Skip to content

Skip to table of contents

ভাগ ৪

ইস্ৰায়েলৰ প্ৰথম ৰজাৰপৰা বাবিলত বন্দী হোৱালৈকে

ইস্ৰায়েলৰ প্ৰথম ৰজাৰপৰা বাবিলত বন্দী হোৱালৈকে

ইস্ৰায়েলৰ প্ৰথম ৰজা চৌল আছিল। কিন্তু যিহোৱা ঈশ্বৰে চৌলক ত্যাগ কৰিলে আৰু তেওঁৰ ঠাইত দায়ূদক ৰজা হিচাপে নিৰ্ব্বাচন কৰিলে। দায়ূদৰ বিষয়ে আমি বহুতো কথা শিকিবলৈ পাম। ডেকা কালত দায়ূদে গলিয়াথ নামৰ এজন বীৰ পুৰুষৰ লগত যুদ্ধ কৰিছিল। ৰজা চৌলে দায়ূদক ঈৰ্ষা কৰিছিল আৰু সেইবাবে দায়ূদ তেওঁৰ ওচৰৰপৰা পলাবলগীয়া হৈছিল। দায়ূদে এজন মানুহক বধ কৰিবলৈ যাওঁতে অবীগল নামৰ তিৰোতা এগৰাকীয়ে তেওঁক বাধা দিছিল।

দায়ূদৰ পাছত চলোমন ইস্ৰায়েলৰ ৰজা হয় আৰু তেওঁৰ বিষয়ে আমি পাছলৈ আৰু শিকিবলৈ পাম। ইস্ৰায়েলৰ প্ৰথম তিনিজন ৰজাই ৪০ বছৰকৈ শাসন কৰিছিল। চলোমনৰ মৃত্যুৰ পাছত ইস্ৰায়েল দুটা ভাগত বিভক্ত হয়। এটা ভাগক উত্তৰ ৰাজ্য আৰু আনটো ভাগক দক্ষিণ ৰাজ্য বুলি কোৱা হয়।

উত্তৰত থকা ১০ গোত্ৰৰ ৰাজ্যই ২৫৭ বছৰলৈকে টিকি আছিল। এই ৰাজ্যক অচূৰীয়াবিলাকে ধ্বংস কৰে। উত্তৰ ৰাজ্যৰ ধ্বংসৰ ১৩৩ বছৰৰ পাছত, দক্ষিণত থকা ২ গোত্ৰৰ ৰাজ্যক বাবিলীয়াসকলে ধ্বংস কৰে। তেওঁলোকে ইস্ৰায়েলী লোকসকলক বাবিললৈ বন্দী কৰি লৈ যায়। এই চতুৰ্থ ভাগত প্ৰায় ৫১০ বছৰজোৰা ইতিহাস বৰ্ণনা আছে। এই সময়ছোৱাত বহুতো লেখত ল’বলগীয়া ঘটনা ঘটিছিল।

 

IN THIS SECTION

কাহিনী ৫৬

ইস্ৰায়েলৰ প্ৰথম ৰজা​—চৌল

প্ৰথমে ঈশ্বৰে তেওঁক নিৰ্বাচন কৰিছিল কিন্তু পাছলৈ ঈশ্বৰেই তেওঁক ত্যাগ কৰিছিল। চৌলৰপৰা আমি এক গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিব পাৰোঁ।

কাহিনী ৫৭

ঈশ্বৰে দায়ূদক নিৰ্ব্বাচন কৰে

ঈশ্বৰে দায়ূদৰ মাজত কি দেখিছিল, যি ভাববাদী চমূৱেলে দেখা নাছিল?

কাহিনী ৫৮

দায়ূদ আৰু গলিয়াথ

দায়ূদে গলিয়াথৰ লগত যুদ্ধ কৰিবলৈ কেৱল এটা ফিংগা লৈ গৈছিল এনে নহয়, কিন্তু তেওঁৰ লগত আৰু এক শক্তিশালী অস্ত্ৰও আছিল।

কাহিনী ৫৯

দায়ূদৰ পলায়ন

চৌল প্ৰথমতে দায়ূদৰ ওপৰত সন্তুষ্ট হৈছিল, কিন্তু পাছলৈ দায়ূদক ঈৰ্ষা কৰি হত্যা কৰিব বিচাৰিছিল। কিয় বাৰু?

