Skip to content

Skip to table of contents

অধ্যায় ১৪

সকলো বিষয়তে সদাচাৰ হওক

সকলো বিষয়তে সদাচাৰ হওক

“সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে, ইয়াক আমি দৃঢ় প্ৰত্যয় কৰোঁ।”—ইব্ৰী ১৩:১৮.

১, ২. সদাচাৰ হৈ থাকিবলৈ কৰা আমাৰ প্ৰচেষ্টা দেখি যিহোৱা ঈশ্বৰে কিয় আনন্দিত হয়? উদাহৰণ দি বুজাওক।

এগৰাকী মাতৃয়ে নিজৰ সৰু ল’ৰাজনৰ সৈতে এখন দোকানৰপৰা ওলাই আহিছে। হঠাতে ল’ৰাজন ৰৈ যায়। তেওঁ অলপ বিচলিত হোৱা যেন দেখা গৈছে। কিয় বাৰু? কিয়নো তেওঁৰ হাতত এটা সৰু পুতলা আছে, যিটো তেওঁ দোকানখনৰপৰা ভুলক্ৰমে লৈ আহিছে। তেওঁ সেই পুতলাটো দোকানখনৰপৰা হাতত তুলি লৈছিল, কিন্তু পুনৰ থ’বলৈ পাহৰি গ’ল। অথবা মাকক কিনি দিবলৈ ক’বলৈ হয়তো পাহৰি গ’ল। তেওঁ বিমূঢ়ত পৰি কান্দিবলৈ ধৰিলে। মাকে ল’ৰাজনক মৰমেৰে আশ্বাস দিয়ে আৰু পুতলাটো যাতে ঘূৰাই দিব পাৰে আৰু দোকানীজনক ক্ষমা খুজিব পাৰে, তাৰ বাবে পুনৰ দোকানখনলৈ লৈ যায়। ল’ৰাজনক সেইদৰে কৰা দেখি মাকৰ হৃদয় গৰ্বত উফন্দি উঠে। কিয় বাৰু?

নিঃসন্দেহ, আন যিকোনো বিষয় পিতৃ-মাতৃক আনন্দিত কৰক বা নকৰক, কিন্তু নিজৰ ল’ৰা-ছোৱালীয়ে সৰুৰেপৰা সদাচাৰৰ বিষয়ে শিকা দেখি তেওঁলোকে আনন্দিত হয়। আমাৰ স্বৰ্গৰ ঈশ্বৰেও এনে অনুভৱ কৰে, কিয়নো তেওঁ হৈছে “সত্য ঈশ্বৰ।” (গীতমালা ৩১:৫) যিহোৱা ঈশ্বৰৰ লগত আমাৰ সম্পৰ্ক দৃঢ় কৰিবলৈ আৰু সদাচাৰ হৈ থাকিবলৈ আমাৰ প্ৰচেষ্টা দেখি তেওঁ আনন্দিত হয়। আমিও এইটোৱে বিচাৰোঁ যে আমাৰ কাৰ্য্যবোৰ দেখি যিহোৱা ঈশ্বৰ আনন্দিত হওক, যাতে আমি তেওঁৰ প্ৰেমত থাকিব পাৰোঁ। সেইবাবে আমিও পাঁচনি পৌলৰ দৰে অনুভৱ কৰোঁ: “সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।” (ইব্ৰী ১৩:১৮) আহক আমি এতিয়া জীৱনৰ লগত জড়িত থকা চাৰিটা গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিবেচনা কৰোঁ, যিয়ে কেতিয়াবা কেতিয়াবা সদাচাৰ হৈ থাকিবলৈ আমাৰ বাবে কঠিন কৰি তুলিব পাৰে। ইয়াৰ পাছত সদাচাৰী হৈ থাকিলে কি কি আশীৰ্বাদ পাব পাৰোঁ, তাৰ বিষয়ে আলোচনা কৰিম।

নিজৰ প্ৰতি সদাচাৰ

৩-৫. (ক) নিজকে ভুলোৱা যে ভয়ানক হ’ব পাৰে, তাৰ বিষয়ে ঈশ্বৰৰ বাক্যই আমাক কেনেকৈ সতৰ্ক কৰে? (খ) নিজৰ প্ৰতি সদাচাৰ হ’বলৈ আমাক কি কথাই সহায় কৰিব?

নিজৰ প্ৰতি সদাচাৰ হ’বলৈ শিকাই হৈছে আমাৰ প্ৰথম প্ৰত্যাহ্বান। অসিদ্ধ মানুহ হিচাপে আমি অতি সহজে নিজকে ভুলাব বিচাৰোঁ। উদাহৰণস্বৰূপে, লায়দিকেয়াৰ খ্ৰীষ্টানসকলে ভাবিছিল যে তেওঁলোকে ঈশ্বৰৰ সেৱাত বৰ ধনী হৈ আছে। কিন্তু যীচুৱে কোৱাৰ দৰে তেওঁলোক আচলতে আধ্যাত্মিকভাৱে “দৰিদ্ৰ, অন্ধ, আৰু উলঙ্গ” আছিল। সঁচাকৈ তেওঁলোকৰ পৰিস্থিতি শোচনীয় আছিল। (প্ৰকাশিত বাক্য ৩:১৭) সত্যতাক আওকাণ কৰা আৰু নিজকে ভুলোৱাৰ বাবে তেওঁলোকৰ পৰিস্থিতি আৰু ভয়ানক হৈ পৰিছিল।

