Skip to content

Skip to table of contents

কাহিনী ৯৭

ৰজাৰ দৰে যীচুৰ প্ৰৱেশ

ৰজাৰ দৰে যীচুৰ প্ৰৱেশ

দুজন অন্ধ ভিক্ষাৰীক সুস্থ কৰাৰ পাছত, যীচু যিৰূচালেমৰ ওচৰত থকা এখন সৰু গাঁৱলৈ আহিল। যীচুয়ে তেওঁৰ দুজন শিষ্যক ক’লে: ‘তোমালোকে ওচৰৰ গাঁৱখনলৈ যোৱা আৰু তাত বান্ধি থোৱা গাধ পোৱালি এটা পাবা। তাক লৈ আনাগৈ।’

শিষ্যকেইজনে গাধটো অনাত, যীচুয়ে তাৰ ওপৰত বহি যিৰূচালেম নগৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। নগৰৰ কাষ চপাৰ লগে লগে এটা ডাঙৰ ভিৰে তেওঁক আগুৰি ধৰে। বহুতোলোকে নিজৰ চোলা খুলি যীচু অহাৰ পথত পাৰি দিয়ে আৰু কিছুমানে খেজুৰ গছৰ ডাল কাটি পথত পাৰে। ইয়াৰ পাছত সকলোৱে একেলগে জয়ধ্বনি কৰিবলৈ ধৰিলে: ‘যিজন যিহোৱাৰ নামেৰে আহিছে, তেওঁ ধন্য।’

প্ৰাচীন সময়ত ইস্ৰায়েলত নতুনকৈ হোৱা ৰজাবিলাকে গাধত উঠি যিৰূচালেম নগৰলৈ আহিছিল। ঠিক সেইদৰে যীচুয়েও এটা গাধত উঠি যিৰূচালেমলৈ আহিছে। এই লোকসকলে নিজৰ কাৰ্য্যৰ দ্বাৰা দেখুৱাইছে যে তেওঁলোকেও যীচুক নিজৰ ৰজা হিচাপে বিচাৰে। কিন্তু সকলো লোকে যীচুয়ে ৰজা হোৱাটো বিচৰা নাই। যীচুয়ে মন্দিৰৰ ভিতৰত সোমোৱাৰ পাছত কি ঘটনা ঘটিল, তালৈ ধ্যান দিলে এই কথা আমি বুজিব পাৰিম।

মন্দিৰত প্ৰৱেশ কৰাৰ লগে লগে যীচুয়ে অন্ধ আৰু খোৰা লোকসকলক সুস্থ কৰিবলৈ ধৰে। যীচুৰ এই আচৰিত কাৰ্য্যবোৰ দেখি সৰু সৰু ল’ৰা-ছোৱালীবিলাকে তেওঁক স্তুতি কৰিবলৈ ধৰিলে। ইয়াকে শুনি পুৰোহিতবিলাকৰ বৰ খং উঠিল। তেওঁলোকে যীচুক ক’লে: ‘ইহঁতে কি কৈছে তুমি শুনিছানে?

যীচুয়ে উত্তৰ দিলে: ‘হয়, মই শুনিছোঁ। ঈশ্বৰে শিশু আৰু কেঁচুৱাবিলাকৰ মুখৰপৰাও স্তুতি কৰাব বুলি তোমালোকে শাস্ত্ৰত পঢ়া নাইনে?’ সৰু সৰু ল’ৰা-ছোৱালীবিলাকে যীচুক স্তুতি কৰিয়েই থাকিল।

আমিও সেই সৰু সৰু ল’ৰা-ছোৱালীবিলাকৰ দৰে হোৱা উচিত, নহয়নে বাৰু? কিছুমান লোকে আমাক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰাত বাধা দিব পাৰে। কিন্তু যীচুয়ে ভৱিষ্যতে কৰিবলগীয়া সকলো আচৰিত কাৰ্য্যৰ বিষয়ে আমি সদায় ঘোষণা কৰি থাকিম।

পৃথিৱীত থাকোঁতে যীচুয়ে ৰজা হিচাপে শাসন কৰাৰ সেইয়া উচিত সময় নাছিল। যীচুয়ে কেতিয়া ৰজা হিচাপে শাসন কৰিব? ইয়াৰ বিষয়ে যীচুৰ পাঁচনিবিলাকে জানিব বিচাৰিছিল। পৰৱৰ্তী অধ্যায়ত আমি ইয়াৰ বিষয়ে শিকিবলৈ পাম।