Skip to content

Skip to table of contents

সোতৰ অধ্যায়

প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক

প্ৰাৰ্থনাৰ যোগেদি ঈশ্বৰৰ কাষ চাপক
  • আমি কিয় ঈশ্বৰক প্ৰাৰ্থনা কৰা উচিত?

  • ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিবলৈ আমি কি কৰা উচিত?

  • ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে?

‘স্বৰ্গ আৰু পৃথিবীৰ স্ৰজনকৰ্ত্তাই’ আমাৰ প্ৰাৰ্থনা শুনিবলৈ ব্যাকুল হৈ আছে

১, ২. (ক) ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাটো আমাৰ বাবে কিয় এক মহান অধিকাৰ? (খ) বাইবেলে প্ৰাৰ্থনাৰ বিষয়ে কি শিক্ষা দিছে, তাক আমি জনাৰ কিয় প্ৰয়োজন?

গোটেই বিশ্বব্ৰহ্মাণ্ডৰ তুলনাত আমাৰ পৃথিৱীখন নিচেই নগণ্য। ঠিক সেইদৰে, “স্বৰ্গ আৰু পৃথিবীৰ স্ৰজনকৰ্ত্তা” যিহোৱাৰ তুলনাত গোটেই মানৱ জাতি বাল্টিত থকা এটোপাল পানীৰ দৰে। (গীতমালা ১১৫:১৫; যিচয়া ৪০:১৫) কিন্তু এই গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তাৰ বিষয়ে বাইবেলে আমাক এইদৰে বৰ্ণনা কৰিছে: “যিবিলাকে যিহোৱাৰ আগত প্ৰাৰ্থনা কৰে, যিবিলাকে সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা কৰে, যিহোৱা সেই সকলোৰে ওচৰ। তেওঁ তেওঁলৈ ভয় ৰাখোঁতাবিলাকৰ বাঞ্ছা পূৰ্ণ কৰিব, আৰু সিবিলাকৰ কাতৰোক্তি শুনি সিবিলাকক ত্ৰাণ কৰিব।” (গীতমালা ১৪৫:১৮, ১৯) ইয়াৰ অৰ্থ কি বাৰু? ইয়াৰ অৰ্থ হৈছে, সৰ্ব্বশক্তিমান ঈশ্বৰ আমাৰ কাষত আছে আৰু যদি আমি “সত্যেৰে তেওঁৰ আগত প্ৰাৰ্থনা” কৰোঁ, তেনেহ’লে তেওঁ আমাৰ প্ৰাৰ্থনা শুনিব। গোটেই জগতৰ সৃষ্টিকৰ্ত্তা, সৰ্ব্বশক্তিমান ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ কি যে এক মহান সুযোগ, নহয়নে বাৰু!

যদি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে তেওঁ বিচৰা অনুসৰি আমি প্ৰাৰ্থনা কৰিব লাগিব। প্ৰাৰ্থনাৰ বিষয়ে বাইবেলে আমাক কি শিক্ষা দিছে, তাক নজনাকৈ আমি কেনেকৈ প্ৰাৰ্থনা কৰিব পাৰিম? প্ৰাৰ্থনাৰ বিষয়ে পবিত্ৰ শাস্ত্ৰই কি বৰ্ণনা কৰিছে তাক জনাৰ অতি প্ৰয়োজন, কিয়নো প্ৰাৰ্থনাৰ যোগেদি আমি ঈশ্বৰৰ কাষ চাপিব পাৰিম।

যিহোৱালৈ কিয় প্ৰাৰ্থনা কৰা উচিত?

৩. যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ মুখ্য কাৰণ কি?

যিহোৱাক প্ৰাৰ্থনা কৰাৰ মুখ্য কাৰণ হৈছে যে তেওঁ আমাক এনে কৰিবলৈ উৎসাহিত কৰিছে। তেওঁৰ বাক্য বাইবেলে এইদৰে কৈছে: “তোমালোকে একোলৈ চিন্তা নকৰিবা; কিন্তু সকলো বিষয়তে তোমালোকৰ যাচ্‌না, ধন্যবাদযুক্ত প্ৰাৰ্থনা আৰু নিবেদনেৰে ঈশ্বৰৰ আগত জনোৱা হওক। তাতে সকলো বুদ্ধিতকৈ উত্তম যি ঈশ্বৰৰ শান্তি, সেয়ে যীচু খ্ৰীষ্টত তোমালোকৰ হৃদয় আৰু মতিক পহৰা দিব।” (ফিলিপীয়া ৪:৬, ৭) গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শাসনকৰ্ত্তাই আমাৰ বাবে কৰা প্ৰেমৰ এই ব্যৱস্থাক, নিশ্চয় আমি কেতিয়াও আওকাণ নকৰিম।

৪. প্ৰাৰ্থনাৰ যোগেদি যিহোৱা ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক কেনেকৈ মজবুত হ’ব?

