Skip to content

Skip to table of contents

বাইবেলৰ কাহিনী কিতাপখনৰ অধ্যয়নৰ বাবে প্ৰশ্ন

বাইবেলৰ কাহিনী কিতাপখনৰ অধ্যয়নৰ বাবে প্ৰশ্ন

কাহিনী ১

ঈশ্বৰে সৃষ্টি কৰিবলৈ আৰম্ভ কৰে

  1. ১. আমাৰ ওচৰত থকা ভাল বস্তুবোৰ ক’ৰপৰা আহিছে? ইয়াৰ এটা উদাহৰণ দিব পাৰিবানে?

  2. ২. ঈশ্বৰে সৰ্ব্বপ্ৰথমে কি সৃষ্টি কৰিছিল?

  3. ৩. ঈশ্বৰে সৃষ্টি কৰা প্ৰথম স্বৰ্গদূতজন কিয় বিশেষ আছিল?

  4. ৪. আৰম্ভণিতে পৃথিৱীখন দেখিবলৈ কেনেকুৱা আছিল? (ছবিখনলৈ চোৱা।)

  5. ৫. জীৱ-জন্তু আৰু মানুহ থাকিবলৈ ঈশ্বৰে পৃথিৱীখনক কেনেকৈ গঢ়ি তুলিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিৰিমিয়া ১০:১২ পঢ়া।

    ঈশ্বৰৰ সৃষ্টিৰপৰা আমি তেওঁৰ কি কি গুণ দেখিবলৈ পাওঁ? (যিচ. ৪০:২৬; ৰোমী. ১১:৩৩)

  2. ২. কলচীয়া ১:১৫-১৭ পঢ়া।

    সৃষ্টিত যীচুৰ ভূমিকা কি আৰু তেওঁৰ প্ৰতি আমাৰ কেনে দৃষ্টিভংগী হোৱা উচিত? (কল. ১:১৫-১৭)

  3. ৩. আদিপুস্তক ১:১-১০ পঢ়া।

    1. (ক) পৃথিৱীখনক কোনে সৃষ্টি কৰিলে? (আদি. ১:১)

    2. (খ) প্ৰথমদিনাখন ঈশ্বৰে কি সৃষ্টি কৰিছিল? (আদি ১:৩-৫)

    3. (গ) দ্বিতীয়দিনাখন কি সৃষ্টি কৰা হৈছিল তাৰ বিষয়ে বৰ্ণনা কৰা। (আদি. ১:৭, ৮)

কাহিনী ২

এখন সুন্দৰ বাগিচা

  1. ১. আমাৰ বাবে ঈশ্বৰে পৃথিৱীখনক কেনেকৈ সুন্দৰ কৰি তুলিলে?

  2. ২. ঈশ্বৰে সৃষ্টি কৰা বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তুবোৰৰ বিষয়ে বৰ্ণনা কৰা। (ছবিখনলৈ চোৱা।)

  3. ৩. এদন বাগিচাখন কিয় বিশেষ আছিল?

  4. ৪. গোটেই পৃথিৱীখন কেনে হোৱাটো ঈশ্বৰে বিচাৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ১:১১-২৫ পঢ়া।

    1. (ক) তৃতীয়দিনাখন ঈশ্বৰে কি সৃষ্টি কৰিছিল? (আদি. ১:১২)

    2. (খ) চতুৰ্থদিনাখন কি সৃষ্টি কৰা হৈছিল? (আদি. ১:১৬)

    3. (গ) পঞ্চম আৰু ষষ্ঠমদিনাখন ঈশ্বৰে কেনেধৰণৰ জীৱ-জন্তুবোৰৰ সৃষ্টি কৰিছিল? (আদি. ১:২০, ২১, ২৫)

  2. ২. আদিপুস্তক ২:৮, ৯ পঢ়া।

    ঈশ্বৰে বাগিচাখনত কি বিশেষ দুজোপা গছ ৰুইছিল আৰু সেই গছ দুজোপাই কি চিত্ৰিত কৰিছিল?

কাহিনী ৩

মানৱৰ সৃষ্টি

  1. ১. তিনি নম্বৰ কাহিনীত দেখুৱা ছবিখনৰ লগত দুই নম্বৰ কাহিনীটোৰ ছবিখনৰ কি পাৰ্থক্য আছে?

  2. ২. প্ৰথম পুৰুষজনক কোনে সৃষ্টি কৰিছিল আৰু তেওঁৰ নাম কি আছিল?

  3. ৩. ঈশ্বৰে আদমক কি কাম কৰিবলৈ দিছিল?

  4. ৪. ঈশ্বৰে কিয় আদমক গভীৰ টোপনি নিয়ালে?

  5. ৫. আদম আৰু হৱাই কিমান দিন জীয়াই থাকিব পাৰিলেহেঁতেন আৰু যিহোৱাই তেওঁলোকৰপৰা কি কাম কৰাটো আশা কৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. গীতমালা ৮৩:১৮ পঢ়া।

    ঈশ্বৰৰ নাম কি হয় আৰু গোটেই পৃথিৱীৰ ওপৰত তেওঁৰ কি অধিকাৰ আছে? (যিৰি. ১৬:২১; দানি. ৪:১৭)

  2. ২. আদিপুস্তক ১:২৬-৩১ পঢ়া।

    1. (ক) ষষ্ঠমদিনাখন ঈশ্বৰে কি সৃষ্টি কৰিছিল আৰু জীৱ-জন্তুৰ সৃষ্টিৰপৰা এই সৃষ্টি কিয় বেলেগ আছিল? (আদি. ১:২৬)

    2. (খ) মানুহ আৰু জীৱ-জন্তুৰ বাবে ঈশ্বৰে কি প্ৰৱন্ধ কৰিছিল? (আদি. ১:৩০)

  3. ৩. আদিপুস্তক ২:৭-২৫ পঢ়া।

    1. (ক) জীৱ-জন্তুবোৰক নাম দিবলৈ আদমক কি কৰাৰ প্ৰয়োজন আছিল? (আদি. ২:১৯)

    2. (খ) বিবাহ, পৃথকে থকা আৰু বিবাহ-বিচ্ছেদৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী বুজিবলৈ, আদিপুস্তক ২:২৪ পদটোৱে আমাক কেনেকৈ সহায় কৰে? (মথি ১৯:৪-৬, ৯)

কাহিনী ৪

তেওঁলোকক এদন বাগিচাৰপৰা কিয় উলিয়াই দিলে

  1. ১. ছবিখনত দেখুৱাৰ দৰে আদম আৰু হৱাৰ কি হৈছে?

  2. ২. যিহোৱাই আদম আৰু হৱাক কিয় শাস্তি দিলে?

  3. ৩. এডাল সাপে হৱাক কি কৈছিল?

  4. ৪. সাপৰ যোগেদি কোনে হৱাৰ লগত কথা পাতিছিল?

  5. ৫. আদম আৰু হৱাই এদন বাগিচাত থকাৰ সুযোগ কিয় হেৰুৱালে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ২:১৬, ১৭ আৰু ৩:১-১৩, ২৪ পঢ়া।

    1. (ক) যিহোৱাৰ বিৰুদ্ধে চয়তানে কি মিছা কথা কৈছিল? (আদি. ৩:১-৫; ১ যোহ. ৫:৩)

    2. (খ) হৱাৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (ফিলি. ৪:৮; যাকো. ১:১৪, ১৫; ১ যোহ. ২:১৬)

    3. (গ) আদম আৰু হৱাই কেনেকৈ দেখুৱালে যে তেওঁলোকে নিজৰ ভুল স্বীকাৰ কৰা নাছিল? (আদি. ৩:১২, ১৩)

    4. (ঘ) এদন বাগিচাৰ পূবফালে ঈশ্বৰে কৰূবকেইজনক কিয় নিযুক্ত কৰিলে? (আদি. ৩:২৪)

  2. ২. প্ৰকাশিত বাক্য ১২:৯ পঢ়া।

    চয়তানে মানৱ জাতিক ঈশ্বৰৰ শাসনৰ বিৰুদ্ধে লৈ যাবলৈ কিমান দূৰ সফল হৈছে? (১ যোহ. ৫:১৯)

কাহিনী ৫

এক কষ্টকৰ জীৱনৰ আৰম্ভণি

  1. ১. এদন বাগিচাৰ বাহিৰত আদম আৰু হৱাই কেনে জীৱন অতিবাহিত কৰিছিল?

  2. ২. নিষিদ্ধ ফল খোৱাৰ ফলত আদম আৰু হৱাৰ কি হ’ল?

  3. ৩. আদম আৰু হৱাৰ ল’ৰা-ছোৱালীবিলাকে বৃদ্ধ আৰু মৃত্যু হোৱাৰ কাৰণ কি?

  4. ৪. যদি আদম আৰু হৱাই যিহোৱাৰ আজ্ঞা পালন কৰিলেহেঁতেন, তেনেহ’লে তেওঁলোক আৰু তেওঁলোকৰ ল’ৰা-ছোৱালীবিলাকৰ জীৱন কেনে হ’লহেঁতেন?

  5. ৫. হৱাই ঈশ্বৰৰ আজ্ঞা পালন নকৰাৰ বাবে কি দুখ-কষ্টৰ সন্মুখীন হৈছিল?

  6. ৬. আদম আৰু হৱাৰ দুজন পুত্ৰৰ নাম কি আছিল?

  7. ৭. ছবিখনত দেখুৱা আন ল’ৰা-ছোৱালীবিলাক কোন হয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৩:১৬-২৩ আৰু ৪:১, ২ পঢ়া।

    1. (ক) ভূমি অভিশপ্ত হোৱাৰ বাবে আদমৰ জীৱন কেনেকৈ প্ৰভাৱিত হ’ল? (আদি. ৩:১৭-১৯; ৰোমী. ৮:২০, ২২)

    2. (খ) হীব্ৰু ভাষাত হৱা নামৰ অৰ্থ হৈছে “জীৱিত”। এই নাম কিয় সঠিক? (আদি. ৩:২০)

    3. (গ) আদম আৰু হৱাই পাপ কৰাৰ পাছতো, যিহোৱাই তেওঁলোকৰ প্ৰতি কেনেকৈ সহানুভূতি দেখুৱাইছিল? (আদি. ৩:৭, ২১)

  2. ২. প্ৰকাশিত বাক্য ২১:৩, ৪ পঢ়া।

    কেনে পৰিস্থিতিবোৰ তুমি নাইকিয়া হোৱাটো বিচাৰা?

কাহিনী ৬

ভাল ল’ৰা আৰু দুষ্ট ল’ৰা

  1. ১. কয়িন আৰু হেবলে ডেকা হৈ কি কাম কৰিবলৈ ধৰিলে?

  2. ২. কয়িন আৰু হেবলে যিহোৱালৈ কি উপহাৰ আগবঢ়াইছিল?

  3. ৩. যিহোৱাই হেবলৰ উপহাৰত কিয় সন্তুষ্ট হ’ল আৰু কয়িনৰ উপহাৰত কিয় সন্তুষ্ট নহ’ল?

  4. ৪. কয়িন কেনেধৰণৰ ব্যক্তি আছিল আৰু তেওঁক শুধৰাবলৈ যিহোৱাই কি চেষ্টা কৰিছিল?

  5. ৫. পথাৰত নিজৰ ভায়েকৰ লগত থাকোঁতে কয়িনে কি কৰিলে?

  6. ৬. নিজৰ ভায়েকক হত্যা কৰাৰ পাছত কয়িনৰ কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৪:২-২৬ পঢ়া।

    1. (ক) কয়িনে যি বিপদজনক পৰিস্থিতিত আছিল তাৰ বিষয়ে যিহোৱাই কি বৰ্ণনা কৰিছিল? (আদি. ৪:৭)

    2. (খ) নিজৰ হৃদয়ত কি আছে, তাক কয়িনে কেনেকৈ প্ৰকাশ কৰিলে? (আদি. ৪:৯)

    3. (গ) হত্যা কৰাৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি? (আদি. ৪:১০; যিচ. ২৬:২১)

  2. ২. ১ যোহন ৩:১১, ১২ পঢ়া।

    1. (ক) কয়িনে খং উঠাৰ কাৰণ কি আৰু ইয়াৰপৰা আমি কি শিকিবলৈ পাওঁ? (আদি. ৪:৪, ৫; হিতো. ১৪:৩০; ২৮:২২)

    2. (খ) বাইবেলে কেনেকৈ দেখুৱায় যে আমাৰ পৰিয়ালৰ লোকসকলে যিহোৱাৰ বিৰোধ কৰাৰ সত্ত্বেও, আমি নিষ্ঠা বজাই ৰাখিব পাৰোঁ? (গীত. ২৭:১০; মথি ১০:২১, ২২)

  3. ৩. যোহন ১১:২৫ পঢ়া।

    ধাৰ্ম্মিকতাৰ বাবে মৃত্যু হোৱা লোকসকলৰ বাবে যিহোৱাই কি আশ্বাস দিছে? (যোহ. ৫:২৪)

কাহিনী ৭

এজন সাহসী পুৰুষ

  1. ১. হনোক তেওঁৰ সময়ৰ লোকসকলতকৈ কেনেকৈ বেলেগ আছিল?

  2. ২. হনোকৰ সময়ত লোকসকলে কিয় ইমান বেয়া কাম কৰিছিল?

  3. ৩. লোকসকলে কেনেধৰণৰ বেয়া কাম কৰিছিল? (ছবিখনলৈ চোৱা।)

  4. ৪. হনোকে কিয় সাহসী হোৱাৰ প্ৰয়োজন আছিল?

  5. ৫. সেইসময়ত লোকসকলে কিমান বছৰ জীয়াই আছিল, কিন্তু হনোকে কিমান বছৰ জীয়াই থাকিল?

  6. ৬. হনোকৰ মৃত্যুৰ পাছত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৫:২১-২৪, ২৭ পঢ়া।

    1. (ক) যিহোৱাৰ লগত হনোকৰ কেনে সম্বন্ধ আছিল? (আদি. ৫:২৪)

    2. (খ) বাইবেলত উল্লেখ কৰা অনুসৰি কোনে আটাইতকৈ বেছি বছৰ জীয়াই আছিল আৰু মৃত্যুৰ সময়ত তেওঁৰ বয়স কিমান আছিল? (আদি. ৫:২৭)

  2. ২. আদিপুস্তক ৬:৫ পঢ়া।

    হনোকৰ মৃত্যুৰ পাছত পৃথিৱীৰ পৰিস্থিতি কি হৈছিল আৰু বৰ্তমান সময়ৰ পৰিস্থিতিৰ লগত ইয়াৰ কেনেকৈ মিল থকা দেখিবলৈ পোৱা যায়? (২ তীম. ৩:১৩)

  3. ৩. ইব্ৰী ১১:৫ পঢ়া।

    হনোকৰ কোনটো গুণে ঈশ্বৰক “সন্তুষ্ট” কৰিছিল আৰু ইয়াৰ পৰিণাম কি হ’ল? (আদি. ৫:২২)

  4. ৪. যিহূদা ১৪, ১৫ পঢ়া।

    আহিবলগীয়া হৰমাগিদোনৰ যুদ্ধৰ বিষয়ে সতৰ্ক কৰাৰ সময়ত, আজি সত্য খ্ৰীষ্টানসকলে হনোকৰ সাহসী গুণটো কেনেকৈ অনুকৰণ কৰিব পাৰে? (২ তীম. ৪:২; ইব্ৰী ১৩:৬)

কাহিনী ৮

পৃথিৱীত নাফিল

  1. ১. ঈশ্বৰৰ কিছুমান স্বৰ্গদূতে চয়তানৰ কথা শুনাৰ বাবে কি পৰিণাম হ’ল?

  2. ২. কিছুমান স্বৰ্গদূতে স্বৰ্গত নিজৰ কাম এৰি পৃথিৱীলৈ কিয় নামি আহিল?

  3. ৩. স্বৰ্গদূতবিলাকে স্বৰ্গৰপৰা পৃথিৱীলৈ নামি অহা আৰু মানৱ শৰীৰ ধাৰণ কৰাটো কিয় এক বেয়া কাম আছিল?

  4. ৪. আনৰ তুলনাত স্বৰ্গদূতসকলৰ সন্তানবিলাকৰ কি পাৰ্থক্য আছিল?

  5. ৫. ছবিখনত দেখুৱাৰ দৰে স্বৰ্গদূতসকলৰ সন্তানবিলাকে ডাঙৰ হোৱাৰ লগে লগে কি কৰিছিল?

  6. ৬. হনোকৰ মৃত্যুৰ পাছত জীয়াই থকা ভাল মানুহজনৰ নাম কি আছিল আৰু ঈশ্বৰে তেওঁক কিয় ভাল পাইছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৬:১-৮ পঢ়া।

    আমাৰ আচৰণে যিহোৱাক কেনেকৈ প্ৰভাৱিত কৰিব পাৰে, তাৰ বিষয়ে আদিপুস্তক ৬:৬ পদটোৱে কি প্ৰকাশ কৰিছে? (গীত. ৭৮:৪০, ৪১; হিতো. ২৭:১১)

  2. ২. যিহূদা ৬ পঢ়া।

    নোহৰ দিনত “নিজৰ আধিপত্য নাৰাখি” পৃথিৱীলৈ অহা স্বৰ্গদূতবিলাকৰপৰা আমি কি শিকিব পাৰোঁ? (১ কৰি. ৩:৫-৯; ২ পিত. ২:৪, ৯, ১০)

কাহিনী ৯

নোহৰ জাহাজ

  1. ১. নোহৰ পৰিয়ালত কেইজন লোক আছিল? তেওঁৰ তিনিজন পুত্ৰৰ নাম কি আছিল?

  2. ২. ঈশ্বৰে নোহক কি এক বিশেষ কাম কৰিবলৈ আজ্ঞা দিছিল আৰু কিয়?

  3. ৩. নোহে নিজৰ চুবুৰীয়াবিলাকক জাহাজৰ বিষয়ে কোৱাত তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

  4. ৪. জীৱ-জন্তুবোৰৰ বিষয়ে ঈশ্বৰে নোহক কি আজ্ঞা দিছিল?

  5. ৫. ঈশ্বৰে জাহাজৰ দুৱাৰখন বন্ধ কৰাৰ পাছত, নোহ আৰু তেওঁৰ পৰিয়ালৰ লোকসকলে কি কৰিবলগীয়া হৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৬:৯-২২ পঢ়া।

    1. (ক) কিহৰ বাবে নোহ সত্য ঈশ্বৰৰ এজন উল্লেখনীয় উপাসক আছিল? (আদি. ৬:৯, ২২)

    2. (খ) হিংসাৰ প্ৰতি যিহোৱাৰ দৃষ্টিভংগী কি আৰু মনোৰঞ্জনৰ লগত জড়িত থকা বিষয়বোৰত ই আমাক কেনেকৈ প্ৰভাৱিত কৰা উচিত? (আদি. ৬:১১, ১২; গীত. ১১:৫)

    3. (গ) যেতিয়া আমি যিহোৱাৰ সংগঠনৰপৰা নিৰ্দ্দেশনা পাওঁ, তেতিয়া আমি নোহৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (আদি. ৬:২২; ১ যোহ. ৫:৩)

  2. ২. আদিপুস্তক ৭:১-৯ পঢ়া।

    নোহ অসিদ্ধ হোৱাৰ সত্ত্বেও যিহোৱাই তেওঁক ধাৰ্ম্মিক বুলি গণ্য কৰিছিল। এই কথাই আজি আমাক কেনেকৈ উৎসাহিত কৰে? (আদি. ৭:১; হিতো. ১০:১৬; যিচ. ২৬:৭)

কাহিনী ১০

জল-প্লাৱন

  1. ১. বৰষুণ আৰম্ভ হোৱাৰ পাছত, কোনেও জাহাজৰ ভিতৰত কিয় সোমাব নোৱাৰিলে?

  2. ২. কিমান দিন আৰু কিমান ৰাতি বৰষুণ পৰিছিল আৰু পৃথিৱীত পানী কিমান হৈছিল?

  3. ৩. পানী বাঢ়ি যোৱাৰ লগে লগে জাহাজখনৰ কি হ’ল?

  4. ৪. জল-প্লাৱনত নাফিলবিলাকৰ কি হ’ল? নাফিলবিলাকৰ পিতৃসকলৰ কি হ’ল?

  5. ৫. পাঁচমাহৰ পাছত জাহাজখনৰ কি হ’ল?

  6. ৬. নোহে জাহাজৰপৰা এটা ঢোঁৰা কাউৰী কিয় এৰি দিছিল?

  7. ৭. পানী শুকালে বুলি নোহে কেনেকৈ জানিব পাৰিলে?

  8. ৮. এবছৰতকৈও বেছি সময় জাহাজত থাকি নোহ আৰু তেওঁৰ পৰিয়াল যেতিয়া বাহিৰলৈ ওলাই আহিল, তেতিয়া ঈশ্বৰে তেওঁলোকক কি ক’লে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৭:১০-২৪ পঢ়া।

    1. (ক) জল-প্লাৱনৰ ফলত পৃথিৱীত কিমান ধ্বংস হৈছিল? (আদি. ৭:২৩)

    2. (খ) জল-প্লাৱনৰ পানী শুকাবলৈ কিমান সময় লাগিছিল? (আদি. ৭:১১; ৮:১৩, ১৪)

  2. ২. আদিপুস্তক ৮:১-১৭ পঢ়া।

    পৃথিৱীৰ বাবে যিহোৱাৰ আৰম্ভণিতে যি উদ্দেশ্য আছিল, সেইয়া সলনি হোৱা নাই বুলি আদিপুস্তক ৮:১৭ পদটোৱে কেনেকৈ প্ৰমাণ কৰে? (আদি. ১:২২)

  3. ৩. ১ পিতৰ ৩:১৯, ২০ পঢ়া।

    1. (ক) বিদ্ৰোহী স্বৰ্গদূতবিলাকে স্বৰ্গলৈ উভতি যোৱাত তেওঁলোকক কি শাস্তি দিয়া হ’ল? (যিহূ. ৬)

    2. (খ) যিহোৱাই তেওঁৰ লোকসকলক ৰক্ষা কৰিব পাৰে বুলি নোহ আৰু তেওঁৰ পৰিয়ালৰ উদাহৰণে আমাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰে? (২ পিত. ২:৯)

কাহিনী ১১

প্ৰথম মেঘধেনু

  1. ১. ছবিখনত দেখুৱাৰ দৰে, জাহাজৰপৰা ওলাই অহাৰ পাছত নোহে সৰ্ব্বপ্ৰথমে কি কৰিলে?

  2. ২. জল-প্লাৱনৰ পাছত নোহ আৰু তেওঁৰ পৰিয়ালক ঈশ্বৰে কি আজ্ঞা দিছিল?

  3. ৩. ঈশ্বৰে নোহক কি প্ৰতিজ্ঞা কৰিছিল?

  4. ৪. মেঘধেনু দেখিলে আমি কি কথা মনত পেলোৱা উচিত?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৮:১৮-২২ পঢ়া।

    1. (ক) বৰ্তমানে আমি যিহোৱালৈ “সুঘ্ৰাণ” অৰ্থাৎ সুগন্ধিৰূপ বলিদান কেনেকৈ আগবঢ়াব পাৰোঁ? (আদি. ৮:২১; ইব্ৰী ১৩:১৫, ১৬)

    2. (খ) যিহোৱাই মানুহৰ হৃদয়ক কেনেকৈ পৰীক্ষা কৰে আৰু আমি কিহৰ বিষয়ে সাৱধান হোৱা উচিত? (আদি. ৮:২১; মথি ১৫:১৮, ১৯)

  2. ২. আদিপুস্তক ৯:৯-১৭ পঢ়া।

    1. (ক) পৃথিৱীৰ সকলো প্ৰাণীৰ লগত যিহোৱাই কি নিয়ম স্থাপন কৰিলে? (আদি. ৯:১০, ১১)

    2. (খ) যিহোৱা ঈশ্বৰে মেঘধেনুৰ যোগেদি কৰা নিয়ম কেতিয়ালৈকে থাকিব? (আদি. ৯:১৬)

কাহিনী ১২

এটা ওখ ঘৰৰ নিৰ্ম্মাণ

  1. ১. নিম্ৰোদ কোন আছিল আৰু ঈশ্বৰে তেওঁক ভাল পাইছিলনে?

  2. ২. ছবিখনত দেখুৱাৰ দৰে লোকসকলে ইটা কিয় বনাইছে?

  3. ৩. যিহোৱাই এই নিৰ্ম্মাণ কাৰ্য্যক কিয় সমৰ্থন কৰা নাছিল?

  4. ৪. ওখ ঘৰৰ নিৰ্ম্মাণ কাৰ্য্যক ঈশ্বৰে কেনেকৈ বন্ধ কৰিলে?

  5. ৫. নগৰখনৰ নাম কি ৰখা হ’ল আৰু ইয়াৰ অৰ্থ কি?

  6. ৬. ঈশ্বৰে ভাষাৰ মাজত ভেদাভেদ কৰাৰ ফলত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ১০:১, ৮-১০ পঢ়া।

    নিম্ৰোদ কেনেধৰণৰ ব্যক্তি আছিল আৰু ইয়ে আমাৰ বাবে কি শিক্ষা দিয়ে? (হিতো. ৩:৩১)

  2. ২. আদিপুস্তক ১১:১-৯ পঢ়া।

    ওখ ঘৰ নিৰ্ম্মাণ কৰাৰ উদ্দেশ্য কি আছিল আৰু এই নিৰ্ম্মাণ কাৰ্য্য কিয় সফল নহ’ল? (আদি. ১১:৪; হিতো. ১৬:১৮; যোহ. ৫:৪৪)

কাহিনী ১৩

ঈশ্বৰৰ বন্ধু—অব্ৰাহাম

  1. ১. ঊৰ নামৰ নগৰখনত কেনেধৰণৰ লোকসকলে বাস কৰিছিল?

  2. ২. ছবিখনত দেখুৱা ব্যক্তিজন কোন হয়? তেওঁৰ জন্ম কেতিয়া হৈছিল আৰু তেওঁ ক’ত বাস কৰিছিল?

  3. ৩. ঈশ্বৰে অব্ৰাহামক কি কৰিবলৈ আজ্ঞা দিছিল?

  4. ৪. অব্ৰাহামক কিয় ঈশ্বৰৰ বন্ধু বুলি কোৱা হয়?

  5. ৫. অব্ৰাহামে ঊৰ নগৰ ত্যাগ কৰাৰ সময়ত, তেওঁৰ লগত কোনে যোগ দিছিল?

  6. ৬. অব্ৰাহামে কনান দেশত উপস্থিত হোৱাৰ পাছত ঈশ্বৰে তেওঁক কি কৈছিল?

  7. ৭. অব্ৰাহামৰ ৯৯ বছৰ বয়সত ঈশ্বৰে তেওঁক কি প্ৰতিজ্ঞা কৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ১১:২৭-৩২ পঢ়া।

    1. (ক) অব্ৰাহামৰ লগত লোটৰ কি সম্পৰ্ক আছিল? (আদি. ১১:২৭)

    2. (খ) অব্ৰাহামে নিজৰ পৰিয়ালৰ সৈতে কনান দেশলৈ কিয় গৈছিল? (আদি. ১১:৩১; পাঁচ. ৭:২-৪)

  2. ২. আদিপুস্তক ১২:১-৭ পঢ়া।

    অব্ৰাহামে কনান দেশত উপস্থিত হোৱাৰ পাছত, যিহোৱাই তেওঁৰ লগত কৰা নিয়মটোত আৰু কি যোগ দিলে? (আদি. ১২:৭)

  3. ৩. আদিপুস্তক ১৭:১-৮, ১৫-১৭ পঢ়া।

    1. (ক) অব্ৰামৰ ৯৯ বছৰ বয়সত ঈশ্বৰে তেওঁক কি নাম দিলে আৰু কিয়? (আদি. ১৭:৫)

    2. (খ) যিহোৱা ঈশ্বৰে চাৰাক কি আশীৰ্ব্বাদ দিয়াৰ প্ৰতিজ্ঞা কৰিছিল? (আদি. ১৭:১৫, ১৬)

  4. ৪. আদিপুস্তক ১৮:৯-১৯ পঢ়া।

    1. (ক) আদিপুস্তক ১৮:১৯ পদটোত পিতৃসকলৰ বাবে কি দায়িত্ব উল্লেখ কৰা হৈছে? (দ্বিতী. ৬:৬, ৭; ইফি. ৬:৪)

    2. (খ) আমি যিহোৱাৰ দৃষ্টিৰপৰা একো লুকুৱাই ৰাখিব নোৱাৰোঁ। এই বিষয়ে আমি চাৰাৰ উদাহৰণৰপৰা কি শিকিব পাৰোঁ? (আদি. ১৮:১২, ১৫; গীত. ৪৪:২১)

কাহিনী ১৪

ঈশ্বৰৰ দ্বাৰা অব্ৰাহামৰ পৰীক্ষা

  1. ১. ঈশ্বৰে অব্ৰাহামক কি প্ৰতিজ্ঞা কৰিছিল আৰু তাক তেওঁ কেনেকৈ পূৰ কৰিলে?

  2. ২. ছবিখনত দেখুৱাৰ দৰে ঈশ্বৰে কেনেকৈ অব্ৰাহামৰ বিশ্বাসৰ পৰীক্ষা ল’লে?

  3. ৩. ঈশ্বৰৰ আজ্ঞা যদিও অব্ৰাহামে বুজি নাপালে, তথাপিও তেওঁ কি কৰিলে?

  4. ৪. অব্ৰাহামে নিজৰ পুত্ৰক ছুৰীখনেৰে বলিদান কৰিবলৈ লওঁতে কি ঘটিল?

  5. ৫. ঈশ্বৰৰ ওপৰত অব্ৰাহামৰ বিশ্বাস কিমান দৃঢ় আছিল?

  6. ৬. বলিদান আগবঢ়াবলৈ ঈশ্বৰে অব্ৰাহামক কি প্ৰৱন্ধ কৰিলে আৰু কেনেকৈ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ২১:১-৭ পঢ়া।

    অব্ৰাহামে নিজৰ পুত্ৰক অষ্টমদিনাখন কিয় চুন্নৎ কৰিছিল? (আদি. ১৭:১০-১২; ২১:৪)

  2. ২. আদিপুস্তক ২২:১-১৮ পঢ়া।

    ইচ্‌হাকে নিজৰ দেউতাক অব্ৰাহামৰ প্ৰতি কেনেকৈ অধীনতা দেখুৱালে আৰু এই ঘটনাটোৱে ভৱিষ্যতে হ’বলগীয়া এক বিশেষ ঘটনাৰ কেনেকৈ পূৰ্বাভাস দিয়ে? (আদি. ২২:৭-৯; ১ কৰি. ৫:৭; ফিলি. ২:৮, ৯)

কাহিনী ১৫

লোটৰ পত্নী

  1. ১. অব্ৰাহাম আৰু লোটে কিয় বেলেগে বেলেগে থাকিবলৈ ল’লে?

  2. ২. লোটে চদোম নগৰত কিয় বাস কৰিবলৈ নিৰ্ণয় লয়?

  3. ৩. চদোমত বাস কৰা লোকসকল কেনেকুৱা আছিল?

  4. ৪. দুজন স্বৰ্গদূতে লোটক কি জনাইছিল?

  5. ৫. লোটৰ পত্নী কিয় লোণৰ স্তস্ভ হৈ পৰিল?

  6. ৬. লোটৰ পত্নীৰ উদাহৰণৰপৰা আমি কি শিক্ষা পাওঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ১৩:৫-১৩ পঢ়া।

    দুজন ব্যক্তিৰ মাজত হোৱা সমস্যাবোৰ সমাধান কৰিবলৈ অব্ৰাহামৰপৰা আমি কি শিকিবলৈ পাওঁ? (আদি. ১৩:৮, ৯; ৰোমী. ১২:১০; ফিলি. ২:৩, ৪)

  2. ২. আদিপুস্তক ১৮:২০-৩৩ পঢ়া।

    অব্ৰাহামৰ লগত যিহোৱাই কৰা ব্যৱহাৰৰপৰা আমি কেনেকৈ বিশ্বাস কৰিব পাৰোঁ যে যিহোৱা আৰু যীচুয়ে ধাৰ্ম্মিকতাৰে বিচাৰ কৰিব? (আদি. ১৮:২৫, ২৬; মথি ২৫:৩১-৩৩)

  3. ৩. আদিপুস্তক ১৯:১-২৯ পঢ়া।

    1. (ক) বাইবেলৰ এই বিৱৰণ অনুসৰি, সমকামিতাৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি? (আদি. ১৯:৫, ১৩; লেবী. ২০:১৩)

    2. (খ) লোট আৰু অব্ৰাহামে ঈশ্বৰৰ নিৰ্দ্দেশনাৰ প্ৰতি দেখুৱা প্ৰতিক্ৰিয়াৰ মাজত কি পাৰ্থক্য আছিল আৰু ইয়াৰপৰা আমি কি শিকোঁ? (আদি. ১৯:১৫, ১৬, ১৯, ২০; ২২:৩)

  4. ৪. লূক ১৭:২৮-৩২ পঢ়া।

    ভৌতিক বস্তুবোৰৰ প্ৰতি লোটৰ পত্নীৰ কেনে দৃষ্টিভংগী আছিল আৰু ইয়ে আমাক কি শিক্ষা দিয়ে? (লূক ১২:১৫; ১৭:৩১, ৩২; মথি ৬:১৯-২১, ২৫)

  5. ৫. ২ পিতৰ ২:৬-৮ পঢ়া।

    লোটৰ দৰে আমিও এই অধাৰ্ম্মিক জগতৰ প্ৰতি কেনে দৃষ্টিভংগী ৰখা উচিত? (যিহি. ৯:৪; ১ যোহ. ২:১৫-১৭)

কাহিনী ১৬

ইচ্‌হাকৰ বাবে পত্নী

  1. ১. ছবিখনত দেখুৱা ব্যক্তিজন আৰু তিৰোতাগৰাকী কোন হয়?

  2. ২. পুত্ৰৰ বাবে এগৰাকী পত্নী পাবলৈ অব্ৰাহামে কি কৰিলে আৰু কিয়?

  3. ৩. অব্ৰাহামৰ দাসে কৰা প্ৰাৰ্থনাৰ উত্তৰ ঈশ্বৰে কেনেকৈ দিয়ে?

  4. ৪. ইচ্‌হাকৰ লগত বিয়া হ’বলৈ যেতিয়া ৰিবেকাক সোধা হয়, তেতিয়া তাই কি উত্তৰ দিছিল?

  5. ৫. ইচ্‌হাক কিয় পুনৰ আনন্দিত হৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ২৪:১-৬৭ পঢ়া।

    1. (ক) নাদৰ কাষত অব্ৰাহামৰ দাসক লগ পোৱাৰ সময়ত ৰিবেকাই কি ভাল গুণ দেখুৱাইছিল? (আদি. ২৪:১৭-২০; হিতো. ৩১:১৭, ৩১)

    2. (খ) অব্ৰাহামে ইচ্‌হাকৰ বাবে কৰা প্ৰৱন্ধৰ যোগেদি আজি সত্য খ্ৰীষ্টানসকলৰ বাবে তেওঁ কি ভাল উদাহৰণ ৰাখিলে? (আদি. ২৪:৩৭, ৩৮; ১ কৰি. ৭:৩৯; ২ কৰি. ৬:১৪)

    3. (গ) ইচ্‌হাকৰ দৰে আমিও ধ্যান কৰিবলৈ কিয় সময় উলিওৱা উচিত? (আদি. ২৪:৬৩; গীত. ৭৭:১২; ফিলি. ৪:৮)

কাহিনী ১৭

যঁজা কিন্তু মিল নাই

  1. ১. এচৌ আৰু যাকোব কোন? তেওঁলোকৰ মাজত কি পাৰ্থক্য আছিল?

