Skip to content

Skip to table of contents

অধ্যায় ১

“ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”

“ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”

“আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।”—১ যোহন ৫:৩.

১, ২. যিহোৱা ঈশ্বৰক প্ৰেম কৰিবলৈ আপোনাক কিহে অনুপ্ৰাণিত কৰিছে?

আপুনি ঈশ্বৰক প্ৰেম কৰেনে? যদি আপুনি যিহোৱা ঈশ্বৰক নিজৰ জীৱন সমৰ্পণ কৰিছে, তেনেহ’লে আপোনাৰ উত্তৰ নিশ্চয় হয় হ’ব। আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰাটো স্বাভাৱিক। যিহোৱা ঈশ্বৰে আমাক প্ৰেম কৰাৰ বাবে, আমিও তেওঁক প্ৰেম কৰোঁ। বাইবেলে ইয়াৰ বিষয়ে সুন্দৰভাৱে বৰ্ণনা কৰিছে: “তেৱেঁই [যিহোৱা] প্ৰথমে আমাক প্ৰেম কৰিলে, এই নিমিত্তে আমিও প্ৰেম কৰোঁ।”—১ যোহন ৪:১৯.

যিহোৱা ঈশ্বৰে আমাৰ প্ৰতি নিজৰ প্ৰেম প্ৰকাশ কৰিবলৈ প্ৰথমে পদক্ষেপ লৈছে। তেওঁ আমাৰ বাবে এই সুন্দৰ পৃথিৱীৰ ব্যৱস্থা কৰিলে। আমাৰ শাৰীৰিক আৰু ভৌতিক প্ৰয়োজনীয়তাবোৰৰ প্ৰতি তেওঁ যত্ন লয়। (মথি ৫:৪৩-৪৮) কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় হৈছে যে তেওঁ আমাৰ আধ্যাত্মিক প্ৰয়োজনীয়তাৰ প্ৰতিও ধ্যান দিয়ে। যিহোৱা ঈশ্বৰে আমাক তেওঁৰ বাক্য বাইবেল দিছে। আমি যিহোৱা ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ তেওঁ আমাক উৎসাহিত কৰিছে। ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনিব আৰু পবিত্ৰ আত্মাৰ যোগেদি সহায় আগবঢ়াব বুলি আমাক আস্বাস দিছে। (গীতমালা ৬৫:২; লূক ১১:১৩) এই সকলোতকৈ, যিহোৱা ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰক মুক্তিপণৰূপে আমাৰ বাবে আগবঢ়ালে, যাতে আমি পাপ আৰু মৃত্যুৰ কবলৰপৰা উদ্ধাৰ পাব পাৰোঁ। মানৱজাতিৰ বাবে যিহোৱা ঈশ্বৰে দেখুৱা কি যে এক মহান প্ৰেম!—যোহন ৩:১৬; ৰোমীয়া ৫:৮ পঢ়ক।

৩. (ক) যিহোৱা ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ আমি কি কৰাৰ প্ৰয়োজন? (খ) কি গুৰুত্বপূৰ্ণ প্ৰশ্ন আমি চালি-জাৰি চোৱা উচিত আৰু ইয়াৰ উত্তৰ ক’ত বিচাৰি পাম?

যিহোৱা ঈশ্বৰৰ প্ৰেমৰপৰা আমি সদায় লাভৱান হোৱাটো তেওঁ বিচাৰে। কিন্তু আমি লাভৱান হ’ব বিচাৰোঁ নে নিবিচাৰোঁ, সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে। ঈশ্বৰৰ বাক্যই আমাক উপদেশ দিছে যে অনন্ত জীৱনৰ প্ৰতি দৃষ্টি ৰাখি “ঈশ্বৰৰ প্ৰেমত নিজক ৰাখা।” (যিহূদা ২০, ২১) “নিজক ৰাখা” বাক্যশাৰীয়ে প্ৰকাশ কৰে যে আমি ঈশ্বৰৰ প্ৰেমত থাকিবলৈ হ’লে, আমি কিবা কৰাৰ প্ৰয়োজন আছে। যিহোৱা ঈশ্বৰৰ প্ৰতি যে আমাৰ প্ৰেম আছে, তাৰ বিষয়ে আমি প্ৰমাণ দেখুৱাব লাগিব। সেইবাবে আমি নিজকে এই গুৰুত্বপূৰ্ণ প্ৰশ্ন সুধিব পাৰোঁ: ‘ঈশ্বৰৰ প্ৰতি থকা মোৰ প্ৰেমক মই কেনেকৈ প্ৰকাশ কৰিম?’ ইয়াৰ উত্তৰ পাঁচনি যোহনে ঈশ্বৰৰ প্ৰেৰণাৰে এইদৰে লিখিছিল: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ, ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই; আৰু তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” (১ যোহন ৫:৩) এই বাক্যশাৰীৰ অৰ্থ আমি ভালদৰে পৰীক্ষা কৰা উচিত। কিয়নো ইয়াৰদ্বাৰা দেখুৱাব পাৰোঁ যে যিহোৱা ঈশ্বৰক আমি কিমান প্ৰেম কৰোঁ।

“ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই”

৪, ৫. (ক) ‘ঈশ্বৰৰ প্ৰেম’ এই বাক্যশাৰীৰ অৰ্থ কি? (খ) বৰ্ণনা কৰক যে আপুনি কেতিয়াৰপৰা যিহোৱা ঈশ্বৰক প্ৰেম কৰিবলৈ আৰম্ভ কৰে।

“ঈশ্বৰে দিয়া প্ৰেম” এই বাক্যশাৰী লিখাৰ যোগেদি পাঁচনি যোহনে কি ক’ব বিচাৰিছিল? তেওঁ উল্লেখ কৰিব বিচাৰিছিল যে আমাৰ প্ৰতি ঈশ্বৰৰ কিমান প্ৰেম আছে এনে নহয়, কিন্তু তেওঁৰ প্ৰতি আমাৰ প্ৰেম কিমান আছে। আপোনাৰ মনত আছেনে, কেতিয়াৰপৰা যিহোৱা ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িবলৈ ধৰে?

সমৰ্পণ আৰু বাপ্তিষ্মা হৈছে যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰাৰ আৰম্ভণি

যেতিয়া আপুনি প্ৰথমবাৰৰ বাবে যিহোৱা ঈশ্বৰ আৰু তেওঁৰ উদ্দেশ্যৰ বিষয়ে শিকি কাৰ্য্য কৰিবলৈ আৰম্ভ কৰিছিল, সেই সময়ৰ বিষয়ে ক্ষন্তেক চিন্তা কৰক। আপুনি বুজিব পাৰিলে যে জন্মৰেপৰা আমি পাপী হোৱাৰ বাবে ঈশ্বৰৰপৰা দূৰৈত হৈ পৰিছিলোঁ, কিন্তু যীচুৰ বলিদানৰ যোগেদি আদমে হেৰুৱা সিদ্ধ আৰু অনন্ত জীৱন লাভ কৰাৰ বাট ঈশ্বৰে মুকলি কৰিলে। (মথি ২০:২৬; ৰোমীয়া ৫:১২, ১৮) আপুনি উপলব্ধি কৰিবলৈ আৰম্ভ কৰিলে যে যিহোৱা ঈশ্বৰে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদানৰ ব্যৱস্থা কৰি আপোনাৰ বাবে মৃত্যু হ’বলৈ পৃথিৱীলৈ পঠিয়ালে। ঈশ্বৰে আপোনাৰ প্ৰতি এনে মহান প্ৰেম দেখুৱাৰ বাবে, আপুনি তেওঁক প্ৰেম কৰিবলৈ অনুপ্ৰাণিত হৈছিল।—১ যোহন ৪:৯, ১০ পঢ়ক।

৬. প্ৰকৃত প্ৰেম কেনেকৈ প্ৰকাশ কৰা হয় আৰু ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আপোনাক কি কৰিবলৈ অনুপ্ৰাণিত কৰিছিল?