নিয়মীয়াকৈ প্ৰাৰ্থনা কৰাৰ যোগেদি যিহোৱাৰ লগত আমাৰ সম্পৰ্ক মজবুত হৈ পৰিব আৰু এয়া হৈছে ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ দ্বিতীয় কাৰণ। প্ৰকৃত বন্ধুৱে কেৱল প্ৰয়োজনীয়তাৰ সময়ত যোগাযোগ কৰে এনে নহয়। ইয়াৰ পৰিৱৰ্তে, প্ৰকৃত বন্ধুৱে এজনে-আনজনৰ প্ৰয়োজনীয়তাৰ প্ৰতি ধ্যান দিয়ে। তেওঁলোকে নিজৰ ভাবনা, চিন্তাধাৰা আৰু অনুভূতি আদি এজনে-আনজনৰ আগত প্ৰকাশ কৰে আৰু এইদৰে তেওঁলোকৰ সম্পৰ্ক মজবুত হৈ পৰে। যিহোৱাৰ লগত আমাৰ সম্পৰ্কৰ বিষয়েও কিছু ক্ষেত্ৰত এইদৰে ক’ব পাৰি। এই কিতাপখনৰ সহায়ত আপুনি যিহোৱা ঈশ্বৰৰ ব্যক্তিত্ব আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকিছে। ইয়াৰ উপৰিও আপুনি তেওঁৰ লগত এক মধুৰ সম্পৰ্ক গঢ়ি তুলিব পাৰে। প্ৰাৰ্থনা হৈছে এনে এটা মাধ্যম, যাৰ যোগেদি আপুনি ঈশ্বৰক আপোনাৰ ভাবনা আৰু মনৰ কথা ব্যক্ত কৰিব পাৰে। এনে কৰাৰ যোগেদি আপুনি যিহোৱা ঈশ্বৰৰ কাষ চাপিব পাৰিব।—যাকোব ৪:৮.

ঈশ্বৰক আমি কেনেকৈ প্ৰাৰ্থনা কৰা উচিত?

৫. কিহে দেখুৱায় যে যিহোৱা ঈশ্বৰে সকলো প্ৰাৰ্থনা নুশুনে?

যিহোৱা ঈশ্বৰে সকলোৰে প্ৰাৰ্থনা শুনেনে? অনুগ্ৰহ কৰি যিচয়া ভৱিষ্যতবক্তাৰ সময়ত বিদ্ৰোহী ইস্ৰায়েলীসকলক যিহোৱাই কি কৈছিল তালৈ লক্ষ্য কৰক। তেওঁ কৈছিল, “তোমালোকে বিস্তৰ প্ৰাৰ্থনা কৰিলেও মই নুশুনিম; তোমালোকৰ হাত তেজেৰে পূৰ হৈছে।” (যিচয়া ১:১৫) গতিকে আমি ক’ব পাৰোঁ যে আমাৰ কিছুমান আচৰণ বা কাৰ্য্যৰ বাবে ঈশ্বৰে আমাৰ প্ৰাৰ্থনা নুশুনিব। যদি আমি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে আমি কিছুমান প্ৰয়োজনীয়তা পূৰ কৰিব লাগিব।

৬. যদি আমি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে আমাক কি মুখ্য প্ৰয়োজনীয়তা পূৰ কৰিব লাগিব আৰু ইয়াক আমি কেনেকৈ কৰিব পাৰোঁ?

যদি আমি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে আমাক প্ৰথমে ঈশ্বৰৰ ওপৰত বিশ্বাস থকাৰ প্ৰয়োজন। (মাৰ্ক ১১:২৪ পঢ়ক।) পাঁচনি পৌলে বিশ্বাসৰ বিষয়ে এইদৰে কৈছিল: “বিনা বিশ্বাসেৰে ঈশ্বৰক সন্তুষ্ট কৰা অসাধ্য; কিয়নো, ঈশ্বৰ যে আছে, আৰু তেওঁ যে তেওঁক বিচৰা লোকৰ পুৰস্কাৰ দিওঁতা হয়, ইয়াকে তেওঁৰ ওচৰলৈ চপা মানুহে বিশ্বাস কৰিব লাগে।” (ইব্ৰী ১১:৬) ঈশ্বৰ আছে, তেওঁ আমাৰ প্ৰাৰ্থনা শুনে আৰু উত্তৰ দিয়ে বুলি বিশ্বাস কৰাই যথেষ্ট নহয়। কিন্তু কাৰ্য্যৰ দ্বাৰাহে আমি আমাৰ বিশ্বাসৰ প্ৰমাণ দিব পাৰিম। আমাৰ কাম আৰু আচৰণৰ দ্বাৰা, ঈশ্বৰৰ প্ৰতি আমাৰ কিমান বিশ্বাস আছে তাৰ প্ৰমাণ দিব পাৰোঁ।—যাকোব ২:২৬.