শিষ্য যাকোবে কৰা সাৱধানবাণীৰ বিষয়ে নিশ্চয় আপোনাৰ মনত আছে: “কোনোৱে যদি নিজকে ধাৰ্ম্মিক যেন মানে, কিন্তু নিজৰ জিবা দমন নকৰি নিজৰ হৃদয়ক ভুলায়, তেন্তে সেই মানুহৰ ধৰ্ম্ম-কৰ্ম্ম ব্যৰ্থ।” (যাকোব ১:২৬) যদি আমি নিজৰ জিবা দমন নকৰি তাৰ অপব্যৱহাৰ কৰোঁ আৰু লগতে ভাবোঁ যে আমি ঈশ্বৰৰ উপাসনা কৰি আছোঁ, তেনেহ’লে আমি আনক নহয়, নিজকহে ভুলাইছোঁ। এনে পৰিস্থিতিত আমাৰ উপাসনাৰ কোনো অৰ্থ নাথাকিব আৰু ঈশ্বৰৰ দৃষ্টিত আমাৰ উপাসনা মূল্যহীন হৈ পৰিব। আমাৰ যাতে এনে পৰিস্থিতি নহয়, তাৰ বাবে আমি কি কৰা উচিত?

ওপৰত উল্লেখ কৰা একে বৰ্ণনাত, যাকোবে ঈশ্বৰৰ বাক্যক এখন দৰ্পণৰ লগত তুলনা কৰিছে। যাকোবে আমাক পৰামৰ্শ দিছে যে আমি এই দৰ্পণত নিজকে ভালদৰে চোৱা উচিত। ইয়াৰ অৰ্থ হৈছে ঈশ্বৰৰ বাক্য ভালদৰে চালি-জাৰি চোৱাৰ পাছত, সেই অনুসৰি নিজকে পৰিৱৰ্তন কৰা। (যাকোব ১:২৩-২৫ পঢ়ক।) নিজৰ প্ৰতি সদাচাৰ হ’বলৈ আৰু আমাৰ উন্নতিৰ বাবে আমি কি কৰিব পাৰোঁ, সেই বিষয়ে নিৰ্ণয় লোৱাৰ বাবে বাইবেলে আমাক সহায় কৰে। (বিলাপ ৩:৪০; হগ্গয় ১:৫) ইয়াৰ উপৰিও আমাৰ মাজত থকা দুখ-ত্ৰুটিবোৰ দেখুৱাবলৈ আৰু সেইবোৰ সংশোধন কৰিবলৈ আমি যিহোৱা ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিব পাৰোঁ আৰু আমাৰ হৃদয়ক পৰীক্ষা কৰিবলৈ তেওঁক অনুৰোধ কৰিব পাৰোঁ। (গীতমালা ১৩৯:২৩, ২৪) অসদাচাৰ হৈছে এক দুৰ্বলতা আৰু ইয়াৰ প্ৰতি আমাৰ স্বৰ্গীয় পিতৃ যিহোৱাই যেনে দৃষ্টিভংগী ৰাখে, আমি তেনে দৃষ্টিভংগী ৰখা উচিত। হিতোপদেশ ৩:৩২ পদে এইদৰে বৰ্ণনা কৰিছে, “কুটিল লোক যিহোৱাৰ ঘিণলগীয়া; কিন্তু তেওঁৰ গুপ্ত মন্ত্ৰণা হলে সৰলবিলাকৰ লগতহে।” যিহোৱা ঈশ্বৰে আমাক তেওঁ যিদৰে অনুভৱ কৰে সেইদৰে অনুভৱ কৰিবলৈ আৰু তেওঁৰ দৃষ্টিভংগীৰে চাবলৈ সহায় কৰে। পাঁচনি পৌলে কোৱা কথাষাৰ মনত পেলাওক: “সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।” আজি আমাৰ সকলো দুৰ্বলতা আমি দূৰ কৰিব নোৱাৰোঁ, কিন্তু সদাচাৰ হ’বলৈ আমি হৃদয়ৰপৰা চেষ্টা কৰিব পাৰোঁ।

পৰিয়ালত সদাচাৰ

সদাচাৰী হোৱাৰ বাবে আমি এনেধৰণৰ কোনো কাম নকৰোঁ, যাক পাছলৈ লুকুৱাবলগীয়া হ’ব পাৰে

৬. বিবাহিত সংগীয়ে এজনে-আনজনৰ প্ৰতি কিয় সদাচাৰ হোৱা উচিত আৰু এনে কৰাৰ বাবে তেওঁলোকে কি বিপদৰপৰা দূৰে থাকিব পাৰে?

