Skip to content

Skip to table of contents

এঘাৰ অধ্যায়

ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে?

ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে?
  • আজি পৃথিৱীত হৈ থকা দুখ-কষ্টৰ বাবে ঈশ্বৰ দায়ীনে?

  • এদন বাগিচাত কি বিষয় উত্থাপন হৈছিল?

  • ঈশ্বৰে মানৱ জাতিৰ সমস্যাবোৰ কেনেকৈ সমাপ্ত কৰিব?

১, ২. আজি লোকসকলে কেনেধৰণৰ দুখ-কষ্টৰ সন্মুখীন হৈছে, আৰু সেইবাবে বহুতোলোকে কি প্ৰশ্ন কৰে?

এক ভয়ানক যুদ্ধৰ পৰিণামস্বৰূপে হাজাৰ হাজাৰ ল’ৰা-ছোৱালী আৰু তিৰোতাৰ মৃত্যু হয়। যুদ্ধৰ পাছত মৃতদেহবোৰ একত্ৰিত কৰি এটা ডাঙৰ গাঁতত কবৰ দিয়া হয়। এই কবৰৰ চাৰিওফালে সৰু সৰু ক্ৰুচ লগাই এইদৰে লিখা হৈছিল: “কিয়?” আমাৰ সকলোৰে বাবে এই প্ৰশ্ন অতি বেদনাদায়ক। যুদ্ধ, দুৰ্যোগ আৰু বেমাৰ আদিৰ বাবে আজি বহুতোলোকে মৃত্যুৰ সন্মুখীন হৈছে। কেতিয়াবা আকৌ কোনো অপৰাধমূলক কাৰ্য্যৰ বাবে নিৰীহ লোকৰ মৃত্যু হয়, ঘৰ-বাৰী ধ্বংস কৰা হয় আৰু পৰিণামস্বৰূপে পৰিয়ালৰ লোকসকলৰ জীৱনলৈ আলৈ-আথানি আহে। ইয়াৰ বাবে সকলোৱে জানিব বিচাৰে যে তেওঁলোকৰ জীৱনত কিয় এনে দুখজনক ঘটনা ঘটিল।

ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে? যিহোৱা ঈশ্বৰ যদি সকলোতকৈ শক্তিশালী, প্ৰেমী, বুদ্ধিমান আৰু ন্যায়ী ঈশ্বৰ হয়, তেনেহ’লে কিয় আজি গোটেই পৃথিৱীখন অন্যায় আৰু ঘৃণাৰে ভৰি পৰিছে? আপোনাৰ মনলৈ কেতিয়াবা এনে প্ৰশ্ন আহেনে?

৩, ৪. (ক) ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে, এই বুলি তেওঁক প্ৰশ্ন কৰাটো ভুল নেকি? (খ) দুখ-কষ্টৰ বাবে যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰে?

ঈশ্বৰে দুখ-কষ্টৰ কিয় অনুমতি দিছে, এই বুলি তেওঁক প্ৰশ্ন কৰাটো ভুল নেকি? কিছুমান লোকে ভাবে যে এনে প্ৰশ্ন কৰিলে ঈশ্বৰক অসন্মান কৰা হয় আৰু তেওঁৰ প্ৰতি বিশ্বাস কম আছে বুলি দেখুৱা হয়। কিন্তু আপুনি বাইবেল পঢ়িলে দেখিবলৈ পাব যে ঈশ্বৰৰ প্ৰতি ভয় থকা আৰু বিশ্বাসী লোকসকলেও এনে ধৰণৰ প্ৰশ্ন কৰিছিল। উদাহৰণস্বৰূপে, হবক্কুক নামৰ ভৱিষ্যতবক্তাজনে যিহোৱাক এইদৰে সুধিছিল: “তুমি কিয় মোক অধৰ্ম্ম দেখুৱাইছা, আৰু দুষ্কৰ্ম্মলৈ চাই আছা?”—হবক্কুক ১:৩.

যিহোৱাই সকলো দুখ-কষ্ট নাইকিয়া কৰিব

হবক্কুকে এনে প্ৰশ্ন কৰাৰ বাবে যিহোৱা ঈশ্বৰে তেওঁক ধমকী দিছিল নেকি? কেতিয়াও নহয়। তাৰ পৰিৱৰ্তে ঈশ্বৰে হবক্কুকৰ এই বাক্যক বাইবেলত লিপিবদ্ধ কৰিলে। ইয়াৰ উপৰিও ঈশ্বৰে তেওঁক এই বিষয়ে স্পষ্টভাৱে বুজিবলৈ সহায় কৰে আৰু লগতে তেওঁৰ বিশ্বাস মজবুত কৰে। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰে আপোনাকো সহায় কৰিব বিচাৰে। বাইবেলে আমাক যিহোৱাৰ বিষয়ে এইদৰে কৈছে: “তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে।” (১ পিতৰ ৫:৭) গতিকে আমি মনত ৰখা উচিত যে দুষ্টতা আৰু তাৰ ফলত হোৱা দুখ-কষ্টক ঈশ্বৰে ঘৃণা কৰে। (যিচয়া ৫৫:৮, ৯) যদি ঈশ্বৰে এইবোৰ ঘৃণাই কৰে, তেনেহ’লে গোটেই পৃথিৱীজুৰি আজি ইমান দুখ-কষ্ট কিয়?

