Skip to content

Skip to table of contents

অধ্যায় ১৩

যিবোৰ উৎসৱে ঈশ্বৰক অসন্তুষ্ট কৰে

যিবোৰ উৎসৱে ঈশ্বৰক অসন্তুষ্ট কৰে

‘প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয় কৰক।’—ইফিচীয়া ৫:৯.

১. যিহোৱা ঈশ্বৰে কেনেধৰণৰ লোকক নিজৰ ওচৰলৈ আকৰ্ষণ কৰে আৰু তেওঁলোকে কিয় আধ্যাত্মিকভাৱে সতৰ্ক হৈ থকা উচিত?

যীচুৱে কৈছিল, “আত্মাৰে আৰু সত্যেৰে পিতৃৰ ভজনা কৰিব, . . . কিয়নো পিতৃয়ে এনেকুৱা ভকতসকলক বিচাৰে।” (যোহন ৪:২৩) আত্মা আৰু সত্যৰে উপাসনা কৰিবলৈ ইচ্ছা কৰা লোকসকলক যেতিয়া যিহোৱা ঈশ্বৰে বিচাৰি উলিয়ায়, যেনেকৈ তেওঁ আপোনাক বিচাৰি উলিয়ালে, তেতিয়া ঈশ্বৰে তেওঁলোকক নিজৰ আৰু তেওঁৰ পুত্ৰৰ ওচৰলৈ আকৰ্ষণ কৰে। (যোহন ৬:৪৪) এজন ব্যক্তিৰ বাবে ইয়াতকৈ ডাঙৰ সন্মান আৰু কি হ’ব পাৰে! কিন্তু বাইবেলৰ সত্যক ভালপোৱা লোকসকলে “প্ৰভুৰ সন্তোষজনক কি, পৰীক্ষাৰ দ্বাৰাই তাৰ নিৰ্ণয়” লোৱা উচিত। কিয় বাৰু? কিয়নো, চয়তান চতুৰতাৰে কাম কৰাত নিপুণ।—ইফিচীয়া ৫:৯; প্ৰকাশিত বাক্য ১২:৯.

২. যিসকলে সত্য ধৰ্মক মিছা ধৰ্মৰ লগত মিহলি কৰিব বিচাৰে, তেওঁলোকক যিহোৱা ঈশ্বৰে কি দৃষ্টিৰে চায়?

চীনয় পৰ্ব্বতৰ কাষত ইস্ৰায়েলীসকলে যেতিয়া হাৰোণক তেওঁলোকৰ বাবে এজন দেৱতা নিৰ্মাণ কৰিবলৈ কৈছিল, তেতিয়া কি ঘটনা ঘটিছিল তালৈ ধ্যান দিয়ক। হাৰোণে ইস্ৰায়েলীসকলৰ চাপত পৰি তেওঁলোকৰ দাবী মানি লৈছিল আৰু এটা সোণৰ দামুৰি নিৰ্মাণ কৰিছিল। তাৰ পাছত তেওঁ লোকসকলক এইদৰে কৈছিল, “কাইলৈ যিহোৱাৰ উদ্দেশে উৎসৱ হব।” এই বাক্যৰ দ্বাৰা তেওঁ ক’ব বিচাৰিছিল যে দামুৰিটো যিহোৱা ঈশ্বৰৰ প্ৰতীক হয়। সত্য ধৰ্মৰ লগত মিছা ধৰ্মৰ এইদৰে মিহলি হোৱা বিষয়টো যিহোৱা ঈশ্বৰে গভীৰভাৱে লৈছিলনে? হয়, ঈশ্বৰৰ দৃষ্টিত ই এক গভীৰ বিষয় আছিল। মূৰ্তিপূজা কৰা প্ৰায় তিনি হাজাৰ লোকক তেওঁ মৃত্যুদণ্ড দিছিল। (যাত্ৰাপুস্তক ৩২:১-৬, ১০, ২৮) ইয়াৰ পৰা আমি কি শিকিব পাৰোঁ? যদি আমি নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিব বিচাৰোঁ, তেনেহ’লে আমি “কোনো অশুচি বস্তু” স্পৰ্শ নকৰিম আৰু সত্য ধৰ্মৰ লগত মিহলি হোৱা যিকোনো বিষয়ৰপৰা আঁতৰি থাকিম।—যিচয়া ৫২:১১; যিহিষ্কেল ৪৪:২৩; গালাতীয়া ৫:৯.

৩, ৪. প্ৰচলিত উৎসৱ আৰু প্ৰথাবোৰ চালি-জাৰি চোৱাৰ সময়ত আমি কিয় বাইবেলৰ সিদ্ধান্তবোৰ ধ্যান দিয়া উচিত?

প্ৰথম শতিকাৰ পাঁচনিসকল যেতিয়ালৈকে জীৱিত আছিল, তেতিয়ালৈকে তেওঁলোকে সত্য ধৰ্মক সুৰক্ষিত কৰি ৰাখিছিল। কিন্তু দুখৰ বিষয় যে তেওঁলোকৰ মৃত্যুৰ পাছত সত্যৰ প্ৰতি প্ৰেম নথকা খ্ৰীষ্টানসকলে মিছা ধৰ্মৰ প্ৰথা, উৎসৱ আৰু পবিত্ৰ দিনবোৰ পালন কৰিবলৈ আৰম্ভ কৰিলে আৰু এইবোৰক খ্ৰীষ্টানসকলৰ উৎসৱ বুলি ক’বলৈ ধৰিলে। (২ থিচলনীকীয়া ২:৭, ১০) আপুনি এই উৎসৱবোৰ ভালদৰে লক্ষ্য কৰিলে বুজিব পাৰিব যে এইবোৰ ঈশ্বৰৰপৰা নহয়, কিন্তু জগতৰ আত্মাক প্ৰতিফলিত কৰে। এক কথাত ক’বলৈ গ’লে এই জগতৰ উৎসৱবোৰৰ উদ্দেশ্য হৈছে: শাৰীৰিক ইচ্ছাবোৰ পূৰ্ণ কৰিবলৈ চেষ্টা কৰা, মিছা ধৰ্মৰ শিক্ষা আৰু ভুতবিদ্যাৰ লগত জড়িত পৰম্পৰাবোৰক গুৰুত্ব দিয়া। এই সকলো পৰম্পৰা ‘বাবিল মহা-নগৰৰ’ পৰা আহিছে। * (প্ৰকাশিত বাক্য ১৮:২-৪, ২৩) আমি মনত ৰখা উচিত যে বৰ্তমান সময়ত প্ৰচলিত বহুতো পৰম্পৰা প্ৰাচীন সময়ৰ মিছা ধৰ্মৰপৰা আহিছে। সেইসময়ত পালন কৰা পৰম্পৰাবোৰ যিহোৱা ঈশ্বৰৰ দৃষ্টিত ঘৃণনীয় আছিল। ইয়াত কোনো সন্দেহ নাই যে বৰ্তমান সময়ত পালন কৰা পৰম্পৰাবোৰ যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰে। সেইবাবে, প্ৰশ্ন হ’ব পাৰে যে বৰ্তমান সময়ৰ পৰম্পৰাবোৰৰ প্ৰতি আমাৰ দৃষ্টিভংগী কেনে হোৱা উচিত?—২ যোহন ৬, ৭.

