Skip to content

Skip to table of contents

অধ্যায় ৬

ভাল মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব

ভাল মনোৰঞ্জন কেনেকৈ নিৰ্বাচন কৰিব

“সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।”—১ কৰিন্থীয়া ১০:৩১.

১, ২. মনোৰঞ্জনৰ বিষয়ে আমি কি নিৰ্ণয় লোৱা উচিত?

কল্পনা কৰক যে আপুনি এটা সোৱাদ লগা ফল খাবলৈ লৈছে। কিন্তু হঠাতে আপুনি লক্ষ্য কৰিলে যে ফলটোৰ কিছু অংশ পচা আছে। আপুনি এতিয়া কি কৰিব? অন্ততঃ আপুনি তিনিটা কাম কৰিব পাৰে। প্ৰথমে, আপুনি পচা অংশৰ সৈতে গোটেই ফলটো খাব পাৰে। দ্বিতীয়তে, আপুনি গোটেই ফলটো পেলাই দিব পাৰে। তৃতীয়তে, ফলৰ পচা অংশখিনি কাটি বাকী অংশ খাব পাৰে। এনে পৰিস্থিতিত আপুনি কি কৰিব?

এক কথাত ক’বলৈ গ’লে, মনোৰঞ্জনো হৈছে সেই ফলৰ নিচিনা। কেতিয়াবা কেতিয়াবা আপুনি মনোৰঞ্জন কৰিব বিচাৰে, কিন্তু আপুনি অনুভৱ কৰিব পাৰিছে যে বৰ্তমান সময়ৰ বেছিভাগ মনোৰঞ্জন পচা ফলৰ দৰে একেবাৰে বেয়া হৈ পৰিছে। এনে ক্ষেত্ৰত আপুনি কি কৰিব? কিছুমান লোকে হয়তো জগতে আগবঢ়োৱা যিকোনো মনোৰঞ্জনৰ আনন্দ ল’ব। আন কিছুমান লোকে হয়তো বেয়া প্ৰভাৱত নপৰিবলৈ সকলোধৰণৰ মনোৰঞ্জন উপভোগ কৰাৰপৰা আঁতৰি থাকিব পাৰে। কিছুমান লোকে বেয়া মনোৰঞ্জন ত্যাগ কৰি, ভাল মনোৰঞ্জনৰ আনন্দ লয়। ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ হ’লে আপুনি কি নিৰ্ণয় ল’ব?

৩. এতিয়া আমি কিহৰ বিষয়ে আলোচনা কৰিম?

আমাৰ মাজৰ প্ৰায়ভাগ লোকে তৃতীয় উপায়টো বাছনি কৰিব। আমি জানোঁ যে আমাৰ বাবে কিছু মনোৰঞ্জনৰ প্ৰয়োজন আছে, কিন্তু আমি নৈতিকভাৱে শুদ্ধ আৰু ভাল মনোৰঞ্জনৰ আনন্দ ল’ব বিচাৰোঁ। সেইবাবে, আমাক বিবেচনা কৰাৰ প্ৰয়োজন আছে যে কোনবোৰ মনোৰঞ্জন ভাল আৰু কোনবোৰ বেয়া। এই বিষয়ে আলোচনা কৰাৰ আগতে, আহক আমি প্ৰথমে ধ্যান দিওঁ যে আমি বাছনি কৰা মনোৰঞ্জনবোৰে আমাৰ উপাসনাত কেনেদৰে প্ৰভাৱ পেলায়।

“সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা”

৪. আমাৰ সমৰ্পণে মনোৰঞ্জন বাছনি কৰাৰ ক্ষেত্ৰত কেনেদৰে প্ৰভাৱ পেলায়?

এজন বৃদ্ধ ভাই, যিয়ে ১৯৪৬ চনত বাপ্তিষ্মা লৈছিল তেওঁ কেইবছৰমানৰ আগতে এইদৰে কৈছিল, “মই প্ৰতিটো বাপ্তিষ্মাৰ ভাষণ শুনিবলৈ সদায় উপস্থিত থকাটো নিশ্চিত কৰোঁ। মই এই ভাষণ ধ্যান দি শুনোঁ যেন মোৰেই বাপ্তিষ্মা হ’বলৈ গৈ আছে।” তেওঁ এইদৰে কিয় কৰিছিল? তেওঁ কৈছিল, “সমৰ্পণৰ বিষয়ে মনত ৰখাই মোক ঈশ্বৰৰ বিশ্বাসী হৈ থাকিবলৈ সহায় কৰে।” ভাইৰ এই কথাষাৰৰ লগত আপুনিও নিশ্চয় সন্মত। গোটেই জীৱনজুৰি যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ কৰা প্ৰতিজ্ঞাৰ বিষয়ে ধ্যান কৰিলে, আপুনি বিশ্বাসত স্থিৰে থাকিবলৈ অনুপ্ৰাণিত হ’ব। (উপদেশক ৫:৪ পঢ়ক।) আপুনি সমৰ্পণৰ বিষয়ে সদায় ধ্যান কৰি থাকিলে, ইয়ে আপোনাক অন্তৰৰপৰা যিহোৱা ঈশ্বৰক সেৱা কৰিবলৈ উৎসাহিত কৰিব আৰু লগতে মনোৰঞ্জন তথা জীৱনৰ বিভিন্ন দিশত সঠিক দৃষ্টিভংগী ৰাখিবলৈ সহায় কৰিব। ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি পাঁচনি পৌলে সত্য খ্ৰীষ্টানসকলক এইদৰে কৈছিল, “তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।”—১ কৰিন্থীয়া ১০:৩১.

