Skip to content

Skip to table of contents

মৃত্যুৰ দুখ কেনেকৈ সহন কৰিব পাৰি?

আমি কি আশা কৰিব পাৰোঁ?

আমি কি আশা কৰিব পাৰোঁ?

কিছুমান বিশেষজ্ঞই কৈছে যে সকলো লোকে বিভিন্ন প্ৰকাৰে নিজৰ দুখ প্ৰকাশ কৰে। কিন্তু ইয়াৰ অৰ্থ এয়া নে যে কিছুমান লোকে নিজৰ আপোনজনাৰ মৃত্যুত কম দুখ অনুভৱ কৰে বা নিজৰ দুখ লুকুৱাই ৰাখে? এনে নহয়, দুখৰ কাৰণ চিনাক্ত কৰি দুখ প্ৰকাশ কৰিলে আমি শান্ত্বনা লাভ কৰোঁ। এয়াই কেৱল এক উপায় নহয়। নিজৰ আপোনজনাক হেৰুৱাত এজন ব্যক্তিয়ে কেনে অনুভৱ কৰে, সেয়া তেওঁৰ ব্যক্তিত্ব, সংস্কৃতি আৰু জীৱনৰ অনুভৱবোৰৰ ওপৰত নিৰ্ভৰ কৰে।

দুখ কিমান গভীৰ হʼব পাৰে?

নিজৰ আপোনজনাক হেৰুৱা লোকসকলে এয়া নাজানে যে আগলৈ গৈ তেওঁলোকে কেনেধৰণৰ ভাৱনাৰ সন্মুখীন হʼব লাগিব। কিছুমান সমস্যা বা ভাৱনা স্বাভাৱিক হʼব পাৰে আৰু কেতিয়াবা সেইবোৰ অনুমানো কৰিব পৰা যায়। আহক ইয়াৰে কিছুমান বিষয়ে আলোচনা কৰোঁ:

নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰাটো কঠিন হয়। কিছুমানে হঠাতে কান্দিবলৈ ধৰে, হেৰাই যোৱাজনক চাবলৈ হেপাঁহ কৰে, কেতিয়াবা তেওঁলোকৰ মনৰ অৱস্থাও সলনি হৈ যায়। কেতিয়াবা আপোনজনাৰ কথা বেছিকৈ মনত পৰে বা তেওঁলোকক সপোনত দেখি বেদনা আৰু বাঢ়ি যায়। আৰম্ভণিতে আপোনজনাৰ মৃত্যুৰ কথা শুনি তেওঁলোকে বিশ্বাসে কৰিব নোৱাৰে। টিনাৰ স্বামী তন্ময়ৰ হঠাতে মৃত্যু হʼল। তাই এইদৰে কৈছে, “আৰম্ভণিতে অলপ সময় মোৰ মাতে ওলোৱা নাছিল, লৰ-চৰ হʼব পৰা নাছিলোঁ, মই কান্দিবও নোৱাৰিছিলোঁ, মই এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে তেওঁ মোৰ লগত নাই।”

