Skip to content

Skip to table of contents

অতিৰিক্ত লেখ

পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে সত্যতা

পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে সত্যতা

ত্ৰিয়কৰ শিক্ষাক বিশ্বাস কৰা লোকসকলে ক’ব বিচাৰে যে পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মা এই তিনিজন ব্যক্তি মিলিত হৈ এজন ঈশ্বৰ হয়। তেওঁলোকৰ অনুসৰি এই তিনিজনে এজনে-আনজনৰ সমতুল্য, সৰ্ব্বশক্তিমান আৰু তেওঁলোকৰ কোনো আৰম্ভণি নাই। ত্ৰিয়ক শিক্ষাৰ অনুসৰি পিতা ঈশ্বৰ হয়, পুত্ৰ ঈশ্বৰ হয় আৰু পবিত্ৰ আত্মাও ঈশ্বৰ হয়, কিন্তু ঈশ্বৰ মাত্ৰ এজনাহে।

ত্ৰিয়কৰ শিক্ষাক বিশ্বাস কৰা লোকসকলে স্বীকাৰ কৰে যে তেওঁলোকে এই শিক্ষাৰ বিষয়ে আনক বুজাব নোৱাৰে। তথাপিও তেওঁলোকে বিশ্বাস কৰে যে ত্ৰিয়কৰ শিক্ষা বাইবেলত পোৱা যায়। কিন্তু মন কৰিবলগীয়া বিষয় যে বাইবেলত “ত্ৰিয়ক” শব্দটো ক’তো পোৱা নাযায়। তেনেহ’লে ত্ৰিয়ক শিক্ষাৰ বিষয়ে বাইবেলত উল্লেখ আছে নেকি? ইয়াৰ উত্তৰ পাবলৈ আহক, আমি এনে এক শাস্ত্ৰ পদলৈ মনোযোগ দিওঁ যাৰ বিষয়ে ত্ৰিয়কত বিশ্বাস কৰা লোকসকলে সঘনাই উল্লেখ কৰে।

“বাক্যই স্বয়ং ঈশ্বৰ”

যোহন ১:১ পদত এইদৰে বৰ্ণনা কৰিছে: “আদিতে বাক্য আছিল, আৰু বাক্য ঈশ্বৰে সৈতে আছিল, আৰু বাক্যই স্বয়ং ঈশ্বৰ।” সেই একে অধ্যায়ত পাঁচনি যোহনে স্পষ্টৰূপে বৰ্ণনা কৰিছে যে সেই “বাক্য” হৈছে যীচু খ্ৰীষ্ট। (যোহন ১:১৪) যিহেতু, এই বাক্যক ঈশ্বৰ বুলি কোৱা হৈছে, সেইবাবে কিছুমান লোকে বিশ্বাস কৰে যে পিতা আৰু পুত্ৰ একেজন ঈশ্বৰৰ অংশ।

আমি মনত ৰখা উচিত যে বাইবেলৰ এই অংশক মূলতে গ্ৰীক ভাষাত লিখা হৈছিল। পাছলৈ বাইবেলৰ অনুবাদকসকলে গ্ৰীক ভাষাৰপৰা অন্যান্য ভাষালৈ অনুবাদ কৰিলে। কিছুমান অনুবাদকে, “বাক্যই স্বয়ং ঈশ্বৰ” এই বাক্যশাৰী বাদ দিলে। কিয় বাৰু? গ্ৰীক ভাষাত লিখা বাইবেলৰ ওপৰত জ্ঞান থকা এই অনুবাদকসকলে সিদ্ধান্ত ল’লে যে এই বাক্যশাৰী বেলেগ ধৰণে অনুবাদ কৰা উচিত। তেন্তে, তেওঁলোকে এই বাক্যশাৰী কেনেকৈ অনুবাদ কৰিলে? এই উদাহৰণবোৰলৈ লক্ষ্য কৰক: “বাক্য পবিত্ৰ আছিল।” (এ নিউ ট্ৰান্‌চলেশ্ব্যান্‌ অ’ভ দ্য বাইবেল) “বাক্য এক ঈশ্বৰ আছিল।” (দ্য নিউ টেষ্টামেণ্ট ইন এন ইম্‌প্ৰুভ্‌ ভ্যাৰ্‌শ্ব্যান্‌) “বাক্য ঈশ্বৰৰ লগত আছিল আৰু তেওঁৰ স্বভাৱ ঈশ্বৰৰ নিচিনা আছিল।” (দ্য ট্ৰান্‌চলেটাৰছ নিউ টেষ্টামেণ্ট) এই অনুবাদবোৰৰ অনুসৰি “বাক্য” সৰ্ব্বশক্তিমান ঈশ্বৰ নহয়। কিন্তু স্বৰ্গত আত্মিক প্ৰাণীবিলাকৰ মাজত তেওঁৰ এক উচ্চ স্থান থকাৰ বাবে তেওঁক “এক ঈশ্বৰ” বুলি কোৱা হৈছে। ইয়াত “ঈশ্বৰ” ব্যৱহাৰ কৰাৰ অৰ্থ “শক্তিশালী” কিন্তু সৰ্ব্বশক্তিমান নহয়।