  2. ২. অব্ৰাহামৰ মৃত্যুৰ সময়ত এচৌ আৰু যাকোবৰ বয়স কিমান আছিল?

  3. ৩. এচৌৰ কি কাৰ্য্যৰ বাবে মাক-দেউতাকে বৰ আঘাত পাইছিল?

  4. ৪. এচৌৱে নিজৰ ভায়েক যাকোবৰ ওপৰত কিয় খং কৰিছিল?

  5. ৫. ইচ্‌হাকে নিজৰ পুত্ৰ যাকোবক কি কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ২৫:৫-১১, ২০-৩৪ পঢ়া।

    1. (ক) ৰিবেকাৰ দুজন পুত্ৰৰ বিষয়ে যিহোৱাই কি ভৱিষ্যতবাণী কৰিছিল? (আদি. ২৫:২৩)

    2. (খ) জ্যেষ্ঠ পুত্ৰৰ অধিকাৰৰ বিষয়ে এচৌ আৰু যাকোবৰ কি দৃষ্টিভংগী আছিল? (আদি. ২৫:৩১-৩৪)

  2. ২. আদিপুস্তক ২৬:৩৪, ৩৫; ২৭:১-৪৬ আৰু ২৮:১-৫ পঢ়া।

    1. (ক) আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি এচৌৰ যে কোনো আগ্ৰহ নাই, তাৰ বিষয়ে তেওঁ কেনেকৈ প্ৰকাশ কৰিছিল? (আদি. ২৬:৩৪, ৩৫; ২৭:৪৬)

    2. (খ) ঈশ্বৰৰ আশীৰ্ব্বাদ পাবলৈ ইচ্‌হাকে যাকোবক কি কৰিবলৈ কৈছিল? (আদি. ২৮:১-৪)

  3. ৩. ইব্ৰী ১২:১৬, ১৭ পঢ়া।

    পবিত্ৰ বিষয়বোৰক হেয়জ্ঞান কৰা লোকসকলৰ পৰিণাম কি হ’ব, তাৰ বিষয়ে এচৌৰ উদাহৰণে কি দেখুৱায়?

কাহিনী ১৮

হাৰণলৈ যাকোবৰ যাত্ৰা

  1. ১. ছবিখনত দেখুৱা ছোৱালীজনী কোন হয় আৰু তাইৰ বাবে যাকোবে কি কৰিলে?

  2. ২. ৰাহেলক বিয়া কৰিবলৈ যাকোবে কি কৰিবলৈ সাজু হৈছিল?

  3. ৩. যাকোবে ৰাহেলক বিয়া কৰাৰ সময়ত, লাবনে কি কৰিলে?

  4. ৪. ৰাহেলক নিজৰ পত্নী হিচাপে পাবলৈ যাকোবে কি কৰিবলৈ মান্তি হৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ২৯:১-৩০ পঢ়া।

    1. (ক) লাবনে যাকোবৰ লগত ছলনা কৰাৰ সত্ত্বেও, যাকোবে তেওঁৰ লগত কেনে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (আদি. ২৫:২৭; ২৯:২৬-২৮; মথি ৫:৩৭)

    2. (খ) প্ৰকৃত প্ৰেমৰ বিষয়ে যাকোবৰ উদাহৰণে কি প্ৰমাণ কৰে? (আদি. ২৯:১৮, ২০, ৩০; পৰ. ৮:৬)

    3. (গ) কোন চাৰিজনী তিৰোতাই যাকোবৰ পৰিয়ালৰ ভাগ হ’ল? (আদি. ২৯:২৩, ২৪, ২৮, ২৯)

কাহিনী ১৯

যাকোবৰ পৰিয়াল

  1. ১. যাকোবৰ প্ৰথম পত্নী লেয়াই জন্ম দিয়া ছজন পুত্ৰৰ নাম কি আছিল?

  2. ২. লেয়াৰ দাসী জিল্পাই জন্ম দিয়া যাকোবৰ দুজন পুত্ৰৰ নাম কি?

  3. ৩. ৰাহেলৰ দাসী বিল্হাই জন্ম দিয়া যাকোবৰ দুজন পুত্ৰৰ নাম কি?

  4. ৪. ৰাহেলে জন্ম দিয়া দুজন পুত্ৰৰ নাম কি? দ্বিতীয় পুত্ৰৰ জন্মৰ সময়ত ৰাহেলৰ কি হ’ল?

  5. ৫. ছবিখনত দেখুৱা অনুসৰি যাকোবৰ কেইজন পুত্ৰ আছিল আৰু এই পুত্ৰবিলাকৰপৰা কোনটো জাতিৰ জন্ম হয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ২৯:৩২-৩৫; ৩০:১-২৬ আৰু ৩৫:১৬-১৯ পঢ়া।

    যাকোবৰ ১২জন পুত্ৰৰ যিদৰে নাম ৰখা হৈছিল, ঠিক সেইদৰে প্ৰাচীন সময়ত ইব্ৰী ল’ৰাবিলাকৰ কেনেধৰণৰ নাম ৰখা হৈছিল?

  2. ২. আদিপুস্তক ৩৭:৩৫ পঢ়া।

    বাইবেলত মাত্ৰ দীনাৰ নামহে উল্লেখ আছে। কিন্তু আমি কেনেকৈ ক’ব পাৰোঁ যে যাকোবৰ আৰু ছোৱালী আছিল? (আদি. ৩৭:৩৪, ৩৫)

কাহিনী ২০

দীনা সমস্যাত পৰিল

  1. ১. অব্ৰাহাম আৰু ইচ্‌হাকে নিজৰ ল’ৰাবিলাকক কনান দেশৰ ছোৱালীবিলাকৰ লগত বিয়া হোৱাটো কিয় বিচৰা নাছিল?

  2. ২. দীনাই কনানীয়া ছোৱালীবিলাকৰ লগত বন্ধুত্ব কৰাটো যাকোবে ভাল পাইছিলনে?

  3. ৩. দীনালৈ চাই থকা মানুহজন কোন হয় আৰু তেওঁ কি বেয়া কাম কৰিলে?

  4. ৪. দীনাৰ লগত যি হ’ল, তাৰ বিষয়ে ককায়েক চিমোন আৰু লেবীয়ে জানিব পাৰি কি কৰিলে?

  5. ৫. চিমোন আৰু লেবীয়ে কৰা কাৰ্য্যত যাকোবে সন্তুষ্ট হৈছিলনে?

  6. ৬. যাকোবৰ পৰিয়ালত সকলো সমস্যা কেনেকৈ আৰম্ভ হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৩৪:১-৩১ পঢ়া।

    1. (ক) কনানৰ ছোৱালীবিলাকক লগ কৰিবলৈ দীনাই এবাৰহে গৈছিল নেকি? বৰ্ণনা কৰক। (আদি. ৩৪:১, NW )

    2. (খ) দীনাৰ লগত যি হ’ল, তাৰ বাবে তাইয়ো কিছু পৰিমাণে দায়ী আছিল বুলি আমি কিয় ক’ব পাৰোঁ? (গালা. ৬:৭)

    3. (গ) দীনাৰ উদাহৰণৰপৰা আজি ল’ৰা-ছোৱালীবিলাকে এক শিক্ষা শিকিছে বুলি কেনেকৈ দেখুৱাব পাৰে? (হিতো. ১৩:২০; ১ কৰি. ১৫:৩৩; ১ যোহ. ৫:১৯)

কাহিনী ২১

যোচেফৰ ওপৰত ককায়েকহঁতৰ খং

  1. ১. ককায়েকহঁতে যোচেফক কিয় ঈৰ্ষা কৰিছিল আৰু সেইবাবে তেওঁলোকে কি কৰিলে?

  2. ২. ককায়েকহঁতে যোচেফক কি কৰিব বিচাৰিছিল, কিন্তু ৰূবেণে তেওঁলোকক কি কৈছিল?

  3. ৩. ইশ্মায়েলীয়া লোকসকলক আহি থকা দেখি যোচেফৰ ককায়েকহঁতে কি কৰিলে?

  4. ৪. যোচেফৰ মৃত্যু হোৱা বুলি দেখুৱাবলৈ ককায়েকহঁতে কি কৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৩৭:১-৩৫ পঢ়া।

    1. (ক) মণ্ডলীত যদি কোনোবাই বেয়া কাম কৰে, তেতিয়া ইয়াৰ বিষয়ে প্ৰাচীনসকলক জনোৱাৰ দ্বাৰা সত্য খ্ৰীষ্টানসকলে যোচেফৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰে? (আদি. ৩৭:২; লেবী. ৫:১; ১ কৰি. ১:১১)

    2. (খ) যোচেফৰ ককায়েকহঁতে তেওঁৰ লগত কিয় বেয়া ব্যৱহাৰ কৰিছিল? (আদি. ৩৭:১১, ১৮; হিতো. ২৭:৪; যাকো. ৩:১৪-১৬)

    3. (গ) যাকোবে যোচেফৰ বাবে যিদৰে দুখ প্ৰকাশ কৰিছিল, ই কিয় স্বাভাৱিক আছিল? (আদি. ৩৭:৩৫)

কাহিনী ২২

বন্দীশালত যোচেফ

  1. ১. মিচৰলৈ লৈ যোৱাৰ সময়ত যোচেফৰ বয়স কিমান আছিল আৰু তাত তেওঁৰ কি হ’ল?

  2. ২. যোচেফ কেনেকৈ বন্দীশালত পালেগৈ?

  3. ৩. বন্দীশালত যোচেফক কি দায়িত্ব দিয়া হৈছিল?

  4. ৪. বন্দীশালত থাকোঁতে ফৰৌণৰ পান-পাত্ৰ ধৰোঁতা আৰু ৰান্ধনিৰ বাবে যোচেফে কি কৰিছিল?

  5. ৫. পান-পাত্ৰ ধৰোঁতাজন বন্দীশালৰপৰা মুকলি হোৱাৰ পাছত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৩৯:১-২৩ পঢ়া।

    যোচেফৰ দিনত ব্যভিচাৰৰ বিষয়ে ঈশ্বৰে কোনো লিখিত নিয়ম দিয়া নাছিল, কিন্তু তথাপিও যোচেফে কিয় পোটীফৰৰ পত্নীৰ ওচৰৰপৰা পলাই গ’ল? (আদি. ২:২৪; ২০:৩; ৩৯:৯)

  2. ২. আদিপুস্তক ৪০:১-২৩ পঢ়া।

    1. (ক) পান-পাত্ৰ ধৰোঁতাজনে দেখা সপোন আৰু যিহোৱাই যোচেফক সেই সপোনৰ অৰ্থ কেনেকৈ প্ৰকাশ কৰিলে তাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা। (আদি. ৪০:৯-১৩)

    2. (খ) ৰান্ধনিজনে কি সপোন দেখিছিল আৰু সেই সপোনৰ অৰ্থ কি আছিল? (আদি. ৪০:১৬-১৯)

    3. (গ) আজি বিশ্বাসী আৰু বুদ্ধিমান দাসবৰ্গই কেনেকৈ যোচেফৰ দৃষ্টিভংগীক অনুকৰণ কৰে? (আদি. ৪০:৮; গীত. ৩৬:৯; যোহ. ১৭:১৭; পাঁচ. ১৭:২, ৩)

    4. (ঘ) জন্মদিন পালন কৰাৰ বিষয়ে সত্য খ্ৰীষ্টানসকলৰ দৃষ্টিভংগীৰ বিষয়ে আদিপুস্তক ৪০:২০ পদে কি প্ৰকাশ কৰিছে? (উপ. ৭:১; মাৰ্ক ৬:২১-২৮)

কাহিনী ২৩

ফৰৌণৰ সপোন

  1. ১. এদিন ৰাতি ফৰৌণে কি দেখিলে?

  2. ২. যোচেফৰ বিষয়ে পান-পাত্ৰ ধৰোঁতাজনৰ কেনেকৈ মনত পৰিল?

  3. ৩. ছবিখনত দেখুৱা অনুসৰি, ফৰৌণে কি দুটা সপোন দেখিছিল?

  4. ৪. যোচেফে সপোনৰ অৰ্থ কি ক’লে?

  5. ৫. যোচেফ কেনেকৈ মিচৰ দেশত এজন প্ৰভাৱশালী ব্যক্তি হৈ পৰিল?

  6. ৬. যোচেফৰ ককায়েকহঁতে কিয় মিচৰলৈ আহিছিল আৰু তেওঁলোকে যোচেফক কিয় চিনি পোৱা নাছিল?

  7. ৭. যোচেফৰ কোনটো সপোনলৈ মনত পৰিল আৰু ইয়াৰ দ্বাৰা তেওঁ কি বুজি পালে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৪১:১-৫৭ পঢ়া।

    1. (ক) যোচেফে কেনেকৈ যিহোৱাৰ মহিমা কৰিছিল আৰু আজি সত্য খ্ৰীষ্টানসকলে কেনেকৈ তেওঁৰ উদাহৰণ অনুকৰণ কৰিব পাৰে? (আদি. ৪১:১৬, ২৫, ২৮; মথি ৫:১৬; ১ পিত. ২:১২)

    2. (খ) আজি যিহোৱাৰ লোকসকল আৰু গীৰ্জাৰ লোকসকলৰ আধ্যাত্মিক অৱস্থাৰ মাজত যি পাৰ্থক্য আছে, তাক মিচৰত প্ৰচুৰ খাদ্য হোৱা সাত বছৰ আৰু আকাল হোৱাৰ সাত বছৰৰ লগত কেনেকৈ তুলনা কৰিব পাৰি? (আদি. ৪১:২৯, ৩০; আমো. ৮:১১, ১২)

  2. ২. আদিপুস্তক ৪২:১-৮ আৰু ৫০:২০ পঢ়া।

    দেশৰ পৰম্পৰা অনুসৰি যদি যিহোৱাৰ উপাসকসকলে কোনো উচ্চ পদৰ বিষয়াক সন্মান জনাই প্ৰণিপাত কৰে, তেনেহ’লে ভুল হ’ব নেকি? (আদি. ৪২:৬)

কাহিনী ২৪

ককায়েকহঁতৰ পৰীক্ষা

  1. ১. যোচেফে নিজৰ ককায়েকহঁতক চোৰাংচোৱা বুলি কিয় দোষাৰোপ কৰে?

  2. ২. যাকোবে নিজৰ সৰু পুত্ৰ বিন্যামীনক কিয় মিচৰলৈ পঠিয়ালে?

  3. ৩. যোচেফৰ ৰূপৰ বাটিটো বিন্যামীনৰ বেগত কেনেকৈ পোৱা গ’ল?

  4. ৪. বিন্যামীনক মুকলি কৰিবলৈ যিহূদাই কি কৰিবলৈ ইচ্ছা কৰে?

  5. ৫. যোচেফৰ ককায়েকহঁতৰ কি পৰিৱৰ্তন হৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৪২:৯-৩৮ পঢ়া।

    আদিপুস্তক ৪২:১৮ পদটোত উল্লেখ কৰা যোচেফৰ কথাখিনিয়ে, বৰ্তমান যিহোৱাৰ সংগঠনত দায়িত্বত থকা লোকসকলক কি কথা মনত পেলাই দিয়ে? (নহি. ৫:১৫; ২ কৰি. ৭:১, ২)

  2. ২. আদিপুস্তক ৪৩:১-৩৪ পঢ়া।

    1. (ক) ৰূবেণ যদিও জ্যেষ্ঠ পুত্ৰ আছিল, যিহূদাই নিজৰ ভাইবিলাকৰ ফালৰপৰা যোচেফৰ লগত কথা পাতিবলৈ আগভাগ লৈছিল বুলি কেনেকৈ ক’ব পাৰি? (আদি. ৪৩:৩, ৮, ৯; ৪৪:১৪, ১৮; ১ বং. ৫:২)

    2. (খ) যোচেফে নিজৰ ককায়েকহঁতক কেনেকৈ পৰীক্ষা কৰিছিল আৰু কিয়? (আদি. ৪৩:৩৩, ৩৪)

  3. ৩. আদিপুস্তক ৪৪:১-৩৪ পঢ়া।

    1. (ক) নিজৰ প্ৰকৃত পৰিচয় লুকুৱাবলৈ যোচেফে ককায়েকহঁতৰ আগত কি ভাও ধৰিছিল? (আদি. ৪৪:৫, ১৫; লেবী. ১৯:২৬)

    2. (খ) আগৰ দৰে ককায়েকহঁতৰ ঈৰ্ষা মনোভাৱ নাই বুলি তেওঁলোকে কেনেকৈ দেখুৱালে? (আদি. ৪৪:১৩, ৩৩, ৩৪)

কাহিনী ২৫

মিচৰত যাকোবৰ পৰিয়ালৰ প্ৰৱেশ

  1. ১. ককায়েকহঁতক যোচেফে নিজৰ পৰিচয় দিয়াত কি হ’ল?

  2. ২. যোচেফে ককায়েকহঁতক মৰমেৰে কি বুজাই দিলে?

  3. ৩. যোচেফৰ ককায়েকহঁত অহাৰ খবৰ পাই ফৰৌণে কি ক’লে?

  4. ৪. মিচৰ দেশত প্ৰৱেশ কৰাৰ সময়ত যাকোবৰ পৰিয়ালত কেইজন সদস্য আছিল?

  5. ৫. যাকোবৰ পৰিয়ালটো পাছলৈ কি নামেৰে পৰিচিত হ’ল আৰু কিয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. আদিপুস্তক ৪৫:১-২৮ পঢ়া।

    যিহোৱাৰ সেৱকসকলে কিবা সমস্যাত পৰিলেও, তেওঁ তাক ভাললৈ পৰিৱৰ্তন কৰিব পাৰে বুলি যোচেফৰ উদাহৰণৰপৰা কেনেকৈ বুজিব পাৰোঁ? (আদি. ৪৫:৫-৮; যিচ. ৮:১০; ফিলি. ১:১২-১৪)

  2. ২. আদিপুস্তক ৪৬:১-২৭ পঢ়া।

    যাকোবে মিচৰলৈ যোৱাৰ সময়ত যিহোৱাই তেওঁক কি আশ্বাস দিছিল? (আদি. ৪৬:১-৪)

কাহিনী ২৬

ইয়োব ঈশ্বৰৰ বিশ্বাসী আছিল

  1. ১. ইয়োব কোন আছিল?

  2. ২. চয়তানে কি কৰিবলৈ চেষ্টা কৰিছিল? কিন্তু সি সফল হ’লনে?

  3. ৩. যিহোৱাই চয়তানক কি কৰিবলৈ অনুমতি দিছিল আৰু কিয়?

  4. ৪. ইয়োবৰ পত্নীয়ে তেওঁক “ঈশ্বৰক বিদায় দি প্ৰাণত্যাগ কৰক” বুলি কিয় কৈছিল? (ছবিখনলৈ চোৱা।)

  5. ৫. দ্বিতীয় ছবিখনৰ অনুসৰি যিহোৱাই ইয়োবক কি আশীৰ্ব্বাদ দিলে আৰু কিয়?

  6. ৬. ইয়োবৰ দৰে আমিও যদি ঈশ্বৰৰ বিশ্বাসী হৈ থাকোঁ, তেনেহ’লে আমি কি আশীৰ্ব্বাদ লাভ কৰিম?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ইয়োব ১:১-২২ পঢ়া।

    বৰ্তমান সত্য খ্ৰীষ্টানসকলে ইয়োবৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰে? (ইয়ো. ১:১; ফিলি. ২:১৫; ২ পিত. ৩:১৪)

  2. ২. ইয়োব ২:১-১৩ পঢ়া।

    চয়তানৰপৰা অহা তাড়নাৰ প্ৰতি ইয়োব আৰু তেওঁৰ পত্নীয়ে দেখুৱা প্ৰতিক্ৰিয়াৰ মাজত কি পাৰ্থক্য আছিল? (ইয়ো. ২:৯, ১০; হিতো. ১৯:৩; মীখা ৭:৭; মলা. ৩:১৪)

  3. ৩. ইয়োব ৪২:১০-১৭ পঢ়া।

    1. (ক) ঈশ্বৰৰ বিশ্বাসী হৈ থকাৰ বাবে ইয়োব আৰু যীচুয়ে যি পুৰস্কাৰ লাভ কৰিছিল, তাৰ মাজত কি মিল আছে? (ইয়ো. ৪২:১২; ফিলি. ২:৯-১১)

    2. (খ) ইয়োবে ঈশ্বৰৰ প্ৰতি নিষ্ঠা বজাই ৰখাৰ বাবে বহুতো আশীৰ্ব্বাদ লাভ কৰিলে। ইয়ে আমাক কেনেকৈ উৎসাহিত কৰে? (ইয়ো. ৪২:১০, ১২; ইব্ৰী ৬:১০; যাকো. ১:২-৪, ১২; ৫:১১)

কাহিনী ২৭

এজন দুষ্ট ৰজাৰ শাসন

  1. ১. ছবিখনত দেখুৱাৰ অনুসৰি, হাতত চাবুক লৈ থকা মানুহজন কোন আৰু তেওঁ কাক মাৰি আছে?

  2. ২. যোচেফৰ মৃত্যুৰ পাছত ইস্ৰায়েলীসকলৰ কি হ’ল?

  3. ৩. মিচৰীয়াসকলে ইস্ৰায়েলী লোকসকলক কিয় ভয় কৰিছিল?

  4. ৪. সন্তান জন্ম দিয়াৰ সময়ত, ইস্ৰায়েলী তিৰোতাসকলক সহায় কৰা ধাইকেইজনীক ফৰৌণে কি আদেশ দিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ১:৬-২২ পঢ়া।

    1. (ক) যিহোৱাই অব্ৰাহামক কৰা প্ৰতিজ্ঞা কেনেকৈ পূৰ কৰিবলৈ আৰম্ভ কৰে? (যাত্ৰা. ১:৭; আদি. ১২:২; পাঁচ. ৭:১৭)

    2. (খ) ইব্ৰীয়া ধাইকেইজনীয়ে জীৱনৰ প্ৰতি কেনেকৈ সন্মান দেখুৱাইছিল? (যাত্ৰা. ১:১৭; আদি. ৯:৬)

    3. (গ) যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ থকাৰ বাবে ধাইকেইজনীয়ে কি আশীৰ্ব্বাদ লাভ কৰিছিল? (যাত্ৰা. ১:২০, ২১; হিতো. ১৯:১৭)

    4. (ঘ) অব্ৰাহামৰ বংশৰ বিষয়ে যিহোৱাৰ যি উদ্দেশ্য আছিল, তাক পূৰ হোৱাত চয়তানে কেনেকৈ বাধা দিবলৈ চেষ্টা কৰিছিল? (যাত্ৰা. ১:২২; মথি ২:১৬)

কাহিনী ২৮

কেঁচুৱা মোচিৰ উদ্ধাৰ

  1. ১. ছবিখনত দেখুৱা কেঁচুৱাটো কোন আৰু সি কাৰ আঙুলিত ধৰি আছে?

  2. ২. মোচিৰ মাকে নিজৰ কেঁচুৱাটোক ৰক্ষা কৰিবলৈ কি কৰিছিল?

  3. ৩. ছবিখনত দেখুৱা সৰু ছোৱালীজনী কোন হয় আৰু তাই কি কৰিছে?

  4. ৪. ফৰৌণৰ জীয়েকে নলনিৰ মাজত কেঁচুৱাটো পোৱাত, মিৰিয়মে তাইক কি পৰামৰ্শ দিয়ে?

  5. ৫. মোচিৰ মাকক ৰাজকুমাৰীয়ে কি ক’লে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ২:১-১০ পঢ়া।

    সৰুৰেপৰা শিক্ষা দিবলৈ মোচিৰ মাকৰ কি সুযোগ আছিল আৰু বৰ্তমান সময়ত পিতৃ-মাতৃসকলে ইয়াৰপৰা কি শিকিব পাৰে? (যাত্ৰা. ২:৯, ১০; দ্বিতী. ৬:৬-৯; হিতো. ২২:৬; ইফি. ৬:৪; ২ তীম. ৩:১৫)

কাহিনী ২৯

মোচিৰ পলায়ন

  1. ১. মোচিয়ে ক’ত ডাঙৰ-দীঘল হৈছিল আৰু তেওঁ নিজৰ মাক-দেউতাকৰ বিষয়ে কি কথা জানিছিল?

  2. ২. মোচিয়ে ৪০ বছৰ বয়সত কি কৰিলে?

  3. ৩. কাজিয়া কৰি থকা ইস্ৰায়েলী ব্যক্তিজনক মোচিয়ে কি কৈছিল আৰু ব্যক্তিজনে তেওঁক কি উত্তৰ দিছিল?

  4. ৪. মোচিয়ে মিচৰৰপৰা কিয় পলাবলগীয়া হয়?

  5. ৫. মোচিয়ে ক’লৈ পলাই গ’ল আৰু তাত তেওঁ কাক লগ পালে?

  6. ৬. মিচৰৰপৰা পলাই যোৱাৰ পাছত, মোচিয়ে ৪০ বছৰলৈকে কি কৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ২:১১-২৫ পঢ়া।

    মোচিয়ে বহুবছৰ ধৰি মিচৰত শিক্ষা পোৱাৰ সত্ত্বেও, যিহোৱা আৰু তেওঁৰ লোকসকলৰ প্ৰতি তেওঁ কেনেকৈ নিষ্ঠা দেখুৱালে? (যাত্ৰা. ২:১১, ১২; ইব্ৰী ১১:২৪)

  2. ২. পাঁচনিৰ কৰ্ম্ম ৭:২২-২৯ পঢ়া।

    মোচিয়ে নিজৰ বলত ইস্ৰায়েলীসকলক মিচৰীয়াসকলৰ দাসত্বৰপৰা উদ্ধাৰ কৰিবলৈ চেষ্টা কৰা ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? (পাঁচ. ৭:২৩-২৫; ১ পিত. ৫:৬, ১০)

কাহিনী ৩০

জোপোহাত জুই

  1. ১. ছবিখনত দেখা পৰ্ব্বতখনৰ নাম কি?

  2. ২. পৰ্ব্বতত ভেড়াবোৰক চৰায় থাকোঁতে মোচিয়ে কি আচৰিত ঘটনা দেখিবলৈ পালে?

  3. ৩. জ্বলি থকা জোপোহাৰপৰা কি শব্দ ভাহি আহিল আৰু এই শব্দ কাৰ আছিল?

  4. ৪. ঈশ্বৰে যেতিয়া মোচিক ইস্ৰায়েলী লোকসকলক মিচৰ দেশৰপৰা লৈ যাবলৈ কৈছিল, তেতিয়া মোচিয়ে কি উত্তৰ দিছিল?

  5. ৫. যদি কোনোবাই মোচিক সোধে যে তেওঁক কোনে পঠাইছে, তেতিয়া মোচিক কি ক’বলৈ ঈশ্বৰে কৈছিল?

  6. ৬. মোচিক ঈশ্বৰে পঠিয়াইছে বুলি তেওঁ কেনেকৈ প্ৰমাণ কৰিব?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ৩:১-২২ পঢ়া।

    যদি কিবা দায়িত্বৰ বাবে আমি নিজকে যোগ্য বুলি নাভাবোঁ, তেনেহ’লে যিহোৱাই আমাক সহায় কৰিব পাৰে বুলি মোচিৰ উদাহৰণৰপৰা আমি কেনেকৈ উৎসাহিত হ’ব পাৰোঁ? (যাত্ৰা. ৩:১১, ১৩; ২ কৰি. ৩:৫, ৬)

  2. ২. যাত্ৰাপুস্তক ৪:১-২০ পঢ়া।

    1. (ক) মিদিয়নত ৪০ বছৰ ধৰি বাস কৰাৰ সময়ছোৱাত মোচিৰ ভাবধাৰাত কি পৰিৱৰ্তন হৈছিল আৰু যিসকলে মণ্ডলীত দায়িত্ব লাভ কৰিবলৈ ইচ্ছা কৰে, তেওঁলোকে ইয়াৰপৰা কি শিকিব পাৰে? (যাত্ৰা. ২:১১, ১২; ৪:১০, ১৩; মীখা ৬:৮; ১ তীম. ৩:১, ৬, ১০)

    2. (খ) যিহোৱাই যদি তেওঁৰ সংগঠনৰ যোগেদি আমাক অনুশাসন দিয়ে, তথাপিও আমি মোচিৰ উদাহৰণৰপৰা কি ভৰসা ৰাখিব পাৰোঁ? (যাত্ৰা. ৪:১২-১৪; গীত. ১০৩:১৪; ইব্ৰী ১২:৪-১১)

কাহিনী ৩১

ফৰৌণৰ লগত মোচি আৰু হাৰোণৰ সাক্ষাৎ

  1. ১. মোচি আৰু হাৰোণে কৰা অদ্ভুত কাৰ্য্যবোৰে ইস্ৰায়েলীসকলৰ ওপৰত কি প্ৰভাৱ পেলাইছিল?

  2. ২. মোচি আৰু হাৰোণে ফৰৌণক কি কৈছিল আৰু ফৰৌণে তেওঁলোকক কি উত্তৰ দিছিল?

  3. ৩. ছবিখনত দেখুৱাৰ দৰে হাৰোণে নিজৰ লাখুটিডাল পেলাই দিয়াৰ লগে লগে কি হ’ল?

  4. ৪. যিহোৱাই ফৰৌণক কেনেকৈ শিক্ষা দিছিল আৰু ফৰৌণে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

  5. ৫. দশম মহামাৰী হোৱাৰ পাছত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ৪:২৭-৩১ আৰু ৫:১-২৩ পঢ়া।

    ফৰৌণে ‘মই যিহোৱাক নাজানো’ বুলি কোৱাৰ অৰ্থ কি? (যাত্ৰা. ৫:২; ১ চমূ. ২:১২; ৰোমী. ১:২১)

  2. ২. যাত্ৰাপুস্তক ৬:১-১৩, ২৬-৩০ পঢ়া।

    1. (ক) যিহোৱাই কি অৰ্থত অব্ৰাহাম, ইচ্‌হাক আৰু যাকোবক নিজৰ পৰিচয় দিয়া নাছিল? (যাত্ৰা. ৩:১৩, ১৪; ৬:৩; আদি. ১২:৮)

    2. (খ) মোচিয়ে নিজকে যোগ্য বুলি ভবা নাছিল, কিন্তু যিহোৱাই তেওঁক ব্যৱহাৰ কৰিছিল। এই কথা জানি আমি কেনে অনুভৱ কৰা উচিত? (যাত্ৰা. ৬:১২, ৩০; লূক ২১:১৩-১৫)

  3. ৩. যাত্ৰাপুস্তক ৭:১-১৩ পঢ়া।

    1. (ক) যিহোৱাৰ দণ্ডৰ বিষয়ে ফৰৌণৰ আগত ঘোষণা কৰাৰ যোগেদি, মোচি আৰু হাৰোণে বৰ্তমান ঈশ্বৰৰ সেৱকসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (যাত্ৰা. ৭:২, ৩, ৬; পাঁচ. ৪:২৯-৩১)

    2. (খ) মিচৰীয়া দেৱ-দেৱীবিলাকতকৈ যিহোৱা ঈশ্বৰ যে শ্ৰেষ্ঠ হয়, তাক তেওঁ কেনেকৈ প্ৰমাণ কৰিলে? (যাত্ৰা. ৭:১২; ১ বং. ২৯:১২)

কাহিনী ৩২

দহটা মহামাৰী

  1. ১. ছবিখনলৈ চাই যিহোৱাই মিচৰৰ ওপৰত অনা প্ৰথম তিনিটা মহামাৰীৰ বিষয়ে বৰ্ণনা কৰা।

  2. ২. প্ৰথম তিনিটা মহামাৰী আৰু তাৰ পাছত হোৱা মহামাৰীবোৰৰ মাজত কি পাৰ্থক্য আছিল?

  3. ৩. চতুৰ্থ, পঞ্চম আৰু ষষ্ঠম মহামাৰী কি আছিল?

  4. ৪. মিচৰত অহা সপ্তম, অষ্টম আৰু নৱম মহামাৰীৰ বিষয়ে বৰ্ণনা কৰা।

  5. ৫. দশম মহামাৰী অনাৰ আগতে যিহোৱাই ইস্ৰায়েলীসকলক কি কৰিবলৈ কৈছিল?

  6. ৬. দশম মহামাৰী কি আছিল আৰু ইয়াৰ পাছত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ৭:১৯–৮:২৩ পঢ়া।

    1. (ক) মিচৰৰ মায়াবীবিলাকেও প্ৰথম দুটা মহামাৰীৰ দৰে কৰিব পাৰিছিল, কিন্তু তৃতীয় মহামাৰীৰ পাছত তেওঁলোকে কি স্বীকাৰ কৰিবলৈ বাধ্য হ’ল? (যাত্ৰা. ৮:১৮, ১৯; মথি ১২:২৪-২৮)

    2. (খ) চতুৰ্থ মহামাৰীৰ দ্বাৰা যিহোৱাই কেনেকৈ প্ৰমাণ কৰিলে যে তেওঁ নিজৰ লোকসকলক ৰক্ষা কৰাৰ ক্ষমতা আছে? এই বিষয়ে জানি ঈশ্বৰৰ লোকসকলে আহিবলগীয়া “মহা-ক্লেশৰ” সন্মুখীন হোৱাৰ বিষয়ে কেনে অনুভৱ কৰে? (যাত্ৰা. ৮:২২, ২৩; প্ৰকা. ৭:১৩, ১৪; ২ বং. ১৬:৯)

  2. ২. যাত্ৰাপুস্তক ৮:২৪; ৯:৩, ৬, ১০, ১১, ১৪, ১৬, ২৩-২৫ আৰু ১০:১৩-১৫, ২১-২৩ পঢ়া।

    1. (ক) দহটা মহামাৰীৰ ফলত কোন দুটা শ্ৰেণীৰ লোকক চিনাক্ত কৰা হৈছিল আৰু এই ঘটনাৰপৰা আমি এই শ্ৰেণীৰ লোকসকলৰ প্ৰতি কেনে দৃষ্টিভংগী ৰখা উচিত? (যাত্ৰা. ৮:১০, ১৮, ১৯; ৯:১৪)

    2. (খ) যিহোৱাই চয়তানক কিয় এতিয়ালৈকে থাকিবলৈ অনুমতি দিছে, এই বিষয়ে বুজিবলৈ যাত্ৰাপুস্তক ৯:১৬ পদটোৱে আমাক কেনেকৈ সহায় কৰে? (ৰোমী. ৯:২১, ২২)

  3. ৩. যাত্ৰাপুস্তক ১২:২১-৩২ পঢ়া।

    নিস্তাৰ-পৰ্ব্বই বহুতোলোকক কেনেকৈ উদ্ধাৰ পাবলৈ সম্ভৱ কৰি তুলিলে আৰু নিস্তাৰ-পৰ্ব্বই কিহক চিত্ৰিত কৰিছিল? (যাত্ৰা. ১২:২১-২৩; যোহ. ১:২৯; ৰোমী. ৫:১৮, ১৯, ২১; ১ কৰি. ৫:৭)

কাহিনী ৩৩

চূফ সাগৰ পাৰ কৰা

  1. ১. ল’ৰা-ছোৱালী আৰু তিৰোতাৰ সৈতে কিমানজন পুৰুষে মিচৰ ত্যাগ কৰিলে? তেওঁলোকৰ লগত আৰু কোনে যোগ দিছিল?

