহণ কৰিলে আৰু যাতে তেওঁৰ দ্বাৰা ইমানদাৰ লোকসকলৰ মুক্তি হয়। এয়া আল্লাৰ ইচ্ছা।—লূক ২২:৪২; ৰোমীয়া ৫:১২.
ৰূহ অমৰ নহয়
যেতিয়া ইনচানৰ মৌত হয় তেওঁলোকলৈ কি ঘটে? আল্লাৰ কালামে কৈছে: “কিয়নো জীৱিত লোকবিলাকে মৰিম বুলি জানে; কিন্তু মৃত লোকবিলাকে একোকেই নাজানে, আৰু সিহঁতে সিবিলাকৰ শ্ৰমৰ ফল আৰু নাপায় কিয়নো সিহঁতৰ স্মৃতি লুপ্ত হয়।” (হেদায়েতকাৰী ৯:৫) ইনচানৰ কোনো অবিনাশী ৰূহ নাই। যি ইনচানে মৌত হোৱা জনৰ সৈতে কথা পাতে, আচলতে তেওঁলোকে ভূত-পিশাচৰ সৈতে সম্পৰ্ক স্থাপন কৰে। ঠিক সেইদৰে, ময়িতৰ বাবে দোৱা কৰালে কেৱল নামাজ পঢ়িবলৈ ধন দিয়া জোনাবসকলৰ বাদে কাৰো লাভ নহয়।
পুনৰুত্থান (ইহায়ক্)
মানুহৰ প্ৰকৃত আশা হৈছে পুনৰুত্থান (ইহায়ক্), যʼত মৃত্যুসকলক এনে দুনিয়াত আকৌ জিন্দা হব যিটো দুনিয়া ইতিমধ্যে পুনৰ বেহেষ্টলৈ পৰিণত হব। যিসকলে আল্লাক খিদমত কৰিব তেওঁলোকে নিজ নিজ ইমানদাৰৰ বাবে বৰকত্ পাব। যিসকলে আল্লাৰ ইচ্ছা নজনাকৈ ইন্তেকাল হʼল, তেওঁলোকক তাত সুযোগ দিয়া হব। এইদৰে, “দীনদাৰ, বে-দীন এই দুবিধ লোকৰ পুনৰুত্থান (ইহায়ক্) হব বুলি তেওঁ বিলাকে যি আশাৰে বাট চাইছে আল্লাত ময়ো সেই আশা কৰোঁ।” (আমল ২৪:১৫) আল্লাই নাফৰমানী বুলি বিচাৰ কৰাসকলক ইহায়ক্ত চামিল নকৰে।
কোনো দোজখ নাই
আমাক মোহব্বত কৰা আল্লাই এনে কোনো স্থান সৃষ্টি নকৰে যʼত ময়িতসকল সদাই দিনৰ বাবে কষ্টত ভূগে। আল্লা নিজেই জলন্ত আৰু কষ্ট দিয়া বিষয়বোৰৰ
প্ৰতি বৰ্ণনা কৰিছে যে “ইয়াক মই হুকুম কৰা নাছিলোঁ, আৰু মোৰ মনত উদয়ো হোৱা নাছিল।”—যেৰেমিয়া ৭:৩১.কিচমত নাই
আল্লাই মানুহৰ কিচমতত একো লিখি নিদিয়ে। আমাৰ জন্ম হোৱাৰ আগতে আমাৰ ভৱিষ্যত, কিচমতত নিৰ্ণয় কৰা নাই। আমি যি কৰো তাৰ বাবে আমি নিজেই দায়ী। “এতেকে আমাৰ প্ৰতিজনে আল্লাৰ আগত নিজৰ বিষয়ে হিচাব-নিকাছ দিব।”—ৰোমীয়া ১৪:১২.
কোনো মৌল্লা-জোনাব নাথাকিব
যিসকলে আল্লালৈ নিজকে উৎসৰ্গা কৰিছে তেওঁলোক তেওঁৰ দৃষ্টিত সমান। ইমানদাৰ খাদিমসকল পৰস্পৰে ভাই-ভনী। আল্লাই কোনো জোনাব শ্ৰেণী নিযুক্তি কৰা নাই। ঈছাই কৈছিল: “যি কোনোৱে নিজকে নিজে বৰ বুলি মানে, তেওঁক সৰু কৰা হব; কিন্তু যি কোনোৱে নিজকে নিজে সৰু বুলি মানে, তেওঁক বৰ কৰা হব।” (লূক ১৮:১৪) আল্লাই সেই সকলক দণ্ড দিব যিসকলে মজহৱৰ নামত অন্যৰ পৰা নিজকে তকম্ব্ৰী দেখুৱায়।—মথি ২৩:৪-১২.
বুতপৰ্স্ত সত্য নহয়
“আল্লাই ৰূহ, আৰু তেওঁৰ এবাদত কৰাবিলাকে ৰূহৰে আৰু সত্যৰে তেওঁৰ এবাদত কৰিব লাগে।” (ইউহোন্না ৪:২৪) সত্য এবাদত কৰা সকলে বুতপৰ্স্ত ব্যৱহাৰ নকৰে।
ৰাজনৈতিকত নিৰপেক্ষ
ঈছাৱে তেওঁৰ অনুগামীসকলক কৈছিল যে “তেওঁলোক এই দুনিয়াৰ নহয়।” (ইউহোন্না ১৭:১৬) সেইবাবে, যিহোৱা সাক্ষীসকলে ৰাষ্ট্ৰীয় বা স্থানীয় ৰাজনৈতিকত হস্তক্ষেপ নকৰে। তদুপৰি, তেওঁলোক আইন-কানুন পালন কৰা ইনচান।—ৰোমীয়া ১৩:১, ৫-৭.