আপোনাৰ হৃদয়ৰ সেই অনুভূতিয়েই হৈছে যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ আৰম্ভণি। কিন্তু, কেৱল হৃদয়ত অনুভূতি থাকিলেই নহ’ব। “মই যিহোৱাক প্ৰেম কৰোঁ” বুলি কোৱাই যথেষ্ট নহয়। যিহোৱা ঈশ্বৰক প্ৰকৃত প্ৰেম কৰাৰ লগত আৰু কিছু জড়িত আছে। যিদৰে বিশ্বাস কাৰ্য্যৰ যোগেদি প্ৰকাশ হয়, ঠিক সেইদৰে প্ৰেম কাৰ্য্যৰ যোগেদি প্ৰকাশ হয়। (যাকোব ২:২৬) যদি আমি হৃদয়ৰপৰা কাৰোবাক প্ৰেম কৰোঁ, তেনেহ’লে তেওঁ ভালপোৱা অনুসৰি কাৰ্য্য কৰিবলৈ চেষ্টা কৰোঁ। সেইবাবে, যেতিয়া যিহোৱা ঈশ্বৰৰ প্ৰতি আপোনাৰ প্ৰেম দৃঢ় হৈছিল, তেতিয়া আপুনি যিহোৱা ঈশ্বৰে ভালপোৱা অনুসৰি জীৱন-যাপন কৰিবলৈ অনুপ্ৰাণিত হৈছিল। আপুনি এজন বাপ্তিষ্মাপ্ৰাপ্ত যিহোৱাৰ সাক্ষীনে? যদি হয়, তেনেহ’লে যিহোৱা ঈশ্বৰৰ প্ৰতি থকা গভীৰ প্ৰেম আৰু বিশ্বাসৰ বাবে আপুনি আপোনাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰ্ণয় ল’বলৈ সক্ষম হ’ল। আপুনি যিহোৱা ঈশ্বৰৰ ইচ্ছা অনুসৰি কাৰ্য্য কৰিবলৈ নিজৰ জীৱন তেওঁক সমৰ্পণ কৰিলে আৰু বাপ্তিষ্মা ল’লে। (ৰোমীয়া ১৪:৭, ৮ পঢ়ক।) যিহোৱা ঈশ্বৰলৈ কৰা প্ৰতিজ্ঞা পূৰ কৰাত আৰু কি কি জড়িত আছে, তাৰ বিষয়ে পাঁচনি যোহনে আগলৈ বৰ্ণনা কৰিছে।

“আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ”

৭. যিহোৱা ঈশ্বৰৰ কিছুমান আজ্ঞা কি আৰু এই আজ্ঞাবোৰ পালন কৰাৰ অৰ্থ কি?

যিহোৱা ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ কি হয়, তাৰ বিষয়ে পাঁচনি যোহনে এইদৰে বৰ্ণনা কৰিছে: “আমি যেন ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰোঁ।” ঈশ্বৰৰ আজ্ঞাবোৰ কি হয়? যিহোৱা ঈশ্বৰে বাইবেলৰ যোগেদি নিৰ্দিষ্ট বিষয়ৰ ওপৰত আমাক যথেষ্ট আজ্ঞা দিছে। উদাহৰণস্বৰূপে, ব্যভিচাৰ, মূৰ্তিপূজা, চুৰি কাৰ্য্য, অতিপাত মদ্যপান কৰা, মিছা কথা কোৱা আদি কাৰ্য্যবোৰ নকৰিবলৈ আজ্ঞা দিছে। (১ কৰিন্থীয়া ৫:১১; ৬:১৮; ১০:১৪; ইফিচীয়া ৪:২৭, ২৮; কলচীয়া ৩:৯) ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাৰ অৰ্থ হৈছে বাইবেলৰ নৈতিক মানদণ্ডবোৰৰ অনুসৰি জীৱন-যাপন কৰা।

৮, ৯. যিবোৰৰ বিষয়ে বাইবেলত পোনপটীয়াকৈ বৰ্ণনা কৰা হোৱা নাই, এনে বিষয়বোৰত কি কৰিলে যিহোৱা ঈশ্বৰে সন্তুষ্ট হ’ব তাক আমি কেনেকৈ জানিম? এটা উদাহৰণ দিয়ক।