আজি ইমান দুখ-কষ্ট কিয়?

৫. মানৱ জাতিয়ে ভুগী থকা দুখ-কষ্টৰ বাবে কেতিয়াবা কি কাৰণ বৰ্ণনা কৰা হয়, কিন্তু ইয়াৰ বিষয়ে বাইবেলে প্ৰকৃততে কি শিকায়?

এই পৃথিৱীত হৈ থকা দুখ-কষ্টৰ কাৰণ জানিবলৈ আজি বিভিন্ন ধৰ্ম্মাৱলম্বী লোকে নিজ নিজ ধৰ্ম্মগুৰু বা পণ্ডিতৰ ওচৰলৈ যায়। মন কৰিবলগীয়া কথা যে ধৰ্ম্মগুৰুসকলে ইয়াৰ উত্তৰত প্ৰায়ে কয় যে এই সকলোবোৰ ঈশ্বৰৰ ইচ্ছা আৰু যাৰ কপালত যি লিখা আছে সেইটো হ’বই, তাক কোনেও বদলাব নোৱাৰে। ইয়াৰ উপৰিও আজি পৃথিৱীত হৈ থকা শোকাবহ ঘটনাবোৰৰ বাবেও তেওঁলোকে ঈশ্বৰক দায়ী কৰে। তেওঁলোকে ক’ব বিচাৰে যে ঈশ্বৰ ৰহস্যময় আৰু তেওঁৰ মায়া কোনেও বুজিব নোৱাৰে। তেওঁ সকলোলৈ মৃত্যু আনে আৰু কণ কণ ল’ৰা-ছোৱালীৰ মৃত্যুৰ পাছত, তেওঁলোকক স্বৰ্গলৈ লৈ যায়। কিন্তু আপুনি আগতে শিকিছিলে যে যিহোৱা ঈশ্বৰ এই বেয়া কামবোৰৰ বাবে কেতিয়াও দায়ী নহয়। ঈশ্বৰৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “ঈশ্বৰে যে কুকৰ্ম্ম কৰিব, আৰু সৰ্ব্বশক্তিমান জনাই যে অন্যায় কৰিব, এয়ে তেওঁৰ পৰা দূৰে থাকক।”—ইয়োব ৩৪:১০.

৬. এই পৃথিৱীত হৈ থকা দুখ-কষ্টৰ বাবে আজি বহুতোলোকে কিয় ঈশ্বৰক দায়ী কৰে?

পৃথিৱীত হৈ থকা সকলো দুখ-কষ্টৰ বাবে ঈশ্বৰক দায়ী কৰি মানুহে কিয় ভুল কৰে, আপুনি জানেনে? পৰাপক্ষত তেওঁলোকে ভাবে যে সৰ্ব্বশক্তিমান ঈশ্বৰ হৈছে, এই পৃথিৱীখনৰ প্ৰকৃত শাসক আৰু সেইবাবে তেওঁক দোষাৰোপ কৰে। বাইবেলৰ সত্যতাৰ বিষয়ে আজি পৃথিৱীৰ বেছিভাগ লোকে নাজানে। কিন্তু আপুনি এই কিতাপৰ তৃতীয় অধ্যায়ত শিকিছিল যে বৰ্তমান এই পৃথিৱীখনৰ শাসক হৈছে চয়তান।

৭, ৮. (ক) বৰ্তমান এই পৃথিৱীৰ লোকসকলে কেনেকৈ ইয়াৰ শাসকৰ ব্যক্তিত্বক প্ৰতিফলিত কৰিছে? (খ) মানুহৰ অসিদ্ধতা আৰু “অকস্মাৎ হোৱা আপদৰ” বাবে কেনেকৈ দুখ-কষ্ট আহে?