৭. (ক) যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ সময়ত আমি তেওঁলৈ কিয় সন্মান দেখুৱাব লাগে? (খ) ঈশ্বৰক প্ৰাৰ্থনা কৰাৰ সময়ত আমি কেনেকৈ নম্ৰতা আৰু আন্তৰিকতা দেখুৱাব পাৰোঁ?

আমি নম্ৰ আৰু আন্তৰিকতাৰে প্ৰাৰ্থনা কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। যিহোৱালৈ প্ৰাৰ্থনা কৰোঁতে আমি নম্ৰ হোৱাৰ কিবা কাৰণ থাকিব পাৰে নেকি? উদাহৰণস্বৰূপে, যেতিয়া কোনো এজন ব্যক্তিয়ে দেশৰ প্ৰধানমন্ত্ৰী বা ৰাষ্ট্ৰপতিৰ লগত কথা পাতিবলৈ সুযোগ পায়, তেনেহ’লে তেওঁ কেনেকৈ কথা পাতিব? নিঃসন্দেহ, ব্যক্তিজনে দেশৰ মুৰব্বীজনৰ পদৱীলৈ সন্মান ৰাখি কথা পাতিব। তেনেহ’লে, “সৰ্ব্বশক্তিমান ঈশ্বৰ” যিহোৱালৈ প্ৰাৰ্থনা কৰোঁতে আমি কিমান সন্মান জনোৱা উচিত! (আদিপুস্তক ১৭:১; গীতমালা ১৩৮:৬) যিহোৱাৰ তুলনাত আমি যে নগণ্য তাক প্ৰাৰ্থনা কৰাৰ সময়ত আমি নম্ৰতাৰে দেখুৱাব পাৰোঁ। এই নম্ৰতাই আমাক হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিবলৈ প্ৰেৰণা কৰিব আৰু একেদৰে তথা এটা বিষয়ক পুনৰুক্তি কৰাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰিব।—মথি ৬:৭, ৮.

৮. আমি প্ৰাৰ্থনাৰ অনুসৰি কেনেকৈ কাম কৰিব পাৰোঁ?

যদি আমি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে আমি আমাৰ প্ৰাৰ্থনা অনুসৰি কাম কৰিব লাগিব। যিহোৱাই বিচাৰে যে আমি আমাৰ শক্তি আৰু সামৰ্থ অনুসৰি প্ৰাৰ্থনা কৰাৰ দৰে কাম কৰিব লাগে। উদাহৰণস্বৰূপে, যদি আমি ‘আমাৰ প্ৰয়োজনীয় আহাৰৰ’ বাবে প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে আমি কৰিব পৰা যিকোনো কাম কৰা উচিত। (মথি ৬:১১; ২ থিচলনীকীয়া ৩:১০) যদি আমি আমাৰ কিবা শাৰীৰিক দুৰ্বলতাৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেনেহ’লে আমি এনে পৰিস্থিতিৰপৰা নিশ্চয় আঁতৰি থকা উচিত, যিবোৰে আমাক বেয়া কাম কৰিবলৈ উৎসাহিত কৰিব পাৰে। (কলচীয়া ৩:৫) ওপৰত উল্লেখিত মুখ্য প্ৰয়োজনীয়তাবোৰৰ উপৰিও প্ৰাৰ্থনাৰ বিষয়ে আমি আৰু কিছুমান বিষয় জনাৰ প্ৰয়োজন।

প্ৰাৰ্থনাৰ বিষয়ে কিছুমান প্ৰশ্ন

৯. আমি কাক প্ৰাৰ্থনা কৰা উচিত আৰু কাৰ যোগেদি?