সত্য খ্ৰীষ্টান হিচাপে আমি জানোঁ যে কেনেধৰণৰ উৎসৱে যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰে। সেইবাবে ঈশ্বৰক অসন্তুষ্ট কৰা উৎসৱবোৰৰপৰা একেবাৰে আঁতৰি থাকিবলৈ আমি দৃঢ় সংকল্প লোৱা উচিত। কেনেধৰণৰ উৎসৱে যিহোৱা ঈশ্বৰক অসন্তুষ্ট কৰে, তাৰ বিষয়ে ধ্যান দিয়াৰ যোগেদি আমাৰ বিশ্বাস দৃঢ় হ’ব আৰু আমি ঈশ্বৰৰ প্ৰেমত ৰাখিবলৈ অহা বাধাবোৰৰ পৰা দূৰে থাকিবলৈ সক্ষম হ’ম।

সূৰ্য্য উপাসনাৰ আন এক নতুন নাম হৈছে বৰদিন

৫. আমি কিয় ক’ব পাৰোঁ যে ২৫ ডিচেম্বৰত যীচুৰ জন্ম হোৱা নাছিল?

বাইবেলত যীচুৰ জন্মদিন পালন কৰাৰ বিষয়ে কোনো উল্লেখ নাই। আনকি তেওঁৰ জন্ম কোন তাৰিখে হৈছিল তাৰ বিষয়েও সঠিকভাৱে কোনেও নাজানে। ডিচেম্বৰ মাহৰ ২৫ তাৰিখে, ঠাণ্ডাৰ সময়ত যীচুৰ জন্ম হোৱা নাছিল। * আমি কেনেকৈ ক’ব পাৰোঁ? প্ৰথম কথা হ’ল যে যীচুৰ জন্ম বৈৎলেহমত হৈছিল। লূক কিতাপত উল্লেখ আছে যে যীচুৰ জন্মৰ সময়ত মেৰৰখীয়াসকলে “পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ দি ৰখি আছিল।” (লূক ২:৪-১১) সাধাৰণতে ডিচেম্বৰ মাহত বৈৎলেহমত ঠাণ্ডা হয় আৰু তাত তুষাৰ বৰষুণ পৰে। সেইসময়ত মেৰৰখীয়াসকলে “পথাৰত নিজৰ নিজৰ জাকবোৰ ৰাতি পৰ” দি থকাটো সম্ভৱ নহয়। আন এটা কাৰণ হৈছে, ৰোমান সম্ৰাট আগস্ত কৈচৰে লোকপিয়লৰ বাবে আদেশ দিছিল। এই আদেশ পালন কৰি যোচেফ আৰু মৰিয়ম বৈৎলেহমলৈ গৈছিল। (লূক ২:১-৭) মন কৰিবলগীয়া কথা যে ৰোমীয় শাসনৰ প্ৰতি অসন্তুষ্ট হৈ থকা লোকসকলক, কৈচৰে শীতকালৰ জাৰৰ সময়ত নিজৰ নিজৰ জন্ম হোৱা নগৰলৈ যাবলৈ কেতিয়াও আদেশ নিদিয়ে।

৬, ৭. (ক) বৰদিনৰ আৰম্ভণি ক’ৰপৰা হৈছিল? (খ) উপহাৰ দিয়াৰ ক্ষেত্ৰত বৰদিন আৰু সত্য খ্ৰীষ্টানসকলৰ মাজত কি পাৰ্থক্য দেখিবলৈ পোৱা যায়?

বৰদিনৰ উৎসৱৰ বিষয়ে বাইবেলত ক’তো উল্লেখ নাই। কিন্তু এই উৎসৱৰ আৰম্ভণি প্ৰাচীন সময়ৰ খ্ৰীষ্টান নোহোৱা লোকসকলৰপৰা আহিছে। উদাহৰণস্বৰূপে, ৰোমত চাটাৰনেলি নামৰ উৎসৱ কৃষি দেৱতাৰ সন্মানত উদ্‌যাপন কৰা হৈছিল। ঠিক সেইদৰে, দ্য নিউ কেথ’লিক এনচাইক্লোপিডিয়াই উল্লেখ কৰে যে মিথ্ৰা দেৱতাৰ উপাসকসকলে ২৫ ডিচেম্বৰক “অজয়ী সূৰ্য্যৰ জন্মদিন” হিচাপে পালন কৰিছিল। এনচাইক্লোপিডিয়াই আৰু এইদৰে কয়, “বৰদিনৰ আৰম্ভণি সেইসময়ত হৈছিল, যেতিয়া ৰোম দেশত সূৰ্য্যৰ উপাসনা বিশেষভাৱে উদ্‌যাপন কৰা হৈছিল।” লক্ষ্য কৰিবলগীয়া কথা যে ৰোমত কৰা এই উদ্‌যাপন যীচু খ্ৰীষ্টৰ মৃত্যুৰ প্ৰায় তিনিশ বছৰৰ পাছত হৈছিল।

