অতিৰিক্ত লেখ
মহা-বিচাৰৰ দিন—কি হয়?
মহা-বিচাৰৰ বিষয়ে চিন্তা কৰিলে আপোনাৰ মনলৈ কেনে ভাবনা আহে? বহুতোলোকে বিশ্বাস কৰে যে মহা-বিচাৰৰ দিনত ঈশ্বৰে এজন এজনকৈ সকলো লোকক বিচাৰ কৰিব। এই বিচাৰত কিছুমান লোকে স্বৰ্গত থকাৰ বাবে আশীৰ্ব্বাদ পাব আৰু আন কিছুমানে নৰকৰ জ্বলা জুইত অনন্ত কালৰ বাবে শাস্তি পাব। কিন্তু মন কৰিবলগীয়া কথা যে বাইবেলে ইয়াৰ বিষয়ে এক সম্পূৰ্ণ বেলেগ বিৱৰণ দিছে। বাইবেলে মহা-বিচাৰক ভয় বা আতংকিত সময় বুলি বৰ্ণনা কৰা নাই। তাৰ পৰিৱৰ্তে, মহা-বিচাৰে আমাৰ বাবে আশা আৰু এই পৃথিৱীখন প্ৰমোদবনলৈ পৰিণত হোৱাৰ সময় হিচাপে বৰ্ণনা কৰিছে।
মহা-বিচাৰৰ দিনৰ বিষয়ে পাঁচনি যোহনে প্ৰকাশিত বাক্য ২০:১১, ১২ পদত এইদৰে কৈছে: “পাছে এখন ডাঙৰ বগা সিংহাসন, আৰু তাৰ ওপৰত বহি থকা জনাক দেখিলোঁ; তেওঁৰ সম্মুখৰ পৰা পৃথিবী আৰু আকাশমন্ডল পলাই গল; সেইবোৰৰ নিমিত্তে ঠাই আৰু পোৱা নগল। সেই সিংহাসনৰ আগত সৰু বৰ সকলো মৃতবিলাকক থিয় হৈ থকা দেখিলোঁ; পাছে কেইখনমান পুস্তক মেলা হল; আৰু জীৱন-পুস্তক নামেৰে আন এখন পুস্তকো মেলা হল; আৰু সেই পুস্তকবোৰত লিখামতে, মৃতবিলাকৰ নিজ নিজ কৰ্ম্ম অনুসাৰে সোধ-বিচাৰ কৰা হল।” এই পদত বৰ্ণনা কৰা অনুসৰি, বিচাৰকৰ্ত্তাজন কোন?
গোটেই মানৱ জাতিৰ বিচাৰকৰ্ত্তা হৈছে যিহোৱা ঈশ্বৰ। কিন্তু মহা-বিচাৰৰ বাবে তেওঁ অন্য লোকক এই দায়িত্ব দিছে। পাঁচনিৰ কৰ্ম্ম ১৭:৩১ পদৰ অনুসৰি, পৌলে বৰ্ণনা কৰিছে যে ঈশ্বৰে “নিজে নিৰূপণ কৰা মানুহ জনৰ দ্বাৰাই ধৰ্ম্মৰূপে জগতৰ সোধ-বিচাৰ কৰিব, এনে এটা দিন নিশ্চয় কৰি থলে।” ঈশ্বৰে নিৰূপণ কৰা এই বিচাৰকৰ্ত্তাজন হৈছে যীচু খ্ৰীষ্ট। (যোহন ৫:২২) কিন্তু, এতিয়া প্ৰশ্ন হয় যে এই মহা-বিচাৰৰ দিন কেতিয়া আৰম্ভ হ’ব আৰু ই কিমান দীঘলীয়া হ’ব?