অন্য তথ্যবোৰ পৰীক্ষা কৰক

এইখিনিতে এটা কথা মন কৰিবলগীয়া যে বহুতোলোকে আজি গ্ৰীক ভাষাৰ বিষয়ে নাজানে। তেন্তে, পাঁচনি যোহনে লিখা এই পদটোৰ প্ৰকৃত অৰ্থ কি হয়, তাৰ বিষয়ে আপুনি কেনেকৈ জানিব? এই উদাহৰণলৈ লক্ষ্য কৰক: এজন শিক্ষকে তেওঁৰ বিদ্যাৰ্থীসকলক এটা বিষয় বুজাই আছে। তেওঁ সেই বিষয়টো বুজোৱাৰ পাছত বিদ্যাৰ্থীসকলে নিজে কি ধৰণে বুজিলে তাৰ বিষয়ে তেওঁলোকে হয়তো বেলেগ বেলেগ মতামত দিব পাৰে। গতিকে এই সমস্যাক কেনেকৈ সমাধান কৰা যাব? এই সমস্যাক সমাধান কৰিবলৈ তেওঁলোকে শিক্ষকজনক আকৌ সুধিব পাৰে। যেতিয়া শিক্ষকজনে তেওঁলোকক এই বিষয়টোৰ লগত জড়িত থকা অন্য কিছুমান তথ্য জানিবলৈ সহায় কৰিব, তেতিয়া নিশ্চয় বিদ্যাৰ্থীসকলে সেই বিষয়টো ভালদৰে বুজিব পাৰিব। ঠিক সেইদৰে, যোহন ১:১ পদৰ অৰ্থ ভালদৰে বুজিবলৈ হ’লে, আমি ইয়াৰ লগত জড়িত থকা আন কিছুমান তথ্যৰ বিষয়ে জনাটো আৱশ্যক। যোহনৰ কিতাপত যীচু খ্ৰীষ্টৰ বিষয়ে উল্লেখ কৰা আন কিছুমান বিৱৰণৰ বিষয়ে আমি অধ্যয়ন কৰিব পাৰোঁ। যোহন ১:১ পদৰ বিষয়ে আৰু জ্ঞান লোৱাৰ যোগেদি আমি এক সঠিক নিৰ্ণয় ল’ব পাৰোঁ।

উদাহৰণস্বৰূপে, যোহন ১:১৮ পদত কি বৰ্ণনা কৰিছে, তাৰ বিষয়ে লক্ষ্য কৰক: “কোনেও [সৰ্ব্বশক্তিমান] ঈশ্বৰক কেতিয়াও দেখা নাই।” কিন্তু মানুহে যীচু খ্ৰীষ্টক দেখিছিল। সেইবাবে যোহনে এইদৰে কৈছে: “সেই বাক্য (যীচু) মাংস হল, আৰু অনুগ্ৰহ আৰু সত্যতাৰে পৰিপূৰ্ণ হৈ, আমাৰ মাজত বসতি কৰিলে; তাতে পিতৃৰ একমাত্ৰ পুত্ৰৰ উপযুক্ত যি প্ৰভাৱ, সেই প্ৰভাৱ আমি দেখিলোঁ।” (যোহন ১:১৪) তেনেহ’লে এই পুত্ৰ কেনেকৈ সৰ্ব্বশক্তিমান ঈশ্বৰৰ সমতুল্য হ’ব পাৰে? আন এক কথালৈ লক্ষ্য কৰক, যোহনে ইয়াকো বৰ্ণনা কৰিছিল যে বাক্য “ঈশ্বৰে সৈতে” আছিল। কিন্তু এজন ব্যক্তিয়ে কেনেকৈ বেলেগ এজন ব্যক্তিৰ লগত হ’ব পাৰে, যদি সি নিজেই সেইজন ব্যক্তি হয়? ইয়াৰ উপৰিও যোহন ১৭:৩ পদত বৰ্ণনা কৰা অনুসৰি যীচুৱে নিজেই তেওঁৰ আৰু পিতৃৰ মাজত পাৰ্থক্য দেখুৱাইছে। এই পদত তেওঁ নিজৰ পিতৃক, “একমাত্ৰ সত্য ঈশ্বৰ” বুলি কৈছে। পাঁচনি যোহনে এই বিষয়ে এইদৰে সাৰাংশ দিছে: “কিন্তু যীচু যে ঈশ্বৰৰ পুত্ৰ খ্ৰীষ্ট, ইয়াক যেন তোমালোকে বিশ্বাস কৰা . . . এই নিমিত্তে এইবোৰ কথা লিখা হল।” (যোহন ২০:৩১) অনুগ্ৰহ কৰি লক্ষ্য কৰক যে এই পদত যীচু খ্ৰীষ্টক ঈশ্বৰ নহয়, কিন্তু ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হৈছে। যোহনৰ কিতাপত উল্লেখ কৰা অন্য পদবোৰে আমাক যোহন ১:১ পদৰ বিষয়ে ভালদৰে বুজিবলৈ সহায় কৰে। স্বৰ্গত এক উচ্চ স্থান থকাৰ বাবে বাক্য অৰ্থাৎ যীচু খ্ৰীষ্টক, “এক ঈশ্বৰ” বুলি কোৱা হয়, কিন্তু তেওঁ সৰ্ব্বশক্তিমান ঈশ্বৰ বা তেওঁৰ সমতুল্য নহয়।