আমি কাক প্ৰাৰ্থনা কৰা উচিত? যীচুৱে তেওঁৰ শিষ্যসকলক, ‘স্বৰ্গত থকা পিতৃলৈ’ প্ৰাৰ্থনা কৰিবলৈ শিকাইছিল। (মথি ৬:৯) গতিকে, আমি মাত্ৰ যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰা উচিত। ইয়াৰ উপৰিও যিহোৱাই তেওঁৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্টৰ ভূমিকাক আমি স্বীকাৰ কৰাটো বিচাৰে। আমি পঞ্চম অধ্যায়ত শিকিছিলোঁ যে যিহোৱা ঈশ্বৰে তেওঁৰ পুত্ৰ যীচুক এই পৃথিৱীলৈ পঠিয়াইছিল, যাতে তেওঁ নিজৰ জীৱন মুক্তিপণৰূপে বলিদান কৰি আমাক পাপ আৰু মৃত্যুৰপৰা উদ্ধাৰ কৰে। (যোহন ৩:১৬; ৰোমীয়া ৫:১২) যীচু হৈছে যিহোৱাই নিযুক্ত কৰা বিচাৰক আৰু মহা-পুৰোহিত। (যোহন ৫:২২; ইব্ৰী ৬:২০) সেইবাবে, বাইবেলে আমাক যীচুৰ যোগেদি যিহোৱালৈ প্ৰাৰ্থনা কৰিবলৈ আজ্ঞা দিছে। যীচুৱে নিজেই কৈছিল: “ময়েই বাট আৰু সত্য আৰু জীৱন; মোৰ যোগেদি নগলে, পিতৃৰ ওচৰলৈ কোনো নাযায়।” (যোহন ১৪:৬) যদি আমি ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনাটো বিচাৰোঁ, তেনেহ’লে আমি যীচুৰ যোগেদি মাত্ৰ যিহোৱালৈ প্ৰাৰ্থনা কৰা উচিত।

১০. আমি প্ৰাৰ্থনা কৰোঁতে কোনো বিশেষ ভংগী লোৱাৰ কিয় প্ৰয়োজন নাই?

১০ বিশেষ শাৰীৰিক ভংগীৰে আমি প্ৰাৰ্থনা কৰা উচিতনে? এক কথাত ক’বলৈ গ’লে, নহয়। যিহোৱালৈ প্ৰাৰ্থনা কৰোঁতে হাত বা গোটেই শৰীৰৰ কোনো বিশেষ ভংগী লোৱাৰ প্ৰয়োজন নাই। বাইবেলে আমাক শিক্ষা দিছে যে আমি বিভিন্ন ধৰণে ভংগী কৰি তেওঁলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। আমি বহি, মূৰ দোঁৱাই, আঁঠু কাঢ়ি আৰু থিয় হৈ যিহোৱালৈ প্ৰাৰ্থনা কৰিব পাৰোঁ। (১ বংশাৱলি ১৭:১৬; নহিমিয়া ৮:৬; দানিয়েল ৬:১০; মাৰ্ক ১১:২৫) এইখিনিতে এটা কথা মন কৰিবলগীয়া যে আমি যিকোনো ভংগীৰে প্ৰাৰ্থনা নকৰোঁ কিয়, আমাক সঠিক মনোবৃত্তিৰে প্ৰাৰ্থনা কৰা উচিত। আমাৰ দৈনন্দিন কাম-কাজ কৰাৰ সময়ত বা অকস্মাতে অহা বিপদৰ সময়ত, আমি মনে মনে প্ৰাৰ্থনা কৰিব পাৰোঁ। এনেকৈ প্ৰাৰ্থনা কৰোঁতে আমাৰ চাৰিওকাষে থকা লোকসকলে হয়তো লক্ষ্য নকৰিবও পাৰে, কিন্তু যিহোৱা ঈশ্বৰে এনে প্ৰাৰ্থনা শুনে।—নহিমিয়া ২:১-৬.

১১. এনে কিছুমান ব্যক্তিগত বিষয় কি, যাৰ বাবে আমি প্ৰাৰ্থনা কৰিব পাৰোঁ?