বাইবেলে আমাক স্পষ্টৰূপে বৰ্ণনা কৰিছে: “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) বাইবেলৰ এই কথাষাৰ আপোনাক সত্য বুলি নালাগেনে? আজি পৃথিৱীৰ লোকসকলে সেই অদৃশ্য আত্মিক প্ৰাণী অৰ্থাৎ চয়তানৰ ব্যক্তিত্বক প্ৰতিফলিত কৰিছে, যিয়ে “গোটেই জগতৰ ভ্ৰান্তি জন্মায়।” (প্ৰকাশিত বাক্য ১২:৯) এই আত্মিক প্ৰাণী চয়তান হৈছে, বৰ ছলাহী তথা নিষ্ঠুৰ আৰু তাৰ মন-প্ৰাণ ঘৃণাৰে পূৰ হৈ আছে। গতিকে, চয়তানৰ অধীনত থকা এই পৃথিৱীত আজি ঘৃণা, ছলাহী আৰু নিষ্ঠুৰতা দেখিবলৈ পোৱা যায় আৰু এয়া হৈছে আজি পৃথিৱীত হৈ থকা দুখ-কষ্টৰ প্ৰথম কাৰণ।

আজি পৃথিৱীত হৈ থকা দুখ-কষ্টৰ দ্বিতীয় কাৰণ হৈছে, এদন বাগিচাত বিদ্ৰোহ কৰাৰ পাছৰেপৰা গোটেই মানৱ জাতি পাপী আৰু অসিদ্ধ হৈ পৰিল আৰু ইয়াৰ বিষয়ে আমি তৃতীয় অধ্যায়ত আলোচনা কৰিছিলোঁ। অসিদ্ধ মানুহে সদায় এজনে-আনজনৰ ওপৰত প্ৰভুত্ব কৰিব বিচাৰে আৰু তাৰ পৰিণামস্বৰূপে যুদ্ধ, অত্যাচাৰ আৰু দুখ-কষ্ট হোৱা দেখা যায়। (উপদেশক ৪:১; ৮:৯) বাইবেলত বৰ্ণনা কৰা অনুসৰি, ‘অকস্মাৎ হোৱা আপদেই’ হৈছে দুখ-কষ্টৰ তৃতীয় কাৰণ। (উপদেশক ৯:১২ পঢ়ক।) বৰ্তমান যিহোৱা ঈশ্বৰ এই পৃথিৱীৰ শাসক নোহোৱাৰ বাবে, অকস্মাতে আমাৰ জীৱনত কেতিয়া কি ঘটিব, আমি কোনেও ক’ব নোৱাৰোঁ।

৯. আমি কিয় নিশ্চিত হ’ব পাৰোঁ যে ঈশ্বৰে দুখ-কষ্টৰ অনুমতি দিয়াৰ কিবা কাৰণ থাকিব পাৰে?

আজি পৃথিৱীত হৈ থকা দুখ-কষ্টৰ বাবে যে ঈশ্বৰ দায়ী নহয়, এই কথা জানি আমি সঁচাকৈ শান্তনা লাভ কৰোঁ, নহয়নে বাৰু! পৃথিৱীত হৈ থকা যুদ্ধ, অত্যাচাৰ, অপৰাধ আৰু প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা দুখ-কষ্টৰ বাবে ঈশ্বৰ কেতিয়াও দায়ী নহয়। গতিকে আমাৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে ঈশ্বৰে কিয় এই সকলো দুখ-কষ্টৰ অনুমতি দিছে? যদি তেওঁ সৰ্ব্বশক্তিমান ঈশ্বৰ হয়, তেনেহ’লে নিশ্চয় তেওঁ এইবোৰৰ অন্ত কৰিবলৈ সামৰ্থ ৰাখে। যদি এনে কৰিবলৈ যিহোৱা ঈশ্বৰৰ সামৰ্থ আছে, তেনেহ’লে তেওঁ কিয় নিজৰ শক্তি প্ৰয়োগ কৰি এইবোৰৰ অন্ত কৰা নাই? আমি যিহোৱা ঈশ্বৰৰ বিষয়ে শিকিলোঁ যে তেওঁ এজন প্ৰেমময় ঈশ্বৰ, গতিকে তেওঁ এনে নকৰাৰ নিশ্চয় কিবা কাৰণ থাকিব পাৰে।—১ যোহন ৪:৮.

এক গুৰুত্বপূৰ্ণ বিষয় উত্থাপন হ’ল

১০. চয়তানে কিহৰ বিষয়ে প্ৰশ্ন কৰিলে আৰু কেনেকৈ?

