Skip to content

সকলো লোকে কেতিয়াও এজনে আনজনক প্ৰেম কৰিব নে?

সকলো লোকে কেতিয়াও এজনে আনজনক প্ৰেম কৰিব নে?

Kingdom News No. 35

সকলো লোকে কেতিয়াও এজনে আনজনক প্ৰেম কৰিব নে?

চুবুৰীয়াৰ প্ৰতি প্ৰেম চেঁচা হৈ পৰিছে

অসহায় আৰু দুঃখী অনুভৱ কৰা লাখ সংখ্যক লোকৰ বাবে ৰক্ষাৰ কোনো পথ নাই। এজনী অৱসৰপ্ৰাপ্ত ব্যৱসায়ী মহিলায়ে এইদৰে কৈছিল: ‘মই থকা মহলাৰ এজনী বিধৱাই এক সন্ধিয়াবেলিকাত মোৰ দুৱাৰত টুকুৰিয়াই কʼলে যে তাই অকলশৰীয়া অনুভৱ কৰিছে। মই তাইক নম্ৰভাৱে কিন্তু স্পষ্টৰূপে কলো যে মই ব্যস্ত আছো। তাই মোক আমনি কৰাৰ বাবে ক্ষমা খুজিলে আৰু গুছি গʼল।’

দুখৰ বিষয় এই যে সেই নিশায়ে, বিধৱাগৰাকীয়ে আত্মহত্যা কৰিলে। পিছত, ব্যৱসায়ী মহিলাগৰাকীয়ে কৈছিল যে তাই এটা “গুৰুত্বপূৰ্ণ শিক্ষা” পালে।

চুবুৰীয়াৰ প্ৰতি থকা প্ৰেমৰ অভাৱৰ পৰিণাম প্ৰায় শোকাতুৰ হৈছে। যুগʼস্লাভিয়াৰ পূৰ্ব্বৰ ভাগ বস্নিয়া আৰু হাৰ্যেগʼভিনাত, জাতিগত সংঘৰ্ষত দহ লাখতকৈও বেছি লোকক নিজৰ ঘৰৰ পৰা বলপূৰ্বক ৰূপে ওলিয়াই দিয়া হৈছিল আৰু হাজাৰ হাজাৰ লোকক হত্যা কৰা হৈছিল। কোনে কৰিলে? এজনী ছোৱালী, যিজনীক সেই গাঁওৰ পৰা খেদাই দিয়া হৈছিল, দুখ প্ৰকাশ কৰি কʼলে, ‘আমাৰ চুবুৰীয়া, আমি সিহঁতক জানো।’

ৰুৱাণ্ডাত লাখ সংখ্যক লোকক প্ৰায় নিজৰ চুবুৰীয়াৰ দ্বাৰাই নিষ্ঠুৰভাৱে হত্যা কৰা হৈছিল। দি নিউ ওৰ্ক টাইমচে ৰিপʼৰ্ট কৰিলে, “হুটু আৰু টুট্‌ছি একেলগে [বাস কৰিছিল] আৰু নিজৰ ভিতৰতে বিয়া-বাৰু কৰাইছিল, কোনজন হুটু আৰু কোনজন টুট্‌ছি তাৰ সৰ্ম্পকে জনা বা চিন্তিত হোৱা নাছিল।” “তাৰপিছত হঠাৎ এনে কিছু ঘটনা হʼল” আৰু “হত্যাকাৰ্য্য আৰম্ভ হʼল।”

ঠিক সেইদৰে, ইজৰায়েলত থকা ইহুদী আৰু আৰবীসকলে আশে-পাশে বাস কৰে, কিন্তু বহুতে এজনে আনজনক ঘৃণা কৰে। আয়াৰলেন্ডত কেথলিক আৰু প্ৰʼটেষ্টান্ট আৰু অন্য দেশবোৰত, সংখ্যাত বৃদ্ধি হোৱা লোকসকলৰ সৈতেও সেই একে পৰিণাম হৈছে। জগতত ইমান প্ৰেমৰ অভাৱ ইতিহাসত কোনো কালেই হোৱা নাছিল।

চুবুৰীয়াৰ প্ৰতি প্ৰেম কিয় চেঁচা হয় পৰিছে?

