বাস্তৱতে কোনে জগতখন শাসন কৰিছে?
বাস্তৱতে কোনে জগতখন শাসন কৰিছে?
বহুতো লোকে ওপৰত দিয়া প্ৰশ্নৰ উত্তৰ এটা শব্দত দিয়ে—ঈশ্বৰ। কিন্তু মনকৰিবলগীয়া বিষয় এই যে বাইবেলৰ কোনো ঠাইত কোৱা নাই যে যীচু খ্ৰীষ্ট বা তেওঁৰ পিতৃহে এই জগতৰ প্ৰকৃত শাসনকৰ্ত্তা। তাৰ বিপৰীতে, যীচুৱে কৈছিল: “এই জগতৰ অধিপতিক বাহিৰ কৰা হব।” তেওঁ ইয়াকো কৈছিল: “জগতৰ অধিপতি আহিছে; আৰু মোত তাৰ একো নাই।”—যোহন ১২:৩১; ১৪:৩০; ১৬:১১.
সেইবাবে এই জগতৰ শাসনকৰ্ত্তা যীচুৰ বিৰুদ্ধে আছে। কোন হব পাৰে বাৰু?
জগতৰ পৰিস্থিতিৰ পৰা এটা আভাস
মানৱজাতিয়ে ভাল-অভিপ্ৰায়েৰে চেষ্টা কৰা স্বত্তেও, গোটেই বুৰঞ্জীত এই জগতখন ভয়াবহ অৱস্থাত ভুগি আছে। এই কাৰণসমূহে বিবেচনাশীল ব্যক্তিসকলক আচৰিত কৰি দিয়ে, যিদৰে প্ৰাক্তন সম্পাদকীয় লেখক ডেভিদ লৰেঞ্চক কৰিছিল: “ ‘পৃথিবীত শান্তি ’—প্ৰায় প্ৰত্যেকে ইয়াক বিচাৰে। ‘মানুহৰ প্ৰতি কল্যাণ’—জগতৰ প্ৰায় সকলো লোকে এজনে আনজনৰ প্ৰতি ইয়াক অনুভৱ কৰে। তেতিয়াহʼলে ভুলটো কোনখিনিত? লোকসকলৰ স্বাভাৱিক ইচ্ছা থকাৰ স্বত্তেও, যুদ্ধয়ে কিয় ভাবুকি দি আছে?”
এইটো এটা সাঁথৰ যেন লাগে, নহয়নে বাৰু? যিহেতু লোকসকলৰ প্ৰাকৃতিক ইচ্ছা হৈছে শান্তিৰে বাস কৰা, তথাপি তেওঁলোকে সাধাৰণতে এজনে আনজনক ঘৃণা আৰু হত্যা কৰে—আৰু সেইটো কিমান যে ঘৃণনীয়ৰূপে। পূৰ্ব পৰিকল্পিত ভয়ঙ্কৰ নিষ্ঠুৰতাৰ মাত্ৰাধিক্যতাৰ বিষয়ে বিবেচনা কৰক। নিষ্ঠুৰতাৰে এজনে আনজনক যান্ত্ৰণা দিবলৈ আৰু হত্যা কৰিবলৈ মানৱজাতিয়ে বিষাক্ত গেছৰ কোঠা, বন্দী শিবিৰ, অগ্নিক্ষেপন অস্ত্ৰ, নেইপাম্ বোমা, আৰু অন্য ঘৃণনীয় পদ্ধতি ব্যৱহাৰ কৰিছিল।
আপুনি বিশ্বাস কৰিবনে মানৱ, যিয়ে শান্তি আৰু আনন্দৰ বাবে হাবাথুৰি খাই ফুৰে, তেওঁলোক নিজকে, এজনে আনজনৰ বিৰুদ্ধে এনেধৰণৰ সম্পূৰ্ণ দুষ্ট কাৰ্য্যৰ বাবে যোগ্য কৰিছে? কি শক্তিয়ে মানুহক এনেধৰণৰ জঘন্য কাৰ্য্য কৰিবলৈ পৰিচালনা কৰিছে বা
তেওঁলোকক এনেধৰণৰ অৱস্থাত পেলাই যʼত তেওঁলোকে অত্যাচাৰ কৰিবলৈ বাধ্যতা অনুভৱ কৰে? কি আপুনি কেতিয়াবা আচৰিত হৈছেনে, হয়তো কিছুমান দুষ্ট, অদৃশ্য শক্তিয়ে লোকসকলক এনেবোৰ জঘন্য কাৰ্য্য কৰিবলৈ প্ৰভাৱিত কৰে?জগতৰ শাসকসকলৰ চিনাক্ত
এই বিষয়ে অনুমান কৰাৰ কোনো প্ৰয়োজন নাই, কিয়নো বাইবেলে স্পষ্টৰূপে দেখুৱাইছে যে এজন চতুৰ, অদৃশ্য ব্যক্তিয়ে মানৱ আৰু ৰাষ্ট্ৰ, এই দুয়োকে নিয়ন্ত্ৰণ কৰি আছে। ইয়াত কৈছে: “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” আৰু বাইবেলে তেওঁক চিনাক্ত কৰি কৈছে: “দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত . . . গোটেই জগতৰ ভ্ৰান্তি জন্মায়।”—১ যোহন ৫:১৯; প্ৰকাশিত বাক্য ১২:৯.