প্ৰেম থকাৰ বাবে সত্য খ্ৰীষ্টানসকলে উপহাৰ দিয়ে

প্ৰাচীন সময়ৰ এই উৎসৱবোৰত লোকসকলে এজনে-আনজনক উপহাৰ দিছিল আৰু ভোজৰ আয়োজন কৰিছিল। বৰ্তমান সময়তো লোকসকলে এইদৰে বৰদিন পালন কৰা দেখিবলৈ পোৱা যায়। কিন্তু বৰদিনত এজনে-আনজনক উপহাৰ দিয়াৰ বিষয়টো, ২ কৰিন্থীয়া ৯:৭ পদত উল্লেখ কৰা মনোভাব দেখিবলৈ পোৱা নাযায়। ইয়াত উল্লেখ কৰা হৈছে, “প্ৰতিজনে মনোদুখ বা আৱশ্যকতাৰে নিদি, নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক; কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।” প্ৰেম থকাৰ বাবে সত্য খ্ৰীষ্টানসকলে এজনে-আনজনক উপহাৰ দিয়ে। তেওঁলোকে উপহাৰ দিবলৈ কোনো তাৰিখ বা উৎসৱৰ বাবে অপেক্ষা নকৰে আৰু উপহাৰৰ বিনিময়ত কোনো উপহাৰ আশা নকৰে। (লূক ১৪:১২-১৪; পাঁচনিৰ কৰ্ম্ম ২০:৩৫ পঢ়ক।) বহুতোলোকে বৰদিনৰ প্ৰস্তুতিৰ বাবে ঋণ লয় আৰু আৰ্থিক সমস্যাত পৰে। কিন্তু আনন্দৰ কথা যে সত্য খ্ৰীষ্টানসকলে এই জাক-জমকতাৰ বাবে কোনো ঋণ ল’বলগীয়া নহয় আৰু সেইবাবে তেওঁলোকে আৰ্থিক সমস্যাবোৰৰপৰা আঁতৰি থাকিবলৈ সক্ষম হৈছে।—মথি ১১:২৮-৩০; যোহন ৮:৩২.

৮. জ্যোতিষীসকলে যীচুক তেওঁৰ জন্মদিনৰ উপহাৰ দিছিলনে? বৰ্ণনা কৰক।

কিন্তু, কিছুমান লোকে হয়তো যুক্তি দৰ্শাব পাৰে যে জ্যোতিষীসকলে যীচুক তেওঁৰ জন্মদিনৰ উপহাৰ দিয়া নাছিলনে? তেওঁলোকৰ উপহাৰ জন্মদিনৰ উপহাৰ নাছিল। পুৰণি সময়ত এজন সন্মানীয় ব্যক্তিক সাক্ষাৎ কৰাৰ সময়ত তেওঁক উপহাৰ দিয়াটো এক সাধাৰণ বিষয় আছিল। (১ ৰাজাৱলি ১০:১, ২, ১০, ১৩; মথি ২:২, ১১) লক্ষ্য কৰিবলগীয়া কথা যে যি ৰাতিত যীচুৰ জন্ম হৈছিল, সেই ৰাতি জ্যোতিষীসকলে যীচুক লগ ধৰিবলৈ অহা নাছিল। যেতিয়া তেওঁলোকে যীচুক লগ ধৰিবলৈ আহিছিল, তেতিয়া যীচু দানা-পাত্ৰত থকা এটি শিশু হৈ থকা নাছিল। তেতিয়ালৈকে যীচুৰ জন্ম হোৱা কেইবা মাহো হৈছিল আৰু তেওঁ এটা ঘৰত আছিল।

জন্মদিন পালন কৰাৰ বিষয়ে বাইবেলে কি বৰ্ণনা কৰিছে

৯. বাইবেলত উল্লেখ কৰা জন্মদিন পালন কৰাৰ সময়ত কি ঘটনা ঘটিছিল?

এটি সন্তানৰ জন্মই পৰিয়ালত সুখ আৰু আনন্দ কঢ়িয়াই আনে। ঈশ্বৰৰ সেৱকসকলে জন্মদিন পালন কৰাৰ বিষয়ে বাইবেলত ক’তো উল্লেখ নাই। (গীতমালা ১২৭:৩) বাইবেলৰ লেখকসকলে জন্মদিন পালন কৰাৰ বিষয়ে উল্লেখ কৰিবলৈ পাহৰি গ’ল নেকি? তেওঁলোকে পাহৰি যোৱা নাই। বাইবেলত দুজন ব্যক্তিৰ জন্মদিন পালন কৰাৰ বিষয়ে উল্লেখ আছে। প্ৰথমজন হৈছে মিচৰৰ ৰজা ফৰৌণ আৰু দ্বিতীয়জন হৈছে ৰজা হেৰোদ। (আদিপুস্তক ৪০:২০-২২; মাৰ্ক ৬:২১-২৯ পঢ়ক।) এই দুয়োটা জন্মদিন পালন কৰাৰ সময়ত দুটা দুখজনক ঘটনা ঘটিছিল। বিশেষকৈ হেৰোদৰ জন্মদিন পালন কৰাৰ সময়ত যোহন বাপ্তাইজকৰ শিৰচ্ছেদ কৰা হৈছিল।

১০, ১১. জন্মদিন পালন কৰাৰ বিষয়ে আৰম্ভণিৰ খ্ৰীষ্টানসকলে কেনে দৃষ্টিভংগী ৰাখিছিল?