  2. ২. ইস্ৰায়েলীসকলক যাবলৈ দিয়াৰ পাছত ফৰৌণে কেনে অনুভৱ কৰিলে আৰু তেওঁ কি কৰিলে?

  3. ৩. মিচৰীয়াহঁতে যাতে ইস্ৰায়েলীসকলক আক্ৰমণ কৰিব নোৱাৰে, তাৰ বাবে যিহোৱাই কি কৰিলে?

  4. ৪. মোচিয়ে তেওঁৰ লাখুটিডাল চূফ সাগৰৰ ওপৰত দাঙি ধৰাত কি ঘটিল আৰু ইস্ৰায়েলীসকলে কি কৰিলে?

  5. ৫. মিচৰীয়াসকলে ইস্ৰায়েলীসকলৰ পিছে পিছে সাগৰলৈ সোমাই যোৱাত কি ঘটিল?

  6. ৬. ইস্ৰায়েলীসকলে বিপদৰপৰা ৰক্ষা পোৱাৰ পাছত, তেওঁলোকে কেনেকৈ যিহোৱাৰ প্ৰতি নিজৰ আনন্দ আৰু কৃতজ্ঞতা দেখুৱালে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ১২:৩৩-৩৬ পঢ়া।

    ইস্ৰায়েলীসকলে ইমান বছৰ ধৰি মিচৰীয়াসকলৰ দাস হৈ থকাৰ ক্ষতিপূৰণ হিচাপে ঈশ্বৰে কি কৰিলে? (যাত্ৰা. ৩:২১, ২২; ১২:৩৫, ৩৬)

  2. ২. যাত্ৰাপুস্তক ১৪:১-৩১ পঢ়া।

    আহিবলগীয়া হৰমাগিদোনৰ যুদ্ধৰ সন্মুখীন হ’বলৈ যিহোৱাৰ সেৱকসকলক, যাত্ৰাপুস্তক ১৪:১৩, ১৪ পদত উল্লেখ কৰা মোচিৰ কথাই কেনেকৈ প্ৰভাৱিত কৰে? (২ বং. ২০:১৭; গীত. ৯১:৮)

  3. ৩. যাত্ৰাপুস্তক ১৫:১-৮, ২০,২১ পঢ়া।

    1. (ক) যিহোৱাৰ সেৱকসকলে যিহোৱাক প্ৰশংসা কৰি কিয় গীত গোৱা উচিত? (যাত্ৰা. ১৫:১, ২; গীত. ১০৫:২, ৩; প্ৰকা. ১৫:৩, ৪)

    2. (খ) চূফ সাগৰ পাৰ হোৱাৰ পাছত যিহোৱাক প্ৰশংসা কৰাৰ যোগেদি, মিৰিয়ম আৰু আন তিৰোতাকেইজনীয়ে আজি খ্ৰীষ্টান তিৰোতাবিলাকৰ বাবে কি উদাহৰণ ৰাখিছে? (যাত্ৰা. ১৫:২০, ২১; গীত. ৬৮:১১)

কাহিনী ৩৪

বেলেগ ধৰণৰ আহাৰ

  1. ১. ছবিখনত দেখুৱাৰ দৰে মানুহবিলাকে মাটিৰপৰা কি বুটলিছে আৰু ইয়াৰ নাম কি?

  2. ২. মান্না গোটোৱাৰ বিষয়ে মোচিয়ে লোকসকলক কি নিৰ্দ্দেশনা দিছিল?

  3. ৩. ষষ্ঠমদিনাখন যিহোৱাই লোকসকলক কি কৰিবলৈ কৈছিল আৰু কিয়?

  4. ৪. সপ্তমদিনাখন যেতিয়া লোকসকলে মান্না জমা কৰি ৰাখিলে, তেতিয়া যিহোৱাই কি আচৰিত কাৰ্য্য কৰিলে?

  5. ৫. কিমান দিন ধৰি যিহোৱাই লোকসকলক মান্না খাবলৈ দিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ১৬:১-৩৬ আৰু গণনা পুস্তক ১১:৭-৯ পঢ়া।

    1. (ক) খ্ৰীষ্টান মণ্ডলীত দায়িত্বৰ পদত নিযুক্ত হোৱা লোকসকলৰ প্ৰতি সন্মান দেখুৱাৰ বিষয়ে যাত্ৰাপুস্তক ১৬:৮ পদত কি উল্লেখ আছে? (ইব্ৰী ১৩:১৭)

    2. (খ) অৰণ্যত থকাৰ সময়ছোৱাত ইস্ৰায়েলীসকলে যিহোৱাৰ ওপৰত নিৰ্ভৰ আছিল বুলি তেওঁলোকক প্ৰতিদিনে কিহে মনত পেলাই দিছিল? (যাত্ৰা. ১৬:১৪-১৬, ৩৫; দ্বিতী. ৮:২, ৩)

    3. (গ) যীচুয়ে মান্নাক কেনেকৈ এক লাক্ষণিক অৰ্থ দিলে আৰু ‘স্বৰ্গৰপৰা নমা এই আহাৰৰপৰা’ আমি কেনেকৈ লাভৱান হ’ব পাৰোঁ? (যোহ. ৬:৩১-৩৫, ৪০)

  2. ২. যিহোচূৱা ৫:১০-১২ পঢ়া।

    ইস্ৰায়েলীসকলে কিমান বছৰ ধৰি মান্না খাইছিল আৰু ই তেওঁলোকৰ বাবে কেনেকৈ এক পৰীক্ষা আছিল? এই ঘটনাৰপৰা আমি কি শিকিব পাৰোঁ? (যাত্ৰা. ১৬:৩৫; গণ. ১১:৪-৬; ১ কৰি. ১০:১০, ১১)

কাহিনী ৩৫

যিহোৱাই দিয়া নিয়ম

  1. ১. মিচৰ দেশ ত্যাগ কৰা দুমাহমানৰ পাছত ইস্ৰায়েলীসকলে ক’ত তম্বু তৰে?

  2. ২. লোকসকলে কি কৰাটো যিহোৱাই বিচাৰে আৰু ইস্ৰায়েলীসকলে কি উত্তৰ দিলে?

  3. ৩. যিহোৱাই মোচিক দুটা শিলৰ ফলি কিয় দিছিল?

  4. ৪. দহ আজ্ঞাৰ উপৰিও যিহোৱাই ইস্ৰায়েলীসকলক আন কি কি আজ্ঞা দিছিল?

  5. ৫. যীচু খ্ৰীষ্টই কোন দুটা আজ্ঞাক আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ১৯:১-২৫; ২০:১-২১; ২৪:১২-১৮ আৰু ৩১:১৮ পঢ়া।

    ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰাত কি জড়িত আছে, ইয়াৰ বিষয়ে বুজিবলৈ যাত্ৰাপুস্তক ১৯:৮ পদটোৱে কেনেকৈ সহায় কৰে? (মথি ১৬:২৪; ১ পিত. ৪:১-৩)

  2. ২. দ্বিতীয় বিবৰণ ৬:৪-৬; লেবীয়া পুস্তক ১৯:১৮; আৰু মথি ২২:৩৬-৪০ পঢ়া।

    খ্ৰীষ্টানসকলে ঈশ্বৰ আৰু ওচৰ-চুবুৰীয়াৰ প্ৰতি কেনেকৈ প্ৰেম দেখুৱায়? (মাৰ্ক ৬:৩৪; পাঁচ. ৪:২০; ৰোমী. ১৫:২)

কাহিনী ৩৬

এটা সোণৰ দামুৰি

  1. ১. ছবিখনত দেখুৱা অনুসৰি লোকসকলে কি কৰিছে আৰু কিয়?

  2. ২. যিহোৱাৰ কিয় খং উঠিল আৰু লোকসকলৰ কাৰ্য্য দেখি মোচিয়ে কি কৰিলে?

  3. ৩. মোচিয়ে কিছুমান লোকক কি কৰিবলৈ আজ্ঞা দিয়ে?

  4. ৪. এই কাহিনীটোৰপৰা আমি কি শিকিব পাৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ৩২:১-৩৫ পঢ়া।

    1. (ক) সত্য উপাসনাৰ লগত মিছা ধৰ্ম্মৰ নীতি-নিয়মবোৰ পালন কৰাৰ বিষয়ে যিহোৱাৰ দৃষ্টিভংগী কি? ইয়াৰ বিষয়ে এই ঘটনাটোৱে কি প্ৰকাশ কৰে? (যাত্ৰা. ৩২:৪-৬, ১০; ১ কৰি. ১০:৭, ১১)

    2. (খ) মনোৰঞ্জনৰ লগত জড়িত থকা বিষয়বোৰ নিৰ্ব্বাচন কৰোঁতে, সত্য খ্ৰীষ্টানসকলে কি সাৱধানতা অৱলম্বন কৰা উচিত? (যাত্ৰা. ৩২:১৮, ১৯; ইফি. ৫:১৫, ১৬; ১ যোহ. ২:১৫-১৭)

    3. (গ) ধাৰ্ম্মিকতাৰ পক্ষে থিয় দিয়াৰ ক্ষেত্ৰত, লেৱী গোত্ৰই কি এক ভাল উদাহৰণ ৰাখিলে? (যাত্ৰা. ৩২:২৫-২৮; গীত. ১৮:২৫)

কাহিনী ৩৭

উপাসনাৰ বাবে এক স্থান

  1. ১. ছবিখনত দেখা এই ভৱনটো কি আৰু ইয়াক কিহৰ উদ্দেশ্যে সজোৱা হৈছিল?

  2. ২. এই ভৱন সহজতে খুলি এঠাইৰপৰা আন ঠাইলৈ লৈ যাব পৰাকৈ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই কিয় মোচিক আজ্ঞা দিছিল?

  3. ৩. ভৱনৰ শেষৰফালে সৰু কোঠালিৰ ভিতৰত ৰখা বাকচটোক কি বুলি কোৱা হয় আৰু এই বাকচৰ ভিতৰত কি আছে?

  4. ৪. মহাপুৰোহিত হ’বলৈ যিহোৱাই কাক নিৰ্ব্বাচন কৰে আৰু তেওঁৰ কাৰ্য্য কি?

  5. ৫. ভৱনৰ ডাঙৰ কোঠালিটোত কি তিনিটা বস্তু ৰখা হৈছিল?

  6. ৬. ভৱনৰ চোতালত ৰখা দুটা বস্তু কি? এইকেইটাক কিহৰ বাবে ব্যৱহাৰ কৰা হয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যাত্ৰাপুস্তক ২৫:৮-৪০; ২৬:১-৩৭; ২৭:১-৮ আৰু ২৮:১ পঢ়া।

    “সাক্ষ্য-ফলিৰ চন্দুকৰ” ওপৰত থকা কৰূববিলাকে কি চিত্ৰিত কৰে? (যাত্ৰা. ২৫:২০, ২২; গণ. ৭:৮৯; ২ ৰাজা. ১৯:১৫)

  2. ২. যাত্ৰাপুস্তক ৩০:১-১০, ১৭-২১; ৩৪:১, ২ আৰু ইব্ৰী ৯:১-৫ পঢ়া।

    1. (ক) ভৱনত সেৱা কৰা পুৰোহিতসকলৰ শাৰীৰিক পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি যিহোৱাই কি গুৰুত্ব দিছিল আৰু ইয়ে আজি আমাৰ ওপৰত কেনে প্ৰভাৱ পেলোৱা উচিত? (যাত্ৰা. ৩০:১৮-২১; ৪০:৩০, ৩১; ইব্ৰী ১০:২২)

    2. (খ) ইব্ৰী খ্ৰীষ্টানসকলক লিখা পত্ৰত পৌলে উপাসনা ভৱন আৰু মোচিৰ নিয়মৰ ব্যৱহাৰ সেই সময়লৈকে সমাপ্ত হৈছিল বুলি কেনেকৈ দেখুৱালে? (ইব্ৰী ৯:১, ৯; ১০:১)

কাহিনী ৩৮

বাৰজন চোৰাংচোৱা

  1. ১. আঙুৰৰ থোকবোৰৰ বিষয়ে কি লক্ষ্য কৰিছা আৰু এইবোৰ ক’ৰপৰা অনা হৈছে?

  2. ২. মোচিয়ে ১২জন চোৰাংচোৱাক কনান দেশলৈ কিয় পঠিয়াইছিল?

  3. ৩. কনানৰপৰা উভতি আহি ১০জন চোৰাংচোৱাই মোচিক কি খবৰ দিছিল?

  4. ৪. দুজন চোৰাংচোৱাই যিহোৱাৰ ওপৰত ভৰসা কৰিছিল বুলি কেনেকৈ দেখুৱালে আৰু তেওঁলোকৰ নাম কি?

  5. ৫. যিহোৱাৰ কিয় খং উঠিছিল আৰু তেওঁ মোচিক কি কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. গণনা পুস্তক ১৩:১-৩৩ পঢ়া।

    1. (ক) কনান দেশৰ বুজ-বিচাৰ ল’বলৈ কাক নিৰ্ব্বাচন কৰা হৈছিল আৰু তেওঁলোকৰ কি এক বিশেষ সুযোগ আছিল? (গণ. ১৩:২, ৩, ১৮-২০)

    2. (খ) আন চোৰাংচোৱাকেইজনৰ তুলনাত যিহোচূৱা আৰু কালেবৰ দৃষ্টিভংগী কিয় বেলেগ আছিল আৰু ইয়ে আমাক কি শিক্ষা দিয়ে? (গণ. ১৩:২৮-৩০; মথি ১৭:২০; ২ কৰি. ৫:৭)

  2. ২. গণনা পুস্তক ১৪:১-৩৮ পঢ়া।

    1. (ক) যিহোৱাই নিৰ্ব্বাচন কৰা লোকসকলৰ বিৰুদ্ধে কথা কোৱাৰ বিষয়ে কি সাৱধানবাণী দিয়া হৈছে? (গণ. ১৪:২, ৩, ২৭; মথি ২৫:৪০, ৪৫; ১ কৰি. ১০:১০)

    2. (খ) যিহোৱাই নিজৰ সেৱকসকলক ব্যক্তিগতভাৱে যত্ন লয় বুলি গণনাপুস্তক ১৪:২৪ পদটোৱে কেনেকৈ প্ৰমাণ কৰে? (১ ৰাজা. ১৯:১৮; হিতো. ১৫:৩)

কাহিনী ৩৯

হাৰোণৰ লাখুটিত ফুল

  1. ১. মোচি আৰু হাৰোণৰ অধিকাৰৰ বিৰুদ্ধে কোনে বিদ্ৰোহ কৰে আৰু তেওঁলোকে মোচিক কি কয়?

  2. ২. কোৰহ আৰু তেওঁৰ লগত থকা ২৫০জন অধ্যক্ষক মোচিয়ে কি কৰিবলৈ কয়?

  3. ৩. মোচিয়ে লোকসকলক কি কয় আৰু তেওঁৰ কথা শেষ হোৱাৰ লগে লগে কি হ’ল?

  4. ৪. কোৰহ আৰু তেওঁৰ লগত থকা ২৫০জন অধ্যক্ষৰ কি হ’ল?

  5. ৫. হাৰোণৰ পুত্ৰ ইলিয়াজৰে মৃত লোকসকলৰ আঙঠাধৰাবোৰ লৈ কি কৰিলে আৰু কিয়?

  6. ৬. যিহোৱাই হাৰোণৰ লাখুটিডালত ফুল কিয় গজালে? (ছবিখনলৈ চোৱা।)

অতিৰিক্ত প্ৰশ্ন:

  1. ১. গণনা পুস্তক ১৬:১-৪৯ পঢ়া।

    1. (ক) কোৰহ আৰু তেওঁৰ অনুগামীসকলে কি কৰিছিল আৰু তেওঁলোকে কৰা বিদ্ৰোহ কিয় যিহোৱাৰ বিৰুদ্ধে আছিল? (গণ. ১৬:৯, ১০, ১৮; লেবী. ১০:১, ২; হিতো. ১১:২)

    2. (খ) কোৰহ আৰু ‘মণ্ডলীৰ ২৫০জন অধ্যক্ষৰ’ কেনে ভুল দৃষ্টিভংগী আছিল? (গণ. ১৬:১-৩; হিতো. ১৫:৩৩; যিচ. ৪৯:৭)

  2. ২. গণনা পুস্তক ১৭:১-১১ আৰু ২৬:১০ পঢ়া।

    1. (ক) হাৰোণৰ লাখুটিত ফুল গজাটোৱে কি চিত্ৰিত কৰিছিল আৰু যিহোৱাই এই লাখুটিডালক নিয়ম-চন্দুকৰ ভিতৰত ৰাখিবলৈ কিয় কৈছিল? (গণ. ১৭:৫, ৮, ১০; ইব্ৰী ৯:৪)

    2. (খ) হাৰোণৰ লাখুটিত ওলোৱা চিনৰপৰা আমি কি গুৰুত্বপূৰ্ণ শিক্ষা পাওঁ? (গণ. ১৭:১০; পাঁচ. ২০:২৮; ফিলি. ২:১৪; ইব্ৰী ১৩:১৭)

কাহিনী ৪০

লাখুটিৰে শিলত কোবোৱা

  1. ১. ইস্ৰায়েলীসকলে অৰণ্যত থকাৰ সময়ছোৱাত যিহোৱা ঈশ্বৰে তেওঁলোকক কেনেকৈ চোৱা-চিতা কৰিছিল?

  2. ২. কাদেচ নামৰ ঠাইখনত উপস্থিত হৈ ইস্ৰায়েলীসকলে কি অভিযোগ কৰিবলৈ ধৰিলে?

  3. ৩. মানুহ আৰু পশুবোৰৰ বাবে যিহোৱাই কেনেকৈ খোৱা পানীৰ ব্যৱস্থা কৰিছিল?

  4. ৪. ছবিখনত দেখুৱা অনুসৰি নিজৰ ফালে হাত দেখুৱাই থকা মানুহজন কোন আৰু তেওঁ কিয় এইদৰে কৰিছে?

  5. ৫. মোচি আৰু হাৰোণৰ ওপৰত যিহোৱাৰ কিয় খং উঠিল আৰু ঈশ্বৰে তেওঁলোকক কি শাস্তি দিলে?

  6. ৬. হোৰ পৰ্ব্বতত কি ঘটিল আৰু ইয়াৰ পাছত ইস্ৰায়েলৰ মহাপুৰোহিত হিচাপে কোনে নিযুক্ত হয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. গণনা পুস্তক ২০:১-১৩, ২২-২৯; আৰু দ্বিতীয় বিবৰণ ২৯:৫ পঢ়া।

    1. (ক) যিহোৱাই অৰণ্যত ইস্ৰায়েলীসকলক যিদৰে যত্ন লৈছিল তাৰপৰা আমি কি শিকিব পাৰোঁ? (দ্বিতী. ২৯:৫; মথি ৬:৩১; ইব্ৰী ১৩:৫; যাকো. ১:১৭)

    2. (খ) মোচি আৰু হাৰোণে ইস্ৰায়েলীসকলৰ আগত যিহোৱাক প্ৰশংসা নকৰাৰ বাবে যিহোৱাক কেনে লাগিছিল? (গণ. ২০:১২; ১ কৰি. ১০:১২; প্ৰকা. ৪:১১)

    3. (গ) যিহোৱা ঈশ্বৰে দিয়া অনুশাসনৰ প্ৰতি মোচিয়ে যি প্ৰতিক্ৰিয়া দেখুৱালে তাৰপৰা আমি কি শিকিব পাৰোঁ? (গণ. ১২:৩; ২০:১২, ২৭, ২৮; দ্বিতী. ৩২:৪; ইব্ৰী ১২:৭-১১)

কাহিনী ৪১

পিতলৰ সাপ

  1. ১. ছবিখনত দেখুৱা অনুসৰি খুঁটা এটাত কি মেৰিয়াই থোৱা আছে? ঈশ্বৰে মোচিক এনে কৰিবলৈ কিয় কৈছিল?

  2. ২. ঈশ্বৰে ইস্ৰায়েলীসকলৰ বাবে যি কৰিলে, সেইবোৰৰ বাবে তেওঁলোকে কৃতজ্ঞ নহয় বুলি কেনেকৈ দেখুৱালে?

  3. ৩. যিহোৱাই লোকসকলক শাস্তি দিবলৈ বিষাক্ত সাপবোৰক পঠোৱাৰ পাছত, লোকসকলে মোচিক কি কৰিবলৈ কয়?

  4. ৪. যিহোৱাই মোচিক এডাল পিতলৰ সাপ বনাবলৈ কিয় কৈছিল?

  5. ৫. এই কাহিনীটোৰপৰা আমি কি শিকিব পাৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. গণনা পুস্তক ২১:৪-৯ পঢ়া।

    1. (ক) যিহোৱাৰ প্ৰৱন্ধবোৰৰ প্ৰতি ইস্ৰায়েলীসকলে অভিযোগ কৰিছিল। বৰ্তমানে ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (গণ. ২১:৫, ৬; ৰোমী. ২:৪)

    2. (খ) পাছলৈ ইস্ৰায়েলীসকলে এই পিতলৰ সাপডালক কিদৰে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ বাবে ৰজা হিষ্কিয়াই কি পদক্ষেপ লৈছিল? (গণ. ২১:৯; ২ ৰাজা. ১৮:১-৪)

  2. ২. যোহন ৩:১৪, ১৫ পঢ়া।

    খুঁটা এটাত মেৰিয়াই থোৱা পিতলৰ সাপডালে, কেনেকৈ স্তম্ভত মৃত্যু হোৱা যীচুক চিত্ৰিত কৰে? (গালা. ৩:১৩; ১ পিত. ২:২৪)

কাহিনী ৪২

কথা কোৱা গাধ

  1. ১. বালাক কোন হয় আৰু তেওঁ বিলিয়মক কিয় মাতি পঠাইছিল?

  2. ২. বিলিয়মৰ গাধজনীয়ে কিয় ৰাস্তাত বহি পৰিল?

  3. ৩. গাধজনীয়ে বিলিয়মক কি কৈছিল?

  4. ৪. এজন স্বৰ্গদূতে বিলিয়মক কি কৈছিল?

  5. ৫. বিলিয়মে ইস্ৰায়েলীসকলক শাও দিবলৈ চেষ্টা কৰাত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. গণনা পুস্তক ২১:২১-৩৫ পঢ়া।

    ইস্ৰায়েলীসকলে ইমোৰীয়া ৰজা চীহোন আৰু বাচানৰ ৰজা ওগক কিয় বধ কৰিছিল? (গণ. ২১:২১, ২৩, ৩৩, ৩৪)

  2. ২. গণনা পুস্তক ২২:১-৪০ পঢ়া।

    ইস্ৰায়েলীসকলক বিলিয়মে শাও দিয়াৰ কি উদ্দেশ্য আছিল আৰু ইয়াৰপৰা আমি কি শিক্ষা লাভ কৰোঁ? (গণ. ২২:১৬, ১৭; হিতো. ৬:১৬, ১৮; ২ পিত. ২:১৫; যিহূ. ১১)

  3. ৩. গণনা পুস্তক ২৩:১-৩০ পঢ়া।

    বিলিয়মৰ কথাবোৰৰ দ্বাৰা তেওঁ যিহোৱাৰ এজন উপাসক যেন লাগিছিল, কিন্তু তেওঁৰ কাৰ্য্যবোৰে কি প্ৰকাশ কৰিলে? (গণ. ২৩:৩, ১১-১৪; ১ চমূ. ১৫:২২)

  4. ৪. গণনা পুস্তক ২৪:১-২৫ পঢ়া।

    যিহোৱাৰ উদ্দেশ্য নিশ্চয় পূৰ হ’ব বুলি বাইবেলৰ এই ঘটনাটোৱে কেনেকৈ আমাৰ বিশ্বাস মজবুত কৰে? (গণ. ২৪:১০; যিচ. ৫৪:১৭)

কাহিনী ৪৩

নতুন নায়ক যিহোচূৱা

  1. ১. ছবিখনত দেখুৱা অনুসৰি মোচিৰ লগত থিয় হৈ থকা দুজন লোক কোন হয়?

  2. ২. যিহোৱা ঈশ্বৰে যিহোচূৱাক কি কয়?

  3. ৩. মোচিয়ে নবো পৰ্ব্বতৰ ওপৰলৈ কিয় গ’ল আৰু তাত যিহোৱাই মোচিক কি ক’লে?

  4. ৪. মৃত্যুৰ সময়ত মোচিৰ বয়স কিমান আছিল?

  5. ৫. লোকসকলে কিয় দুখ কৰিছিল, কিন্তু তেওঁলোকে আনন্দিত হোৱাৰ কাৰণ কি?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. গণনা পুস্তক ২৭:১২-২৩ পঢ়া।

    যিহোৱাই যিহোচূৱাক কি এক গুৰুত্বপূৰ্ণ দায়িত্ব দিছিল আৰু বৰ্তমান সময়ত যিহোৱাই তেওঁৰ লোকসকলৰ প্ৰতি কেনেকৈ যত্ন লৈছে? (গণ. ২৭:১৫-১৯; পাঁচ. ২০:২৮; ইব্ৰী ১৩:৭)

  2. ২. দ্বিতীয় বিবৰণ ৩:২৩-২৯ পঢ়া।

    যিহোৱাই মোচি আৰু হাৰোণক প্ৰতিজ্ঞা কৰা দেশত কিয় প্ৰৱেশ কৰিবলৈ নিদিলে আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (দ্বিতী. ৩:২৫-২৭; গণ. ২০:১২, ১৩)

  3. ৩. দ্বিতীয় বিবৰণ ৩১:১-৮, ১৪-২৩ পঢ়া।

    যিহোৱাৰ অনুশাসনক মোচিয়ে নম্ৰভাৱে গ্ৰহণ কৰিছিল বুলি তেওঁ মৃত্যুৰ আগে আগে কোৱা কথাবোৰে কেনেকৈ প্ৰমাণ কৰিলে? (দ্বিতী. ৩১:৬-৮, ২৩)

  4. ৪. দ্বিতীয় বিবৰণ ৩২:৪৫-৫২ পঢ়া।

    ঈশ্বৰৰ বাক্যই আমাৰ জীৱনক কেনেকৈ প্ৰভাৱিত কৰা উচিত? (দ্বিতী. ৩২:৪৭; লেবী. ১৮:৫; ইব্ৰী ৪:১২)

  5. ৫. দ্বিতীয় বিবৰণ ৩৪:১-১২ পঢ়া।

    মোচিয়ে যিহোৱাক কেতিয়াও দেখা নাছিল, কিন্তু যিহোৱাৰ লগত তেওঁৰ সম্বন্ধৰ বিষয়ে দ্বিতীয় বিবৰণ ৩৪:১০ পদটোৱে কি প্ৰকাশ কৰিছে? (যাত্ৰা. ৩৩:১১, ২০; গণ. ১২:৮)

কাহিনী ৪৪

ৰাহাব আৰু দুজন চোৰাংচোৱা

  1. ১. ৰাহাবে ক’ত বাস কৰিছিল?

  2. ২. ছবিখনত দেখা দুজন ব্যক্তি কোন হয় আৰু তেওঁলোকে যিৰীহো নগৰলৈ কিয় আহিছে?

  3. ৩. যিৰীহো নগৰৰ ৰজাজনে ৰাহাবক কি আদেশ দিছিল আৰু ৰাহাবে ইয়াৰ উত্তৰ কেনেকৈ দিয়ে?

  4. ৪. ৰাহাবে এই দুজন ব্যক্তিক কেনেদৰে সহায় কৰিছিল আৰু তাই তেওঁলোকৰপৰা কি সহায় বিচাৰিছিল?

  5. ৫. দুজন চোৰাংচোৱাই ৰাহাবক কি প্ৰতিশ্ৰুতি দিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিহোচূৱা ২:১-২৪ পঢ়া।

    ইস্ৰায়েলীসকলে যিৰীহো নগৰৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাওঁতে, যাত্ৰাপুস্তক ২৩:২৭, ২৮ পদত উল্লেখ কৰা যিহোৱাৰ প্ৰতিজ্ঞা কেনেকৈ পূৰ হ’ল? (যিহো. ২:৯-১১)

  2. ২. ইব্ৰী ১১:৩১ পঢ়া।

    বিশ্বাস অতি গুৰুত্বপূৰ্ণ হয় বুলি ৰাহাবৰ উদাহৰণে কেনেকৈ দেখুৱায়? (ৰোমী. ১:১৭; ইব্ৰী ১০:৩৯; যাকো. ২:২৫)

কাহিনী ৪৫

যৰ্দ্দন নদী পাৰ কৰা

  1. ১. ইস্ৰায়েলীসকলে যৰ্দ্দন নদী পাৰ হ’বলৈ যিহাৱা ঈশ্বৰে কি আচৰিত কাৰ্য্য কৰিলে?

  2. ২. যৰ্দ্দন নদী পাৰ হ’বলৈ ইস্ৰায়েলীসকলে নিজৰ বিশ্বাস দেখুৱাই কি কাৰ্য্য কৰিবলগীয়া হৈছিল?

  3. ৩. ঈশ্বৰে যিহোচূৱাক নদীৰপৰা ১২টা শিল আনিবলৈ কিয় কৈছিল?

  4. ৪. পুৰোহিতকেইজনে যৰ্দ্দন নদীৰপৰা বাহিৰ হোৱাৰ লগে লগে কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিহোচূৱা ৩:১-১৭ পঢ়া।

    1. (ক) যিহোৱা ঈশ্বৰৰ সহায় আৰু আশীৰ্ব্বাদ পাবলৈ আমি কি কৰাৰ প্ৰয়োজন? ইয়াৰ বিষয়ে বাইবেলৰ এই কাহিনীটোৱে কি বিৱৰণ দিছে? (যিহো. ৩:১৩, ১৫; হিতো. ৩:৫; যাকো. ২:২২, ২৬)

    2. (খ) ইস্ৰায়েলীসকলে প্ৰতিজ্ঞা কৰা দেশত প্ৰৱেশ কৰাৰ সময়ত যৰ্দ্দন নদীৰ পৰিস্থিতি কেনে আছিল? ইয়াৰ দ্বাৰা যিহোৱাৰ নাম কেনেকৈ মহান হ’ল? (যিহো. ৩:১৫; ৪:১৮; গীত. ৬৬:৫-৭)

  2. ২. যিহোচূৱা ৪:১-১৮ পঢ়া।

    যৰ্দ্দন নদীৰপৰা গোটোৱা ১২টা শিল গিল্‌গল নামৰ ঠাইখনত কিয় ৰখা হৈছিল? (যিহো. ৪:৪-৭)

কাহিনী ৪৬

যিৰীহো নগৰৰ গড়

  1. ১. যিহোৱাই যুঁজাৰু আৰু পুৰোহিতকেইজনক ছদিন ধৰি কি কৰিবলৈ আজ্ঞা দিছিল?

  2. ২. সপ্তমদিনাখন এই লোকসকলে কি কৰাৰ প্ৰয়োজন আছিল?

  3. ৩. ছবিখনত দেখুৱাৰ দৰে যিৰীহো নগৰৰ গড়বোৰ কি হৈছে?

  4. ৪. খিৰিকীয়েদি ৰঙা ৰছীডাল কিয় ওলমি আছে?

  5. ৫. নগৰত থকা সকলো লোক আৰু ইয়াৰ বস্তুবোৰক কি কৰিবলৈ যিহোচূৱাই যুঁজাৰুবিলাকক আদেশ দিছিল? কিন্তু সোণ, ৰূপ, পিতল আৰু লোহৰ পাত্ৰবোৰৰ বিষয়ে কি কৈছিল?

  6. ৬. দুজন চোৰাংচোৱাক যিহোচূৱাই কি কৰিবলৈ আদেশ দিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিহোচূৱা ৬:১-২৫ পঢ়া।

    1. (ক) সপ্তমদিনাখন ইস্ৰায়েলীসকলে যিৰীহো নগৰৰ চাৰিওফালে ঘূৰাৰ ঘটনাটোৰ লগত, শেষকালত যিহোৱাৰ সাক্ষীসকলে কৰা ঘোষণাৰ কাৰ্য্যৰ কি মিল আছে? (যিহো. ৬:১৫, ১৬; যিচ. ৬০:২২; মথি ২৪:১৪; ১ কৰি. ৯:১৬)

    2. (খ) যিহোচূৱা ৬:২৬ পদটোত কৰা ভৱিষ্যতবাণী ৫০০ বছৰৰ পাছত কেনেকৈ পূৰ হৈছিল আৰু ইয়ে যিহোৱাৰ প্ৰতিজ্ঞাবোৰৰ বিষয়ে আমাক কি শিকায়? (১ ৰাজা. ১৬:৩৪; যিচ. ৫৫:১১)

কাহিনী ৪৭

ইস্ৰায়েলৰ মাজত এজন চোৰ

  1. ১. ছবিখনত দেখুৱা অনুসৰি যিৰীহোৰপৰা অনা মূল্যৱান বস্তুবোৰ মাটিত পুতি থকা মানুহজন কোন আৰু তেওঁক কোনে সহায় কৰিছে?

  2. ২. আখান আৰু তেওঁৰ পৰিয়ালে যি কৰিলে সেইয়া কিয় ভুল আছিল?

  3. ৩. অয় নামৰ নগৰৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সময়ত ইস্ৰায়েলীসকলে পৰাস্ত হোৱাত যিহোচূৱাই যিহোৱা ঈশ্বৰক কি প্ৰশ্ন কৰিলে? যিহোৱাই তেওঁক কি উত্তৰ দিয়ে?

  4. ৪. আখান আৰু তেওঁৰ পৰিয়ালক যিহোচূৱাৰ ওচৰলৈ অনাৰ পাছত তেওঁলোকৰ কি হয়?

  5. ৫. যিহোৱা ঈশ্বৰে আখানক যি শাস্তি দিলে, তাৰপৰা আমি কি শিকিব পাৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিহোচূৱা ৭:১-২৬ পঢ়া।

    1. (ক) যিহোচূৱাই কৰা প্ৰাৰ্থনাবোৰে সৃষ্টিকৰ্ত্তাৰ লগত তেওঁৰ সম্বন্ধৰ বিষয়ে কি প্ৰকাশ কৰে? (যিহো. ৭:৭-৯; গীত. ১১৯:১৪৫; ১ যোহ. ৫:১৪)

    2. (খ) আখানৰ উদাহৰণে কি কথা প্ৰমাণ কৰে আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (যিহো. ৭:১১, ১৪, ১৫; হিতো. ১৫:৩; ১ তীম. ৫:২৪; ইব্ৰী ৪:১৩)

  2. ২. যিহোচূৱা ৮:১-২৯ পঢ়া।

    খ্ৰীষ্টান মণ্ডলীৰ এজন সদস্য হিচাপে আমাৰ কি দায়িত্ব আছে? (যিহো. ৭:১৩; লেবী. ৫:১; হিতো. ২৮:১৩)

কাহিনী ৪৮

গিবিয়োনীয়াবিলাকৰ বুদ্ধি

  1. ১. কনানীয়াবিলাকতকৈ গিবিয়োনীয়াবিলাক কেনেকৈ বেলেগ?

  2. ২. ছবিখনত দেখুৱা অনুসৰি গিবিয়োনীয়াবিলাকে কি কৰে আৰু তেওঁলোকে এনে কৰাৰ কাৰণ কি?

  3. ৩. যিহোচূৱা আৰু আন নায়কবিলাকে গিবিয়োনীয়াবিলাকক কি প্ৰতিজ্ঞা কৰে? কিন্তু তেওঁলোকে তিনিদিনৰ পাছত কি জানিব পাৰিলে?