যিহোৱা ঈশ্বৰক সন্তুষ্ট কৰিবলৈ আমি কেৱল তেওঁৰ নিৰ্দিষ্ট আজ্ঞাবোৰ পালন কৰাই যথেষ্ট নহয়। ঈশ্বৰে আমাৰ দৈনন্দিন জীৱনৰ প্ৰতিটো বিষয়ৰ বাবে বিভিন্ন নিয়ম বান্ধি দিয়া নাই। কেতিয়াবা কেতিয়াবা আমি এনে পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হয়, যাৰ বিষয়ে বাইবেলত পোনপটীয়াকৈ কোনো বৰ্ণনা নাই। এনে পৰিস্থিতিত কি কৰিলে যিহোৱা ঈশ্বৰ সন্তুষ্ট হ’ব, আমি কেনেকৈ জানিম? যিহোৱা ঈশ্বৰৰ চিন্তাধাৰাৰ বিষয়ে বাইবেলত স্পষ্টৰূপে বৰ্ণনা আছে। বাইবেল অধ্যয়ন কৰাৰ যোগেদি আমি জানিব পাৰিম যে যিহোৱা ঈশ্বৰে কি ভাল পায় আৰু কি বেয়া পায়। (গীতমালা ৯৭:১০ পঢ়ক; হিতোপদেশ ৬:১৬-১৯) ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী আৰু তেওঁ কেনেধৰণৰ কামবোৰ ভাল পায়, তাক আমি জানিব পাৰিম। আমি যিমানেই যিহোৱা ঈশ্বৰৰ ব্যক্তিত্ব আৰু কাৰ্য্যবোৰৰ বিষয়ে শিকিম, সিমানেই তেওঁৰ চিন্তাধাৰাৰ অনুসৰি জীৱন-যাপন কৰিবলৈ সক্ষম হ’ম। ফলস্বৰূপে, যি পৰিস্থিতিবোৰৰ বিষয়ে বাইবেলত পোনপটীয়াকৈ বৰ্ণনা কৰা হোৱা নাই, তেনে বিষয়তো আমি প্ৰায়ে “প্ৰভুৰ (যিহোৱাৰ, NW ) ইচ্ছা কি” তাক জানিবলৈ সক্ষম হ’ম।—ইফিচীয়া ৫:১৭.

উদাহৰণস্বৰূপে, মাৰ-ধৰ কৰা বা অশ্লীল কাৰ্য্যবোৰ দেখুৱা চিনেমা বা টিভি প্ৰ’গ্ৰামবোৰ নাচাবলৈ বাইবেলে পোনপটীয়াকৈ কোনো আজ্ঞা দিয়া নাই। কিন্তু এইবোৰ চাব লাগে নে নালাগে, তাৰ বাবে কোনো নিয়মৰ প্ৰয়োজন আছে জানো? মাৰ-ধৰ বা অশ্লীল কাৰ্য্যবোৰৰ বিষয়ে যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি, তাক আমি ভালদৰে জানোঁ। ঈশ্বৰৰ বাক্যই উল্লেখ কৰিছে যে “অত্যাচাৰপ্ৰিয় লোকক তেওঁৰ [যিহোৱাৰ] আত্মাই ঘিণ কৰে।” (গীতমালা ১১:৫) বাইবেলে ইয়াকো কৈছে: “ব্যভিচাৰী আৰু পৰস্ত্ৰীগামীবিলাকৰ সোধ-বিচাৰ ঈশ্বৰে কৰিব।” (ইব্ৰী ১৩:৪) ঈশ্বৰৰ প্ৰেৰণাৰে লিখা এই শব্দবোৰৰ ওপৰত ধ্যান কৰাৰ যোগেদি যিহোৱা ঈশ্বৰৰ ইচ্ছা কি, তাক আমি জানিব পাৰিম। গতিকে, ঈশ্বৰে ঘৃণা কৰা যিকোনো অশ্লীল মনোৰঞ্জনৰপৰা আমি আঁতৰি থাকিম। আমি জানোঁ যে জগতৰ লোকসকলে এনেধৰণৰ মনোৰঞ্জনবোৰ ক্ষতিকৰ নহয় বুলি ক’ব বিচাৰে। কিন্তু আমি এনেধৰণৰ মনোৰঞ্জনৰপৰা আঁতৰি থাকিলে, যিহোৱা ঈশ্বৰক আনন্দিত কৰিব পাৰিম। *

১০, ১১. আমি যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ কিয় নিৰ্ণয় লওঁ আৰু আমি কেনে ভাৱনাৰে তেওঁৰ আজ্ঞা পালন কৰোঁ?