১০ ঈশ্বৰে কিয় দুখ-কষ্টৰ অনুমতি দিছে, এই বিষয়ে জানিবলৈ হ’লে আমি ইয়াৰ আৰম্ভণি জনাৰ প্ৰয়োজন। যেতিয়া চয়তানে আদম আৰু হৱাক ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য্য কৰিবলৈ উচটনি দিছিল, তেতিয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উদ্ভৱ হৈছিল। মন কৰিবলগীয়া বিষয় যে চয়তানে যিহোৱাৰ শক্তিৰ ওপৰত প্ৰশ্ন তোলা নাছিল। কিয়নো চয়তানে নিজেও জানে যে যিহোৱাৰ শক্তি অসীম আৰু সি কেতিয়াও তেওঁৰ বিৰুদ্ধে থিয় দিব নোৱাৰে। তাৰ পৰিৱৰ্তে মানৱ জাতিৰ ওপৰত যিহোৱাৰ শাসন কৰাৰ যি অধিকাৰ আছে, তাৰ ওপৰত চয়তানে প্ৰশ্ন কৰিলে। ঈশ্বৰক মিছলীয়া বুলি দোষাৰোপ কৰি চয়তানে ক’ব বিচাৰিছে যে ঈশ্বৰে তেওঁৰ অধীনত থকা লোকসকলৰ হিতৰ বাবে একো কৰা নাই। গতিকে ঈশ্বৰ এজন ভাল শাসক নহয়। (আদিপুস্তক ৩:২-৫ পঢ়ক।) চয়তানে ইয়াকো প্ৰমাণ কৰিব বিচাৰিলে যে ঈশ্বৰৰ অধীনত নথকাকৈ গোটেই মানৱ সমাজে সুখ আৰু আনন্দত থাকিব পাৰিব। এইদৰে, মানৱ জাতিৰ ওপৰত শাসন কৰাৰ যিহোৱাৰ সাৰ্ব্বভৌমত্বৰ ওপৰত চয়তানে আক্ৰমণ কৰিলে।

১১. যিহোৱা ঈশ্বৰে বিদ্ৰোহীসকলক এদন বাগিচাতে কিয় ধ্বংস নকৰিলে?

১১ আদম আৰু হৱাই চয়তানৰ কথাত ভুল গৈ যিহোৱা ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰিলে। এনে কৰাৰ দ্বাৰা তেওঁলোকে যেন কৈছিল, ‘আমাক যিহোৱাৰ শাসনৰ কোনো প্ৰয়োজন নাই। আমি আমাৰ ভাল-বেয়াৰ নিৰ্ণয় নিজেই কৰিব পাৰোঁ।’ এতিয়া প্ৰশ্ন হয় যে যিহোৱা ঈশ্বৰে এই বিষয়টো কেনেকৈ সমাধান কৰিব? যিহোৱা ঈশ্বৰে তেওঁৰ সকলো বুদ্ধিমান সৃষ্টিক কেনেকৈ শিক্ষা দিব যে এই বিদ্ৰোহীসকলৰ দাবী সম্পূৰ্ণৰূপে মিছা আৰু তেওঁৰ শাসনেই মানৱ জাতিৰ বাবে উত্তম? কিছুমানে হয়তো ক’ব পাৰে যে যিহোৱা ঈশ্বৰে এই বিদ্ৰোহীসকলক তেতিয়াই ধ্বংস কৰি এক নতুন সৃষ্টি কৰা হ’লে ভাল আছিল। নিঃসন্দেহ, এনে কৰা হ’লে নিশ্চয় ভাল হ’লহেঁতেন। কিন্তু যিহোৱা ঈশ্বৰে আগতেই তেওঁৰ উদ্দেশ্যৰ বিষয়ে বৰ্ণনা কৰিছিল যে আদম আৰু হৱাৰ পৰিয়ালৰ লোকসকলে এই পৃথিৱীখন পূৰ কৰিব আৰু তেওঁলোকে বাগিচাৰূপী সুন্দৰ পৃথিৱীত জীৱনৰ আনন্দ ল’ব। (আদিপুস্তক ১:২৮) আমি মনত ৰখা উচিত যে যিহোৱাই সদায় তেওঁৰ উদ্দেশ্যক পূৰ কৰে। (যিচয়া ৫৫:১০, ১১) ইয়াৰ উপৰিও, বিদ্ৰোহীসকলক যদি তেতিয়াই ধ্বংস কৰি দিয়া হ’লে, যিহোৱাৰ শাসন কৰাৰ অধিকাৰৰ ওপৰত যি প্ৰশ্ন তোলা হৈছিল, সেয়া আধৰুৱা হৈ ৰ’ব।

১২, ১৩. বৰ্ণনা কৰক যে কিয় যিহোৱা ঈশ্বৰে চয়তানক এই পৃথিৱীৰ শাসক হ’বলৈ অনুমতি দিছে, আৰু কিয় মানৱক এজনে-আনজনৰ ওপৰত শাসন কৰিবলৈ অধিকাৰ দিলে?