প্ৰকাশিত বাক্য কিতাপে বৰ্ণনা কৰিছে যে হৰমাগিদোনৰ যুদ্ধত চয়তানৰ ব্যৱস্থাক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব আৰু ইয়াৰ পাছতে এই মহা-বিচাৰৰ দিন আৰম্ভ হ’ব। * (প্ৰকাশিত বাক্য ১৬:১৪, ১৬; ১৯:১৯-২০:৩) হৰমাগিদোনৰ পাছত, চয়তান আৰু তাক অনুকৰণ কৰা ভূতবোৰক এহেজাৰ বছৰৰ বাবে অগাধ ঠাইত বান্ধি ৰখা হ’ব। সেই সময়ছোৱাত অভিষিক্ত ১,৪৪,০০০ জন লোকে স্বৰ্গত বিচাৰকৰ্ত্তা হিচাপে “এহেজাৰ বছৰ খ্ৰীষ্টে সৈতে ৰাজত্ব” কৰিব। (প্ৰকাশিত বাক্য ১৪:১-৩; ২০:১-৪; ৰোমীয়া ৮:১৭) এই মহা-বিচাৰৰ দিন মাত্ৰ ২৪ ঘন্টাৰ বাবে নহয়, কিন্তু এই বিচাৰ এহেজাৰ বছৰলৈকে চলিব।
এহেজাৰ বছৰৰ সেই সময়ছোৱাত যীচু খ্ৰীষ্টই “জীয়া আৰু মৰা” লোকসকলৰ বিচাৰ কৰিব। (২ তীমথিয় ৪:১) এই “জীয়া আৰু মৰা” লোকসকল কোন হয় বাৰু? “জীয়া” লোকসকল হৈছে, হৰমাগিদোনৰপৰা ৰক্ষা পোৱা “বৰ লোকসমূহ।” (প্ৰকাশিত বাক্য ৭:৯-১৭) ইয়াৰ উপৰিও পাঁচনি যোহনে, “সিংহাসনৰ আগত . . . মৃতবিলাকক থিয় হৈ থকা” দেখিছিল। কিন্তু ই কেনেকৈ সম্ভৱ? যীচুৱে প্ৰতিজ্ঞা কৰিছিল: “মৈদামত থকা সকলোৱে তেওঁৰ [যীচুৰ] মাত শুনি . . . ওলাব” অৰ্থাৎ তেওঁলোকক পুনৰুত্থান কৰা হ’ব। (যোহন ৫:২৮, ২৯; পাঁচনিৰ কৰ্ম্ম ২৪:১৫) কিন্তু তেওঁলোকৰ কিহৰ আধাৰত বিচাৰ কৰা হ’ব?
পাঁচনি যোহনে দেখা দৰ্শনৰ অনুসৰি, “কেইখনমান পুস্তক মেলা হল . . . মৃতবিলাকৰ নিজ নিজ কৰ্ম্ম অনুসাৰে সোধ-বিচাৰ কৰা হল।” (প্ৰকাশিত বাক্য ২০:১২) এই পুস্তকবোৰত লোকসকলৰ অতীতৰ কাৰ্য্যবোৰ লিখা আছে নেকি? নহয়, মহা-বিচাৰৰ আগতে লোকসকলে কি কৰিছিল, তাৰ আধাৰত তেওঁলোকৰ বিচাৰ কৰা নহ’ব। ইয়াক আমি কেনেকৈ ক’ব পাৰোঁ? বাইবেলে ইয়াৰ বিষয়ে এইদৰে উল্লেখ কৰিছে: “কিয়নো যিজন মৰিল, তেওঁ পাপৰ পৰা মুক্ত হৈ, ধাৰ্ম্মিক বুলি গণিত হল।” (ৰোমীয়া ৬:৭) পুনৰুত্থান কৰা লোকসকলক নতুন জীৱন দিয়া হ’ব আৰু অতীতত কৰা পাপৰ বাবে কোনো হিচাপ ৰখা নহ’ব। এই পুস্তকবোৰে ঈশ্বৰৰ নতুন আজ্ঞাবোৰক চিত্ৰিত কৰে। হৰমাগিদোনৰপৰা ৰক্ষা পোৱা আৰু পুনৰুত্থান হোৱা লোকসকলে যদি অনন্ত জীৱন