১০ আমি যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাৰ প্ৰধান কাৰণ কি? আমি কিয় যিহোৱা ঈশ্বৰৰ চিন্তাধাৰা অনুসৰি প্ৰতিদিনে জীৱন-যাপন কৰিবলৈ বিচাৰোঁ? আমি শাস্তি পোৱাৰপৰা বাচিবলৈ বা বেয়া পৰিণামৰপৰা হাত সাৰিব বিচাৰোঁ, এনে নহয়। (গালাতীয়া ৬:৭) ইয়াৰ পৰিৱৰ্তে, যিহোৱা ঈশ্বৰৰ আজ্ঞাকাৰী হৈ তেওঁৰ প্ৰতি আমাৰ প্ৰেম দেখুৱাৰ এক সুযোগ বুলি আমি গণ্য কৰোঁ। যিদৰে এটি সন্তানে নিজৰ পিতৃৰ অনুমোদন পাব বিচাৰে, ঠিক সেইদৰে আমিও যিহোৱা ঈশ্বৰৰ অনুমোদন লাভ কৰিব বিচাৰোঁ। (গীতমালা ৫:১২) যিহোৱা ঈশ্বৰ আমাৰ পিতৃ হয় আৰু আমি তেওঁক ভাল পাওঁ। আমাৰ জীৱন-যাপনে “যিহোৱাৰ পৰা অনুগ্ৰহ” পোৱাৰ যোগ্য বুলি জানি যি আনন্দ আৰু সন্তুষ্টি পাওঁ সেয়া আন কোনো বস্তুৱে আমাক দিব নোৱাৰে।—হিতোপদেশ ১২:২.

১১ গতিকে, আমি নিজৰ পছন্দৰ অনুসৰি বা কোনো চৰ্তৰ বিনিময়ত বা দুই মনেৰে ঈশ্বৰৰ আজ্ঞা পালন কৰোঁ, এনে নহয়। * কোনটো আজ্ঞা পালন কৰিম বা কোনটো পালন নকৰিম, কোনটো সুবিধাজনক বা কোনটো পালন কৰিবলৈ অসুবিধা হ’ব, এনে নিৰ্ণয় আমি নলওঁ। ইয়াৰ পৰিৱৰ্তে, আমি “অন্তঃকৰণে সৈতে” আজ্ঞাকাৰী হওঁ। (ৰোমীয়া ৬:১৭) বাইবেলৰ এজন গীত ৰচকৰ দৰে আমিও একে অনুভৱ কৰোঁ। তেওঁ এইদৰে লিখিছিল: “তোমাৰ যি আজ্ঞা মই ভাল পাওঁ, সেইবোৰত মই হৰ্ষিত হম।” (গীতমালা ১১৯:৪৭) আমিও যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ ভাল পাওঁ। আমি জানোঁ যে কোনো চৰ্ত নৰখাকৈ আৰু সম্পূৰ্ণ হৃদয়েৰে আমি তেওঁৰ আজ্ঞা পালন কৰাটো যিহোৱা ঈশ্বৰে বিচাৰে। সঁচাকৈ, তেওঁ এনে পোৱাৰ যোগ্য। (দ্বিতীয় বিবৰণ ১২:৩২) যিহোৱা ঈশ্বৰে নোহৰ বিষয়ে কোৱাৰ দৰে, আমাৰ বিষয়েও কোৱাটো বিচাৰোঁ। বিশ্বাসী নোহে গোটেই জীৱনজুৰি যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰি, তেওঁৰ প্ৰতি নিজৰ প্ৰেম দেখুৱাইছিল। তেওঁৰ বিষয়ে বাইবেলে এইদৰে কৈছে: “তাতে নোহে সেই দৰে কৰিলে; ঈশ্বৰে আজ্ঞা দিয়াৰ দৰেই তেওঁ সকলোকে কৰিলে।”—আদিপুস্তক ৬:২২.

১২. আমি কেতিয়া যিহোৱা ঈশ্বৰৰ মনক আনন্দিত কৰোঁ?

