কাহিনী ১৬
ইচ্হাকৰ বাবে পত্নী
ছবিখনত দেখুৱা মহিলাগৰাকী কোন হয় ক’ব পাৰিবানে? তাইৰ নাম হৈছে ৰিবেকা। তাইৰ বাবে অপেক্ষা কৰি থকা লোকজন হৈছে ইচ্হাক। অতি সোনকালে ৰিবেকা ইচ্হাকৰ লগত বিয়া হ’ব। এই সকলো ঘটনা কেনেকৈ ঘটিল বাৰু?
অব্ৰাহামে নিজ পুত্ৰ ইচ্হাকৰ বাবে এগৰাকী ভাল পত্নীৰ আশা কৰিছিল। ইচ্হাকে কনানত থকা কোনো ছোৱালীক বিয়া কৰাটো অব্ৰাহামে বিচৰা নাছিল। কিয়নো কনানৰ লোকসকলে মিছা দেৱতাবোৰক উপাসনা কৰিছিল। সেইবাবে অব্ৰাহামে নিজৰ দাসক ক’লে: ‘হাৰণত থকা মোৰ সম্বন্ধীয় লোকসকলৰ ওচৰলৈ যোৱা আৰু মোৰ পুত্ৰ ইচ্হাকৰ বাবে ছোৱালী বিচাৰি আনা।’
অব্ৰাহামৰ আজ্ঞা অনুসৰি তেওঁৰ দাসে দহটা উটক লগত লৈ যাত্ৰা আৰম্ভ কৰিলে। কেইবাদিনো যাত্ৰা কৰাৰ পাছত, তেওঁ অব্ৰাহামৰ সমন্ধীয় লোকসকল থকা ঠাইখন পালেগৈ। তেতিয়া প্ৰায়ে গধূলি হৈছিল আৰু তেওঁ এটা নাদৰ কাষত ৰ’ল। এই সময়ছোৱাত নগৰৰ ছোৱালীবিলাকে নাদৰপৰা পানী নিবলৈ আহে। অব্ৰাহামৰ দাসে যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিলে: ‘যি ছোৱালীয়ে মোক আৰু উটবোৰক পানী দিব, সেই ছোৱালীয়েই আপোনাৰ দাস ইচ্হাকৰ পত্নী হওক।’
সেই সময়ছোৱাত ৰিবেকাও পানী নিবলৈ আহিল। অব্ৰাহামৰ দাসে ৰিবেকাক পানী খুজিলে আৰু তাই তেওঁক পানী খাবলৈ দিলে। তাৰ পাছত পিয়াহত আতুৰ হোৱা উটকেইটাকো তাই পানী দিলে। এই কাম কিন্তু সহজ নাছিল, কিয়নো উটবোৰে বহুত পানী খায়।
উটকেইটাক পানী দিয়াৰ কাম শেষ হোৱাৰ পাছত, অব্ৰাহামৰ দাসে ৰিবেকাক সুধিলে: ‘তুমি কাৰ ছোৱালী?’ ৰিবেকাই উত্তৰ দিলে: ‘মই বথুৱেলৰ ছোৱালী।’ অব্ৰাহামৰ দাসে ভালদৰে জানে যে বথুৱেল হৈছে অব্ৰাহামৰ ককায়েক নাহোৰৰ পুত্ৰ। তেতিয়া অব্ৰাহামৰ দাসে সুধিলে: ‘তোমালোকৰ ঘৰত এৰাতি থাকিবলৈ ঠাই আছেনে?’ ৰিবেকাই ক’লে: ‘আমাৰ তাত ৰাতি থাকিবলৈ ঠাই আছে।’ অব্ৰাহামৰ সম্বন্ধীয় লোকসকলক লগ পোৱাৰ বাবে, দাসে মূৰ দোঁৱাই যিহোৱাক ধন্যবাদ জনালে।
সেইৰাতি অব্ৰাহামৰ দাসে বথুৱেল আৰু ৰিবেকাৰ ককায়েক, লাবনৰ আগত তেওঁ তালৈ অহাৰ কাৰণ বৰ্ণনা কৰিলে। অব্ৰাহামৰ দাসৰ লগত ৰিবেকাক পঠিয়াবলৈ আৰু ইচ্হাকৰ লগত বিয়া দিবলৈ তেওঁলোকে মান্তি হ’ল। যেতিয়া ৰিবেকাক এই কথা সোধা হয়, তেতিয়া তাই কি উত্তৰ দিছিল? তাই অব্ৰাহামৰ দাসৰ লগত যাবলৈ মান্তি হৈছিল। পাছদিনাখনেই তেওঁলোকে উটত উঠি কনান দেশলৈ যাত্ৰা আৰম্ভ কৰিলে।
প্ৰায় গধূলি সময়ছোৱাত তেওঁলোকে নিজ ঠাই পালেহি। ৰিবেকাই এজন মানুহক পথাৰত ঘূৰি ফুৰা দেখিলে। সেই মানুহজন হৈছে ইচ্হাক। ৰিবেকাক দেখি তেওঁ আনন্দিত হ’ল। ইচ্হাকৰ মাক মৰা প্ৰায় তিনিবছৰমান হৈছিল আৰু ইয়াৰ বাবে তেওঁ এতিয়াও বেজাৰ কৰিছিল। কিন্তু ৰিবেকাক ল’গ পোৱাৰ পাছত তেওঁ আৰু দুখী হৈ নাথাকিল। ইচ্হাকে ৰিবেকাক ভাল পাবলৈ ধৰিলে আৰু তেওঁৰ জীৱন সুখেৰে ভৰি পৰিল।
আদিপুস্তক ২৪:১-৬৭.