Skip to content

Skip to table of contents

অতিৰিক্ত লেখ

ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ

ঈশ্বৰৰ নাম—ইয়াৰ ব্যৱহাৰ আৰু অৰ্থ

আপোনাৰ বাইবেলত গীতমালা ৮৩:১৮ পদটো কি দৰে অনুবাদ কৰা হৈছে? অসমীয়া বাইবেলত ইয়াক এইদৰে অনুবাদ কৰা হৈছে: “যিহোৱা নামেৰে বিখ্যাত যি তুমি, অকল তুমিয়েই যে সমুদায় পৃথিবীৰ ওপৰত সৰ্ব্বোপৰি জনা, তাক সিহঁতে জানক।” অন্য কিছুমান অনুবাদতো যিহোৱাৰ নাম ব্যৱহাৰ কৰা হৈছে। কিন্তু লক্ষ্য কৰিবলগীয়া বিষয় যে আজি বহুতো অনুবাদত যিহোৱাৰ নাম উল্লেখ কৰা নাই আৰু তাৰ পৰিৱৰ্তে কিছুমান উপাধিহে ব্যৱহাৰ কৰা হৈছে। যেনে, প্ৰভু বা ঈশ্বৰ। প্ৰকৃততে, এই পদত কি হোৱা উচিত? ঈশ্বৰৰ নাম যিহোৱা, নে তেওঁৰ উপাধি?

হীব্ৰু ভাষাত ঈশ্বৰৰ নাম

গীতমালা ৮৩:১৮ পদত, এটা নামৰ বিষয়ে উল্লেখ কৰা হৈছে। বাইবেলৰ বেছিভাগ অংশ প্ৰাচীন হীব্ৰু ভাষাত লিখা হৈছিল। এই মূল লিখনিত ঈশ্বৰৰ ব্যক্তিগত নাম পোৱা যায়। হীব্ৰু ভাষাত ইয়াৰ বানান এইদৰে লিখা হৈছিল: יהוה (YHWH)। অসমীয়া অনুবাদত এই নামটো “যিহোৱা” নামেৰে পৰিচিত। এই নামটো বাইবেলৰ মাত্ৰ এটা পদতহে উল্লেখ আছে নেকি? নহয়। হীব্ৰু ভাষাৰ মূল লিখনিত এই নামটো প্ৰায়, ৭,০০০ বাৰ উল্লেখ আছে।

এতিয়া প্ৰশ্ন হ’ব পাৰে যে ঈশ্বৰৰ এই নাম আমাৰ বাবে কিয় গুৰুত্বপূৰ্ণ? ইয়াৰ বিষয়ে যীচু খ্ৰীষ্টই কি কৈছিল তালৈ লক্ষ্য কৰক। প্ৰাৰ্থনা কেনেকৈ কৰিব লাগে তাৰ বিষয়ে যীচুৱে তেওঁৰ শিষ্যসকলক শিকাইছিল। আহক আমি সেই প্ৰাৰ্থনাৰ আৰম্ভণিৰ শব্দবোৰলৈ লক্ষ্য কৰোঁহঁক। “হে আমাৰ স্বৰ্গত থকা পিতৃ, তোমাৰ নাম পূজনীয় হওক।” (মথি ৬:৯) আন এক উপলক্ষ্যত যীচুৱে এইদৰে প্ৰাৰ্থনা কৰিছিল: “হে পিতৃ, তোমাৰ নাম মহিমান্বিত কৰা।” এই প্ৰাৰ্থনাৰ উত্তৰত ঈশ্বৰে আকাশী বাণী কৰিছিল: “মই মহিমান্বিত কৰিলোঁ, আকৌ মহিমান্বিত কৰিম।” (যোহন ১২:২৭, ২৮) ইয়াৰপৰা স্পষ্টভাৱে বুজিব পাৰি যে ঈশ্বৰৰ নাম সকলোতকৈ গুৰুত্বপূৰ্ণ। যদি ঈশ্বৰৰ নাম ইমানেই গুৰুত্বপূৰ্ণ, তেন্তে বাইবেলৰ বহুতো অনুবাদকে ঈশ্বৰৰ ব্যক্তিগত নাম ব্যৱহাৰ নকৰি, কিয় কিছুমান উপাধি ব্যৱহাৰ কৰিছে?