৫. ৰোমীয়া ১২:১ পদত উল্লেখ কৰা সতৰ্কবাণী বুজিবলৈ, লেবীয়া পুস্তক ২২:১৮-২০ পদৰ বৰ্ণনাই কেনেকৈ সহায় কৰে?

আমি কৰা যিকোনো কামেই আমাৰ উপাসনাৰ ওপৰত প্ৰভাৱ পৰে। এই সত্যতা ৰোমীয় মণ্ডলীলৈ লিখা চিঠিখনৰ শব্দবোৰৰপৰা বুজিব পাৰি। পৌলে লিখিছিল, “তোমালোকে নিজ নিজ শৰীৰক জীৱিত, পবিত্ৰ, আৰু ঈশ্বৰৰ গ্ৰহণীয় বলিস্বৰূপে উৎসৰ্গ কৰা; এয়েই তোমালোকৰ যুক্তিসঙ্গত আৰাধনা।” (ৰোমীয়া ১২:১) শৰীৰ বুলি কওঁতে ইয়াত মগজু, হৃদয় আৰু আমাৰ শক্তি জড়িত হৈ আছে। গতিকে, এই সকলোবোৰ আমি যিহোৱা ঈশ্বৰৰ সেৱাৰ বাবে ব্যৱহাৰ কৰোঁ। (মাৰ্ক ১২:৩০) পৌলৰ অনুসৰি মনে-প্ৰাণে ঈশ্বৰক সেৱা কৰাটোৱেই হৈছে এক বলিদান। আমাৰ সেৱাক “বলিদান” বুলি কওঁতে ইয়াৰ আঁৰত এক সতৰ্কবাণীও জড়িত আছে। মোচিৰ নিয়ম অনুসৰি ঘুণীয়া জীৱ-জন্তুৰ বলিদান যিহোৱা ঈশ্বৰে গ্ৰহণ নকৰে। (লেবীয়া পুস্তক ২২:১৮-২০) ঠিক সেইদৰে, যদি এজন সত্য খ্ৰীষ্টানে আগবঢ়োৱা আধ্যাত্মিক বলিদানত কিবা ঘুণ থাকে, তেনেহ’লে তেওঁৰ বলিদান ঈশ্বৰে গ্ৰহণ নকৰিব। গতিকে, এনে কি বিষয় হ’ব পাৰে যাৰ বাবে আমাৰ বলিদান যিহোৱা ঈশ্বৰে গ্ৰহণ নকৰিব?

৬, ৭. এজন সত্য খ্ৰীষ্টানে নিজৰ শৰীৰক কেনেকৈ কলুষিত কৰিব পাৰে আৰু ইয়াৰ পৰিণাম কি হ’ব পাৰে?

পৌলে ৰোমৰ ভাই-ভনীসকলক উপদেশ দিছিল, “তোমালোকৰ মৰ্ত্ত্য শৰীৰত পাপক ৰাজত্ব কৰিবলৈ নিদিবা।” ইয়াৰ উপৰিও পৌলে তেওঁলোকক, “শৰীৰৰ কৰ্ম্মবোৰ বধ” কৰিবলৈ কৈছিল। (ৰোমীয়া ৬:১২-১৪; ৮:১৩) “শৰীৰৰ কৰ্ম্মবোৰ” কি হয়, তাৰ বিষয়ে কিছুমান উদাহৰণ পৌলে এই চিঠিৰ আৰম্ভণিত উল্লেখ কৰিছিল। পাপী মানৱৰ বিষয়ে আমি পঢ়োঁ যে “সিহঁতৰ মুখো শাও আৰু কটুবাক্যেৰে পৰিপূৰ্ণ; সিহঁতৰ ভৰি ৰক্তপাত কৰিবলৈ বেগী।” আৰু “সিহঁতৰ চকুৰ আগত ঈশ্বৰলৈ ভয় নাই।” (ৰোমীয়া ৩:১৩-১৮) এজন সত্য খ্ৰীষ্টানে যদি নিজৰ “অঙ্গ-প্ৰত্যঙ্গবোৰ” অসৎ কাৰ্য্যৰ বাবে ব্যৱহাৰ কৰে, তেনেহ’লে তেওঁ নিজৰ শৰীৰক কলুষিত কৰা যেন হয়। উদাহৰণস্বৰূপে, যদি এজন সত্য খ্ৰীষ্টানে জানি-শুনি অশ্লীল বা মাৰ-পিট থকা চিনেমা চায়, তেনেহ’লে তেওঁ নিজৰ চকুক “পাপলৈ সমৰ্পণ” কৰে আৰু নিজৰ শৰীৰক কলুষিত কৰে। এনে ব্যক্তিয়ে আগবঢ়োৱা যিকোনো সেৱা এটা বলিদানৰ দৰে হয়, কিন্তু ই পবিত্ৰ নহয় আৰু যিহোৱা ঈশ্বৰে ইয়াক কেতিয়াও গ্ৰহণ নকৰে। (দ্বিতীয় বিবৰণ ১৫:২১; ১ পিতৰ ১:১৪-১৬; ২ পিতৰ ৩:১১) সঁচাকৈ, বেয়া মনোৰঞ্জন উপভোগ কৰিলে ভয়ানক পৰিণাম ভুগীবলগীয়া হ’ব পাৰে।

