Skip to content

Skip to table of contents

ভাগ ৩

মিচৰ দেশৰপৰা বাহিৰ হোৱাৰেপৰা ইস্ৰায়েলৰ প্ৰথম ৰজালৈকে

মিচৰ দেশৰপৰা বাহিৰ হোৱাৰেপৰা ইস্ৰায়েলৰ প্ৰথম ৰজালৈকে

মোচিয়ে ইস্ৰায়েলীসকলক মিচৰৰ দাসত্বৰপৰা মুক্ত কৰি চীনয় পৰ্ব্বতলৈকে আগবঢ়াই লৈ গ’ল। ইয়াত যিহোৱা ঈশ্বৰে তেওঁলোকক নিয়ম দিলে। কনান দেশৰ বুজ-বিচাৰ ল’বলৈ মোচিয়ে ১২জন চোৰাংচোৱাক পঠিয়ালে। কিন্তু ১০জন চোৰাংচোৱাই ভাল খবৰ অনা নাছিল। তেওঁলোকৰ খবৰ শুনি লোকসকলে মিচৰ দেশলৈ উভতি যাবলৈ বিচাৰিলে। ইস্ৰায়েলীসকলৰ অল্প বিশ্বাসৰ বাবে ঈশ্বৰে তেওঁলোকক শাস্তি দিলে আৰু ইয়াৰ পৰিণামস্বৰূপে তেওঁলোকে ৪০ বছৰ অৰণ্যত অনাই-বনাই ঘূৰি ফুৰিল।

ইস্ৰায়েলীসকলক কনান দেশলৈ লৈ যাবলৈ যিহোচূৱাক নিৰ্ব্বাচন কৰা হ’ল। ইস্ৰায়েলীসকলে কনান দেশখন অধিকাৰ কৰিবলৈ যিহোৱাই বহুতো আচৰিত কাৰ্য্য কৰিলে। তেওঁ যৰ্দ্দন নদীৰ সোঁত ৰখালে, যিৰীহো নগৰৰ গড় ভঙাত সহায় কৰিলে আৰু গোটেই দিন ধৰি সূৰ্য্য একে ঠাইতে স্থিৰ কৰি ৰাখিলে। ছবছৰৰ পাছত কনান দেশখন ইস্ৰায়েলীসকলে দখল কৰিলে।

ইস্ৰায়েলীসকলক ৩৫৬ বছৰ ধৰি বিচাৰকসকলে শাসন কৰিছিল। প্ৰথম বিচাৰকজন হৈছে যিহোচূৱা। বাৰাক, গিদিয়োন, যিপ্তহ, চিম্‌চোন আৰু চমূৱেল আদি বিচাৰকসকলৰ বিষয়ে আমি শিকিম। ৰাহাব, দবোৰা, যায়েল, ৰূথ, নয়মী আৰু দলীলা আদি তিৰোতাসকলৰ বিষয়েও আমি শিকিবলৈ পাম। তৃতীয় ভাগত ইস্ৰায়েলীসকলৰ ৩৯৬ বছৰৰ ইতিহাস বৰ্ণনা আছে।

 

IN THIS SECTION

কাহিনী ৩৪

বেলেগ ধৰণৰ আহাৰ

আকাশৰপৰা এক বিশেষ ধৰণৰ আহাৰ পৰিছিল।

কাহিনী ৩৫

যিহোৱাই দিয়া নিয়ম

দহোটা আজ্ঞাতকৈ কোন দুটা আজ্ঞা মহান?

কাহিনী ৩৬

এটা সোণৰ দামুৰি

লোকসকলে কিয় কাণত পৰিধান কৰা সোণৰ কুণ্ডলবোৰ গলাই উপাসনা কৰিবলৈ এজন দেৱতা নিৰ্ম্মাণ কৰিছিল?

কাহিনী ৩৭

উপাসনাৰ বাবে এক স্থান

ইয়াৰ ভিতৰৰ কোঠালিত নিয়ম-চন্দুক ৰখা হৈছিল।

কাহিনী ৩৮

বাৰজন চোৰাংচোৱা

দুজন চোৰাংচোৱাই যি কৈছিল, দহজন চোৰাংচোৱাই তাৰ বিপৰীতে কৈছিল। ইস্ৰায়েলীসকলে কাৰ ওপৰত বিশ্বাস কৰিছিল?

কাহিনী ৩৯

হাৰোণৰ লাখুটিত ফুল

ৰাতিৰ ভিতৰতে শুকান লাখুটিডালত কেনেকৈ ফুল আৰু ফল লাগিল?

