Skip to content

Skip to table of contents

কাহিনী ৪৪

ৰাহাব আৰু দুজন চোৰাংচোৱা

ৰাহাব আৰু দুজন চোৰাংচোৱা

মানুহকেইজন বৰ বিপদত পৰিল। তেওঁলোকে পলাই যোৱা উচিত, নহ’লে তেওঁলোকৰ মৃত্যু হ’ব। এই মানুহকেইজন হৈছে ইস্ৰায়েলী চোৰাংচোৱা আৰু তিৰোতাগৰাকী হৈছে ৰাহাব। ৰাহাবৰ ঘৰটো পিছে যিৰীহো নগৰৰ গড়ৰ ওপৰত। এই চোৰাংচোৱাকেইজনৰ জীৱন কিয় সংকটত পৰিল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

ইস্ৰায়েলীসকলে যৰ্দ্দন নদী পাৰ হৈ কনান দেশত প্ৰৱেশ কৰিবলৈ সাজু হৈছে। কিন্তু প্ৰৱেশ কৰাৰ আগতে যিহোচূৱাই দুজন চোৰাংচোৱাক সেই দেশৰ খা-খবৰ ল’বলৈ পঠিয়ালে। যিহোচূৱাই তেওঁলোকক ক’লে: ‘তোমালোকে যোৱা। সেই দেশখন আৰু বিশেষকৈ যিৰীহো নগৰ চাই আহাঁগৈ।’

যিৰীহো নগৰত আহি চোৰাংচোৱাকেইজনে ৰাহাবৰ ঘৰত সোমাল। কিন্তু ইয়াৰ বিষয়ে যিৰীহোৰ ৰজাক কোনোবাই খবৰ দিলে: ‘দেশৰ বুজ-বিচাৰ ল’বলৈ ইস্ৰায়েলৰ সন্তানবিলাকৰ দুজন মানুহ এই ঠাইলৈ আহিছে।’ এই কথা শুনি ৰজাই কেইজনমান লোকক ৰাহাবৰ ঘৰলৈ পঠিয়ালে। সেই লোকসকলে ৰাহাবৰ ঘৰলৈ আহি তাইক ক’লে: ‘তোৰ ঘৰত সোমোৱা মানুহকেইটাক বাহিৰ কৰি আন।’ কিন্তু ৰাহাবে চোৰাংচোৱাকেইজনক ঘৰৰ ছাদৰ ওপৰত লুকুৱাই ৰাখিছিল। ৰাহাবে ৰজাই পঠোৱা লোককেইজনক ক’লে: ‘সঁচাকৈ, মানুহকেইজন মোৰ ঘৰলৈ আহিছিল। কিন্তু সিহঁত ক’ৰ মানুহ, তাক মই নাজানো। আন্ধাৰ হোৱাৰ লগে লগে আৰু নগৰৰ দুৱাৰ বন্ধ হোৱাৰ আগতে সেই মানুহকেইজন ওলাই গ’ল। যদি তোমালোকে বেগাই সিহঁতৰ পিছে পিছে খেদি যোৱা, তেনেহ’লে সিহঁতক ধৰিব পাৰিবা।’ ৰাহাবৰ কথা অনুসৰি সেই লোকসকলে চোৰাংচোৱাকেইজনক ধৰিবলৈ খৰ-খেদা কৰিলে।

ৰজাৰ লোকসকল যোৱাৰ পাছত ৰাহাবে লুকাই থকা চোৰাংচোৱাকেইজনৰ ওচৰলৈ গৈ ক’লে: ‘যিহোৱাই তোমালোকক যে এই দেশ দিব, তাক মই জানো। তোমালোকে মিচৰৰপৰা ওলাই অহাৰ সময়ত, যিহোৱাই কেনেকৈ চূফ সাগৰৰ পানী শুকুৱাইছিল আৰু চীহোন আৰু ওগ নামৰ দুজন ৰজাক তোমালোকে কেনেকৈ বধ কৰিছিলা, তাক আমি জানো। গতিকে প্ৰতিজ্ঞা কৰা যে মই তোমালোকক যেনেকৈ দয়া দেখুৱালো, তোমালোকেও মোক দয়া দেখুৱাবা। অনুগ্ৰহ কৰি মোৰ পিতৃ-মাতৃ আৰু ভাই-ভনীবিলাকক জীয়াই ৰাখিবা।’

চোৰাংচোৱাকেইজনে ৰাহাবক কথা দিলে। কিন্তু ৰাহাবেও কিবা কৰাৰ প্ৰয়োজন আছিল। চোৰাংচোৱাকেইজনে তাইক ক’লে: ‘সেন্দুৰ বৰণীয়া এই ৰছীডাল খিৰিকীত বান্ধি ৰাখিবা আৰু তোমাৰ পিতৃবংশৰ সকলোকে নিজৰ ঘৰত গোটাই ৰাখিবা। এই দেশ অধিকাৰ কৰাৰ সময়ত, খিৰিকীত ৰছীডাল দেখি আমি তোমাৰ ঘৰৰ কাকো বধ নকৰিম।’ চোৰাংচোৱাকেইজনে উভতি গৈ যিহোচূৱাৰ আগত সকলো কথা বৰ্ণনা কৰিলে।

যিহোচূৱা ২:১-২৪; ইব্ৰী ১১:৩১.