Skip to content

Skip to table of contents

কাহিনী ৪৩

নতুন নায়ক যিহোচূৱা

নতুন নায়ক যিহোচূৱা

ইস্ৰায়েলী লোকসকলৰ লগত মোচিয়ে কনান দেশত প্ৰৱেশ কৰিবলৈ ইচ্ছা কৰিলে। সেইবাবে তেওঁ ঈশ্বৰক ক’লে: ‘হে যিহোৱা, বিনয় কৰোঁ, যৰ্দ্দন নদী পাৰ কৰি মোক সেই উত্তম দেশ চাবলৈ দিয়ক।’ কিন্তু যিহোৱাই উত্তৰ দিলে: ‘তোমাৰ পক্ষে এয়ে যথেষ্ট, এই বিষয়ে আৰু মোক কথা নক’বা।’ যিহোৱাই মোচিক কিয় কনান দেশত প্ৰৱেশ কৰিবলৈ নিদিলে তোমালোকে জানানে?

নিজৰ লাখুটিডালেৰে মোচিয়ে শিলটোত কোবোৱাৰ বিষয়টো তোমালোকৰ নিশ্চয় মনত আছে। সেইসময়ত মোচি আৰু হাৰোণে যিহোৱাক প্ৰশংসা কৰা নাছিল। প্ৰকৃততে শিলৰপৰা পানী যিহোৱা ঈশ্বৰেহে উলিয়াইছিল আৰু এই কথাষাৰ তেওঁলোকে লোকসকলক জনোৱা নাছিল। সেইবাবে যিহোৱাই তেওঁলোকক কনান দেশত প্ৰৱেশ কৰিবলৈ সুযোগ নিদিলে।

হাৰোণৰ মৃত্যুৰ কেইমাহমানৰ পাছত যিহোৱাই মোচিক ক’লে: ‘পুৰোহিত ইলিয়াজৰ আৰু গোটেই মণ্ডলীৰ আগত যিহোচূৱাক উপস্থিত কৰা। লোকসকলৰ আগত এই কথা ঘোষণা কৰা যে যিহোচূৱা হৈছে তেওঁলোকৰ নতুন নায়ক।’ যিহোৱাৰ আজ্ঞা অনুসৰি মোচিয়ে সকলো কৰিলে আৰু ইয়াৰ বিষয়ে ছবিখনত দেখুৱা হৈছে।

যিহোৱা ঈশ্বৰে যিহোচূৱাক ক’লে: ‘তুমি বলৱান আৰু সাহিয়াল হোৱা। কিয়নো, মই ইস্ৰায়েলীসকলক যি দেশ দিম বুলি শপত খাইছিলো, সেই দেশলৈ তুমিহে তেওঁলোকক লৈ যাবা আৰু মই তোমাৰ সংগী হ’ম।’

ইয়াৰ পাছত যিহোৱা ঈশ্বৰে মোচিক মোৱাব দেশত থকা নবো পৰ্ব্বতৰ ওপৰত যাবলৈ ক’লে। তাৰপৰা মোচিয়ে যৰ্দ্দনৰ সিপাৰে থকা সুন্দৰ কনান দেশ দেখা পাব। যিহোৱাই তেওঁক ক’লে: ‘যি দেশ মই অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবৰ সন্তানবিলাকক দিম বুলি শপত খাইছিলো, এইখনেই হৈছে সেই দেশ। মই ইয়াক তোমাক দেখুৱালো, কিন্তু তুমি তালৈ যাব নোৱাৰিবা।’

নবো পৰ্ব্বতত মোচিৰ মৃত্যু হয় আৰু সেইসময়ত তেওঁৰ বয়স ১২০ বছৰ আছিল। মৃত্যুৰ সময়ত মোচি শাৰীৰিকভাৱে সুস্থ আছিল আৰু চকুৰেও ভালদৰে দেখা পাইছিল। মোচিৰ মৃত্যুত লোকসকলে বৰ দুখ কৰিলে। কিন্তু যিহোচূৱাক নতুন নায়ক হিচাপে পাই তেওঁলোক আনন্দিত হ’ল।

গণনা পুস্তক ২৭:১২-২৩; দ্বিতীয় বিবৰণ ৩:২৩-২৯; ৩১:১-৮, ১৪-২৩; ৩২:৪৫-৫২; ৩৪:১-১২.