  4. ৪. ইস্ৰায়েলীসকলৰ লগত গিবিয়োনীয়াবিলাকে শান্তি স্থাপন কৰাৰ বিষয়ে জানিব পাৰি আন ৰজাবিলাকে কি কৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিহোচূৱা ৯:১-২৭ পঢ়া।

    1. (ক) যিহোৱাই ইস্ৰায়েলীসকলক কনান দেশৰ ‘সকলো নিবাসীকে বিনষ্ট কৰিবলৈ’ আদেশ দিছিল। কিন্তু গিবিয়োনীয়াবিলাকক বিনষ্ট নকৰাৰ যোগেদি ঈশ্বৰে কি গুণ দেখুৱালে? (যিহো. ৯:২২, ২৪; মথি ৯:১৩; পাঁচ. ১০:৩৪, ৩৫; ২ পিত. ৩:৯)

    2. (খ) যিহোচূৱাই গিবিয়োনীয়াবিলাকৰ লগত যি নিয়ম বান্ধিছিল, তাক পালন কৰাৰ দ্বাৰা তেওঁ বৰ্তমান সত্য খ্ৰীষ্টানসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (যিহো. ৯:১৮, ১৯; মথি ৫:৩৭; ইফি. ৪:২৫)

  2. ২. যিহোচূৱা ১০:১-৫ পঢ়া।

    গিবিয়োনীয়াবিলাকৰ দৰে বৰ্তমান সময়ত বৰ লোকসমূহে কি কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকে কি সহন কৰিবলগীয়া হৈছে? (যিহো. ১০:৪; জখ. ৮:২৩; মথি ২৫:৩৫-৪০; প্ৰকা. ১২:১৭)

কাহিনী ৪৯

সূৰ্য্য স্থিৰ হোৱা

  1. ১. ছবিখনত দেখুৱাৰ দৰে যিহোচূৱাই কি কৈছে আৰু কিয়?

  2. ২. যিহোচূৱা আৰু তেওঁৰ যুঁজাৰুবিলাকক যিহোৱাই কেনেকৈ সহায় কৰে?

  3. ৩. যিহোচূৱাই কিমানজন ৰজাক পৰাস্ত কৰে আৰু ইয়াৰ বাবে তেওঁক কিমান সময় লাগিছিল?

  4. ৪. যিহোচূৱাই ইস্ৰায়েলীসকলৰ মাজত কনান দেশখন কিয় ভগাই দিয়ে?

  5. ৫. মৃত্যুৰ সময়ত যিহোচূৱাৰ বয়স কিমান আছিল আৰু তেওঁৰ মৃত্যুৰ পাছত ইস্ৰায়েলীসকলৰ কি হয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিহোচূৱা ১০:৬-১৫ পঢ়া।

    যিহোৱাই ইস্ৰায়েলীসকলৰ বাবে সূৰ্য্য আৰু চন্দ্ৰক স্থিৰ কৰি ৰাখিলে, ইয়াৰপৰা বৰ্তমান সময়ত আমি কি ভৰসা কৰিব পাৰোঁ? (যিহো. ১০:৮, ১০, ১২, ১৩; গীত. ১৮:৩; হিতো. ১৮:১০)

  2. ২. যিহোচূৱা ১২:৭-২৪ পঢ়া।

    কনান দেশৰ ৩১জন ৰজাক পৰাস্ত কৰিবলৈ আচলতে কোনে সহায় কৰিছিল আৰু এই কথা আমি কিয় মনত ৰখা উচিত? (যিহো. ১২:৭; ২৪:১১-১৩; দ্বিতী. ৩১:৮; লূক ২১:৯, ২৫-২৮)

  3. ৩. যিহোচূৱা ১৪:১-৫ পঢ়া।

    ইস্ৰায়েলীসকলৰ গোত্ৰবোৰৰ মাজত কনান দেশখন কেনেকৈ ভগাই দিয়া হৈছিল? প্ৰমোদবনত লাভ কৰিবলগীয়া আশীৰ্ব্বাদবোৰৰ বিষয়ে ইয়ে কি আভাস দিয়ে? (যিহো. ১৪:২; যিচ. ৬৫:২১; যিহি. ৪৭:২১-২৩; ১ কৰি. ১৪:৩৩)

  4. ৪. বিচাৰকৰ্ত্তাবিলাক ২:৮-১৩ পঢ়া।

    যিহোচূৱাৰ দৰে বৰ্তমান সময়ত কোনে যিহোৱাৰ লোকসকলক ধৰ্ম্মত্যাগীৰ প্ৰভাৱৰপৰা ৰক্ষা কৰে? (বিচা. ২:৮, ১০, ১১; মথি ২৪:৪৫-৪৭; ২ থিচ. ২:৩-৬; তীত ১:৭-৯; প্ৰকা. ১:১; ২:১, ২)

কাহিনী ৫০

দুগৰাকী সাহসী তিৰোতা

  1. ১. বিচাৰকসকল কোন আছিল? কেইজনমান বিচাৰকৰ নাম কোৱাচোন।

  2. ২. যিহোৱাৰপৰা দবোৰাই কি কাম কৰিবলৈ দায়িত্ব পাইছিল আৰু ইয়াত কি জড়িত আছে?

  3. ৩. ৰজা যাবীন আৰু তেওঁৰ সেনাপতি চীচৰাই ইস্ৰায়েলীসকলক অত্যাচাৰ কৰাৰ সময়ত, বাৰাকক দবোৰাই যিহোৱাৰপৰা কি বাৰ্ত্তা দিছিল? এই কাৰ্য্যৰ বাবে কাক প্ৰশংসা কৰা হ’ব বুলি তাই কৈছিল?

  4. ৪. যায়েলে নিজকে এগৰাকী সাহসী তিৰোতা বুলি কেনেকৈ প্ৰমাণ কৰিলে?

  5. ৫. ৰজা যাবীনৰ মৃত্যুৰ পাছত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. বিচাৰকৰ্ত্তাবিলাক ২:১৪-২২ পঢ়া।

    ইস্ৰায়েলীসকলে কেনেকৈ নিজৰ ওপৰত যিহোৱাৰ ক্ৰোধ আনিলে আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (বিচা. ২:২০; হিতো. ৩:১, ২; যিহি. ১৮:২১-২৩)

  2. ২. বিচাৰকৰ্ত্তাবিলাক ৪:১-২৪ পঢ়া।

    দবোৰা আৰু যায়েলৰ উদাহৰণৰপৰা আজি খ্ৰীষ্টান মহিলাসকলে বিশ্বাস আৰু সাহসৰ বিষয়ে কি শিকিব পাৰে? (বিচা. ৪:৪, ৮, ৯, ১৪, ২১, ২২; হিতো. ৩১:৩০; ১ কৰি. ১৬:১৩)

  3. ৩. বিচাৰকৰ্ত্তাবিলাক ৫:১-৩১ পঢ়া।

    যুদ্ধত জয়লাভ কৰাৰ বাবে বাৰাক আৰু দবোৰাই গোৱা গীতটি, আহিবলগীয়া হৰমাগিদোনৰ যুদ্ধৰ বাবে প্ৰাৰ্থনা বুলি ক’ব পাৰি। কিয় বাৰু? (বিচা. ৫:৩, ৩১; ১ বং. ১৬:৮-১০; প্ৰকা. ৭:৯, ১০; ১৬:১৬; ১৯:১৯-২১)

কাহিনী ৫১

ৰূথ আৰু নয়মী

  1. ১. নয়মীয়ে মোৱাব দেশত কেনেকৈ উপস্থিত হ’ল?

  2. ২. ৰূথ আৰু অৰ্পা কোন আছিল?

  3. ৩. নয়মীয়ে যেতিয়া ৰূথ আৰু অৰ্পাক নিজ নিজ ঘৰলৈ উভতি যাবলৈ কৈছিল, তেতিয়া তেওঁলোকে কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল?

  4. ৪. বোৱজ কোন আছিল? তেওঁ ৰূথ আৰু নয়মীক কেনেকৈ সহায় কৰিছিল?

  5. ৫. বোৱজ আৰু ৰূথৰ পুত্ৰৰ নাম কি আছিল আৰু এই পুত্ৰক আমি কিয় মনত ৰখা উচিত?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ৰূথ ১:১-১৭ পঢ়া।

    1. (ক) নিজৰ প্ৰকৃত প্ৰেমক ৰূথে কেনেকৈ বৰ্ণনা কৰিলে? (ৰূথ ১:১৬, ১৭)

    2. (খ) বৰ্তমান ‘অন্য মেৰবোৰে’ অভিষিক্তজনৰ প্ৰতি ৰূথৰ দৰে কেনেকৈ প্ৰেম দেখুৱায়? (যোহ. ১০:১৬, NW; জখ. ৮:২৩)

  2. ২. ৰূথ ২:১-২৩ পঢ়া।

    খ্ৰীষ্টান মহিলাসকলৰ বাবে ৰূথে কি এক ভাল উদাহৰণ ৰাখিলে? (ৰূথ ২:১৭, ১৮; হিতো. ২৩:২২; ৩১:১৫)

  3. ৩. ৰূথ ৩:৫-১৩ পঢ়া।

    1. (ক) ৰূথে ডেকা ল’ৰা এজনৰ লগত বিয়া নহৈ, বোৱজৰ লগত বিয়া হ’বলৈ আগ্ৰহ প্ৰকাশ কৰাত বোৱজে কি কৈছিল?

    2. (খ) ৰূথৰ দৃষ্টিভংগীয়ে প্ৰকৃত প্ৰেমৰ বিষয়ে আমাক কি শিক্ষা দিয়ে? (ৰূথ ৩:১০; ১ কৰি. ১৩:৪, ৫)

  4. ৪. ৰূথ ৪:৭-১৭ পঢ়া।

    বৰ্তমান সময়ত খ্ৰীষ্টান ভাইবিলাকে বোৱজৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰে? (ৰূথ ৪:৯, ১০; ১ তীম. ৩:১, ১২, ১৩; ৫:৮)

কাহিনী ৫২

গিদিয়োন আৰু তেওঁৰ ৩০০ সৈনিক

  1. ১. ইস্ৰায়েলীসকলে কি সমস্যাত পৰিল আৰু কিয়?

  2. ২. গিদিয়োনৰ লগত থকা সৈনিকৰ সংখ্যা অধিক বুলি যিহোৱাই কিয় ক’লে?

  3. ৩. যেতিয়া গিদিয়োনে যুদ্ধলৈ যাবলৈ ভয় কৰা লোকসকলক ঘৰলৈ উভতি যাবলৈ ক’লে, তেতিয়া কিমানজন সৈন্য বাকী থাকিল?

  4. ৪. ছবিখনলৈ চাই বৰ্ণনা কৰা যে যিহোৱাই গিদিয়োনৰ সৈন্যৰপৰা মাত্ৰ ৩০০ সৈন্যক কেনেকৈ নিৰ্ব্বাচন কৰিলে।

  5. ৫. গিদিয়োনে তেওঁৰ ৩০০ সৈন্যক কেনেকৈ সংগঠিত কৰে আৰু ইস্ৰায়েলীসকলে এই যুদ্ধত কেনেকৈ জয়লাভ কৰে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. বিচাৰকৰ্ত্তাবিলাক ৬:৩৬-৪০ পঢ়া।

    1. (ক) যিহোৱাৰ ইচ্ছাৰ বিষয়ে জানিবলৈ গিদিয়োনে কি কৰিছিল?

    2. (খ) আজি আমি যিহোৱাৰ ইচ্ছাৰ বিষয়ে কেনেকৈ জানিব পাৰোঁ? (হিতো. ২:৩-৬; মথি ৭:৭-১১; ২ তীম. ৩:১৬, ১৭)

  2. ২. বিচাৰকৰ্ত্তাবিলাক ৭:১-২৫ পঢ়া।

    1. (ক) সতৰ্ক হৈ পানী খোৱা ৩০০জন সৈনিকৰপৰা আমি কি শিকিব পাৰোঁ? (বিচা. ৭:৩, ৬; ৰোমী. ১৩:১১, ১২; ইফি. ৫:১৫-১৭)

    2. (খ) গিদিয়োনক অনুকৰণ কৰাৰ যোগেদি ৩০০জন সৈন্যই যেনেকৈ শিক্ষা পালে, ঠিক সেইদৰে আমিও মহান গিদিয়োন যীচু খ্ৰীষ্টক অনুকৰণ কৰি কেনেকৈ শিকিব পাৰোঁ? (বিচা. ৭:১৭; মথি ১১:২৯, ৩০; ২৮:১৯, ২০; ১ পিত. ২:২১)

    3. (গ) যিহোৱাৰ সংগঠনত যিকোনো সেৱা কৰি সন্তুষ্ট হ’বলৈ বিচাৰকৰ্ত্তাবিলাক ৭:২১ পদটোৱে কেনেকৈ আমাক সহায় কৰে? (১ কৰি. ৪:২; ১২:১৪-১৮; যাকো. ৪:১০)

  3. ৩. বিচাৰকৰ্ত্তাবিলাক ৮:১-৩ পঢ়া।

    গিদিয়োনে যেনেকৈ ইফ্ৰয়িম লোকসকলৰ লগত হোৱা সমস্যাবোৰ সমাধান কৰিছিল, ঠিক তেনেকৈ আমিও খ্ৰীষ্টান ভাই বা ভনীৰ লগত হোৱা সমস্যাবোৰ কেনেকৈ সমাধান কৰিব পাৰোঁ? (হিতো. ১৫:১; মথি ৫:২৩, ২৪; লূক ৯:৪৮)

কাহিনী ৫৩

যিপ্তহৰ প্ৰতিশ্ৰুতি

  1. ১. যিপ্তহ কোন আছিল আৰু তেওঁৰ সময়ত ইস্ৰায়েলীসকলে কি কৰিছিল?

  2. ২. যিপ্তহে যিহোৱাক কি প্ৰতিশ্ৰুতি দিছিল?

  3. ৩. অম্মোনীয়াবিলাকৰ লগত হোৱা যুদ্ধত জয়লাভ কৰি ঘৰলৈ উভতি অহাৰ সময়ত যিপ্তহে কিয় দুখ কৰিছিল?

  4. ৪. যিপ্তহৰ প্ৰতিশ্ৰুতিৰ বিষয়ে জানিব পাৰি তেওঁৰ ছোৱালীজনীয়ে কি কৈছিল?

  5. ৫. লোকসকলে যিপ্তহৰ ছোৱালীক কিয় ভাল পাইছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. বিচাৰকৰ্ত্তাবিলাক ১০:৬-১৮ পঢ়া।

    ইস্ৰায়েলীসকলে যিহোৱাক বাৰে বাৰে বিশ্বাসঘাতকতা কৰিছিল। ইয়াৰপৰা আমি কি শিক্ষা পাওঁ? (বিচা. ১০:৬, ১৫, ১৬; ৰোমী. ১৫:৪; প্ৰকা. ২:১০)

  2. ২. বিচাৰকৰ্ত্তাবিলাক ১১:১-১১, ২৯-৪০ পঢ়া।

    1. (ক) আমি কেনেকৈ জানিব পাৰোঁ যে যিপ্তহে নিজৰ ছোৱালীক যিহোৱালৈ “হোম-বলিস্বৰূপে” দিয়াৰ অৰ্থ সঁচাকৈয়ে বলিদান কৰা নহয়? (বিচা. ১১:৩১; লেবী. ১৬:২৪; দ্বিতী. ১৮:১০, ১২)

    2. (খ) যিপ্তহে নিজৰ ছোৱালীজনীক এক বলিদানৰূপে যিহোৱালৈ কেনেকৈ আগবঢ়াইছিল?

    3. (গ) যিহোৱাক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি যিপ্তহে যি দৃষ্টিভংগী ৰাখিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (বিচা. ১১:৩৫, ৩৯; উপ. ৫:৪, ৫; মথি ১৬:২৪)

    4. (ঘ) পূৰ্ণ-সময়ৰ সেৱা কৰিবলৈ যিপ্তহৰ ছোৱালীয়ে, বৰ্তমান সময়ৰ ডেকা খ্ৰীষ্টানসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (বিচা. ১১:৩৬; মথি ৬:৩৩; ফিলি. ৩:৮)

কাহিনী ৫৪

এজন বলৱান পুৰুষ

  1. ১. আটাইতকৈ বলৱান ব্যক্তিজনৰ নাম কি আছিল আৰু তেওঁক এই শক্তি কোনে দিছিল?

  2. ২. ছবিখনত দেখুৱা অনুসৰি চিম্‌চোনে সিংহটোক কি কৰিছিল?

  3. ৩. ছবিখনত দেখুৱাৰ দৰে চিম্‌চোনে দলীলাক কি ৰহস্য কৈছে আৰু ইয়াৰ ফলত পলেষ্টীয়াবিলাকে চিম্‌চোনক কেনেকৈ বন্দী কৰিলে?

  4. ৪. চিম্‌চোনে নিজৰ মৃত্যুৰ সময়ত কেনেকৈ ৩,০০০ পলেষ্টীয়াক মৃত্যু ঘটালে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. বিচাৰকৰ্ত্তাবিলাক ১৩:১-১৪ পঢ়া।

    ল’ৰা-ছোৱালীৰ যত্ন লোৱাৰ বিষয়ে মানোহ আৰু তেওঁৰ পত্নীয়ে অভিভাৱকসকলৰ বাবে কি এক ভাল উদাহৰণ ৰাখিলে? (বিচা. ১৩:৮; গীত. ১২৭:৩; ইফি. ৬:৪)

  2. ২. বিচাৰকৰ্ত্তাবিলাক ১৪:৫-৯ আৰু ১৫:৯-১৬ পঢ়া।

    1. (ক) চিম্‌চোনে সিংহ এটাক বধ কৰা, শিকলি ভঙা আৰু গাধৰ এডাল হাড়েৰে ১,০০০ লোকক বধ কৰা ঘটনাবোৰে যিহোৱাৰ পবিত্ৰ আত্মাৰ বিষয়ে কি প্ৰকাশ কৰে?

    2. (খ) যিহোৱাৰ পবিত্ৰ আত্মাই বৰ্তমান সময়ত আমাক কেনেকৈ সহায় কৰে? (বিচা. ১৪:৬; ১৫:১৪; জখ. ৪:৬; পাঁচ. ৪:৩১)

  3. ৩. বিচাৰকৰ্ত্তাবিলাক ১৬:১৮-৩১ পঢ়া।

    বেয়া সংগতিয়ে চিম্‌চোনক কেনেকৈ প্ৰভাৱিত কৰিছিল আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (বিচা. ১৬:১৮, ১৯; ১ কৰি. ১৫:৩৩)

কাহিনী ৫৫

এটা সৰু ল’ৰাৰ সেৱা

  1. ১. ছবিখনত দেখুৱা সৰু ল’ৰাটোৰ নাম কি আৰু তাৰ লগত থকা লোকসকল কোন?

  2. ২. এবাৰ যিহোৱাৰ গৃহলৈ আহোঁতে, হান্নাই কি প্ৰাৰ্থনা কৰে আৰু যিহোৱাই তাইৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

  3. ৩. যিহোৱাৰ গৃহত সেৱা কৰিবলৈ যাওঁতে চমূৱেলৰ বয়স কিমান আছিল আৰু প্ৰতিবছৰে চমূৱেলৰ বাবে মাকে কি কৰিছিল?

  4. ৪. এলীৰ পুত্ৰকেইজনৰ নাম কি আৰু তেওঁলোক কেনেধৰণৰ ব্যক্তি আছিল?

  5. ৫. যিহোৱা ঈশ্বৰে চমূৱেলক কেনেকৈ মাতিছিল আৰু তেওঁ চমূৱেলক কি খবৰ দিছিল?

  6. ৬. ডাঙৰ হৈ চমূৱেলে কি কাৰ্য্য কৰিছিল আৰু বৃদ্ধ অৱস্থাত ইস্ৰায়েলীসকলে তেওঁক কি কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ চমূৱেল ১:১-২৮ পঢ়া।

    1. (ক) সত্য উপাসনাৰ বাবে আগভাগ লোৱাৰ যোগেদি, ইল্‌কানাই পৰিয়ালৰ মুৰব্বীসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (১ চমূ. ১:৩, ২১; মথি ৬:৩৩; ফিলি. ১:১০)

    2. (খ) জটিল সমস্যাবোৰৰ সন্মুখীন হ’বলৈ হান্নাৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (১ চমূ. ১:১০, ১১; গীত. ৫৫:২২; ৰোমী. ১২:১২)

  2. ২. ১ চমূৱেল ২:১১-৩৬ পঢ়া।

    এলীয়ে কেনেকৈ দেখুৱালে যে তেওঁ যিহোৱা ঈশ্বৰতকৈ নিজৰ পুত্ৰকেইজনক বেছি ভাল পাইছিল আৰু ইয়াৰপৰা আমি কি শিকোঁ? (১ চমূ. ২:২২-২৪, ২৭, ২৯; দ্বিতী. ২১:১৮-২১; মথি ১০:৩৬, ৩৭)

  3. ৩. ১ চমূৱেল ৪:১৬-১৮ পঢ়া।

    যুদ্ধ ক্ষেত্ৰৰপৰা একে সময়তে কি চাৰিটা দুখৰ খবৰ আহিছিল আৰু এই খবৰবোৰে এলীক কেনেকৈ প্ৰভাৱিত কৰিলে?

  4. ৪. ১ চমূৱেল ৮:৪-৯ পঢ়া।

    ইস্ৰায়েলীসকলে কেনেকৈ যিহোৱাক অসন্তুষ্ট কৰিছিল? বৰ্তমান সময়ত আমি কেনেকৈ যিহোৱাৰ ৰাজ্যক সমৰ্থন কৰিব পাৰোঁ? (১ চমূ. ৮:৫, ৭; যোহ. ১৭:১৬; যাকো. ৪:৪)

কাহিনী ৫৬

ইস্ৰায়েলৰ প্ৰথম ৰজা—চৌল

  1. ১. ছবিখনত দেখুৱাৰ দৰে চমূৱেলে কি কৰিছে আৰু কিয়?

  2. ২. যিহোৱা ঈশ্বৰে চৌলক কিয় পছন্দ কৰিছিল আৰু চৌল কেনে স্বভাৱৰ ব্যক্তি আছিল?

  3. ৩. চৌলৰ পুত্ৰজনৰ নাম কি আছিল আৰু তেওঁ কি কৰিছিল?

  4. ৪. চৌলে চমূৱেলৰ বাবে অপেক্ষা নকৰি কিয় নিজেই যিহোৱালৈ বলিদান আগবঢ়াইছিল?

  5. ৫. চৌলৰ কাহিনীৰপৰা আমি কি শিকিব পাৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ চমূৱেল ৯:১৫-২১ আৰু ১০:১৭-২৭ পঢ়া।

    কিছুমান লোকে চৌলক অপমান কৰাৰ সত্ত্বেও, তেওঁৰ নম্ৰ স্বভাৱে কেনেকৈ বিবেচনাহীন কাৰ্য্য কৰাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰে? (১ চমূ. ৯:২১; ১০:২১, ২২, ২৭; হিতো. ১৭:২৭)

  2. ২. ১ চমূৱেল ১৩:৫-১৪ পঢ়া।

    গিল্‌গল নামৰ ঠাইখনত চৌলে কি পাপ কৰিছিল? (১ চমূ. ১০:৮; ১৩:৮, ৯, ১৩)

  3. ৩. ১ চমূৱেল ১৫:১-৩৫ পঢ়া।

    1. (ক) অমালেকীয়াহঁতৰ ৰজা অগাগৰ লগত হোৱা যুদ্ধত চৌলে কি গভীৰ পাপ কৰিছিল? (১ চমূ. ১৫:২, ৩, ৮, ৯, ২২)

    2. (খ) ভুল কৰাৰ পাছতো চৌলে নিজৰ কাৰ্য্য সঠিক হয় বুলি আৰু আনক দোষাৰোপ কৰিবলৈ কেনেকৈ চেষ্টা কৰিছিল? (১ চমূ. ১৫:২৪)

    3. (গ) আমাক পৰামৰ্শ দিয়াৰ সময়ত, আমি কি কথা মনত ৰখা উচিত? (১ চমূ. ১৫:১৯-২১; গীত. ১৪১:৫; হিতো. ৯:৮, ৯; ১১:২)

কাহিনী ৫৭

ঈশ্বৰে দায়ূদক নিৰ্ব্বাচন কৰে

  1. ১. ছবিখনত দেখা ল’ৰাজনৰ নাম কি আৰু সি বৰ সাহসী বুলি আমি কেনেকৈ ক’ব পাৰোঁ?

  2. ২. দায়ূদৰ ঘৰ ক’ত আছিল? দায়ূদৰ দেউতাক আৰু ককাদেউতাকৰ নাম কি?

  3. ৩. যিচয়ৰ ঘৰলৈ যাবলৈ যিহোৱাই চমূৱেলক কিয় কৈছিল?

  4. ৪. যিচয়ই নিজৰ সাতজন পুত্ৰক চমূৱেলৰ ওচৰলৈ অনাত কি হ’ল?

  5. ৫. দায়ূদক চমূৱেলৰ ওচৰলৈ লৈ অনাৰ সময়ত, যিহোৱাই চমূৱেলক কি কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ চমূৱেল ১৭:৩৪, ৩৫ পঢ়া।

    এই ঘটনাবোৰে দায়ূদৰ সাহস আৰু যিহোৱা ঈশ্বৰৰ ওপৰত তেওঁৰ ভৰসাৰ বিষয়ে কি প্ৰকাশ কৰে? (১ চমূ. ১৭:৩৭)

  2. ২. ১ চমূৱেল ১৬:১-১৪ পঢ়া।

    1. (ক) নিৰপক্ষ হ’বলৈ আৰু পক্ষপাত কৰাৰপৰা বিৰত থাকিবলৈ ১ চমূৱেল ১৬:৭ পদত উল্লেখ কৰা যিহোৱাৰ বাক্যই আমাক কেনেকৈ সহায় কৰে? (পাঁচ. ১০:৩৪, ৩৫; ১ তীম. ২:৪)

    2. (খ) যিহোৱা ঈশ্বৰে এজন ব্যক্তিৰপৰা যেতিয়া পবিত্ৰ আত্মা আঁতৰাই নিয়ে, তেতিয়া ব্যক্তিজনৰ ওপৰত এক বেয়া আত্মা বা বেয়া কাম কৰাৰ ভাবনা বিকশিত হয় বুলি চৌলৰ উদাহৰণে কেনেকৈ দেখুৱায়? (১ চমূ. ১৬:১৪; মথি ১২:৪৩-৪৫; গালা. ৫:১৬)

কাহিনী ৫৮

দায়ূদ আৰু গলিয়াথ

  1. ১. গলিয়াথে ইস্ৰায়েলী সৈন্যবাহিনীক কি প্ৰত্যাহ্বান জনাইছিল?

  2. ২. গলিয়াথ কিমান ওখ আছিল আৰু তেওঁক বধ কৰাজনক ৰজা চৌলে কি দিম বুলি কৈছিল?

  3. ৩. চৌলে যেতিয়া দায়ূদক এজন সৰু ল’ৰা আৰু গলিয়াথৰ লগত যুদ্ধ কৰিব নোৱাৰিব বুলি কৈছিল, তেতিয়া দায়ূদে তেওঁক কি উত্তৰ দিছিল?

  4. ৪. দায়ূদে গলিয়াথক যি উত্তৰ দিছিল, তাৰ দ্বাৰা তেওঁ কেনেকৈ দেখুৱাইছিল যে তেওঁ যিহোৱা ঈশ্বৰৰ ওপৰত ভৰসা কৰে?

  5. ৫. ছবিখনত দেখুৱাৰ দৰে, দায়ূদে গলিয়াথক কিহেৰে বধ কৰিছিল আৰু ইয়াৰ পাছত পলেষ্টীয়াসকলৰ কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ চমূৱেল ১৭:১-৫৪ পঢ়া।

    1. (ক) দায়ূদে সাহসী হোৱাৰ ৰহস্য কি আছিল আৰু তেওঁৰ সাহস আমি কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (১ চমূ. ১৭:৩৭, ৪৫; ইফি. ৬:১০, ১১)

    2. (খ) সত্য খ্ৰীষ্টানসকলে খেলা-ধূলা বা মনোৰঞ্জনৰ সময়ত, গলিয়াথৰ দৰে প্ৰতিদ্বন্দ্ব কৰা মনোভাৱৰপৰা কিয় আঁতৰি থকা উচিত? (১ চমূ. ১৭:৮; গালা. ৫:২৬; ১ তীম. ৪:৮)

    3. (গ) দায়ূদে যিহোৱা ঈশ্বৰৰ সহায়ৰ ওপৰত ভৰসা কৰিছিল বুলি তেওঁৰ বাক্যই কেনেকৈ প্ৰকাশ কৰে? (১ চমূ. ১৭:৪৫-৪৭; ২ বং. ২০:১৫)

    4. (ঘ) এই ঘটনাটোৱে কেনেকৈ দেখুৱায় যে এই যুদ্ধ কেৱল দুটা সৈন্যদলৰ মাজত নাছিল, কিন্তু সত্য ঈশ্বৰ যিহোৱা আৰু মিছা দেৱ-দেৱীবিলাকৰ মাজত আছিল? (১ চমূ. ১৭:৪৩, ৪৬, ৪৭)

    5. (ঙ) যিহোৱাৰ ওপৰত ভৰসা কৰা দায়ূদৰ উদাহৰণক আজি অভিষিক্ত লোকসকলে কেনেকৈ অনুকৰণ কৰে? (১ চমূ. ১৭:৩৭; যিৰি. ১:১৭-১৯; প্ৰকা. ১২:১৭)

কাহিনী ৫৯

দায়ূদৰ পলায়ন

  1. ১. চৌলে দায়ূদক কিয় ঈৰ্ষা কৰিছিল? কিন্তু চৌলৰ পুত্ৰ যোনাথন কেনেকৈ দেউতাকৰ দৰে নাছিল?

  2. ২. এদিনাখন দায়ূদে চৌলৰ বাবে বাদ্যযন্ত্ৰ বজাই থাকোঁতে কি হ’ল?

  3. ৩. চৌলে নিজৰ জীয়েক মীখলক দায়ূদলৈ বিয়া দিবৰ বাবে কি চৰ্ত ৰাখিছিল আৰু কিয়?

  4. ৪. ছবিখনত দেখুৱাৰ দৰে দায়ূদে বাদ্যযন্ত্ৰ বজাই থাকোঁতে, তৃতীয়বাৰৰ বাবে কি ঘটিল?

  5. ৫. দায়ূদৰ পত্নী মীখলে কেনেকৈ দায়ূদৰ প্ৰাণ ৰক্ষা কৰাত সহায় কৰে আৰু সাত বছৰলৈকে দায়ূদে কি কৰিবলগীয়া হয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ চমূৱেল ১৮:১-৩০ পঢ়া।

    1. (ক) দায়ূদৰ প্ৰতি থকা যোনাথনৰ গভীৰ প্ৰেমে, কেনেকৈ ‘অন্য মেৰবোৰ’ আৰু ‘তাকৰ জাকটিৰ’ মাজত থকা প্ৰেমক চিত্ৰিত কৰে? (১ চমূ. ১৮:১; যোহন ১০:১৬, NW; লূক ১২:৩২; জখ. ৮:২৩)

    2. (খ) যোনাথনে জানিছিল যে স্বাভাৱিকতে তেওঁহে চৌলৰ উত্তৰাধিকাৰী হ’ব। কিন্তু ১ চমূৱেল ১৮:৪ পদটোৱে কেনেকৈ দেখুৱায় যে ঈশ্বৰে নিৰ্ব্বাচন কৰা ৰজাৰ প্ৰতি যোনাথনে অধীনতা দেখুৱাইছিল?

    3. (গ) ঈৰ্ষাই এজন ব্যক্তিক গভীৰ পাপ কৰিবলৈ পৰিচালিত কৰিব পাৰে বুলি চৌলৰ উদাহৰণে কেনেকৈ দেখুৱায় আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (১ চমূ. ১৮:৭-৯, ২৫; যাকো. ৩:১৪-১৬)

  2. ২. ১ চমূৱেল ১৯:১-১৭ পঢ়া।

    যোনাথনে নিজৰ জীৱন বিপদত পেলাই কেনেকৈ চৌলৰ লগত কথা-বতৰা হৈছিল? (১ চমূ. ১৯:১, ৪-৬; হিতো. ১৬:১৪)

কাহিনী ৬০

অবীগল আৰু দায়ূদ

  1. ১. ছবিখনত দেখাৰ দৰে দায়ূদক সাক্ষাৎ কৰিবলৈ অহা তিৰোতাগৰাকী কোন আৰু তাই কেনেধৰণৰ তিৰোতা?

  2. ২. নাবল কোন হয়?

  3. ৩. দায়ূদে সহায় বিচাৰি কিছুমান লোকক কিয় নাবলৰ ওচৰলৈ পঠাইছিল?

  4. ৪. নাবলে দায়ূদৰ লোককেইজনক কি ক’লে আৰু ইয়াৰ বাবে দায়ূদে কি প্ৰতিক্ৰিয়া দেখুৱালে?

  5. ৫. অবীগলে নিজকে এগৰাকী বুদ্ধিমতী তিৰোতা বুলি কেনেকৈ প্ৰমাণ কৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ চমূৱেল ২২:১-৪ পঢ়া।

    খ্ৰীষ্টান ভাই-ভনীসকলে এজনে-আনজনক সহায় কৰাৰ বিষয়ত, দায়ূদৰ পৰিয়ালে কেনেকৈ এক ভাল উদাহৰণ ৰাখিলে? (হিতো. ১৭:১৭; ১ থিচ. ৫:১৪)

  2. ২. ১ চমূৱেল ২৫:১-৪৩ পঢ়া।

    1. (ক) বাইবেলত নাবলৰ বিষয়ে কিয় ইমান বেয়াকৈ উল্লেখ কৰা হৈছে? (১ চমূ. ২৫:২-৫, ১০, ১৪, ২১, ২৫)

    2. (খ) অবীগলৰ উদাহৰণৰপৰা আজি খ্ৰীষ্টান পত্নীসকলে কি শিকিব পাৰে? (১ চমূ. ২৫:৩২, ৩৩; হিতো. ৩১:২৬; ইফি. ৫:২৪)

    3. (গ) অবীগলে দায়ূদক কোন দুটা বেয়া কাম কৰিবলৈ বাধা দিছিল? (১ চমূ. ২৫:৩১, ৩৩; ৰোমী. ১২:১৯; ইফি. ৪:২৬)

    4. (ঘ) তিৰোতাসকলৰ প্ৰতি যিহোৱাৰ দৃষ্টিভংগী কি, তাৰ বিষয়ে পুৰুষসকলে দায়ূদৰ উদাহৰণৰপৰা কি শিকিব পাৰে? (পাঁচ. ২১:৮, ৯; ৰোমী. ২:১১; ১ পিত. ৩:৭)

কাহিনী ৬১

দায়ূদ ৰজা হ’ল

  1. ১. চৌলে নিজৰ ছাউনিত শুই থাকোঁতে, দায়ূদ আৰু অবীচয়ে কি কৰিলে?

  2. ২. দায়ূদে চৌলক কি সুধিছিল?

  3. ৩. চৌলৰ লগত কথা-বতৰা হোৱাৰ পাছত দায়ূদ ক’লৈ যায়?

  4. ৪. দায়ূদে কিহৰ বাবে দুখিত হৈ এটা গীতৰ ৰচনা কৰিছিল?

  5. ৫. হিব্ৰোণত ৰজা হোৱাৰ সময়ত দায়ূদৰ বয়স কিমান আছিল আৰু তেওঁৰ কেইজনমান পুত্ৰৰ নাম কি আছিল?