১১ আমি কিহৰ বিষয়ে প্ৰাৰ্থনা কৰা উচিত? ইয়াৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “আমি যদি তেওঁৰ ইচ্ছাৰ দৰে কিবা যাচ্‌না কৰোঁ, তেন্তে তেওঁ আমাৰ সেই যাচ্‌না শুনে।” (১ যোহন ৫:১৪) ঈশ্বৰৰ উদ্দেশ্যৰ লগত সামঞ্জস্য ৰাখি আমি যিকোনো বিষয়ে প্ৰাৰ্থনা কৰিব পাৰোঁ। আমাৰ ব্যক্তিগত বিষয়বোৰৰ বাবে প্ৰাৰ্থনা কৰাটো তেওঁৰ উদ্দেশ্য নেকি? নিশ্চয়! যিহোৱালৈ প্ৰাৰ্থনা কৰাটো এজন বন্ধুৰ সৈতে কথা পতাৰ লগত তুলনা কৰিব পাৰি। বন্ধুৰ লগত যেনেকৈ আমি নিজৰ মনৰ কথা খুলি কওঁ, ঠিক সেইদৰে আমি, “সমুদায় মনৰ কথা তেওঁৰ আগত ভাঙি কোৱা” উচিত। (গীতমালা ৬২:৮) আমি ঈশ্বৰৰ সক্ৰিয় শক্তি, পবিত্ৰ আত্মাৰ বাবেও প্ৰাৰ্থনা কৰা উচিত, কিয়নো এই শক্তিয়ে আমাক সঠিক কাম কৰিবলৈ সহায় কৰিব। (লূক ১১:১৩) আমি সঠিক নিৰ্ণয় ল’বলৈ আৰু জীৱনত হোৱা সমস্যাবোৰ ভালদৰে সমাধান কৰিবলৈ যিহোৱাৰপৰা সহায় বিচাৰিব পাৰোঁ। (যাকোব ১:৫) ব্যক্তিগতভাৱে যদি আমি কিবা পাপ কৰোঁ, যীচুৰ বলিদানৰ আধাৰত আমাক ক্ষমা বিচৰা উচিত। (ইফিচীয়া ১:৩, ৪, ৭) আমি ব্যক্তিগত সমস্যাবোৰৰ বাবেও প্ৰাৰ্থনা কৰিব পাৰোঁ, কিন্তু সেয়াই কেৱল মাত্ৰ আমাৰ প্ৰাৰ্থনাৰ বিষয় হ’ব নালাগে। আমাৰ নিজৰ বিষয়ে প্ৰাৰ্থনা কৰাৰ উপৰিও আমি আনৰ বাবে প্ৰাৰ্থনা কৰা উচিত। আমাৰ পৰিয়ালৰ লোকসকল তথা মণ্ডলীৰ অন্য ভাই-ভনীসকলৰ বাবেও আমি প্ৰাৰ্থনা কৰিব পাৰোঁ।—পাঁচনিৰ কৰ্ম্ম ১২:৫; কলচীয়া ৪:১২.

১২. প্ৰাৰ্থনাত কেনেকৈ যিহোৱা ঈশ্বৰৰ লগত জড়িত থকা বিষয়বোৰক আমি প্ৰথম স্থান দিব পাৰোঁ?

১২ যিহোৱা ঈশ্বৰৰ লগত জড়িত থকা বিষয়বোৰক আমি আমাৰ প্ৰাৰ্থনাত প্ৰথম স্থান দিয়া উচিত। যিহোৱা ঈশ্বৰে আমাৰ কাৰণে কৰা ভাল কামবোৰৰ বাবেও আমি তেওঁক আন্তৰিকতাৰে প্ৰশংসা আৰু ধন্যবাদ কৰিব লাগে। (১ বংশাৱলি ২৯:১০-১৩) প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে, তাৰ বিষয়ে যীচুৱে মথি ৬:৯-১৩ পদত এটা আদৰ্শ দেখুৱাই গৈছে। (পঢ়ক।) এই আদৰ্শ প্ৰাৰ্থনাত যীচুৱে ঈশ্বৰৰ নাম পূজনীয় অৰ্থাৎ পবিত্ৰ কৰিবলৈ আমাক শিক্ষা দিছে। এই প্ৰাৰ্থনাৰ দ্বিতীয় বিষয় হৈছে, ঈশ্বৰৰ ৰাজ্য অহা তথা স্বৰ্গ আৰু পৃথিৱীত তেওঁৰ ইচ্ছা পূৰ হোৱা। ঈশ্বৰৰ নাম আৰু তেওঁৰ ৰাজ্য আদিৰ দৰে গুৰুত্বপূৰ্ণ বিষয়বোৰক মুখ্য স্থান দিয়াৰ পাছত, যীচুৱে ব্যক্তিগত বিষয়বোৰৰ প্ৰতি ধ্যান দিছে। ঠিক সেইদৰে, যেতিয়া আমি আমাৰ প্ৰাৰ্থনাত যিহোৱা ঈশ্বৰক প্ৰথম স্থান দিওঁ, তেতিয়া আমি দেখুৱাওঁ যে আমি নিজতকৈ ঈশ্বৰৰ বিষয়ে বেছি চিন্তা কৰোঁ।

১৩. বাইবেলত উল্লেখ কৰা অনুসৰি আমাৰ প্ৰাৰ্থনা কিমান দীঘলীয়া হোৱা উচিত?

