Skip to content

Skip to table of contents

কাহিনী ৬৮

দুজন ল’ৰাক পুনৰ জীৱন দিয়া

দুজন ল’ৰাক পুনৰ জীৱন দিয়া

যদি হঠাতে এটা সন্তানৰ মৃত্যু হয়, তাৰ মাকক কেনে লাগিব বাৰু? কিন্তু যদি সেই সন্তানটোক পুনৰ জীয়াই তোলা হয়, তেনেহ’লে তাই কেনে অনুভৱ কৰিব? নিশ্চয় তাইৰ আনন্দৰ বিষয়ে আমি কল্পনা কৰিব নোৱাৰোঁ। কিন্তু প্ৰশ্ন হ’ব পাৰে যে এজন মৃত ব্যক্তিক পুনৰ জীয়াই তোলাটো সম্ভৱনে? মৃত ব্যক্তিক পুনৰ জীৱন দিয়াৰ এনে কিবা উদাহৰণ আছে নেকি?

ছবিখনত তুমি কি দেখিছা বাৰু? সেই মানুহজন হৈছে ভৱিষ্যতবক্তা এলিয়া। তিৰোতাগৰাকী হৈছে চাৰিফৎ নগৰৰ এগৰাকী বিধৱা আৰু ল’ৰাটো হৈছে তাইৰ পুত্ৰ। এদিনাখন হঠাতে ল’ৰাটো অসুখত পৰে। চাওঁতে চাওঁতে ল’ৰাটোৰ অৱস্থা বেয়ালৈ ঢাল খালে আৰু সি মৰি থাকিল। এলিয়াই বিধৱাগৰাকীক ক’লে: ‘তোমাৰ ল’ৰাটোক মোক দিয়া।’

এলিয়াই মৃত ল’ৰাটোক ওপৰ মহলালৈ লৈ গ’ল। তাত তেওঁ ল’ৰাটোক এখন বিছনাত শুৱাই যিহোৱালৈ প্ৰাৰ্থনা কৰিলে: ‘হে মোৰ ঈশ্বৰ যিহোৱা, মই বিনয় কৰোঁ, এই ল’ৰাটিক পুনৰ জীয়াই তোলক।’ হঠাতে ল’ৰাটোৱে উশাহ ল’বলৈ ধৰিলে! এলিয়াই ল’ৰাটোক লৈ তললৈ নামি আহিল আৰু বিধৱাগৰাকীক ক’লে: ‘চোৱা, তোমাৰ ল’ৰা পুনৰ জীৱিত হ’ল।’ নিজৰ মৃত পুত্ৰক পুনৰ জীৱিত দেখি বিধৱাগৰাকীয়ে বৰ আনন্দিত হ’ল।

আন এক ভৱিষ্যতবক্তাৰ নাম হৈছে ইলীচা। তেওঁ ভৱিষ্যতবক্তা এলিয়াৰ সহায়ক হিচাপে কাম কৰে। কিন্তু ইলীচাকো যিহোৱা ঈশ্বৰে কিছুমান আচৰিত কাৰ্য্য কৰিবলৈ ব্যৱহাৰ কৰিছিল। এদিনাখন ইলীচাই চূনেম নামৰ এখন নগৰলৈ যায়। সেই নগৰত এগৰাকী তিৰোতা আৰু তাইৰ স্বামীয়ে তেওঁক অতিথি-সৎকাৰ কৰিছিল। পাছলৈ এই তিৰোতাগৰাকীয়ে এটি পুত্ৰ সন্তান জন্ম দিয়ে।

এদিনাখন ল’ৰাটোৱে পথাৰত কাম কৰি থকা দেউতাকৰ ওচৰলৈ গ’ল। হঠাতে ল’ৰাটোৱে চিঞৰিবলৈ ধৰিলে: ‘মোৰ মূৰ বিষাইছে।’ ল’ৰাটোক ঘৰলৈ লৈ অনা হ’ল, কিন্তু অলপ পাছতে তাৰ মৃত্যু হয়। নিজৰ একমাত্ৰ পুত্ৰৰ মৃত্যু হোৱাৰ বাবে মাকে বৰ বেজাৰ কৰিলে। তাই লগে লগে ইলীচাৰ ওচৰলৈ যায় আৰু তেওঁক নিজৰ ঘৰলৈ লৈ আহে।

ইলীচাই তিৰোতাগৰাকীৰ ঘৰত উপস্থিত হৈয়ে মৃত ল’ৰাটোক ৰখা কোঠালিলৈ যায়। কোঠালিৰ ভিতৰত ইলীচাই যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ ধৰিলে। ইয়াৰ পাছত তেওঁ বিছনাত উঠি মৃত ল’ৰাটোৰ ওপৰত শুই পৰিল। ল’ৰাটোৰ শৰীৰ লাহে লাহে গৰম হৈ উঠিল আৰু সি সাতবাৰ হাঁচি মাৰিলে। যেতিয়া ল’ৰাটোৰ মাকে কোঠালিৰ ভিতৰলৈ আহি নিজৰ ল’ৰাটোক জীৱিত দেখিলে, তাইক কেনে লাগিল বাৰু? তাই নিশ্চয় আনন্দিত হৈছিল!

এতিয়ালৈকে বহুতোলোকৰ মৃত্যু হৈছে। মৃত্যুৱে পৰিয়াল আৰু বন্ধু-বান্ধৱসকলৰ বাবে বেদনা কঢ়িয়াই আনে। মৃত লোকসকলক পুনৰ জীৱন দিয়াৰ আমাৰ শক্তি বা সামৰ্থ নাই। কিন্তু যিহোৱাৰ বাবে একো অসম্ভৱ নহয়। আগলৈ আমি শিকিবলৈ পাম যে কেনেকৈ যিহোৱা ঈশ্বৰে কোটি কোটি মৃতলোকক পুনৰ জীৱন দিব।

১ ৰাজাৱলি ১৭:৮-২৪; ২ ৰাজাৱলি ৪:৮-৩৭.