  6. ৬. পাছলৈ দায়ূদে ক’ত শাসন কৰিবলৈ ধৰে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ চমূৱেল ২৬:১-২৫ পঢ়া।

    1. (ক) ঈশ্বৰে নিৰ্ব্বাচন কৰা লোকসকলৰ প্ৰতি দায়ূদৰ দৃষ্টিভংগীৰ বিষয়ে ১ চমূৱেল ২৬:১১ পদটোৱে কি প্ৰকাশ কৰিছে? (গীত. ৩৭:৭; ৰোমী. ১৩:২)

    2. (খ) আনৰ ভাল কৰিবলৈ চেষ্টা কৰাৰ সত্ত্বেও যদি আনে কৃতজ্ঞতা নেদেখুৱায়, তেনেহ’লে ১ চমূৱেল ২৬:২৩ পদটোত উল্লেখ কৰা দায়ূদৰ কথাই সঠিক দৃষ্টিভংগী ৰাখিবলৈ আমাক কেনেকৈ সহায় কৰে? (১ ৰাজা. ৮:৩২; গীত. ১৮:২০)

  2. ২. ২ চমূৱেল ১:২৬ পঢ়া।

    দায়ূদ আৰু যোনাথনৰ মাজত থকা “আগ্ৰহযুক্ত প্ৰেম,” আজি খ্ৰীষ্টানসকলে কেনেকৈ বিকশিত কৰিব পাৰে? (১ পিত. ৪:৮; কল. ৩:১৪; ১ যোহ. ৪:১২)

  3. ৩. ২ চমূৱেল ৫:১-১০ পঢ়া।

    1. (ক) দায়ূদে কিমান বছৰলৈকে শাসন কৰিছিল আৰু তেওঁ ক’ত ক’ত শাসন কৰিছিল? (২ চমূ. ৫:৪, ৫)

    2. (খ) দায়ূদৰ সফলতাৰ আঁৰত কোন আছিল আৰু ইয়ে আমাক কি কথা মনত পেলাই দিয়ে? (২ চমূ. ৫:১০; ১ চমূ. ১৬:১৩; ১ কৰি. ১:৩১; ফিলি. ৪:১৩)

কাহিনী ৬২

দায়ূদৰ পৰিয়ালত সমস্যা

  1. ১. যিহোৱাৰ সহায়ত ইস্ৰায়েলীসকলে কি কৰিবলৈ সমৰ্থ হয়?

  2. ২. এদিনাখন সন্ধ্যাৰ সময়ত দায়ূদে ৰাজগৃহৰ ছাদত চলা-ফুৰা কৰি থাকোঁতে কি হ’ল?

  3. ৩. দায়ূদৰ ওপৰত যিহোৱাৰ কিয় খং উঠিল?

  4. ৪. ছবিখনত দেখুৱাৰ দৰে, দায়ূদৰ পাপৰ বিষয়ে ক’বলৈ যিহোৱা ঈশ্বৰে কাক পঠিয়াইছিল আৰু দায়ূদৰ কি হ’ব বুলি তেওঁ কৈছিল?

  5. ৫. দায়ূদৰ পৰিয়ালত কি সমস্যা হ’ল?

  6. ৬. দায়ূদৰ পাছত কোন ইস্ৰায়েলৰ ৰজা হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ২ চমূৱেল ১১:১-২৭ পঢ়া।

    1. (ক) যিহোৱাৰ কাৰ্য্যত ব্যস্ত হৈ থাকিলে আমি কেনেকৈ সুৰক্ষিত হ’ম?

    2. (খ) দায়ূদে পাপ কৰিবলৈ কেনেকৈ প্ৰভাৱিত হৈছিল আৰু ই যিহোৱাৰ সেৱকসকলৰ বাবে কিয় এক শিক্ষা হয়? (২ চমূ. ১১:২; মথি ৫:২৭-২৯; ১ কৰি. ১০:১২; যাকো. ১:১৪, ১৫)

  2. ২. ২ চমূৱেল ১২:১-১৮ পঢ়া।

    1. (ক) যিদৰে নাথনে দায়ূদক পৰামৰ্শ দিছিল, তাৰপৰা বৰ্তমান সময়ত প্ৰাচীন আৰু অভিভাৱকসকলে কি শিকিব পাৰে? (২ চমূ. ১২:১-৪; হিতো. ১২:১৮; মথি ১৩:৩৪)

    2. (খ) যিহোৱা ঈশ্বৰে দায়ূদক কিয় দয়া দেখুৱাইছিল? (২ চমূ. ১২:১৩; গীত. ৩২:৫; ২ কৰি. ৭:৯, ১০)

কাহিনী ৬৩

জ্ঞানী ৰজা চলোমন

  1. ১. যিহোৱা ঈশ্বৰে চলোমনক কি সুধিছিল আৰু চলোমনে কি উত্তৰ দিয়ে?

  2. ২. চলোমনৰ অনুৰোধত সন্তুষ্ট হৈ যিহোৱা ঈশ্বৰে তেওঁক কি কৈছিল?

  3. ৩. দুজনী তিৰোতাই কি এটা ডাঙৰ সমস্যা লৈ চলোমনৰ ওচৰলৈ আহিছিল?

  4. ৪. ছবিখনত দেখুৱাৰ দৰে, চলোমনে সমস্যাটো কেনেকৈ সমাধান কৰিলে?

  5. ৫. চলোমনৰ শাসনকালত ইস্ৰায়েলৰ পৰিস্থিতি কেনে আছিল আৰু কিয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ ৰাজাৱলি ৩:৩-২৮ পঢ়া।

    1. (ক) বাইবেলত ১ ৰাজাৱলি ৩:৭ পদত উল্লেখ কৰা চলোমনৰ প্ৰাৰ্থনাৰপৰা, বৰ্তমান সময়ত যিহোৱাৰ সংগঠনত দায়িত্বত থকা পুৰুষসকলে কি শিকিব পাৰে? (গীত. ১১৯:১০৫; হিতো. ৩:৫, ৬)

    2. (খ) উচিত বিষয়বোৰৰ বাবে প্ৰাৰ্থনা কৰাৰ সময়ত, চলোমনৰ উদাহৰণে আমাক কেনেকৈ সহায় কৰে? (১ ৰাজা. ৩:৯, ১১; হিতো. ৩০:৮, ৯; ১ যোহ. ৫:১৪)

    3. (গ) চলোমনে যিদৰে দুজনী তিৰোতাৰ মাজত থকা সমস্যা সমাধান কৰিলে, তাৰপৰা ভৱিষ্যতে মহান চলোমন যীচু খ্ৰীষ্টৰ শাসনৰ বিষয়ে আমি কি ভৰসা ৰাখিব পাৰোঁ? (১ ৰাজা. ৩:২৮; যিচ. ৯:৬, ৭; ১১:২-৪)

  2. ২. ১ ৰাজাৱলি ৪:২৯-৩৪ পঢ়া।

    1. (ক) চলোমনে আজ্ঞাকাৰী মন বিচাৰি কৰা প্ৰাৰ্থনাৰ উত্তৰ, যিহোৱা ঈশ্বৰে কেনেকৈ দিয়ে? (১ ৰাজা. ৪:২৯)

    2. (খ) চলোমনৰ বাক্য শুনিবলৈ লোকসকলে যেনেকৈ চেষ্টা কৰিছিল, ঠিক সেইদৰে আমিও ঈশ্বৰৰ বাক্য অধ্যয়ন কৰাৰ প্ৰতি কেনে দৃষ্টিভংগী ৰখা উচিত? (১ ৰাজা. ৪:২৯, ৩৪; যোহ. ১৭:৩; ২ তীম. ৩:১৬)

কাহিনী ৬৪

মন্দিৰ নিৰ্ম্মাণ

  1. ১. যিহোৱাৰ মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ চলোমনক কিমান বছৰ লাগিছিল আৰু ইয়াক নিৰ্ম্মাণ কৰিবলৈ কিয় ইমান ধনৰ প্ৰয়োজন হৈছিল?

  2. ২. মন্দিৰত কেইটা মুখ্য কোঠালি আছিল আৰু ভিতৰৰ কোঠালিটোত কি ৰখা হৈছিল?

  3. ৩. মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য শেষ হোৱাৰ পাছত, যিহোৱালৈ প্ৰাৰ্থনা কৰি চলোমনে কি কৈছিল?

  4. ৪. যিহোৱা ঈশ্বৰে চলোমনৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈছে বুলি কেনেকৈ দেখুৱালে?

  5. ৫. চলোমনৰ পত্নীবিলাকে তেওঁক কি কৰিবলৈ ভুলালে আৰু ইয়াৰ পাছত চলোমনৰ কি হ’ল?

  6. ৬. চলোমনৰ ওপৰত যিহোৱাই কিয় ক্ৰোধিত হৈছিল আৰু তেওঁ চলোমনক কি কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ বংশাৱলি ২৮:৯, ১০ পঢ়া।

    বাইবেলৰ ১ বংশাৱলি ২৮:৯, ১০ পদত উল্লেখ কৰা দায়ূদৰ বাক্য অনুসৰি, আমি আমাৰ দৈনন্দিন জীৱনত কি কৰিবলৈ চেষ্টা কৰা উচিত? (গীত. ১৯:১৪; ফিলি. ৪:৮, ৯)

  2. ২. ২ বংশাৱলি ৬:১২-২১, ৩২-৪২ পঢ়া।

    1. (ক) মানুহে নিৰ্ম্মাণ কৰা কোনো ভৱনত সৰ্ব্বশক্তিমান ঈশ্বৰে বাস কৰিব নোৱাৰে বুলি চলোমনে কেনেকৈ দেখুৱালে? (২ বং. ৬:১৮; পাঁচ. ১৭:২৪, ২৫)

    2. (খ) বাইবেলৰ ২ বংশাৱলি ৬:৩২, ৩৩ পদত উল্লেখ কৰা চলোমনৰ কথাখিনিয়ে যিহোৱাৰ বিষয়ে কি প্ৰকাশ কৰে? (পাঁচ. ১০:৩৪, ৩৫; গালা. ২:৬)

  3. ৩. ২ বংশাৱলি ৭:১-৫ পঢ়া।

    ইস্ৰায়েলীসকলে যিহোৱাৰ মহিমা দেখি যেনেকৈ তেওঁক স্তুতি কৰিছিল, ঠিক সেইদৰে বৰ্তমান সময়ত যিহোৱাই দিয়া আশীৰ্ব্বাদবোৰৰ বিষয়ে ধ্যান কৰিলে আমি কেনেকৈ তেওঁক স্তুতি কৰিব পাৰোঁ? (২ বং. ৭:৩; গীত. ২২:২২; ৩৪:১; ৯৬:২)

  4. ৪. ১ ৰাজাৱলি ১১:৯-১৩ পঢ়া।

    অন্তলৈকে বিশ্বাসী হৈ থকাৰ গুৰুত্বতাৰ বিষয়ে চলোমনৰ জীৱন কাহিনীয়ে কেনেকৈ দেখুৱায়? (১ ৰাজা. ১১:৪, ৯; মথি ১০:২২; প্ৰকা. ২:১০)

কাহিনী ৬৫

ৰাজ্যৰ বিভাজন

  1. ১. ছবিখনত দেখা মানুহ দুজনৰ নাম কি আৰু তেওঁলোক কোন হয়?

  2. ২. অহীয়াই পিন্ধি থকা নিজৰ চোলাটো কি কৰিছে আৰু তেওঁ এইদৰে কৰাৰ অৰ্থ কি?

  3. ৩. যাৰবিয়ামক চলোমনে কি কৰিবলৈ চেষ্টা কৰে?

  4. ৪. লোকসকলে যাৰবিয়ামক কিয় ১০ গোত্ৰৰ ওপৰত ৰজা পাতে?

  5. ৫. যাৰবিয়ামে কিয় দুটা সোণৰ দামুৰি নিৰ্ম্মাণ কৰে আৰু ইয়াৰ পাছত দেশখনৰ পৰিস্থিতি কি হয়?

  6. ৬. দুই গোত্ৰৰ ৰাজ্য আৰু যিৰূচালেমত থকা যিহোৱাৰ মন্দিৰৰ কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ ৰাজাৱলি ১১:২৬-৪৩ পঢ়া।

    যাৰবিয়াম কেনেধৰণৰ ব্যক্তি আছিল আৰু যদি তেওঁ যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিলেহেঁতেন, তেনেহ’লে যিহোৱাই তেওঁক কি দিলেহেঁতেন? (১ ৰাজা. ১১:২৮, ৩৮)

  2. ২. ১ ৰাজাৱলি ১২:১-৩৩ পঢ়া।

    1. (ক) অধিকাৰৰ অপব্যৱহাৰৰ বিষয়ে মাক-দেউতাক আৰু প্ৰাচীনসকলে ৰহবিয়ামৰ বেয়া উদাহৰণৰপৰা কি শিকিব পাৰে? (১ ৰাজা. ১২:১৩; উপ. ৭:৭; ১ পিত. ৫:২, ৩)

    2. (খ) জীৱনত গুৰুত্বপূৰ্ণ নিৰ্ণয়বোৰ লোৱাৰ সময়ত, ডেকা ল’ৰা-ছোৱালীবিলাকে নিৰ্ভৰযোগ্য নিৰ্দ্দেশনাৰ বাবে কাৰ ওপৰত ভৰসা কৰিব লাগে? (১ ৰাজা. ১২:৬, ৭; হিতো. ১:৮, ৯; ২ তীম. ৩:১৬, ১৭; ইব্ৰী ১৩:৭)

    3. (গ) দুটা ঠাইত মিছা উপাসনা স্থাপন কৰিবলৈ যাৰবিয়ামক কিহে উদ্‌গনি দিছিল আৰু ইয়ে যিহোৱাৰ প্ৰতি তেওঁৰ বিশ্বাস নাছিল বুলি কেনেকৈ দেখুৱায়? (১ ৰাজা. ১১:৩৭; ১২:২৬-২৮)

    4. (ঘ) সত্য উপাসনাৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ ১০ গোত্ৰৰ লোকক কোনে আগভাগ লৈছিল? (১ ৰাজা. ১২:৩২, ৩৩)

কাহিনী ৬৬

দুষ্ট ৰাণী ঈজেবল

  1. ১. ঈজেবল কোন আছিল?

  2. ২. এদিনাখন ৰজা আহাবে কিয় বেজাৰ কৰি আছিল?

  3. ৩. নাবোতৰ দ্ৰাক্ষাবাৰীখন নিজৰ স্বামী আহাবক দিবলৈ ঈজেবলে কি কৰিলে?

  4. ৪. ঈজেবলক শাস্তি দিবলৈ যিহোৱাই কাক পঠাইছিল?

  5. ৫. ছবিখনত দেখাৰ দৰে যেহূ ঈজেবলৰ ৰাজভৱনত উপস্থিত হোৱাত কি ঘটিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ ৰাজাৱলি ১৬:২৯-৩৩ আৰু ১৮:৩, ৪ পঢ়া।

    ৰজা আহাবৰ সময়ত ইস্ৰায়েলৰ পৰিস্থিতি কিমান বেয়া আছিল? (১ ৰাজা. ১৪:৯)

  2. ২. ১ ৰাজাৱলি ২১:১-১৬ পঢ়া।

    1. (ক) নাবোতে সাহস আৰু যিহোৱাৰ প্ৰতি বিশ্বাস কেনেকৈ দেখুৱালে? (১ ৰাজা. ২১:১-৩; লেবী. ২৫:২৩-২৮)

    2. (খ) নিৰাশ হ’লে আমি কিয় আহাবৰ দৰে হোৱা উচিত নহয়? (১ ৰাজা. ২১:৪; ৰোমী. ৫:৩-৫)

  3. ৩. ২ ৰাজাৱলি ৯:৩০-৩৭ পঢ়া।

    যিহোৱাৰ ইচ্ছা পূৰ কৰাৰ বিষয়ে যেহূৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (২ ৰাজা. ৯:৪-১০; ২ কৰি. ৯:১, ২; ২ তীম. ৪:২)

কাহিনী ৬৭

যিহোৱাৰ ওপৰত যিহোচাফটৰ ভৰসা

  1. ১. যিহোচাফট কোন আৰু তেওঁ কেনে সময়ত বাস কৰিছিল?

  2. ২. ইস্ৰায়েলীসকলে কিয় ভয় কৰিছিল আৰু বহুতো ইস্ৰায়েলী লোকে কি কৰিলে?

  3. ৩. যিহোৱাই যিহোচাফটৰ প্ৰাৰ্থনাৰ উত্তৰ কি দিয়ে?

  4. ৪. যুদ্ধৰ আগত যিহোৱাই কি কৰিলে?

  5. ৫. যিহোচাফটৰ উদাহৰণৰপৰা আমি কি শিক্ষা পাওঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ২ বংশাৱলি ২০:১-৩০ পঢ়া।

    1. (ক) বেয়া পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত ঈশ্বৰৰ বিশ্বাসী সেৱকসকলে কি কৰা উচিত আৰু ইয়াৰ বিষয়ে যিহোটাফটৰ উদাহৰণে কেনেকৈ দেখুৱালে? (২ বং. ২০:১২; গীত. ২৫:১৫; ৬২:১)

    2. (খ) যিহোৱাই নিজৰ লোকসকলৰ লগত যোগাযোগ কৰিবলৈ কিবা নহয় কিবা মাধ্যম ব্যৱহাৰ কৰিছিল। বৰ্তমান সময়ত তেওঁ কি মাধ্যমক ব্যৱহাৰ কৰিছে? (২ বং. ২০:১৪, ১৫; মথি ২৪:৪৫-৪৭; যোহ. ১৫:১৫)

    3. (গ) যেতিয়া ‘সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধ’ হ’ব, তেতিয়া আমাৰ পৰিস্থিতি কেনেকৈ যিহোটাফটৰ পৰিস্থিতিৰ লগত মিল থাকিব? (২ বং. ২০:১৫, ১৭; ৩২:৮; প্ৰকা. ১৬:১৪, ১৬)

    4. (ঘ) লেৱীয়াবিলাকক অনুকৰণ কৰি আজি পূৰ্ণ-সময়ৰ সেৱকসকলে বিশ্বজোৰি হৈ থকা ঘোষণা কাৰ্য্যত কি বৰঙণি আগবঢ়াইছে? (২ বং. ২০:১৯, ২১; ৰোমী. ১০:১৩-১৫; ২ তীম. ৪:২)

কাহিনী ৬৮

দুজন ল’ৰাক পুনৰ জীৱন দিয়া

  1. ১. ছবিখনত দেখা তিনিজন লোক কোন হয় আৰু সৰু ল’ৰাটোৰ কি হৈছিল?

  2. ২. ল’ৰাটোৰ বিষয়ে এলীয়াই কি প্ৰাৰ্থনা কৰে আৰু ইয়াৰ পাছত কি হ’ল?

  3. ৩. এলিয়াৰ সহায়কজনৰ নাম কি আছিল?

  4. ৪. চূনেম নগৰত থকা তিৰোতাগৰাকীৰ ঘৰলৈ ইলীচাক কিয় মাতি পঠোৱা হৈছিল?

  5. ৫. ইলীচাই কি কৰে আৰু মৃত ল’ৰাটোৰ কি হ’ল?

  6. ৬. এলিয়া আৰু ইলীচাই কৰা আচৰিত কাৰ্য্যবোৰৰ যোগেদি যিহোৱাৰ শক্তিৰ বিষয়ে কি প্ৰকাশ পায়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ ৰাজাৱলি ১৭:৮-২৪ পঢ়া।

    1. (ক) এলিয়াৰ বিশ্বাস আৰু আজ্ঞাধীনতাৰ ওপৰত কেনেকৈ পৰীক্ষা হৈছিল? (১ ৰাজা. ১৭:৯; ১৯:১-৪, ১০)

    2. (খ) চাৰিফৎ নগৰৰ বিধৱাগৰাকীয়ে বিশ্বাসৰ এক উত্তম উদাহৰণ ৰাখিলে বুলি আমি কিয় ক’ব পাৰোঁ? (১ ৰাজা. ১৭:১২-১৬; লূক ৪:২৫, ২৬)

    3. (গ) চাৰিফৎ নগৰৰ বিধৱাগৰাকীৰ অনুভৱে, মথি ১০:৪১, ৪২ পদত উল্লেখ কৰা যীচুৰ বাক্যক কেনেকৈ সঁচা বুলি প্ৰমাণ কৰে? (১ ৰাজা. ১৭:১০-১২, ১৭, ২৩, ২৪)

  2. ২. ২ ৰাজাৱলি ৪:৮-৩৭ পঢ়া।

    1. (ক) অতিথিসৎকাৰ কৰাৰ বিষয়ে চূনেম নগৰৰ তিৰোতাগৰাকীৰপৰা আমি কি শিকিব পাৰোঁ? (২ ৰাজা. ৪:৮; লূক ৬:৩৮; ৰোমী. ১২:১৩; ১ যোহ. ৩:১৭)

    2. (খ) ঈশ্বৰৰ সেৱকসকলৰ বাবে আমি কি কাৰ্য্য কৰিব পাৰোঁ? (পাঁচ. ২০:৩৫; ২৮:১, ২; গালা. ৬:৯, ১০; ইব্ৰী ৬:১০)

কাহিনী ৬৯

এজনী সৰু ছোৱালীৰ সাহস

  1. ১. ছবিখনত দেখুৱা সৰু ছোৱালীজনীয়ে তিৰোতাগৰাকীক কি কৈছে?

  2. ২. তিৰোতাগৰাকী কোন হয় আৰু সৰু ছোৱালীজনী তাইৰ ঘৰত কি কৰিছে?

  3. ৩. ইলীচাই নিজৰ সেৱকক নামানৰ ওচৰলৈ কি কৈ পঠাইছিল আৰু নামানে কিয় খং উঠিছিল?

  4. ৪. নামনে নিজৰ সেৱকসকলৰ কথা শুনাত কি হ’ল?

  5. ৫. ইলীচাই নামানৰ উপহাৰ কিয় গ্ৰহণ নকৰিলে? কিন্তু গেহজীয়ে কি কৰিলে?

  6. ৬. গেহজীৰ কি হ’ল আৰু ইয়াৰপৰা আমি কি শিক্ষা পাওঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ২ ৰাজাৱলি ৫:১-২৭ পঢ়া।

    1. (ক) সৰু ইস্ৰায়েলী ছোৱালীজনীৰ উদাহৰণে আজি ডেকা ল’ৰা-ছোৱালীবিলাকক কেনেকৈ উৎসাহিত কৰে? (২ ৰাজা. ৫:৩; গীত. ৮:২; ১৪৮:১২, ১৩)

    2. (খ) যেতিয়া কোনোবাই আমাক শাস্ত্ৰৰপৰা পৰামৰ্শ দিয়ে, তেতিয়া আমি নামানৰ উদাহৰণক কিয় মনত ৰখা উচিত? (২ ৰাজা ৫:১৫; ইব্ৰী ১২:৫, ৬; যাকো. ৪:৬)

    3. (গ) ইলীচা আৰু গেহজীৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (২ ৰাজা ৫:৯, ১০, ১৪-১৬, ২০; মথি ১০:৮; পাঁচ. ৫:১-৫; ২ কৰি. ২:১৭)

কাহিনী ৭০

যোনা আৰু এটা ডাঙৰ মাছ

  1. ১. যোনা কোন আছিল আৰু যিহোৱাই তেওঁক কি কৰিবলৈ কৈছিল?

  2. ২. যিহোৱাই আজ্ঞা দিয়া ঠাইখনলৈ যোনাই যাবলৈ বিচৰা নাছিল। সেইবাবে তেওঁ কি কৰিলে?

  3. ৩. সাগৰ শান্ত হ’বলৈ যোনাই নাৱিকসকলক কি কৰিবলৈ কৈছিল?

  4. ৪. ছবিখনত দেখাৰ দৰে যোনাক পানীত পেলোৱাৰ লগে লগে কি হ’ল?

  5. ৫. ডাঙৰ মাছটোৰ পেটত যোনাই কিমান দিন আছিল আৰু তাত যোনাই কি কৰিছিল?

  6. ৬. মাছটোৱে যোনাক উকুলিয়াই দিয়াৰ পাছত যোনাই ক’লৈ গ’ল? এই কাহিনীটোৰপৰা আমি কি শিকিব পাৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যোনা ১:১-১৭ পঢ়া।

    নীনবিৰ লোকসকলৰ আগত ঘোষণা কৰিবলৈ যিহোৱাই যোনাক যি দায়িত্ব দিছিল, তাৰ বিষয়ে যোনাই কেনে অনুভৱ কৰিছিল? (যোনা ১:২, ৩; হিতো. ৩:৭; উপ. ৮:১২)

  2. ২. যোনা ২:১, ২, ১০ পঢ়া।

    যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব বুলি, যোনাৰ উদাহৰণে কেনেকৈ আমাক আশ্বাস দিয়ে? (গীত. ২২:২৪; ৩৪:৬; ১ যোহ. ৫:১৪)

  3. ৩. যোনা ৩:১-১০ পঢ়া।

    1. (ক) যোনাই নিজৰ দায়িত্ব পূৰ কৰাত বিফল হোৱাৰ সত্ত্বেও যিহোৱাই তেওঁক ব্যৱহাৰ কৰিছিল। ইয়াৰপৰা আমি কি উৎসাহ পাওঁ? (গীত. ১০৩:১৪; ১ পিত. ৫:১০)

    2. (খ) যোনাই কৰা ঘোষণা কাৰ্য্যৰ বাবে নীনবিৰ লোকসকলে যি পদক্ষেপ ল’লে, সেই কথা মনত ৰাখি আমি ঘোষণা কৰা লোকসকলৰ বিষয়ে আগতীয়াকৈ কিয় নিৰ্ণয় ল’ব নালাগে? (যোনা ৩:৬-৯; উপ. ১১:৬; পাঁচ. ১৩:৪৮)

কাহিনী ৭১

ঈশ্বৰে প্ৰতিজ্ঞা কৰা প্ৰমোদবন

  1. ১. যিচয়া কোন আছিল আৰু তেওঁ কোন সময়ত বাস কৰিছিল? যিহোৱাই তেওঁক দৰ্শনত কি দেখুৱাইছিল?

  2. ২. ‘প্ৰমোদবনৰ’ অৰ্থ কি আৰু ইয়ে তোমাক কিহৰ বিষয়ে মনত পেলাই দিয়ে?

  3. ৩. নতুন প্ৰমোদবনৰ বিষয়ে কি লিখিবলৈ যিহোৱাই যিচয়াক কৈছিল?

  4. ৪. আদম আৰু হৱাই কিয় তেওঁলোকৰ সুন্দৰ ঘৰ হেৰুৱালে?

  5. ৫. যিহোৱাক প্ৰেম কৰা লোকসকলৰ বাবে তেওঁ কি প্ৰতিজ্ঞা কৰিছে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিচয়া ১১:৬-৯ পঢ়া।

    1. (ক) নতুন পৃথিৱীত জীৱ-জন্তু আৰু মানুহৰ মাজত হ’বলগীয়া শান্তিৰ বিষয়ে ঈশ্বৰৰ বাক্যই কেনেকৈ বৰ্ণনা কৰিছে? (গীত. ১৪৮:১০, ১৩; যিচ. ৬৫:২৫; যিহি. ৩৪:২৫)

    2. (খ) আজি যিহোৱাৰ লোকসকলৰ মাজত যিচয়াৰ বাক্যৰ আধ্যাত্মিক পূৰ্ণতা কেনেকৈ দেখিবলৈ পোৱা গৈছে? (ৰোমী. ১২:২; ইফি. ৪:২৩, ২৪)

    3. (গ) আজি বহুতোলোকৰ ব্যক্তিত্বৰ পৰিৱৰ্তন হৈছে আৰু আহিবলগীয়া নতুন পৃথিৱীতো পৰিৱৰ্তন হ’ব। ইয়াৰ বাবে কোনে প্ৰশংসা পোৱাৰ যোগ্য? (যিচ ৪৮:১৭, ১৮; গালাতীয়া ৫:২২, ২৩; ফিলি. ৪:৭)

  2. ২. প্ৰকাশিত বাক্য ২১:৩, ৪ পঢ়া।

    1. (ক) ঈশ্বৰে মানুহৰ লগত শাৰীৰিকভাৱে উপস্থিত নাথাকে, কিন্তু লাক্ষণিকভাৱেহে তেওঁলোকৰ লগত থাকিব। এই বিষয়ে শাস্ত্ৰই কেনেকৈ প্ৰমাণ কৰে? (লেবী. ২৬:১১, ১২; ২ বং. ৬:১৮; যিচ. ৬৬:১; প্ৰকা. ২১:২, ৩, ২২-২৪)

    2. (খ) কেনেধৰণৰ চকু-লো আৰু বেদনা নাইকিয়া হ’ব? (লূক ৮:৪৯-৫২; ৰোমী. ৮:২১, ২২; প্ৰকা. ২১:৪)

কাহিনী ৭২

হিষ্কিয়া ৰজাক ঈশ্বৰৰ সহায়

  1. ১. ছবিখনত দেখা মানুহজন কোন হয় আৰু তেওঁ এক ডাঙৰ বিপদত পৰাৰ কাৰণ কি?

  2. ২. হিষ্কিয়াই ঈশ্বৰৰ আগত কি ৰাখিছে আৰু তেওঁ ঈশ্বৰলৈ কি প্ৰাৰ্থনা কৰিছে?

  3. ৩. হিষ্কিয়া কেনেধৰণৰ ৰজা আছিল আৰু ভৱিষ্যতবক্তা যিচয়াৰ দ্বাৰা যিহোৱাই তেওঁক কি খবৰ দিছিল?

  4. ৪. ছবিখনত দেখুৱাৰ দৰে যিহোৱাৰ স্বৰ্গদূতে অচূৰীয়া সৈন্যবিলাকক কি কৰিলে?

  5. ৫. দুই গোত্ৰৰ ৰাজ্যত যদিও কিছুসময়ৰ বাবে শান্তি আছিল, কিন্তু হিষ্কিয়াৰ মৃত্যুৰ পাছত কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ২ ৰাজাৱলি ১৮:১-৩৬ পঢ়া।

    1. (ক) অচূৰীয়া ৰজাৰ প্ৰতিনিধি ৰব্‌চাকিয়ে কেনেকৈ ইস্ৰায়েলীসকলৰ বিশ্বাস কম কৰিবলৈ চেষ্টা কৰিছিল? (২ ৰাজা. ১৮:১৯, ২১; যাত্ৰা. ৫:২; গীত. ৬৪:৩)

    2. (খ) বিৰোধীসকলৰ সন্মুখীন হোৱাৰ সময়ত, যিহোৱাৰ সাক্ষীসকলে কেনেকৈ হিষ্কিয়াৰ উদাহৰণক অনুকৰণ কৰিব পাৰে? (২ ৰাজা. ১৮:৩৬; গীত. ৩৯:১; হিতো. ২৬:৪; ২ তীম. ২:২৪)

  2. ২. ২ ৰাজাৱলি ১৯:১-৩৭ পঢ়া।

    1. (ক) সংকটৰ সময়ত আজি যিহোৱাৰ লোকসকলে কেনেকৈ হিষ্কিয়াৰ উদাহৰণক অনুকৰণ কৰিব পাৰে? (২ ৰাজা. ১৯:১, ২; হিতো. ৩:৫, ৬; ইব্ৰী ১০:২৪, ২৫; যাকো. ৫:১৪, ১৫)

    2. (খ) অচূৰীয়া ৰজা চন্‌হেৰীবে কেনেধৰণৰ তিনিটা পৰাজয়ৰ সন্মুখীন হয় আৰু তেওঁ লাক্ষণিকৰূপে কাক চিত্ৰিত কৰে? (২ ৰাজা. ১৯:৩২, ৩৫, ৩৭; প্ৰকা. ২০:২, ৩)

  3. ৩. ২ ৰাজাৱলি ২১:১-৬, ১৬ পঢ়া।

    যিৰূচালেমত শাসন কৰা ৰজাবিলাকৰ মাজত, মনচিক কিয় সকলোতকৈ দুষ্ট ৰজা বুলি ক’ব পাৰি? (২ বং. ৩৩:৪-৬, ৯)

কাহিনী ৭৩

ইস্ৰায়েলৰ অন্তিমজন ভাল ৰজা

  1. ১. যোচিয়াই কিমান বয়সত ৰজা হৈছিল? ৰজা হোৱাৰ সাত বছৰৰ পাছত তেওঁ কি কৰিবলৈ আৰম্ভ কৰে?

  2. ২. প্ৰথম ছবিখনত যোচিয়াই কি কৰি থকা দেখিবলৈ পাইছা?

  3. ৩. লোকসকলে মন্দিৰ নিৰ্ম্মাণ কৰি থকাৰ সময়ত, মহাপুৰোহিতে কি বিচাৰি পালে?

  4. ৪. যোচিয়াই নিজৰ চোলা ফলাৰ কাৰণ কি আছিল?

  5. ৫. হুল্‌দা নামৰ এজনী ভাববাদিনীয়ে যিহোৱাৰ কি খবৰ যোচিয়াক জনায়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ২ বংশাৱলি ৩৪:১-২৮ পঢ়া।

    1. (ক) যি লোকসকলে বাল্যকালত কঠিন পৰিস্থিতিৰ সন্মুখীন হৈছিল, তেওঁলোকে যোচিয়াৰ উদাহৰণৰপৰা কি শিকিব পাৰে? (২ বং. ৩৩:২১-২৫; ৩৪:১, ২; গীত. ২৭:১০)

    2. (খ) যোচিয়াই নিজৰ শাসনৰ ৮ বছৰ, ১২ বছৰ আৰু ১৮ বছৰত, সত্য উপাসনাৰ বাবে কি গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছিল? (২ বং. ৩৪:৩, ৮)

    3. (গ) উপাসনা গৃহৰ চোৱা-চিতা কৰাৰ বিষয়ে ৰজা যোচিয়া আৰু মহাপুৰোহিত হিল্কিয়াৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (২ বং. ৩৪:৯-১৩; হিতো. ১১:১৪; ১ কৰি. ১০:৩১)

কাহিনী ৭৪

এজন সাহিয়াল পুৰুষ

  1. ১. ছবিখনত দেখা এই ডেকা ল’ৰাজন কোন হয়?

  2. ২. এজন ভৱিষ্যতবক্তা হোৱাৰ বিষয়ে যিৰিমিয়াই কি ভাবে, কিন্তু যিহোৱাই তেওঁক কি কৈছিল?

  3. ৩. যিৰিমিয়াই লোকসকলক কি খবৰ ঘোষণা কৰি থাকিল?

  4. ৪. পুৰোহিতসকলে যিৰিমিয়াৰ কাৰ্য্যক বাধা দিবলৈ কি কৰিছিল? কিন্তু যিৰিমিয়াই ভয় খোৱা নাই বুলি কেনেকৈ দেখুৱালে?