১৩ আপোনাৰ প্ৰাৰ্থনা কিমান দীঘলীয়া হোৱা উচিত? ব্যক্তিগত প্ৰাৰ্থনা আৰু আনৰ বাবে কৰা প্ৰাৰ্থনা, কিমান দীঘলীয়া হ’ব লাগে তাৰ বিষয়ে বাইবেলে বিতংভাৱে বৰ্ণনা কৰা নাই। আহাৰ খোৱাৰ সময়ত আমি চুটিকৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু ব্যক্তিগত প্ৰাৰ্থনাত আমি যিহোৱাক নিজৰ সকলো বিষয় হৃদয় উজাৰি ক’ব পাৰোঁ। (১ চমূৱেল ১:১২, ১৫) কিন্তু, যীচুৱে নিজকে ধাৰ্ম্মিক বুলি গণ্য কৰা লোকসকলক ভৎৰ্সনা কৰিছে, কিয়নো তেওঁলোকে আনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ দীঘলীয়া প্ৰাৰ্থনা কৰে। (লূক ২০:৪৬, ৪৭) এনে প্ৰাৰ্থনাই যিহোৱাক প্ৰভাৱিত নকৰে। তাৰ পৰিৱৰ্তে, আমি যিহোৱালৈ সম্পূৰ্ণ হৃদয়েৰে প্ৰাৰ্থনা কৰা উচিত। প্ৰাৰ্থনা চুটিয়েই হওক বা দীঘলীয়াই হওক, যেতিয়া প্ৰয়োজনীয়তা আৰু পৰিস্থিতি অনুসৰি আমি যিহোৱাক হৃদয়েৰে প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ এনে প্ৰাৰ্থনা শুনে।

যিকোনো পৰিস্থিতিতে ঈশ্বৰে আপোনাৰ প্ৰাৰ্থনা শুনিব পাৰে

১৪. বাইবেলে বৰ্ণনা কৰা অনুসৰি, “সদায় প্ৰাৰ্থনা” কৰি থকাৰ অৰ্থ কি, আৰু ই আমাৰ বাবে কিয় শান্তনাদায়ক?

১৪ আমি কেইবাৰ প্ৰাৰ্থনা কৰা উচিত? বাইবেলে আমাক, ‘সদায় প্ৰাৰ্থনা কৰিবলৈ,’ ‘প্ৰাৰ্থনাত লাগি থাকিবলৈ’ আৰু ‘নিৰন্তৰে প্ৰাৰ্থনা কৰিবলৈ’ উৎসাহিত কৰিছে। (লূক ১৮:১; ৰোমীয়া ১২:১২; ১ থিচলনীকীয়া ৫:১৭) এই পদবোৰৰ অৰ্থ এইটো নহয় যে আমি ২৪ ঘন্টাই যিহোৱাক প্ৰাৰ্থনা কৰি থকা। ইয়াৰ পৰিৱৰ্তে, বাইবেলে আমাক ঈশ্বৰে কৰা ভাল কামবোৰৰ বাবে তেওঁক সদায় আৰু নিৰন্তৰে প্ৰাৰ্থনাৰ দ্বাৰা ধন্যবাদ কৰিবলৈ উৎসাহিত কৰিছে। ইয়াৰ উপৰিও যিহোৱা ঈশ্বৰে আমাক দিয়া নিৰ্দ্দেশনা, শান্তনা আৰু সহায়ৰ বাবে আমি তেওঁক ধন্যবাদ জনাব পাৰোঁ। ইয়াক জানি আমাক শান্তনা নালাগেনে যে আমাৰ প্ৰাৰ্থনা কিমান দীঘলীয়া হ’ব লাগে বা কেইবাৰ প্ৰাৰ্থনা কৰিব লাগে তাৰ বাবে যিহোৱাই কোনো সময় সীমা বান্ধি দিয়া নাই? যদি আমি ঈশ্বৰে ব্যৱস্থা কৰা প্ৰাৰ্থনাৰ বাবে কৃতজ্ঞতা দেখুৱাব বিচাৰোঁ, তেনেহ’লে আমি আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাক প্ৰাৰ্থনা কৰিবলৈ বহুতো সুযোগ বিচাৰি পাম।

১৫. ব্যক্তিগত আৰু সকলোৰে আগত কৰা প্ৰাৰ্থনাৰ অন্তত “আমেন” কোৱা কিয় উচিত?