তথ্যবোৰৰ সত্যতা প্ৰমাণ কৰক

ওপৰত উল্লেখিত শিক্ষক আৰু বিদ্যাৰ্থীসকলৰ সেই উদাহৰণলৈ আকৌ মনোযোগ দিয়ক। কল্পনা কৰক যে শিক্ষকে বৰ্ণনা কৰা আন বিৱৰণবোৰৰ পাছতো যদি বিদ্যাৰ্থীসকলৰ কিবা সন্দেহ থাকে, তেনেহ’লে তেওঁলোকে কি কৰা উচিত? তেওঁলোকে হয়তো সেই বিষয়ৰ ওপৰত জ্ঞান থকা আন এজন শিক্ষকৰ কাষ চাপিব পাৰে। যেতিয়া আন শিক্ষকজনেও বিদ্যাৰ্থীসকলক প্ৰথম শিক্ষকজনৰ দৰে সেই একে বিৱৰণ দিয়ে, তেনেহ’লে হয়তো বহুতো বিদ্যাৰ্থীৰ সন্দেহ দূৰ হ’ব পাৰে। ঠিক সেইদৰে, যদি যীচু আৰু সৰ্ব্বশক্তিমান ঈশ্বৰৰ সম্পৰ্কৰ বিষয়ে যোহনে দিয়া বিৱৰণ বুজিবলৈ আপোনাৰ কঠিন হৈছে, তেনেহ’লে আপুনি ইয়াৰ বিষয়ে ভালদৰে বুজিবলৈ বাইবেলৰ আন এজন লেখকৰ লিখনিবোৰ পৰীক্ষা কৰিব পাৰে। উদাহৰণস্বৰূপে, বাইবেলৰ আন এজন লেখক হৈছে মথি আৰু তেওঁ এই বিষয়ে কি লিখিছে তালৈ লক্ষ্য কৰক। এই ব্যৱস্থাৰ অন্তৰ বিষয়ে যীচুৱে কি কৈছিল, তাক মথিয়ে এইদৰে বৰ্ণনা কৰিছে: “কিন্তু অকল পিতৃৰ বাহিৰে, স্বৰ্গৰ দূতবিলাক, বা পুত্ৰ, বা কোনেও সেই দিন আৰু সময় নাজানে।” (মথি ২৪:৩৬) বাইবেলৰ এই পদটোৱে কেনেকৈ প্ৰমাণ কৰে যে যীচু সৰ্ব্বশক্তিমান ঈশ্বৰ নহয়?

যীচুৱে কৈছিল যে পুত্ৰতকৈ পিতৃৰ জ্ঞান অধিক। যদি যীচুৱে, সৰ্ব্বশক্তিমান ঈশ্বৰৰ সমতুল্য হ’লহেঁতেন, তেনেহ’লে ঈশ্বৰৰ দৰে তেওঁৰো সকলো বিষয়ৰ জ্ঞান থাকিলেহেঁতেন। গতিকে ইয়াৰপৰা আমি ক’ব পাৰোঁ যে পিতা আৰু পুত্ৰ কেতিয়াও এক হ’ব নোৱাৰে। কিন্তু, বহুতোলোকে এতিয়াও ক’ব পাৰে: ‘যীচুৰ দুটা ব্যক্তিত্ব আছিল। এইবোৰ কথা কওঁতে তেওঁ পৃথিৱীত এক মানৱৰূপে আছিল।’ যদিহে এই দাবী সঁচা হয়, তেন্তে পবিত্ৰ আত্মাৰ বিষয়েনো কি? যদি পবিত্ৰ আত্মাই একেজন ঈশ্বৰৰ অংশ হয়, তেনেহ’লে যীচুৱে কিয় কৈছিল যে ইয়াৰ বিষয়ে পিতৃৰ বাহিৰে কোনেও নাজানে?

আপুনি যেনেকৈ বাইবেলৰ অধ্যয়ন কৰি থাকিব, এই বিষয়ৰ লগত জড়িত থকা আন বহুতো কথা শিকিবলৈ পাব। সেই বিষয়বোৰে পিতা, পুত্ৰ আৰু পবিত্ৰ আত্মাৰ বিষয়ে সত্যতা প্ৰমাণ কৰে আৰু তেওঁলোকৰ বিষয়ে বুজিবলৈ আমাক সহায় কৰে।—গীতমালা ৯০:২; পাঁচনিৰ কৰ্ম্ম ৭:৫৫; কলচীয়া ১:১৫.