Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন

ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন

যীচুৱে নিজৰ অনুগামীসকলক যাবলৈ আৰু শিষ্য বনোৱা কাৰ্য্যত অংশগ্ৰহণ কৰিবলৈ আজ্ঞা দিছিল। (মথি ২৮:১৯) শিষ্য বনোৱা কাৰ্য্যত ঘোষণা কৰা আৰু শিক্ষা দিয়া জড়িত আছে। সময়ে সময়ে আমি সকলোৱে নিজকে নিজে এইদৰে প্ৰশ্ন কৰা উচিত: ‘শিষ্য বনোৱাৰ এই গুৰুত্বপূৰ্ণ কাৰ্য্যত মই কেনেকৈ আৰু বেছিকৈ উন্নতি কৰিব পাৰোঁ?’

ঘোষণা কৰা

লোকসকলে আমাৰ ওচৰলৈ অহাৰ পৰিৱৰ্তে আমি “যোগ্য” লোকসকলক বিচাৰি যোৱা উচিত। (মথি ১০:১১) যেতিয়া আমি ঘোষণা কাৰ্য্যত অংশগ্ৰহণ কৰোঁ, তেতিয়া আমি ‘লগ পোৱা’ লোকসকলৰ সৈতে কথা পাতিবলৈ সুযোগ বিচাৰোঁ নে? (পাঁচ ১৭:১৭) পাঁচনি পৌলে পৰিশ্ৰমেৰে কৰা ঘোষণা কাৰ্য্যৰ ফলত লুদিয়া নামৰ এগৰাকী তিৰোতা শিষ্যা হৈ পৰিল।—পাঁচ ১৬:১৩-১৫.

“তুমি ৰাতিপুৱা তোমাৰ কঠীয়া সিঁচা, আৰু গধূলি পৰতো তোমাৰ হাত কোঁচাই নাৰাখিবা” (উপ ১১:৬)

‘প্ৰচাৰ কৰিবলৈ নেৰিব’—সুযোগ বিচাৰি আৰু ঘৰে ঘৰে ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • কৰ্মক্ষেত্ৰত সুযোগ বিচাৰি চমূৱেলে কেনেকৈ সত্যৰ বীজ ৰোপণ কৰিছিল?

  • ঘোষণা কাৰ্য্যৰ বাবে ব্যৱহাৰ হোৱা সকলো ধৰণৰ পদ্ধতি আমি কিয় প্ৰয়োগ কৰা উচিত?

  • কৰ্মক্ষেত্ৰত বা অন্য পৰিস্থিতিত আপুনি কাক ৰাজ্যৰ শুভবাৰ্ত্তা জনোৱা উচিত?

শিক্ষা দিয়া

শিষ্য বনোৱাৰ বাবে, আমি লগ পোৱা লোকসকলক কেৱল প্ৰকাশন দিয়াই যথেষ্ট নহয়। তেওঁলোকক আধ্যাত্মিকভাৱে আগবাঢ়ি যাবলৈ আমি পুনৰ সাক্ষাৎ আৰু বাইবেল অধ্যয়ন কৰাৰ প্ৰয়োজন। (১কৰি ৩:৬-৯) কিন্তু পৰিশ্ৰমেৰে কোনো ব্যক্তিৰ সৈতে বাইবেল অধ্যয়ন কৰাৰ সত্ত্বেও যদি ভাল পৰিণাম দেখা পোৱা নাযায়, তেনেহ’লে আমি কি কৰা উচিত? (মথি ১৩: ১৯-২২) যিসকলৰ হৃদয় ‘ভাল মাটিৰ’ দৰে হয়, আমি তেওঁলোকক বিচাৰি থকা উচিত।—মথি ১৩:২৩; পাঁচ ১৩:৪৮.

“মই ৰুলোঁ, আপল্লোৱে পানী দিলে; কিন্তু ঈশ্বৰেহে বঢ়ালে” (১কৰি ৩:৬)

‘প্ৰচাৰ কৰিবলৈ নেৰিব’ৰাজহুৱাভাৱে আৰু শিষ্য বনোৱা ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সত্যৰ যি বীজ যিহিষ্কেল আৰু আবীগলৰ হৃদয়ত ৰোপণ কৰা হৈছিল, তাত চলোমন আৰু মৰিয়মে কেনেকৈ পানী দিছিল?

  • সুযোগ বিচাৰি অথবা আন যিকোনো ধৰণৰ ঘোষণা কাৰ্য্যৰ পদ্ধতি ব্যৱহাৰ কৰাৰ সময়ত আমাৰ লক্ষ্য কি হোৱা উচিত?

  • আমি আনক সত্য শিকোৱাৰ ওপৰত কেনেকৈ ধ্যান দিব পাৰোঁ?