Skip to content

Skip to table of contents

অতিৰিক্ত লেখ

বাইবেলত কৰা ভৱিষ্যতবাণীৰ এক গুৰুত্বপূৰ্ণ বছৰ—১৯১৪ চন

বাইবেলত কৰা ভৱিষ্যতবাণীৰ এক গুৰুত্বপূৰ্ণ বছৰ—১৯১৪ চন

বহু বছৰৰ আগতে বাইবেলৰ বিদ্যাৰ্থীসকলে ঘোষণা কৰিছিল যে ১৯১৪ চনত কিছুমান তাৎপৰ্য্যপূৰ্ণ ঘটনা ঘটিব। সেই ঘটনাবোৰ কি আৰু ১৯১৪ চন যে এক গুৰুত্বপূৰ্ণ বছৰ হয়, তাক কিহে প্ৰমাণ কৰে?

লূক ২১:২৪ পদত বৰ্ণনা কৰা অনুসৰি, যীচুৱে কৈছিল: “পৰজাতি মানুহৰ কাল সম্পূৰ্ণ নহয়মানলৈকে, যিৰূচালেমক পৰজাতি মানুহৰ ভৰিৰে গচকা হব।” যিৰূচালেম নগৰখন যিহূদা দেশৰ ৰাজধানী আছিল আৰু তাত দায়ূদৰ বংশৰ ৰজাসকলে শাসন কৰিছিল। (গীতমালা ৪৮:১, ২) কিন্তু মন কৰিবলগীয়া বিষয় যে এই ৰজাসকল আন দেশৰ ৰজাসকলৰ তুলনাত অদ্বিতীয় আছিল। তেওঁলোক কেনেকৈ অদ্বিতীয় আছিল? তেওঁলোকে “যিহোৱাৰ সিংহাসনত” বহি শাসন কৰাৰ বাবে এনে লাগিছিল যেন, যিহোৱাই নিজেই শাসন কৰিছে। (১ বংশাৱলি ২৯:২৩) গতিকে, যিৰূচালেম নগৰখন যিহোৱা ঈশ্বৰৰ শাসনৰ প্ৰতীক আছিল।

এতিয়া প্ৰশ্ন হয় যে যিৰূচালেমক অৰ্থাৎ যিহোৱাৰ শাসনক কেতিয়া আৰু কেনেকৈ, ‘পৰজাতি বিলাকৰ ভৰিৰে গচকা হ’ল’? খ্ৰীষ্টপূৰ্ব ৬০৭ বাবিলীয়া লোকসকলে যিৰূচালেমক পৰাজয় কৰি নিজৰ বশত কৰিছিল। ইয়াৰ ফলত “যিহোৱাৰ সিংহাসনত” বহি শাসন কৰিবলৈ কোনো নাথাকিল আৰু দায়ূদৰ বংশই যিৰূচালেমত যি শাসন কৰি আছিল, তাৰ ওপৰত বাধা আহিল। (২ ৰাজাৱলি ২৫:১-২৬) কিন্তু ‘যিৰূচালেমক ভৰিৰে গচকাটো’ চিৰকালৰ বাবে চলি থাকিবনে? নহয়। কিয়নো, গাব্ৰিয়েল স্বৰ্গদূতে মৰিয়মক কৈছিল যে যীচুক, “তেওঁৰ পিতৃ দায়ুদৰ সিংহাসন তেওঁক দিব।” (লূক ১:৩২, ৩৩) গতিকে, আমি ইয়াৰপৰা ক’ব পাৰোঁ যে যীচু খ্ৰীষ্ট যেতিয়া ৰজাৰূপে নিযুক্ত হ’ব, তেতিয়াহে যিৰূচালেমক ‘ভৰিৰে গচকাটো’ অন্ত হ’ব।

যীচু খ্ৰীষ্ট কেতিয়া ৰজা হিচাপে নিযুক্ত হ’বলগীয়া আছিল? যীচুৱে বৰ্ণনা কৰিছিল যে পৰজাতিবিলাকে এক নিৰ্দ্ধাৰিত সময়লৈকে শাসন কৰিব। এই শাসন কিমান দীঘলীয়া হ’ব বাৰু? ইয়াৰ উত্তৰ দানিয়েল কিতাপৰ চাৰি অধ্যায়ত পোৱা যায়। বাবিলীয়াবিলাকৰ ৰজা নবুখদ্‌নেচৰে সপোনত দেখা এক দৰ্শনত এই বৰ্ণনা পোৱা যায়। তেওঁ সেই দৰ্শনত এক বিশাল গছ কাটি পেলোৱা দেখিছিল। এই গছৰ মূঢ়াটো যাতে বাঢ়িব নোৱাৰে, তাৰ বাবে লোহা আৰু পিতলৰ শিকলিৰে বন্ধা হয়। ইয়াৰ পাছত এজন স্বৰ্গদূতে এইদৰে ঘোষণা কৰে: “তাৰ ওপৰত সাত কাল যাওক।”—দানিয়েল ৪:১০-১৬.