১২ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। কল্পনা কৰক যে এজন শিক্ষকে শ্ৰেণীৰ ছাত্ৰসকলক গণিত-শাস্ত্ৰৰ এটা জটিল বিষয় কেনেকৈ সমাধান কৰিব লাগে তাৰ বিষয়ে বৰ্ণনা কৰিছে। হঠাতে, নিজকে খুব চতুৰ বুলি ভবা এজন ছাত্ৰই শিক্ষকৰ ওপৰত অভিযোগ কৰি কৈছে যে তেওঁ শিকোৱা ধৰণটো ঠিক হোৱা নাই। এই ছাত্ৰই আৰু ক’ব বিচাৰে যে শিক্ষকে এই বিষয়ে শিকোৱাৰ কোনো যোগ্যতাই নাই। এই ছাত্ৰই ফিতাহি মাৰি কৈছে যে শিক্ষকতকৈ তেওঁ ভালদৰে এই বিষয়টো সমাধান কৰিব পাৰে। তাৰ কথা শুনি কিছুমান ছাত্ৰই ভাবিবলৈ আৰম্ভ কৰে যে সি ঠিকেই কৈছে আৰু তেওঁলোকে এই ছাত্ৰৰ ফলীয়া হৈ পৰে। এনে অৱস্থাত শিক্ষকজনে কি কৰিব? যদি তেওঁ ফিতাহি মৰা এই ছাত্ৰজনক শ্ৰেণীৰপৰা লগে লগে বাহিৰ কৰি দিয়ে, তেনেহ’লে আন ছাত্ৰসকলৰ ওপৰত ইয়াৰ কি প্ৰভাৱ পৰিব? লগৰীয়া ছাত্ৰজন আৰু তাক অনুকৰণ কৰা সকলে ঠিকেই আছিল বুলি তেওঁলোকে নাভাবিবনে? ছাত্ৰসকলে ভাবিব পাৰে যে শিক্ষকজনে তেওঁ শিকোৱা ধৰণটো ভুল হৈছে বুলি ভয় খাইছে আৰু ইয়াৰ বাবে শ্ৰেণীত থকা আন ছাত্ৰবিলাকে শিক্ষকজনক সন্মান নকৰিবও পাৰে। তাৰ পৰিৱৰ্তে শিক্ষকজনে সেই ল’ৰাজনক গণিত-শাস্ত্ৰৰ এই জটিল বিষয়টো সমাধান কৰিবলৈ দিলে।

ছাত্ৰজন শিক্ষকতকৈ পাৰ্গতনে?

১৩ এই উদাহৰণত বৰ্ণনা কৰা শিক্ষকৰ দৰে যিহোৱা ঈশ্বৰেও ঠিক সেইদৰে কৰিলে। আমাৰ নিশ্চয় মনত আছে যে এদন বাগিচাত বিদ্ৰোহ কৰাৰ সময়ত কেৱল আদম, হৱা আৰু চয়তান আছিল এনে নহয়, কিন্তু এই ঘটনাক কোটি কোটি স্বৰ্গদূতে লক্ষ্য কৰিছিল। (ইয়োব ৩৮:৬; প্ৰকাশিত বাক্য ৫:১১) প্ৰকৃততে, যিহোৱা ঈশ্বৰে যি ধৰণে এই সমস্যাৰ সমাধান কৰিব, ইয়াৰ প্ৰভাৱ সকলো স্বৰ্গদূত আৰু তেওঁৰ সৃষ্টিৰ ওপৰত পৰিব। এনে পৰিস্থিতিত যিহোৱা ঈশ্বৰে কি কৰিলে? ঈশ্বৰে চয়তানক তাৰ অভিযোগ প্ৰমাণ কৰিবলৈ সুযোগ দিলে আৰু গোটেই মানৱ জাতিৰ ওপৰত শাসন কৰিবলৈ তাক অধিকাৰ দিলে। কেৱল এয়াই নহয়, মানৱক চয়তানৰ অধীনত এজনে-আনজনৰ ওপৰত শাসন কৰিবলৈ যিহোৱাই অধিকাৰ দিলে।

১৪. যিহোৱা ঈশ্বৰে মানৱ জাতিক এজনে-আনজনৰ ওপৰত শাসন কৰিবলৈ অনুমতি দিয়াৰ ফলত কি লাভ হ’ব?

১৪ এই উদাহৰণত উল্লেখ কৰা শিক্ষকজনে জানিছিল যে বিদ্ৰোহী ছাত্ৰজন আৰু তাৰ লগৰীয়াবোৰৰ দাবী প্ৰকৃততে সত্য নহয়। কিন্তু শিক্ষকজনে ইয়াকো জানিছিল যে যদি তেওঁ এই ছাত্ৰজনক তাৰ অভিযোগ প্ৰমাণ কৰিবলৈ সুযোগ দিয়ে, তেনেহ’লে শ্ৰেণীত থকা অন্য ছাত্ৰসকলৰ বাবে লাভ হ’ব। যেতিয়া বিদ্ৰোহীজনে তাৰ দাবী প্ৰমাণ কৰিব নোৱাৰিব, তেতিয়া শ্ৰেণীত থকা বাকী নিষ্ঠাৱান ছাত্ৰসকলে বুজিব পাৰিব যে মাত্ৰ শিক্ষকজনেই হৈছে শ্ৰেণীত শিক্ষা দিয়াৰ উপযুক্ত ব্যক্তি। ইয়াৰ পাছত শিক্ষকে যদিও এই বিদ্ৰোহী ছাত্ৰসকলক শ্ৰেণীৰপৰা বাহিৰ কৰি দিয়ে, ইয়াৰ কাৰণ বুজিবলৈ অন্য ছাত্ৰসকলৰ কোনো অসুবিধা নহ’ব। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰে জানে যে যেতিয়া চয়তান আৰু তাৰ ভূতবোৰে তেওঁলোকৰ অভিযোগ প্ৰমাণ কৰিব নোৱাৰিব, তেতিয়া স্বৰ্গদূত আৰু নিষ্ঠাৱান লোকসকলে ইয়াৰপৰা লাভৱান হ’ব। তেওঁলোকে ইয়াকো দেখিব যে মানুহে এজনে-আনজনৰ ওপৰত শাসন কৰি কেতিয়াও সফল হ’ব নোৱাৰে। যিৰিমিয়া নামৰ ভাববাদীয়ে এইদৰে কৈছিল: “হে যিহোৱা, মই জানো যে, মানুহৰ গতি নিজ অধিকাৰত নাথাকে; নিজ খোজ স্থিৰ কৰিবলৈ খোজ চলাওঁতা জনৰ শক্তি নাই।”—যিৰিমিয়া ১০:২৩.