১৫ প্ৰাৰ্থনাৰ অন্তত “আমেন” কোৱা কিয় উচিত? “আমেন” শব্দৰ অৰ্থ হৈছে “নিশ্চয়” বা “সেই দৰে হওক।” (১ বংশাৱলি ১৬:৩৬; গীতমালা ৪১:১৩) বাইবেলত বৰ্ণনা কৰা উদাহৰণে দেখুৱাইছে যে ব্যক্তিগত প্ৰাৰ্থনা আৰু সকলোৰে আগত কৰা প্ৰাৰ্থনাৰ অন্তত, “আমেন” কোৱা উচিত। আমাৰ ব্যক্তিগত প্ৰাৰ্থনাৰ অন্তত যেতিয়া আমি নিজেই “আমেন” কওঁ ইয়াৰ অৰ্থ হৈছে যে আমি যিবোৰ বিষয় প্ৰাৰ্থনাত উল্লেখ কৰিছোঁ, সেইবোৰ আমাৰ হৃদয়ৰপৰা সত্য হয়। কোনো এজন ব্যক্তিয়ে সকলোৰে আগত প্ৰাৰ্থনা কৰাৰ অন্তত, আমি যেতিয়া মনে মনে বা জোৰেৰে “আমেন” কওঁ, তেতিয়া আমি প্ৰাৰ্থনা কৰোঁতাজনে উল্লেখ কৰা বিষয়বোৰৰ প্ৰতি সন্মতি জনোৱা বুজায়।—১ কৰিন্থীয়া ১৪:১৬.

ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ কেনেকৈ দিয়ে

১৬. প্ৰাৰ্থনাৰ বিষয়ে আমাৰ কি বিশ্বাস থকাৰ প্ৰয়োজন?

১৬ প্ৰকৃততে যিহোৱাই আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়েনে? নিশ্চয়, তেওঁ উত্তৰ দিয়ে! নিঃসন্দেহ, লাখ লাখ লোকৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে বুলি আমাৰ “প্ৰাৰ্থনা শুনোতা” ঈশ্বৰলৈ বিশ্বাস কৰাৰ বহুতো কাৰণ আছে। (গীতমালা ৬৫:২) তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ বিভিন্ন ধৰণে দিব পাৰে।

১৭. আমি কিয় ক’ব পাৰোঁ যে ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ স্বৰ্গদূত আৰু নিজৰ দাসসকলক ব্যৱহাৰ কৰে?

১৭ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ যিহোৱা ঈশ্বৰে স্বৰ্গদূত আৰু এই পৃথিৱীত থকা তেওঁৰ দাসসকলক ব্যৱহাৰ কৰে। (ইব্ৰী ১:১৩, ১৪) এনেকুৱা বহুতো অনুভৱ দেখিবলৈ পোৱা যায় যে কোনো এজন ব্যক্তিয়ে বাইবেলৰ শিক্ষাবোৰ বুজিবলৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছে আৰু অলপ সময়ৰ পাছত এজন যিহোৱাৰ সাক্ষীয়ে তেওঁক লগ ধৰিছে। এনে অনুভৱবোৰৰপৰা দেখা পোৱা যায় যে প্ৰচাৰ কাৰ্য্যত স্বৰ্গদূতবিলাকে নিৰ্দ্দেশনা দিছে। (প্ৰকাশিত বাক্য ১৪:৬) আমাৰ জীৱনত কিবা বৰকৈ প্ৰয়োজন হোৱাৰ বাবে আমি যেতিয়া ঈশ্বৰলৈ প্ৰাৰ্থনা কৰোঁ, তেতিয়া যিহোৱা ঈশ্বৰে আমাৰ সহায়ৰ বাবে কোনো খ্ৰীষ্টান ভাইক অনুপ্ৰেৰণা কৰিব পাৰে।—হিতোপদেশ ১২:২৫; যাকোব ২:১৬.

আমাৰ প্ৰাৰ্থনাৰ উত্তৰত যিহোৱাই কোনো খ্ৰীষ্টান ভাইক আমাৰ সহায়ৰ বাবে অনুপ্ৰেৰণা কৰিব পাৰে

১৮. যিহোৱা ঈশ্বৰে কেনেকৈ পবিত্ৰ আত্মা আৰু বাইবেলৰ যোগেদি তেওঁৰ লোকসকলৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে?