এক উপলক্ষ্যত, যীচু যেতিয়া “চয়তানৰ দ্বাৰা পৰীক্ষিত” হৈছিল, তেতিয়া এই জগতৰ শাসকৰূপে চয়তানৰ ভূমিকাত যীচুৱে প্ৰশ্ন উঠোৱা নাছিল। বাইবেলে ব্যাখ্যা কৰিছে যে কি ঘটিছিল: “চয়তানে তেওঁক অতি ওখ পৰ্ব্বতলৈ নি, জগতৰ সকলো ৰাজ্য আৰু সেইবোৰৰ ঐশ্বৰ্য্যও দেখুৱালে; আৰু তেওঁক কলে: ‘তুমি যদি দণ্ডৱতে মোক প্ৰণাম কৰা, তেন্তে এই সকলোকে তোমাক দিম।’ তেতিয়া যীচুৱে তাক কলে: ‘গুচি যা, চয়তান!’ ”—(হেলনীয়া মুদ্ৰণ আমাৰ.) মথি ৪:১, ৮-১০.
এই বিষয়ে চিন্তা কৰক। চয়তানে যীচুৰ সন্মূখত “জগতৰ সকলো ৰাজ্যৰ” প্ৰলোভন দি পৰীক্ষা কৰিছিল। তথাপি, যদি চয়তান প্ৰকৃততে এই ৰাজ্যবোৰৰ শাসক নোহোৱা হʼলে, চয়তানৰ প্ৰলোভন এটা বাস্তৱিক পৰীক্ষা হʼলহেঁতেন নে? নহয়, ই এটা পৰীক্ষা নহলহেঁতেন। আৰু লক্ষ্য কৰক, যীচুৱে কেতিয়াও অস্বীকাৰ কৰা নাছিল যে এই সকলো জগতৰ চৰকাৰ চয়তানৰ নহয় বুলি, যিহেতু তেওঁ নিশ্চয় কৰিলেহেঁতেন যদিহে এইবোৰৰ ওপৰত চয়তানৰ অধীকাৰ নথকাহলে। সেইবাবে, তেতিয়াহʼলে, দিয়াবল চয়তান বাস্তৱতে এই জগতৰ অদৃশ্য শাসক! দৰাচলতে, বাইবেলে তেওঁক “এই যুগৰ দেৱতা” বুলি কৈছে। (২ কৰিন্থীয়া ৪:৪) কিন্তু, এই দুষ্ট ব্যক্তিয়ে কেনেকৈ ইমান শক্তিশালী পদৱীত আহিল?
সেই ব্যক্তি যিজন চয়তান হʼল, তেওঁ প্ৰথমতে ঈশ্বৰৰ দ্বাৰা সৃষ্টি কৰা এজন স্বৰ্গদূত আছিল, কিন্তু তেওঁ ঈশ্বৰৰ পদৱীৰ প্ৰতি হিংসা উপজিল। তেওঁ ঈশ্বৰৰ সঠিক শাসনতন্ত্ৰৰ ওপৰত আপত্তি দৰ্শালে। আৰু সেই উদ্দেশ্যক পূৰ্ণ কৰিবলৈ তেওঁ প্ৰথম স্ত্ৰী, হৱাক ভুলাবলৈ প্ৰতিনিধিত্ব হিচাবে এটা সাপক ব্যৱহাৰ কৰিলে, আৰু সেইদৰে তাইক আৰু তাইৰ গিৰীয়েক আদমক, ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ পৰিবৰ্ত্তে তেওঁৰ আজ্ঞা আদিপুস্তক ৩:১-৬; ২ কৰিন্থীয়া ১১:৩) তেওঁ এইটোও দাবী কৰিছিল যে আদম আৰু হৱাৰ অজন্মা সন্তানকো ঈশ্বৰৰ পৰা বিমূখ কৰিব পাৰিব। সেইবাবে ঈশ্বৰে চয়তানক তাৰ দাবীক প্ৰমাণ কৰিবলৈ সময় দিলে, কিন্তু চয়তান সফল নহল।—ইয়োব ১:৬-১২; ২:১-১০.