ইমান পলম কিয়?

১৫, ১৬. (ক) যিহোৱা ঈশ্বৰে কিয় বৰ্তমানলৈকে দুখ-কষ্টবোৰ হৈ থাকিবলৈ অনুমতি দিছে? (খ) আজি পৃথিৱীত হৈ থকা ভয়ানক অপৰাধবোৰ হ’বলৈ ঈশ্বৰে কিয় বাধা দিয়া নাই?

১৫ যিহোৱা ঈশ্বৰে কিয় বৰ্তমানলৈকে দুখ-কষ্টবোৰ হৈ থাকিবলৈ অনুমতি দিছে? তেওঁ কিয় বেয়া কামবোৰ হোৱাৰপৰা বাধা দিয়া নাই? ওপৰত উল্লেখ কৰা শিক্ষকজনৰ উদাহৰণলৈ আকৌ এবাৰ লক্ষ্য কৰক। এই শিক্ষকজনে দুটা কাম কেতিয়াও নকৰিব। প্ৰথমতে, তেওঁ কেতিয়াও বিদ্ৰোহী ছাত্ৰজনক তাৰ অভিযোগ প্ৰমাণ কৰিবলৈ বাধা নিদিব। দ্বিতীয়তে, শিক্ষকজনে বিদ্ৰোহীক তাৰ অভিযোগ প্ৰমাণ কৰিবলৈ কেতিয়াও সহায় নকৰিব। ঠিক সেইদৰে, যিহোৱা ঈশ্বৰেও দুটা কাম নকৰিবলৈ দৃঢ়প্ৰতিজ্ঞ। তাৰে প্ৰথমটো হৈছে, চয়তান আৰু তাক অনুকৰণ কৰা সকলে তেওঁলোকৰ সত্যতা প্ৰমাণ কৰিবলৈ যি চেষ্টা কৰিছে, যিহোৱা ঈশ্বৰে তাক কেতিয়াও বাধা নিদিয়ে। ইয়াৰ বাবে তেওঁলোকক সময় দিয়াৰ প্ৰয়োজন আছে। হাজাৰ বছৰৰ মানৱ ইতিহাসত দেখা গৈছে যে মানুহে এজনে-আনজনৰ ওপৰত শাসন কৰিবলৈ বিভিন্ন চৰকাৰৰ যোগেদি চেষ্টা কৰিছে। এইটো সঁচা যে মানৱ জাতিয়ে আজি বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আদি অন্যান্য ক্ষেত্ৰত উন্নতি কৰিছে। কিন্তু আনহাতে, দৰিদ্ৰতা, অন্যায়, অপৰাধ আৰু যুদ্ধ আদি বেছিকৈ হ’বলৈ ধৰিছে। গতিকে ইয়াৰপৰা ক’ব পাৰি যে মানৱ শাসনৰ পৰিণাম হৈছে, সম্পূৰ্ণ বিফলতা।

১৬ দ্বিতীয়তে, চয়তানক এই পৃথিৱীখনত শাসন কৰিবলৈ যিহোৱাই সহায় কৰা নাই। যদি ঈশ্বৰে এই পৃথিৱীত হৈ থকা ভয়ানক অপৰাধবোৰ হ’বলৈ বাধা দিয়ে, তেনেহ’লে তেওঁ বিদ্ৰোহীসকলক তেওঁলোকৰ সত্যতা প্ৰমাণ কৰিবলৈ সহায় কৰিছে বুলি নালাগিবনে? তেতিয়া হ’লে ঈশ্বৰে সকলো মানুহক চিন্তা কৰিবলৈ বাধ্য নকৰিবনে, যে মানৱে কোনো ভয়ানক ঘটনা নোহোৱাকৈ নিজকে নিজে শাসন কৰিব পাৰে? যদি যিহোৱা ঈশ্বৰে এনে কৰিবলৈ আৰম্ভ কৰে, তেন্তে তেওঁ মিছলীয়াসকলৰ ভাগী হৈ পৰিব। কিন্তু আমি জানো যে “ঈশ্বৰে মিছা কোৱা অসাধ্য।”—ইব্ৰী ৬:১৮.