১৮ যিহোৱা ঈশ্বৰে তেওঁৰ পবিত্ৰ আত্মা আৰু তেওঁৰ বাক্য বাইবেলৰ যোগেদিও তেওঁৰ দাসসকলৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। যেতিয়া আমাৰ জীৱনত কিবা পৰীক্ষা আহে আৰু আমি তেওঁৰ সহায়ৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া যিহোৱাই পবিত্ৰ আত্মাৰ যোগেদি আমাক নিৰ্দ্দেশনা আৰু শক্তি দিব পাৰে। (২ কৰিন্থীয়া ৪:৭) আমাৰ প্ৰাৰ্থনাৰ উত্তৰ প্ৰায়ে বাইবেলৰপৰা আহে আৰু যিহোৱা ঈশ্বৰে আমাক এক সঠিক নিৰ্ণয় ল’বলৈ ইয়াৰ দ্বাৰা সহায় কৰে। এই কিতাপখনৰ দৰে, যিহোৱাৰ সংগঠনে প্ৰবন্ধ কৰা সাহিত্যবোৰ আৰু ব্যক্তিগতভাৱে বাইবেল অধ্যয়ন কৰাৰ সময়ত পোৱা পদবোৰে আমাক সহায় আগবঢ়ায়। কেতিয়াবা আকৌ খ্ৰীষ্টান সভাত আমাৰ প্ৰায়োজনীয় বাইবেলৰ নিৰ্দ্দেশনা পাব পাৰোঁ বা আমাৰ ভালৰ বাবে চিন্তা কৰা কোনো প্ৰাচীন ভায়ে হয়তো শাস্ত্ৰৰপৰা দুআষাৰ ক’ব পাৰে।—গালাতীয়া ৬:১.

১৯. যদি কেতিয়াবা আমাৰ প্ৰাৰ্থনাৰ উত্তৰ আমি নাপাওঁ, তেনেহ’লে কি মনত ৰখা উচিত?

১৯ যদি যিহোৱা ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিবলৈ দেৰি কৰিছে, তেনেহ’লে ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁ আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব নোৱাৰে। ইয়াৰ পৰিৱৰ্তে, আমি মনত ৰখা উচিত যে যিহোৱাই নিজৰ ইচ্ছা আৰু তেওঁ নিৰ্দ্ধাৰিত সময় অনুসৰি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিয়ে। আমাৰ প্ৰয়োজনীয়তা আৰু এইবোৰক কেনেকৈ যত্ন ল’ব লাগে, তাক ঈশ্বৰে আমাতকৈ ভালদৰে জানে। কেতিয়াবা আকৌ, যিহোৱা ঈশ্বৰে আমাক, ‘খোজি থাকিবলৈ, বিচাৰি থাকিবলৈ, টুকৰিয়াই থাকিবলৈ’ দিয়ে। (লূক ১১:৫-১০) আমি নেৰা-নেপেৰাকৈ যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰি থাকিলে, তেওঁৰ প্ৰতি আমাৰ ইচ্ছা গভীৰ আৰু আমাৰ বিশ্বাস অকপট বুলি প্ৰকাশ কৰিব পাৰি। ইয়াৰ উপৰিও আমি আশা কৰা অনুসৰি ঈশ্বৰে আমাৰ প্ৰাৰ্থনাৰ উত্তৰ নিদিব পাৰে। উদাহৰণস্বৰূপে, যদি আমি আমাৰ ওপৰত অহা কিবা পৰীক্ষাৰ বাবে প্ৰাৰ্থনা কৰোঁ, তেতিয়া তেওঁ সেই পৰীক্ষা আমাৰপৰা আঁতৰ নকৰিবও পাৰে। কিন্তু সেই পৰীক্ষাৰ সন্মুখীন হ’বলৈ আমাক শক্তি আৰু সামৰ্থ দিয়াৰ যোগেদি আমাৰ প্ৰাৰ্থনাৰ উত্তৰ দিব পাৰে।—ফিলিপীয়া ৪:১৩ পঢ়ক।

২০. ঈশ্বৰলৈ প্ৰাৰ্থনা কৰাৰ আমাৰ যি সুযোগ আছে, তাৰপৰা আমি কিয় লাভ লোৱা উচিত?

২০ আমি কিমান কৃতজ্ঞ যে যিহোৱা ঈশ্বৰ আমাৰ গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্ত্তা হোৱাৰ সত্ত্বেও সঠিকভাৱে তেওঁক প্ৰাৰ্থনা কৰিলে তেওঁ শুনে। (গীতমালা ১৪৫:১৮ পঢ়ক।) গতিকে আহক, আমি সকলোৱে যিহোৱালৈ প্ৰাৰ্থনা কৰাৰ যি সুযোগ আছে তাৰ সম্পূৰ্ণ লাভ লওঁ। যদি আমি এইদৰে কৰোঁ, তেনেহ’লে প্ৰাৰ্থনা শুনোতা ঈশ্বৰ যিহোৱাৰ আৰু কাষ চাপি যাব পাৰিম।