চিন্তা, খং আৰু দুখী কৰাৰ ভাৱনাই আমাক আৱৰি ধৰে। আইৱানে এইদৰে কৈছে, “মোৰ ২৪ বছৰীয়া লʼৰা এৰিকৰ যেতিয়া মৃত্যু হʼল, তেতিয়া মই আৰু মোৰ পত্নী চুজেন বহুত খঙাল হৈ পৰিছিলোঁ। আমি নিজকে চাই আচৰিত হৈছিলোঁ, কাৰণ আমি আগতে ইমান খঙাল নাছিলোঁ। আমি নিজকে দোষাৰোপ কৰিছিলোঁ, কাৰণ আমি হয়তো তাৰ বাবে আৰু কিছু ব্যৱস্থা লʼব পাৰিলোহেঁতেন।” বহুদিন বেমাৰত ভুগি থকাৰ বাবে যেতিয়া আচিছৰ পত্নীৰ মৃত্যু হʼল, তেতিয়া সেয়া তেওঁৰ ভুল হয় বুলি ভাবিছিল। তেওঁ এইদৰে কৈছে, “প্ৰথমে মই এনে অনুভৱ কৰিছিলোঁ যে মই নিশ্চয় এজন বেয়া মানুহ, সেইবাবে ঈশ্বৰে মোক শাস্তি দিছে। মোৰ লগত যি হৈছিল তাৰ বাবে মই ঈশ্বৰক দোষাৰোপ কৰিছিলোঁ, সেইবাবে পাছলৈ মই দোষী অনুভৱ কৰিছিলোঁ।” আগৰ লেখত উল্লেখ কৰা অজয়লৈ মন কৰক। তেওঁ এইদৰে কৈছে, “কেতিয়াবা মোৰ পত্নী ছফিয়াৰ ওপৰত বহুত খং উঠিছিল, তাই মোক কিয় এৰি গুচি গʼল? তাৰ পাছত মই নিজে দোষী অনুভৱ কৰিলোঁ যে মই এইদৰে কিয় ভাবিছোঁ, ইয়াত তাইৰনো কি ভুল আছিল।”

সঠিকভাৱে চিন্তা কৰিব নোৱাৰে। আপোনজনাক মৃত্যুত হেৰুৱা লোকসকলে সঠিকভাৱে চিন্তা কৰিব নোৱাৰে আৰু ধ্যান দিবও নোৱাৰে। তেওঁলোকে ভাবে যে তেওঁলোকৰ আপোনজনা তেওঁলোকৰ আশে-পাশে আছে, তেওঁলোকৰ কথা শুনি আছে আৰু চাই আছে। তেওঁলোকৰ বাবে কিছুমান কথা মনোযোগ দিয়া বা মনত ৰখাটো কঠিন হৈ পৰে। টিনাই এইদৰে কৈছে, “কেতিয়াবা কোনোবাই মোক কিবা কথা কৈ থাকিলে মই তেওঁৰ কথাত মন দিব নোৱাৰিছিলোঁ, মোৰ মনটো কৰবাতে থাকিছিল। তন্ময়ৰ মৃত্যুৰ সময়ত যি যি হৈছিল, সেইবোৰ মোৰ মনত চলিয়ে আছিল। এইবোৰ কথাই মোক বহুত আমনি কৰিছিল, যাৰ বাবে মই কোনো কথাত ধ্যান দিব নোৱাৰিছিলোঁ।”

কাকো লগ কৰিব নিবিচাৰে। বেদনাত থকা লোকসকলে কাকো লগ কৰিব নিবিচাৰে আৰু তেওঁলোকৰ লগত কথা পাতিলে তেওঁলোকৰ খং উঠে। অজয়ে এইদৰে কৈছে, “যেতিয়া মোৰ আশে-পাশে বিবাহিত দম্পতীসকল আছিল, তেতিয়া মোৰ বহুত বেয়া লাগিছিল। এনে ভাৱনা মোৰ অবিবাহিত লোকসকলৰ লগত সংগতি কৰাৰ সময়তো হৈছিল।” আইৱানৰ পত্নী চুজেনে এইদৰে কৈছে, “যেতিয়া লোকসকলে নিজৰ সমস্যাৰ বিষয়ে মোক কৈছিল, তেতিয়া মোৰ সেইবোৰ শুনিবলৈ মন যোৱা নাছিল। কাৰণ আমাৰ তুলনাত তেওঁলোকৰ সমস্যা একোৱে নাছিল। যেতিয়া লোকসকলে তেওঁলোকৰ লʼৰা-ছোৱালীৰ উন্নতিৰ কথা মোক কৈছিল, তেতিয়া যদিও মোৰ ভাল লাগিছিল। কিন্তু মোৰ লʼৰাৰ কথা মনত পৰি মোৰ দুখু লাগিছিল। আমি ভাবিছিলোঁ যে জীৱনটো যেনে-তেনে চলিব, কিন্তু লোকসকলৰ কথাই মোক বহুত আমনি কৰিছিল আৰু আমাৰ ভাল লগা নাছিল।”