  5. ৫. ইস্ৰায়েলীসকলে নিজৰ বেয়া কাম ত্যাগ নকৰাৰ বাবে কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিৰিমিয়া ১:১-৮ পঢ়া।

    1. (ক) যিহোৱাক সেৱা কৰিবলৈ এজন ব্যক্তিক কিহে যোগ্য কৰি তোলে বুলি যিৰিমিয়াৰ উদাহৰণে দেখুৱায়? (২ কৰি. ৩:৫, ৬)

    2. (খ) যিৰিমিয়াৰ উদাহৰণে আজি খ্ৰীষ্টান ডেকাসকলক কি উৎসাহ দিয়ে? (উপ. ১২:১; ১ তীম. ৪:১২)

  2. ২. যিৰিমিয়া ১০:১-৫ পঢ়া।

    প্ৰতিমাবোৰক ভৰসা কৰাটো যে উচিত নহয় তাক প্ৰমাণ কৰিবলৈ যিৰিমিয়াই কি উদাহৰণ ব্যৱহাৰ কৰিছিল? (যিৰি. ১০:৫; যিচ. ৪৬:৭; হব. ২:১৯)

  3. ৩. যিৰিমিয়া ২৬:১-১৬ পঢ়া।

    1. (ক) “এটি কথাও নোকোৱাকৈ নাথাকিবা।” আজি সতৰ্কবাণী ঘোষণা কৰাৰ সময়ত যিহোৱাৰ এই আজ্ঞাক অভিষিক্তসকলে কেনেকৈ পালন কৰে? (যিৰি. ২৬:২; দ্বিতী. ৪:২; পাঁচ. ২০:২৭)

    2. (খ) যিহোৱাৰ সতৰ্কবাণী ঘোষণা কৰাৰ যোগেদি যিৰিমিয়াই বৰ্তমান সময়ৰ যিহোৱাৰ সাক্ষীসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (যিৰি. ২৬:৮, ১২, ১৪, ১৫; ২ তীম. ৪:১-৫)

  4. ৪. ২ ৰাজাৱলি ২৪:১-১৭ পঢ়া।

    যিহোৱাৰ প্ৰতি বিশ্বাসী হৈ নথকাৰ বাবে যিহূদা ৰাষ্ট্ৰৰ কি হ’ল? (২ ৰাজা. ২৪:২-৪, ১৪)

কাহিনী ৭৫

বাবিলত চাৰিজন ইস্ৰায়েলী ল’ৰা

  1. ১. ছবিখনত দেখা চাৰিজন ল’ৰা কোন হয় আৰু তেওঁলোকে কিয় বাবিলত আছে?

  2. ২. ৰজা নবুখ্দনেচৰে এই চাৰিজন ল’ৰাৰ বাবে কি ব্যৱস্থা কৰে আৰু তেওঁ নিজৰ দাসবিলাকক কি আদেশ দিয়ে?

  3. ৩. তিনিজন বন্ধু আৰু নিজৰ বাবে দানিয়েলে খাদ্য আৰু দ্ৰাক্ষাৰসৰ বিষয়ে কি অনুৰোধ কৰিছিল?

  4. ৪. দহদিনলৈকে শাক-পাচলি খোৱাৰ পাছত, দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধু আন ডেকাবিলাকৰ তুলনাত কেনে আছিল?

  5. ৫. দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুৱে কেনেকৈ ৰাজভৱন পালেহি? পুৰোহিত আৰু বুদ্ধিমান লোকসকলতকৈ তেওঁলোক কেনেকৈ শ্ৰেষ্ঠ আছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. দানিয়েল ১:১-২১ পঢ়া।

    1. (ক) প্ৰলোভন আৰু নিজৰ দুৰ্ব্বলতাৰ ওপৰত জয়লাভ কৰিবলৈ আমি কি কৰাৰ প্ৰয়োজন আছে? (দানি. ১:৮; আদি. ৩৯:৭, ১০; গালা. ৬:৯)

    2. (খ) ‘উত্তম’ বুলি ভবা খাদ্য গ্ৰহণ কৰিবলৈ আজি খ্ৰীষ্টান ডেকাসকলে কেনেধৰণৰ প্ৰলোভনৰ সন্মুখীন হ’ব পাৰে? (দানি. ১:৮; হিতো. ২০:১; ২ কৰি. ৬:১৭–৭:১)

    3. (গ) শিক্ষা লোৱাৰ বিষয়ে চাৰিজন ইব্ৰীয়া ল’ৰাৰ উদাহৰণে, আমাক কি কথা জানিবলৈ সহায় কৰে? (দানি. ১:২০; যিচ. ৫৪:১৩; ১ কৰি. ৩:১৮-২০)

কাহিনী ৭৬

যিৰূচালেমৰ ধ্বংস

  1. ১. ছবিখনত দেখাৰ দৰে যিৰূচালেম নগৰ আৰু ইস্ৰায়েলীসকলৰ কি হৈছে?

  2. ২. যিহিষ্কেল কোন আছিল আৰু যিহোৱাই তেওঁক কি ঘৃণনীয় কাৰ্য্যবোৰ দেখুৱাইছিল?

  3. ৩. ইস্ৰায়েলীসকলে যিহোৱাক সন্মান নকৰাৰ বাবে যিহোৱাই কি কৰিবলৈ থিৰাং কৰিলে?

  4. ৪. ইস্ৰায়েলীসকলে ৰজা নবুখ্দনেচৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ বাবে তেওঁ কি কৰিলে?

  5. ৫. যিহোৱাই ইস্ৰায়েলীসকলক কিয় বিনাশ হ’বলৈ দিলে?

  6. ৬. ইস্ৰায়েল দেশখন কেনেকৈ আৰু কিমান বছৰ ধৰি জনশূন্য হৈ আছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ২ ৰাজাৱলি ২৫:১-২৬ পঢ়া।

    1. (ক) চিদিকিয়া কোন আছিল? তেওঁৰ কি হ’ল আৰু এই ঘটনাই কেনেকৈ বাইবেলৰ ভৱিষ্যতবাণী পূৰ কৰিলে? (২ ৰাজা. ২৫:৫-৭; যিহি. ১২:১৩-১৫)

    2. (খ) ইস্ৰায়েলীসকলে বেয়া কাৰ্য্যবোৰত জড়িত হোৱাৰ বাবে যিহোৱাই কাক দোষাৰোপ কৰিলে? (২ ৰাজা. ২৫:৯, ১১, ১২, ১৮, ১৯; ২ বং. ৩৬:১৪, ১৭)

  2. ২. যিহিষ্কেল ৮:১-১৮ পঢ়া।

    সূৰ্য্য উপাসনা কৰা ধৰ্ম্মত্যাগী ইস্ৰায়েলীসকলক, আজি খ্ৰীষ্টীয়জগতে কেনেকৈ অনুকৰণ কৰিছে? (যিহি. ৮:১৬; যিচ. ৫:২০, ২১; যোহ. ৩:১৯-২১; ২ তীম. ৪:৩)

কাহিনী ৭৭

তেওঁলোকে প্ৰণিপাত নকৰিলে

  1. ১. বাবিলৰ ৰজা নবুখ্দনেচৰে লোকসকলক কি আদেশ দিছিল?

  2. ২. দানিয়েলৰ তিনিজন বন্ধুৱে সোণৰ মূৰ্ত্তিটোক কিয় প্ৰণিপাত কৰা নাছিল?

  3. ৩. ৰজা নবুখ্দনেচৰে দানিয়েলৰ তিনিজন বন্ধুক মূৰ্ত্তিটোৰ আগত প্ৰণিপাত কৰিবলৈ আৰু এবাৰ সুযোগ দিয়াত, তেওঁলোকে কেনেকৈ ঈশ্বৰৰ ওপৰত ভৰসা দেখুৱালে?

  4. ৪. চদ্ৰক, মৈচক আৰু অবেদ-নগোক কি কৰিবলৈ ৰজা নবুখ্দনেচৰে নিজৰ মানুহকেইজনক আদেশ দিলে?

  5. ৫. নবুখ্দনেচৰে অগ্নিকুণ্ডৰ ভিতৰলৈ চাই কি দেখিলে?

  6. ৬. ৰজা নবুখ্দনেচৰে চদ্ৰক, মৈচক আৰু অবেদ-নগোৰ ঈশ্বৰক কিয় প্ৰশংসা কৰিলে? এই ডেকাকেইজনৰপৰা আমি কি শিকিব পাৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. দানিয়েল ৩:১-৩০ পঢ়া।

    1. (ক) নিষ্ঠাৰ বাবে পৰীক্ষাৰ সন্মুখীন হোৱাৰ সময়ত, ঈশ্বৰৰ সেৱকসকলে তিনিজন ইব্ৰী ডেকাৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰে? (দানি. ৩:১৭, ১৮; মথি ১০:২৮; ৰোমী. ১৪:৭, ৮)

    2. (খ) যিহোৱা ঈশ্বৰে ৰজা নবুখ্দনেচৰক কি এক গুৰুত্বপূৰ্ণ শিক্ষা দিছিল? (দানি. ৩:২৮, ২৯; ৪:৩৪, ৩৫)

কাহিনী ৭৮

দেৱালত আখৰ

  1. ১. এক ডাঙৰ ভোজৰ সময়ত বাবিলৰ ৰজাই যেতিয়া যিহোৱাৰ মন্দিৰৰ পাত্ৰবোৰ ব্যৱহাৰ কৰিলে, তেতিয়া কি ঘটিল?

  2. ২. বেল্‌চচৰ ৰজাই নিজৰ বুদ্ধিমান লোকসকলক কি কৈছিল, কিন্তু তেওঁলোকে কি কৰিব নোৱাৰিলে?

  3. ৩. ৰজাৰ মাকে তেওঁক কি কৰিবলৈ ক’লে?

  4. ৪. দানিয়েলে ৰজাক কোৱাৰ দৰে, ঈশ্বৰে কিয় দেৱালত আখৰ লিখিছিল?

  5. ৫. দেৱালত লিখা আখৰবোৰৰ অৰ্থ দানিয়েলে কি বুলি বৰ্ণনা কৰিছিল?

  6. ৬. দানিয়েলে বৰ্ণনা কৰি থাকোঁতেই কি ঘটিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. দানিয়েল ৫:১-৩১ পঢ়া।

    1. (ক) ঈশ্বৰীয় ভয় আৰু দেৱালত লিখা আখৰবোৰ দেখি ৰজা বেল্‌চচৰে কৰা ভয়ৰ মাজত কি পাৰ্থক্য আছিল? (দানি. ৫:৬, ৭; গীত. ১৯:৯; ৰোমী. ৮:৩৫-৩৯)

    2. (খ) ৰজা বেল্‌চচৰ আৰু তেওঁৰ ৰাজভৱনৰ লোকসকলৰ লগত কথা পাতোতে দানিয়েলে কেনেকৈ সাহস দেখুৱালে? (দানি. ৫:১৭, ১৮, ২২, ২৬-২৮; পাঁচ. ৪:২৯)

    3. (গ) দানিয়েল কিতাপৰ ৫ অধ্যায়টোৱে কেনেকৈ যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত গুৰুত্ব দিছে? (দানি. ৪:১৭, ২৫; ৫:২১)

কাহিনী ৭৯

সিংহৰ গাঁতত দানিয়েল

  1. ১. দাৰিয়াবচ কোন হয়? তেওঁ দানিয়েলক ভাল পাইছিলনে?

  2. ২. দানিয়েলক ঈৰ্ষা কৰা কিছুমান লোকে দাৰিয়াবচৰ দ্বাৰা কি কৰিবলৈ ছলনা কৰিলে?

  3. ৩. নতুন নিয়মৰ বিষয়ে জানি দানিয়েলে কি কৰিলে?

  4. ৪. দাৰিয়াবচে কিয় টোপনি যাব নোৱাৰিলে আৰু পাছদিনাখন ৰাতিপুৱা তেওঁ কি কৰিলে?

  5. ৫. দানিয়েলে দাৰিয়াবচক কি উত্তৰ দিয়ে?

  6. ৬. দানিয়েলক হত্যা কৰিব বিচৰা দুষ্ট লোকসকলৰ কি হ’ল? দাৰিয়াবচে নিজৰ ৰাজ্যত থকা লোকসকললৈ কি লিখি পঠালে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. দানিয়েল ৬:১-২৮ পঢ়া।

    1. (ক) দানিয়েলৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰই, কেনেকৈ বৰ্তমান সময়ত বিৰোধীসকলে যিহোৱাৰ সাক্ষীসকলৰ কাৰ্য্য বন্ধ কৰিবলৈ কৰা প্ৰচেষ্টাক চিত্ৰিত কৰে? (দানি. ৬:৭; গীত. ৯৪:২০; যিচ. ১০:১; ৰোমী. ৮:৩১)

    2. (খ) “ক্ষমতা পোৱাবিলাকৰ” অধীন হোৱাৰ বিষয়ত, আজি ঈশ্বৰৰ সেৱকসকলে কেনেকৈ দানিয়েলক অনুকৰণ কৰিব পাৰে? (দানি. ৬:৫, ১০; ৰোমী. ১৩:১; পাঁচ. ৫:২৯)

    3. (গ) যিহোৱা ঈশ্বৰক “সদায়” সেৱা কৰাৰ বিষয়ত, আমি দানিয়েলৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (দানি. ৬:১৬, ২০; ফিলি. ৩:১৬; প্ৰকা. ৭:১৫)

কাহিনী ৮০

ইস্ৰায়েলীসকলে বাবিল ত্যাগ কৰে

  1. ১. ছবিখনত দেখুৱাৰ দৰে ইস্ৰায়েলীসকলে কি কৰিছে?

  2. ২. যিহোৱা ঈশ্বৰে যিচয়াৰ যোগেদি কৰা ভৱিষ্যতবাণীক কোৰচ ৰজাই কেনেকৈ পূৰ কৰিলে?

  3. ৩. যিৰূচালেমলৈ উভতি যাব নোৱৰা ইস্ৰায়েলীসকলক কোৰচে কি কৈছিল?

  4. ৪. যিৰূচালেমলৈ উভতি যোৱা ইস্ৰায়েলীসকলক কোৰচে কি দিছিল?

  5. ৫. যিৰূচালেমলৈ উভতি যাবলৈ ইস্ৰায়েলীসকলক কিমান দিন লাগিছিল?

  6. ৬. ইস্ৰায়েল দেশখন কিমান বছৰ ধৰি জনশূন্য হৈ আছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যিচয়া ৪৪:২৮ আৰু ৪৫:১-৪ পঢ়া।

    1. (ক) কোৰচৰ বিষয়ে কৰা ভৱিষ্যতবাণী নিশ্চয় পূৰ হ’ব বুলি যিহোৱা ঈশ্বৰে কেনেকৈ দেখুৱালে? (যিচ. ৫৫:১০, ১১; ৰোমী. ৪:১৭)

    2. (খ) কোৰচৰ বিষয়ে কৰা যিচয়াৰ ভৱিষ্যতবাণীয়ে কেনেকৈ দেখুৱায় যে যিহোৱা ঈশ্বৰে ভৱিষ্যতৰ বিষয়ে কোৱাৰ সামৰ্থ ৰাখে? (যিচ. ৪২:৯; ৪৫:২১; ৪৬:১০, ১১; ২ পিত. ১:২০)

  2. ২. ইজ্ৰা ১:১-১১ পঢ়া।

    যিৰূচালেমলৈ উভতি যাব নোৱৰা লোকসকলে কি কৰিছিল? বৰ্তমান সময়ত আমি কেনেকৈ পূৰ্ণ-সময়ৰ সেৱা কৰা লোকসকলৰ ‘হাত সবল কৰিব’ পাৰোঁ? (ইজ্ৰা ১:৪, ৬; ৰোমী. ১২:১৩; কল. ৪:১২)

কাহিনী ৮১

ঈশ্বৰৰ ওপৰত ভৰসা

  1. ১. বাবিলৰপৰা যিৰূচামলৈ কিমানজন লোকে যাত্ৰা কৰিছিল? যিৰূচালেমত উপস্থিত হৈ তেওঁলোকে কি দেখা পালে?

  2. ২. যিৰূচালেমত উপস্থিত হৈ ইস্ৰায়েলীসকলে কি নিৰ্ম্মাণ কৰিবলৈ আৰম্ভ কৰিলে, কিন্তু তেওঁলোকৰ শত্ৰুবিলাকে কি কৰে?

  3. ৩. হগ্গয় আৰু জখৰিয়া কোন আছিল আৰু তেওঁলোকে লোকসকলক কি কৈছিল?

  4. ৪. তত্তনয়ে বাবিললৈ কিয় চিঠি পঠাইছিল আৰু তেওঁ ইয়াৰ উত্তৰ কি পালে?

  5. ৫. ঈশ্বৰৰ মন্দিৰৰ পৰিস্থিতিৰ বিষয়ে গম পাই ইজ্ৰাই কি কৰিলে?

  6. ৬. ছবিখনত দেখাৰ দৰে ইজ্ৰাই কি প্ৰাৰ্থনা কৰিছে আৰু ঈশ্বৰে তেওঁৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে? ইয়ে আমাক কি শিক্ষা দিয়ে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ইজ্ৰা ৩:১-১৩ পঢ়া।

    যদি আমি এনে এখন ঠাইত বাস কৰোঁ য’ত ঈশ্বৰৰ লোকসকলৰ কোনো মণ্ডলী নাই, তেনেহ’লে আমি কি কৰি থকা উচিত? (ইজ্ৰা ৩:৩, ৬; পাঁচ. ১৭:১৬, ১৭; ইব্ৰী ১৩:১৫)

  2. ২. ইজ্ৰা ৪:১-৭ পঢ়া।

    সত্য উপাসনাৰ লগত মিছা উপাসনা মিল নকৰাৰ বিষয়ে, জৰুব্বাবিলে যিহোৱাৰ লোকসকলৰ বাবে কি উদাহৰণ ৰাখিলে? (যাত্ৰা. ৩৪:১২; ১ কৰি. ১৫:৩৩; ২ কৰি. ৬:১৪-১৭)

  3. ৩. ইজ্ৰা ৫:১-৫, ১৭ আৰু ৬:১-২২ পঢ়া।

    1. (ক) শত্ৰুবিলাকে মন্দিৰ নিৰ্ম্মাণ কাৰ্য্য কিয় বন্ধ কৰিব নোৱাৰিলে? (ইজ্ৰা ৫:৫; যিচ. ৫৪:১৭)

    2. (খ) বিৰোধীবিলাকৰ সন্মুখীন হোৱাৰ সময়ত যিহূদী বৃদ্ধ লোকসকলৰ কাৰ্য্যই, আজি খ্ৰীষ্টান প্ৰাচীনসকলক যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰিবলৈ কেনেকৈ উৎসাহিত কৰে? (ইজ্ৰা ৬:১৪; গীত. ৩২:৮; ৰোমী. ৮:৩১; যাকো. ১:৫)

  4. ৪. ইজ্ৰা ৮:২১-২৩, ২৮-৩৬ পঢ়া।

    যিকোনো কাৰ্য্য কৰাৰ আগতে, আমি ইজ্ৰাৰ দৰে কি কৰা উচিত? (ইজ্ৰা ৮:২৩; গীত. ১২৭:১; হিতো. ১০:২২; যাকো. ৪:১৩-১৫)

কাহিনী ৮২

মৰ্দখয় আৰু ইষ্টেৰ

  1. ১. মৰ্দখয় আৰু ইষ্টেৰ কোন আছিল?

  2. ২. ৰজা অহচ্‌বেৰোচ কিয় নিজৰ বাবে এজনী নতুন পত্নী বিচাৰে আৰু তেওঁ কাক নিৰ্ব্বাচন কৰিছিল?

  3. ৩. হামন কোন আছিল আৰু কিহৰ বাবে তেওঁৰ খং উঠিছিল?

  4. ৪. ৰজাই কি নিয়ম স্থাপন কৰিছিল আৰু মৰ্দখয়ৰপৰা ইয়াৰ বিষয়ে খবৰ পাই ইষ্টেৰে কি কৰিলে?

  5. ৫. হামনৰ কি হ’ল? মৰ্দখয়ৰ কি হ’ল?

  6. ৬. ইস্ৰায়েলীসকলে শত্ৰুবিলাকৰপৰা কেনেকৈ ৰক্ষা পৰে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ইষ্টেৰ ২:১২-১৮ পঢ়া।

    এক “নম্ৰ আৰু শান্ত” মনোভাৱ বিকশিত কৰাৰ গুৰুত্বতাৰ বিষয়ে ইষ্টেৰে কি প্ৰকাশ কৰিছিল? (ইষ্টেৰ ২:১৫; ১ পিত. ৩:১-৫)

  2. ২. ইষ্টেৰ ৪:১-১৭ পঢ়া।

    সত্য উপাসনাৰ পক্ষে কাৰ্য্য কৰিবলৈ ইষ্টেৰে যেনেকৈ সুযোগ পাইছিল, ঠিক সেইদৰে আজি আমিও যিহোৱাৰ প্ৰতি নিজৰ ভক্তি আৰু নিষ্ঠা দেখুৱাবলৈ কি সুযোগ পাওঁ? (ইষ্টেৰ ৪:১৩, ১৪; মথি ৫:১৪-১৬; ২৪:১৪)

  3. ৩. ইষ্টেৰ ৭:১-৬ পঢ়া।

    বৰ্তমান সময়ত ঈশ্বৰৰ লোকসকলে ইষ্টেৰৰ দৰে কেনেকৈ তাড়নাৰ বাবে ভয় নকৰে? (ইষ্টেৰ ৭:৪; মথি ১০:১৬-২২; ১ পিত. ২:১২)

কাহিনী ৮৩

যিৰূচালেমৰ দেৱাল

  1. ১. যিৰূচালেম নগৰৰ চাৰিওফালে দেৱাল নথকাৰ বাবে ইস্ৰায়েলীসকলে কেনে অনুভৱ কৰিছিল?

  2. ২. নহিমিয়া কোন হয়?

  3. ৩. নহিমিয়াই কি কাম কৰিছিল আৰু ই এক কিয় গুৰুত্বপূৰ্ণ কাম আছিল?

  4. ৪. নহিমিয়াই কি খবৰ শুনি দুখী হৈছিল আৰু ইয়াৰ পাছত তেওঁ কি কৰে?

  5. ৫. ৰজা অৰ্তক্ষত্ৰই নহিমিয়াক কেনেকৈ দয়া দেখুৱালে?

  6. ৬. শত্ৰুবিলাকে যাতে নিৰ্ম্মাণ কাৰ্য্য বাধা দিব নোৱাৰে, তাৰ বাবে নহিমিয়াই কি ব্যৱস্থা কৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. নহিমিয়া ১:৪-৬ আৰু ২:১-২০ পঢ়া।

    নহিমিয়াই কেনেকৈ যিহোৱাৰ নিৰ্দ্দেশনা বিচাৰিছিল? (নহি. ২:৪, ৫; ৰোমী. ১২:১২; ১ পিত. ৪:৭)

  2. ২. নহিমিয়া ৩:৩-৫ পঢ়া।

    তকোৱাৰ আৰু ‘প্ৰধান লোকবিলাকৰ’ মাজত থকা পাৰ্থক্যৰপৰা আজি প্ৰাচীন আৰু সহায়ক সেৱকসকলে কি শিকিব পাৰে? (নহি. ৩:৫, ২৭; ২ থিচ. ৩:৭-১০; ১ পিত. ৫:৫)

  3. ৩. নহিমিয়া ৪:১-২৩ পঢ়া।

    1. (ক) বিৰোধীতাৰ সত্ত্বেও কি কথাই ইস্ৰায়েলীসকলক নিৰ্ম্মাণ কাৰ্য্য কৰি থাকিবলৈ উৎসাহিত কৰিছিল? (নহি. ৪:৬, ৮, ৯; গীত. ৫০:১৫; যিচ. ৬৫:১৩, ১৪)

    2. (খ) ইস্ৰায়েলীসকলৰ উদাহৰণে আজি আমাক কেনেকৈ উৎসাহিত কৰে?

  4. ৪. নহিমিয়া ৬:১৫ পঢ়া।

    যিৰূচালেমৰ দেৱাল দুমাহতে নিৰ্ম্মাণ কৰি শেষ কৰাৰ কথাই, বিশ্বাসৰ শক্তিৰ বিষয়ে কি প্ৰকাশ কৰে? (গীত. ৫৬:৩, ৪; মথি ১৭:২০; ১৯:২৬)

কাহিনী ৮৪

স্বৰ্গদূতৰ দ্বাৰা মৰিয়মক সাক্ষাৎ

  1. ১. ছবিখনত দেখা তিৰোতাগৰাকী কোন হয়?

  2. ২. স্বৰ্গদূত গাব্ৰিয়েলে মৰিয়মক কি ক’লে?

  3. ৩. মৰিয়মৰ বিয়া হোৱা নাই যদিও তাই এটি সন্তান জন্ম দিব বুলি গাব্ৰিয়েলে কেনেকৈ বৰ্ণনা কৰিলে?

  4. ৪. মৰিয়মে নিজৰ সম্বন্ধীয় এলীচাবেৎক দেখা কৰিবলৈ যোৱাত কি হ’ল?

  5. ৫. মৰিয়মে গৰ্ভৱতী হৈছে বুলি জানি যোচেফে কি কৰিবলৈ ইচ্ছা কৰে, কিন্তু তেওঁ নিজৰ নিৰ্ণয় কিয় সলনি কৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. লূক ১:২৬-৫৬ পঢ়া।

    1. (ক) ঈশ্বৰৰ পুত্ৰৰ জীৱন মৰিয়মৰ গৰ্ভত স্থানান্তৰ হোৱাৰ সময়ত, মৰিয়মৰ পাপে যীচুক প্ৰভাৱিত কৰা নাছিল। ইয়াৰ বিষয়ে লূক ১:৩৫ পদত কি বৰ্ণনা কৰা হৈছে? (হগ্‌. ২:১১-১৩; যোহ. ৬:৬৯; ইব্ৰী ৭:২৬; ১০:৫)

    2. (খ) জন্মৰ আগতেই যীচুয়ে কেনেকৈ সন্মান লাভ কৰিছিল? (লূক ১:৪১-৪৩)

    3. (গ) বৰ্তমান সময়ত বিশেষ সেৱাৰ বাবে সুযোগ পোৱা খ্ৰীষ্টানসকলৰ বাবে মৰিয়মে কি এক ভাল উদাহৰণ ৰাখিলে? (লূক ১:৩৮, ৪৬-৪৯; ১৭:১০; হিতো. ১১:২)

  2. ২. মথি ১:১৮-২৫ পঢ়া।

    যীচুৰ নাম ইম্মানূৱেল ৰখা নাছিল। কিন্তু তেওঁ পালন কৰা ভূমিকাই কেনেকৈ এই নামৰ অৰ্থ পূৰ কৰে? (মথি ১:২২, ২৩; যোহ. ১৪:৮-১০; ইব্ৰী ১:১-৩)

কাহিনী ৮৫

আস্তাবলত যীচুৰ জন্ম

  1. ১. ছবিখনত দেখা এই সৰু ল’ৰাটি কোন হয় আৰু মৰিয়মে তাক ক’ত ৰাখিবলৈ লৈছে?

  2. ২. যীচুৰ জন্ম আস্তাবলত কিয় হৈছিল?

  3. ৩. ছবিখনত দেখা দৰে আস্তাবলৰ ভিতৰলৈ সোমাই অহা লোককেইজন কোন আৰু এজন স্বৰ্গদূতে তেওঁলোকক কি কৈছিল?

  4. ৪. যীচু কিয় ইমান গুৰুত্বপূৰ্ণ ব্যক্তি হয়?

  5. ৫. যীচুক ঈশ্বৰৰ পুত্ৰ বুলি কিয় কোৱা হয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. লূক ২:১-২০ পঢ়া।

    1. (ক) যীচুৰ জন্মৰ বিষয়ে কৰা ভৱিষ্যতবাণী পূৰ হোৱাত, আগস্ত কৈচৰে কি ভূমিকা পালন কৰিছিল? (লূক ২:১-৪; মীখা ৫:২)

    2. (খ) এজন ব্যক্তিয়ে কেনেকৈ “প্ৰীতিৰ পাত্ৰ” হোৱা লোকবিলাকৰ মাজৰ এজনা হ’ব পাৰে? (লূক ২:১৪; মথি ১৬:২৪; যোহ. ১৭:৩; পাঁচ. ৩:১৯; ইব্ৰী ১১:৬)

    3. (গ) যদি যিহূদী ভেড়াৰখীয়াকেইজনে এজন উদ্ধাৰকৰ্ত্তাৰ জন্ম হোৱাৰ বাবে আনন্দিত হৈছিল, তেনেহ’লে আজি ঈশ্বৰৰ সেৱকসকলে আনন্দিত হোৱাৰ বিশেষ কাৰণ কি? (লূক ২:১০, ১১; ইফি. ৩:৮, ৯; প্ৰকা. ১১:১৫; ১৪:৬)

কাহিনী ৮৬

তৰাৰ দ্বাৰা পৰিচালিত

  1. ১. ছবিখনত দেখা এই মানুহকেইজন কোন হয় আৰু তেওঁলোকৰ মাজৰ এজনে তৰাটোলৈ কিয় ইংগিত কৰিছে?

  2. ২. ৰজা হেৰোদে কিয় চিন্তিত হ’ল আৰু তেওঁ কি কৰিলে?

  3. ৩. উজ্জ্বল তৰাটোৱে এই মানুহকেইজনক ক’লৈ পৰিচালিত কৰে? তেওঁলোকে কিয় আন এক বাটেদি নিজৰ দেশলৈ উভতি গ’ল?

  4. ৪. হেৰোদে কি আদেশ দিলে আৰু কিয়?

  5. ৫. যিহোৱাই যোচেফক কি কৰিবলৈ কৈছিল?

  6. ৬. সেই নতুন তৰাটোক কোনে উজ্জ্বলাই তুলিছিল আৰু কিয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ২:১-২৩ পঢ়া।

    জ্যোতিষীসকলে যীচুক দেখা কৰিবলৈ অহাৰ সময়ত, যীচুৰ বয়স কিমান আছিল আৰু তেওঁ ক’ত বাস কৰিছিল? (মথি ২:১, ১১, ১৬)

কাহিনী ৮৭

মন্দিৰত চেমনীয়া যীচু

  1. ১. ছবিখনলৈ চাই তুমি ক’ব পাৰিবানে যীচুৰ বয়স কিমান আৰু সি এতিয়া ক’ত আছে?

  2. ২. প্ৰতিবছৰে যোচেফে নিজৰ পৰিয়ালৰ সৈতে ক’লৈ যায়?

  3. ৩. যিৰূচালেমৰপৰা ঘৰলৈ এদিনৰ বাট যোৱাৰ পাছত, যোচেফ আৰু মৰিয়ম আকৌ যিৰূচালেমলৈ কিয় ঘূৰি যাবলগীয়া হ’ল?

  4. ৪. যোচেফ আৰু মৰিয়মে যীচুক ক’ত বিচাৰি পালে আৰু তাত উপস্থিত থকা লোকসকলে কিয় আচৰিত হ’ল?

  5. ৫. যীচুয়ে মৰিয়মক কি ক’লে?

  6. ৬. ঈশ্বৰৰ বিষয়ে শিকিবলৈ আমি যীচুৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. লূক ২:৪১-৫২ পঢ়া।

    1. (ক) মোচিৰ নিয়ম অনুসৰি কেৱল পুৰুষসকলেহে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ প্ৰতিবছৰে যিৰূচালেমলৈ যাব লাগে। কিন্তু যোচেফ আৰু মৰিয়মে আজি মাক-দেউতাকৰ বাবে কি এক ভাল উদাহৰণ ৰাখিলে? (লূক ২:৪১; দ্বিতী. ১৬:১৬; ৩১:১২; হিতো. ২২:৬)

    2. (খ) মাক-দেউতাকৰ অধীনত থকাৰ বিষয়ে, বৰ্তমান সময়ৰ ডেকাসকলৰ বাবে যীচুয়ে কি উদাহৰণ ৰাখিলে? (লূক ২:৫১; দ্বিতী. ৫:১৬; হিতো. ২৩:২২; কল. ৩:২০)

  2. ২. মথি ১৩:৫৩-৫৬ পঢ়া।

    বাইবেলত উল্লেখ থকা যীচুৰ চাৰিজন ভায়েকৰ নাম কি আছিল? পাছলৈ ইয়াৰে দুজনক খ্ৰীষ্টান মণ্ডলীত কেনেকৈ ব্যৱহাৰ কৰা হৈছিল? (মথি ১৩:৫৫; পাঁচ. ১২:১৭; ১৫:৬, ১৩; ২১:১৮; গালা. ১:১৯; যাকো. ১:১; যিহূদা ১)

কাহিনী ৮৮

যোহনৰ দ্বাৰা যীচুৰ বাপ্তিষ্মা

  1. ১. ছবিখনত দেখা এই দুজন লোক কোন হয়?

  2. ২. এজন ব্যক্তিক বাপ্তিষ্মা কেনেকৈ দিয়া হয়?

  3. ৩. সাধাৰণতে যোহনে কাক বাপ্তিষ্মা দিয়ে?

  4. ৪. যীচুয়ে যোহনৰ ওচৰলৈ বাপ্তিষ্মা ল’বলৈ অহাৰ বিশেষ কাৰণ কি?

  5. ৫. যীচুয়ে বাপ্তিষ্মা লোৱাৰ বাবে ঈশ্বৰ আনন্দিত হৈছিল বুলি তেওঁ কেনেকৈ দেখুৱালে?

  6. ৬. যীচুয়ে ৪০ দিন ধৰি এখন নিৰ্জন ঠাইত থাকোঁতে কি হ’ল?

  7. ৭. যীচুৰ প্ৰথম শিষ্যকেইজনৰ নাম কি? তেওঁ কৰা প্ৰথম আচৰিত কাৰ্য্যটো কি আছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ৩:১৩-১৭ পঢ়া।

    শিষ্যসকলে কেনেকৈ বাপ্তিষ্মা ল’ব লাগে, তাৰ বিষয়ে যীচুয়ে কি উদাহৰণ ৰাখিলে? (গীত. ৪০:৭, ৮; মথি ২৮:১৯, ২০; লূক ৩:২১, ২২)

  2. ২. মথি ৪:১-১১ পঢ়া।

    যীচুয়ে শাস্ত্ৰপদ ব্যৱহাৰ কৰাত পাৰ্গত আছিল। এই কথাই আমাক নিয়মিতৰূপে বাইবেল অধ্যয়ন কৰিবলৈ কেনেকৈ উৎসাহিত কৰে? (মথি ৪:৫-৭; ২ পিত. ৩:১৭, ১৮; ১ যোহ. ৪:১)

  3. ৩. যোহন ১:২৯-৫১ পঢ়া।

    যোহন বাপ্তাইজকে কাৰ প্ৰতি নিজৰ শিষ্যসকলৰ ধ্যান আকৰ্ষণ কৰিছিল আৰু আজি আমি তেওঁক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (যোহ. ১:২৯, ৩৫, ৩৬; ৩:৩০; মথি ২৩:১০)

  4. ৪. যোহন ২:১-১২ পঢ়া।

    যীচুয়ে কৰা প্ৰথম আচৰিত কাৰ্য্যই কেনেকৈ দেখুৱায় যে যিহোৱাই নিজৰ সেৱকসকলৰপৰা কোনো ভাল বস্তু লুকুৱাই নাৰাখে? (যোহ. ২:৯, ১০; গীত. ৮৪:১১; যাকো. ১:১৭)

কাহিনী ৮৯

মন্দিৰ পৰিষ্কাৰ

  1. ১. মন্দিৰত জীৱ-জন্তুবোৰ কিয় বিক্ৰী কৰা হৈছে?

  2. ২. যীচুৰ কিয় খং উঠিছিল?

  3. ৩. ছবিখনত দেখাৰ দৰে যীচুয়ে কি কৰিছে আৰু কপৌ বিক্ৰী কৰা লোকসকলক তেওঁ কি আদেশ দিছে?

  4. ৪. যীচুৰ কাৰ্য্য দেখি শিষ্যসকলৰ কি কথা মনত পৰিল?