কাহিনী ৪০

লাখুটিৰে শিলত কোবোৱা

মোচিয়ে উত্তৰ পালে, কিন্তু তেওঁ যিহোৱা ঈশ্বৰকো ক্ৰোধিত কৰি তুলিছিল।

কাহিনী ৪১

পিতলৰ সাপ

যিহোৱা ঈশ্বৰে ইস্ৰায়েলীসকলক খোঁটিবলৈ কিয় বিষাক্ত সাপ পঠিয়াইছিল?

কাহিনী ৪২

কথা কোৱা গাধ

বিলিয়মৰ গাধই কিবা দেখিছিল, যিটো বিলিয়মে দেখা পোৱা নাছিল।

কাহিনী ৪৩

নতুন নায়ক যিহোচূৱা

মোচি শাৰীৰিকভাৱে সুস্থ আছিল, কিন্তু তেওঁ নিজৰ দায়িত্ব কিয় যিহোচূৱাক দিছিল?

কাহিনী ৪৪

ৰাহাব আৰু দুজন চোৰাংচোৱা

ৰাহাবে কিদৰে দুজন মানুহক সহায় কৰিছিল আৰু তেওঁলোকৰপৰা তাই কি অনুগ্ৰহ বিচাৰিছিল?

কাহিনী ৪৫

যৰ্দ্দন নদী পাৰ কৰা

পুৰোহিতসকলে পানীত খোজ দিয়াৰ লগে লগে এক আচৰিত ঘটনা ঘটিছিল।

কাহিনী ৪৬

যিৰীহো নগৰৰ গড়

গড়টোৰ সেই অংশক ধ্বংস হোৱাৰপৰা এডাল ৰছীয়ে কেনেকৈ ৰক্ষা কৰিলে?

কাহিনী ৪৭

ইস্ৰায়েলৰ মাজত এজন চোৰ

এজন দুষ্ট ব্যক্তিয়ে ইস্ৰায়েল জাতিৰ ওপৰত বিপদ আনিব পাৰেনে?

কাহিনী ৪৮

গিবিয়োনীয়াবিলাকৰ বুদ্ধি

তেওঁলোকে চতুৰতাৰে যিহোচূৱা আৰু ইস্ৰায়েলীসকলক প্ৰতিজ্ঞা কৰালে, কিন্তু ইস্ৰায়েলীসকলে তেওঁলোকক কৰা প্ৰতিজ্ঞা নাভাঙিলে।

কাহিনী ৪৯

সূৰ্য্য স্থিৰ হোৱা

যিহোৱা ঈশ্বৰে যিহোচূৱাৰ বাবে এনে এক কাৰ্য্য কৰিলে যি আগতেও কৰা নাছিল আৰু এতিয়ালৈকেও কৰা নাই।

কাহিনী ৫০

দুগৰাকী সাহসী তিৰোতা

বাৰাকে যুদ্ধত ইস্ৰায়েলী সৈন্যৰ নেতৃত্ব দিছিল, কিন্তু তাৰ প্ৰশংসা যায়েলে কিয় পালে?

কাহিনী ৫১

ৰূথ আৰু নয়মী

ৰূথে নিজৰ জন্মস্থান ত্যাগ কৰি নয়মীৰ লগত থাকি যিহোৱা ঈশ্বৰক সেৱা কৰিছিল।

কাহিনী ৫২

গিদিয়োন আৰু তেওঁৰ ৩০০ সৈনিক

যিহোৱা ঈশ্বৰে এক আচৰিত ধৰণে পানী খাবলৈ দিয়া পৰীক্ষাৰ যোগেদি কম সংখ্যক সৈনিকক নিৰ্ব্বাচন কৰিছিল।

কাহিনী ৫৩

যিপ্তহৰ প্ৰতিশ্ৰুতি

যিহোৱালৈ কৰা তেওঁৰ প্ৰতিজ্ঞা কেৱল তেওঁকে প্ৰভাৱিত কৰিছিল এনে নহয়, এই প্ৰতিজ্ঞা পূৰ কৰাত তেওঁৰ জীয়েকো জড়িত আছিল।

কাহিনী ৫৪

এজন বলৱান পুৰুষ

চিম্‌চোনৰ শক্তিৰ ৰহস্যৰ বিষয়ে দলীলাই কেনেকৈ জানিব পাৰিলে?

কাহিনী ৫৫

এটা সৰু ল’ৰাৰ সেৱা

মহাপুৰোহিত এলীক এক দুখজনক বাৰ্তা জনাবলৈ ঈশ্বৰে চমূৱেলক ব্যৱহাৰ কৰিছিল।