১২ আমি স্ব-ইচ্ছাৰে যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিলে তেওঁ কেনে অনুভৱ কৰে? ঈশ্বৰৰ বাক্যই কয় যে আমি তেওঁৰ “মনক আনন্দিত” কৰোঁ। (হিতোপদেশ ২৭:১১) কিন্তু বাস্তৱতে, আমাৰ আজ্ঞা পালন কৰাই গোটেই জগতৰ সৃষ্টিকৰ্ত্তাৰ মনক আনন্দিত কৰেনে? নিশ্চয় কৰে। যিহোৱা ঈশ্বৰে আনন্দিত হোৱাৰ উচিত কাৰণ আছে। ঈশ্বৰে আমাক স্বাধীন ইচ্ছা দি সৃষ্টি কৰিছে। ইয়াৰ অৰ্থ হৈছে আমি ভাল-বেয়াৰ নিৰ্ণয় ল’ব পাৰোঁ। আমি ঈশ্বৰৰ আজ্ঞা পালন কৰিম নে নকৰিম, এই নিৰ্ণয় আমি নিজেই ল’ব পাৰোঁ। (দ্বিতীয় বিবৰণ ৩০:১৫, ১৬, ১৯, ২০) যেতিয়া আমি স্ব-ইচ্ছাৰে যিহোৱা ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ নিৰ্ণয় লওঁ আৰু সেই নিৰ্ণয়ৰ আঁৰত যিহোৱাৰ প্ৰতি গভীৰ প্ৰেম থাকে, তেতিয়া আমি যিহোৱাৰ মনক আনন্দিত কৰোঁ। (হিতোপদেশ ১১:২০) ইয়াৰ লগতে, আমিও জীৱনত উত্তম নিৰ্ণয় লৈছোঁ বুলি ক’ব পাৰোঁ।

“তেওঁৰ আজ্ঞাবোৰ ববলৈ গধুৰ নহয়”

১৩, ১৪. ঈশ্বৰৰ “আজ্ঞাবোৰ ববলৈ গধুৰ নহয়” বুলি কিয় ক’ব পাৰি আৰু ইয়াৰ বিষয়ে কেনেকৈ বৰ্ণনা কৰিব?

১৩ যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰৰ বিষয়ে পাঁচনি যোহনে এক গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে। তেওঁ এইদৰে কৈছে, “[ঈশ্বৰৰ] আজ্ঞাবোৰ ববলৈ গধুৰ নহয়।” বাইবেলৰ আন এখন অনুবাদত এইদৰে কোৱা হৈছে: “তেওঁৰ আজ্ঞাবোৰ আমাৰ বাবে বোজা নহয়।” (নিউ ইংলিছ ট্ৰান্‌চলেশ্ব্যান্‌) যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ যুক্তিসংগত হয় আৰু এইবোৰ পালন কৰিবলৈ গধুৰ নহয়। অসিদ্ধ মানুহৰ পক্ষে তেওঁৰ আজ্ঞাবোৰ পালন কৰিবলৈ কোনো অসুবিধা নহয়।

১৪ এই বিষয়ে ভালদৰে বুজিবলৈ আহক আমি এটা উদাহৰণলৈ ধ্যান দিওঁ। আপোনাৰ এজন ঘনিষ্ঠ বন্ধুৱে তেওঁৰ ঘৰ সাজিবলৈ আপোনাৰ সহায় বিচাৰিছে। ইয়াৰ বাবে বহুতো কাঠ কঢ়িয়াবলগীয়া আছে। ইয়াৰ ভিতৰত কিছুমান কাঠ এজন ব্যক্তিয়ে অকলেই কঢ়িয়াব পাৰে। কিন্তু আন কিছুমান গধুৰ আৰু কঢ়িয়াবলৈ দুজন ব্যক্তিৰ প্ৰয়োজন। আপুনি কোনবোৰ কাঠ কঢ়িয়াব, তাক আপোনাৰ বন্ধুৱে ক’ব। গধুৰ কাঠবোৰ তেওঁ আপোনাক কঢ়িয়াবলৈ ক’বনে? তেওঁ কেতিয়াও নকয়। আপুনি গধুৰ গধুৰ কাঠবোৰ অকলে কঢ়িয়াই আঘাত পোৱাটো আপোনাৰ বন্ধুৱে কেতিয়াও নিবিচাৰে। ঠিক সেইদৰে, আমাৰ মৰমিয়াল আৰু দয়ালু ঈশ্বৰে কেতিয়াও এনে আজ্ঞা আমাক নিদিয়ে, যিবোৰ পালন কৰিবলৈ কঠিন হ’ব। (দ্বিতীয় বিবৰণ ৩০:১১-১৪) আমি এনেধৰণৰ গধুৰ বোজা লোৱাটো যিহোৱা ঈশ্বৰে কেতিয়াও নিবিচাৰে। আমি কিমান কৰিব পাৰিম আৰু কিমান কৰিব নোৱাৰিম তাক যিহোৱা ঈশ্বৰে ভালদৰে জানে। ইয়াৰ বিষয়ে পবিত্ৰ শাস্ত্ৰই এইদৰে উল্লেখ কৰিছে যে ঈশ্বৰে “আমাৰ গঠন জানে, আমি যে ধূলি মাথোন, তাক তেওঁ সোঁৱৰণ কৰে।”—গীতমালা ১০৩:১৪.