১০ দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই কৈছে: “আৰম্ভণিৰ খ্ৰীষ্টানসকলে, যিকোনো লোকৰ জন্মদিন পালন কৰাটো মিছা ধৰ্ম্মৰ লগত তুলনা কৰিছিল।” উদাহৰণস্বৰূপে, প্ৰাচীন গ্ৰীচ দেশৰ লোকসকলে বিশ্বাস কৰিছিল যে এজন ব্যক্তিৰ জন্মৰ সময়ছোৱাত এটা আত্মা উপস্থিত থাকে আৰু সি ব্যক্তিজনক গোটেই জীৱনজুৰি ৰক্ষা কৰে। দ্য লোৰ্‌ অফ্‌ ব্যাৰ্‌থ্‌ডে নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰিছে, “যি দেৱতাৰ জন্মদিনত সেই ব্যক্তিজনৰ জন্ম হয়, সেই দেৱতাৰ লগত এই আত্মাৰ এক ৰহস্যময় সম্পৰ্ক হয়।” প্ৰাচীন কালৰেপৰা, জন্মদিন জ্যোতিষবিদ্যা আৰু জন্মপত্ৰিকাৰ লগত গভীৰ সম্বন্ধ থকা দেখিবলৈ পোৱা যায়।

১১ জন্মদিন পালন কৰাৰ প্ৰথা মিছা ধৰ্ম আৰু ভুতবিদ্যাৰ লগত জড়িত থকাৰ কাৰণে প্ৰাচীন সময়ৰ ঈশ্বৰৰ সেৱকসকলে জন্মদিন পালন কৰা নাছিল। ইয়াৰ উপৰিও, তেওঁলোকে যি সিদ্ধান্ত পালন কৰিছিল, তাৰ বাবে হয়তো তেওঁলোকে জন্মদিন পালন কৰাৰপৰা দূৰে আছিল। কিয় বাৰু? ঈশ্বৰৰ এই সেৱকসকল নম্ৰ আছিল। নিজৰ জন্মৰ বিষয়টো তেওঁলোকে ইমান গুৰুত্বপূৰ্ণভাৱে লোৱা নাছিল যে লোকসকলে সেই দিনটো উদ্‌যাপন কৰিব লাগিব। * (মীখা ৬:৮; লূক ৯:৪৮) জন্মদিন পালন কৰাৰ পৰিৱৰ্তে তেওঁলোকে যিহোৱা ঈশ্বৰৰ মহিমা কৰিছিল আৰু জীৱনক এক উপহাৰৰূপে দিয়াৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিছিল। *গীতমালা ৮:৩, ৪; ৩৬:৯; প্ৰকাশিত বাক্য ৪:১১.

১২. মৃত্যুৰ দিনটো জন্মৰ দিনতকৈ কিয় উত্তম?

১২ মৃত্যু পৰ্য্যন্ত বিশ্বাসী হৈ থকা লোকসকল যিহোৱা ঈশ্বৰৰ স্মৃতিত আছে আৰু তেওঁলোকে ভৱিষ্যতে পুনৰ জীৱিত হোৱাটো নিশ্চিত। (ইয়োব ১৪:১৪, ১৫) উপদেশক ৭:১ পদে এইদৰে বৰ্ণনা কৰিছে: “সুগন্ধি তেলতকৈ সুনাম উত্তম, আৰু জন্মৰ দিনতকৈ মৰণৰ দিন ভাল।” সেই “সুনাম” আমি বিশ্বাসেৰে ঈশ্বৰক সেৱা কৰাৰ দ্বাৰা অৰ্জন কৰোঁ। মন কৰিবলগীয়া কথা যে সত্য খ্ৰীষ্টানসকলক কেৱল এটা স্মৰণীয় দিন পালন কৰিবলৈ আজ্ঞা দিয়া হৈছে। সেই স্মৰণীয় দিন কোনো জন্মৰ লগত জড়িত নাই, কিন্তু মৃত্যুৰ লগত জড়িত আছে আৰু সেয়া হৈছে যীচুৰ মৃত্যুৰ দিন। তেওঁৰ “সুনাম” আমাৰ পৰিত্ৰাণৰ বাবে অতি গুৰুত্বপূৰ্ণ।—লূক ২২:১৭-২০; ইব্ৰী ১:৩, ৪.

ঈষ্টাৰ পৰ্বৰ আঁৰত জনন দেৱীৰ উপাসনা

১৩, ১৪. ঈষ্টাৰ পৰ্বৰ আৰম্ভণি ক’ৰপৰা হৈছিল?

১৩ যদিও ঈষ্টাৰ পৰ্বক যীচু খ্ৰীষ্টৰ পুনৰুত্থান হোৱাৰ আনন্দত পালন কৰা হয়, কিন্তু এই পৰ্বৰ আৰম্ভণি মিছা ধৰ্মৰপৰা হৈছে। ঈষ্টাৰ নামটো এজনী দেৱীৰ নামৰপৰা আহিছে। পশ্চিম ইউৰোপৰ লোকসকলে ঈয়োষ্ট্ৰা বা এষ্টৰ দেৱীৰ উপাসনা কৰিছিল, যাক তেওঁলোকে পোহৰ আৰু বসন্ত কালৰ দেৱী বুলি সন্মান কৰিছিল। ঈষ্টাৰ পৰ্বৰ লগত কণী আৰু শহাপহু কেনেকৈ জড়িত হৈ পৰিল? দ্যা এনচাইক্লোপিডিয়া ব্ৰিটানিকাই এইদৰে কৈছে, কণীবোৰক “নতুন জীৱন আৰু পুনৰুত্থানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল।” অতীতৰ পৰা শহাপহুক জনন ক্ষমতাৰ প্ৰতীক বুলি বিশ্বাস কৰি আহিছে। গতিকে আমি ক’ব পাৰোঁ যে যীচুৰ পুনৰুত্থানৰ নামত কৰা ঈষ্টাৰ পৰ্ব আচলতে জনন ক্ষমতাৰ লগত জড়িত থকা এক ধৰ্মীয় পৰম্পৰা। *

১৪ জনন ক্ষমতাৰ লগত জড়িত থকা ঘৃণনীয় পৰম্পৰাবোৰ, নিজৰ পুত্ৰৰ পুনৰুত্থানৰ নামত পালন কৰা দেখি যিহোৱা ঈশ্বৰে সহ্য কৰিবনে? কেতিয়াও নকৰে। (২ কৰিন্থীয়া ৬:১৭, ১৮) প্ৰথম কথা হ’ল যে বাইবেলে যীচুৰ পুনৰুত্থানৰ দিনটো পালন কৰিবলৈ আজ্ঞা দিয়া নাছিল বা পালন কৰাৰ অধিকাৰ দিয়া নাছিল। ইয়াৰ উপৰিও যদি আমি ঈষ্টাৰ নাম দি এই পৰ্ব পালন কৰোঁ, তেনেহ’লে আমি ঈশ্বৰক বিশ্বাসঘাতকতা কৰা যেন হ’ব।

নৱবৰ্ষ উদ্‌যাপন কেনেকৈ আৰম্ভ হ’ল

১৫. নৱবৰ্ষৰ উদ্‌যাপন কেনেকৈ আৰম্ভ হ’ল?

