Skip to content

Skip to table of contents

কাহিনী ৫

এক কষ্টকৰ জীৱনৰ আৰম্ভণি

এক কষ্টকৰ জীৱনৰ আৰম্ভণি

এদন বাগিচাৰ বাহিৰত আদম আৰু হৱাই বহুতো সমস্যাৰ সন্মুখীন হৈছিল। আহাৰৰ বাবে তেওঁলোকে কঠিন পৰিশ্ৰম কৰিবলগীয়া হ’ল। ফল-মূল দিয়া গছ-গছনিৰ পৰিৱৰ্তে, তেওঁলোকে কাঁইটীয়া গছ-গছনিহে দেখিবলৈ পালে। ঈশ্বৰৰ বাক্য নমনা আৰু তেওঁৰ বন্ধুত্বক আওকাণ কৰাৰ বাবে আদম আৰু হৱাৰ এনে সমস্যা হৈছিল।

ইয়াতকৈ দুখৰ বিষয় যে আদম আৰু হৱাই অনন্ত জীৱন জীয়াই থকাৰ সুযোগ হেৰুৱালে। বিশেষ এজোপা গছৰ ফল খালে তেওঁলোকৰ মৃত্যু হ’ব বুলি ঈশ্বৰে তেওঁলোকক আগতেই জনাইছিল আৰু এই বিষয়ে আমাৰ নিশ্চয় মনত আছে। যিদিনাখন তেওঁলোকে এই গছৰ ফল খালে, তেতিয়াৰপৰা তেওঁলোক বুঢ়া হ’বলৈ ধৰিলে আৰু লাহে লাহে মৃত্যুৰ মুখলৈ আগবাঢ়ি গ’ল। ঈশ্বৰৰ বাক্য অমান্য কৰি তেওঁলোকে এক মূৰ্খামিৰ কাম কৰা নাইনে?

এদন বাগিচাৰপৰা বাহিৰ হোৱাৰ পাছতহে, আদম আৰু হৱাৰ ল’ৰা-ছোৱালী জন্ম হৈছিল। ইয়াৰ অৰ্থ হৈছে যে আদম আৰু হৱাৰ ল’ৰা-ছোৱালীবিলাকেও এদিন বুঢ়া হ’ব আৰু মৃত্যু হ’ব।

আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন কৰাহেঁতেন, তেওঁলোকৰ নিজৰ আৰু ল’ৰা-ছোৱালীৰ জীৱন সুখী হ’লহেঁতেন। তেওঁলোক সকলোৱে সুখ আৰু আনন্দেৰে এই পৃথিৱীত অনন্ত জীৱন জীয়াই থাকিলেহেঁতেন। আনকি বৃদ্ধ, বেমাৰ আৰু মৃত্যুও নহ’লহেঁতেন।

সকলো মানুহে সুখ আৰু আনন্দেৰে অনন্ত জীৱন জীয়াই থকাটো ঈশ্বৰৰ উদ্দেশ্য হয় আৰু তেওঁ এই উদ্দেশ্য ভৱিষ্যতে পূৰ কৰিব। পৃথিৱীখন সুন্দৰ হোৱাৰ লগতে, ইয়াত বাস কৰা লোকসকলৰ স্বাস্থ্যও ভাল হ’ব। ঈশ্বৰ আৰু মানুহৰ মাজত বন্ধুত্ব থাকিব।

কিন্তু দুখৰ বিষয় যে হৱাই ঈশ্বৰৰ বন্ধু হৈ নাথাকিল আৰু সেইবাবে ল’ৰা-ছোৱালীৰ জন্ম দিওঁতে তাইৰ বাবে সহজ নাছিল। সন্তান প্ৰসৱ কৰাৰ সময়ত তাই বেদনা অনুভৱ কৰিছিল। ঈশ্বৰৰ আজ্ঞা পালন নকৰাৰ বাবে তাই বহুতো দুখ-কষ্টৰ সন্মুখীন হৈছিল, নহয়নে বাৰু?

আদম আৰু হৱাৰ কেইবাটাও ল’ৰা-ছোৱালী হ’ল। তেওঁলোকে প্ৰথম পুত্ৰৰ নাম কয়িন আৰু দ্বিতীয় পুত্ৰৰ নাম হেবল ৰাখিলে। তেওঁলোকৰ কি হ’ল তুমি জানানে?

আদিপুস্তক ৩:১৬-২৩; ৪:১, ২; প্ৰকাশিত বাক্য ২১:৩, ৪.