Skip to content

Skip to table of contents

কাহিনী ৬৪

মন্দিৰ নিৰ্ম্মাণ

মন্দিৰ নিৰ্ম্মাণ

মন্দিৰ নিৰ্ম্মাণৰ বাবে ঈশ্বৰে দিয়া আঁচনিখন দায়ূদে মৃত্যুৰ আগত নিজৰ পুত্ৰ চলোমনক দিছিল। মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য চলোমনে তেওঁৰ শাসনকালৰ চতুৰ্থ বছৰত আৰম্ভ কৰিছিল। মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ মুঠতে চাৰে সাত বছৰ লাগিছিল। হাজাৰ হাজাৰ লোকে এই কাৰ্য্যত ভাগ লৈছিল। সোণ আৰু ৰূপ ব্যৱহাৰ কৰাৰ বাবে, এই মন্দিৰ নিৰ্ম্মাণ কাৰ্য্যত বহুতো ধন-সম্পত্তিৰ প্ৰয়োজন হৈছিল।

আবাস গৃহত থকাৰ দৰে এই মন্দিৰতো দুটা মুখ্য কোঠালি আছিল। কিন্তু ইয়াৰ কোঠালিকেইটা আবাস গৃহৰ কোঠালিৰ তুলনাত ডাঙৰ। এই মন্দিৰৰ এটা কোঠালিত চলোমনে নিয়ম-চন্দুকটো ৰাখিছিল।

মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য শেষ হোৱাৰ পাছত, এটা ডাঙৰ উৎসৱৰ আয়োজন কৰা হয়। ছবিখনত দেখুৱাৰ দৰে চলোমনে মন্দিৰৰ সন্মুখত আঁঠুকাঢ়ি প্ৰাৰ্থনা কৰে: ‘স্বৰ্গৰো স্বৰ্গই তোমাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব? কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, যেতিয়া তোমাৰ প্ৰজা ইস্ৰায়েলে এই ঠাইলৈ মুখ কৰি প্ৰাৰ্থনা কৰিব, তেতিয়া তুমি তেওঁলোকৰ মিনতিলৈ কাণ দিবা।’

চলোমনৰ প্ৰাৰ্থনা শেষ হোৱাৰ লগে লগে স্বৰ্গৰপৰা অগ্নি নামি আহিল। বলি দিয়া জীৱ-জন্তুবোৰক এই অগ্নিয়ে গ্ৰাস কৰিলে আৰু যিহোৱাৰ প্ৰতাপেৰে মন্দিৰ পূৰ্ণ হ’ল। যিহোৱাৰ এই কাৰ্য্যই দেখুৱায় যে চলোমনে নিৰ্ম্মাণ কৰা মন্দিৰ আৰু তেওঁ কৰা প্ৰাৰ্থনাত যিহোৱা সন্তুষ্ট হৈছে। আবাস গৃহৰ পৰিৱৰ্তে এতিয়া লোকসকলে এই মন্দিৰত যিহোৱা ঈশ্বৰক উপাসনা কৰে।

বহুবছৰ ধৰি চলোমনে জ্ঞান আৰু বুদ্ধিৰে শাসন কৰে। তেওঁৰ শাসন কালত লোকসকলে সুখ আৰু শান্তিৰে বাস কৰিছিল। কিন্তু দুখৰ বিষয় যে চলোমনে বহুতো তিৰোতাক বিয়া কৰিলে। বেলেগ বেলেগ দেশৰপৰা বিয়া কৰা এই তিৰোতাবিলাকে যিহোৱা ঈশ্বৰক উপাসনা নকৰিছিল। ছবিখনলৈ চোৱাচোন। চলোমনৰ এগৰাকী পত্নীয়ে প্ৰতিমা এটাক উপাসনা কৰি আছে। আন আন দেৱতাবোৰক উপাসনা কৰা চলোমনৰ এই পত্নীবিলাকে, চলোমনকো আন দেৱতাবোৰক উপাসনা কৰিবলৈ ভুলালে। চলোমনে দেৱতাবোৰক উপাসনা কৰাৰ পৰিণাম কি হ’ল তুমি জানানে? তেওঁ নিজৰ প্ৰজাবিলাকক দয়া আৰু মমতা দেখুৱাবলৈ এৰিলে। তেওঁ এজন নিষ্ঠুৰ শাসক হৈ পৰিল আৰু লোকসকলৰ জীৱনত সুখ আৰু শান্তি নাইকিয়া হ’ল।

চলোমনৰ এই কাৰ্য্যবোৰে যিহোৱাক ক্ৰোধিত কৰিলে। সেইবাবে যিহোৱাই চলোমনক ক’লে: ‘মই তোমাৰপৰা ৰাজ্য কাঢ়ি আন এজনক দিম। মই তোমাৰ জীৱনকালত এনে নকৰোঁ, তোমাৰ পুত্ৰৰ শাসন কালতহে কৰিম। কিন্তু মই তেওঁলোকৰপৰা সম্পূৰ্ণ ৰাজ্য কাঢ়ি নল’ম।’ যিহোৱা ঈশ্বৰে কোৱা এই কথাখিনি কেনেকৈ পূৰ হ’ল? আহাঁ আমি তালৈ ধ্যান দিওঁ।

১ বংশাৱলি ২৮:৯-২১; ২৯:১-৯; ১ ৰাজাৱলি ৫:১-১৮; ২ বংশাৱলি ৬:১২-৪২; ৭:১-৫; ১ ৰাজাৱলি ১১:৯-১৩.