Skip to content

Skip to table of contents

ভাগ ৫

বাবিলৰ দাসত্বৰপৰা যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্ম্মাণলৈকে

বাবিলৰ দাসত্বৰপৰা যিৰূচালেমৰ দেৱাল পুনৰ নিৰ্ম্মাণলৈকে

বাবিলত বন্দী হৈ থকাৰ সময়ছোৱাত, ইস্ৰায়েলীসকলে বিশ্বাসৰ বাবে বহুতো পৰীক্ষাৰ সন্মুখীন হয়। চদ্ৰক, মৈচক আৰু অবেদ-নগোক এটা অগ্নিকুণ্ডত পেলাই দিয়া হৈছিল, কিন্তু যিহোৱাই তেওঁলোকক তাৰপৰা ৰক্ষা কৰে। পাছলৈ মাদীয়া আৰু পাৰসীবিলাকে বাবিলক আক্ৰমণ কৰি পৰাজয় কৰে। দানিয়েলক সিংহৰ গাঁতত পেলাই দিয়া হৈছিল, কিন্তু ঈশ্বৰে তেওঁকো ৰক্ষা কৰিলে।

পাৰসী ৰজা কোৰচে, ইস্ৰায়েলীসকলক দাসত্বৰপৰা মুক্ত কৰিলে। সত্তৰ বছৰৰ পাছত, ইস্ৰায়েলীসকলে বাবিলৰ দাসত্বৰপৰা মুক্ত হৈ নিজ দেশলৈ উভতি গ’ল। যিৰূচালেমলৈ উভতি গৈ তেওঁলোকে সৰ্ব্বপ্ৰথমে যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য আৰম্ভ কৰে। কিন্তু শত্ৰুবিলাকে এই কাৰ্য্য সম্পূৰ্ণ হ’বলৈ নিদিলে। সেইবাবে ইস্ৰায়েলীসকলে যিৰূচালেমলৈ উভতি অহাৰ প্ৰায় ২২ বছৰৰ পাছতহে মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ কৰিলে।

ইয়াৰ পাছত, ইজ্ৰাই মন্দিৰ সুন্দৰ কৰি তুলিবলৈ যিৰূচালেমলৈ যাত্ৰা কৰে। মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য সম্পূৰ্ণ হোৱাৰ প্ৰায় ৪৭ বছৰৰ পাছত ইজ্ৰাই এই যাত্ৰা কৰিছিল। ইজ্ৰাৰ যাত্ৰাৰ ১৩ বছৰৰ পাছত, নহিমিয়াই যিৰূচালেমৰ ভাঙি পৰা দেৱালবোৰ পুনৰ নিৰ্ম্মাণ কৰিবলৈ সহায় কৰে। এই পঞ্চম ভাগত প্ৰায় ১৫২ বছৰজোৰা ইতিহাস বৰ্ণনা আছে।

 

IN THIS SECTION

কাহিনী ৭৭

তেওঁলোকে প্ৰণিপাত নকৰিলে

এই তিনিজন বিশ্বাসী ইব্ৰী ডেকাক, জ্বলি থকা অগ্নিকুণ্ডৰপৰা ঈশ্বৰে ৰক্ষা কৰিবনে?

কাহিনী ৭৮

দেৱালত আখৰ

ভৱিষ্যতবক্তা দানিয়েলে চাৰিটা ৰহস্যপূৰ্ণ শব্দৰ অৰ্থ বৰ্ণনা কৰিছিল।

কাহিনী ৭৯

সিংহৰ গাঁতত দানিয়েল

দানিয়েলক মৃত্যুদণ্ড দিবলৈ আদেশ দিয়া হ’ল, কিন্তু ইয়াৰপৰা তেওঁ হাত সাৰিব পাৰিলেহেঁতেন নে?

কাহিনী ৮০

ইস্ৰায়েলীসকলে বাবিল ত্যাগ কৰে

যেতিয়া পাৰস্য দেশৰ ৰজাই বাবিল অধিকাৰ কৰিছিল, তেতিয়া তেওঁ এটা ভৱিষ্যতবাণী পূৰ্ণ হৈছিল আৰু তাৰ পাছত তেওঁ আন এটা ভৱিষ্যতবাণী পূৰ্ণ কৰিছিল।

কাহিনী ৮১

ঈশ্বৰৰ ওপৰত ভৰসা

ইস্ৰায়েলীসকলে মানুহৰ আজ্ঞাৰ পৰিৱৰ্তে ঈশ্বৰৰ আজ্ঞা পালন কৰিছিল। ঈশ্বৰে তেওঁলোকক আশীৰ্বাদ কৰিবনে?

কাহিনী ৮২

মৰ্দখয় আৰু ইষ্টেৰ

ৰাণী ৱষ্টি দেখিবলৈ বৰ ধুনীয়া আছিল, কিন্তু ৰজা অহচ্‌বেৰোচে তাইৰ সলনি ইষ্টেৰক নতুন ৰাণী হিচাপে কৰি তুলিলে। কিয় বাৰু?

কাহিনী ৮৩

যিৰূচালেমৰ দেৱাল

দেৱাল পুনৰ নিৰ্ম্মাণ কৰাৰ সময়ত, কাম কৰা লোকসকলক দিনে-ৰাতিয়ে তৰোৱাল আৰু যাঠিডাল লৈ সাজু থাকিবলগীয়া হৈছিল।