১৭, ১৮. চয়তানৰ প্ৰভাৱ আৰু মানৱ শাসনৰ পৰিণামস্বৰূপে বৰ্তমান হৈ থকা দুখ-কষ্টবোৰক ঈশ্বৰে কি কৰিব?

১৭ চয়তানে ঈশ্বৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰাৰ সময়ৰপৰা আজিলৈকে যি হানি হ’ল, তাৰ বিষয়েনো কি? আমি মনত ৰখা উচিত যে যিহোৱা ঈশ্বৰ হৈছে সৰ্ব্বশক্তিমান। চয়তানৰ বিদ্ৰোহৰ পৰিণামস্বৰূপে মানৱ জাতিৰ ওপৰত যি দুখ-কষ্ট হৈছে, তাক সম্পূৰ্ণৰূপে সমাপ্ত কৰাৰ তেওঁৰ সামৰ্থ আছে। আমি আগতে শিকিছিলোঁ যে বৰ্তমান পৃথিৱীৰ বেয়া পৰিস্থিতিবোৰ সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব আৰু তাৰ ঠাইত এই পৃথিৱীখনক প্ৰমোদবনলৈ পৰিণত কৰা হ’ব। পাপৰ বাবে আমাৰ শৰীৰত যি বেয়া প্ৰভাৱ পৰিছে, তাক যীচু খ্ৰীষ্টৰ বলিদানৰ ওপৰত বিশ্বাস কৰাৰ যোগেদি নাইকিয়া কৰা হ’ব আৰু মৃত লোকসকলক পুনৰুত্থান কৰা হ’ব। ‘চয়তানৰ কৰ্ম্ম লুপ্ত কৰিবৰ কাৰণে’ ঈশ্বৰে যীচু খ্ৰীষ্টক ব্যৱহাৰ কৰিব। (১ যোহন ৩:৮) এই সকলোবোৰ যিহোৱা ঈশ্বৰে এক নিৰ্দ্দিষ্ট সময়ত কৰিব। খন্তেক চিন্তা কৰকচোন। দুষ্ট লোকসকলৰ ওপৰত বিনাশ আনিবলৈ দেৰি কৰাৰ বাবে আমি যিহোৱাৰ প্ৰতি কৃতজ্ঞ নহওঁনে? নিশ্চয়, কিয়নো ঈশ্বৰে পলম কৰাৰ বাবে আজি আমি তেওঁৰ বিষয়ে সত্য শিকিবলৈ আৰু তেওঁক সেৱা কৰিবলৈ সুযোগ পাইছোঁ। (২ পিতৰ ৩:৯, ১০ পঢ়ক।) এই সময়ছোৱাত ঈশ্বৰে তেওঁক আন্তৰিকতাৰে সেৱা কৰিব বিচৰা লোকসকলক বিচাৰিছে। ঈশ্বৰক সেৱা কৰাৰ বাবে দুখ-কষ্ট পোৱা লোকসকলক তেওঁ সহায় আগবঢ়াইছে।—যোহন ৪:২৩; ১ কৰিন্থীয়া ১০:১৩.

১৮ কিছুমান লোকে হয়তো চিন্তা কৰিব পাৰে যে ‘আদম আৰু হৱাই যাতে বিদ্ৰোহ কৰিব নোৱাৰে, তেনেকৈ কিয় ঈশ্বৰে সৃষ্টি নকৰিলে? যদি ঈশ্বৰে এনে কৰিলেহেঁতেন, তেন্তে নিশ্চয় বৰ্তমানত হৈ থকা দুখ-কষ্টবোৰ কেতিয়াও নহ’লহেঁতেন।’ ইয়াৰ উত্তৰ পাবলৈ হ’লে আহক আমি এনে এক উপহাৰৰ বিষয়ে আলোচনা কৰোঁ, যি উপহাৰ যিহোৱা ঈশ্বৰে আপোনাকো দিছে।

ঈশ্বৰে দিয়া উপহাৰক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব?

ঈশ্বৰে আপোনাক দুখ-কষ্ট সহন কৰিবলৈ সহায় কৰিব

১৯. ঈশ্বৰে আমাক কি মূল্যৱান উপহাৰ দিছে, আৰু ইয়াৰ বাবে আমি কিয় মূল্যাংকন দেখুৱা উচিত?