শাৰীৰিক সমস্যা হয়। কিছুমান লোকে খাব নিবিচাৰে। ক্ষীণাই যায় আৰু তেওঁলোকৰ ভালদৰে টোপনিও নাহে। অৰুণৰ দেউতাৰ মৃত্যু হোৱা এবছৰ লৈকে অৰুণৰ লগত কি কি হৈছিল, তাৰ বিষয়ে তেওঁ এইদৰে কৈছে, “মই ভালদৰে শুব পৰা নাছিলোঁ, সদায় ৰাতি একে সময়তে হাৰ পাই গৈছিলোঁ আৰু দেউতাৰ মৃত্যুৰ বিষয়ে চিন্তা কৰিছিলোঁ।”

লাহে লাহে আচিছৰ শাৰীৰিক সমস্যা হʼব ধৰিছিল। কিন্তু তেওঁ ইয়াৰ কাৰণ গম পোৱা নাছিল। তেওঁ এইদৰে কৈছে, “ডাক্তৰে বহুবাৰ মোৰ পৰীক্ষা-নিৰীক্ষা কৰিলে আৰু কʼলে যে মোৰ কোনো বেমাৰ নাই। মোৰ বেদনাৰ বাবে মোৰ শৰীৰত এইবোৰ লক্ষণ দেখা দিছে। লাহে লাহে মোৰ এই শাৰীৰিক লক্ষণবোৰ যাব ধৰিলে।” আচিছে ডাক্তৰৰ পৰামৰ্শ লৈ ভাল কৰিলে। বেদনা ভুগি থকা লোকসকলৰ বেমাৰৰ লগত যুঁজা ক্ষমতা লাহে লাহে কমি যায়। এনে লোকসকলৰ পুৰণা বেমাৰ বাঢ়ি যায় আৰু নতুন বেমাৰো আহে।

প্ৰয়োজনীয় কামবোৰ কৰিবলৈ কঠিন হৈ পৰে। আইৱানে এইদৰে কৈছে, “এৰিকৰ মৃত্যুৰ পাছত আমি বহু কিছু কাম কৰিবলগীয়া আছিল। এই খবৰ তেওঁৰ বন্ধু-বান্ধৱ, পৰিয়ালৰ লোকক, তেওঁ অফিচৰ বছক আৰু তেওঁ থকা ঘৰৰ মালিকক জনোৱাৰ প্ৰয়োজন আছিল, লগতে আইনৰ লগত জড়িত থকা বহুতো কাম কৰিবলগীয়া আছিল। এৰিকৰ বস্তুবোৰনো কি কৰিম, তাৰ বিষয়েও চিন্তা কৰিবলগীয়া আছিল। আমাৰ ইমানবোৰ কাম কৰিবলগীয়া আছিল। কিন্তু আমি মানসিক আৰু শাৰীৰিকভাৱে ভাঙি পৰিছিলোঁ। আমি সাহস হেৰুৱাই পেলাইছিলোঁ।”

কিছুমান লোকৰ বাবে এয়া কঠিন হৈ পৰে, যেতিয়া তেওঁলাকে মৃত আপোনজনাৰ কাম কৰিবলগীয়া হয়। টিনাই কৈছে, “বেংকৰ কাম হওক বা ব্যৱসায়ৰ কামেই হওক সকলো তন্ময়ে চোৱা-চিতা কৰিছিল। এতিয়া সেই দায়িত্ব মোৰ ওপৰত আহি পৰিল, যাৰ বাবে মোৰ চিন্তা আৰু বাঢ়িল। মই ভাবিছিলোঁ এই সকলো কাম মই ভালদৰে কৰিব পাৰিমনে?”