নিঃসন্দেহ, এজন সত্য খ্ৰীষ্টানে যদি মনোৰঞ্জনৰ বিষয়ে ভুল নিৰ্ণয় লয়, তেনেহ’লে ইয়াৰ পৰিণাম গুৰুতৰ হ’ব পাৰে। সেইবাবে, আমি এনে মনোৰঞ্জন বাছনি কৰা উচিত, যিবোৰে যিহোৱা ঈশ্বৰলৈ আগবঢ়োৱা আমাৰ বলিদানক কলুষিত নকৰি আকৰ্ষণীয় কৰি তোলে। এতিয়া প্ৰশ্ন হ’ব পাৰে যে কেনেধৰণৰ মনোৰঞ্জন ভাল আৰু কেনেধৰণৰ মনোৰঞ্জন বেয়া, তাক আমি কেনেকৈ বাছনি কৰিম? আহক আমি ইয়াৰ বিষয়ে আলোচনা কৰোঁ।

“যি মন্দ, তাক ঘিণ কৰা”

৮, ৯. (ক) মনোৰঞ্জনৰ দুটা ভাগ কি কি? (খ) আমি কেনেধৰণৰ মনোৰঞ্জনৰপৰা আঁতৰি থকা উচিত আৰু কিয়?

সাধাৰণতে, মনোৰঞ্জনক দুটা শ্ৰেণীত বিভক্ত কৰিব পাৰি। এটা হৈছে, এনে কিছুমান মনোৰঞ্জন যিবোৰৰপৰা সত্য খ্ৰীষ্টানসকলে একেবাৰে আঁতৰি থাকে। আনটো হৈছে, এনে কিছুমান মনোৰঞ্জন যিবোৰ সত্য খ্ৰীষ্টানসকলে উপভোগ কৰিব পাৰে নে নোৱাৰে তাৰ নিৰ্ণয় নিজে লয়। আহক আমি প্ৰথমটোৰ বিষয়ে আলোচনা কৰোঁ, যিবোৰৰপৰা সত্য খ্ৰীষ্টানসকলে একেবাৰে আঁতৰি থকা উচিত।

আমি এক অধ্যায়ত শিকিলোঁ যে কিছুমান মনোৰঞ্জনত এনে কাৰ্য্য দেখুৱা হয়, যাক বাইবেলত কঠোৰ ভাষাৰে নিন্দা কৰিছে। উদাহৰণস্বৰূপে, কিছুমান ৱেবছাইট, চিনেমা, টিভিৰ কাৰ্য্যক্ৰম, সংগীত আদিয়ে অশ্লীল বা ভূতপ্ৰেতৰ কাৰ্য্য কৰিবলৈ উৎসাহিত কৰে। এনেধৰণৰ মনোৰঞ্জনে বাইবেলৰ সিদ্ধান্ত আৰু নিয়মবোৰক উলংঘন কৰে। কিন্তু এই ঘৃনণীয় আৰু অশ্লীলতাৰে ভৰি থকা মনোৰঞ্জনবোৰ এনেদৰে প্ৰস্তুত কৰা হয় যেন ই আমাক কোনো ক্ষতি কৰিব নোৱাৰে। এনে মনোৰঞ্জনৰপৰা সত্য খ্ৰীষ্টানসকলে একেবাৰে আঁতৰি থকা উচিত। (পাঁচনিৰ কৰ্ম্ম ১৫:২৮, ২৯; ১ কৰিন্থীয়া ৬:৯, ১০; প্ৰকাশিত বাক্য ২১:৮) এনে ক্ষতিকৰ মনোৰঞ্জনবোৰৰপৰা আঁতৰি থকাৰ যোগেদি আপুনি যিহোৱা ঈশ্বৰক প্ৰমাণ দিছে যে আপুনি “যি মন্দ, তাক ঘিণ” কৰে আৰু সদায় “দুষ্টতাৰ পৰা আঁতৰি” থাকিবলৈ চেষ্টা কৰে। এনে কাৰ্য্যই প্ৰমাণ কৰিব যে আপোনাৰ ‘বিশ্বাসত’ কোনো কপট নাই।—ৰোমীয়া ১২:৯; গীতমালা ৩৪:১৪; ১ তীমথিয় ১:৫.

১০. মনোৰঞ্জনৰ বিষয়ে কেনেধৰণৰ ভাৱধাৰা বিপদজনক হ’ব পাৰে আৰু কিয়?