১৫ গোটেই পৃথিৱীজুৰি পালন কৰা আন এক পৰ্ব হৈছে নৱবৰ্ষৰ উদ্‌যাপন। এই উদ্‌যাপন কেনেকৈ আৰম্ভ হ’ল? ইয়াৰ বিষয়ে দ্য ৱৰ্ল্ড বুক এনচাইক্লোপিডিয়াই এইদৰে বৰ্ণনা কৰিছে: “ৰোমান শাসক জুলিয়াছ চিজাৰে খ্ৰীষ্টপূৰ্ব ৪৬, জানুৱাৰী মাহৰ ১ তাৰিখৰ দিনটো নৱবৰ্ষৰ দিন হিচাপে প্ৰতিষ্ঠা কৰিছিল। এই দিনটোক ৰোমানসকলে জপনা, দুৱাৰ আৰু সকলো বস্তুৰ আৰম্ভণিৰ দেৱতা, জেনাছ’ৰ প্ৰতি সমৰ্পিত কৰিছিল। জেনাছ’ দেৱতাৰ নামৰপৰাই জানুৱাৰী মাহ ৰখা হৈছিল। এই দেৱতাজনৰ দুখন মুখ আছিল। এখন মুখ আগফালে আৰু আনখন পিছফালে।” আজি গোটেই পৃথিৱীজুৰি বছৰৰ বেলেগ বেলেগ সময়ত নিজৰ পৰম্পৰা অনুসৰি নৱবৰ্ষ উদ্‌যাপন কৰা হয়। বহুতো ঠাইত নৱবৰ্ষৰ দিনাখন অতিমাত্ৰা মদ্যপান কৰি আনন্দ-ফূৰ্তি কৰে। কিন্তু ৰোমীয়া ১৩:১৩ পদে আমাক এই উপদেশ দিয়ে: “ৰঙ্গৰস আৰু মত্ততা, লম্পটতা আৰু কামাভিলাষ, বিবাদ আৰু ঈৰ্ষা, এইবোৰ নকৰি, দিনৰ উপযুক্ত শিষ্টাচৰণ কৰোঁহঁক।”

আপোনাৰ বিবাহিত জীৱনক অশুচি নকৰিব

১৬, ১৭. (ক) বিয়া কৰিবলৈ ইচ্ছা কৰা খ্ৰীষ্টান ভাই-ভনীসকলে কিয় বাইবেলৰ সিদ্ধান্ত অনুসৰি স্থানীয় প্ৰথাবোৰ পৰীক্ষা কৰা উচিত? (খ) দৰা-কইনাৰ ওপৰত ফুল বা চাউল ছটিওৱা প্ৰথাৰ বিষয়ে সত্য খ্ৰীষ্টানসকলে কি কথা ধ্যান দিয়া উচিত?

১৬ অতি সোনকালে, “দৰা-কন্যাৰ মাত তোমাৰ মাজত [মহা-বাবিলত] কেতিয়াও শুনা নাযাব।” (প্ৰকাশিত বাক্য ১৮:২৩) কিয় বাৰু? কাৰণ মায়াকৰ্ম্মৰ বাবে কম বেছি পৰিমাণে মহা-বাবিলো দায়ী। বিবাহিত জীৱনৰ প্ৰথম দিনৰেপৰাই মায়াকৰ্ম্মই বিবাহিত জীৱনক কলুষিত কৰিব পাৰে।—মাৰ্ক ১০:৬-৯.

১৭ বিবাহৰ লগত জড়িত থকা প্ৰথাবোৰ বিভিন্ন দেশত বিভিন্ন ধৰণে পালন কৰা হয়। কিছুমান প্ৰথা হয়তো ভাল বুলি ভাবিব পাৰে আৰু এইবোৰে বিবাহিত দম্পতী আৰু অতিথিসকলৰ বাবে “ভাগ্য” কঢ়িয়াই আনে বুলি বিশ্বাস কৰে। কিন্তু আমি মনত ৰখা উচিত যে এই সকলোৰে আৰম্ভণি বাবিলৰপৰা হৈছে। (যিচয়া ৬৫:১১) এনে এক প্ৰথা হৈছে দৰা-কইনাৰ ওপৰত ফুল বা চাউল ছটিওৱা। খোৱা বস্তুৱে ভূত-প্ৰেতক সন্তুষ্ট কৰিব আৰু সিহঁতে দৰা-কইনাক কোনো অনিষ্ট নকৰিব বুলি বিশ্বাস কৰি হয়তো এই প্ৰথা আৰম্ভ কৰা হৈছিল। ইয়াৰ উপৰিও লোকসকলে বিশ্বাস কৰিছিল যে চাউলৰ এক অলৌকিক শক্তি আছে যাৰ দ্বাৰা ল’ৰা-ছোৱালী জন্ম দিয়া, পৰিয়ালত আনন্দ আৰু আয়ুস বৃদ্ধি কৰাত সহায় কৰে। সঁচাকৈ, যিসকলে নিজকে ঈশ্বৰৰ প্ৰেমত ৰাখিব বিচাৰে তেওঁলোকে এনেধৰণৰ প্ৰথাবোৰৰপৰা আঁতৰি থকা উচিত।—২ কৰিন্থীয়া ৬:১৪-১৮ পঢ়ক।

১৮. বিয়া কৰিবলৈ ইচ্ছা কৰা খ্ৰীষ্টান ভাই-ভনী আৰু নিমন্ত্ৰিত অতিথিসকলে বাইবেলৰ কি সিদ্ধান্ত মনত ৰখা উচিত?