সদাচাৰ, খ্ৰীষ্টান পৰিয়ালৰ পৰিচয় হোৱা উচিত। স্বামী-স্ত্ৰীয়ে এজনে-আনজনৰপৰা কোনো কথা লুকুৱাই নাৰাখি, মুকলিভাৱে আলোচনা হোৱা উচিত। বিবাহিত জীৱনত স্বামী-স্ত্ৰীয়ে এজনে-আনজনক আঘাত কৰিব পৰা কোনো অশুচি কাৰ্য্যৰ ঠাই নাই। উদাহৰণস্বৰূপে, সংগীৰ বাহিৰে আনৰ লগত প্ৰেমাভিনয় কৰা, ইন্টাৰনেটৰ যোগেদি আনৰ লগত অবৈধ সম্পৰ্ক গঢ়ি তোলা বা যিকোনো ধৰণৰ পৰ্নগ্ৰাফি বা অশ্লীল ছবি চোৱা। কিছুমান বিবাহিত সংগীয়ে এনেধৰণৰ কাৰ্য্য কৰি নিজৰ সংগীৰপৰা লুকুৱাই ৰাখিছিল। এনে কৰাটো সদাচাৰ নহয়। ৰজা দায়ূদে কোৱা বাক্যলৈ ধ্যান দিয়ক। তেওঁ কৈছিল, “অসাৰ লোকবিলাকৰ লগত মই বহা নাই, আৰু কপটীয়াবোৰে সৈতে নোসোমাওঁ।” (গীতমালা ২৬:৪) যদি আপুনি বিবাহিত হয় তেনেহ’লে এনে কাৰ্য্য কেতিয়াও নকৰিব, যাৰ বাবে নিজৰ সংগীৰপৰা সত্যতা লুকুৱাবলগীয়া হ’ব পাৰে।

৭, ৮. বাইবেলৰ কোনবোৰ উদাহৰণৰ যোগেদি পিতৃ-মাতৃয়ে ল’ৰা-ছোৱালীক সদাচাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে জানিবলৈ সহায় কৰিব পাৰে?

সদাচাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক শিক্ষা দিয়াৰ সময়ত যদি বাইবেলৰ উদাহৰণ ব্যৱহাৰ কৰে, তেনেহ’লে ই এক বুদ্ধিমানৰ কাম হ’ব। বাইবেলত এনে কিছুমান লোকৰ উদাহৰণ আছে, যিসকল সদাচাৰ নাছিল। উদাহৰণস্বৰূপে, আখান নামৰ ব্যক্তিজনে চুৰ কৰি বস্তুবোৰ লুকুৱাই ৰাখিছিল। গেহজীয়ে ধন-সম্পত্তিৰ লোভত মিছা কথা কৈছিল। যিহূদাই চুৰ কৰিছিল আৰু যীচুক বিশ্বাসঘাতক কৰাৰ পাছতো তেওঁৰ বন্ধু হোৱাৰ ভাও ধৰিছিল।—যিহোচূৱা ৬:১৭-১৯; ৭:১১-২৫; ২ ৰাজাৱলি ৫:১৪-১৬, ২০-২৭; মথি ২৬:১৪, ১৫; যোহন ১২:৬.

আনহাতে, বাইবেলত এনে কিছুমান লোকৰ ভাল উদাহৰণ আছে, যিসকল সদাচাৰ আছিল। তাৰে ভিতৰত এজন হৈছে যাকোব। তেওঁ নিজৰ পুত্ৰসকলক শস্যৰ বেগত পোৱা ধনখিনি পুনৰ উভতাই দিবলৈ উৎসাহিত কৰিছিল। কাৰণ তেওঁ ভাবিছিল যে হয়তো ভুলক্ৰমে সেই ধন বেগত ভৰাই দিয়া হৈছিল। আন এক উদাহৰণ হৈছে যিপ্তহ আৰু তেওঁৰ জীয়েক। পিতৃৰ প্ৰতিজ্ঞা পূৰ কৰিবলৈ তাই জীৱনত এক ডাঙৰ ত্যাগ কৰিছিল। তৃতীয় উদাহৰণ হৈছে যীচু খ্ৰীষ্টৰ। তেওঁ উত্তেজিত জনতাৰ আগত সাহসেৰে নিজৰ পৰিচয় দিছিল যাতে তেওঁৰ বিষয়ে কৰা ভৱিষ্যতবাণী পূৰ্ণ হয় আৰু বন্ধুসকলকো ৰক্ষা কৰিব পাৰে। (আদিপুস্তক ৪৩:১২; বিচাৰকৰ্ত্তাবিলাক ১১:৩০-৪০; যোহন ১৮:৩-১১) এই উদাহৰণবোৰৰ পৰা পিতৃ-মাতৃয়ে জানিব পাৰে যে ঈশ্বৰৰ বাক্যত কিমান মূল্যৱান জ্ঞান আছে, যিবোৰে সদাচাৰৰ প্ৰতি ভাল পাবলৈ আৰু তাক মূল্যৱান বুলি গণ্য কৰিবলৈ সহায় কৰিব পাৰে।

৯. যদি পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীৰ বাবে সদাচাৰৰ বিষয়ে উদাহৰণ ৰাখিব বিচাৰে, তেনেহ’লে তেওঁলোকক কি কৰাৰপৰা দূৰে থকা উচিত আৰু এনে উদাহৰণ ৰখা কিয় গুৰুত্বপূৰ্ণ?

সদাচাৰৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিক্ষা দিয়াৰ সময়ত পিতৃ-মাতৃয়ে নিজে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। সেই ভূমিকা কি হয়? পাঁচনি পৌলে এইদৰে বৰ্ণনা কৰিছে: “হে লোকক শিকাওঁতা, তুমি নিজকে শিক্ষা নিদিয়া নে? হে চুৰ নকৰিবলৈ ঘোষণা কৰা জন, তুমি চুৰ কৰা নে?” (ৰোমীয়া ২:২১) কিছুমান পিতৃ-মাতৃয়ে নিজৰ ল’ৰা-ছোৱালীক সদাচাৰৰ বিষয়ে শিক্ষা দিয়ে, কিন্তু তেওঁলোক নিজে সদাচাৰৰ কাৰ্য্য নকৰে। তেওঁলোকে এইদৰে কৰাৰ বাবে ল’ৰা-ছোৱালীয়ে বিপাঙত পৰে। পিতৃ-মাতৃয়ে হয়তো সৰু-সুৰা বস্তুবোৰ চুৰ কৰি আনে আৰু এই কাম যে সঠিক হয়, তাক প্ৰমাণ কৰিবলৈ বিভিন্ন অজুহাত দেখুৱায়: “কোম্পানীৰ নিয়োগকৰ্তাই জানে যে সকলোৱে এই বস্তুবোৰ ঘৰলৈ লৈ যায়।” অথবা “সেইটো এক সামান্য মিছা কথা আছিল। ইয়াক মিছা বুলি ক’ব নোৱাৰি।” কিন্তু সঁচা কথা ক’বলৈ গ’লে, চুৰ কৰা বস্তুৰ দাম যিমানেই নহওক কিয়, চুৰ কৰা কাৰ্য্য সদায় চুৰ কৰাই হয়। ঠিক সেইদৰে, ডাঙৰেই হওক বা সামান্যই হওক, মিছা সদায় মিছাই হয়। * (লূক ১৬:১০ পঢ়ক।) পিতৃ-মাতৃৰ বাক্য আৰু কাৰ্য্যৰ মাজত পাৰ্থক্য থাকিলে, ল’ৰা-ছোৱালীয়ে ইয়াক সহজতে বুজিব পাৰে আৰু ডাঙৰ হ’লে তেওঁলোকেও নিজৰ পিতৃ-মাতৃৰ দৰে কৰিব পাৰে। (ইফিচীয়া ৬:৪) কিন্তু যেতিয়া ল’ৰা-ছোৱালীয়ে নিজৰ পিতৃ-মাতৃক সদাচাৰ হৈ থকা দেখিব, তেতিয়া তেওঁলোকেও অসদাচাৰ লোকেৰে ভৰি থকা পৃথিৱীখনত যিহোৱা ঈশ্বৰৰ নাম মহিমা কৰিবলৈ সক্ষম হ’ব।—হিতোপদেশ ২২:৬.

মণ্ডলীত সদাচাৰ

১০. মণ্ডলীৰ ভাই-ভনীসকলৰ লগত কথা-বতৰা হওঁতে আমি কি বিষয় ধ্যান দিয়া উচিত?

১০ ভাই-ভনীসকলৰ লগত সংগতি কৰাৰ সময়ত সদাচাৰ গুণ বৃদ্ধি কৰিবলৈ বহুতো সুযোগ থাকে। আমি ১২ অধ্যায়ত শিকিছিলোঁ যে ঈশ্বৰে দিয়া কথা ক’ব পৰা উপহাৰক, ব্যৱহাৰ কৰাৰ সময়ত সাৱধানতা অৱলম্বন কৰাৰ প্ৰয়োজন। বিশেষকৈ আমাৰ ভাই-ভনীসকলৰ বিষয়ে কথা-বতৰা হোৱাৰ সময়ত। সাধাৰণ কথা-বতৰা সহজে আনক আঘাত কৰিব পৰা বা আনক মিছা অপবাদ দিয়া বিষয়বোৰলৈ পৰিৱৰ্তন হ’ব পাৰে। যদি কোনো এটা বিষয় সঁচা হয় নে মিছা হয়, তাক ভালদৰে নাজানি বাৰে বাৰে আলোচনা কৰি থাকোঁ, তেনেহ’লে আমি মিছা কথা বিয়পিবলৈ সহায় কৰিছোঁ। এনে পৰিস্থিতিত আমি একো নোকোৱাই ভাল হ’ব। (হিতোপদেশ ১০:১৯) আনহাতে, আমি হয়তো জানোঁ যে কথাটো সত্য হয়, তেতিয়াও এই বিষয়ে আনক কোৱাৰ কোনো প্ৰয়োজন নাই। উদাহৰণস্বৰূপে, যি বিষয়ে আমি শুনিলোঁ সেয়া হয়তো আমাৰ লগত কোনো সম্পৰ্ক নাই বা এই বিষয়ে আলোচনা কৰিলে হয়তো আনৰ হৃদয়ত আঘাত কৰিব পাৰে। (১ থিচলনীকীয়া ৪:১১) কিছুমান লোকে অমাৰ্জিত কথা-বতৰাক সদাচাৰ বুলি ক’ব বিচাৰে। কিন্তু আমাৰ কথা-বতৰা সদায় অনুগ্ৰহযুক্ত হোৱা উচিত।—কলচীয়া ৪:৬ পঢ়ক।