ইয়াৰ বাবে দুটা মূল কাৰণ হ’ব পাৰে। তাৰে প্ৰথমটো হৈছে, পুৰণি সময়ছোৱাত ঈশ্বৰৰ নাম কেনে ধৰণে উচ্চাৰণ কৰা হৈছিল, তাৰ বিষয়ে আজি বহুতোলোকে নাজানে আৰু সেইবাবে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰাটো উচিত নহয় বুলি তেওঁলোকে দাবী কৰে। প্ৰাচীন হীব্ৰু ভাষাত স্বৰবৰ্ণৰ ব্যৱহাৰ নাছিল। সেইবাবে আজি কোনেও সঠিকভাৱে ক’ব নোৱাৰে যে প্ৰাচীন সময়ৰ লোকসকলে YHWH কেনেকৈ উচ্চাৰণ কৰিছিল। কিন্তু ইয়াৰ অৰ্থ এইটো নেকি যে আমি ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিব নালাগে? খন্তেক চিন্তা কৰক। যীচুৱে এই পৃথিৱীত থকাৰ সময়ছোৱাত লোকসকলে হয়তো তেওঁক যিচোৱা বা যিহোচূৱা বুলি মাতিছিল। ইয়াৰ বিষয়ে কোনেও সঠিকভাৱে ক’ব নোৱাৰে। কিন্তু আজি আমি দেখিবলৈ পাওঁ যে গোটেই বিশ্বজুৰি লোকসকলে নিজৰ নিজৰ ভাষা অনুসৰি যীচুৰ নামটো উচ্চাৰণ কৰে। প্ৰথম শতিকাৰ লোকসকলে যীচুৰ নামটো প্ৰকৃততে কেনেকৈ উচ্চাৰণ কৰিছিল, তাৰ বিষয়ে আজি বহুতোলোকে নাজানে, কিন্তু তথাপিও তেওঁলোকে যীচুৰ নামটো উচ্চাৰণ কৰিবলৈ সংকোচ নকৰে। আন এক উদাহৰণলৈ লক্ষ্য কৰক: ধৰক আপুনি বিদেশলৈ যাত্ৰা কৰিছে আৰু তাত আপুনি হয়তো লক্ষ্য কৰিব যে বহুতোলোকে আপোনাৰ নামটো বেলেগ ধৰণে উচ্চাৰণ কৰিছে। ঠিক সেইদৰে, ঈশ্বৰৰ নামৰ প্ৰকৃত উচ্চাৰণ নজনাৰ অৰ্থ এইটো নহয় যে আমি তেওঁৰ নামটো ব্যৱহাৰ কৰিব নালাগে।

দ্বিতীয় কাৰণ হ’ল, যিহূদীবিলাকৰ পৰম্পৰাৰ বাবে বাইবেলৰপৰা ঈশ্বৰৰ নামটো উলিয়াই দিয়া হৈছে। বহুতো যিহূদীয়ে বিশ্বাস কৰে যে ঈশ্বৰৰ নামটো কেতিয়াও উচ্চাৰণ কৰা উচিত নহয়। তেওঁলোকে এনে বিশ্বাস কৰাৰ কাৰণ কি? তেওঁলোকে বাইবেলৰ এই পদক ভুল ধৰণে প্ৰয়োগ কৰিছে, য’ত কৈছে: “তুমি তোমাৰ ঈশ্বৰ যিহোৱাৰ নাম অনৰ্থকৰূপে নলবা; কিয়নো, যি কোনোৱে তেওঁৰ নাম অনৰ্থকৰূপে লয়, যিহোৱাই তেওঁক নিৰ্দ্দোষী নকৰিব।”—যাত্ৰাপুস্তক ২০:৭.

