Skip to content

Skip to table of contents

কাহিনী ৯০

যীচু আৰু এগৰাকী চমৰীয়া তিৰোতা

যীচু আৰু এগৰাকী চমৰীয়া তিৰোতা

চমৰিয়াত উপস্থিত হৈ যীচুয়ে জিৰণিৰ বাবে এটা নাদৰ কাষত ৰ’ল। শিষ্যসকলে খাদ্যবস্তু কিনিবলৈ নগৰলৈ গৈছে। সেইসময়ত এগৰাকী তিৰোতাই নাদৰপৰা পানী নিবলৈ আহিল। যীচুয়ে তাইক ক’লে: ‘মোক পানী খাবলৈ দিয়া।’

যীচুয়ে এনেদৰে পানী খোজাৰ বাবে তিৰোতাগৰাকী বৰ আচৰিত হ’ল। তাই কিয় আচৰিত হ’ল তোমালোকে জানানে? কিয়নো যীচু হৈছে এজন যিহূদী লোক আৰু তিৰোতাগৰাকী হৈছে চমৰীয়া। যিহূদীসকলে চমৰীয়া লোকসকলক ভাল নাপায়। আনকি তেওঁলোকে সিহঁতৰ লগত কথা-বতৰাও নাপাতে। কিন্তু যীচুয়ে সকলো লোকক ভাল পায়। তেওঁ তিৰোতাগৰাকীক ক’লে: ‘তোমাক পানী খোজাজন কোন হয়, ইয়াক তুমি জনা হ’লে, তুমি তেওঁক খুজিলাহেঁতেন আৰু তেওঁ তোমাক জীৱনময় পানী দিলেহেঁতেন।’

তিৰোতাগৰাকীয়ে ক’লে: ‘হে মহাশয়, পানী তুলিবলৈ আপোনাৰ ওচৰত কোনো পাত্ৰ নাই আৰু নাদো দ। তেনেহ’লে সেই জীৱনময় পানী আপুনি ক’ৰপৰা পাব?’

এতিয়া যীচুয়ে তাইক বিতংভাৱে বৰ্ণনা কৰিলে: ‘এই নাদৰপৰা পানী খোৱা প্ৰতিজন ব্যক্তিৰ আকৌ পিয়াহ লাগিব। কিন্তু মই যি পানী দিম, তাক কোনোবাই খালে তেওঁ অনন্ত জীৱন জীয়াই থাকিব।’

ইয়াকে শুনি তিৰোতাগৰাকীয়ে যীচুক ক’লে: ‘হে মহাশয়, মোৰ পিয়াহ যেন নালাগে আৰু মই যেন সদায় পানী তুলিবলগীয়া নহয়, এই নিমিত্তে সেই পানী মোক দিয়ক।’

তিৰোতাগৰাকীয়ে ভাবিছে যে যীচুয়ে খোৱা পানীৰ বিষয়ে কথা কৈছে। কিন্তু আচলতে যীচুয়ে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ সত্যতাৰ বিষয়ে তাইক কৈছিল। এই সত্যতা জীৱনময় পানীৰ লগত তুলনা কৰিব পাৰি। ইয়ে এজন ব্যক্তিক অনন্ত জীৱন দিব পাৰে।

যীচুয়ে তিৰোতাগৰাকীক ক’লে: ‘যোৱা, তোমাৰ স্বামীক ইয়ালৈ মাতি আনা।’

তাই উত্তৰ দিলে: ‘মোৰ স্বামী নাই।’

যীচুয়ে ক’লে: ‘তুমি ঠিকেই কৈছা। কিয়নো তোমাৰ পাঁচজন স্বামী আছিল আৰু এতিয়া যিজনৰ লগত তুমি আছা, তেওঁ তোমাৰ স্বামী নহয়।’

যীচুৰ কথা শুনি তিৰোতাগৰাকীয়ে তবধ মানিলে। যীচুয়ে এই কথাবোৰ কেনেকৈ জানিলে বাৰু? কিয়নো যীচুয়েই হৈছে ঈশ্বৰে প্ৰতিজ্ঞা কৰা ব্যক্তিজন আৰু ঈশ্বৰে তেওঁক এই কথাবোৰ জনালে। যীচুয়ে তিৰোতাগৰাকীৰ লগত কথা পাতি থাকোঁতে, তেওঁৰ শিষ্যসকল নগৰৰপৰা ঘূৰি আহিল। যীচুক এগৰাকী চমৰীয়া তিৰোতাৰ লগত কথা পতা দেখি, তেওঁলোক বৰ আচৰিত হ’ল।

এই সকলোবোৰৰপৰা আমি কি শিকোঁ? আমি শিকোঁ যে যীচুয়ে সকলো জাতিৰ লোকক দয়া দেখুৱায়। আমিও তেওঁৰ দৰে আনক দয়া দেখুৱা উচিত। এজন ব্যক্তি বেলেগ জাতিৰ হোৱাৰ বাবে, তেওঁক আমি বেয়া বুলি ভবা উচিত নহয়। সকলো লোকে সত্যৰ বিষয়ে জ্ঞান লোৱাটো যীচুয়ে বিচাৰে। এই জ্ঞানে লোকসকলক অনন্ত জীৱন দিব। আমিও লোকসকলক সত্যৰ বিষয়ে শিকিবলৈ সহায় কৰা উচিত।