Skip to content

Skip to table of contents

কাহিনী ৩০

জোপোহাত জুই

জোপোহাত জুই

ভেড়াবোৰৰ বাবে ঘাঁহ বিচাৰি বিচাৰি মোচিয়ে হোৰেব পৰ্ব্বত পালেহি। তাত তেওঁ এক আচৰিত ঘটনা দেখিবলৈ পালে। জোপোহা এটাত জুই লাগিছে, কিন্তু জোপোহাটো জ্বলা নাই!

মোচিয়ে মনতে ভাবিলে, ‘ই এক আচৰিত কথা। মই ওচৰলৈ গৈ ভালকৈ চাওঁচোন।’ মোচিয়ে জোপোহাটোৰ ওচৰলৈ অহাৰ লগে লগে তাৰপৰা এক শব্দ ভাহি আহিল: ‘ইয়ালৈ চাপি নাহিবা। তোমাৰ ভৰিৰপৰা চেণ্ডেল সোলোকোৱা, কিয়নো তুমি যি ঠাইত থিয় হৈ আছা, সেই ঠাই পবিত্ৰ।’ লগে লগে মোচিয়ে চেণ্ডেল খুলিলে আৰু নিজৰ মুখ ঢাকিলে। সেইসময়ত ঈশ্বৰে এটা স্বৰ্গদূতৰ সহায়ত মোচিৰ লগত কথা পাতিছিল।

তেতিয়া ঈশ্বৰে মোচিক ক’লে: ‘মিচৰত থকা মোৰ প্ৰজাবিলাকৰ দুখলৈ মই চকু দিছোঁ। মিচৰ দেশৰপৰা তেওঁলোকক বাহিৰ কৰিবলৈ মই তোমাক পঠিয়াম।’ যিহোৱা ঈশ্বৰে ইস্ৰায়েলী লোকসকলক কনান দেশলৈ লৈ আহিব।

কিন্তু মোচিয়ে উত্তৰ দিলে: ‘এই কাম কৰিবলৈ মইনো কোন? ধৰি লওক মই আপোনৰ আজ্ঞা অনুসৰি মিচৰলৈ যাওঁ আৰু তাত যদি ইস্ৰায়েলীসকলে মোক সোধে, “কোনে তোমাক পঠিয়াইছে?” তেতিয়া মই কি উত্তৰ দিম?’

ঈশ্বৰে ক’লে: ‘ইস্ৰায়েলৰ সন্তানবিলাকক তুমি এইদৰে ক’বা, “তোমালোকৰ ওপৰ-পিতৃবিলাকৰ ঈশ্বৰ, অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবৰ ঈশ্বৰ যিহোৱাই মোক তোমালোকৰ ওচৰলৈ পঠিয়াইছে। এয়ে মোৰ চিৰকালৰ নাম।” ’

তাতে মোচিয়ে ক’লে: ‘কিন্তু তেওঁলোকে যদি মোক বিশ্বাস নকৰে আৰু মোৰ কথাও নুশুনে, তেনেহ’লেনো কি?’

ঈশ্বৰে সুধিলে: ‘তোমাৰ হাতত সেইডাল কি?’

মোচিয়ে উত্তৰ দিলে: ‘লাখুটি।’

ঈশ্বৰে ক’লে: ‘তাক মাটিত পেলোৱা।’ মোচিয়ে লাখুটিডাল মাটিত পেলোৱাৰ লগে লগে এডাল সাপ হৈ পৰিল। যিহোৱাই মোচিক আৰু এটা অদ্ভুত কাৰ্য্য দেখুৱালে। তেওঁ মোচিক ক’লে: ‘তুমি তোমাৰ হাত বুকুত দিয়া।’ মোচিয়ে নিজৰ হাতখন বুকুত দি বাহিৰলৈ উলিয়াই দেখিলে যে তেওঁৰ হাতখন হিমৰ দৰে বগা হৈ পৰিছে। হাতখন দেখিবলৈ কুষ্ঠ ৰোগৰ নিচিনা হ’ল। ইয়াৰ পাছত ঈশ্বৰে তেওঁৰ হাতখন সুস্থ কৰিলে। এইবাৰ যিহোৱাই মোচিক আৰু এক অদ্ভুত কাৰ্য্য কৰিবলৈ শক্তি দিলে। ঈশ্বৰে মোচিক ক’লে: ‘যেতিয়া তুমি এই অদ্ভুত কাৰ্য্যবোৰ কৰিবা, তেতিয়া তেওঁলোকে তোমাক বিশ্বাস কৰিব।’

ইয়াৰ পাছত মোচি ঘৰলৈ উভতিল আৰু শহুৰেক যিথ্ৰোক ক’লে: ‘মই বিনয় কৰোঁ, মিচৰত থকা মোৰ ভাইবিলাক এতিয়ালৈকে জীয়াই আছে নে নাই, তাক চাবলৈ মোক বিদায় দিয়ক।’ যিথ্ৰোৱে মোচিক যাবলৈ অনুমতি দিলে। মোচিয়ে মিচৰলৈ বুলি দীঘলীয়া যাত্ৰা আৰম্ভ কৰিলে।

যাত্ৰাপুস্তক ৩:১-২২; ৪:১-২০.