১৯ আমি পঞ্চম অধ্যায়ত শিকিছিলোঁ যে মানুহক সৃষ্টি কৰাৰ সময়ত ঈশ্বৰে তেওঁলোকক স্বতন্ত্ৰ ইচ্ছাৰ অধিকাৰ দিছিল। এই উপহাৰ কিমান মূল্যৱান হয়, তাৰ বিষয়ে আপুনি অনুমান কৰিব পাৰেনে? ঈশ্বৰে বহুতো জীৱ-জন্তুৰ সৃষ্টি কৰিছে, কিন্তু মন কৰিবলগীয়া কথা যে জীৱ-জন্তুৱে ভাল-বেয়াৰ বিচাৰ কৰিব নোৱাৰে। আজি আমি দেখিবলৈ পাওঁ যে মানুহে কিছুমান ৰবট আৱিষ্কাৰ কৰিছে আৰু এইবোৰক কিছুমান ছুইচৰ দ্বাৰা নিয়ন্ত্ৰণ কৰিব পাৰে। এতিয়া খন্তেক চিন্তা কৰকচোন। যদি ঈশ্বৰে আমাক এটা ৰবটৰ দৰে সৃষ্টি কৰা হ’লে, কেনে হ’লহেঁতেন? আমি আনন্দিত হ’লোহেঁতেননে? কেতিয়াও আনন্দিত নহ’ম। আমি কিমান আনন্দিত যে ঈশ্বৰে আমাক এটা ৰবটৰ দৰে সৃষ্টি নকৰি, নিজৰ নিৰ্ণয় নিজে ল’বলৈ স্বতন্ত্ৰ ইচ্ছা দিছে। এই স্বতন্ত্ৰতাই আমাক বহুতো বিষয়ত নিৰ্ণয় ল’বলৈ সহায় কৰে। যেনে, আমি কেনেধৰণৰ ব্যক্তি হ’ম, কাৰ লগত বন্ধুত্ব কৰিম আৰু কেনেধৰণৰ জীৱন অতিবাহিত কৰিম আদি। আমি যাতে জীৱনৰ আনন্দ ল’ব পাৰোঁ, সেইবাবে সকলোৱে কিছু পৰিমাণে স্বতন্ত্ৰতা বিচাৰোঁ আৰু মন কৰিবলগীয়া কথা যে ঈশ্বৰেও এনে হোৱাটো বিচাৰে।

২০, ২১. ঈশ্বৰে দিয়া স্বতন্ত্ৰ ইচ্ছাক আমি কেনেকৈ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰিম, আৰু আমি কিয় এনে কৰা উচিত?

২০ আমি বাধ্য হৈ যিহোৱা ঈশ্বৰক সেৱা কৰাটো তেওঁ কেতিয়াও নিবিচাৰে। (২ কৰিন্থীয়া ৯:৭) এই উদাহৰণলৈ লক্ষ্য কৰক। সাধাৰণতে মাক-দেউতাকে কেতিয়া আনন্দিত হয়—নিজৰ ল’ৰা-ছোৱালীয়ে মাক-দেউতাকৰ প্ৰতি থকা মৰম-স্নেহ আৰু কৰ্তব্য বুলি তেওঁলোকক চোৱা-চিতা কৰাৰ বাবে, নে বাধ্য হৈ কৰাৰ বাবে? এতিয়া আপোনাৰ বাবে প্ৰশ্ন হ’ব পাৰে যে ঈশ্বৰে দিয়া এই স্বতন্ত্ৰতাক আপুনি কেনেকৈ ব্যৱহাৰ কৰিব? চয়তান, আদম আৰু হৱাই ঈশ্বৰে দিয়া এই উপহাৰ অৰ্থাৎ তেওঁলোকৰ স্বতন্ত্ৰ ইচ্ছাক ভালদৰে ব্যৱহাৰ কৰিব নোৱাৰিলে। তেওঁলোকে যিহোৱা ঈশ্বৰক ত্যাগ কৰিবলৈ নিৰ্ণয় লৈছিল। আপুনি কি কৰিব?

২১ এই স্বতন্ত্ৰ ইচ্ছাক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ আপোনাৰ এক ভাল সুযোগ আছে। যিহোৱাৰ পক্ষে থিয় দিয়া লাখ লাখ লোকৰ লগত আপুনি মিলিত হ’ব পাৰে। এই লোকসকলে যিহোৱা ঈশ্বৰৰ মনক আনন্দিত কৰিছে। তেওঁলোকে চয়তান যে মিছলীয়া আৰু তাৰ শাসন যে সফল হ’ব পৰা নাই, ইয়াৰ প্ৰমাণ কৰাৰ কামত ভাগ লৈছে। (হিতোপদেশ ২৭:১১) আপুনিও জীৱনৰ এক সঠিক পথ নিৰ্ব্বাচন কৰাৰ যোগেদি ঈশ্বৰৰ মনক আনন্দিত কৰিব পাৰে। ইয়াৰ বিষয়ে পৰৱৰ্তী অধ্যায়ত আলোচনা কৰা হ’ব।