১১, ১২. (ক) গুৰুতৰ পাপ কৰা লোকসকলে নিজৰ সমস্যা আৰু বেছিকৈ কেনেকৈ বৃদ্ধি কৰে? (খ) গুৰুতৰ পাপবোৰৰ বিষয়ে চয়তানে কোৱা কিছুমান মিছা কথা কি আৰু আমি কেনেকৈ এইবোৰৰ সন্মুখীন হ’ব পাৰোঁ? (গ) আমি কেনেকৈ দেখুৱাব পাৰোঁ যে যিহোৱাৰ সংগঠনৰ লগত আমি সদাচাৰী হৈ আছোঁ?

১১ বিশেষকৈ মণ্ডলীত নেতৃত্ব লোৱা ভাইসকলৰ প্ৰতি আমি সদাচাৰ হোৱা উচিত। কিছুমান লোকে গুৰুতৰ পাপ কৰাৰ পাছত তাক লুকুৱাই ৰাখিবলৈ চেষ্টা কৰে আৰু যেতিয়া মণ্ডলীৰ প্ৰাচীনসকলে ইয়াৰ বিষয়ে সোধে তেতিয়া তেওঁলোকে মিছা কথা কয়। প্ৰাচীনসকলক মিছা কথা কোৱাৰ বাবে তেওঁলোকে নিজৰ সমস্যা আৰু বেছিকৈহে বৃদ্ধি কৰে। এনেধৰণৰ ব্যক্তিয়ে দুতৰপীয়া জীৱন-যাপন অতিবাহিত কৰে। তেওঁলোকে যিহোৱা ঈশ্বৰৰ সেৱা কৰাৰ ভাও জোৰে আৰু লগতে পাপ কাৰ্য্যতো জড়িত থাকে। প্ৰকৃততে এনেধৰণৰ কাৰ্য্যই এজন ব্যক্তিৰ জীৱন মিছা আৰু অৰ্থহীন কৰি তোলে। (গীতমালা ১২:২) কিছুমান লোকে প্ৰাচীনসকলক কম-বেছি পৰিমাণে সকলো কথা কয়, কিন্তু তেওঁলোকৰপৰা গুৰুত্বপূৰ্ণ বিষয়বোৰ লুকুৱাই ৰাখে। (পাঁচনিৰ কৰ্ম্ম ৫:১-১১) চয়তানে উদ্ভৱ কৰা কিছুমান মিছা কথা বিশ্বাস কৰাৰ কাৰণে তেওঁলোকে এনে কৰে।—“ গুৰুতৰ পাপবোৰৰ বিষয়ে চয়তানে কোৱা মিছা” নামৰ বক্সত চাওক।

১২ ইয়াৰ উপৰিও, লিখিতভাৱে বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ সময়ত যিহোৱাৰ সংগঠনৰ প্ৰতি সদাচাৰী হৈ থকা উচিত। উদাহৰণস্বৰূপে, যেতিয়া আমি ঘোষণা কাৰ্য্যৰ ৰিপৰ্ট দিওঁ, তেতিয়া আমাৰ ৰিপৰ্টবোৰ সঠিক হোৱা উচিত। ঠিক সেইদৰে, বিশেষ সেৱাবোৰৰ বাবে আবেদন পত্ৰ পূৰ কৰোঁতে আমি নিজৰ শাৰীৰিক অৱস্থা অথবা অন্যান্য বিষয়বোৰৰ সম্বন্ধে কেতিয়াও মিছা তথ্য দিয়া উচিত নহ’ব।—হিতোপদেশ ৬:১৬-১৯ পঢ়ক।

১৩. ব্যৱসায় বিষয়বোৰত আমাৰ ভাই-ভনীসকলৰ প্ৰতি কেনেকৈ সদাচাৰ দেখুৱাব পাৰোঁ?

১৩ ব্যৱসায় বিষয়বোৰতো আমাৰ ভাই-ভনীসকলৰ প্ৰতি সদাচাৰ হোৱা উচিত। কেতিয়াবা কেতিয়াবা ভাই-ভনীসকলে একেলগে ব্যৱসায় আৰম্ভ কৰা দেখিবলৈ পোৱা যায়। তেওঁলোকে ব্যৱসায়ৰ লগত জড়িত বিষয়বোৰ উপাসনাৰপৰা পৃথকে ৰখাৰ বাবে সতৰ্ক থকা উচিত। তেওঁলোকে ৰাজ্যগৃহ বা ঘোষণা কাৰ্য্যত এই বিষয়ে আলোচনা কৰাৰপৰা দূৰে থকাৰ প্ৰয়োজন। কিছুমান ব্যৱসায়ত হয়তো এজন ভাই বা ভনী নিয়োগকৰ্তা বা কৰ্মচাৰী হ’ব পাৰে। যদি আমি আমাৰ কোনো ভাই বা ভনীক কামত নিয়োগ কৰোঁ, তেনেহ’লে সদাচাৰ আচৰণ কৰি সময়মতে তেওঁলোকক বেতন দিয়া আৰু আইনগতভাৱে ব্যৱস্থা কৰা সুবিধাবোৰ দিয়া উচিত। (১ তীমথিয় ৫:১৮; যাকোব ৫:১-৪) আনহাতে, যদি আমি কোনোবা ভাই বা ভনীৰ তলত কৰ্মচাৰী হিচাপে কাম কৰোঁ, তেনেহ’লে বেতনৰ বিনিময়ত যিমান কাম কৰাৰ প্ৰয়োজন সিমান কৰা উচিত। (২ থিচলনীকীয়া ৩:১০) আমি এইটো আশা কৰা উচিত নহয় যে তেওঁ বা তাই আমাৰ ভাই বা ভনী হোৱাৰ বাবে কিছুমান বিষয়ৰপৰা ৰেহাই পাম বা আন কৰ্মচাৰীতকৈ বেছিকৈ ছুটি বা অন্যান্য সুবিধাবোৰ লাভ কৰিম।—ইফিচীয়া ৬:৫-৮.

