Skip to content

Skip to table of contents

কাহিনী ২২

বন্দীশালত যোচেফ

বন্দীশালত যোচেফ

মিচৰলৈ বন্দী কৰি লৈ যোৱাৰ সময়ত যোচেফৰ বয়স মাত্ৰ ১৭ বছৰ হৈছিল। পোটীফৰ নামৰ এজন ব্যক্তিৰ ওচৰত যোচেফক বেচা হ’ল। এই ব্যক্তিজনে ফৰৌণ অৰ্থাৎ মিচৰৰ ৰজাৰ অধীনত কাম কৰে।

যোচেফে পোটীফৰৰ ঘৰত কঠিন পৰিশ্ৰম কৰিবলৈ ধৰে। সেইবাবে পোটীফৰে যোচেফক নিজ ঘৰৰ অধ্যক্ষ পাতিলে। কিন্তু ছবিখনত দেখুৱাৰ দৰে যোচেফ বন্দীশালত কিয় থাকিবলগীয়া হৈছে? ইয়াৰ কাৰণ হৈছে পোটীফৰৰ পত্নী।

ডাঙৰ হোৱাৰ লগে লগে যোচেফ এক সুন্দৰ দেহৰ গৰাকী হ’ল। দেখিবলৈ সুন্দৰ হোৱাৰ বাবে পোটীফৰৰ পত্নীয়ে যোচেফৰ লগত শয়ন কৰিব বিচাৰিলে। এয়া ভুল কাম বুলি যোচেফে জানিছিল আৰু সেইবাবে তেওঁ এই বেয়া কামত জড়িত হোৱা নাছিল। ইয়াৰ বাবে পোটীফৰৰ পত্নীৰ বৰ খং উঠিল। পোটীফৰে ঘৰলৈ অহাত তাই ক’লে: ‘দুষ্ট যোচেফে মোৰ লগত শুবলৈ বিচাৰিছিল।’ পোটীফৰে নিজৰ পত্নীৰ কথা বিশ্বাস কৰিলে। খঙত তেওঁ যোচেফক বন্দীশালত ৰাখিলে।

বন্দীশালৰ অধ্যক্ষই লক্ষ্য কৰিলে যে যোচেফ এজন ভাল মানুহ হয়। সেইবাবে তেওঁ যোচেফক বন্দীশালত থকা আন কয়দীবোৰক চোৱা-চিতা কৰিবলৈ দিলে। কিবা কাৰণত ফৰৌণৰ পান-পাত্ৰ ধৰোঁতা আৰু ৰান্ধনিৰ ওপৰত তেওঁৰ খং উঠিল। ফৰৌণে তেওঁলোকক এই বন্দীশালতে ৰাখিলে। এদিন ৰাতি পান-পাত্ৰ ধৰোঁতা আৰু ৰান্ধনিয়ে একোটাকৈ বিশেষ সপোন দেখে। কিন্তু তেওঁলোকে এই সপোনবোৰৰ অৰ্থ বুজি নাপালে। দ্বিতীয়দিনা যোচেফে তেওঁলোকক ক’লে: ‘তোমালোকে সপোনত কি দেখিলা তাক মোক কোৱা।’ তেওঁলোকে সপোনৰ কথা বৰ্ণনা কৰিলে। যোচেফে ঈশ্বৰৰ সহায়ত তেওঁলোকক সপোনৰ অৰ্থ বুজাই দিলে।

পান-পাত্ৰ ধৰোঁতাজনক যোচেফে ক’লে: ‘তিনিদিনৰ ভিতৰত আপুনি বন্দীশালৰপৰা মুকলি হ’ব আৰু ফৰৌনে আপোনাক পুনৰ সেই বাবত নিযুক্ত কৰিব। কিন্তু যেতিয়া আপোনাৰ মঙ্গল হ’ব, তেতিয়া মোক সোঁৱৰিব। অনুগ্ৰহ কৰি ফৰৌণৰ আগত মোৰ কথা জনাব আৰু মোক বন্দীশালৰপৰা উলিয়াই নিয়াব।’ কিন্তু ৰান্ধনিজনক যোচেফে ক’লে: ‘তিনিদিনৰ ভিতৰত ফৰৌণে আপোনাক কাঠ এডালত আৰিব।’

যোচেফে কোৱাৰ দৰে তিনিদিনৰ ভিতৰত সকলো ঘটিল। ফৰৌণে ৰান্ধনিজনক কাঠ এডালত আৰিলে। পান-পাত্ৰ ধৰোঁতাজন বন্দীশালৰপৰা মুকলি হ’ল আৰু আগৰ দৰে ফৰৌণক পান-পাত্ৰ দিয়া কাৰ্য্যত নিযুক্ত হ’ল। কিন্তু পান-পাত্ৰ ধৰোঁতাজনে যোচেফৰ কথা পাহৰি গ’ল। ফৰৌণক তেওঁ যোচেফৰ কথা একেবাৰে নক’লে আৰু সেইবাবে যোচেফে বন্দীশালতে থাকিল।

আদিপুস্তক ৩৯:১-২৩; ৪০:১-২৩.