বাইবেলত, গছবোৰে কেতিয়াবা শাসনক চিত্ৰিত কৰে। (যিহিষ্কেল ১৭:২২-২৪; ৩১:২-৫) ইয়াৰপৰা ক’ব পাৰি যে সেই লাক্ষণিক গছজোপাক কাটি পেলোৱাৰ অৰ্থ হৈছে, যিৰূচালেমত শাসন কৰা ৰজাসকলৰ শাসনত বাধা দিয়া। মন কৰিবলগীয়া কথা যে ‘যিৰূচালেমক ভৰিৰে গচকাটো’ চিৰকালৰ বাবে নহয়, কিন্তু তাৰ পৰিৱৰ্তে ই কেৱল ‘সাত কাললৈকে’ চলিব। কিন্তু এতিয়া প্ৰশ্ন হয় যে ভৱিষ্যতবাণীত বৰ্ণনা কৰা অনুসৰি, এই “সাত কাল” কিমান দীঘলীয়া হ’ব?

প্ৰকাশিত বাক্য ১২:৬ আৰু ১৪ পদত বৰ্ণনা কৰা অনুসৰি, তিনি আৰু আধা কালৰ সমান হৈছে, ‘এক হাজাৰ দুশ তিনি কুৰি দিন।’ গতিকে, “সাত কাল” তাৰ দুগুণ হ’ব অৰ্থাৎ ২,৫২০ দিন। কিন্তু পৰজাতিবিলাকে যিৰূচালেমক ধ্বংস কৰাৰ ২,৫২০ দিনৰ পাছত ঈশ্বৰৰ শাসনক ‘গচকিবলৈ’ এৰি দিয়া নাই। সেইবাবে আমি ক’ব পাৰোঁ যে ভৱিষ্যতবাণীত উল্লেখ কৰা অনুসৰি সেই সাত কাল দীঘলীয়া হয়। গণনা পুস্তক ১৪:৩৪ আৰু যিহিষ্কেল ৪:৬ পদলৈ যদি মন কৰোঁ, তেনেহ’লে আমি ইয়াৰ বিষয়ে ভালদৰে বুজিব পাৰিম। এই পদবোৰত ‘এক দিনক এক বছৰ’ বুলি কোৱা হৈছে। গতিকে আমি ক’ব পাৰোঁ যে “সাত কাল” ২,৫২০ দিন নহয়, কিন্তু ২,৫২০ বছৰহে হয়।

এই ২,৫২০ বছৰ অৰ্থাৎ সাত কাল খ্ৰীষ্টপূৰ্ব ৬০৭ অক্টোবৰত আৰম্ভ হয়। এই সময়ছোৱাত বাবিলীয়াৰ লোকসকলে যিৰূচালেমক পৰাজয় কৰি, দায়ূদৰ বংশৰ ৰজাক সিংহাসনৰপৰা পদচ্যুত কৰে। এই সময়কাল ১৯১৪ চনৰ অক্টোবৰ মাহত শেষ হয়। সেই সময়ত “পৰজাতি মানুহৰ কাল” শেষ হ’ল আৰু যীচু খ্ৰীষ্টক স্বৰ্গীয় ৰজা হিচাপে নিযুক্ত কৰা হ’ল। *গীতমালা ২:১-৬; দানিয়েল ৭:১৩, ১৪.

যীচু খ্ৰীষ্টই ভৱিষ্যতবাণী কৰা অনুসৰি, তেওঁ স্বৰ্গীয় ৰজা হিচাপে নিযুক্ত হোৱাৰ সময়ত কিছুমান তাৎপৰ্য্যপূৰ্ণ ঘটনা ঘটিব। যেনে—যুদ্ধ, আকাল, ভূমিকম্প আৰু মহামাৰী। (মথি ২৪:৩-৮; লূক ২১:১১) জগতত ঘটা এই সকলো ঘটনাই স্পষ্টৰূপে প্ৰমাণ কৰে যে ১৯১৪ চনত ঈশ্বৰৰ স্বৰ্গীয় ৰাজ্য জন্ম হোৱাৰ লগতে, চয়তানৰ এই দুষ্ট ব্যৱস্থাৰ “শেষ-কাল” আৰম্ভ হ’ল।—২ তীমথিয় ৩:১-৫.

^ অনু. 3 খ্ৰীষ্টপূৰ্ব ৬০৭ অক্টোবৰৰপৰা খ্ৰীষ্টপূৰ্ব ১ অক্টোবৰলৈকে ৬০৬ বছৰ হয়। খ্ৰীষ্টপূৰ্ব ১ অক্টোবৰৰপৰা ১৯১৪ চনৰ অক্টোবৰলৈকে ১,৯১৪ বছৰ হয়। গতিকে, ৬০৬ বছৰ আৰু ১,৯১৪ বছৰ যোগ কৰিলে, ২,৫২০ বছৰ হয়। খ্ৰীষ্টপূৰ্ব ৬০৭ যিৰূচালেম ধ্বংস হয়, ইয়াৰ বিষয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি যিহোৱাৰ সাক্ষীসকলে প্ৰকাশ কৰা, ইনচাইট্‌ অন দ্য স্ক্ৰিপশ্বাৰচ্‌ত উল্লেখ কৰা “ক্ৰনলজি” নামৰ লেখত চাওক।