  5. ৫. গালীললৈ উভতি যাওঁতে যীচুয়ে কোনখন ঠাইৰ মাজেদি যাত্ৰা কৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যোহন ২:১৩-২৫ পঢ়া।

    মন্দিৰত কৰা ব্যৱসায়ৰ প্ৰতি যীচুয়ে দেখুৱা প্ৰতিক্ৰিয়াক মনত ৰাখি, আজি ৰাজ্য গৃহত কৰা যিকোনো ব্যৱসায়ৰ প্ৰতি আমি কি দৃষ্টিভংগী ৰখা উচিত? (যোহ. ২:১৫, ১৬; ১ কৰি. ১০:২৪, ৩১-৩৩)

কাহিনী ৯০

যীচু আৰু এগৰাকী চমৰীয়া তিৰোতা

  1. ১. চমৰিয়াত উপস্থিত হৈ যীচুয়ে কিয় এটা নাদৰ কাষত ৰ’ল আৰু তেওঁ এগৰাকী তিৰোতাক কি কৈছে?

  2. ২. তিৰোতাগৰাকীয়ে কিয় আচৰিত হ’ল? যীচুয়ে তাইক কি ক’লে আৰু কিয়?

  3. ৩. কেনেধৰণৰ পানীৰ বিষয়ে যীচুয়ে কৈছে বুলি তিৰোতাগৰাকীয়ে ভাবিছিল, কিন্তু যীচুয়ে প্ৰকৃততে কি পানীৰ বিষয়ে কৈছিল?

  4. ৪. যীচুয়ে কোৱা কথাবোৰ শুনি তিৰোতাগৰাকীয়ে কিয় তবধ মানিলে? যীচুয়ে এই কথাবোৰ কেনেকৈ জানিলে?

  5. ৫. নাদৰ কাষত হোৱা এই ঘটনাটোৰপৰা আমি কি শিক্ষা পাওঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যোহন ৪:৫-৪৩ পঢ়া।

    1. (ক) যীচুৰ উদাহৰণ অনুকৰণ কৰি, আমি বেলেগ জাতি-বৰ্ণৰ লোকসকলৰ প্ৰতি কেনে দৃষ্টিভংগী ৰখা উচিত? (যোহ. ৪:৯; ১ কৰি. ৯:২২; ১ তীম. ২:৩, ৪; তীত ২:১১)

    2. (খ) যীচুৰ শিষ্য হ’লে এজন ব্যক্তিক কেনেধৰণৰ আধ্যাত্মিক লাভ হয়? (যোহ. ৪:১৪; যিচ. ৫৮:১১; ২ কৰি. ৪:১৬)

    3. (গ) চমৰীয়া তিৰোতাগৰাকীয়ে যি শিকিছিল, তাৰ বিষয়ে আনকো জনাবলৈ ইচ্ছা কৰিছিল। ঠিক সেইদৰে আমিও শিকা কথাবোৰৰ প্ৰতি কেনেকৈ কৃতজ্ঞতা দেখুৱাব পাৰোঁ? (যোহ. ৪:৭, ২৮; মথি ৬:৩৩; লূক ১০:৪০-৪২)

কাহিনী ৯১

যীচুৰ পৰ্ব্বতীয়া উপদেশ

  1. ১. ছবিখনত দেখাৰ দৰে যীচুয়ে ক’ত শিক্ষা দিছে আৰু তেওঁৰ একেবাৰে ওচৰত বহি থকা লোককেইজন কোন হয়?

  2. ২. যীচুৰ ১২জন পাঁচনিৰ নাম কি?

  3. ৩. যীচুয়ে লোকসকলক কোনখন ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল?

  4. ৪. লোকসকলক যীচুয়ে কিহৰ বাবে প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল?

  5. ৫. এজনে-আনজনৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে, তাৰ বিষয়ে যীচুয়ে কি শিকাইছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ৫:১-১২ পঢ়া।

    আমি আধ্যাত্মিক বিষয়বোৰৰ প্ৰতি সজাগ হওঁ বুলি কেনেকৈ দেখুৱাব পাৰোঁ? (মথি ৫:৩; ৰোমী. ১০:১৩-১৫; ১ তীম. ৪:১৩, ১৫, ১৬)

  2. ২. মথি ৫:২১-২৬ পঢ়া।

    ভাই-ভনীসকলৰ লগত থকা আমাৰ সম্বন্ধই, যিহোৱাৰ লগত আমাৰ সম্বন্ধৰ ওপৰত প্ৰভাৱ পেলায়। এই কথাষাৰ মথি ৫:২৩, ২৪ পদত কেনেকৈ দেখুৱা হৈছে? (মথি ৬:১৪, ১৫; গীত. ১৩৩:১; কল. ৩:১৩; ১ যোহ. ৪:২০)

  3. ৩. মথি ৬:১-৮ পঢ়া।

    আনৰ তুলনাত নিজকে ধাৰ্ম্মিক বুলি গণ্য কৰা এনে কিছুমান কাৰ্য্য কি, যিবোৰৰপৰা সত্য খ্ৰীষ্টানসকলে আঁতৰি থকা উচিত? (লূক ১৮:১১, ১২; ১ কৰি. ৪:৬, ৭; ২ কৰি. ৯:৭)

  4. ৪. মথি ৬:২৫-৩৪ পঢ়া।

    আৰ্থিক প্ৰয়োজনীয়তাবোৰৰ বাবে যিহোৱাৰ ওপৰত ভৰসা কৰাৰ বিষয়ে যীচুয়ে কি শিক্ষা দিছিল? (যাত্ৰা. ১৬:৪; গীত. ৩৭:২৫; ফিলি. ৪:৬)

  5. ৫. মথি ৭:১-১১ পঢ়া।

    মথি ৭:৫ পদটোত উল্লেখ কৰা দৃষ্টান্তই আমাক কি শিক্ষা দিয়ে? (হিতো. ২৬:১২; ৰোমী. ২:১; ১৪:১০; যাকো. ৪:১১, ১২)

কাহিনী ৯২

মৃত লোকক পুনৰ জীৱন দিয়া

  1. ১. ছবিখনত দেখা ছোৱালীজনীৰ দেউতাকৰ নাম কি? তেওঁ আৰু তেওঁৰ পত্নীয়ে কিয় চিন্তাত পৰিছিল?

  2. ২. যীচুক লগ পোৱাৰ পাছত যায়ীৰে কি কৰিলে?

  3. ৩. যীচুয়ে যায়ীৰৰ ঘৰলৈ গৈ থাকোঁতে, বাটত কি হ’ল আৰু যায়ীৰে কি খবৰ পালে?

  4. ৪. যায়ীৰৰ ঘৰত থকা লোকসকলে যীচুক কিয় ঠাট্টা কৰিছিল?

  5. ৫. যীচুয়ে নিজৰ তিনিজন পাঁচনি, যায়ীৰ আৰু তেওঁৰ পত্নীক লগত লৈ, মৃত ছোৱালীজনীক ৰখা কোঠালিলৈ গৈ কি কৰিলে?

  6. ৬. যীচুয়ে আৰু কাক পুনৰ জীৱিত কৰিছিল আৰু এইবোৰে কি প্ৰমাণ কৰে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. লূক ৮:৪০-৫৬ পঢ়া।

    তেজ-যোৱা ৰোগত ভুগি থকা তিৰোতাগৰাকীৰ প্ৰতি যীচুয়ে কেনেকৈ দয়া আৰু ন্যায় দেখুৱাইছিল? বৰ্তমান সময়ত খ্ৰীষ্টান প্ৰাচীনসকলে ইয়াৰপৰা কি শিকিব পাৰে? (লূক ৮:৪৩, ৪৪, ৪৭, ৪৮; লেবী. ১৫:২৫-২৭; মথি ৯:১২, ১৩; কল. ৩:১২-১৪)

  2. ২. লূক ৭:১১-১৭ পঢ়া।

    নায়িন নগৰৰ বিধৱাগৰাকীক যীচুয়ে যি কৈছিল, সেই কথাৰপৰা আজি মৃত ব্যক্তিৰ পৰিয়ালবৰ্গই কি শান্তনা লাভ কৰিব পাৰে? (লূক ৭:১৩; ২ কৰি. ১:৩, ৪; ইব্ৰী ৪:১৫)

  3. ৩. যোহন ১১:১৭-৪৪ পঢ়া।

    আপোন লোক এজনৰ মৃত্যুত দুখ কৰাটো স্বাভাৱিক বুলি যীচুয়ে কেনেকৈ দেখুৱালে? (যোহ. ১১:৩৩-৩৬, ৩৮; ২ চমূ. ১৮:৩৩; ১৯:১-৪)

কাহিনী ৯৩

বহুতোলোকক আহাৰ দিয়া

  1. ১. যোহন বাপ্তাইজকৰ কি হ’ল আৰু ইয়াৰ বিষয়ে শুনি যীচুয়ে কেনে অনুভৱ কৰিছিল?

  2. ২. যীচুক অনুকৰণ কৰা লোকসকলৰ বাবে তেওঁ কেনেকৈ আহাৰৰ প্ৰৱন্ধ কৰিছিল আৰু কিমান আহাৰ বাকী থাকিল?

  3. ৩. ৰাতি শিষ্যসকলে কিয় ভয় খালে আৰু পিতৰৰ কি হ’ল?

  4. ৪. দ্বিতীয়বাৰৰ বাবে যীচুয়ে কেনেকৈ কেইবাহাজাৰ লোকক আহাৰ খুৱাইছিল?

  5. ৫. ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে যীচুয়ে এই পৃথিৱীত শাসন কৰাৰ সময়ত পৰিস্থিতি কেনে হ’ব?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ১৪:১-৩২ পঢ়া।

    1. (ক) মথি ১৪:২৩-৩২ পদকেইটাই পিতৰৰ বিষয়ে কি প্ৰকাশ কৰে?

    2. (খ) পিতৰে পাছলৈ নিজৰ আচৰণত পৰিৱৰ্তন কৰি এজন পৰিপক্ক ব্যক্তি হৈছিল বুলি শাস্ত্ৰই কেনেকৈ বৰ্ণনা কৰিছে? (মথি ১৪:২৭-৩০; যোহ. ১৮:১০; ২১:৭; পাঁচ. ২:১৪, ৩৭-৪০; ১ পিত. ৫:৬, ১০)

  2. ২. মথি ১৫:২৯-৩৮ পঢ়া।

    নিজৰ পিতৃৰপৰা পোৱা ভৌতিক বস্তুবোৰৰ প্ৰতি যীচুয়ে কেনেকৈ সন্মান দেখুৱাইছিল? (মথি ১৫:৩৭; যোহ. ৬:১২; কল. ৩:১৫)

  3. ৩. যোহন ৬:১-২১ পঢ়া।

    ৰাজনৈতিক বিষয়বোৰত আজি খ্ৰীষ্টানসকলে কেনেকৈ যীচুৰ উদাহৰণ অনুকৰণ কৰিব পাৰে? (যোহ. ৬:১৫; মথি ২২:২১; ৰোমী. ১২:২; ১৩:১-৪)

কাহিনী ৯৪

সৰু ল’ৰা-ছোৱালীৰ প্ৰতি যীচুৰ প্ৰেম

  1. ১. এক দীঘলীয়া যাত্ৰাৰপৰা উভতি অহাৰ সময়ত পাঁচনিসকলে কিহৰ বিষয়ে তৰ্ক-বিতৰ্ক কৰিছিল?

  2. ২. যীচুয়ে এটা সৰু ল’ৰাক মাতি আনি পাঁচনিসকলৰ সন্মুখত কিয় থিয় কৰালে?

  3. ৩. পাঁচনিসকলে কি অৰ্থত সৰু ল’ৰা-ছোৱালীৰ দৰে হোৱা উচিত?

  4. ৪. আন সময়তো যীচুয়ে কেনেকৈ দেখুৱাইছিল যে তেওঁ সৰু ল’ৰা-ছোৱালীবোৰৰ প্ৰতি যত্ন লয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ১৮:১-৪ পঢ়া।

    শিক্ষা দিওঁতে যীচুয়ে কিয় দৃষ্টান্ত ব্যৱহাৰ কৰিছিল? (মথি ১৩:৩৪, ৩৬; মাৰ্ক ৪:৩৩, ৩৪)

  2. ২. মথি ১৯:১৩-১৫ পঢ়া।

    ৰাজ্যৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ হ’লে, আমি সৰু ল’ৰা-ছোৱালীবিলাকৰ কি গুণবোৰ অনুকৰণ কৰা উচিত? (গীত. ২৫:৯; ১৩৮:৬; ১ কৰি. ১৪:২০)

  3. ৩. মাৰ্ক ৯:৩৩-৩৭ পঢ়া।

    উচ্চ পদ পাবলৈ ইচ্ছা কৰা শিষ্যসকলক যীচুয়ে কি শিক্ষা দিছিল? (মাৰ্ক ৯:৩৫; মথি ২০:২৫, ২৬; গালা. ৬:৩; ফিলি. ২:৫-৮)

  4. ৪. মাৰ্ক ১০:১৩-১৬ পঢ়া।

    যীচুৰ ওচৰ চাপিবলৈ লোকসকলে কেনে অনুভৱ কৰিছিল আৰু ইয়াৰপৰা খ্ৰীষ্টান প্ৰাচীনসকলে কি শিকিব পাৰে? (মাৰ্ক ৬:৩০-৩৪; ফিলি. ২:১-৪; ১ তীম. ৪:১২)

কাহিনী ৯৫

যীচুয়ে শিক্ষা দিয়াৰ পদ্ধতি

  1. ১. এজন ব্যক্তিয়ে যীচুক কি প্ৰশ্ন কৰিছিল আৰু কিয়?

  2. ২. যীচুয়ে কেতিয়াবা লোকসকলক কেনেকৈ শিক্ষা দিয়ে? যিহূদী আৰু চমৰীয়া লোকসকলৰ বিষয়ে আমি কি শিকিছিলো?

  3. ৩. যীচুয়ে কোৱা কাহিনীটোত, যিৰীহো নগৰলৈ গৈ থকা এজন যিহূদী লোকৰ কি হ’ল?

  4. ৪. এজন যিহূদী পুৰোহিত আৰু লেবীয়া পুৰুষে সেই বাটেদি গৈ থাকোঁতে তেওঁলোকে কি কৰিলে?

  5. ৫. ছবিখনত দেখাৰ দৰে, আঘাত পোৱা যিহূদী মানুহজনক কোনে সহায় কৰিছে?

  6. ৬. কাহিনীটো শেষ কৰি যীচুয়ে কি প্ৰশ্ন কৰিছিল আৰু মানুহজনে কি উত্তৰ দিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. লূক ১০:২৫-৩৭ পঢ়া।

    1. (ক) ব্যৱস্থাৰ বিষয়ে ভাল জ্ঞান থকা এজন ব্যক্তিক, পোনপটীয়াকৈ উত্তৰ দিয়াৰ পৰিৱৰ্তে যীচুয়ে কেনেকৈ তেওঁক যুক্তি দৰ্শালে? (লূক ১০:২৬; মথি ১৬:১৩-১৬)

    2. (খ) যীচুয়ে কাহিনীৰ যোগেদি তেওঁৰ শিক্ষা শুনা লোকসকলক পক্ষপাত মনোভাৱ দূৰ কৰিবলৈ কেনেকৈ সহায় কৰিছিল? (লূক ১০:৩৬, ৩৭; ১৮:৯-১৪; তীত ১:৯)

কাহিনী ৯৬

বেমাৰী লোকক সুস্থ কৰা

  1. ১. গোটেই দেশখন ভ্ৰমণ কৰাৰ সময়ত যীচুয়ে কি কৰিছিল?

  2. ২. যীচুৰ বাপ্তিষ্মা হোৱাৰ তিনি বছৰৰ পাছত তেওঁ পাঁচনিসকলক কি কৈছিল?

  3. ৩. ছবিখনত দেখা লোকসকল কোন হয় আৰু তিৰোতাগৰাকীৰ বাবে যীচুয়ে কি কৰিলে?

  4. ৪. যীচুৰ উত্তৰে ধৰ্ম্মীয় নেতাসকলক কেনেকৈ লাজত পেলালে?

  5. ৫. যীচু আৰু তেওঁৰ পাঁচনিসকলে যিৰীহো নগৰৰ ওচৰ পাওঁতে, যীচুয়ে দুজন অন্ধ ভিক্ষাৰীৰ বাবে কি কৰিলে?

  6. ৬. যীচুয়ে আচৰিত কাৰ্য্য কিয় কৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ১৫:৩০, ৩১ পঢ়া।

    যীচুৰ যোগেদি যিহোৱাৰ শক্তি কেনেকৈ প্ৰকাশিত হয় আৰু ইয়াৰ যোগেদি যিহোৱা ঈশ্বৰে নতুন পৃথিৱীৰ বাবে কৰা প্ৰতিজ্ঞাৰ বিষয়ে আমি কি বুজিব পাৰোঁ? (গীত. ৩৭:২৯; যিচ. ৩৩:২৪)

  2. ২. লূক ১৩:১০-১৭ পঢ়া।

    যীচুয়ে কিছুমান আচৰিত কাৰ্য্য বিশ্ৰাম-বাৰত কৰিছিল। এই কথাই কেনেকৈ দেখুৱায় যে হাজাৰ বছৰৰ শাসনকালত তেওঁ মানৱ জাতিক বিশ্ৰাম দিব? (লূক ১৩:১০-১৩; গীত. ৪৬:৯; মথি ১২:৮; কল. ২:১৬, ১৭; প্ৰকা. ২১:১-৪)

  3. ৩. মথি ২০:২৯-৩৪ পঢ়া।

    যীচুয়ে লোকসকলক সহায় কৰিবলৈ সদায় সাজু আছিল বুলি এই ঘটনাটোৱে কেনেকৈ প্ৰমাণ কৰে আৰু ইয়াৰ যোগেদি আমি কি শিকিব পাৰোঁ? (দ্বিতী. ১৫:৭; যাকো. ২:১৫, ১৬; ১ যোহ. ৩:১৭)

কাহিনী ৯৭

ৰজাৰ দৰে যীচুৰ প্ৰৱেশ

  1. ১. যিৰূচালেমৰ ওচৰত থকা এখন সৰু গাঁৱলৈ আহোঁতে, যীচুয়ে শিষ্যসকলক কি কৰিবলৈ কৈছিল?

  2. ২. ছবিখনত দেখাৰ দৰে, যীচুয়ে যিৰূচালেম নগৰৰ কাষ চপাৰ লগে লগে কি হ’ল?

  3. ৩. যীচুয়ে অন্ধ আৰু খোৰা লোকসকলক সুস্থ কৰা দেখি সৰু সৰু ল’ৰা-ছোৱালীবিলাকে কি কৰিবলৈ ধৰিলে?

  4. ৪. খং কৰি থকা পুৰোহিতসকলক যীচুয়ে কি কৈছিল?

  5. ৫. আমি যীচুক স্তুতি কৰা ল’ৰা-ছোৱালীবিলাকৰ দৰে কেনেকৈ হ’ব পাৰোঁ?

  6. ৬. যীচুৰ পাঁচনিবিলাকে কি জানিব বিচাৰিছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ২১:১-১৭ পঢ়া।

    1. (ক) ৰজাৰ দৰে যীচুয়ে যিৰূচালেমত প্ৰৱেশ কৰা ঘটনাৰ লগত, ৰোমান সেনাপতিবিলাকে জয়লাভ কৰাৰ পাছত নিজ দেশলৈ উভতি যোৱাৰ কি মিল নাই? (মথি ২১:৪, ৫; জখ. ৯:৯; ফিলি. ২:৫-৮; কল. ২:১৫)

    2. (খ) যীচুয়ে মন্দিৰলৈ আহোঁতে, ইস্ৰায়েলী ল’ৰা-ছোৱালীবিলাকে গীতমালা ১১৮-ৰ কথাবোৰ উল্লেখ কৰে। ইয়াৰপৰা আজি ল’ৰা-ছোৱালীবিলাকে কি শিকিব পাৰে? (মথি ২১:৯, ১৫; গীত. ১১৮:২৫, ২৬; ২ তীম. ৩:১৫; ২ পিত. ৩:১৮)

  2. ২. যোহন ১২:১২-১৬ পঢ়া।

    যীচুক স্তুতি কৰাৰ সময়ত লোকসকলে খেজুৰ গছৰ ডাল ব্যৱহাৰ কৰা কথাটোৱে কি চিত্ৰিত কৰে? (যোহ. ১২:১৩; ফিলি. ২:১০; প্ৰকা. ৭:৯, ১০)

কাহিনী ৯৮

জৈতুন পৰ্ব্বতত

  1. ১. ছবিখনত দেখাৰ দৰে কোনজন যীচু হয় আৰু তেওঁৰ লগত থকা লোককেইজন কোন?

  2. ২. মন্দিৰত পুৰোহিতসকলে যীচুক কি কৰিবলৈ চেষ্টা কৰিছিল আৰু যীচুয়ে তেওঁলোকক কি কৈছিল?

  3. ৩. পাঁচনিসকলে যীচুক কি সুধিছিল?

  4. ৪. যীচুয়ে স্বৰ্গত ৰজা হিচাপে শাসন কৰাৰ সময়ত, পৃথিৱীত হ’বলগীয়া কিছুমান ঘটনাৰ বিষয়ে নিজৰ পাঁচনিসকলক কিয় বৰ্ণনা কৰিছিল?

  5. ৫. যীচুয়ে গোটেই পৃথিৱীৰপৰা দুষ্টতা নাইকিয়া কৰাৰ আগতে পৃথিৱীত কি হ’ব বুলি তেওঁ কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ২৩:১-৩৯ পঢ়া।

    1. (ক) শাস্ত্ৰত উল্লেখ কৰিছে যে অধিকাৰত থকা লোকসকলক আমি সন্মান জনাই কিছুমান উপাধি দি সম্বোধন কৰিব পাৰোঁ। কিন্তু মণ্ডলীত নেতৃত্ব দিয়া লোকসকলক আমি উপাধি দি সম্বোধন কৰাটো উচিত নহয় বুলি মথি ২৩:৮-১১ পদত কেনেকৈ বৰ্ণনা কৰিছে? (পাঁচ. ২৬:২৫; ৰোমী. ১৩:৭; ১ পিত. ২:১৩, ১৪)

    2. (খ) লোকসকলে যাতে খ্ৰীষ্টৰ অনুগামী হ’ব নোৱাৰে, তাৰ বাবে ফৰীচীসকলে কি কৰিবলৈ চেষ্টা কৰিছিল? বৰ্তমান সময়ত ধৰ্ম্মীয় নেতাসকলেও সেই একেই কৌশল কেনেকৈ ব্যৱহাৰ কৰিছে? (মথি ২৩:১৩; লূক ১১:৫২; যোহ. ৯:২২; ১২:৪২; ১ থিচ. ২:১৬)

  2. ২. মথি ২৪:১-১৪ পঢ়া।

    1. (ক) সহন কৰাৰ গুৰত্বতাৰ বিষয়ে মথি ২৪:১৩ পদটোত কি উল্লেখ কৰা হৈছে?

    2. (খ) মথি ২৪:১৩ পদত উল্লেখ কৰা শব্দ, ‘শেষৰ’ অৰ্থ কি? (মথি ১৬:২৭; ৰোমী. ১৪:১০-১২; ২ কৰি. ৫:১০)

  3. ৩. মাৰ্ক ১৩:৩-১০ পঢ়া।

    শুভবাৰ্ত্তা ঘোষণা কৰা যে অতি জৰুৰী, তাৰ বিষয়ে মাৰ্ক ১৩:১০ পদত উল্লেখ কৰা কোনটো শব্দই প্ৰকাশ কৰিছে? যীচুৰ বাক্যই আমাক কেনেকৈ প্ৰভাৱিত কৰা উচিত? (ৰোমী. ১৩:১১, ১২; ১ কৰি. ৭:২৯-৩১; ২ তীম. ৪:২)

কাহিনী ৯৯

ওপৰ তলাৰ কোঠালিত

  1. ১. ছবিখনত দেখাৰ দৰে, যীচু আৰু তেওঁৰ ১২জন পাঁচনিয়ে এই ওপৰ তলাৰ কোঠালিটোত কিয় গোট খাইছে?

  2. ২. কোঠালিৰপৰা বাহিৰলৈ ওলাই যোৱা ব্যক্তিজন কোন হয় আৰু তেওঁ কি কৰিবলৈ গৈছে?

  3. ৩. নিস্তাৰ-পৰ্ব্ব পালন কৰাৰ পাছত যীচুয়ে কি এক বিশেষ ভোজৰ আৰম্ভ কৰে?

  4. ৪. নিস্তাৰ-পৰ্ব্বই ইস্ৰায়েলীসকলক কি ঘটনাৰ বিষয়ে মনত পেলাই দিছিল আৰু এই বিশেষ ভোজে যীচুৰ অনুগামীসকলক কি কথা মনত পেলাই দিব?

  5. ৫. প্ৰভুৰ সন্ধ্যা ভোজ শেষ কৰাৰ পাছত, যীচুয়ে পাঁচনিসকলক কি কৈছিল আৰু তেওঁলোকে কি কৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ২৬:১৪-৩০ পঢ়া।

    1. (ক) যিহূদাই যীচুক জানি-শুনি বিশ্বাসঘাত কৰিছিল বুলি মথি ২৬:১৫ পদটোৱে কেনেকৈ প্ৰমাণ কৰে?

    2. (খ) যীচুৰ বলিদানৰ তেজে কি দুটা উদ্দেশ্য পূৰ কৰিলে? (মথি ২৬:২৭, ২৮; যিৰি. ৩১:৩১-৩৩; ইফি. ১:৭; ইব্ৰী ৯:১৯, ২০)

  2. ২. লূক ২২:১-৩৯ পঢ়া।

    চয়তানে কি অৰ্থত যিহূদাৰ ভিতৰত সোমাইছিল? (লূক ২২:৩; যোহ. ১৩:২; পাঁচ. ১:২৪, ২৫)

  3. ৩. যোহন ১৩:১-২০ পঢ়া।

    1. (ক) যোহন ১৩:৩ পদটোৰ অনুসৰি যিহূদাই কৰা কাৰ্য্যৰ বাবে তেওঁক দোষাৰোপ কৰিব পাৰিনে আৰু ইয়াৰপৰা ঈশ্বৰৰ সেৱকসকলে কি শিকিব পাৰে? (আদি. ৪:৭; ২ কৰি. ২:১১; গালা. ৬:১; যাকো. ১:১৩, ১৪)

    2. (খ) যীচুয়ে পাঁচনিসকলক কি এক গুৰুত্বপূৰ্ণ শিক্ষা দিছিল? (যোহ. ১৩:১৫; মথি ২৩:১১; ১ পিত. ২:২১)

  4. ৪. যোহন ১৭:১-২৬ পঢ়া।

    যীচুয়ে তেওঁৰ শিষ্যসকলক ‘এক হ’বলৈ’ প্ৰাৰ্থনা কৰিছিল। ইয়াৰ অৰ্থ কি? (যোহ. ১৭:১১, ২১-২৩; ৰোমী. ১৩:৮; ১৪:১৯; কল. ৩:১৪)

কাহিনী ১০০

বাগিচাত যীচু

  1. ১. ওপৰ তলাৰ কোঠালিটোৰপৰা ওলাই যীচু আৰু তেওঁৰ পাঁচনিকেইজনে ক’লৈ গৈছিল? যীচুয়ে তেওঁলোকক কি কৰিবলৈ কৈছিল?

  2. ২. পাঁচনিকেইজনৰ ওচৰলৈ ঘূৰি আহি যীচুয়ে কি দেখিলে আৰু এইদৰে কিমান বাৰ হৈছিল?

  3. ৩. কোনে আহি বাগিচাখনত উপস্থিত হয় আৰু ছবিখনত দেখুৱাৰ দৰে ঈষ্কৰিয়োতীয়া যিহূদাই কি কৰিছে?

  4. ৪. যিহূদাই যীচুক কিয় চুমা খালে আৰু ইয়াৰ পাছত পিতৰে কি কৰিলে?

  5. ৫. যীচুয়ে পিতৰক কি কৈছিল? স্বৰ্গদূত পঠাবলৈ যীচুয়ে ঈশ্বৰক কিয় প্ৰাৰ্থনা নকৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ২৬:৩৬-৫৬ পঢ়া।

    1. (ক) যীচুয়ে নিজৰ শিষ্যসকলক যিধৰণে পৰামৰ্শ দিছিল, তাৰপৰা বৰ্তমান সময়ৰ খ্ৰীষ্টান প্ৰাচীনসকলে কি শিকিব পাৰে? (মথি ২০:২৫-২৮; ২৬:৪০, ৪১; গালা. ৫:১৭; ইফি. ৪:২৯, ৩১, ৩২)

    2. (খ) আনৰ বিৰুদ্ধে অস্ত্ৰ ব্যৱহাৰ কৰাৰ বিষয়ে যীচুৰ দৃষ্টিভংগী কি? (মথি ২৬:৫২; লূক ৬:২৭, ২৮; যোহ. ১৮:৩৬)

  2. ২. লূক ২২:৩৯-৫৩ পঢ়া।

    এজন স্বৰ্গদূতে গেৎচিমানী বাগিচাত আহি যীচুক শক্তি দান কৰিছিল। ইয়াৰ অৰ্থ এইটো নেকি যে যীচুৰ বিশ্বাস কম হৈছিল? বৰ্ণনা কৰা। (লূক ২২:৪১-৪৩; যিচ. ৪৯:৮; মথি ৪:১০, ১১; ইব্ৰী ৫:৭)

  3. ৩. যোহন ১৮:১-১২ পঢ়া।

    যীচুয়ে নিজৰ শিষ্যসকলক শত্ৰুবিলাকৰপৰা কেনেকৈ ৰক্ষা কৰিছিল আৰু তেওঁৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (যোহ. ১০:১১, ১২; ১৮:১, ৬-৯; ইব্ৰী ১৩:৬; যাকো. ২:২৫)

কাহিনী ১০১

যীচুৰ মৃত্যু

  1. ১. যীচুৰ মৃত্যুৰ বাবে প্ৰকৃততে কোন দায়ী?

  2. ২. ধৰ্ম্মীয় নেতাসকলে যীচুক আটক কৰাৰ সময়ত, পাঁচনিসকলে কি কৰে?

  3. ৩. মহাপুৰোহিত কায়াফাৰ ঘৰত কি হয়?

  4. ৪. পিতৰে বাহিৰলৈ গৈ কিয় কান্দিবলৈ ধৰে?

  5. ৫. যীচুক পীলাতৰ ওচৰলৈ পঠিয়াই দিয়াৰ পাছত, ধৰ্ম্মীয় নেতাসকলে চিঞৰি চিঞৰি কি কৈছিল?

  6. ৬. শুক্ৰবাৰে আবেলিৰ সময়ত যীচুক কি কৰা হয়? কাষৰ স্তম্ভত অঁৰা অপৰাধীজনক যীচুয়ে কি প্ৰতিজ্ঞা কৰিছিল?

  7. ৭. যীচুয়ে কোনখন প্ৰমোদবনৰ বিষয়ে কৈছিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ২৬:৫৭-৭৫ পঢ়া।

    যিহূদী মহাসভাৰ সদস্যসকল যে কপটীয়া আছিল তাক তেওঁলোকে কেনেকৈ দেখুৱালে? (মথি ২৬:৫৯, ৬৭, ৬৮)

  2. ২. মথি ২৭:১-৫০ পঢ়া।

    যিহূদাই হৃদয়েৰে অনুতাপ কৰা নাছিল বুলি আমি কেনেকৈ ক’ব পাৰোঁ? (মথি ২৭:৩, ৪; মাৰ্ক ৩:২৯; ১৪:২১; ২ কৰি. ৭:১০, ১১)

  3. ৩. লূক ২২:৫৪-৭১ পঢ়া।

    যীচুৰ আটক কৰা ৰাতি পিতৰে তেওঁক চিনি নাপাওঁ বুলি কোৱা ঘটনাটোৰপৰা আমি কি শিকিব পাৰোঁ? (লূক ২২:৬০-৬২; মথি ২৬:৩১-৩৫; ১ কৰি. ১০:১২)

  4. ৪. লূক ২৩:১-৪৯ পঢ়া।

    যীচুৰ লগত হোৱা অন্যায়বোৰৰ প্ৰতি তেওঁ কেনে প্ৰতিক্ৰিয়া দেখুৱাইছিল আৰু ইয়াৰপৰা আমি কি শিকিব পাৰোঁ? (লূক ২৩:৩৩, ৩৪; ৰোমী. ১২:১৭-১৯; ১ পিত. ২:২৩)

  5. ৫. যোহন ১৮:১২-৪০ পঢ়া।

    কিছুসময়ৰ বাবে পিতৰে মানুহলৈ ভয় কৰিছিল, কিন্তু পাছলৈ তেওঁ এক সাহসী পাঁচনি হৈ পৰিল। এই কথাই কি প্ৰমাণ কৰে? (যোহ. ১৮:২৫-২৭; ১ কৰি. ৪:২; ১ পিত. ৩:১৪, ১৫; ৫:৮, ৯)

  6. ৬. যোহন ১৯:১-৩০ পঢ়া।

    1. (ক) ভৌতিক বস্তুবোৰৰ প্ৰতি যীচুয়ে কি ভাৰসাম্যতা বজাই ৰাখিছিল? (যোহ. ২:১, ২, ৯, ১০; ১৯:২৩, ২৪; মথি ৬:৩১, ৩২; ৮:২০)

    2. (খ) যীচুয়ে যিহোৱাৰ সাৰ্ব্বভৌমত্বক সমৰ্থন কৰিছিল বুলি মৃত্যুৰ আগমুহূৰ্তত কোৱা তেওঁৰ কথাখিনিয়ে কেনেকৈ প্ৰমাণ কৰিলে? (যোহ. ১৬:৩৩; ১৯:৩০; ২ পিত. ৩:১৪; ১ যোহ. ৫:৪)

কাহিনী ১০২

যীচু পুনৰ জীৱিত হ’ল

  1. ১. ছবিখনত দেখা তিৰোতাগৰাকী আৰু দুজন পুৰুষ কোন হয়? তেওঁলোকে ক’ত আছে?

  2. ২. যীচুৰ মৃতদেহ ৰখা গুহাটোক পহৰা দিবলৈ পীলাতে পুৰোহিতসকলক সৈনিক পঠাবলৈ কিয় কৈছিল?

  3. ৩. যীচুৰ মৃত্যুৰ তৃতীয়দিনাখন ৰাতিপুৱা এজন স্বৰ্গদূতে কি কৰে? কিন্তু পুৰোহিতসকলে কি কৰিছিল?

  4. ৪. যীচুৰ মৃতদেহ ৰখা গুহাটোলে আহি কিছুমান তিৰোতাই কিয় আচৰিত হৈছিল?

  5. ৫. পিতৰ আৰু যোহনে যীচুৰ মৃতদেহ ৰখা গুহাটোলৈ কিয় দৌৰি যায় আৰু তাত তেওঁলোকে কি দেখিলে?