মনাবলৈ সফল হʼল। (এইটো যুক্তিসংঙ্গত যে, এই জগতৰ শাসনতন্ত্ৰত চয়তান অকলশৰীয়া নহয়। তেওঁ অন্য কিছুমান স্বৰ্গদূতক ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহী কৰি তেওঁৰ সৈতে সন্মিলিত কৰাবলৈ সক্ষম হʼল। সিবিলাক পিশাচ হʼল, তেওঁৰ আত্মিক দুষ্কৰ্মৰ সহযোগী। বাইবেলে তেওঁলোকৰ বিষয়ে কৈছে, যেতিয়া ই খ্ৰীষ্টানসকলক আগ্ৰহ কৰে: “চয়তানৰ নানাবিধ কুকল্পনাৰ সন্মুখত থিৰে থাকিবলৈ সমৰ্থ হোৱা, . . . কিয়নো তেজ আৰু মাংসেৰে সৈতে আমাৰ মালযুদ্ধ ইফিচীয়া ৬:১১, ১২.
হোৱা নাই; কিন্তু . . . এই অন্ধকাৰৰ জগতপতি, আৰু স্বৰ্গীয় ঠাইবোৰত দুষ্টাতাৰ আত্মিক দলবোৰৰ সৈতে হৈছে।”—(হেলনীয়া মুদ্ৰণ আমাৰ.)দুষ্ট আত্মাবোৰক প্ৰতিৰোধ কৰক
জগতৰ এই অদৃশ্য, দুষ্ট শাসকসকলে সকলো মানৱজাতিক পথভ্ৰষ্ট কৰি, তেওঁলোকক ঈশ্বৰৰ উপাসনাৰ পৰা বিমূখ কৰিবলৈ দৃঢ়সঙ্কল্প। দুষ্ট আত্মাবোৰে ইয়াক কৰা এটা পদ্ধতি হৈছে মৃত্যুৰ পিছত অস্তিত্বৰ ধাৰণাক বিকাশিত কৰা, যদিও ঈশ্বৰৰ বাক্যয়ে স্পষ্টৰূপে দেখুৱাছে যে মৃত ব্যক্তিয়ে চেতনাত নাথাকে। (আদিপুস্তক ২:১৭; ৩:১৯; যিহিষ্কেল ১৮:৪; গীতমালা ১৪৬:৩, ৪; উপদেশক ৯:৫, ১০) এইদৰে, দুষ্ট আত্মাবোৰে, এজন মৃত ব্যক্তিৰ মাত অনুকৰণ কৰি, এটা আত্মিক মাধ্যমেৰে বা অদৃশ্য স্থানৰ পৰা ‘কণ্ঠধ্বনিৰ’ দ্বাৰা সেই মৃত ব্যক্তিৰ জীৱিত সম্বন্ধীয়সকলৰ বা বন্ধু-বান্ধৱসকলৰ সৈতে কথা-বতৰা পাতে। সেই “কণ্ঠধ্বনি” মৃত ব্যক্তিৰ যেন বোধ হয়, কিন্তু, দৰাচলতে সি এটা পিশাচ!
সেইবাবে যদি আপুনি তেনে “কণ্ঠধ্বনি” কেতিয়াবা শুনিছে, তেনেহʼলে বিশ্বাস নকৰিব। সি যিয়ে নকওঁক কিয় তাক প্ৰতিৰোধ কৰক আৰু যীচুৰ বাক্যক পুনৰাবৃত্তি কৰক: “গুচি যা, চয়তান!” (মথি ৪:১০; যাকোব ৪:৭) আত্মিক স্থানৰ বিষয়ে জানিবলৈ ইচ্ছা বৃদ্ধি কৰি আপুনি নিজকে দুষ্ট আত্মাৰ সৈতে জড়িত্ব হোৱা কাৰণ হবলৈ নিদিব। এনেবোৰত জড়িত্ব হোৱা প্ৰেত্মাবাদ বুলি কোৱা হয়, আৰু ঈশ্বৰে তেওঁৰ উপাসকসকলক ইয়াৰ যিকোনো প্ৰকাৰৰ প্ৰেত্মাবাদৰ বিৰুদ্ধে সাৱধান কৰিছে। বাইবেলে ‘মঙ্গল চাওঁতা, . . . মন্ত্ৰ গাওঁতা, ভূত পোহোঁতা, গুণী, মৰা মানুহৰ আত্মাৰ পৰামৰ্শ লওঁতাসকলক’ নিন্দা কৰে।—দ্বিতীয় বিবৰণ ১৮:১০-১২; গালাতীয়া ৫:১৯-২১; প্ৰকাশিত বাক্য ২১:৮.