১৪. এগেলগে ব্যৱসায় কৰাৰ সময়ত ভাই-ভনীসকলক কেনেধৰণৰ সতৰ্কতা অৱলম্বন কৰা উচিত আৰু কিয়?

১৪ যদি আমি কোনো ভাই বা ভনীৰ লগত মিল হৈ একেলগে ব্যৱসায়ৰ বাবে ধন বিনিয়োগ কৰোঁ বা ঋণ লওঁ, তেনেহ’লে কি ক’ব পাৰি? এনে ক্ষেত্ৰত বাইবেলে আমাক এক গুৰুত্বপূৰ্ণ ব্যৱহাৰিক সিদ্ধান্ত আগবঢ়ায়: ব্যৱসায়ৰ লগত জড়িত থকা সকলো বিষয় লিখিত হোৱা উচিত। উদাহৰণস্বৰূপে, যেতিয়া যিৰিমিয়াই এটুকুৰা মাটি কিনিছিল, তেতিয়া তেওঁ দলীল বনাইছিল আৰু তাৰ প্ৰতিলিপি প্ৰস্তুত কৰিছিল। তেওঁ এই সকলো কাম সাক্ষীৰ সন্মুখত কৰিছিল আৰু দলীলসমূহ সযতনে ৰাখিছিল যাতে ভৱিষ্যতে প্ৰয়োজন হ’লে সেইবোৰ দেখুৱাব পাৰে। (যিৰিমিয়া ৩২:৯-১২; আদিপুস্তক ২৩:১৬-২০ পদো চাওক।) আমাৰ ভাই-ভনীসকলৰ লগত ব্যৱসায়িক লেন-দেন কৰাৰ সময়ত সকলো বিষয় বিতংভাৱে এখন দলীলত লিখি, কেইজনমান সাক্ষীৰ আগত চহী বা স্বাক্ষৰ কৰা উচিত। এনে কৰাৰ অৰ্থ এইটো নহয় যে আপোনালোকে এজনে-আনজনক বিশ্বাস নকৰে। কিন্তু স্বাক্ষৰ কৰা দলীলে আপোনালোকক ভুল বুজা-বুজি, হতাশা আৰু বিভেদ সৃষ্টি কৰিব পৰা যিকোনো সমস্যাৰপৰা আঁতৰি থাকিবলৈ সহায় কৰিব। একেলগে ব্যৱসায় কৰা ভাই-ভনীসকলে এটা কথা মনত ৰখা উচিত যে কোনো ব্যৱসায়ৰ বাবে মণ্ডলীত যাতে শান্তি আৰু একতা ভংগ নহয়। *১ কৰিন্থীয়া ৬:১-৮.

জগতত সদাচাৰ

১৫. ব্যৱসায়ত কৰা অসদাচাৰ আচৰণৰ বিষয়ে যিহোৱা ঈশ্বৰে কেনে অনুভৱ কৰে আৰু সত্য খ্ৰীষ্টানসকলে ইয়াৰপৰা আঁতৰি থাকিবলৈ কি পদক্ষেপ লোৱা উচিত?

১৫ এজন ভাই বা ভনীৰ সদাচাৰ কেৱল মণ্ডলীৰ ভিতৰতে সীমাবদ্ধ থকা উচিত নহয়। পৌলে কৈছিল, “সকলো বিষয়তে সদাচৰণ কৰিবলৈ আমাৰ ইচ্ছা আছে।” (ইব্ৰী ১৩:১৮) জগতৰ ব্যৱসায় আদি বিষয়বোৰত আমি সদাচাৰ গুণ দেখুৱাটো আমাৰ সৃষ্টিকৰ্তাই আমাৰ পৰা বিচাৰে। হিতোপদেশ কিতাপত ভুল জোখ-মাখৰ বিষয়ে চাৰি বাৰ উল্লেখ কৰা হৈছে। (হিতোপদেশ ১১:১; ২০:১০, ২৩) প্ৰাচীন সময়ত বস্তু কিনা-বেচাৰ বাবে সাধাৰণতে তুলাচনী আৰু দগা ব্যৱহাৰ কৰা হৈছিল। অসদাচাৰ সদাগৰে গ্ৰাহকসকলক ঠগিবলৈ দুই ধৰণৰ দগা আৰু ভুল জোখ-মাখ দেখুৱা তুলাচনী ব্যৱহাৰ কৰিছিল। * যিহোৱা ঈশ্বৰে এনেধৰণৰ কাৰ্য্যক ঘৃণা কৰে। যিহোৱা ঈশ্বৰৰ প্ৰেমত নিজকে ৰাখিবলৈ আমি সকলো ধৰণৰ অসদাচাৰ ব্যৱসায়ৰ পৰা নিজকে আঁতৰাই ৰখা উচিত।