১০ কিছুমান লোকে হয়তো অনৈতিকতাৰে ভৰা চিনেমা বা টিভিৰ কাৰ্য্যক্ৰম চোৱাটো কোনো ক্ষতিকৰ নহয় বুলি ভাবিব পাৰে। তেওঁলোকে এইদৰে যুক্তি দৰ্শায়, ‘মই কেৱল এইবোৰ চিনেমা বা টিভিৰ কাৰ্য্যক্ৰমতহে চাওঁ, কিন্তু মই নিজে এইবোৰ কেতিয়াও নকৰোঁ।’ এনেধৰণৰ ভাৱধাৰাই নিজকে ভ্ৰান্ত কৰে আৰু ই বিপদজনক হয়। (যিৰিমিয়া ১৭:৯ পঢ়ক।) যদি যিহোৱা ঈশ্বৰে ঘিণ কৰা কাৰ্য্যবোৰ আমাক উপভোগ কৰাটো ভাল লাগে, তেনেহ’লে আমি সঁচাকৈ, “যি মন্দ, তাক ঘিণ” কৰোঁনে? সঘনাই অনৈতিকতাৰে ভৰা কাৰ্য্যক্ৰমবোৰ চাই থাকিলে, আমাৰ ভাল-বেয়া বিচাৰ কৰাৰ শক্তি লাহে লাহে কমি আহিব। (গীতমালা ১১৯:৭০; ১ তীমথিয় ৪:১, ২) এনেধৰণৰ অভ্যাসবোৰে আমাৰ নিজৰ বা আনে কৰা বেয়া কাৰ্য্যবোৰৰ প্ৰতি আমাৰ দৃষ্টিভংগীত বেয়াকৈ প্ৰভাৱ পেলাব পাৰে।

১১. মনোৰঞ্জনৰ বিষয়ে গালাতীয়া ৬:৭ পদে কিদৰে সত্য বুলি প্ৰমাণিত হৈছে?

১১ আচলতে, এনেধৰণৰ ঘটনা আগতে হোৱা দেখিবলৈ পোৱা যায়। বেয়া মনোৰঞ্জন উপভোগ কৰাৰ অভ্যাস থকাৰ বাবে কিছুমান সত্য খ্ৰীষ্টানে অনৈতিক কাৰ্য্য কৰিবলৈ প্ৰলোভিত হৈছিল। তেওঁলোকে বেয়া পৰিণাম বা দুখ-কষ্ট ভোগাৰ যোগেদি এই সত্যতা বুজিব পাৰিলে যে “মানুহে যিহকে বয়, তাকেহে দাব।” (গালাতীয়া ৬:৭) কিন্তু এনেধৰণৰ বেয়া পৰিণামৰপৰা আঁতৰি থাকিব পৰা যায়। যদি আপুনি আপোনাৰ মন আৰু হৃদয় ভাল চিন্তাধাৰাৰে পূৰ কৰে, তেনেহ’লে আপোনাৰ জীৱন আনন্দেৰে ভৰি পৰিব আৰু আপুনি ভাল পৰিণাম লাভ কৰিবলৈ সক্ষম হ’ব।—“ মই কেনেধৰণৰ মনোৰঞ্জন বাছনি কৰা উচিত?” নামৰ বক্সত চাওক।

বাইবেলৰ সিদ্ধান্ত অনুসৰি ব্যক্তিগত নিৰ্ণয় লওক

১২. গালাতীয়া ৬:৫ পদটো মনোৰঞ্জনৰ ক্ষেত্ৰত কেনেকৈ সম্পৰ্ক আছে আৰু ব্যক্তিগত নিৰ্ণয় লোৱাৰ সময়ত আমি কি সহায় লাভ কৰোঁ?

১২ আহক আমি এতিয়া মনোৰঞ্জনৰ লগত জড়িত থকা দ্বিতীয় বিষয়টো আলোচনা কৰোঁ। এই মনোৰঞ্জনবোৰত দেখুৱা কাৰ্য্যবোৰৰ বিষয়ে বাইবেলে পোনপটীয়াকৈ বাধা-আৰোপ কৰা নাই বা ভাল বুলিও কোৱা নাই। এনে মনোৰঞ্জন বাছনি কৰাৰ সময়ত প্ৰতিজন খ্ৰীষ্টানে ব্যক্তিগতভাৱে নিৰ্ণয় লোৱা উচিত। (গালাতীয়া ৬:৫ পঢ়ক।) কিন্তু এনে পৰিস্থিতিৰ সন্মুখীন হোৱাৰ সময়ত নিৰ্ণয় লোৱাৰ বাবে বাইবেলে আমাক সহায় কৰে। বাইবেলত এনে কিছুমান সিদ্ধান্ত বা সত্যতা বৰ্ণনা আছে, যিবোৰে যিহোৱা ঈশ্বৰৰ চিন্তাধাৰাৰ বিষয়ে জানিবলৈ সহায় কৰে। এই সিদ্ধান্তবোৰৰ ওপৰত ধ্যান দিয়াৰ যোগেদি আমি মনোৰঞ্জনৰ লগতে আন সকলো বিষয়তে “প্ৰভুৰ [“যিহোৱাৰ,” NW] ইচ্ছা কি” তাক জানিবলৈ সক্ষম হ’ম।—ইফিচীয়া ৫:১৭.

১৩. যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰা মনোৰঞ্জনবোৰৰপৰা আঁতৰি থাকিবলৈ আমাক কিহে অনুপ্ৰাণিত কৰে?