যিহেতু প্ৰেত্মাবাদ এজন ব্যক্তিক পিশাচৰ সম্বন্ধলৈ আনে, ই যিমানে কৌতুক, বা যিমানে উত্তেজনাজনক যেন বোধ নহওঁক কিয়, ইয়াৰ সকলো প্ৰকাৰৰ অভ্যাসক প্ৰতিৰোধ কৰক। এই অভ্যাসবোৰত ক্ৰিষ্টল দিব্যদৰ্শন, প্ৰশ্ন-ফলক ফলিৰ ব্যৱহাৰ, এজন ব্যক্তিৰ হাতৰ ৰেখাক পৰীক্ষা কৰা (হাতচোৱা বিদ্যা), আৰু জোতিষ্যীবিদ্যাও জড়িত্ব আছে। পিশাচবোৰে যি ঘৰত সিহঁতৰ থকা স্থান বনাই, তেওঁলোকে তাত কোলাহল আৰু অন্য অস্বাভাৱিক ঘটনাও ঘটাব পাৰে।
ইয়াৰ ওপৰিও, দুষ্ট আত্মাবোৰে অনৈতিক আৰু অপ্ৰাকৃতিক যৌন অভ্যাসৰ বৰ্ণনা কৰা সাহিত্য, চলচিত্ৰ আৰু দুৰদৰ্শনৰ কাৰ্য্যক্ৰম বৃদ্ধি কৰাৰ দ্বাৰা মানৱজাতিৰ পাপময় আদিপুস্তক ৬:১, ২; ১ থিচলনীকীয়া ৪:৩-৮; যিহূদা ৬.
প্ৰবৃত্তিত লাভ কৰে। পিশাচবোৰে জানে যে বেয়া চিন্তা-ভাৱনাক যদি মনৰ পৰা দূৰ নকৰে, তেতিয়াহʼলে ই স্থায়ীভাৱে প্ৰভাৱিত কৰে আৰু মানৱক—পিশাচৰ দৰে অনৈতিক কাৰ্য্যৰ ফালে লৈ যায়।—এইটো সত্য যে কিছুমান লোকে এই ধাৰণাক নিন্দা কৰে যে এই জগতখন দুষ্ট আত্মাই ৰাজত্ব কৰি আছে। কিন্তু তেওঁলোকৰ অবিশ্বাস আচৰিতজনক নহয়, কিয়নো বাইবেলে কৈছে: “চয়তানে নিজেও দীপ্তিময় দূতৰ বেশ ধৰে।” (২ কৰিন্থীয়া ১১:১৪) তেওঁ আৰু তাৰ পিশাচবোৰ যে বাস্তৱত আছে, এই সত্যতাৰ প্ৰতি অনেক লোকক অন্ধ কৰি তেওঁৰ সবাতোতকৈ ধূৰ্ত ছলনাৰ প্ৰমাণ দিছে। কিন্তু, ছলনাত নপৰিব! দিয়াবল আৰু তাৰ পিশাচবোৰ বাস্তৱত আছে, আৰু আপোনাক একেৰাহে সিবিলাকক প্ৰতিৰোধ কৰাৰ আৱশ্যক।—১ পিতৰ ৫:৮, ৯.
আনন্দৰ কথা এই যে এতিয়া সেই সময় একেবাৰে ওচৰত যেতিয়া চয়তান আৰু তাৰ বাহিনীবোৰ আৰু নাথাকিব! ‘জগত [ইয়াৰ পিশাচ শাসকবোৰৰ সৈতে] গুচি যাব লাগিছে,’ বাইবেলে নিশ্চয়তা দিছে: “কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।” (১ যোহন ২:১৭) কি যে শান্তি হব যেতিয়া দুষ্ট প্ৰভাৱক আঁতৰোৱা হব! সেইবাবে, আমি, ঈশ্বৰৰ ইচ্ছা মতে চলোতাঁ এজন হবলৈ চেষ্টা কৰিব লাগে যাতে ঈশ্বৰৰ ধাৰ্ম্মিক নতুন জগতত চিৰকালৰ বাবে আনন্দ উপভোগ কৰিব পাৰো।—গীতমালা ৩৭:৯-১১, ২৯; ২ পিতৰ ৩:১৩; প্ৰকাশিত বাক্য ২১:৩, ৪.
অন্যথা কোনো প্ৰকাৰৰ নিৰ্দ্দে শিত নাথাকিলে, উল্লেখিত শাস্ত্ৰীয় পদসমূহ ভাৰতৰ বাইবেল চোচাইটিৰ দ্বাৰা প্ৰকাশিত পবিত্ৰ বাইবেলৰ পৰা লোৱা হৈছে।
[৪ পৃষ্ঠাৰ ছবি]
যদি এই সকলো জগতৰ চৰকাৰ চয়তানৰ নোহোৱাহʼলে তেওঁ যীচুৰ সন্মূখত ইয়াৰ প্ৰলোভন ৰাখিবলৈ পাৰিলেহেঁতেন নে?