কাহিনী ৬০

অবীগল আৰু দায়ূদ

অবীগলে নিজৰ স্বামীক দুৰ্জন বুলি কৈছিল আৰু ইয়ে তেওঁৰ জীৱন ৰক্ষা কৰিছিল—কিন্তু অলপ সময়ৰ বাবেহে।

কাহিনী ৬১

দায়ূদ ৰজা হ’ল

দায়ূদে যি কৰিলে আৰু যি কৰাৰ বাবে অস্বীকাৰ কৰিলে, এই সকলোবোৰে তেওঁ যে ইস্ৰায়েলৰ ৰজা হোৱাৰ যোগ্য তাক প্ৰমাণ কৰিলে।

কাহিনী ৬২

দায়ূদৰ পৰিয়ালত সমস্যা

এটা ভুলৰ বাবে দায়ূদে নিজে আৰু পৰিয়ালৰ লোকসকলে বহুবছৰ ধৰি ইয়াৰ পৰিণাম ভোগ কৰিবলগীয়া হৈছিল।

কাহিনী ৬৩

জ্ঞানী ৰজা চলোমন

তেওঁ সঁচাকৈ কেঁচুৱাটোক দুভাগ কৰিবলৈ গৈছিলনে?

কাহিনী ৬৪

মন্দিৰ নিৰ্ম্মাণ

জ্ঞানী হোৱাৰ সত্ত্বেও চলোমনক কিছুমান বেয়া আৰু ভুল কাম কৰিবলৈ পতিয়ন নিয়ালে।

কাহিনী ৬৫

ৰাজ্যৰ বিভাজন

যাৰবিয়ামে শাসন কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে তেওঁ লোকসকলক ঈশ্বৰৰ ব্যৱস্থা ভংগ কৰিবলৈ আজ্ঞা দিছিল।

কাহিনী ৬৬

দুষ্ট ৰাণী ঈজেবল

তাই যিহকে বিচাৰে, তাক পাবলৈ কোনেও ৰখাব নোৱাৰে।

কাহিনী ৬৭

যিহোৱাৰ ওপৰত যিহোচাফটৰ ভৰসা

কোনো অস্ত্ৰ নোলোৱা গায়কসকলৰ পাছে পাছে সৈন্যদলে কিয় যুদ্ধলৈ গৈছিল?

কাহিনী ৬৮

দুজন ল’ৰাক পুনৰ জীৱন দিয়া

মৃত হোৱা এজন ব্যক্তিক পুনৰ জীৱন দিয়াটো সম্ভৱনে? এনে ঘটনাৰ প্ৰমাণ আছে।

কাহিনী ৬৯

এজনী সৰু ছোৱালীৰ সাহস

নামানক কোৱাৰ বাবে তাইৰ সাহস আছিল আৰু ইয়াৰ পৰিণামস্বৰূপে এক আচৰিত ঘটনা ঘটে।

কাহিনী ৭০

যোনা আৰু এটা ডাঙৰ মাছ

যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ বিষয়ে যোনাই এটা ডাঙৰ শিক্ষা লাভ কৰিলে।

কাহিনী ৭১

ঈশ্বৰে প্ৰতিজ্ঞা কৰা প্ৰমোদবন

প্ৰথম প্ৰমোদবনখন সৰু আছিল, কিন্তু এইখন প্ৰমোদবন পৃথিৱীজুৰি হ’ব।

কাহিনী ৭২

হিষ্কিয়া ৰজাক ঈশ্বৰৰ সহায়

এক ৰাতিৰ ভিতৰতে এজন স্বৰ্গদূতে ১,৮৫,০০০ জন অচূৰীয়া সৈনিকক বধ কৰিছিল।

কাহিনী ৭৩

ইস্ৰায়েলৰ অন্তিমজন ভাল ৰজা

কিশোৰ অৱস্থাতে যোচিয়াই এক সাহসীকতাৰ কাম কৰিছিল।

কাহিনী ৭৪

এজন সাহিয়াল পুৰুষ

যিৰিমিয়াই ভাবিছিল যে তেওঁ ভবিষ্যতবক্তা হোৱাৰ বাবে যোগ্য নহয়, কিন্তু এই কাৰ্য্য তেওঁ কৰিব পাৰিব বুলি ঈশ্বৰে জানিছিল।

কাহিনী ৭৫

বাবিলত চাৰিজন ইস্ৰায়েলী ল’ৰা

তেওঁলোকে নিজৰ পৰিয়ালৰপৰা দূৰৈত থকাৰ সত্ত্বেও জীৱনত কৃতকাৰ্য্য হ’ব পাৰিছিল।

কাহিনী ৭৬

যিৰূচালেমৰ ধ্বংস

ঈশ্বৰে ইস্ৰায়েলৰ শত্ৰু বাবিলীয়াসকলক কিয় যিৰূচালেম ধ্বংস কৰিবলৈ অনুমতি দিলে?