শাৰীৰিক সমস্যাই হওক বা মানসিক সমস্যাই হওক এজন ব্যক্তিৰ বাবে সন্মুখীন হোৱাটো কঠিন হʼব পাৰে। এয়া সঁচা যে আপোনজনাৰ মৃত্যুৰ দুখ সহন কৰাটো ইমান সহজ নহয়। কিন্তু যদি আমি আগৰে পৰা গম পাওঁ যে কেনেধৰণৰ পৰিস্থিতি হʼব পাৰে, তেনেহʼলে সেই দুখ সহন কৰিবলৈ সহায় পাব পাৰোঁ। আমি এয়াও মনত ৰাখিব পাৰোঁ যে সকলো মানুহে একে ধৰণৰ সমস্যাৰ সন্মুখীন নহʼবও পাৰে। কিন্তু আপোনজনাৰ বাবে বেদনা ভুগাটো স্বাভাৱিক হয়।

আকৌ মই আনন্দ ঘূৰাই পাব পাৰোঁনে?

কি আশা কৰিব পাৰোঁ? আৰম্ভণিতে বেদনা সহন কৰাটো কঠিন যেন লাগিব পাৰে, কিন্তু লাহে লাহে এয়া কমি যায়। ইয়াৰ অৰ্থ এয়া নহয় যে এজন ব্যক্তিয়ে সম্পূৰ্ণৰূপে দুখৰ পৰা ওলাই আহিব আৰু নিজৰ মৃত আপোনজনাক পাহৰি যাব। কিন্তু হঠাতে তেওঁৰ কথা মনত পৰিলে আমি বেদনা অনুভৱ কৰিব পাৰোঁ। যেনে কিবা বিশেষ দিন, বিবাহ বাৰ্ষিক বা তেওঁৰ মৃত্যুৰ দিন। কিন্তু সময়ৰ লগে লগে কিছুমান লোকে সেই বেদনাৰ পৰা ওলাই আহিব পাৰে আৰু দৈনন্দিন কামত ব্যস্ত হৈ যাব পাৰে। বিশেষকৈ যেতিয়া তেওঁৰ পৰিয়াল বা তেওঁৰ বন্ধুসকল তেওঁৰ লগত থাকে, তেতিয়া তেওঁ বেদনাৰ পৰা ওলাই আহিবলৈ সক্ষম হয় আৰু সময় পাৰ হোৱাৰ লগে লগে তেওঁ আগ বাঢ়িব পাৰে।

কিমান সময় লাগিব পাৰে? কিছুমান লোকে কিছু মাহৰ ভিতৰতে সেই দুখৰ পৰা ওলাই আহিবলৈ সক্ষম হয়। কিন্তু কিছুমানৰ বছৰ লাগে আৰু কিছুমান লোকৰ তাতকৈ বেছি সময় লাগে। আচিছে এইদৰে কৈছে, “মই নিৰাশাৰ পৰা ওলাই আহিবলৈ প্ৰায় তিনি বছৰ লাগিল।” তেওঁলোকে কেতিয়াবা মনোবৈজ্ঞানিকসকলৰ a সহায় লʼবলগীয়াও হʼব পাৰে।

ধৈৰ্য্য ধৰক। এদিনত আপুনি যিমান পাৰে সিমানেই কৰক, কালিৰ বাবে চিন্তা নকৰিব। মনত ৰাখিব যে আৰম্ভণিতে যিমান বেদনা অনুভৱ হয়, সিমান সদায় দিনৰ বাবে নাথাকে। সময় অতিবাহিত হোৱাৰ লগে লগে কিছুমান পদক্ষেপ লোৱাৰ যোগেদি আপুনি আপোনাৰ বেদনা কম কৰিব পাৰে। আহক তাৰে কিছুমান উপায় চাওঁ।

নিজৰ আপোনজনাৰ মৃত্যুৰ দুখ ভুগাটো স্বাভাৱিক হয়

a কিছুমান লোকক বেদনাৰ পৰা ওলাই আহিবলৈ বহু বছৰ লগে। তেওঁলোকে মনোবৈজ্ঞানিক বিশেষজ্ঞৰ সহায় লʼবলগীয়া হʼব পাৰে।