১৫. আমি কিয় ভৰসা কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ আমাৰ বাবে উপকাৰজনক?

১৫ যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ কেতিয়াও গধুৰ নহয় আৰু এই আজ্ঞাবোৰ পালন কৰিলে আমাৰ উপকাৰ হ’ব। (যিচয়া ৪৮:১৭ পঢ়ক।) মোচিয়ে ইস্ৰায়েলীসকলক এইদৰে কৈছিল: “সদায় আমাৰ মঙ্গল হবলৈ, আৰু আজিৰ দৰে তেওঁ আমাক জীয়াই ৰাখিবলৈ, আমি যেন নিজ ঈশ্বৰ যিহোৱালৈ ভয় কৰোঁ, এই নিমিত্তে এই সকলো বিধি পালন কৰিবলৈ যিহোৱাই আমাক আজ্ঞা কৰিলে।” (দ্বিতীয় বিবৰণ ৬:২৪) মোচিৰ দৰে আমিও ভৰসা কৰিব পাৰোঁ যে যিহোৱা ঈশ্বৰে দিয়া নিয়মবোৰ আমাৰ উপকাৰৰ বাবে হয়। তেওঁ আমাৰ দীৰ্ঘদিনীয়া উপকাৰৰ বিষয়ে চিন্তা কৰে। সঁচাকৈ, ঈশ্বৰে দিয়া আজ্ঞাবোৰে আমাৰ কেতিয়াও অপকাৰ নকৰে। যিহোৱাৰ প্ৰজ্ঞা অসীম। (ৰোমীয়া ১১:৩৩) আমাৰ বাবে কি ভাল, তেওঁ তাক ভালদৰে জানে। ইয়াৰ উপৰিও যিহোৱা হৈছে প্ৰেমৰ এক উত্তম উদাহৰণ। (১ যোহন ৪:৮) প্ৰেম হৈছে ঈশ্বৰৰ প্ৰধান গুণ আৰু এই গুণ তেওঁৰ কথা আৰু কাৰ্য্যত দেখিবলৈ পোৱা যায়। এই প্ৰেমৰ আধাৰতেই ঈশ্বৰে তেওঁৰ সেৱকসকলক সকলো আজ্ঞা দিয়ে।

১৬. ভ্ৰষ্ট জগতৰ প্ৰভাৱ আৰু অসিদ্ধ শৰীৰৰ বাসনাবোৰ থকাৰ সত্ত্বেও, আমি কেনেকৈ ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিবলৈ সফল হ’ব পাৰোঁ?

১৬ এইটো সঁচা যে ঈশ্বৰৰ আজ্ঞাকাৰী হৈ থকাটো ইমান সহজ নহয়। আমি “পাপ-আত্মাৰ অধীনত” থকা এই ভ্ৰষ্ট জগতৰ বিৰুদ্ধে সংঘৰ্ষ কৰিবই লাগিব। (১ যোহন ৫:১৯) ইয়াৰ উপৰিও, যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ উলংঘন কৰাৰ বাবে প্ৰভাৱিত কৰিবলৈ বিচৰা আমাৰ অসিদ্ধ শৰীৰৰ বিৰুদ্ধে সংঘৰ্ষ কৰিব লাগিব। (ৰোমীয়া ৭:২১-২৫) কিন্তু ঈশ্বৰৰ প্ৰতি থকা আমাৰ প্ৰেমৰ বাবে আমি এই সংঘৰ্ষত সফল হ’ব পাৰিম। ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰি নিজৰ প্ৰেমৰ প্ৰমাণ দিব বিচৰা লোকসকলক তেওঁ আশীৰ্বাদ দিয়ে। যিহোৱা ঈশ্বৰে “তেওঁৰ আজ্ঞা মনাবিলাকক” পবিত্ৰ আত্মা দিয়ে। (পাঁচনিৰ কৰ্ম্ম ৫:৩২) সেই পবিত্ৰ আত্মাই এনে কিছুমান গুণ বিকশিত কৰিবলৈ সহায় কৰে, যাৰ দ্বাৰা আমি ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰিবলৈ সফল হ’ব পাৰোঁ।—গালাতীয়া ৫:২২, ২৩.

