Skip to content

Skip to table of contents

কাহিনী ৭৪

এজন সাহিয়াল পুৰুষ

এজন সাহিয়াল পুৰুষ

মানুহবিলাকে কেনেকৈ এই ডেকা ল’ৰাজনক ঠাট্টা-মস্কৰা কৰিছে চোৱাচোন? এই ডেকা ল’ৰাজন কোন হয় তুমি জানানে? তেওঁৰ নাম হৈছে যিৰিমিয়া আৰু তেওঁ ঈশ্বৰৰ এজন ভৱিষ্যতবক্তা হয়।

ৰজা যোচিয়াই দেশৰপৰা মূৰ্ত্তিবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰাৰ সময়ত, যিহোৱা ঈশ্বৰে যিৰিমিয়াক এজন ভৱিষ্যতবক্তা হিচাপে নিযুক্ত কৰে। এই কামৰ বাবে যিৰিমিয়াই নিজকে বৰ সৰু বুলি ভাবে। কিন্তু যিহোৱাই তেওঁক সহায় কৰিব বুলি আশ্বাস দিয়ে।

যিৰিমিয়াই ইস্ৰায়েলী লোকসকলক তেওঁলোকৰ বেয়া কাৰ্য্যবোৰ ত্যাগ কৰিবলৈ ক’লে। তেওঁ ঘোষণা কৰিলে: ‘অন্য জাতিবিলাকে উপাসনা কৰা দেৱতাবোৰ মিছা।’ সেইসময়ত বহুতো ইস্ৰায়েলীয়ে সত্য ঈশ্বৰ যিহোৱাক উপাসনা কৰাৰ পৰিৱৰ্তে, মিছা দেৱতাবোৰক উপাসনা কৰিছিল। আহিবলগীয়া বিনাশৰ বিষয়ে সাৱধান কৰাৰ বাবে লোকসকলে তেওঁক ভাল পোৱা নাছিল। তেওঁলোকে যিৰিমিয়াক উপলুঙাও কৰিছিল।

এইদৰে বহুবছৰ পাৰ হ’ল। ৰজা যোচিয়াৰ মৃত্যুৰ তিনিমাহৰ পাছত তেওঁৰ পুত্ৰ যিহোয়াকীম ৰজা হয়। যিৰিমিয়াই এতিয়াও লোকসকলৰ আগত ঘোষণা কৰি আছে: ‘যদি তোমালোকে নিজৰ বেয়া কাৰ্য্যবোৰ ত্যাগ নকৰা, তেনেহ’লে যিহোৱাই যিৰূচালেমক ধ্বংস কৰিব।’ যিৰিমিয়াৰ কাৰ্য্য পুৰোহিতবিলাকে ভাল পোৱা নাছিল। তেওঁবিলাকে যিৰিমিয়াক ক’লে: ‘এনেদৰে কোৱাৰ বাবে তুমি নিশ্চয়ে প্ৰাণদণ্ডৰ যোগ্য।’ ইয়াৰ পাছত পুৰোহিতবিলাকে প্ৰধান লোকবিলাকৰ আগত ক’লে: ‘এই মানুহ প্ৰাণদণ্ডৰ যোগ্য। কিয়নো ই এই নগৰৰ বিৰুদ্ধে ভাববাণী প্ৰচাৰ কৰিছে।’

যিৰিমিয়াই এতিয়া কি কৰিব? লোকবিলাকৰ কথাত যিৰিমিয়াই ভয় নাখালে। তেওঁ লোকসকলক ক’লে: ‘এই কথা ক’বলৈ যিহোৱা ঈশ্বৰে মোক পঠাইছে। তোমালোকে যদি নিজ নিজ বেয়া কামবোৰ ত্যাগ নকৰা, তেনেহ’লে যিহোৱাই যিৰূচালেমক ধ্বংস কৰিব। কিন্তু যদি তোমালোকে মোক বধ কৰা, তেনেহ’লে মনত ৰাখিবা যে তোমালোকে এজন নিৰ্দ্দোষী লোকক হত্যা কৰিছা।’

ইস্ৰায়েলৰ প্ৰধান লোকবিলাকে যিৰিমিয়াক বধ নকৰিলে। কিন্তু দুখৰ বিষয় যে ইস্ৰায়েলী লোকসকলে নিজৰ বেয়া পথতেই চলি থাকিল। পাছলৈ বাবিল দেশৰ ৰজা নবূখদ্‌নেচৰে যিৰূচালেমৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ আহিল। নবূখদ্‌নেচৰে ইস্ৰায়েলী লোকসকলক নিজৰ দাস কৰিলে। হাজাৰ হাজাৰ লোকক তেওঁ বন্দী কৰি বাবিললৈ লৈ যায়। যদি কোনো অচিনাকি মানুহে তোমাক নিজৰ ঘৰৰপৰা এক অজান দেশলৈ লৈ যায়, তেনেহ’লে তোমাক কেনে লাগিব?

যিৰিমিয়া ১:১-৮; ১০:১-৫; ২৬:১-১৬; ২ ৰাজাৱলি ২৪:১-১৭.