১৬, ১৭. বৰ্তমান সময়ত কেনেধৰণৰ অসদাচাৰ আচৰণ দেখিবলৈ পোৱা যায় আৰু সত্য খ্ৰীষ্টানসকলে কি কৰিবলৈ দৃঢ় সংকল্প লৈছে?

১৬ চয়তানে এই পৃথিৱীখনক শাসন কৰিছে। সেইবাবে আমি আচৰিত হোৱা উচিত নহয় যে গোটেই পৃথিৱীখন অসদাচাৰ কাৰ্য্যৰে ভৰি আছে। অসদাচাৰ আচৰণ কৰিবলৈ প্ৰতিদিনে হয়তো আমি চাপৰ সন্মুখীন হ’বলগীয়া হয়। লোকসকলে চাকৰিৰ বাবে আবেদন কৰাৰ সময়ত নিজৰ অভিজ্ঞতাৰ বিষয়ে মিছা কথা কোৱা, নিজৰ বিষয়ে বঢ়াই কোৱা, ভুৱা প্ৰমাণ পত্ৰ তৈয়াৰ কৰা আদি কাৰ্য্যবোৰ আজি এই পৃথিৱীত সাধাৰণ বিষয় হৈ পৰিছে। নিজে যি বিচাৰে তাক পাবলৈ লোকসকলে কৰ, বীমা বা এখন দেশৰপৰা আন এখন দেশৰ স্থায়ী নাগৰিক হোৱাৰ বাবে কোনো ফৰ্ম পূৰ কৰাৰ সময়ত তেওঁলোকে মিছা তথ্য দিয়ে। বহুতো শিক্ষাৰ্থীয়ে পৰীক্ষাৰ সময়ত নকল কৰে বা তেওঁলোকক কিবা লেখ বা ৰিপৰ্ট প্ৰস্তুত কৰিবলগীয়া থাকিলে, তেওঁলোকে ইন্টাৰনেটৰ পৰা তথ্য সংগ্ৰহ কৰি তাক নিজৰ নামেৰে প্ৰস্তুত কৰে। ইয়াৰ উপৰিও লোকসকলে কোনো কাম সহজতে কৰিবলৈ ভ্ৰষ্ট কৰ্মচাৰীসকলৰ লগত যোগাযোগ কৰাৰ সময়ত ভেটি দিয়ে। আমি এই জগতৰ পৰা ইয়াকে আশা কৰিব পাৰোঁ, নহয় জানো? বৰ্তমান সময়ত “নিজকে প্ৰীতি কৰোঁতা, ধন-লুভীয়া, . . . উপকাৰ নমনা” আদি লোকক প্ৰায়ে দেখিবলৈ পোৱা যায়।—২ তীমথিয় ৩:১-৫.

১৭ সত্য খ্ৰীষ্টানসকলে যিকোনো ধৰণৰ বেয়া অভ্যাসৰ পৰা নিজকে দূৰত ৰাখে। কেতিয়াবা কেতিয়াবা সদাচাৰ হৈ থকাটো প্ৰত্যাহ্বানজনক হ’ব পাৰে। কিছুমান লোকে বিভিন্ন ধৰণৰ অসদাচাৰ কামত লিপ্ত হৈ থকাৰ বাবে তেওঁলোকক সফল আৰু সুখী তথা অন্যৰ তুলনাত আগবাঢ়ি যোৱা যেন লাগিব পাৰে। (গীতমালা ৭৩:১-৮) সেই সময়তে হয়তো “সকলো বিষয়তে” সদাচাৰী হৈ থাকিবলৈ ইচ্ছা কৰাৰ বাবে সত্য খ্ৰীষ্টানসকলে আৰ্থিকভাৱে কষ্ট ভুগিবলগীয়া হ’ব পাৰে। ইয়াৰ বাবে তেওঁলোকে যি ত্যাগ কৰে সেয়া সাৰ্থক হয়নে? নিশ্চয় সাৰ্থক হয়। কিন্তু কিয় বাৰু? সদাচাৰ আচৰণ কৰাৰ বাবে কি কি আশীৰ্বাদ লাভ কৰিব পৰা যায়?

সদাচাৰ হোৱাৰ আশীৰ্বাদ

১৮. সদাচাৰী হৈ সুনাম অৰ্জন কৰাটো কিয় বহুমূলীয়া?

