Skip to content

Skip to table of contents

কাহিনী ৪৯

সূৰ্য্য স্থিৰ হোৱা

সূৰ্য্য স্থিৰ হোৱা

ছবিখনত যিহোচূৱালৈ লক্ষ্য কৰাচোন। তেওঁ আকাশলৈ উদ্দেশ্য কৰি কৈছে: ‘হে সূৰ্য্য, ৰৈ থাকা।’ আৰু আচৰিতভাৱে যিহোচূৱাই কোৱাৰ দৰে গোটেই দিনটো সূৰ্য্য একে ঠাইতে স্থিৰ হৈ থাকিল। প্ৰকৃততে এই আচৰিত কাৰ্য্য যিহোৱা ঈশ্বৰে কৰিছিল। কিন্তু যিহোচূৱাই সূৰ্য্য একে ঠাইতে স্থিৰ হোৱাটো কিয় বিচাৰিছিল? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

কনান দেশৰ পাঁচজন দুষ্ট ৰজাই গিবিয়োনীয়াবিলাকৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। তেতিয়া গিবিয়োনীয়াবিলাকে যিহোচূৱালৈ সহায় বিচাৰি এজন মানুহ পঠিয়ালে। সেই মানুহজনে যিহোচূৱাক ক’লে: ‘আমাৰ ওচৰলৈ বেগাই আহক আৰু আমাক ৰক্ষা কৰক। কিয়নো পৰ্ব্বতত বাস কৰা আটাই ৰজাবোৰে আমাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গোট খাইছে।’

ইয়াকে শুনি যিহোচূৱা আৰু তেওঁৰ যুঁজাৰুবিলাকে লগে লগে গিবিয়োনীয়াবিলাকক সহায় কৰিবলৈ ওলাল। গোটেই ৰাতি যাত্ৰা কৰি তেওঁলোকে গিবিয়োন নগৰ পালেহি। যিহোচূৱা আৰু তেওঁৰ যুঁজাৰুবিলাকক দেখি শত্ৰু সৈন্যই ভয়ত পলাবলৈ ধৰিলে। পলাবলৈ ধৰা সৈন্যবিলাকৰ ওপৰত যিহোৱাই আকাশৰপৰা শিলাবৃষ্টি কৰিলে। শিলাবৃষ্টিৰ ফলত বহুতো সৈন্যৰ মৃত্যু হয়। এই যুদ্ধত যিহোচূৱাৰ যুঁজাৰুবিলাকে বধ কৰা সৈন্যৰ সংখ্যাতকৈ শিলাবৃষ্টিৰ ফলত মৃত্যু হোৱা সৈন্যৰ সংখ্যা বেছি আছিল।

যিহোচূৱাই লক্ষ্য কৰিলে যে অতি সোনকালে সূৰ্য্য অস্ত যাব আৰু আন্ধাৰ হোৱাৰ বাবে পাঁচজন দুষ্ট ৰজাৰ সৈন্যবিলাকে পলাই সাৰিব। সেইবাবে যিহোচূৱাই যিহোৱালৈ প্ৰাৰ্থনা কৰিলে আৰু ক’লে: ‘হে সূৰ্য্য, ৰৈ থাকা।’ সূৰ্য্য ৰৈ যোৱাৰ ফলত ইস্ৰায়েলীসকলে এই যুদ্ধত জয়ী হ’বলৈ সক্ষম হয়।

কনান দেশত আন বহুতো দুষ্ট ৰজা আছিল আৰু এই ৰজাবিলাকে ঈশ্বৰৰ লোকসকলক ঘৃণা কৰিছিল। যিহোচূৱা আৰু তেওঁৰ সৈন্যবিলাকে প্ৰায় ছবছৰ সময়ছোৱাত ৩১জন ৰজাক পৰাজয় কৰিছিল। এই সকলোৰে অন্তত যিহোচূৱাই ইস্ৰায়েলৰ গোত্ৰবোৰৰ মাজত কনান দেশৰ ঠাইবোৰ ভগাই দিলে।

চাওঁতে চাওঁতে বহুবছৰ পাৰ হ’ল আৰু যিহোচূৱাৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স ১১০ বছৰ আছিল। যেতিয়ালৈকে যিহোচূৱা আৰু তেওঁৰ বন্ধুবিলাক জীয়াই আছিল, তেতিয়ালৈকে ইস্ৰায়েলী লোকসকলে যিহোৱাৰ আজ্ঞা পালন কৰিছিল। কিন্তু এই লোকসকলৰ মৃত্যুৰ পাছত, ইস্ৰায়েলীসকলে বেয়া কাম কৰিবলৈ ধৰিলে আৰু পৰিণামস্বৰূপে তেওঁলোক বিপদত পৰিল। এই সময়ছোৱাত তেওঁলোকক ঈশ্বৰৰ সহায়ৰ প্ৰয়োজন হ’ল।

যিহোচূৱা ১০:৬-১৫; ১২:৭-২৪; ১৪:১-৫; বিচাৰকৰ্ত্তাবিলাক ২:৮-১৩.