১৮ যিহোৱা ঈশ্বৰৰ সেৱকসকলে এনে কাৰ্য্যবোৰৰপৰা আঁতৰি থাকে, যিবোৰে হয়তো বিবাহ আৰু বিবাহৰ অনুষ্ঠানৰ গৰিমাক তুচ্ছ কৰিব পাৰে বা কিছুমান লোকৰ বিবেকক আঘাত দিব পাৰে। উদাহৰণস্বৰূপে, বিবাহৰ ভাষণত তেওঁলোকে অপ্ৰীতিকৰ মন্তব্য কৰি কাকো ইতিকিং নকৰে বা অশ্লীল ভাষা ব্যৱহাৰ কৰি কোনো ঠাট্টা নকৰে। (হিতোপদেশ ২৬:১৮, ১৯; লূক ৬:৩১; ১০:২৭) ইয়াৰ উপৰিও তেওঁলোকে বিলাসবহুল বিয়াৰ অনুষ্ঠান আয়োজন কৰাৰ পৰা দূৰে থাকে। কাৰণ তেওঁলোকে জানে যে এনেধৰণৰ বিলাসবহুল নিমন্ত্ৰণে নম্ৰতা প্ৰদৰ্শন নকৰে কিন্তু “জীৱন কালৰ গৰ্ব্ব” প্ৰতিফলিত কৰে। (১ যোহন ২:১৬) যদি আপুনি বিয়া কৰিবলৈ চিন্তা কৰিছে, তেনেহ’লে কেতিয়াও নাপাহৰিব যে যিহোৱা ঈশ্বৰে আপোনাৰ সেই বিশেষ দিনটো আপুনি বেজাৰেৰে নহয় কিন্তু আনন্দেৰে মনত পেলোৱাটো বিচাৰে। *

টোষ্টিং—এক ধৰ্মীয় প্ৰথা হয় নেকি?

১৯, ২০. টোষ্টিং কৰা পৰম্পৰাৰ আৰম্ভণিৰ বিষয়ে এখন কিতাপে কি বৰ্ণনা কৰিছে আৰু সত্য খ্ৰীষ্টানসকলে কিয় এই পৰম্পৰা পালন নকৰে?

১৯ বিবাহ আৰু আন আন সামাজিক অনুষ্ঠানবোৰত টোষ্টিং বা মদৰ গিলাচ তুলি শুভকামনা জনোৱা দেখিবলৈ পোৱা যায়। ১৯৯৫ চনৰ মদ আৰু সংস্কৃতিৰ ওপৰত ইন্টাৰনেচনেল হেণ্ডবুক নামৰ কিতাপখনে এইদৰে বৰ্ণনা কৰিছে: “বৰ্তমান সময়ত টোষ্টিং কৰি মদ খোৱা সামাজিক পৰম্পৰা . . . সম্ভৱত কোনো প্ৰাচীন পৰম্পৰাৰপৰা আৰম্ভ হৈছে। এই পৰম্পৰা অনুসৰি কোনো দেৱী বা দেৱতাক মদ বা তেজ উৎসৰ্গা কৰা হৈছিল আৰু ইয়াৰ বিনিময়ত এটা আশীৰ্বাদ বিচৰা হৈছিল। ‘দীৰ্ঘজীৱি হওক’ অথবা ‘তোমাৰ স্বাস্থ্যৰ বাবে’ আদি বাক্য ব্যৱহাৰ কৰি প্ৰাৰ্থনা কৰা হৈছিল।”

২০ বৰ্তমান সময়ত বহুতো লোকে হয়তো টোষ্টিঙক এক ধৰ্মীয় পৰম্পৰা বা অন্ধবিশ্বাস বুলি নাভাবিব পাৰে। কিন্তু মদৰ গিলাচক ওপৰলৈ তোলাৰ অৰ্থ হৈছে “ঈশ্বৰ” বা স্বৰ্গৰ অলৌকিক শক্তিৰ পৰা আশীৰ্বাদৰ বাবে প্ৰাৰ্থনা কৰা। ইয়াৰ উপৰিও কিছুমান লোকে দুষ্ট শক্তিৰ পৰা ৰক্ষা পাবলৈ মদ খোৱাৰ আগতে অলপ মাটিত পেলাই দিয়ে। এই সকলো কাৰ্য্য শাস্ত্ৰৰ আধাৰত নহয়।—যোহন ১৪:৬; ১৬:২৩. *

“যিহোৱাক প্ৰেম কৰোঁতাবিলাক, দুষ্টতাক ঘিণ কৰা”

২১. যদিও ধৰ্মীয় বিশ্বাসৰ লগত জড়িত নহয়, তথাপি সত্য খ্ৰীষ্টানসকলে কোনবোৰ উৎসৱৰ পৰা আঁতৰি থকা উচিত আৰু কিয়?

২১ বৰ্তমান সময়ত জগতৰ মানদণ্ডবোৰ দিনক দিনে বেয়ালৈ ঢাল খাইছে। উদাহৰণস্বৰূপে, কাৰ্নিভেল উৎসৱৰ বিষয়ে বিবেচনা কৰক। আজি বহুতো দেশত প্ৰতিবছৰে এই উৎসৱ উলহ-মালহেৰে উদ্‌যাপন কৰা হয়। এই উৎসৱক মহা-বাবিলে প্ৰত্যক্ষ বা পৰোক্ষভাৱে সমৰ্থন কৰে। এই উৎসৱত অশ্লীলভাৱে নাচ-গান কৰা হয় আৰু সমকামীতা পুৰুষ বা সমকামীতা স্ত্ৰীৰ জীৱন-শৈলীৰ বাবে উৎসাহিত কৰা হয়। এনেধৰণৰ উৎসৱত ‘যিহোৱাক প্ৰেম কৰোঁতাজনে’ অংশ লোৱা বা যিকোনো প্ৰকাৰে উপভোগ কৰা উচিতনে? তেওঁৰ কাৰ্য্যবোৰে প্ৰকাশ কৰেনে, যে তেওঁ সঁচাকৈ দুষ্টতাক ঘৃণা কৰে? (গীতমালা ১:১, ২; ৯৭:১০) গীতৰচকৰ দৃষ্টিভংগীক অনুকৰণ কৰা কিমান যে উচিত হ’ব। তেওঁ যিহোৱালৈ এইদৰে প্ৰাৰ্থনা কৰিছিল, “অসাৰ দৃষ্টিৰ পৰা মোৰ চকু ঘূৰুৱা; তোমাৰ পথত মোক পুনৰায় জীউৱা।”—গীতমালা ১১৯:৩৭.

