Skip to content

Skip to table of contents

কাহিনী ৫৮

দায়ূদ আৰু গলিয়াথ

দায়ূদ আৰু গলিয়াথ

পলেষ্টীয়াবিলাকে আকৌ ইস্ৰায়েলীসকলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। দায়ূদৰ তিনিজন ককায়েকে ৰজা চৌলৰ সৈন্যবাহিনীত কাম কৰে। এদিনাখন দেউতাকে দায়ূদক ক’লে: ‘তুমি তোমাৰ ককায়েকহঁতৰ বাবে কিছুমান খোৱা বস্তু লৈ ছাউনিলৈ যোৱা। তেওঁলোকে ভালে-কুশলে আছে নে নাই, তাৰ খবৰ লৈ আহাঁ।’

দায়ূদে সৈন্যবাহিনীৰ ছাউনিলৈ আহিল আৰু যুদ্ধৰ বাবে গোট খোৱা ঠাইলৈ ককায়েকহঁতক বিচাৰি গ’ল। সেইসময়ত গলিয়াথ নামৰ এজন প্ৰকাণ্ড শৰীৰৰ সৈন্যই ইস্ৰায়েলী লোকসকলক উপলুঙা কৰি আছিল। চল্লিছ দিন ধৰি এই বিশাল শৰীৰৰ মানুহজনে ইস্ৰায়েলীসকলক এনেকৈ কৰিছে। সি ইস্ৰায়েলীসকলক চিঞৰি চিঞৰি কৈছে: ‘তহঁতে নিজৰপৰা এটাক বাচি ল। সি মোৰ ওচৰলৈ নামি আহক। সি যদি মোৰে সৈতে যুদ্ধ কৰি জিকে আৰু মোক বধ কৰে, তেন্তে আমি সকলো তহঁতৰ বন্দী হ’ম। কিন্তু যদি মই তাক পৰাজয় কৰি তাক বধ কৰোঁ, তেন্তে তহঁত আমাৰ গোলাম হ’বি। তহঁতে মোক এটা মানুহ উলিয়াহ দে, আমি দুয়ো যুদ্ধ কৰিম।’

ইয়াকে দেখি দায়ূদে কেইজনমান সৈন্যক সুধিলে: ‘সেই পলেষ্টীয়াটোক বধ কৰি যিজনে ইস্ৰায়েলৰপৰা অপমান দূৰ কৰিব, তেওঁক কি দিয়া হ’ব?’

এজনে উত্তৰ দিলে: ‘তাক যিকোনোৱে বধ কৰিব, ৰজাই তেওঁক বহুতো ধন দিব আৰু তাৰ লগত তেওঁৰ জীয়েকক বিয়া দিব।’

গলিয়াথৰ প্ৰকাণ্ড শৰীৰৰ বাবে সকলো ইস্ৰায়েলীয়ে ভয় খাইছে। তেওঁৰ উচ্চতা ৯ ফুটতকৈ অধিক আছিল। গলিয়াথৰ আগে আগে আন এজন সৈন্যই তেওঁৰ বাবে ঢাল কঢ়িয়ায়।

কিছুমান সৈন্যই চৌলৰ ওচৰলৈ গৈ জনালে যে দায়ূদে গলিয়াথৰ বিৰুদ্ধে যুদ্ধ কৰিব বিচাৰে। কিন্তু চৌলে দায়ূদক ক’লে: ‘তুমি সেই পলেষ্টীয়াজনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অসমৰ্থ। কিয়নো তুমি কেৱল ল’ৰা, কিন্তু সি ল’ৰা কালৰপৰাই যুদ্ধত পাৰ্গত।’ দায়ূদে উত্তৰ দিলে: ‘মোৰ দেউতাৰ ভেড়াৰ জাকৰপৰা এটা সিংহ আৰু এটা ভালুকে ভেড়া ধৰি নিওঁতে মই তাক প্ৰহাৰ কৰি বধ কৰিলো। এই পলেষ্টীয়াটোও সেই দুটাৰ মাজৰ এটাৰ নিচিনা হ’ব। যিহোৱাই এই পলেষ্টীয়াটোৰ হাতৰপৰা মোক উদ্ধাৰ কৰিব।’ চৌলে দায়ুদক ক’লে: ‘যোৱা, যিহোৱা তোমাৰ লগত থাকক।’

দায়ূদে জুৰিৰপৰা পাঁচটা শীতল শিল বাচি লৈ নিজৰ জোলোঙাত ভৰালে। ইয়াৰ পাছত দায়ূদে নিজৰ ফিংগাটো হাতত লৈ পলেষ্টীয়াটোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ গ’ল। গলিয়াথে দায়ূদক দেখি আচৰিত হ’ল। সি নিজৰ চকুকে বিশ্বাস কৰিবলৈ টান পালে। দায়ূদক বধ কৰিবলৈ তাৰ কোনো অসুবিধা নহ’ব বুলি সি মনতে ভাবিলে।

গলিয়াথে দায়ুদক ক’লে: ‘তই মোৰ ওচৰলৈ আহ। মই তোৰ মঙহ আকাশৰ চৰাইবোৰক আৰু বনৰীয়া জন্তুবোৰক দিম।’ কিন্তু দায়ূদে উত্তৰ দিলে: ‘তুমি তৰোৱাল, বৰছা আৰু যাঠী লৈ মোৰ ওচৰলৈ আহিছা। কিন্তু মই হ’লে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নামেৰে তোমাৰ ওচৰলৈ আহিছোঁ। আজি যিহোৱাই তোমাক মোৰ হাতত শোধাই দিব আৰু মই তোমাৰ মূৰ দুচোৱা কৰিম।’

ইয়াৰ পাছত দায়ূদে গলিয়াথলৈ দৌৰি গ’ল। দায়ুদে জোলোঙাৰপৰা এটা শিল উলিয়ালে আৰু ফিংগাত থৈ খুব জোৰেৰে পলেষ্টীয়াটোলৈ মাৰি পঠিয়ালে। এই শিলটোৱে গলিয়াথৰ কপালত ইমান জোৰেৰে আঘাত কৰিলে যে সি থিতাতে মৰিল। গলিয়াথৰ মৃত্যুত পলেষ্টীয়াবিলাকে বৰ ভয় খালে আৰু পলাবলৈ ধৰিলে। ইস্ৰায়েলীসকলে পলেষ্টীয়াবিলাকৰ পিছে পিছে খেদি গ’ল আৰু এই যুদ্ধত তেওঁলোকে জয়লাভ কৰিলে।

১ চমূৱেল ১৭:১-৫৪.