Skip to content

Skip to table of contents

কাহিনী ১১৫

এই পৃথিৱীত এখন নতুন প্ৰমোদবন

এই পৃথিৱীত এখন নতুন প্ৰমোদবন

ছবিখনত থকা ওখ ওখ গছ, ফুল আৰু পৰ্ব্বতবোৰলৈ লক্ষ্য কৰাচোন। এইবোৰে ঠাইখন ধুনীয়া কৰি তোলা নাইনে? সৰু ল’ৰাজনৰ হাতৰপৰা হৰিণটোৱে কিবা খাই থকা দেখিছানে? সিংহ আৰু ঘোঁৰাকেইটালৈ লক্ষ্য কৰাচোন। এনে এখন ঠাইত তুমি নিজৰ বাবে এটা ঘৰ বনাই থাকিবলৈ নিবিচাৰিবানে?

প্ৰমোদবনত তুমি অনন্ত জীৱন জীয়াই থকাটো ঈশ্বৰে বিচাৰে। আজি লোকসকলে দুখ-কষ্টৰ মাজেদি জীৱন অতিবাহিত কৰিছে। কিন্তু তুমি কোনো ধৰণৰ দুখ-কষ্ট বা বেদনা অনুভৱ কৰাটো ঈশ্বৰে নিবিচাৰে। প্ৰমোদবনত বাস কৰা লোকসকলৰ বাবে বাইবেলে এইদৰে প্ৰতিজ্ঞা কৰিছে: ‘ঈশ্বৰে তেওঁলোকৰ লগত বাস কৰিব। ক্ৰন্দন, বেদনা বা মৃত্যু নহ’ব। প্ৰথমবোৰ গুচিল।’

পৃথিৱীৰ ওপৰত এই পৰিৱৰ্তন আনিবলৈ যীচুয়ে ধ্যান দিব। তেওঁ এইবোৰ কেতিয়া কৰিব তুমি জানানে? পৃথিৱীৰপৰা সকলো দুষ্টতা আৰু দুষ্ট লোকসকলক বিনাশ কৰাৰ পাছত, তেওঁ এই পৰিৱৰ্তন আনিব। তোমাৰ নিশ্চয় মনত আছে যে যীচুয়ে পৃথিৱীত থকাৰ সময়ত, তেওঁ লোকসকলক বেমাৰৰপৰা সুস্থ কৰিছিল আৰু মৃত লোকসকলক পুনৰ জীৱিত কৰিছিল। ইয়াৰ যোগেদি তেওঁ প্ৰমাণ কৰি দেখুৱালে যে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে তেওঁ ভৱিষ্যতে, গোটেই পৃথিৱীজোৰি এইবোৰ সম্ভৱ কৰি তুলিব।

এই পৃথিৱীখনত এক নতুন প্ৰমোদবন হোৱাটো আনন্দৰ কথা নহয়নে? যীচু আৰু তেওঁ নিৰ্ব্বাচন কৰা লোকসকলে স্বৰ্গত শাসন কৰিব। এই শাসকসকলে পৃথিৱীত থকা লোকসকলৰ যত্ন ল’ব আৰু সকলোৱে যাতে আনন্দত থাকে, তাৰ প্ৰতি ধ্যান দিব। কিন্তু সেই প্ৰমোদবনত অনন্ত জীৱন লাভ কৰিবলৈ হ’লে, আমি কি কৰাৰ প্ৰয়োজন আছে? আহাঁ আমি ইয়াৰ উত্তৰ বিচাৰি চাওঁ।

প্ৰকাশিত বাক্য ২১:৩, ৪; ৫:৯, ১০; ১৪:১-৩.