আমাৰ সৃষ্টিকৰ্তায়ে ইয়াৰ উত্তৰ দিছে। তেওঁৰ বাক্য, বাইবেলে, যি সময়ত আমি জীয়াই আছো এই সময়ছোৱাক “শেষ কাল” বুলি কৈছে। এইটো এটা এনেকুৱা সময় যাৰ বিষয়ে বাইবেলৰ ভৱিষ্যবাণীত কৈছে, মানুহবোৰ “স্নেহহীন” হব। এই “ভয়ঙ্কৰ সময়ৰ” সমন্ধে শাস্ত্ৰয়ে, “এই বিধি-ব্যৱস্থাৰ শেষ হোৱা” (NW) বুলিও কয়, যীচুৱে ভৱিষ্যবাণীত কৈছিল যে “অনেকৰ প্ৰেম চেঁচা হৈ যাব।”২ তীমথিয় ৩:১-৫; মথি ২৪:৩, ১২.

সেইবাবে, আজিৰ প্ৰেমৰ অভাৱে এইটো কথাৰ প্ৰমাণ দিছে যে আমি এই জগতৰ শেষ কালত জীয়াই আছো। আনন্দৰ বিষয়, এই যে, অতি সোনকালে এক ধাৰ্ম্মিক নতুন জগতে এই ভক্তিহীনবিলাকৰ জগতক সলনি কৰিব, যʼত প্ৰেমৰ শাসন হব।—মথি ২৪:৩-১৪; ২ পিতৰ ২:৫; ৩:৭, ১৩.

কিন্তু, সচাঁকৈ আমাৰ ওচৰত ইয়াক বিশ্বাস কৰাৰ কাৰণ আছেনে, যে এনে এটা পৰিবৰ্ত্তন হোৱাটো সম্ভৱ—যʼত সকলো লোকে এজনে আনজনক প্ৰেম কৰিবলৈ আৰু এজনে আনজনৰ সৈতে শান্তিৰে একেলগে বাস কৰিবলৈ শিকিব পাৰিব?

চুবুৰীয়াৰ প্ৰতি প্ৰেম—এক সত্যতা

প্ৰথম-শতাব্দীৰ এজন উকীলে যীচুক সুধিছিল, “মোৰ ওচৰ চুবুৰীয়া নো কোন?” নিঃসন্দেহ ‘তোমাৰ সঙ্গী ইহুদীসকল,’ বুলি যীচুৱে কোৱাটো তেওঁ আশা কৰিছিল। কিন্তু চুবুৰীয়াৰ বিষয়ে চমৰীয়াজনৰ কাহিনীত, যীচুৱে দেখুৱালে যে অন্য জাতিৰ লোকো আমাৰ চুবুৰীয়া।—লূক ১০:২৯-৩৭; যোহন ৪:৭-৯.

যীচুৱে জোৰ দি কৈছিল যে, আমাৰ জীৱনত ঈশ্বৰৰ প্ৰতি প্ৰেমৰ পিছত চুবুৰীয়াৰ প্ৰতি প্ৰেম সংযত কৰা উচিত। (মথি ২২:৩৪-৪০) কিন্তু কেতিয়াও নিজৰ চুবুৰীয়াক প্ৰকৃততে প্ৰেম কৰা এনে কোনো লোক আছেনে? প্ৰাৰম্ভিক খ্ৰীষ্টীয়সকলে কৰিছিল! অন্যৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁলোক জনাজাত আছিল।—যোহন ১৩:৩৪, ৩৫.

