Skip to content

Skip to table of contents

কাহিনী ৫১

ৰূথ আৰু নয়মী

ৰূথ আৰু নয়মী

বাইবেলত ৰূথ নামৰ এখন কিতাপ আছে। এই কিতাপখনত এটা পৰিয়ালৰ কাহিনী আছে আৰু এই কাহিনীটো ইস্ৰায়েলীসকলক ন্যায় কৰা বিচাৰকসকলৰ সময়ৰ হয়। ৰূথ হৈছে মোৱাব দেশৰ এগৰাকী তিৰোতা আৰু তাই ইস্ৰায়েলী বংশৰ নহয়। কিন্তু যেতিয়া ৰূথে সত্য ঈশ্বৰৰ বিষয়ে শিকিলে, তাই যিহোৱাৰ গুণবোৰৰ প্ৰতি আকৰ্ষিত হ’ল। নয়মী হৈছে এগৰাকী বয়সীয়া তিৰোতা আৰু তাই ৰূথক যিহোৱাৰ বিষয়ে শিকিবলৈ সহায় কৰে।

নয়মী হৈছে ইস্ৰায়েলী বংশৰ। ইস্ৰায়েল দেশত আকাল হোৱাৰ বাবে স্বামী আৰু দুজন পুত্ৰৰ সৈতে তাই মোৱাব দেশলৈ আহিছিল। এই দেশতে তাইৰ স্বামীৰ মৃত্যু হয়। পাছলৈ নয়মীৰ দুজন পুত্ৰই, মোৱাবৰ দুজনী ছোৱালীক বিয়া কৰিলে আৰু বোৱাৰী দুজনীৰ নাম হৈছে ৰূথ আৰু অৰ্পা। প্ৰায় ১০ বছৰমানৰ পাছত নয়মীৰ দুজন পুত্ৰৰো মৃত্যু হয়। ইয়াৰ বাবে নয়মী আৰু বোৱাৰীকেইজনীক নিশ্চয় বেজাৰ লাগিছিল। এতিয়া নয়মীয়ে কি কৰিব?

নয়মীয়ে নিজৰ লোকসকলৰ ওচৰলৈ ঘূৰি যাবলৈ থিৰাং কৰিলে। ৰূথ আৰু অৰ্পাও তাইৰ লগত যাবলৈ ওলাল। কিন্তু কিছুসময় যাত্ৰা কৰাৰ পাছত, নয়মীয়ে বোৱাৰীকেইজনীক ক’লে: ‘তোমালোকে নিজ নিজ মাৰাৰ ঘৰলৈ উভতি যোৱা।’

নয়মীয়ে বোৱাৰীকেইজনীক বিদায় দিবলৈ চুমা খালে। ইয়াকে দেখি বোৱাৰীকেইজনীয়ে কান্দিবলৈ ধৰিলে, কিয়নো তেওঁলোকে নয়মীক বৰ ভাল পায়। তেওঁলোকে নয়মীক ক’লে: ‘নহয়, আমি আপোনাৰ লগতে আপোনাৰ লোকসকলৰ ওচৰলৈ যাম।’ কিন্তু নয়মীয়ে উত্তৰ দিলে: ‘হে মোৰ আইটীহঁত, উভতি যোৱা। সেয়াই তোমালোকৰ বাবে ভাল হ’ব।’ নয়মীৰ কথা শুনি অৰ্পাই নিজৰ ঘৰলৈ উভতি গ’ল। কিন্তু ৰূথ হ’লে নয়মীৰ লগতে থাকিল।

ৰূথক উদ্দেশ্য কৰি নয়মীয়ে ক’লে: ‘অৰ্পাই উভতি গ’ল। তুমিও তাইৰ লগত উভতি যোৱা।’ ৰূথে উত্তৰ দিলে: ‘আপোনাক এৰি মোক উভতি যাবলৈ নক’ব। কিয়নো আপুনি য’লৈকে যায়, ময়ো তালৈকে যাম আৰু আপুনি য’ত থাকিব, ময়ো তাতে থাকিম। আপোনাৰ লোকেই মোৰ লোক হ’ব আৰু আপোনাৰ ঈশ্বৰেই মোৰ ঈশ্বৰ হ’ব। আপুনি যি ঠাইত মৰিব, ময়ো সেই ঠাইত মৰিম আৰু তাতেই মোৰ মৈদামো হ’ব।’ ৰূথৰ কথা শুনি নয়মীয়ে তাইক ঘৰলৈ উভতি যাবলৈ আৰু নক’লে।

অৱশেষত তেওঁলোকে ইস্ৰায়েল দেশ পালেহি আৰু ইয়াতে তেওঁলোকে থাকিবলৈ ল’লে। সেইসময় ধান দোৱাৰ সময় আছিল আৰু ৰূথে পথাৰত কাম কৰিবলৈ আৰম্ভ কৰিলে। বোৱজ নামৰ এজন ব্যক্তিয়ে তাইক নিজৰ পথাৰত ধান বুটলিবলৈ অনুমতি দিয়ে। বোৱজ কোন হয় তোমালোকে জানানে? বোৱজ হৈছে ৰাহাবৰ পুত্ৰ।

এদিনাখন বোৱজে ৰূথক ক’লে: ‘তোমাৰ স্বামীৰ মৃত্যুৰ পাছত তুমি শাহুৱেৰা নয়মীলৈ যেনে ব্যৱহাৰ কৰি আছা আৰু নিজ পিতৃ-মাতৃ আৰু জন্মভূমি এৰি তুমি অচিন লোকসকলৰ গুৰিলৈ আহিছা, এই সকলো কথা মই শুনিবলৈ পাইছোঁ। যিহোৱাই তোমাৰ কৰ্ম্মৰ ফল দিয়ক।’

ৰূথে তেওঁক উত্তৰ দিলে: ‘হে মোৰ প্ৰভু, আপুনি মোলৈ কৃপাদৃষ্টি কৰিছে। আপুনি আপোনাৰ বাক্যৰ দ্বাৰা মোক শান্ত্বনা কৰিলে।’ বোৱজে ৰূথক বৰ ভাল পায় আৰু অতি সোনকালে তেওঁলোকৰ বিয়া হ’ল। ইয়াৰ বাবে নয়মী আনন্দিত হয়। ৰূথ আৰু বোৱজৰ প্ৰথম সন্তান জন্ম হোৱাৰ সময়ত, নয়মীৰ আনন্দৰ সীমা নাইকিয়া হয়। তেওঁলোকে সেই পুত্ৰৰ নাম ওবেদ ৰাখিলে। পাছলৈ ওবেদ দায়ূদৰ ককাদেউতাক হ’ল। এই দায়ূদৰ বিষয়ে আমি আগলৈ বহুতো কথা শিকিবলৈ পাম।

বাইবেলৰ ৰূথ নামৰ কিতাপ।