১৩ আমি জানোঁ যে সকলো সত্য খ্ৰীষ্টানৰ আধ্যাত্মিক উন্নতি একে সমান নহয়। কোনো এজনৰ ভাল-বেয়াৰ বিষয়ে থকা নৈতিক জ্ঞান বা বিবেচনা শক্তি আন এজনৰ লগত নিমিলিবও পাৰে। (ফিলিপীয়া ১:৯, ১০) সত্য খ্ৰীষ্টানসকলে উপলব্ধি কৰে যে মনোৰঞ্জনৰ ক্ষেত্ৰত সকলোৰে পছন্দ বেলেগ বেলেগ। সেইবাবে, সকলোৰে নিৰ্ণয় একে হ’ব বুলি আমি কেতিয়াও আশা কৰিব নোৱাৰোঁ। যিমানেই আমি আমাৰ মন আৰু হৃদয়ক ঈশ্বৰীয় সিদ্ধান্তবোৰৰ দ্বাৰা প্ৰভাৱিত হ’বলৈ দিওঁ, সিমানেই আমি যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰা মনোৰঞ্জনবোৰৰপৰা আঁতৰি থাকিবলৈ সক্ষম হওঁ।—গীতমালা ১১৯:১১, ১২৯; ১ পিতৰ ২:১৬.

১৪. (ক) আমি মনোৰঞ্জন বাছনি কৰাৰ সময়ত কি বিষয়ৰ ওপৰত গুৰুত্ব দিয়া উচিত? (খ) আমাৰ জীৱনত আধ্যাত্মিক বিষয়বোৰক কেনেকৈ প্ৰথমস্থান দিব পাৰোঁ?

১৪ মনোৰঞ্জন বাছনি কৰাৰ সময়ত বিবেচনা কৰিবলগীয়া আন এক গুৰুত্বপূৰ্ণ বিষয় ধ্যান দিয়াৰ প্ৰয়োজন আছে। সেয়া হৈছে ইয়াত অতিবাহিত কৰা সময়। আপুনি গ্ৰহণযোগ্য বুলি ভবা মনোৰঞ্জনৰ বাবে কিমান সময় অতিবাহিত কৰে, সেয়াই প্ৰমাণ কৰিব যে আপোনাৰ বাবে কি গুৰুত্বপূৰ্ণ। নিঃসন্দেহ, সত্য খ্ৰীষ্টানসকলৰ বাবে আধ্যাত্মিক বিষয়বোৰ গুৰুত্বপূৰ্ণ হয়। (মথি ৬:৩৩ পঢ়ক।) সেইবাবে, আধ্যাত্মিক বিষয়বোৰ আপোনাৰ জীৱনত সদায় প্ৰথমস্থানত থকাটো আপুনি কেনেকৈ নিশ্চিত কৰিব? পাঁচনি পৌলে কৈছিল, “কি দৰে চলা, তালৈ সাৱধানে চাবা; অজ্ঞানৰ দৰে নহয়, কিন্তু জ্ঞানীৰ দৰে চলিবা।” (ইফিচীয়া ৫:১৫, ১৬) যদি আপুনি মনোৰঞ্জনৰ বাবে কিমান সময় অতিবাহিত কৰিব তাক নিৰ্দ্ধাৰণ কৰি লয়, তেনেহ’লে “যি যি শ্ৰেষ্ঠ” তাৰ বাবে বেছি সময় দিব পাৰিব আৰু আপুনি আধ্যাত্মিকভাৱে দৃঢ় হ’ব।—ফিলিপীয়া ১:৯.

১৫. মনোৰঞ্জন বাছনি কৰাৰ সময়ত সাৱধানতা অৱলম্ভন কৰাটো কিয় বুদ্ধিমানৰ কাম হ’ব?

১৫ আমি মনোৰঞ্জন বাছনি কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰাটো বুদ্ধিমানৰ কাম হ’ব। ইয়াৰ অৰ্থ কি বাৰু? উত্তৰ পাবলৈ আহক আমি পুনৰ সেই ফলৰ উদাহৰণটোলৈ ধ্যান দিওঁ। আমি যাতে ফলৰ পচা অংশখিনি অজানিতে খাই নিদিওঁ, তাৰ বাবে পচা অংশখিনি কটাৰ লগতে আৰু অলপ বেছিকৈ কাটি পেলাওঁ। ঠিক সেইদৰে, মনোৰঞ্জন বাছনি কৰাৰ সময়তো সতৰ্কতা অৱলম্বন কৰাটো বুদ্ধিমানৰ কাম হ’ব। এজন বুদ্ধিমান খ্ৰীষ্টানে কেৱল বাইবেলৰ সিদ্ধান্তবোৰ উলংঘন কৰা মনোৰঞ্জনৰপৰা আঁতৰি থকাই নহয়, কিন্তু যিবোৰ মনোৰঞ্জন উপভোগ কৰিলে আপত্তিজনক বা ঈশ্বৰৰ লগত তেওঁৰ সম্পৰ্কত বাধা আহিব পাৰে, তেনে মনোৰঞ্জনৰপৰাও আঁতৰি থাকে। (হিতোপদেশ ৪:২৫-২৭) ঈশ্বৰৰ বাক্যত দিয়া পৰামৰ্শবোৰ পালন কৰিলে আপুনি বেয়া মনোৰঞ্জনৰপৰা আঁতৰি থাকিবলৈ সক্ষম হ’ব।

“যি যি শুদ্ধ” তাক কৰক

মনোৰঞ্জন বাছনি কৰাৰ ক্ষেত্ৰত বাইবেলৰ সিদ্ধান্ত পালন কৰিলে আমি সুৰক্ষিত থাকিম

১৬. (ক) আমি নৈতিক বিষয়বোৰত যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী ৰাখোঁ বুলি কেনেকৈ প্ৰমাণ কৰোঁ? (খ) বাইবেলৰ সিদ্ধান্তবোৰৰ অনুসৰি জীৱন অতিবাহিত কৰাটো আপোনাৰ বাবে কেনেকৈ অভ্যাসত পৰিণত হ’ব?

