কাহিনী ১৫
লোটৰ পত্নী
লোট আৰু তেওঁৰ পৰিয়াল অব্ৰাহামৰ লগত কনান দেশত একেলগে বাস কৰিছিল। এদিনাখন অব্ৰাহামে লোটক ক’লে: ‘আমাৰ জীৱ-জন্তুবোৰৰ সংখ্যা বঢ়াৰ বাবে ঠাইৰ নাটনি হৈছে। গতিকে আমি বেলেগে থকা উচিত হ’ব। যদি তুমি সোঁহাতে যোৱা, তেনেহ’লে মই বাওঁহাতে যাম।’
লোটে চাৰিওফালে চকু ফুৰালে। পানী আৰু ঘাঁহেৰে ভৰা এক সুন্দৰ ঠাইলৈ লোটৰ চকু পৰিল। যৰ্দ্দন নদীৰ পাৰৰ এই ঠাইখন, লোটৰ জীৱ-জন্তুৰ বাবে উপযুক্ত হ’ব। লোটে নিজৰ পৰিয়াল আৰু জীৱ-জন্তুৰ সৈতে সেই ঠাইত থাকিবলৈ ল’লে। লাহে লাহে লোট আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে চদোম নগৰত নিজৰ বাসস্থান গঢ়ি তুলিলে।
চদোমৰ লোকসকলে বেয়া কামবোৰত লিপ্ত আছিল। কিন্তু লোট এজন ভাল মানুহ আছিল। সেইবাবে চদোমত হৈ থকা বেয়া কাৰ্য্যবোৰৰ বাবে তেওঁক বেজাৰ লাগিছিল। আনকি ঈশ্বৰেও তেওঁলোকৰ কাৰ্য্যবোৰত সুখী নাছিল। চদোম আৰু ইয়াৰ ওচৰৰ নগৰ ঘমোৰাত হৈ থকা বেয়া কাৰ্য্যবোৰৰ বাবে, ঈশ্বৰে এই দুয়োখন নগৰক ধ্বংস কৰিবলৈ থিৰাং কৰিলে। এই ধ্বংসৰ বিষয়ে লোটক জনাবলৈ ঈশ্বৰে দুজন স্বৰ্গদূতক তেওঁৰ ওচৰলৈ পঠালে।
স্বৰ্গদূতকেইজনে লোটক ক’লে: ‘তোমাৰ পত্নী আৰু ছোৱালী দুজনীক লগত লৈ ইয়াৰপৰা ওলোৱা।’ লোট আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে পলম কৰাৰ বাবে, স্বৰ্গদূতকেইজনে তেওঁলোকৰ হাতত ধৰি নগৰৰ বাহিৰ কৰিলে। তাৰ পাছত ইয়াৰে এজন স্বৰ্গদূতে ক’লে: ‘প্ৰাণ ৰক্ষাৰ অৰ্থে পলোৱা। পিছলৈ ঘূৰি নাচাবা। বিনাশৰপৰা বাচিবলৈ পৰ্ব্বতটোলৈ পলাই যোৱা।’
লোট আৰু তেওঁৰ ছোৱালীকেইজনীয়ে আজ্ঞা পালন কৰি চদোমৰপৰা বাহিৰ হ’ল। খন্তেকৰ বাবেও তেওঁলোক নৰ’ল আৰু পিছলৈ ঘূৰি নাচালে। কিন্তু লোটৰ পত্নীয়ে এই আজ্ঞা পালন নকৰিলে। চদোমৰপৰা কিছুদূৰ যোৱাৰ পাছত তাই ৰ’ল আৰু পিছলৈ ঘূৰি চালে। লগে লগে লোটৰ পত্নী, লোণৰ স্তস্ভ হৈ পৰিল। ছবিখনত লোণৰ স্তস্ভটো দেখিবলৈ পাইছানে?
ইয়াৰপৰা আমি এক ভাল কথা শিকিব পাৰোঁ। যি লোকসকলে ঈশ্বৰৰ আজ্ঞা পালন কৰিব তেওঁলোকৰ উদ্ধাৰ আছে, কিন্তু যিসকলে তেওঁৰ বাক্য পালন নকৰিব, তেওঁলোকে নিজৰ জীৱন হেৰুৱাব।
আদিপুস্তক ১৩:৫-১৩; ১৮:২০-৩৩; ১৯:১-২৯; লূক ১৭:২৮-৩২; ২ পিতৰ ২:৬-৮.