১৭, ১৮. (ক) এই কিতাপখনত আমি কি কি বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ কোনবোৰ বিষয় আমি মনত ৰখা উচিত? (খ) পৰৱৰ্তী অধ্যায়ত কিহৰ বিষয়ে আলোচনা কৰা হ’ব?

১৭ এই কিতাপখনত আমি যিহোৱা ঈশ্বৰৰ সিদ্ধান্ত, নৈতিক মানদণ্ড আৰু বিভিন্ন বিষয়ৰ লগত জড়িত থকা তেওঁৰ উদ্দেশ্যৰ বিষয়ে আলোচনা কৰিম। যিহোৱা ঈশ্বৰৰ সিদ্ধান্তবোৰ আলোচনা কৰাৰ সময়ত আমি কেইবাটাও গুৰুত্বপূৰ্ণ কথা মনত ৰখা উচিত। যিহোৱা ঈশ্বৰে কেতিয়াও তেওঁৰ নিয়ম আৰু সিদ্ধান্তবোৰ পালন কৰিবলৈ আমাক বাধ্য নকৰায়। ইয়াৰ পৰিৱৰ্তে আমি স্ব-ইচ্ছাৰে হৃদয়ৰপৰা আজ্ঞাবোৰ পালন কৰাটো তেওঁ বিচাৰে। আমি এই কথা কেতিয়াও পাহৰা উচিত নহয় যে যিহোৱা ঈশ্বৰে আমাক এনেদৰে জীৱন-যাপন কৰাটো বিচাৰে, যাৰ যোগেদি আমি বৰ্তমান সময়ত বহুতো আশীৰ্বাদ আৰু ভৱিষ্যতে অনন্ত জীৱন লাভ কৰিবলৈ সক্ষম হ’ম। গতিকে, আহক আমি মনে-প্ৰাণে যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰি, তেওঁৰ প্ৰতি আমাৰ কিমান প্ৰেম আছে তাক প্ৰকাশ কৰোঁ আৰু এয়া হৈছে আমাৰ বাবে এক সুন্দৰ সুযোগ।

১৮ কি ভাল আৰু কি বেয়া, তাৰ নিৰ্ণয় ল’বলৈ যিহোৱা ঈশ্বৰে আমাক বিবেক দিছে। যদি আমি আমাৰ বিবেকে সঠিক পথ দেখুৱাটো বিচাৰোঁ, তেনেহ’লে ইয়াক প্ৰশিক্ষণ দিয়াৰ প্ৰয়োজন আছে। ইয়াৰ বিষয়ে আমি পৰৱৰ্তী অধ্যায়ত আলোচনা কৰিম।

^ অনু. 9 ভাল মনোৰঞ্জন কেনেকৈ বাছনি কৰিব পাৰি, তাৰ বিষয়ে অধিক জানিবলৈ এই কিতাপখনৰ ৬ অধ্যায়ত চাওক।

^ অনু. 11 আনকি দুষ্ট প্ৰাণীবোৰেও দুই মনেৰে আজ্ঞা পালন কৰিছিল। যীচুৱে দুষ্ট প্ৰাণীবোৰক কিছুমান লোকৰপৰা ওলাই যাবলৈ যেতিয়া আদেশ দিছিল, তেতিয়া তেওঁলোকে অনিচ্ছা সত্ত্বেও যীচুৰ অধিকাৰক স্বীকাৰ কৰি তেওঁৰ আজ্ঞা পালন কৰিছিল।—মাৰ্ক ১:২৭; ৫:৭-১৩.