১৬ মনোৰঞ্জন বাছনি কৰাৰ সময়ত সত্য খ্ৰীষ্টানসকলে প্ৰথমে যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি, তাৰ বিষয়ে ধ্যান দিয়া উচিত। বাইবেলত যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী আৰু মাণদণ্ডবোৰৰ বিষয়ে বৰ্ণনা আছে। উদাহৰণস্বৰূপে, যিহোৱা ঈশ্বৰে ভাল নোপোৱা কেইবাটাও বিষয়ে ৰজা চলোমনে উল্লেখ কৰিছিল। যেনে “মিছা কথা কোৱা জিবা, নিৰ্দ্দোষীৰ ৰক্তপাতী হাত, কুকল্পনা কৰা মন, কুকৰ্ম্ম কৰিবলৈ লৰ মৰা কথাত বেগী ভৰি।” (হিতোপদেশ ৬:১৬-১৯) যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী, আপোনাৰ দৃষ্টিভংগীৰ ওপৰত কেনেদৰে প্ৰভাৱিত হোৱা উচিত? গীতৰচকে আমাক উৎসাহিত কৰিছে: “হে যিহোৱাক প্ৰেম কৰোঁতাবিলাক, দুষ্টতাক ঘিণ কৰা।” (গীতমালা ৯৭:১০) আপুনি উপভোগ কৰা মনোৰঞ্জনে দেখুৱাব যে যিহোৱা ঈশ্বৰে যি বেয়া পায় তাক আপুনিও বেয়া পায়। (গালাতীয়া ৫:১৯-২১) গতিকে মনত ৰখা উচিত যে আনৰ আগত কৰা কাৰ্য্যই আপোনাৰ ব্যক্তিত্বৰ পৰিচয় নিদিয়ে কিন্তু অকলশৰীয়াকৈ আপুনি যি কৰে, সেয়াই প্ৰমাণ কৰিব যে আচলতে আপুনি কেনেধৰণৰ ব্যক্তি। (গীতমালা ১১:৪; ১৬:৮) সেইবাবে, যদি আপুনি নৈতিক বিষয়বোৰত যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী ৰাখিবলৈ ইচ্ছা কৰে, তেনেহ’লে আপোনাৰ সকলো নিৰ্ণয় বাইবেলৰ ওপৰত আধাৰিত হ’ব। আপুনি এইদৰে কৰি থাকিলে, ই আপোনাৰ অভ্যাসত পৰিণত হ’ব।—২ কৰিন্থীয়া ৩:১৮.

১৭. মনোৰঞ্জন বাছনি কৰাৰ আগতে আমি নিজকে কি প্ৰশ্ন সোধা উচিত?

১৭ মনোৰঞ্জন বাছনি কৰাৰ সময়ত আপুনি যিহোৱা ঈশ্বৰৰ চিন্তাধাৰা অনুসৰি কাৰ্য্য কৰিছে বুলি কেনেকৈ নিশ্চিত কৰিব? আমি নিজকে এই প্ৰশ্ন সুধিব পাৰোঁ, ‘এই মনোৰঞ্জনে মোৰ আৰু যিহোৱা ঈশ্বৰৰ লগত থকা সম্পৰ্কত কি প্ৰভাৱ পেলাব?’ উদাহৰণস্বৰূপে, কিছুমান চিনেমা চোৱাৰ আগতে আমি নিজকে সোধা উচিত, ‘এই চিনেমাত দেখুৱাবলগীয়া বিষয়বোৰে মোৰ বিবেকত কি প্ৰভাৱ পৰিব?’ ইয়াৰ বাবে বাইবেলৰ কি সিদ্ধান্ত পালন কৰিব পাৰি, আহক আমি তাৰ বিষয়ে আলোচনা কৰোঁ।

১৮, ১৯. (ক) ফিলিপীয়া ৪:৮ পদত উল্লেখ কৰা সিদ্ধান্তৰ আধাৰত আমাৰ মনোৰঞ্জনবোৰ হিতকৰ হয় বুলি আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ? (খ) হিতকৰ মনোৰঞ্জন বাছনি কৰিবলৈ আৰু কি কি সিদ্ধান্তই আপোনাক সহায় কৰিব? (ফুটনোট চাওক।)

১৮ এক গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে ফিলিপীয়া ৪:৮ পদত এইদৰে বৰ্ণনা আছে, “যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যি কোনো সদ্‌গুণ, আৰু যি কোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা।” নিঃসন্দেহ, পৌলে ইয়াত মনোৰঞ্জনৰ বিষয়ে আলোচনা কৰা নাই। কিন্তু আমি কেনেকৈ মনে-প্ৰাণে নিজৰ হৃদয়ত সেই বিষয়বোৰ চিন্তা কৰা উচিত যিবোৰে যিহোৱা ঈশ্বৰক প্ৰশংসা কৰিব, তাৰ বিষয়ে আলোচনা কৰিছে। (গীতমালা ১৯:১৪) কিন্তু পৌলৰ পৰামৰ্শ সিদ্ধান্ত হিচাপে মনোৰঞ্জনৰ ক্ষেত্ৰতো প্ৰযোজ্য। ই কেনেকৈ বাৰু?