পাবলৈ আশা কৰে, তেন্তে তেওঁলোকে যিহোৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব। ইয়াৰ উপৰিও হাজাৰ বছৰৰ সময়ছোৱাত যিহোৱা ঈশ্বৰে দিয়া কিছুমান নতুন আজ্ঞা হ’ব পাৰে। গতিকে, আমি ক’ব পাৰোঁ যে সেই হাজাৰ বছৰৰ সময়ছোৱাত লোকসকলে যিবোৰ কাৰ্য্য কৰিব, তাৰ ভিত্তিত তেওঁলোকৰ বিচাৰ কৰা হ’ব।
মহা-বিচাৰৰ সময়ছোৱাত কোটি কোটি লোকক প্ৰথমবাৰৰ বাবে যিহোৱা ঈশ্বৰৰ বিষয়ে শিকিবলৈ আৰু সেই অনুসৰি কাৰ্য্য কৰিবলৈ সুযোগ দিয়া হ’ব। ইয়াৰ অৰ্থ হৈছে, গোটেই পৃথিৱীজুৰি ব্যাপকৰূপে শিক্ষা দিয়া হ’ব। এই শিক্ষা দিয়া কাৰ্য্যৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “জগত-নিবাসীবিলাকে ধাৰ্ম্মিকতা” যিচয়া ২৬:৯) কিন্তু সেই সময়তো, সকলোৱে ঈশ্বৰৰ আজ্ঞা অনুসৰি কাৰ্য্য কৰিবলৈ ইচ্ছা নকৰিব। ইয়াৰ বিষয়ে বাইবেলত যিচয়া ২৬:১০ পদত এইদৰে বৰ্ণনা কৰিছে: “দুষ্ট লোকে অনুগ্ৰহ পালেও, ধাৰ্ম্মিকতা নিশিকে; ন্যায়ৰ দেশত সি অন্যায় কৰে, আৰু যিহোৱাৰ মহিমালৈ দৃষ্টি নকৰে।” যিহোৱাৰ ইচ্ছা অনুসৰি কাম নকৰা এই দুষ্টবিলাকক মহা-বিচাৰৰ সময়ছোৱাত সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব।—যিচয়া ৬৫:২০.
শিকিব। (মহা-বিচাৰৰপৰা ৰক্ষা পোৱা লোকসকলে সিদ্ধ মানৱ জীৱন পুনৰায় পাব। (১ কৰিন্থীয়া ১৫:২৪-২৮) এই সকলোবোৰৰ পাছত, গোটেই মানৱ জাতিক শেষ বাৰৰ বাবে পৰীক্ষা কৰা হ’ব। চয়তানক বান্ধি থোৱা সেই অগাধ ঠাইৰপৰা মুকলি কৰা হ’ব আৰু লোকসকলক ভুল পথলৈ পৰিচালিত কৰিবলৈ, তাক আকৌ এবাৰ সুযোগ দিয়া হ’ব। (প্ৰকাশিত বাক্য ২০:৩, ৭-১০) সেই সময়ত যিসকল লোকে চয়তানক প্ৰতিৰোধ কৰিব, তেওঁলোকে বাইবেলৰ এই ভৱিষ্যতবাণী পূৰ হোৱা দেখিবলৈ পাব: “ধাৰ্ম্মিকবিলাক পৃথিবীৰ অধিকাৰী হব, আৰু তাত সৰ্ব্বতিকাললৈকে বাস কৰিব।” (গীতমালা ৩৭:২৯) বাস্তৱতে, মহা-বিচাৰৰ দিন বিশ্বাসী মানৱ জাতিৰ বাবে এক আশীৰ্ব্বাদৰ সময় হ’ব।
^ অনু. 6 হৰমাগিদোনৰ বিষয়ে অধিক জানিবলৈ যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা, পৰ দি থাকক নামৰ ব্ৰচাৰখনৰ ১২-১৯ পৃষ্ঠাত চাওক।