Skip to content

Skip to table of contents

অধ্যায় ১৬

চয়তান আৰু তাৰ ধূৰ্ত ছলনাবোৰৰ বিৰোধ কৰক

চয়তান আৰু তাৰ ধূৰ্ত ছলনাবোৰৰ বিৰোধ কৰক

“চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।”—যাকোব ৪:৭.

১, ২. বাপ্তিষ্মাৰ সময়ছোৱাত কোনে আনন্দিত হয়?

যদি আপুনি বহু বছৰ ধৰি যিহোৱা ঈশ্বৰক সেৱা কৰি আহিছে, তেনেহ’লে আপুনি হয়তো বিভিন্ন সন্মিলন আৰু অধিৱেশনত বাপ্তিষ্মাৰ ভাষণ শুনিছে। এনেধৰণৰ কাৰ্য্যক্ৰমত আপুনি যিমান বাৰ উপস্থিত নাথাকক কিয়, কিন্তু যেতিয়া প্ৰথম শাৰীত বহা বাপ্তিষ্মা ল’বলগীয়া প্ৰাৰ্থীসকলক দেখে আৰু পাছত তেওঁলোকে থিয় হৈ বাপ্তিষ্মাৰ বাবে নিজকে আগবঢ়ায়, তেতিয়া আপোনাৰ মনত নিশ্চয় এক আলোড়নৰ সৃষ্টি হয়। সেই মুহূৰ্তত শ্ৰোতাসকলৰ মাজত এক উত্তেজনামুলক পৰিস্থিতি দেখিবলৈ পোৱা যায় আৰু লগে লগে গোটেই পেক্ষাগৃহত হাত চাপৰিৰ শব্দ শুনিবলৈ পোৱা যায়। যিহোৱাৰ পক্ষে থিয় দিয়া এই লোকসকলক দেখি আপোনাৰ হয়তো চকুলো বৈ আহিব পাৰে। এই সময়ছোৱাত আমি কিমান যে আনন্দিত অনুভৱ কৰোঁ নহয় নে বাৰু?

আমি বছৰেকত কেৱল দুই বা তিনি বাৰ প্ৰাৰ্থীসকলে বাপ্তিষ্মা লোৱা দেখিছোঁ। কিন্তু স্বৰ্গদূতসকলে আমাতকৈ বেছি লোকসকলক বাপ্তিষ্মা লোৱা দেখিছে। যেতিয়া গোটেই পৃথিৱীত হাজাৰ হাজাৰ লোকক যিহোৱাৰ সংগঠনৰ লগত যোগ হোৱা দেখে, তেতিয়া “স্বৰ্গত” যে কিমান “আনন্দ” হয় সেয়া আপুনি কল্পনা কৰিব পাৰিবনে? (লূক ১৫:৭, ১০) নিঃসন্দেহ, দিনক দিনে যিহোৱাৰ সংগঠনত এইদৰে বৃদ্ধি হোৱা দেখি স্বৰ্গদূতসকলে আনন্দিত হয়।—হগ্গয় ২:৭.

চয়তান “গুজৰি থকা সিংহৰ দৰে” বিচৰণ কৰিছে

৩. চয়তানে কিয় “গুজৰি থকা সিংহৰ দৰে” বিচৰণ কৰিছে আৰু সি কি কৰিব বিচাৰে?