১৯ আমি নিজকে সুধিব পাৰোঁ, ‘মই চিনেমা, সংগীত, ভিডিঅ’ গেইম বা আন যিকোনো মনোৰঞ্জন উপভোগ কৰাৰ সময়ত, ইয়ে মোৰ মন আৰু হৃদয়ক “শুদ্ধ” বিষয়বোৰেৰে পূৰ কৰেনে?’ উদাহৰণস্বৰূপে, এখন চিনেমা চোৱাৰ পাছত আপোনাৰ মনলৈ কেনেধৰণৰ দৃশ্য আহি থাকে? যদি এইবোৰে আপোনাক আনন্দিত আৰু সতেজ কৰি তোলে, তেনেহ’লে বুজিব পাৰিব যে আপুনি উপভোগ কৰা মনোৰঞ্জন ভাল আছিল। কিন্তু, এখন চিনেমা চোৱাৰ পাছত যদি আপোনাৰ মনলৈ বেয়া ভাৱনাবোৰ আহি থাকে, তেনেহ’লে বুজিব পাৰিব যে আপুনি উপভোগ কৰা মনোৰঞ্জন ভাল নাছিল। আনকি এনেধৰণৰ মনোৰঞ্জন ক্ষতিকৰো হ’ব পাৰে। (মথি ১২:৩৩; মাৰ্ক ৭:২০-২৩) কিয় ক্ষতিকৰ হ’ব পাৰে? কিয়নো অনৈতিক বা বেয়া বিষয়বোৰ চিন্তা কৰি থাকিলে আপোনাৰ মনৰ শান্তি নাইকিয়া হ’ব, বাইবেল প্ৰশিক্ষিত বিবেকত আঘাত লাগিব আৰু যিহোৱা ঈশ্বৰৰ লগত থকা আপোনাৰ সম্পৰ্ক বেয়া হ’ব। (ইফিচীয়া ৫:৫; ১ তীমথিয় ১:৫, ১৯) যদি এনেধৰণৰ মনোৰঞ্জনে আপোনাক ব্যক্তিগতভাৱে ক্ষতি কৰিব পাৰে, তেনেহ’লে এইবোৰৰপৰা একেবাৰে দূৰে থাকক। * (ৰোমীয়া ১২:২) গীত ৰচকৰ নিচিনা আমিও এইদৰে প্ৰাৰ্থনা কৰিব পাৰোঁ, “অসাৰ দৃষ্টিৰ পৰা মোৰ চকু ঘূৰুৱা; তোমাৰ পথত মোক পুনৰায় জীউৱা।”—গীতমালা ১১৯:৩৭.

আনৰ হিত বিচাৰক

২০, ২১. মনোৰঞ্জন বাছনি কৰাৰ ক্ষেত্ৰত ১ কৰিন্থীয়া ১০:২৩ আৰু ২৪ পদে কেনেকৈ সহায় কৰে?

২০ ব্যক্তিগত বিষয়বোৰৰ বাবে নিৰ্ণয় লোৱাৰ সময়ত বাইবেলৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মনত ৰখা উচিত। এই সিদ্ধান্তৰ বিষয়ে পৌলে বৰ্ণনা কৰিছে: “সকলো অবাধ, কিন্তু সকলোৱেই হিতজনক নহয়; সকলো অবাধ, কিন্তু সকলোৱেই ধৰ্ম্মত বৃদ্ধি নকৰে। প্ৰতিজনে নিজৰ হিত নিবিচাৰি, পৰৰ হিত বিচাৰক।” (১ কৰিন্থীয়া ১০:২৩, ২৪) ভাল মনোৰঞ্জন বাছনি কৰাৰ ক্ষেত্ৰত এই সিদ্ধান্ত কেনেকৈ প্ৰযোজ্য হয়? আমি নিজকে প্ৰশ্ন কৰিব পাৰোঁ, ‘মই বাছনি কৰা মনোৰঞ্জনে আনৰ ওপৰত কি প্ৰভাৱ পেলাব?’

