Skip to content

Skip to table of contents

কাহিনী ৮৮

যোহনৰ দ্বাৰা যীচুৰ বাপ্তিষ্মা

যোহনৰ দ্বাৰা যীচুৰ বাপ্তিষ্মা

চোৱাচোন কপৌজনী মানুহজনৰ ওপৰত কেনেকৈ নামি আহিছে। সেই মানুহজন হৈছে যীচু। যীচুৰ বয়স এতিয়া ৩০ বছৰ হ’ল। তেওঁৰ ওচৰত থিয় হৈ থকা মানুহজন হৈছে যোহন। যোহনৰ বিষয়ে আমি আগতে শিকিছিলো। মৰিয়মে এলীচাবেতক দেখা কৰিবলৈ যোৱাৰ সময়ত, এলীচাবেতৰ গৰ্ভত থকা সন্তানটোৱে জঁপিয়াই উঠা তোমাৰ মনত আছেনে? গৰ্ভত থকা সন্তানটোৱেই আছিল যোহন। কিন্তু যোহন আৰু যীচুয়ে ইয়াত কি কৰিছে?

যোহনে এইমাত্ৰ যীচুক যৰ্দ্দন নদীৰ পানীত ডুবোৱাই উঠালে। এইদৰে এজন ব্যক্তিক বাপ্তিষ্মা দিয়া হয়। বাপ্তিষ্মা দিওঁতে এজন ব্যক্তিক পানীত ডুবোৱাই ওপৰলৈ উঠোৱা হয়। যোহনে লোকসকলক বাপ্তিষ্মা দিয়াৰ বাবে তেওঁ যোহন বাপ্তাইজক বুলি পৰিচিত। কিন্তু প্ৰশ্ন হ’ব পাৰে যে যোহনে কিয় যীচুক বাপ্তিষ্মা দিয়ে?

যীচুয়ে যোহনক বাপ্তিষ্মা দিবলৈ কোৱাৰ বাবেহে, যোহনে তেওঁক বাপ্তিষ্মা দিয়ে। নিজৰ বেয়া কামবোৰৰ বাবে অনুতাপ দেখুৱাই লোকসকলে যোহনৰ ওচৰলৈ বাপ্তিষ্মা ল’বলৈ আহে। কিন্তু যীচুয়েতো নিজৰ জীৱনত কেতিয়াও বেয়া কাম কৰা নাই, তেনেহ’লে তেওঁক অনুতাপ কৰাৰ প্ৰয়োজন আছে নেকি? নাই। যীচু ঈশ্বৰৰ একমাত্ৰ পুত্ৰ হয় আৰু তেওঁ স্বৰ্গৰপৰা আহিছে। যীচুয়ে আন এক কাৰণৰ বাবেহে বাপ্তিষ্মা লৈছিল। আহাঁ আমি যীচুয়ে বাপ্তিষ্মা লোৱাৰ কাৰণ বিচাৰি চাওঁ।

বাপ্তিষ্মা ল’বলৈ যোহনৰ ওচৰলৈ অহাৰ আগতে, যীচুয়ে এজন কাঠমিস্ত্ৰী হিচাপে কাম কৰিছিল। কাঠমিস্ত্ৰী কাক কোৱা হয় তোমালোকে জানানে? কাঠৰ টেবুল, চকী, বেঞ্চ আদি বনোৱা মানুহজনক কাঠমিস্ত্ৰী বুলি কোৱা হয়। যোচেফ এজন কাঠমিস্ত্ৰী আছিল আৰু তেওঁ যীচুকো এই কাম কৰিবলৈ শিকাইছিল। কিন্তু যিহোৱাই নিজৰ পুত্ৰক এজন কাঠমিস্ত্ৰী হিচাপে কাম কৰিবলৈ পৃথিৱীলৈ পঠোৱা নাছিল। তেওঁ যীচুক এক বিশেষ কামৰ বাবেহে পঠাইছিল আৰু এতিয়া সেই বিশেষ কাম কৰাৰ সময় আহি পৰিল। যীচুয়ে নিজৰ পিতৃৰ ইচ্ছা যে পূৰ কৰিবলৈ আহিছে, তাক দেখুৱাবলৈ তেওঁ যোহনৰ ওচৰলৈ বাপ্তিষ্মা ল’বলৈ আহিছিল। যীচুৰ এই কাৰ্য্য দেখি যিহোৱা ঈশ্বৰে সন্তুষ্ট হৈছিলনে?

যিহোৱাই যীচুৰ কাৰ্য্যত নিশ্চয় আনন্দিত হৈছিল। যীচুয়ে বাপ্তিষ্মা লৈ পানীৰপৰা উঠাৰ লগে লগে যিহোৱা ঈশ্বৰে স্বৰ্গৰপৰা এইদৰে কৈছিল: ‘এওঁ মোৰ প্ৰিয় পুত্ৰ। এওঁত মই পৰম সন্তুষ্ট।’ ইয়াৰ লগতে, স্বৰ্গৰপৰা এই কপৌজনী যীচুৰ ওপৰলৈ নামি আহিল। কিন্তু এই কপৌজনী প্ৰকৃত কপৌ নাছিল, ই মাত্ৰ দেখিবলৈহে কপৌৰ নিচিনা আছিল। প্ৰকৃততে ই আছিল ঈশ্বৰৰ পবিত্ৰ আত্মা।

বাপ্তিষ্মাৰ পাছত যীচুয়ে বহুত কথা চিন্তা কৰিবলগীয়া আছিল। সেইবাবে তেওঁ ৪০ দিনৰ বাবে এখন নিৰ্জন ঠাইলৈ যায়। এই ঠাইতে চয়তানে তিনিবাৰ যীচুক ঈশ্বৰৰ ব্যৱস্থাৰ বিৰুদ্ধে কাম কৰিবলৈ উদ্‌গনি দিয়ে। কিন্তু যীচুয়ে চয়তানে বিচৰাৰ দৰে কাম নকৰিলে।

চল্লিছ দিনৰ পাছত যীচু উভতিল। তেওঁ কেইজনমান লোকক সাক্ষাৎ কৰে আৰু এই লোককেইজনেই যীচুৰ শিষ্য হৈ পৰিল। তাৰে কেইজনমানৰ নাম হৈছে আন্দ্ৰিয়, চিমোন (পিতৰ), ফিলিপ আৰু নথনেল (বাৰ্থলময়)। যীচু আৰু তেওঁৰ শিষ্যকেইজনে গালীল নামৰ ঠাইখনলৈ যাত্ৰা কৰে। গালীলৰ কান্না নামৰ নগৰখনতেই নথনেলৰ ঘৰ। এই নগৰখনতে শিষ্যসকলৰ লগত যীচুয়ে এখন বিবাহ ভোজত উপস্থিত হয়। এই ভোজতে যীচুয়ে প্ৰথম আচৰিত কাৰ্য্য কৰে। তেওঁ কি কৰিলে তোমালোকে জানানে? তেওঁ পানীক দ্ৰাক্ষাৰসলৈ পৰিৱৰ্তন কৰিলে।