আনহাতে, কিছুমান আত্মিক প্ৰাণীয়ে লোকসকলে বাপ্তিষ্মা লোৱা দেখি আনন্দিত নহয়। চয়তান আৰু তাৰ দুষ্ট প্ৰাণীবিলাকে হাজাৰ হাজাৰ লোকক এই কলুষিত জগতৰপৰা ওলাই অহা দেখি খঙত জ্বলি-পকি উঠে। এসময়ত চয়তানে গৰ্বেৰে কৈছিল যে কোনো মানুহে প্ৰেমৰ বাবে যিহোৱা ঈশ্বৰক সেৱা নকৰে আৰু কোনেও পৰীক্ষাৰ সময়ত বিশ্বাসী হৈ থাকিব নোৱাৰে। (ইয়োব ২:৪, ৫ পঢ়ক।) প্ৰতিবাৰ যেতিয়া কোনো এজন ব্যক্তিয়ে নিজৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰিবলৈ নিৰ্ণয় লয়, তেতিয়া চয়তানৰ দাবী ভুল বুলি প্ৰমাণিত হয়। এইটো এনে যেন, বছৰৰ প্ৰতি সপ্তাহে চয়তানে হাজাৰ হাজাৰ লোকৰপৰা চৰ খায়। সেইবাবে, আচৰিত হোৱাৰ কোনো কাৰণ নাই যে “গুজৰি থকা সিংহৰ দৰে তোমালোকৰ শত্ৰু চয়তানে কাক কেনেকৈ গ্ৰাস কৰিব পাৰিব, তাৰ উপায় বিচাৰি ফুৰিছে।” (১ পিতৰ ৫:৮) এই ‘সিংহই’ আমাক আধ্যাত্মিকভাৱে গ্ৰাস কৰাৰ বাবে ব্যাকুল হৈ আছে আৰু যিহোৱা ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্কক ই দুৰ্বল বা বিচ্ছিন্ন কৰিব বিচাৰে।—গীতমালা ৭:১, ২; ২ তীমথিয় ৩:১২.

প্ৰতিবাৰে যেতিয়া কোনোবাই নিজৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰি বাপ্তিষ্মা লয়, তেতিয়া চয়তান মিছলীয়া বুলি প্ৰমাণিত হয়

৪, ৫. (ক) যিহোৱা ঈশ্বৰে চয়তানৰ প্ৰভাৱক নিয়ন্ত্ৰণ কৰি ৰখা দুটা গুৰুত্বপূৰ্ণ উপায় কি? (খ) এজন সত্য খ্ৰীষ্টানে কি বিষয়ে আশ্বাস ৰাখিব পাৰে?

আমি যদিও এক ভয়ানক শত্ৰুৰ সন্মুখীন হৈছোঁ, তথাপিও ভয় খোৱাৰ কোনো কাৰণ নাই। কিয় বাৰু? কাৰণ যিহোৱা ঈশ্বৰে দুটা গুৰুত্বপূৰ্ণ উপায়েৰে সেই “গুজৰি থকা সিংহৰ” প্ৰভাৱক নিয়ন্ত্ৰণ কৰি ৰাখিছে। সেইবোৰ কি হয়? প্ৰথমটো হৈছে যিহোৱা ঈশ্বৰে ভৱিষ্যতবাণী কৰিছিল যে সত্য খ্ৰীষ্টানসকলৰ “এক বৰ লোকসমূহ” আহিবলগীয়া “মহা-ক্লেশৰ পৰা” ওলাই আহিব। (প্ৰকাশিত বাক্য ৭:৯, ১৪) ঈশ্বৰে কৰা ভৱিষ্যতবাণী কেতিয়াও পূৰ নোহোৱাকৈ নাথাকে। সেইবাবে, চয়তানেও জানে যে ঈশ্বৰৰ সেৱা কৰা লোকসকলক এক সমূহ হিচাপে সি কেতিয়াও অনিষ্ট কৰিব নোৱাৰে।

চয়তানৰ প্ৰভাৱক নিয়ন্ত্ৰণ কৰাৰ দ্বিতীয় কাৰণটো ঈশ্বৰৰ এজন বিশ্বাসী দাস অজৰিয়াই কোৱা বাক্যৰ পৰা আমি জানিব পাৰোঁ। ভৱিষ্যতবক্তা অজৰিয়াই, ৰজা আচাক এইদৰে কৈছিল, “তোমালোক যেতিয়ালৈকে যিহোৱাৰ লগত থাকা, তেতিয়ালৈকে তেৱোঁ তোমালোকৰ লগত থাকিব।” (২ বংশাৱলি ১৫:২; ১ কৰিন্থীয়া ১০:১৩ পঢ়ক।) বাইবেলত লিখা বহুতো উদাহৰণে দেখুৱাই যে অতীতত যিসকল দাসে যিহোৱা ঈশ্বৰৰ কাষত আছিল, চয়তানে তেওঁলোকক অনিষ্ট কৰিবলৈ সফল হোৱা নাছিল। (ইব্ৰী ১১:৪-৪০) বৰ্তমান সময়তো, যিসকল খ্ৰীষ্টানে যিহোৱা ঈশ্বৰৰ কাষত থাকে, তেওঁলোকে চয়তানক প্ৰতিৰোধ কৰিবলৈ আনকি তাক পৰাজিত কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও ঈশ্বৰৰ বাক্যই আমাক আশ্বাস দিয়ে: “চয়তানক প্ৰতিৰোধ কৰা; তাতে সি তোমালোকৰ পৰা পলাই যাব।”—যাকোব ৪:৭.

