Skip to content

Skip to table of contents

কাহিনী ৩৯

হাৰোণৰ লাখুটিত ফুল

হাৰোণৰ লাখুটিত ফুল

লাখুটিডালত কেনেকৈ ফুল আৰু বাদাম লাগিছে দেখিছানে! এই লাখুটিডাল হৈছে হাৰোণৰ। ৰাতিৰ ভিতৰতে ইয়াত ফুল আৰু বাদাম লাগিল। লাখুটিডালত ফুল আৰু বাদাম কিয় লাগিল বাৰু? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

কিছুসময়ৰপৰা ইস্ৰায়েলী লোকসকলে অৰণ্যত অনাই-বনাই ঘূৰি ফুৰিছে। মোচিয়ে তেওঁলোকৰ দলপতি হোৱা বা হাৰোণে মহাপুৰোহিত হোৱাটো কিছুমান লোকে ভাল পোৱা নাই। ইয়াৰে কেইজনমান হৈছে কোৰহ, দাথন, অবীৰাম আৰু ২৫০জন অধ্যক্ষ। এই লোকসকলে মোচিক ক’লে: ‘তুমি কিয় যিহোৱাৰ সমাজৰ ওপৰত নিজকে ওখ কৰিছা?’

কোৰহ আৰু তেওঁক অনুকৰণ কৰা লোকসকলক মোচিয়ে ক’লে: ‘তোমালোকে আঙঠাধৰাত জুই দি, কাইলৈ যিহোৱাৰ আগত তাৰ ওপৰত ধূপ দিবা। তোমোলোকে যিহোৱাৰ আবাসৰ সন্মুখত আহিবা। যিহোৱাই কাক মনোনীত কৰিব তাক আমি চাবলৈ পাম।’

পাছদিনাখন কোৰহ আৰু তেওঁক অনুকৰণ কৰা ২৫০জন লোকে আবাসৰ সন্মুখত উপস্থিত হ’ল। এই দলত আন আন বহুতোলোকেও যোগ দিলে। ইয়াক দেখি যিহোৱা ঈশ্বৰৰ বৰ খং উঠিল। মোচিয়ে লোকসকলক উদ্দেশ্য কৰি ক’লে: ‘তোমালোকে এই দুষ্ট মানুহবোৰৰ তম্বুৰ ওচৰৰপৰা আঁতৰি যোৱা আৰু ইহঁতৰ একো বস্তু নুচুবা।’ মোচিৰ কথা শুনি লোকসকলে কোৰহ, দাথন আৰু অবীৰামৰ তম্বুৰ ওচৰৰপৰা আঁতৰি গ’ল।

ইয়াৰ পাছত মোচিয়ে ক’লে: ‘ইয়াৰ দ্বাৰা তোমালোকে জানিব পাৰিবা যে যিহোৱা ঈশ্বৰৰ মনোনীত লোক কোন হয়। পৃথিৱীয়ে মুখ মেলি ইহঁতৰ সকলোকে গ্ৰাস কৰিব।’

মোচিৰ বাক্য শেষ হোৱাৰ লগে লগে পৃথিৱীয়ে ফাট মেলিলে। কোৰহৰ সকলো বস্তুৰ লগতে দাথন, অবীৰাম আৰু তেওঁলোকৰ লগত থকা লোকসকল ইয়াত পৰিল আৰু মাটিৰ ফাট বন্ধ হ’ল। মাটিত পোত যোৱাৰ সময়ত কৰা তেওঁলোকৰ চিৎকাৰ শুনি লোকসকলে ক’বলৈ ধৰিলে: ‘ইয়াৰপৰা পলোৱা, কিয়নো পৃথিৱীয়ে কিজানি আমাকো গ্ৰাস কৰিব।’

কোৰহ আৰু ২৫০জন লোক এতিয়াও আবাসৰ ওচৰত আছে। তেওঁলোকক যিহোৱাই আকাশৰপৰা অগ্নি পেলাই গ্ৰাস কৰিলে। ইয়াৰ পাছত যিহোৱাই হাৰোণৰ পুত্ৰ ইলিয়াজৰক মৃত লোকসকলৰপৰা আঙঠাধৰাবোৰ লৈ, যজ্ঞবেদী ঢাকিবৰ বাবে এখন পতা বনাবলৈ ক’লে। যজ্ঞবেদী ঢাকি ধৰা এই পতাখনে ইস্ৰায়েলী লোকসকলৰ বাবে এক সতৰ্কবাণী হ’ব যে হাৰোণ আৰু তেওঁৰ পুত্ৰবিলাকৰ বাহিৰে আন কোনেও যিহোৱাৰ পুৰোহিত হ’ব নোৱাৰে।

যিহোৱাই এইটো স্পষ্ট কৰিব বিচাৰিলে যে পুৰোহিতৰ কাৰ্য্যৰ বাবে তেওঁ কেৱল হাৰোণ আৰু তেওঁৰ পুত্ৰবিলাককহে নিৰ্ব্বাচন কৰিছে। সেইবাবে তেওঁ মোচিক ক’লে: ‘ইস্ৰায়েলৰ সকলো গোত্ৰৰ অধ্যক্ষবিলাকে এডাল এডাল লাখুটি আনক। লেবী গোত্ৰৰ বাবে হাৰোণে তেওঁৰ লাখুটিডাল আনক। এই লাখুটিকেইডাল নিয়ম-চন্দুকৰ আগত থ’বা। মই মনোনীত কৰা পুৰোহিতৰ লাখুটিডালত ফুলৰ কলি থাকিব।’

দ্বিতীয়দিনা ৰাতিপুৱা যেতিয়া মোচিয়ে লাখুটিবোৰ পৰীক্ষা কৰিলে, তেতিয়া তেওঁ হাৰোণৰ লাখুটিডালত ফুল আৰু বাদাম লাগি থকা দেখিবলৈ পালে। এতিয়া তুমি বুজি পাইছানে যে যিহোৱাই কিয় হাৰোণৰ লাখুটিডালত ফুল গজালে?

গণনা পুস্তক ১৬:১-৪৯; ১৭:১-১১; ২৬:১০.