  6. ৬. যীচুৰ মৃতদেহটো কি হ’ল? যীচুয়ে জীৱিত হ’ল বুলি নিজৰ শিষ্যসকলক দেখুৱাবলৈ তেওঁ কি কৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. মথি ২৭:৬২-৬৬ আৰু ২৮:১-১৫ পঢ়া।

    যীচুৰ পুনৰুত্থানৰ সময়ত ধৰ্ম্মীয় নেতাসকলে, ফৰীচীবিলাকে আৰু বৃদ্ধ লোকসকলে পবিত্ৰ আত্মাৰ বিৰুদ্ধে কেনেকৈ পাপ কৰিছিল? (মথি ১২:২৪, ৩১, ৩২; ২৮:১১-১৫)

  2. ২. লূক ২৪:১-১২ পঢ়া।

    যীচুৰ পুনৰুত্থানৰ ঘটনাটোৱে কেনেকৈ দেখুৱায় যে যিহোৱাই স্ত্ৰীসকলক নিৰ্ভৰযোগ্য সাক্ষী হিচাপে গণ্য কৰে? (লূক ২৪:৪, ৯, ১০; মথি ২৮:১-৭)

  3. ৩. যোহন ২০:১-১২ পঢ়া।

    যদি আমি বাইবেলৰ কোনো ভৱিষ্যতবাণীৰ বিষয়ে সম্পূৰ্ণৰূপে বুজি নাপাওঁ, তেনেহ’লে যোহন ২০:৮, ৯ পদে আমাক ধৈৰ্য্য ধৰি থাকিবলৈ কেনেকৈ সহায় কৰে? (হিতো. ৪:১৮; মথি ১৭:২২, ২৩; লূক ২৪:৫-৮; যোহ. ১৬:১২)

কাহিনী ১০৩

বন্ধ কোঠালিৰ ভিতৰত

  1. ১. মানুহজনক মালী বুলি ভাবি মৰিয়মে কি কৈছিল? কিন্তু সেই মানুহজন প্ৰকৃততে যীচু হয় বুলি তাই কেনেকৈ গম পালে?

  2. ২. দুজন শিষ্যই ইন্মায়ু নামৰ নগৰলৈ গৈ থাকোঁতে কি হ’ল?

  3. ৩. শিষ্য দুজনে যীচুক লগ পোৱাৰ বিষয়ে পাঁচনিসকলক কৈ থাকোঁতে কি ঘটিল?

  4. ৪. যীচুয়ে তেওঁৰ শিষ্যসকলক কেইবাৰ দেখা দিছিল?

  5. ৫. শিষ্যসকলে যীচুক দেখাৰ বিষয়ে থোমাক বৰ্ণনা কৰাত, তেওঁ কি কৈছিল আৰু আঠদিনৰ পাছত কি ঘটিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যোহন ২০:১১-২৯ পঢ়া।

    মানুহে পাপ ক্ষমা কৰিব পাৰে বুলি যীচুয়ে যোহন ২০:২৩ পদত কৈছিল নেকি? বৰ্ণনা কৰা। (গীত. ৪৯:২, ৭; যিচ. ৫৫:৭; ১ তীম. ২:৫, ৬; ১ যোহ. ২:১, ২)

  2. ২. লূক ২৪:১৩-৪৩ পঢ়া।

    বাইবেলৰ সত্যতাক গ্ৰহণ কৰিবলৈ আমি নিজৰ হৃদয়ক কেনেকৈ প্ৰস্তুত কৰিব পাৰোঁ? (লূক ২৪:৩২, ৩৩; ইজ্ৰা ৭:১০; মথি ৫:৩; পাঁচ. ১৬:১৪; ইব্ৰী ৫:১১-১৪)

কাহিনী ১০৪

যীচু স্বৰ্গলৈ উভতি যোৱা

  1. ১. কেইজন শিষ্যই এবাৰ যীচুক দেখা পাইছিল আৰু যীচুয়ে তেওঁলোকক কি কৈছিল?

  2. ২. ঈশ্বৰৰ ৰাজ্য কি হয়? যীচুয়ে যেতিয়া ৰজা হিচাপে এহেজাৰ বছৰ ধৰি শাসন কৰিব, তেতিয়া পৃথিৱীৰ পৰিস্থিতি কেনে হ’ব?

  3. ৩. যীচুয়ে নিজৰ শিষ্যসকলক কিমান দিনলৈকে দেখা দিছিল, কিন্তু এতিয়া তেওঁ কি কৰাৰ সময় হ’ল?

  4. ৪. শিষ্যসকলক এৰি যোৱাৰ আগমুহূৰ্তত যীচুয়ে তেওঁলোকক কি আজ্ঞা দিছিল?

  5. ৫. ছবিখনত কি দেখিবলৈ পাইছা? শিষ্যসকলে যীচুক কিয় দেখা নাপালে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. ১ কৰিন্থীয়া ১৫:৩-৮ পঢ়া।

    যীচুৰ পুনৰুত্থানৰ বিষয়ে পাঁচনি পৌলে কিয় বিশ্বাসেৰে ক’ব পাৰিছিল আৰু আজি খ্ৰীষ্টানসকলে কিহৰ বিষয়ে বিশ্বাসেৰে ক’ব পাৰে? (১ কৰি. ১৫:৪, ৭, ৮; যিচ. ২:২, ৩; মথি ২৪:১৪; ২ তীম. ৩:১-৫)

  2. ২. পাঁচনিৰ কৰ্ম্ম ১:১-১১ পঢ়া।

    পাঁচনিৰ কৰ্ম্ম ১:৮ পদটোৰ অনুসৰি বৰ্তমান সময়ত শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্য কিমান দূৰলৈ আগবাঢ়িছে? (পাঁচ. ৬:৭; ৯:৩১; ১১:১৯-২১; কল. ১:২৩)

কাহিনী ১০৫

যিৰূচালেমত অপেক্ষা

  1. ১. ছবিখনত দেখাৰ দৰে যিৰূচালেমত অপেক্ষা কৰি থকা যীচুৰ শিষ্যসকলৰ কি হয়?

  2. ২. বিভিন্ন দেশৰপৰা অহা লোকসকলে কি আচৰিত ঘটনা দেখিবলৈ পালে?

  3. ৩. পিতৰে লোকসকলক কি বৰ্ণনা কৰে?

  4. ৪. পিতৰৰ কথা শুনাৰ পাছত লোকসকলে কি কৰে? ইয়াৰ পাছত পিতৰে তেওঁলোকক কি কৰিবলৈ আজ্ঞা দিয়ে?

  5. ৫. পেন্টাকোষ্ট ৩৩ খ্ৰীষ্টাব্দত কেইজন লোকে বাপ্তিষ্মা লয়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ২:১-৪৭ পঢ়া।

    1. (ক) যীচুৰ মৃত্যুৰ বাবে গোটেই যিহূদী ৰাষ্ট্ৰ দায়ী হয় বুলি পাঁচনিৰ কৰ্ম্ম ২:২৩ আৰু ৩৬ পদত উল্লেখ কৰা পিতৰৰ বাক্যই কেনেকৈ প্ৰমাণ কৰে? (১ থিচ. ২:১৪, ১৫)

    2. (খ) শাস্ত্ৰৰপৰা যুক্তি দৰ্শোৱাৰ বিষয়ে পিতৰে কি এক ভাল উদাহৰণ ৰাখিলে? (পাঁচ. ২:১৬, ১৭, ২৯, ৩১, ৩৬, ৩৯; কল. ৪:৬)

    3. (গ) যীচুয়ে পিতৰক ‘স্বৰ্গৰাজ্যৰ চাবিবোৰ’ দিব বুলি প্ৰতিজ্ঞা কৰিছিল। পিতৰে প্ৰথমটো চাবি কেনেকৈ ব্যৱহাৰ কৰিলে? (পাঁচ. ২:১৪, ২২-২৪, ৩৭, ৩৮; মথি ১৬:১৯)

কাহিনী ১০৬

বন্দীশালৰপৰা মুক্তি

  1. ১. এদিনাখন আবেলিৰ সময়ত পিতৰ আৰু যোহনে মন্দিৰলৈ যোৱাত কি হয়?

  2. ২. পিতৰে খোৰা মানুহজনক কি কৈছিল? পিতৰে খোৰা মানুহজনক কি দিলে যি ধন-সম্পত্তিতকৈ মূল্যৱান আছিল?

  3. ৩. ধৰ্ম্মীয় নেতাসকলে কিয় খং কৰিছিল আৰু তেওঁলোকে পিতৰ আৰু যোহনক কি কৰিলে?

  4. ৪. ধৰ্ম্মীয় নেতাসকলক পিতৰে কি ক’লে আৰু ধৰ্ম্মীয় নেতাসকলে পাঁচনিসকলক কি কৰিবলৈ মানা কৰিছিল?

  5. ৫. ধৰ্ম্মীয় নেতাসকলে কিয় ঈৰ্ষা কৰিছিল? যেতিয়া পাঁচনিসকলক দ্বিতীয়বাৰৰ বাবে বন্দীশালত ৰখা হয়, তেতিয়া কি হ’ল?

  6. ৬. পাঁচনিসকলে মহাসভাৰ আগত কি উত্তৰ দিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ৩:১-১০ পঢ়া।

    আজি আমি আচৰিত কাৰ্য্য কৰিব নোৱাৰোঁ। কিন্তু আমি লোকসকলক এনে কি দিব পাৰোঁ যি ধন-সম্পত্তিতকৈ মূল্যৱান? (যোহ. ১৭:৩; ২ কৰি. ৫:১৮-২০; ফিলি. ৩:৮)

  2. ২. পাঁচনিৰ কৰ্ম্ম ৪:১-৩১ পঢ়া।

    ঘোষণা কৰাৰ বাবে তাড়নাৰ সন্মুখীন হ’লে, আমি কেনেকৈ প্ৰথম শতিকাৰ খ্ৰীষ্টান ভাইবিলাকৰ উদাহৰণ অনুকৰণ কৰিব পাৰোঁ? (পাঁচ. ৪:২৯, ৩১; ইফি. ৬:১৮-২০; ১ থিচ. ২:২)

  3. ৩. পাঁচনিৰ কৰ্ম্ম ৫:১৭-৪২ পঢ়া।

    অতীত আৰু বৰ্তমান সময়ত, বিশ্বাসত নথকা কিছুমান লোকে ঘোষণা কৰা কাৰ্য্যক কেনেকৈ সমৰ্থন কৰিছে? (পাঁচ. ৫:৩৪-৩৯)

কাহিনী ১০৭

স্তিফানক শিল দলিয়াই মৰা

  1. ১. স্তিফান কোন হয় আৰু কি কৰিবলৈ যিহোৱাই তেওঁক সহায় কৰিছিল?

  2. ২. স্তিফানৰ কি কথাই ধৰ্ম্মীয় নেতাসকলৰ খং তুলিলে?

  3. ৩. স্তিফানক নগৰৰ বাহিৰলৈ নি কি কৰিলে?

  4. ৪. ছবিখনত দেখাৰ দৰে কোনে চোলাবোৰ চোৱা-চিতা কৰিছে?

  5. ৫. মৃত্যুৰ আগমুহূৰ্তত স্তিফানে যিহোৱালৈ কি প্ৰাৰ্থনা কৰিছিল?

  6. ৬. কোনোবাই আমাক বেয়া ব্যৱহাৰ কৰিলে, স্তিফানৰ দৰে আমি কি কৰা উচিত?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ৬:৮-১৫ পঢ়া।

    যিহোৱাৰ সাক্ষীসকলৰ ঘোষণা কাৰ্য্যক বাধা দিবলৈ ধৰ্ম্মীয় নেতাসকলে কি কাৰ্য্য কৰে? (পাঁচ. ৬:৯, ১১, ১৩)

  2. ২. পাঁচনিৰ কৰ্ম্ম ৭:১-৬০ পঢ়া।

    1. (ক) মহাসভাৰ আগত শুভবাৰ্ত্তাৰ পক্ষে প্ৰভাৱশালীৰূপে সাক্ষী দিয়াত কি কথাই স্তিফানক সহায় কৰিছিল? তেওঁৰ উদাহৰণৰপৰা আমি কি শিকিব পাৰোঁ? (পাঁচ. ৭:৫১-৫৩; ৰোমী. ১৫:৪; ২ তীম. ৩:১৪-১৭; ১ পিত. ৩:১৫)

    2. (খ) ঘোষণা কাৰ্য্যৰ বিৰোধ কৰা লোকসকলৰ প্ৰতি আমি কি দৃষ্টিভংগী ৰখা উচিত? (পাঁচ. ৭:৫৮-৬০; মথি ৫:৪৪; লূক ২৩:৩৩, ৩৪)

কাহিনী ১০৮

দম্মেচকলৈ যোৱাৰ পথত

  1. ১. স্তিফানৰ মৃত্যুৰ পাছত চৌলে কি কৰে?

  2. ২. চৌলে দম্মেচকলৈ গৈ থকাৰ সময়ত বাটত কি আচৰিত ঘটনা ঘটিল?

  3. ৩. যীচুয়ে চৌলক কি কৰিবলৈ কৈছিল?

  4. ৪. অননিয়ক যীচুয়ে কি নিৰ্দ্দেশনা দিছিল আৰু চৌলে নিজৰ দৃষ্টি কেনেকৈ ঘূৰাই পালে?

  5. ৫. চৌল কি নামেৰে জনাজাত হ’ল আৰু তেওঁক ঈশ্বৰে কেনেকৈ ব্যৱহাৰ কৰিলে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ৮:১-৪ পঢ়া।

    নতুনকৈ স্থাপন হোৱা খ্ৰীষ্টান মণ্ডলীৰ ওপৰত হোৱা তাড়নাই কেনেকৈ শুভবাৰ্ত্তা ঘোষণা কাৰ্য্যত সহায় কৰিলে আৰু একে ধৰণৰ ঘটনা বৰ্তমান সময়তো কেনেকৈ ঘটিছে? (পাঁচ. ৮:৪; যিচ. ৫৪:১৭)

  2. ২. পাঁচনিৰ কৰ্ম্ম ৯:১-২০ পঢ়া।

    চৌলে কোন তিনটা কাৰ্য্য কৰিব বুলি যীচুয়ে কৈছিল? (পাঁচ. ৯:১৫; ১৩:৫; ২৬:১; ২৭:২৪; ৰোমী. ১১:১৩)

  3. ৩. পাঁচনিৰ কৰ্ম্ম ২২:৬-১৬ পঢ়া।

    আমি অননিয়ৰ দৰে কেনেকৈ হ’ব পাৰোঁ আৰু ই কিয় গুৰুত্বপূৰ্ণ? (পাঁচ. ২২:১২; ১ তীম. ৩:৭; ১ পিত. ১:১৪-১৬; ২:১২)

  4. ৪. পাঁচনিৰ কৰ্ম্ম ২৬:৮-২০ পঢ়া।

    যিসকলৰ বিবাহ সংগী সত্যত নাই, তেওঁলোকে চৌলে যীচুৰ অনুগামী হোৱা ঘটনাটোৰপৰা কি উৎসাহ লাভ কৰিব পাৰে? (পাঁচ. ২৬:১১; ১ তীম. ১:১৪-১৬; ২ তীম. ৪:২; ১ পিত. ৩:১-৩)

কাহিনী ১০৯

কৰ্ণীলিয়ৰ লগত পিতৰৰ সাক্ষাৎ

  1. ১. ছবিখনত প্ৰণিপাত কৰি থকা মানুহজন কোন?

  2. ২. এজন স্বৰ্গদূতে কৰ্ণীলিয়ক কি কৈছিল?

  3. ৩. পিতৰে যাফো নগৰত চিমোনৰ ঘৰৰ ছাদত বহি থকাৰ সময়ত, যিহোৱাই তেওঁক কি দেখুৱালে?

  4. ৪. প্ৰণিপাত আৰু উপাসনা কৰিবলৈ পিতৰে কৰ্ণীলিয়ক কিয় মানা কৰিলে?

  5. ৫. পিতৰৰ লগত থকা যিহূদী শিষ্যসকলে কিয় বিস্ময় মানিলে?

  6. ৬. পিতৰে কৰ্ণীলিয়ক সাক্ষাৎ কৰা ঘটনাটোৰপৰা আমি কি গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰোঁ?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ১০:১-৪৮ পঢ়া।

    ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কাৰ্য্যৰ বিষয়ে পাঁচনিৰ কৰ্ম্ম ১০:৪২ পদটোত উল্লেখ কৰা পিতৰৰ বাক্যই কি প্ৰকাশ কৰে? (মথি ২৮:১৯; মাৰ্ক ১৩:১০; পাঁচ. ১:৮)

  2. ২. পাঁচনিৰ কৰ্ম্ম ১১:১-১৮ পঢ়া।

    অন্য জাতিৰ লোকসকলৰ প্ৰতি যিহোৱাৰ নিৰ্দ্দেশনা পোৱাৰ সময়ত, পিতৰে কেনে প্ৰতিক্ৰিয়া দেখুৱাই­ছিল আৰু আমি তেওঁৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (পাঁচ. ১১:১৭, ১৮; ২ কৰি. ১০:৫; ইফি. ৫:১৭)

কাহিনী ১১০

পৌলৰ নতুন সহযোগী​—তীমথিয়

  1. ১. ছবিখনত দেখা ডেকা ল’ৰাজন কোন হয় আৰু তেওঁৰ ঘৰ ক’ত? তেওঁৰ মাক আৰু আইতাৰ নাম কি?

  2. ২. শুভবাৰ্ত্তা ঘোষণাৰ বাবে পৌল আৰু চীলৰ লগত তীমথিয়ই যাব নে নাযায় বুলি সোধাত, তীমথিয়ই কি উত্তৰ দিছিল?

  3. ৩. যীচুৰ শিষ্যসকলক প্ৰথমবাৰৰ বাবে কোনখন ঠাইত খ্ৰীষ্টান বুলি কোৱা হৈছিল?

  4. ৪. লুস্ত্ৰা নগৰখন ত্যাগ কৰি পৌল, চীল আৰু তীমথিয়ই কোন নগৰবোৰলৈ যাত্ৰা কৰে?

  5. ৫. তীমথিয়ই পৌলক কেনেকৈ সহায় কৰে আৰু আজি ডেকাসকলে নিজকে কি প্ৰশ্ন কৰা উচিত?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ৯:১৯-৩০ পঢ়া।

    শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যৰ বাবে তাড়নাৰ সন্মুখীন হোৱাৰ সময়ত, পৌলে কেনেকৈ বুদ্ধিৰে কাৰ্য্য কৰিছিল? (পাঁচ. ৯:২২-২৫, ২৯, ৩০; মথি ১০:১৬)

  2. ২. পাঁচনিৰ কৰ্ম্ম ১১:১৯-২৬ পঢ়া।

    যিহোৱাৰ পবিত্ৰ আত্মাই শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যক পৰিচালিত কৰিছে বুলি পাঁচনিৰ কৰ্ম্ম ১১:১৯-২১ আৰু ২৬ পদে কেনেকৈ প্ৰমাণ কৰে?

  3. ৩. পাঁচনিৰ কৰ্ম্ম ১৩:১৩-১৬, ৪২-৫২ পঢ়া।

    শিষ্যসকলে তাড়নাৰ সন্মুখীন হোৱাৰ সত্ত্বেও হতাশ হোৱা নাছিল বুলি পাঁচনিৰ কৰ্ম্ম ১৩:৫১ আৰু ৫২ পদে কেনেকৈ প্ৰমাণ কৰে? (মথি ১০:১৪; পাঁচ. ১৮:৬; ১ পিত. ৪:১৪)

  4. ৪. পাঁচনিৰ কৰ্ম্ম ১৪:১-৬, ১৯-২৮ পঢ়া।

    ‘যিহোৱাত তেওঁবিলাকক সমৰ্পণ কৰি দিলে,’ এই কথাষাৰে আমাক নতুন লোকসকলৰ বিষয়ে চিন্তা কৰাৰপৰা মুক্ত হ’বলৈ কেনেকৈ সহায় কৰে? (পাঁচ. ১৪:২১-২৩; ২০:৩২; যোহ. ৬:৪৪)

  5. ৫. পাঁচনিৰ কৰ্ম্ম ১৬:১-৫ পঢ়া।

    চূন্নৎ হ’বলৈ তীমথিয়ে ইচ্ছা কৰা বিষয়টোৱে আমাক ‘সকলো শুভবাৰ্ত্তাৰ নিমিত্তে’ কৰাৰ বিষয়ে কি শিকায়? (পাঁচ. ১৬:৩; ১ কৰি. ৯:২৩; ১ থিচ. ২:৮)

  6. ৬. পাঁচনিৰ কৰ্ম্ম ১৮:১-১১, ১৮-২২ পঢ়া।

    ঘোষণা কৰা কাৰ্য্যক পৰিচালিত কৰাত যীচুয়ে ব্যক্তিগতভাৱে জড়িত আছে বুলি পাঁচনিৰ কৰ্ম্ম ১৮:৯ আৰু ১০ পদে কেনেকৈ প্ৰমাণ কৰে আৰু ইয়ে আজি আমাক কি ভৰসা দিয়ে? (মথি ২৮:২০)

কাহিনী ১১১

ল’ৰাজন টোপনি গ’ল

  1. ১. মাটিত পৰি থকা ল’ৰাজন কোন হয় আৰু তাৰ কি হ’ল?

  2. ২. ল’ৰাটোৰ মৃত্যু হ’ল বুলি জানি পৌলে কি কৰিলে?

  3. ৩. পৌল, তীমথিয় আৰু তেওঁলোকৰ লগত যাত্ৰা কৰা লোকসকলে ক’লৈ গৈছে? তেওঁলোকে মিলীত নামৰ নগৰখনত উপস্থিত হোৱাত কি হ’ল?

  4. ৪. ভৱিষ্যতবক্তা আগাবে পৌলক কিহৰ বিষয়ে সতৰ্ক কৰে আৰু তেওঁ কোৱাৰ দৰে কি ঘটিল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ২০:৭-৩৮ পঢ়া।

    1. (ক) পৌলে পাঁচনিৰ কৰ্ম্ম ২০:২৬ আৰু ২৭ পদত উল্লেখ কৰাৰ অনুসৰি, আমি কেনেকৈ ‘আটাইৰে তেজৰপৰা শুচি’ হ’ব পাৰোঁ? (যিহি. ৩৩:৮; পাঁচ. ১৮:৬, ৭)

    2. (খ) শিক্ষা দিয়াৰ সময়ত প্ৰাচীনসকলে কিয় “বিশ্বাসযোগ্য বাক্যত আসক্ত” হোৱা উচিত? (পাঁচ. ২০:১৭, ২৯, ৩০; তীত ১:৭-৯; ২ তীম. ১:১৩)

  2. ২. পাঁচনিৰ কৰ্ম্ম ২৬:২৪-৩২ পঢ়া।

    যীচুয়ে দিয়া কাৰ্য্য সম্পূৰ্ণ কৰিবলৈ পৌলে ৰোম দেশৰ নাগৰিক হোৱা অধিকাৰক কেনেকৈ ব্যৱহাৰ কৰিছিল? (পাঁচ. ৯:১৫; ১৬:৩৭, ৩৮; ২৫:১১, ১২; ২৬:৩২; লূক ২১:১২, ১৩)

কাহিনী ১১২

জাহাজৰ ধ্বংস

  1. ১. পৌলে যাত্ৰা কৰা জাহাজখন ক্ৰীতী দ্বীপৰ ওচৰ পোৱাত কি হ’ল?

  2. ২. জাহাজত থকা লোকসকলক পৌলে কি ক’লে?

  3. ৩. জাহাজখন কেনেকৈ ভাঙিল?

  4. ৪. সেনাৰ বিষয়াজনে লোকসকলক কি আদেশ দিয়ে আৰু কেইজন লোকৰ প্ৰাণ ৰক্ষা পৰে?

  5. ৫. লোকসকলে উপস্থিত হোৱা দ্বীপটোৰ নাম কি আৰু যেতিয়া বতৰ ভাল হ’বলৈ ধৰিলে তেতিয়া পৌলৰ কি হ’ল?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ২৭:১-৪৪ পঢ়া।

    পৌলে ৰোম দেশলৈ যাত্ৰা কৰাৰ বিষয়ে পঢ়াৰ সময়ত, বাইবেলত লিখা কথাবোৰ সঠিক হয় বুলি আমাৰ বিশ্বাস কেনেকৈ দৃঢ় হয়? (পাঁচ. ২৭:১৬-১৯, ২৭-৩২; লূক ১:৩; ২ তীম. ৩:১৬, ১৭)

  2. ২. পাঁচনিৰ কৰ্ম্ম ২৮:১-১৪ পঢ়া।

    যদি মিছা দেৱ-দেৱীক উপাসনা কৰা মিলিতা দ্বীপটোৰ লোকসকলে পৌল আৰু তেওঁৰ লগত থকা লোকসকলক “অধিক অনুগ্ৰহ দেখুৱালে”, তেনেহ’লে খ্ৰীষ্টানসকলে কি দেখুৱাবলৈ উৎসাহিত হ’ব লাগে আৰু কেনে এক বিশেষ কাৰ্য্যৰ যোগেদি? (পাঁচ. ২৮:১, ২; ইব্ৰী ১৩:১, ২; ১ পিত. ৪:৯)

কাহিনী ১১৩

ৰোম দেশত পৌল

  1. ১. ৰোম দেশত বন্দী হৈ থকাৰ সময়ছোৱাত পৌলে কাক শুভবাৰ্ত্তা ঘোষণা কৰিছিল?

  2. ২. ছবিখনত দেখা পৌলৰ সন্মুখত বহি থকা ব্যক্তিজন কোন হয় আৰু তেওঁ পৌলৰ বাবে কি কৰিছে?

  3. ৩. ইপাফ্ৰদীত কোন হয় আৰু তেওঁ ফিলিপীলৈ উভতি যাওঁতে লগত কি লৈ যায়?

  4. ৪. পৌলে নিজৰ বন্ধু ফিলীমনক কিয় চিঠি লিখিছিল?

  5. ৫. পৌলে মুকলি হোৱাৰ পাছত কি কৰে, কিন্তু পাছলৈ তেওঁৰ কি হ’ল?

  6. ৬. বাইবেলৰ শেষৰ কিতাপকেইখন লিখিবলৈ যিহোৱাই কাক প্ৰেৰিত কৰিছিল আৰু প্ৰকাশিত বাক্য নামৰ কিতাপখনত কি বৰ্ণনা আছে?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. পাঁচনিৰ কৰ্ম্ম ২৮:১৬-৩১ আৰু ফিলিপীয়া ১:১৩ পঢ়া।

    পৌলে ৰোম দেশত বন্দী হৈ থকা অৱস্থাত তেওঁ নিজৰ সময় কেনেকৈ ব্যৱহাৰ কৰিছিল? তেওঁৰ দৃঢ় বিশ্বাসে খ্ৰীষ্টান মণ্ডলীৰ ওপৰত কি প্ৰভাৱ পেলাইছিল? (পাঁচ. ২৮:২৩, ৩০; ফিলি. ১:১৪)

  2. ২. ফিলিপীয়া ২:১৯-৩০ পঢ়া।

    তীমথিয় আৰু ইপাফ্ৰদীতৰ বিষয়ে পৌলে কেনেকৈ কৃতজ্ঞতা প্ৰকাশ কৰে আৰু আমি পৌলৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (ফিলি. ২:২০, ২২, ২৫, ২৯, ৩০; ১ কৰি. ১৬:১৮; ১ থিচ. ৫:১২, ১৩)

  3. ৩. ফিলীমন ১-২৫ পঢ়া।

    1. (ক) পৌলে কিহৰ ওপৰত ভিত্তি কৰি, ফিলীমনক যি ভাল তাকে কৰিবলৈ উৎসাহিত কৰিছিল আৰু বৰ্তমান সময়ত ইয়ে প্ৰাচীনসকলক কেনেকৈ সহায় কৰে? (ফিলী. ৯; ২ কৰি. ৮:৮; গালা. ৫:১৩)

    2. (খ) পৌলে আনৰ দৃষ্টিভংগীক সন্মান কৰিছিল বুলি ফিলীমন ১৩ আৰু ১৪ পদত লিখা তেওঁৰ বাক্যই কেনেকৈ প্ৰমাণ কৰে? (১ কৰি. ৮:৭, ১৩; ১০:৩১-৩৩)

  4. ৪. ২ তীমথিয় ৪:৭-৯ পঢ়া।

    যদি আমি শেষলৈকে বিশ্বাসী হৈ থাকোঁ, তেনেহ’লে ঈশ্বৰে আমাক পুৰস্কাৰ দিব বুলি আমিও পৌলৰ দৰে কেনেকৈ নিশ্চিত হ’ব পাৰোঁ? (মথি ২৪:১৩; ইব্ৰী ৬:১০)

কাহিনী ১১৪

সকলো দুষ্টতাৰ অন্ত

  1. ১. বাইবেলে স্বৰ্গত ঘোঁৰা থকাৰ বিষয়ে কিয় উল্লেখ কৰিছে?

  2. ২. পৃথিৱীত থকা দুষ্ট লোকসকলৰ লগত হ’বলগীয়া ঈশ্বৰৰ যুদ্ধখনৰ নাম কি আৰু এই যুদ্ধই কি কৰিব?

  3. ৩. ছবিখনত দেখাৰ দৰে, এই যুদ্ধখনৰ নেতৃত্ব কোনে দিব আৰু তেওঁ ৰাজমুকুট কিয় পিন্ধিছে? তেওঁৰ হাতত তৰোৱাল থকাৰ অৰ্থ কি?

  4. ৪. যদি আমি ১০, ১৫ আৰু ৩৩ নম্বৰৰ কাহিনী পঢ়োঁ, তেনেহ’লে ঈশ্বৰে দুষ্ট লোকসকলক ধ্বংস কৰাৰ কথাত আমি কিয় আচৰিত হ’ব নালাগে?

  5. ৫. কাহিনী নম্বৰ ৩৬ আৰু ৭৬-ত বৰ্ণনা কৰা অনুসৰি দুষ্ট লোকসকলে ঈশ্বৰক উপাসনা কৰোঁ বুলি দাবী কৰে যদিও ঈশ্বৰে তেওঁলোকক ধ্বংস কৰিব বুলি কেনেকৈ দেখুৱায়?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. প্ৰকাশিত বাক্য ১৯:১১-১৬ পঢ়া।

    1. (ক) বগা ঘোঁৰাত উঠাজন যীচু খ্ৰীষ্ট হয় বুলি শাস্ত্ৰই কেনেকৈ প্ৰমাণ কৰে? (প্ৰকা. ১:৫; ৩:১৪; ১৯:১১; যিচ. ১১:৪)

    2. (খ) যীচুৰ চোলাত থকা তেজৰ ছিটিকনিবোৰে কেনেকৈ প্ৰমাণ কৰে যে এই যুদ্ধত তেওঁৰ জয়লাভ হ’ব? (প্ৰকা. ১৪:১৮-২০; ১৯:১৩)

    3. (গ) বগা ঘোঁৰাত উঠা যীচুক কোনে অনুকৰণ কৰিছে? (প্ৰকা. ১২:৭; ১৯:১৪; মথি ২৫:৩১, ৩২)

কাহিনী ১১৫

এই পৃথিৱীত এখন নতুন প্ৰমোদবন

  1. ১. প্ৰমোদবনত আমি কেনে পৰিস্থিতিৰ আনন্দ ল’ব পাৰিম বুলি বাইবেলে বৰ্ণনা কৰিছে?

  2. ২. প্ৰমোদবনত জীয়াই থকা লোকসকলৰ বাবে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?

  3. ৩. যীচুয়ে এই পৃথিৱীৰ ওপৰত কেতিয়া পৰিৱৰ্তন আনিব?

  4. ৪. ভৱিষ্যতে ঈশ্বৰৰ ৰাজ্যৰ ৰজা হিচাপে যীচুয়ে কি কৰিব, তাক তেওঁ পৃথিৱীত থকাৰ সময়ছোৱাত কেনেকৈ দেখুৱাইছিল?

  5. ৫. যীচু আৰু তেওঁ নিৰ্ব্বাচন কৰা লোকসকলে যেতিয়া স্বৰ্গৰপৰা শাসন কৰিব, তেতিয়া তেওঁলোকে কি কথালৈ ধ্যান দিব?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. প্ৰকাশিত বাক্য ৫:৯, ১০ পঢ়া।

    এহেজাৰ বছৰ ধৰি পৃথিৱীৰ ওপৰত শাসন কৰা ৰজা আৰু পুৰোহিতসকলে, দয়ালু আৰু কৰুণাময় হ’ব বুলি আমি কিয় ভৰসা কৰিব পাৰোঁ? (ইফি. ৪:২০-২৪; ১ পিত. ১:৭; ৩:৮; ৫:৬-১০)

  2. ২. প্ৰকাশিত বাক্য ১৪:১-৩ পঢ়া।

    যীচুৰ লগত শাসন কৰা ১,৪৪,০০০জন লোকৰ কপালত পিতৃ আৰু মেৰ পোৱালিৰ নাম লিখাৰ অৰ্থ কি? (১ কৰি. ৩:২৩; ২ তীম. ২:১৯; প্ৰকা. ৩:১২)

কাহিনী ১১৬

আমি অনন্ত জীৱন কেনেকৈ জীয়াই থাকিব পাৰোঁ

  1. ১. অনন্ত জীৱন জীয়াই থাকিবলৈ হ’লে, আমি কাৰ বিষয়ে জ্ঞান লোৱাৰ প্ৰয়োজন?

  2. ২. আমি যিহোৱা ঈশ্বৰ আৰু যীচুৰ বিষয়ে কেনেকৈ জ্ঞান ল’ব পাৰোঁ?

  3. ৩. ছবিখনত দেখা আন এখন কিতাপৰ নাম কি আৰু আমি কিয় এই কিতাপখন অধ্যয়ন কৰিব লাগে?

  4. ৪. অনন্ত জীৱন লাভ কৰিবলৈ হ’লে, যিহোৱা আৰু যীচুৰ বিষয়ে জ্ঞান লোৱাৰ উপৰিও আৰু কি কৰাৰ প্ৰয়োজন আছে?

  5. ৫. আমি ৬৯ নম্বৰ কাহিনীটোৰপৰা কি শিকিবলৈ পাওঁ?

  6. ৬. এই কিতাপখনত উল্লেখ কৰা ৫৫ নম্বৰ কাহিনীটোৱে সৰু চমূৱেলৰ বিষয়ে কি শিকায়?

  7. ৭. আমি যীচু খ্ৰীষ্টৰ উদাহৰণ কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? যদি আমি এইদৰে কৰোঁ, তেনেহ’লে ভৱিষ্যতে আমাৰ কি হ’ব?

অতিৰিক্ত প্ৰশ্ন:

  1. ১. যোহন ১৭:৩ পঢ়া।

    যিহোৱা ঈশ্বৰ আৰু যীচু খ্ৰীষ্টৰ বিষয়ে জ্ঞান লোৱাটোৱেই যথেষ্ট নহয় বুলি বাইবেলৰপৰা আমি কেনেকৈ জানিব পাৰোঁ? (মথি ৭:২১; যাকো. ২:১৮-২০; ১ যোহ. ২:১৭)

  2. ২. গীতমালা ১৪৫:১-২১ পঢ়া।

    1. (ক) আমি যিহোৱাক প্ৰশংসা কৰাৰ কিছুমান কাৰণ কি? (গীত. ১৪৫:৮-১১; প্ৰকা. ৪:১১)

    2. (খ) যিহোৱা ঈশ্বৰে কেনেকৈ ‘সকলোলৈকে মঙ্গল কৰে’ আৰু এই কথাই আমাক তেওঁৰ কাষ চাপিবলৈ কেনেকৈ সহায় কৰে? (গীত. ১৪৫:৯; মথি ৫:৪৩-৪৫)

    3. (গ) যদি আমি যিহোৱাক হৃদয়ৰপৰা ভাল পাওঁ, তেনেহ’লে ইয়ে আমাক কি কৰিবলৈ প্ৰেৰণা কৰিব? (গীত. ১১৯:১৭১, ১৭২, ১৭৫; ১৪৫:১১, ১২, ২১)