আজিৰ বিষয়ে কি? কোনো ব্যক্তিয়ে খ্ৰীষ্টৰ দৰে প্ৰেমৰ আচৰণ কৰিছেনে? বিশ্বকোষ কানাদিয়ানা মন্তব্য কৰে: “যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্যয়ে হৈছে যীচু আৰু তেওঁৰ শিষ্যসকলৰ দ্বাৰা পালন কৰা মৌলিক খ্ৰীষ্টীয়ধৰ্ম আচৰণৰ পুনৰ্সংস্কাৰণ আৰু পুনঃপ্ৰতিস্থিত . . . সকলো ভাই-ভাই।”

ইয়াৰ মানে কি বুজায়? ইয়াৰ মানে এইটো বুজাই যে যিহোৱাৰ সাক্ষীসকলে—কোনো বৰ্ণ, জাতি বা জাতীয়তা পৃষ্ঠভুমি—কাৰণসমূহৰ বাবে তেওঁলোকে চুবুৰীয়াক ঘৃণা নকৰে। অথবা অন্যকো হত্যা নকৰিব, কিয়নো তেওঁলোকে লাক্ষণিকৰূপে তৰোৱাল ভাঙি নাঙলৰ ফাল গঢ়াইছে, আৰু নিজ নিজ বৰছা ভাঙি কলম-কটাৰী গঢ়াই লৈছে। (যিচয়া ২:৪) প্ৰকৃততে, সাক্ষীসকল নিজৰ চুবুৰীয়াক সহায় কৰাত আগভাগ লোৱাৰ বাবে জনাজাত।—গালাতীয়া ৬:১০.

আচৰিত হোৱাৰ কোনো কাৰণ নাই যে কেলিফʼণিয়াৰ চেক্ৰমেনট্‌ ইউনিঅন এখন সম্পাদকীয়ত মন্তব্য দিলে: “এইটোৱেই কোৱা যথেষ্ঠ যে যদি যিহোৱাৰ সাক্ষীসকলৰ মূলনীতি জগতৰ সকলোৱে মানি চলা হলে, ৰক্তপাত আৰু ঘৃণা শেষ হʼলহেঁতেন আৰু প্ৰেমে ৰজাৰূপে শাসন কৰিলেহেঁতেন।” হাঙ্গেৰীৰ ৰিঙ আলোচনীৰ এজন লিখকে এইদৰে অভিমত দিছিল: “মই শেষ সিধান্তত উপনীত হৈছো যে যদি পৃথিবীত কেৱল মাত্ৰ যিহোৱাৰ সাক্ষীসকলে থকা হʼলে, যুদ্ধবোৰ শেষ হʼলহেঁতেন আৰু আৰক্ষীসকলে মাত্ৰ পৰিবহন নিয়ন্ত্ৰণ আৰু পাচপোৰ্ট বনোৱাৰ কাম কৰিলেহেঁতেন।”

তথাপি স্বীকাৰ্য্যৰূপে, যদি সকলো লোকে পৰস্পৰে প্ৰেম কৰিবলৈ হʼলে এক বিশাল, বিশ্বব্যাপী পৰিবৰ্ত্তনৰ আৱশ্যক। কেনেকৈ সেই পৰিবৰ্ত্তন আহিব? (অনুগ্ৰহ কৰি পিছৰ পৃষ্ঠাত চাওঁক।)

যেতিয়া সকলো লোকে এজনে আনজনক প্ৰেম কৰিব

যীচু খ্ৰীষ্টই শিকোৱা এটা প্ৰাৰ্থনায়ে দেখুৱাইছে যে এক নাটকীয়া পৰিবৰ্ত্তন একেবাৰে ওচৰত। যীচুৰ প্ৰসিদ্ধ পৰ্ব্বতীয় উপদেশত, তেওঁ আমাক প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল: “তোমাৰ ৰাজ্য হওক; যেনেকৈ স্বৰ্গত, তেনেকৈ পৃথিবীতো তোমাৰ ইচ্ছা পূৰ হওক।”—-মথি ৬:১০.