২১ আপোনাৰ বিবেকে হয়তো এনে কিছুমান মনোৰঞ্জন উপভোগ কৰিবলৈ অনুমতি দিব, যিবোৰ “অবাধ” বা গ্ৰহণযোগ্য হয় বুলি আপুনি ভাবিব পাৰে। কিন্তু যদি আপুনি লক্ষ্য কৰে যে কিছুমান ভাই-ভনীৰ বিবেকে এনেধৰণৰ মনোৰঞ্জন উপভোগ কৰিবলৈ বাধা দিছে, তেনেহ’লে আপুনি তেওঁলোকৰ বিবেকক সন্মান কৰা উচিত হ’ব। আপুনি এনে মনোৰঞ্জন উপভোগ নকৰাই ভাল হ’ব। কিয় বাৰু? যেতিয়া আপুনি সংগী ভাই-ভনীসকলক যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকিবলৈ বাধাৰ সৃষ্টি কৰে, তেতিয়া আপুনি “ভাইবিলাকৰ বিৰুদ্ধে” আৰু পৌলে কোৱাৰ দৰে “খ্ৰীষ্টৰ বিৰুদ্ধে পাপ” কৰা হ’ব। সেইবাবে আপুনি এই সতৰ্কবাণী হৃদয়ৰপৰা পালন কৰা উচিত, “কাৰো বিঘ্নজনক নহবা।” (১ কৰিন্থীয়া ৮:১২; ১০:৩৩) পৌলে আনৰ ভাৱনাক বুজিবলৈ আৰু আদৰ দেখুৱাবলৈ এই পৰামৰ্শ দিছিল। বৰ্তমান সত্য খ্ৰীষ্টানসকলে এই পৰামৰ্শ পালন কৰাৰ যোগেদি এনে কিছুমান মনোৰঞ্জনৰপৰা আঁতৰি থাকে, যিবোৰ “অবাধ” বা গ্ৰহণযোগ্য কিন্তু “ধৰ্ম্মত বৃদ্ধি” নকৰে।—ৰোমীয়া ১৪:১; ১৫:১.

২২. ব্যক্তিগত বিষয়বোৰৰ প্ৰতি থকা ভাই-ভনীসকলৰ বেলেগ বেলেগ দৃষ্টিভংগীক আমি কিয় সন্মান দেখুৱা উচিত?

২২ যিসকলে কিছুমান “অবাধ” মনোৰঞ্জন উপভোগ নকৰে, তেওঁলোকেও আনৰ হিতৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন। তেওঁলোকে নিজৰ মনোভাব মণ্ডলীৰ সদস্যসকলেও ৰাখিব লাগে বুলি হেঁচা দিয়া উচিত নহয়। যদি এইদৰে কৰে, তেনেহ’লে তেওঁক এজন গাড়ী চালকৰ লগত তুলনা কৰিব পাৰি। এই গাড়ী চালকজনে আন সকলো গাড়ী চালকক তেওঁৰ নিচিনাকৈ দ্ৰুত গতিত গাড়ী চলাবলৈ হেঁচা দিয়ে। এনেধৰণৰ দাবী যুক্তিসংগত নহয়। মনোৰঞ্জনৰ বিষয়ে আন ভাই-ভনীসকলৰ দৃষ্টিভংগী যদি বাইবেলৰ সিদ্ধান্তৰ বাহিৰত নহয়, তেনেহ’লে প্ৰেম থকাৰ বাবে আনৰ বিবেকৰ প্ৰতি সন্মান দেখুৱা উচিত। সেইবাবে, এজন খ্ৰীষ্টানে নিজৰ “ক্ষান্ত স্বভাৱ সকলো মানুহৰ আগত বিদিত” কৰে।—ফিলিপীয়া ৪:৫; উপদেশক ৭:১৬.

২৩. আপুনি ভাল মনোৰঞ্জন বাছনি কৰিছে বুলি কেনেকৈ নিশ্চিত কৰিব?

২৩ এক কথাত ক’বলৈ গ’লে আপুনি ভাল মনোৰঞ্জন বাছনি কৰিছে বুলি কেনেকৈ নিশ্চিত কৰিব? ঈশ্বৰৰ বাক্যই পোনপটীয়াকৈ নিষেধ কৰা মৰ্য্যাদাহীন আৰু অনৈতিক কাৰ্য্যবোৰ দেখুৱা মনোৰঞ্জনৰপৰা আঁতৰি থাকক। যিবোৰ মনোৰঞ্জন উপভোগ কৰাৰ বিষয়ে বাইবেলে স্পষ্টৰূপে কোনো আজ্ঞা দিয়া নাই, তেনেবোৰ মনোৰঞ্জনৰ বিষয়ে বাইবেলৰ সিদ্ধান্ত পালন কৰক। আপোনাৰ বিবেকক দংশন কৰিব পৰা মনোৰঞ্জনৰপৰা দূৰে থাকক। ইয়াৰ উপৰিও এনে কিছুমান মনোৰঞ্জনৰপৰা আঁতৰি থাকক, যিবোৰে আনক অৰ্থাৎ বিশেষকৈ সংগী ভাই-ভনীসকলৰ ভাৱনাক আঘাত দিব পাৰে। আপোনাৰ দৃঢ় নিৰ্ণয়ে যিহোৱা ঈশ্বৰৰ প্ৰশংসা হ’ব আৰু আপুনি আৰু আপোনাৰ পৰিয়ালে ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ সক্ষম হ’ব।

^ অনু. 19 মনোৰঞ্জনৰ ক্ষেত্ৰত প্ৰযোজ্য আন কিছুমান সিদ্ধান্ত হিতোপদেশ ৩:৩১; ১৩:২০; ইফিচীয়া ৫:৩, ৪; আৰু কলচীয়া ৩:৫, ৮, ২০ পদত পোৱা যায়।