কাহিনী ৩৪
বেলেগ ধৰণৰ আহাৰ
মানুহবিলাকে মাটিৰপৰা কি বুটলিছে তুমি ক’ব পাৰিবানে? সেইবোৰ সৰু সৰু বৰফৰ টুকুৰা যেন লাগিছে। ইয়াৰ ৰঙটো বগা। কিন্তু এইবোৰ বৰফৰ টুকুৰা নহয়, ই কিবা খোৱা বস্তুহে।
ইস্ৰায়েলীসকলে মিচৰ দেশ ত্যাগ কৰা প্ৰায় এমাহেই হ’ল। তেওঁলোক এতিয়া অৰণ্যত আছে। খাদ্যৰ অভাৱ হোৱাত লোকসকলে অভিযোগ কৰিবলৈ ধৰিলে। তেওঁলোকে ক’বলৈ ধৰিলে: ‘মিচৰ দেশতে যিহোৱাই আমাক মৰা হ’লে ভাল আছিল। তাতটো আহাৰৰ কোনো সমস্যা নাছিল। অন্ততঃ আমাৰ পছন্দ অনুসৰি আহাৰ খাবলৈ পাইছিলো।’
তেতিয়া যিহোৱাই ক’লে: ‘চোৱা, মই তোমালোকলৈ আকাশৰপৰা খাদ্য বৰষাম।’ আৰু ইয়াকে যিহোৱাই কৰিলে। দ্বিতীয়দিনা ৰাতিপুৱা ইস্ৰায়েলীসকলে বগা ৰঙৰ কিবা মাটিত পৰি থকা দেখিলে। তেওঁলোকে এজনে-আনজনক কোৱা-কুই কৰিলে: ‘এয়া কি?’
মোচিয়ে ইস্ৰায়েলীসকলক ক’লে: ‘এয়া হৈছে যিহোৱাই তোমালোকক খাবলৈ দিয়া আহাৰ।’ লোকসকলে ইয়াৰ নাম মান্না ৰাখিলে। ইয়াৰ সোৱাদ মৌজোল মিহলোৱা পিঠাৰ নিচিনা আছিল।
মোচিয়ে লোকসকলক আৰু ক’লে: ‘তোমালোক প্ৰতিজনে নিজে খাব পৰা শক্তি অনুসাৰে তাক গোটোৱা।’ প্ৰতিদিন ৰাতিপুৱাই লোকসকলে ঈশ্বৰৰ আজ্ঞা অনুসৰি মান্না গোটালে। কিন্তু ৰ’দ পৰাৰ লগে লগে বাকী থকা মান্নাবোৰ গলি যায়।
মোচিয়ে তেওঁলোকক এই আজ্ঞাও দিলে: ‘কোনেও দ্বিতীয়দিনৰ বাবে জমা কৰি নাৰাখক।’ কিন্তু কিছুমান লোকে মোচিৰ এই কথালৈ কাণ নিদিলে আৰু মান্না জমা কৰি ৰাখিলে। জমা কৰি ৰখা মান্নাবোৰ কি হ’ল তোমালোকে জানানে? মোচিৰ কথা নুশুনি দ্বিতীয়দিনৰ বাবে জমা কৰি ৰখা মান্নাবোৰত পোক লাগিল আৰু সেইবোৰ দুৰ্গন্ধময় হ’ল।
সপ্তাহৰ এটা দিনত কিন্তু মান্না বেছিকৈ জমা কৰি ৰাখিবলৈ যিহোৱাই আজ্ঞা দিলে আৰু সেইদিনটো হৈছে সপ্তাহৰ ষষ্ঠম দিন। ঈশ্বৰে এই আজ্ঞা দিয়াৰ কাৰণ হৈছে যে তেওঁ সপ্তম দিনাখন আকাশৰপৰা কোনো মান্না নেপেলায়। যেতিয়া ইস্ৰায়েলী লোকসকলে মোচিৰ আজ্ঞাৰ দৰে কৰিলে, তেতিয়া তেওঁলোকৰ মান্না সপ্তম দিনাখনো দুৰ্গন্ধময় নহ’ল আৰু পোকেও নাখালে। এয়া এক আচৰিত কাৰ্য্য নহয়নে?
ইস্ৰায়েলীসকলে যিমান বছৰ অৰণ্যত আছিল, সেই সকলো সময়ছোৱাত যিহোৱাই তেওঁলোকক মান্না খাবলৈ দিছিল।
যাত্ৰাপুস্তক ১৬:১-৩৬; গণনা পুস্তক ১১:৭-৯; যিহোচূৱা ৫:১০-১২.