এই নিয়মে ঈশ্বৰৰ নাম অনৰ্থকৰূপে ল’বলৈ নিষেধ কৰিছিল। কিন্তু সন্মানসহকাৰে আমি এই নাম ল’ব পাৰোঁনে? এই নিয়মে ইয়াকো নিষিদ্ধ কৰিছিল নেকি? কেতিয়াও কৰা নাই। আমি ক’ব পাৰোঁ যে বাইবেলৰ লেখকসকল ঈশ্বৰৰ বিশ্বাসী আছিল আৰু তেওঁলোকে ইস্ৰায়েলীসকলক দিয়া ঈশ্বৰৰ নিয়মবোৰ পালন কৰিছিল। এই লেখকসকলে নিজৰ লিখনিত সঘনাই ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছিল। উদাহৰণস্বৰূপে, সমূহীয়াকৈ একত্ৰিত হৈ যিহোৱালৈ স্তুতিগীত কৰোঁতে তেওঁলোকে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিছিল। কেৱল এয়ে নহয়, যিহোৱা ঈশ্বৰে তেওঁৰ বিশ্বাসী উপাসকসকলক তেওঁৰ নাম ব্যৱহাৰ কৰিবলৈ আজ্ঞা দিছিল আৰু তেওঁলোকেও সেইদৰে কৰিছিল। (যোৱেল ২:৩২; পাঁচনিৰ কৰ্ম্ম ২:২১) সেইবাবে আজি সত্য খ্ৰীষ্টানসকলেও যীচুৰ দৰে সন্মানসহকাৰে ঈশ্বৰৰ নাম ব্যৱহাৰ কৰিবলৈ কোনো সংকোচ নকৰে।—যোহন ১৭:২৬.

ঈশ্বৰৰ ব্যক্তিগত নামৰ সলনি বাইবেলৰ অনুবাদকসকলে বিভিন্ন উপাধি ব্যৱহাৰ কৰি এক ডাঙৰ ভুল কৰিছে। ইয়াৰ দ্বাৰা তেওঁলোকে ঈশ্বৰক নিষ্ঠুৰ তথা আমাৰপৰা বহুত দূৰত থকা যেন কৰিছে, কিন্তু তাৰ পৰিৱৰ্তে, বাইবেলে আমাক ‘সৰল’ হ’বলৈ অৰ্থাৎ ঈশ্বৰৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ উৎসাহিত কৰিছে। (হিতোপদেশ ৩:৩২) আপোনাৰ এজন ঘনিষ্ঠ বন্ধুৰ বিষয়ে এখন্তেক চিন্তা কৰক। যদি আপুনি আপোনাৰ বন্ধুজনৰ নামেই নাজানে, তেনেহ’লে আপুনি তেওঁৰ প্ৰকৃত বন্ধু হ’ব পাৰিবনে? কেতিয়াও নোৱাৰে। ঠিক সেইদৰে, যদি আপুনি ঈশ্বৰৰ নামেই নাজানে, তেনেহ’লে আপুনি তেওঁৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিব পাৰিবনে? ইয়াৰ উপৰিও যেতিয়া লোকসকলে ঈশ্বৰৰ নাম ব্যৱহাৰ নকৰে, তেতিয়া তেওঁলোকে তেওঁৰ নামৰ অৰ্থও বুজিব নোৱাৰে। এতিয়া প্ৰশ্ন হয় যে ঈশ্বৰৰ এই মহান নামৰ অৰ্থ কি?