২২. এজন খ্ৰীষ্টানে কোনো উৎসৱত ভাগ ল’ব পাৰিব নে নোৱাৰে, তাৰ বিষয়ে তেওঁ কেতিয়া নিজৰ বিবেক অনুসৰি নিৰ্ণয় ল’ব?

২২ কোনো উৎসৱ বা পৰ্বৰ দিনাখন এজন সত্য খ্ৰীষ্টানে সতৰ্কতা অৱলম্বন কৰা উচিত যাতে আন লোকসকলে নাভাবে যে তেওঁ সেই উৎসৱত ভাগ লৈছে। পৌলে এইদৰে লিখিছিল: “এতেকে তোমালোকে ভোজন-পান আদি যি যি কৰ্ম্ম কৰা, সকলোকে ঈশ্বৰৰ গৌৰৱৰ অৰ্থে কৰিবা।” (১ কৰিন্থীয়া ১০:৩১; “ বুদ্ধিমতাৰে নিৰ্ণয় লওক” নামৰ বক্সত চাওক।) আনহাতে, যদি কোনো উৎসৱ বা প্ৰথা মিছা ধৰ্মৰ লগত জড়িত নহয় নাইবা কোনো ৰাজনৈতিক বা দেশভক্তিমুলক কাৰ্য্যৰ লগত জড়িত নাই আৰু বাইবেলৰ কোনো সিদ্ধান্ত উলংঘন কৰা নাই, তেনেহ’লে প্ৰতিজন খ্ৰীষ্টানে তাত ভাগ ল’ব নে নলয়, সেয়া তেওঁৰ ব্যক্তিগত নিৰ্ণয় হ’ব। লগতে ইয়াকো মনত ৰখা উচিত যে তেওঁৰ নিৰ্ণয়ে যাতে আনৰ বিবেকক কোনো আঘাত নিদিয়ে।

বাক্য আৰু কাৰ্য্যৰ দ্বাৰা ঈশ্বৰৰ মহিমা কৰক

২৩, ২৪. যিহোৱা ঈশ্বৰৰ মানদণ্ডবোৰৰ বিষয়ে আমি কেনেকৈ সাক্ষ্য দিব পাৰোঁ?

২৩ বহুতোলোকে কিছুমান জনপ্ৰিয় উৎসৱত পৰিয়াল আৰু বন্ধু-বান্ধৱসকলৰ সৈতে আনন্দেৰে সময় কটোৱাটো এক সুযোগ বুলি ভাবে। সেইবাবে কিছুমান লোকে যিহোৱাৰ সাক্ষীসকলৰ বিষয়ে ভুল ধাৰণা ৰাখে যে তেওঁলোকে বন্ধু-বান্ধৱসকলৰ লগত সময় অতিবাহিত নকৰে আৰু বাইবেল অনুসৰি তেওঁলোকে লোৱা নিৰ্ণয়বোৰ অলপ বেছিহে কঠিন। সেই সময়ত আমি তেওঁলোকক প্ৰেমেৰে বুজাব পাৰোঁ যে যিহোৱাৰ সাক্ষীসকলে পৰিয়াল আৰু বন্ধুসকলৰ লগত মিলা-মিচা কৰাৰ প্ৰয়োজনীয়তা বুজি পায়। (হিতোপদেশ ১১:২৫; উপদেশক ৩:১২, ১৩; ২ কৰিন্থীয়া ৯:৭) আমি আমাৰ আত্মীয় আৰু বন্ধু-বান্ধৱসকলৰ লগত বছৰৰ সকলো সময়তে মিলা-মিচা কৰি ভাল পাওঁ। কিন্তু মিলা-মিচা কৰা সেই সময়ছোৱাত আমি এনে পৰম্পৰাবোৰত লিপ্ত নহওঁ, যিবোৰে ঈশ্বৰৰ মানদণ্ডবোৰক কলুষিত কৰি তেওঁক অসন্তুষ্ট কৰিব পাৰে। ঈশ্বৰক প্ৰেম কৰাৰ বাবে আমি তেওঁৰ ধাৰ্মিক মানদণ্ডবোৰৰ অনুসৰি জীৱন অতিবাহিত কৰিব বিচাৰোঁ।—“ সত্য উপাসনাই আনন্দ কঢ়িয়াই আনে” নামৰ বক্সত চাওক।

২৪ আমাৰ বিশ্বাসৰ বিষয়ে জানিব বিচৰা নম্ৰ হৃদয়ৰ লোকসকলক, কিছুমান যিহোৱাৰ সাক্ষীয়ে বাইবেলে প্ৰকৃততে কি শিকায়? কিতাপখনৰ ১৬ অধ্যায়ৰপৰা ভালদৰে উত্তৰ দিবলৈ সক্ষম হৈছে। * আমি মনত ৰখা উচিত যে আমাৰ উদ্দেশ্য আনক ভুল বুলি প্ৰমাণিত কৰা নহয়, কিন্তু লোকসকলক সত্যৰ প্ৰতি আকৰ্ষিত কৰা। সেইবাবে, আমি সন্মান সহকাৰে আৰু নম্ৰভাৱে উত্তৰ দিয়াৰ লগতে, আমাৰ “আলাপ সদায় অনুগ্ৰহযুক্ত আৰু লোণৰ আস্বাদযুক্ত” হোৱা উচিত।—কলচীয়া ৪:৬.

