Skip to content

Skip to table of contents

ভাগ ৬

যীচুৰ জন্মৰপৰা তেওঁৰ মৃত্যুলৈকে

যীচুৰ জন্মৰপৰা তেওঁৰ মৃত্যুলৈকে

ঈশ্বৰে গাব্ৰিয়েল স্বৰ্গদূতক মৰিয়ম নামৰ এজনী গাভৰু ছোৱালীৰ ওচৰলৈ পঠিয়ালে। স্বৰ্গদূতজনে মৰিয়মক ক’লে যে তাই এটা পুত্ৰ সন্তানৰ জন্ম দিব আৰু পাছলৈ এই সন্তানটিয়ে অনন্ত কালৰ বাবে ৰজা হিচাপে শাসন কৰিব। এই সন্তানটিৰ জন্ম আস্তাবলত হৈছিল আৰু তাৰ নাম হৈছে যীচু। এই শিশুক চাবলৈ কেইজনমান ভেড়াৰখীয়া আহিছিল। পূবফালৰপৰা অহা কিছুমান লোকক এটা তৰাই শিশু থকা ঘৰটোলৈ পৰিচালিত কৰিছিল। তেওঁলোকক এই তৰাটো কোনে দেখুৱাইছিল আৰু কেনেকৈ শত্ৰুবিলাকৰপৰা যীচুৰ প্ৰাণ ৰক্ষা পৰিল, তাৰ বিষয়ে আমি শিকিবলৈ পাম।

বাৰ বছৰ বয়সত যীচুয়ে মন্দিৰত শিক্ষকসকলৰ লগত শাস্ত্ৰৰ বিষয়ে আলোচনা কৰে। এই ঘটনাৰ ১৮ বছৰৰ পাছত যীচুৰ বাপ্তিষ্মা হয়। বাপ্তিষ্মাৰ পাছত তেওঁ ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰা আৰু শিক্ষা দিয়া কামত ব্যস্ত হৈ পৰে। এই কাৰ্য্যৰ বাবেহে ঈশ্বৰে তেওঁক পৃথিৱীলৈ পঠিয়াইছিল। ঘোষণা কৰা কাৰ্য্যত সহায় কৰিবলৈ যীচুয়ে ১২জন লোকক নিৰ্ব্বাচন কৰে আৰু তেওঁলোকক নিজৰ শিষ্য কৰি লয়।

যীচুয়ে বহুতো আচৰিত কাৰ্য্যও কৰিছিল। তেওঁ কেইটামান মাছ আৰু পিঠাৰে হাজাৰ হাজাৰ লোকক আহাৰ খুৱাইছিল। যীচুয়ে বেমাৰী লোকক সুস্থ কৰিছিল। আনকি তেওঁ মৃত ব্যক্তিকো পুনৰ জীৱিত কৰিছিল। যীচুৰ জীৱনৰ অন্তিম সময়ছোৱাত হোৱা ঘটনাবোৰৰ বিষয়ে আমি শিকিবলৈ পাম। ইয়াৰ লগতে তেওঁৰ মৃত্যু কেনেকৈ হ’ল, তাৰ বিষয়েও আমি শিকিম। যীচুয়ে প্ৰায় চাৰে তিনিবছৰ ধৰি ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল। এই ষষ্ঠম ভাগত ৩৪ বছৰতকৈ অধিক সময়ৰ বিৱৰণ আছে।

 

IN THIS SECTION

কাহিনী ৮৪

স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ

তেওঁ ঈশ্বৰৰপৰা এক বাৰ্ত্তা কঢ়িয়াই আনিছে: মৰিয়মে এটি পুত্ৰ সন্তানৰ জন্ম দিব আৰু তেওঁ অনন্ত কালৰ বাবে ৰজা হ’ব।

কাহিনী ৮৫

আস্তাবলত যীচুৰ জন্ম

ভৱিষ্যতে হ’বলগীয়া এজন ৰজাৰ জন্ম কিয় আস্তাবলত হৈছিল?