১৮ সদাচাৰী আৰু বিশ্বাসী ব্যক্তি হিচাপে সুনাম অৰ্জন কৰাটো এনে এক মূল্যৱান সম্পদ, যাক খুব কম লোকেহে অৰ্জন কৰিবলৈ সক্ষম হৈছে। (“ মই সদাচাৰী হওঁনে?” নামৰ বক্সত চাওক।) মন কৰিবলগীয়া কথা যে সুনাম অৰ্জন কৰাটো সকলোৰে পক্ষে সম্ভৱ। ইয়াৰ বাবে কোনো বুদ্ধি, ধন-সম্পত্তি, বাহ্যিক দিশ, সামাজিক পটভূমি বা আপোনাৰ কোনোধৰণৰ বিশেষ অভিজ্ঞতাৰ প্ৰয়োজন নাই। কিন্তু বৰ্তমান সময়ত বহুতোলোকে সুনাম অৰ্জন কৰাত বিফল হৈছে আৰু ইয়ো বিৰল। (মীখা ৭:২) কিছুমান লোকে হয়তো আপুনি সদাচাৰী হোৱাৰ বাবে ঠাট্টা কৰিব পাৰে, কিন্তু আন লোকসকলে আপোনাক সন্মান কৰিব। তেওঁলোকে আপোনাক বিশ্বাস আৰু ভৰসা কৰিব। বহুতো যিহোৱাৰ সাক্ষীয়ে উপলব্ধি কৰিছে যে সদাচাৰী হোৱাৰ বাবে তেওঁলোকে উপকৃত হৈছে। অসদাচাৰ কৰ্মচাৰীক নিয়োগকৰ্তাই চাকৰিৰপৰা উলিয়াই দিয়াৰ সময়ত, সদাচাৰ কৰ্মচাৰীসকলৰ চাকৰি বৰ্তি আছে। অথবা য’ত সদাচাৰ কৰ্মচাৰীৰ প্ৰয়োজন তাত তেওঁলোকে চাকৰি পাইছে।

১৯. সদাচাৰী হৈ জীৱন-যাপন কৰাৰ বাবে আমাৰ বিবেক আৰু যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কত কেনে প্ৰভাৱ পেলাব?

১৯ আপোনাৰ ক্ষেত্ৰত এনে হওক বা নহওক, কিন্তু আপুনি লক্ষ্য কৰিব যে সদাচাৰী হৈ থাকিলে আৰু বহুতো লাভ আছে। সদাচাৰী হৈ থাকিলে আপোনাৰ বিবেক শুদ্ধ থাকিব আৰু এয়ে আপোনাৰ বাবে এক ডাঙৰ আশীৰ্বাদ। পাঁচনি পৌলে লিখিছিল: “আমাৰ সদবিবেক” আছে বুলি আমি দৃঢ় প্ৰত্যয় কৰোঁ। (ইব্ৰী ১৩:১৮) ইয়াৰ উপৰিও, আমি সদাচাৰ হৈ থাকিলে, আমাৰ মৰমিয়াল পিতৃৰ চকুত নপৰাকৈ কেতিয়াও নাথাকে। তেওঁ সদাচাৰী লোকক প্ৰেম কৰে। (গীতমালা ১৫:১, ২; হিতোপদেশ ২২:১ পঢ়ক।) সঁচাকৈ, সদাচাৰী হৈ থাকিলে আপুনি ঈশ্বৰৰ প্ৰেমত থাকিব পাৰিব আৰু এয়াই হৈছে আমাৰ বাবে এক ডাঙৰ সন্মান। আহক আমি ইয়াৰ লগত জড়িত থকা বিষয়, পৰৱৰ্তী অধ্যায়ত আলোচনা কৰোঁ: কাৰ্য্যৰ বিষয়ে যিহোৱা ঈশ্বৰৰ দৃষ্টিভংগী কি

^ অনু. 9 যদি মণ্ডলীত আনক আঘাত কৰাৰ উদ্দেশ্যেৰে জানি-শুনি একে লেথাৰিয়ে আনৰ বিষয়ে মিছা কথা কয়, তেনেহ’লে প্ৰাচীনসকলক এনেধৰণৰ ব্যক্তিৰ বিৰুদ্ধে ন্যায়িক কাৰ্য্য কৰাৰ প্ৰয়োজন হ’ব পাৰে।

^ অনু. 14 যদি একেলগে ব্যৱসায় কৰাৰ ফলত কিবা সমস্যাৰ সৃষ্টি হয়, তেনেহ’লে কি কৰা উচিত, ইয়াৰ বিষয়ে অধিক জানিবলৈ “ব্যৱসায়ৰ লগত জড়িত থকা বিবাদবোৰ মীমাংসা কৰা” নামৰ অতিৰিক্ত লেখত চাওক।

^ অনু. 15 তেওঁলোকে বেচা-কিনাৰ বাবে বেলেগ বেলেগ দগা ব্যৱহাৰ কৰিছিল, যাতে দুয়ো ফালৰপৰা তেওঁলোকৰেই লাভ হয়। ইয়াৰ উপৰিও তেওঁলোকে বস্তুবোৰ জোখ-মাখ কৰাৰ সময়ত গ্ৰাহকসকলক ঠগিবলৈ এনে তুলাচনীৰ ব্যৱহাৰ কৰিছিল, যাৰ দণ্ড এফালে গধুৰ আৰু দীঘল আছিল।