উচ্চ আখলক মানদণ্ড
সত্য এবাদত কৰা সকলক কেনেকৈ চিনাক্ত কৰিব পাৰি তাৰ বিষয়ে ঈছাই কৈছিল: “মই যেনেকৈ তোমালোকক মোহব্বত কৰিলোঁ, তেনেকৈ তোমালোকেও পৰস্পৰে মোহব্বত কৰিবা, এই মোৰ আহকম।” (ইউহোন্না ১৫:১২, ১৩) কিতাবুল মোকাদ্দসৰ আন এটা অধ্যায়ত কৈছে: “কিন্তু মোহব্বত, আনন্দ, শান্তি, চিৰসহিষ্ণুতা, মৰম, মঙ্গলভাব, বিশ্বাস, মৃদু-ভাব, ইন্দ্ৰিয়-দমন (নফ্চ-দমন), এই সকলো ৰূহৰ ফল; এনেকুৱাবোৰৰ বিৰুদ্ধে কোনো শৰীয়ত নাই।” (গালাতীয়া ৫:২২, ২৩) যিসকলে এই গুণবোৰ প্ৰদৰ্শন কৰে তেওঁলোকে মিছা নকয়, চুৰ নকৰে, জুৱা নেখেলে, মাদক দ্ৰব্য সেৱন নকৰে বা অনৈতিক যৌন সম্পৰ্ক স্থাপন নকৰে। (ইফিচীয়া ৪:২৫-২৮) তেওঁলোকে আল্লাক মোহব্বত কৰে, গতিকে আল্লাই যিবোৰ বেয়া পায় তেওঁলোকে সেইবোৰৰ পৰা আতঁৰি থাকে। এই সিদ্ধান্ত অনুসাৰে যিহোৱা সাক্ষীসকলে জীৱন-যাপন কৰে।
এই দুনিয়াত আহিবলগীয়া কিয়ামত
কিহে বৰ্তমান সময়ক অন্য সময়তকৈ পৃথক কৰে? নবুৱতৰ পূৰ্ণতাই দেখাই যে আমি এই দুনিয়াৰ একেবাৰে কিয়ামতৰ ওচৰত আছো। (দানিয়েল ২:৪৪) বৰ্তমানৰ সময়ত আমাৰ সন্মূখত এটা প্ৰশ্ন আহে, আমাৰ কাৰ্য্যবোৰে আল্লাক সন্তুষ্ট কৰে নে? আল্লা এজনা, আৰু মাত্ৰ এটা সত্য মজহৱ হোৱা উচিত। এই মজহৱ তৌৰাত, জবুৰ আৰু ইঞ্জীলৰ লগত পৰস্পৰ মিল থাকিব লাগিব। এতেকে, আমি সেই পাক্-কালামক পৰীক্ষা কৰা উচিত।
আৰু সেই কাৰ্য্য যিহোৱা সাক্ষীসকলে কৰে। আপোনাৰ মজহৱ যিয়েই নহওঁক কিয়, আপুনি নিজেই সিধান্ত লব লাগিব। অন্যই আপোনাৰ বাবে সিধান্ত লব নোৱাৰে। মনত ৰাখক: “আমাৰ প্ৰতিজনে আল্লাৰ আগত নিজৰ বিষয়ে হিচাব দিব।”—ৰোমীয়া ১৪:১২.
কোনো ইনচানে জন্মৰে পৰা যিহোৱা সাক্ষী নহয়। প্ৰত্যেকজন সাক্ষীয়ে ব্যক্তিগতভাৱে নিজে নিৰ্ণয় লয়। নম্ৰতাৰে আল্লাৰ পাক্-কালামক পৰীক্ষা কৰাৰ পাছত, পৰীক্ষা কৰোঁতাই সত্যক চিনাক্ত কৰে আৰু সেই অনুসাৰে সত্য আল্লালৈ নিজকে উৎসৰ্গিত কৰে, যাৰ নাম হৈছে যিহোৱা। যদি আপুনিও সেইদৰে পৰীক্ষা কৰিব বিচাৰে তেনেহʼলে অনুগ্ৰহ কৰি নিম্নলিখিত ঠিকনাৰ লগত যোগাযোগ কৰক।
[ফুটনোটবোৰ]
a মুছলমান জগতত, কিতাবুল মোকাদ্দস তৌৰাত, জবুৰ আৰু ইঞ্জীলৰূপে জনাজাত। কোৰাণৰ প্ৰায় ৬৪ আয়াতক আল্লাৰ কালাম বুলি উল্লেখ কৰিছে আৰু পঢ়াৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ আহকমবোৰ পালন কৰাৰ বিষয়ে বৰ্ণনা কৰিছে। কিছুমানে বিশ্বাস কৰে যে তৌৰাত, জবুৰ আৰু শুভবাৰ্ত্তাৰ এই পুস্তক কেইখনক বদলি কৰা হৈছে। তথাপি, কোৱা হয় যে কোৰাণৰ কালামবোৰৰ চৌকৎ হানি কৰে আৰু আল্লাই তেওঁৰ কালামক হিমায়ত কৰিব নোৱাৰে।
ইয়াত উল্লেখিত পবিত্ৰ কোৰাণ শৰীফৰ সকলো আয়াত, আলহাজ্ব মাওলানা এ, কে, এম, ফজলুৰ ৰহমান মুন্সীৰ দ্বাৰা অনুবাদীত বঙালী কোৰাণৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে, আৰু উল্লেখিত কিতাবুল মোকাদ্দসৰ আয়াত সমূহ বঙালী সংস্কৰণৰ পৰা অসমীয়ালৈ অনুবাদ কৰা হৈছে।