২৫, ২৬. পিতৃ-মাতৃসকলে নিজৰ ল’ৰা-ছোৱালীক যিহোৱা ঈশ্বৰৰ প্ৰতি বিশ্বাস আৰু প্ৰেম গভীৰ কৰি তুলিবলৈ কেনেকৈ সহায় কৰিব?

২৫ যিহোৱাৰ সাক্ষী হিচাপে আমি এই বিষয়ে ভালদৰে জানোঁ। আমি জানোঁ যে আমি কিয় কিছুমান বিষয় বিশ্বাস কৰোঁ আৰু সেই অনুসৰি চলোঁ আৰু কিয় আমি কিছুমান বিষয়ৰপৰা আঁতৰি থাকোঁ। (ইব্ৰী ৫:১৪) গতিকে পিতৃ-মাতৃসকল, নিজৰ ল’ৰা-ছোৱালীক বাইবেলৰ সিদ্ধান্তৰ আধাৰত যুক্তি কৰিবলৈ শিক্ষা দিয়ক। এইদৰে কৰাৰ যোগেদি আপুনি তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিবলৈ আৰু তেওঁলোকৰ বিশ্বাসৰ ওপৰত প্ৰশ্ন কৰা লোকসকলক শাস্ত্ৰৰপৰা উত্তৰ দিবলৈ প্ৰস্তুত কৰিব আৰু লগতে আপুনি তেওঁলোকক বুজিবলৈ সহায় কৰিব যে যিহোৱা ঈশ্বৰে তেওঁলোকক কিমান প্ৰেম কৰে।—যিচয়া ৪৮:১৭, ১৮; ১ পিতৰ ৩:১৫.

২৬ “আত্মাৰে আৰু সত্যৰে” ঈশ্বৰক উপাসনা কৰা লোকসকলে কেৱল শাস্ত্ৰৰ আধাৰত নোহোৱা উৎসৱৰপৰা আঁতৰি থকাই নহয়, কিন্তু তেওঁলোকে জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে ন্যায়পৰায়ণ হ’বলৈ চেষ্টা কৰে। আজি বহুতো লোকে ন্যায়পৰায়ণ হৈ কাৰ্য্য কৰাটো অসম্ভৱ বুলি ভাবে। কিন্তু আমি পৰৱৰ্তী অধ্যায়ত শিকিবলৈ পাম যে ঈশ্বৰৰ সকলো ব্যৱস্থাই আমাৰ বাবে লাভজনক।

^ অনু. 3 মই উৎসৱত ভাগ লোৱাটো উচিতনে?” নামৰ বক্সত চাওক। কেইবাটাও নিৰ্দিষ্ট “বন্ধ” দিন আৰু উৎসৱৰ বিষয়ে যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ৱাচ টাৱাৰ পাব্লিকেশ্বন ইনডেক্সত উল্লেখ কৰা হৈছে।

^ অনু. 5 বাইবেল আৰু ইতিহাসত যদি চোৱা যায়, তেনেহ’লে যীচু সম্ভৱত খ্ৰীষ্টপূৰ্ব ২-ত ইহুদি কেলেণ্ডাৰৰ অনুসৰি এথানী মাহত জন্মগ্ৰহণ কৰিছিল। বৰ্তমান কেলেণ্ডাৰ অনুসৰি এথানী মাহ, ছেপ্তেম্বৰ/অক্টোবৰ মাহত পৰে।—যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশিত ইনচাইট অন দ্যা স্ক্ৰিপশ্বাৰচ্‌ (ইংৰাজী) কিতাপৰ ২ খণ্ড, ৫৬-৫৭ পৃষ্ঠাত চাওক।

^ অনু. 11 জন্মদিন আৰু চয়তান পূজা” নামৰ বক্সত চাওক।

^ অনু. 11 মোচিৰ নিয়ম ব্যৱস্থা অনুসৰি সন্তান জন্ম দিয়াৰ পাছত এগৰাকী তিৰোতাই যিহোৱা ঈশ্বৰৰ আগত পাপাৰ্থক বলি দিয়াৰ প্ৰয়োজন আছিল। (লেবীয়া পুস্তক ১২:১-৮) ইয়ে ইস্ৰায়েলীসকলক এক চৰম সত্যক সোঁৱৰাই দিছিল যে মানুহে নিজৰ সন্তানক উত্তৰাধিকাৰীৰূপে পাপ দিয়ে। সন্তানৰ জন্মদিনটো ভাৰসাম্যতা বজাই ৰাখিবলৈ এই ব্যৱস্থাই তেওঁলোকক সহায় কৰিছিল আৰু ইয়াৰ বাবেই তেওঁলোকে জন্মদিন পালন কৰা প্ৰথাবোৰৰপৰা আঁতৰি থাকিবলৈ সক্ষম হৈছিল।—গীতমালা ৫১:৫.

^ অনু. 13 ঈয়োষ্ট্ৰাক (বা ঈষ্ট্ৰা) জনন ক্ষমতাৰ দেৱী বুলিও কোৱা হৈছে। পৌৰাণিক কথাৰ শব্দকোষ (ইংৰাজী) কিতাপখনৰ অনুসৰি, “চন্দ্ৰত এই দেৱীৰ ওচৰত এক শহাপশু আছিল, যিয়ে কণী বৰ ভাল পাইছিল। কেতিয়াবা কেতিয়াবা কোৱা হৈছে এই দেৱীজনীৰ মূৰটো শহাপশুৰ দৰে আছিল।”

^ অনু. 18 বিবাহ আৰু সামাজিক অনুষ্ঠানবোৰত উপস্থিত হোৱাৰ বিষয়ে ২০০৬, ১৫ অক্টোবৰ প্ৰহৰীবুৰুজৰ (ইংৰাজী) পৃষ্ঠা ১৮-৩১ চাওক।

^ অনু. 20 ২০০৭, ১৫ ফেব্ৰুৱাৰী প্ৰহৰীবুৰুজৰ (ইংৰাজী) পৃষ্ঠা ৩০-৩১ চাওক।

^ অনু. 24 যিহোৱাৰ সাক্ষীসকলৰ দ্বাৰা প্ৰকাশ কৰা হৈছে।