ঈশ্বৰৰ ৰাজ্য কি? এইটো প্ৰকৃততে এটা চৰকাৰ, যিয়ে স্বৰ্গৰ পৰা শাসন কৰে। সেইবাবে ইয়াক “স্বৰ্গীয় ৰাজ্য” বুলি কোৱা হৈছে। ‘শান্তিৰ ৰাজকোঁৱৰ,’ অৰ্থাৎ যীচুক, তেওঁৰ পিতৃৰ দ্বাৰাই, ইয়াৰ শাসকৰূপে নিয়ুক্তি কৰিলে।—মথি ১০:৭; যিচয়া ৯:৬, ৭, NW; গীতমালা ৭২:১-৮.

যেতিয়া ঈশ্বৰৰ ৰাজ্য আহিব, তেতিয়া এই ঘৃণাময় জগতখনৰ কি হʼব? “সেই ৰাজ্যয়ে,” এই পৃথিবীৰ সকলো ভ্ৰষ্টাচাৰী চৰকাৰক “ভাঙি সংহাৰ” কৰিব। (দানিয়েল ২:৪৪) বাইবেলে বৰ্ণনা কৰিছে: “জগত . . . গুচি যাব লাগিছে; কিন্তু যি জনে ঈশ্বৰৰ ইচ্ছা পালন কৰে, তেওঁ চিৰকাললৈকে থাকে।”—১ যোহন ২:১৭.

ঈশ্বৰৰ নতুন জগতৰ সমন্ধে, বাইবেলে কৈছে: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীতমালা ৩৭:৯-১১, ২৯; হিতোপদেশ ২:২১, ২২) সেইটো কি যে আচৰিত সময় হʼব! “মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব।” (প্ৰকাশিত বাক্য ২১:৪) মৃতজনো আকৌ জীৱিত হব, আৰু গোটেই পৃথিবীখনক এখন বাস্তৱিক পৰমদেশলৈ পৰিবৰ্ত্তন কৰা হʼব।—যিচয়া ১১:৬-৯; ৩৫:১, ২; লূক ২৩:৪৩; পাঁচনিৰ কৰ্ম্ম ২৪:১৫.

ঈশ্বৰৰ নতুন জগতত থাকিবলৈ হʼলে, আমি এজনে আনজনক প্ৰেম কৰাৰ আৱশ্যক, ঠিক যেনেকৈ ঈশ্বৰে আমাক কৰিবলৈ শিকাইছে। (১ থিচলনীকীয়া ৪:৯) এজন প্ৰাচ্যৰ বাইবেল বিদ্যাৰ্থীয়ে এইদৰে কʼলে: “বাইবেলে প্ৰতিজ্ঞা কৰাৰ দৰে, মই সেই সময়ৰ অপেক্ষা কৰি আছো, যেতিয়া সকলো লোকে এজনে আনজনক প্ৰেম কৰিবলৈ শিকিব।” আমি নিশ্চিন্ত হব পাৰো যে ঈশ্বৰে তেওঁৰ প্ৰতিজ্ঞাত স্থিৰ থাকিব! “এনে কি, মই কলোঁ,” তেওঁ কৈছে, “মই তাক সিদ্ধও কৰিম।”—যিচয়া ৪৬:১১.

কিন্তু ঈশ্বৰৰ ৰাজ্যৰ অধীনত আৰ্শীব্বাদৰ আনন্দ উঠাবলৈ হʼলে, বিশ্বব্যাপী লাখ সংখ্যক সৰল মনৰ লোকসকলে কৰি থকাৰ দৰে, আপোনাক বাইবেলৰ জ্ঞান লোৱাৰ আৱশ্যক। (যোহন ১৭:৩) ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? এই ৩২-পৃষ্ঠাৰ পুঠিখনে আপোনাক সহায় কৰিব। ইয়াৰ এখন কপি পাবলৈ হʼলে আগৰ পৃষ্ঠাত থকা কুপনখন ভৰ্ত্তি কৰি আপোনাৰ ঘৰৰ ওচৰৰ ঠিকনাত পঠিয়াওক।

[Picture Credit Line on page 2]

বস্নিয়াৰ বন্ধুকধাৰী আৰু অন্ত্যেষ্টিক্ৰিয়া: Reuters/Corhis-Bettmann