ঈশ্বৰে তেওঁৰ বিশ্বাসী দাস মোচিক নিজৰ নামৰ অৰ্থৰ বিষয়ে বৰ্ণনা কৰিছিল। যেতিয়া মোচিয়ে ঈশ্বৰৰ নামৰ বিষয়ে শুধিছিল, তেতিয়া যিহোৱাই কৈছিল: “মই যি আছোঁ, সেয়েই আছোঁ।” (যাত্ৰাপুস্তক ৩:১৪) ৰোথাৰহেম বাইবেলত এই বাক্যশাৰী এইদৰে অনুবাদ কৰা হৈছে: “মই যি বিচাৰোঁ, সেয়েই হ’ব পাৰোঁ।” ইয়াৰ অৰ্থ হৈছে যে যিহোৱা ঈশ্বৰে তেওঁৰ উদ্দেশ্য পূৰ কৰিবলৈ যি বিচাৰে তাকেই হ’ব পাৰে আৰু তেওঁ নিজৰ সৃষ্টিৰ বাবে অথবা নিজৰ উদ্দেশ্য পূৰ কৰাৰ বাবে যি প্ৰয়োজন তাক ঘটাব পাৰে।

ইয়াক বুজিবলৈ আহক আমি এটা উদাহৰণলৈ লক্ষ্য কৰোঁ। কল্পনা কৰক যে আপুনি যি কৰিবলৈ ইচ্ছা কৰে তাকেই কৰিব পাৰে। আপুনি নিজৰ বন্ধুবিলাকৰ বাবে কি কৰিব? যদি আপোনাৰ এজন বন্ধুৱে বেমাৰত ভুগী আছে, তেনেহ’লে সেই সময়ছোৱাত আপুনি এজন দক্ষ চিকিৎসক হৈ তেওঁক সুস্থ কৰিবলৈ চেষ্টা নকৰিবনে? নাইবা, যদি আপোনাৰ আন এজন বন্ধুৰ আৰ্থিক সমস্যা হয়, তেনেহ’লে আপুনি আৰ্থিকভাৱে সহায় কৰিবলৈ আগবাঢ়ি নাহিবনে? আপুনি নিশ্চয় কৰিব। প্ৰকৃততে এইটো সত্য যে আমাৰ সকলোৰে এক সীমিত পৰিমাণৰ সামৰ্থ আছে। সেয়ে আমি যি ইচ্ছা কৰোঁ তাক কৰিব নোৱাৰোঁ। কিন্তু যেনেকৈ আপুনি বাইবেল অধ্যয়ন কৰি থাকিব, আপুনি শিকিবলৈ পাব যে যিহোৱা ঈশ্বৰে নিজৰ ইচ্ছা পূৰ কৰিবলৈ যি হোৱাৰ প্ৰয়োজন তেওঁ তাকে হ’ব পাৰে। যিসকল লোকে যিহোৱা ঈশ্বৰক প্ৰেম কৰে, তেওঁ তেওঁলোকৰ বাবে নিজৰ শক্তি ব্যৱহাৰ কৰে। (২ বংশাৱলি ১৬:৯) সঁচাকৈ যিসকল লোকে যিহোৱা ঈশ্বৰৰ নাম নাজানে, তেওঁলোকে তেওঁৰ ব্যক্তিত্বৰ এই আকৰ্ষণীয় গুণবোৰৰ প্ৰতি সম্পূৰ্ণ অজ্ঞাত।

এই সকলোবোৰৰপৰা আমি স্পষ্টভাৱে ক’ব পাৰোঁ যে বাইবেলত ঈশ্বৰৰ নাম উল্লেখ কৰাটো অতি আৱশ্যক। যদি আমি ঈশ্বৰৰ নাম আৰু ইয়াৰ অৰ্থৰ বিষয়ে ভালদৰে জানো তথা উপাসনাত এই নাম ব্যৱহাৰ কৰোঁ, তেনেহ’লে নিশ্চয় আমি স্বৰ্গীয় পিতৃ যিহোৱা ঈশ্বৰৰ লগত এক গভীৰ সম্পৰ্ক গঢ়ি তুলিব পাৰিম।