কাহিনী ৮৬

তৰাৰ দ্বাৰা পৰিচালিত

জ্যোতিষীসকলক যীচুৰ ওচৰত যাবলৈ কোনে বাট দেখুৱাইছিল? ইয়াৰ উত্তৰে আপোনাক আচৰিত কৰি তুলিব।

কাহিনী ৮৭

মন্দিৰত চেমনীয়া যীচু

তেওঁৰ মাজত এনে কিছুমান আচৰিত গুণ আছিল, যিবোৰ দেখি মন্দিৰত শিকোৱা বয়সীয়া লোকসকলেও আচৰিত হৈছিল।

কাহিনী ৮৮

যোহনৰ দ্বাৰা যীচুৰ বাপ্তিষ্মা

পাপ কৰি অনুতাপ দেখুৱা লোকসকলক যোহনে বাপ্তিষ্মা দিছিল, কিন্তু যীচুৱে কোনো পাপ কৰা নাছিল। তেনেহ’লে যোহনে তেওঁক কিয় বাপ্তিষ্মা দিছিল?

কাহিনী ৮৯

মন্দিৰ পৰিষ্কাৰ

এক প্ৰকাৰৰ প্ৰেম থকাৰ বাবে যীচুৱে এইদৰে খং কৰিছিল।

কাহিনী ৯০

যীচু আৰু এগৰাকী চমৰীয়া তিৰোতা

যীচুৱে আগবঢ়োৱা পানীয়ে কেনেকৈ সদায় কালৰ বাবে তাইৰ তৃষ্ণা নাইকিয়া কৰিব?

কাহিনী ৯১

যীচুৰ পৰ্ব্বতীয়া উপদেশ

সৰ্ব্বতি কালৰ বাবে আগবঢ়োৱা প্ৰজ্ঞা, যীচুৰ পৰ্ব্বতীয়া উপদেশৰপৰা শিকক।

কাহিনী ৯২

মৃত লোকক পুনৰ জীৱন দিয়া

যীচুৱে ঈশ্বৰৰ শক্তি ব্যৱহাৰ কৰি কেৱল দুটা শব্দ কৈছিল আৰু যায়ীৰ জীয়েকক পুনৰুত্থান কৰিছিল।

কাহিনী ৯৩

বহুতোলোকক আহাৰ দিয়া

আচৰিতভাৱে কেইবাহাজাৰ লোকক আহাৰ দিয়াৰ যোগেদি যীচুৱে কি গুৰুত্বপূৰ্ণ কথাৰ প্ৰমাণ কৰিছিল?

কাহিনী ৯৪

সৰু ল’ৰা-ছোৱালীৰ প্ৰতি যীচুৰ প্ৰেম

যীচুৱে তেওঁৰ শিষ্যসকলক কৈছিল যে তেওঁলোকে কেৱল সৰু ল’ৰা-ছোৱালীৰ বিষয়ে শিকিব লাগে এনে নহয়, কিন্তু তেওঁলোকৰ পৰাও শিকা উচিত।

কাহিনী ৯৫

যীচুয়ে শিক্ষা দিয়াৰ পদ্ধতি

ভাল চমৰীয়াৰ উদাহৰণৰ দৰে দৃষ্টান্ত ব্যৱহাৰ কৰি যীচুৱে প্ৰায়ে লোকসকলক শিক্ষা দিছিল।

কাহিনী ৯৬

বেমাৰী লোকক সুস্থ কৰা

যীচুৱে কৰা আচৰিত কাৰ্য্যবোৰৰ দ্বাৰা কি কাৰ্য্য সম্পন্ন হৈছিল?

কাহিনী ৯৭

ৰজাৰ দৰে যীচুৰ প্ৰৱেশ

এক বৰ লোকসমূহে তেওঁক আদৰণি জনাইছিল, কিন্তু এই বিষয়ে সকলোৱে সুখী হোৱা নাছিল।

কাহিনী ৯৮

জৈতুন পৰ্ব্বতত

বৰ্তমান সময়ত ঘটি থকা ঘটনাবোৰৰ বিষয়ে যীচুৱে নিজৰ চাৰিজন পাঁচনিক কৈছিল।

কাহিনী ৯৯

ওপৰ তলাৰ কোঠালিত

প্ৰতিবছৰে এই বিশেষ ভোজৰ আয়োজন কৰিবলৈ যীচুৱে তেওঁৰ শিষ্যসকলক কিয় কৈছিল?

কাহিনী ১০০

বাগিচাত যীচু

যিহূদাই কিয় এটা চুমাৰে যীচুক বিশ্বাসঘাতকতা কৰিছিল?

কাহিনী ১০১

যীচুৰ মৃত্যু

যাতনা স্তম্ভত মৃত্যুৰ আগমূহূৰ্তত যীচুৱে প্ৰমোদবনৰ বিষয়ে প্ৰতিজ্ঞা কৰিছিল।