“আমাৰ মালযুদ্ধ . . . দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে”

৬. চয়তানে কেনেকৈ প্ৰতিজন সত্য খ্ৰীষ্টানৰ বিৰুদ্ধে যুদ্ধ কৰিছে?

এইটো সত্য যে চয়তানে এই যুদ্ধত কেতিয়াও জয়ী হ’ব নোৱাৰে। কিন্তু যদি আমি সজাগ নহওঁ, তেনেহ’লে সি আমাৰ মাজত থকা যিকোনো লোকক আঘাত কৰিব পাৰে। চয়তানে জানে যে যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কক যদি দুৰ্বল কৰিব পাৰে, তেনেহ’লে সি আমাক সহজতে গ্ৰাস কৰিব পাৰিব। যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্ক দুৰ্বল কৰিবলৈ চয়তানে কেনেকৈ চেষ্টা চলায়? সি নিজৰ আক্ৰমণ প্ৰবল কৰি তোলে, ব্যক্তিগতভাৱে আৰু ধূৰ্ততাৰে আমাৰ ওপৰত আক্ৰমণ চলায়। আহক আমি এতিয়া চয়তানৰ এই কৌশলবোৰৰ বিষয়ে আলোচনা কৰোঁ।

৭. চয়তানে কিয় যিহোৱাৰ লোকসকলৰ ওপৰত তাৰ আক্ৰমণ প্ৰবল কৰি তুলিছে?

প্ৰবল আক্ৰমণ। পাঁচনি যোহনে কৈছিল, “গোটেই জগত পাপ-আত্মাৰ অধীনত থাকে।” (১ যোহন ৫:১৯) এই বাক্যশাৰীত সকলো সত্য খ্ৰীষ্টানৰ বাবে এক সতৰ্কবাণী লুকাই আছে। চয়তানে ইতিমধ্যে এই দুষ্ট জগতখনক গ্ৰাস কৰিছে। সেইবাবে, যিসকল লোকে তেওঁৰ আক্ৰমণৰপৰা এতিয়ালৈকে সুৰক্ষিত হৈ আছে, তেওঁলোকৰ ওপৰত চয়তানে নিজৰ আক্ৰমণ প্ৰবল কৰি তুলিব পাৰে। সেই সুৰক্ষিত থকা লোকসকল হৈছে যিহোৱাৰ লোকসকল। (মীখা ৪:১; যোহন ১৫:১৯; প্ৰকাশিত বাক্য ১২:১২, ১৭) চয়তানৰ ওচৰত একেবাৰে কম সময় থকাৰ বাবে সি খঙত আছে। সেইবাবে, চয়তানে নিজৰ আক্ৰমণ আৰু প্ৰবল কৰি তুলিছে। যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কক দুৰ্বল কৰি তুলিবলৈ সি শেষৰ বাৰৰ বাবে চেষ্টা চলাইছে।

৮. পৌলে বৰ্ণনা কৰিছে যে আমাৰ “মালযুদ্ধ” দুষ্ট আত্মিক প্ৰাণীবোৰৰ লগত হৈছে, ইয়াৰ অৰ্থ কি?

ব্যক্তিগত সংঘৰ্ষ। পাঁচনি পৌলে সত্য খ্ৰীষ্টানসকলক সতৰ্ক কৰিছিল: “আমাৰ মালযুদ্ধ . . . স্বৰ্গীয় ঠাইবোৰত দুষ্টতাৰ আত্মিক দলবোৰে সৈতে হৈছে।” (ইফিচীয়া ৬:১২) পৌলে “মালযুদ্ধ” শব্দ কিয় ব্যৱহাৰ কৰিছিল? সাধাৰণতে মালযুদ্ধ প্ৰতিদ্বন্দ্বিৰ লগত হাতে হাতে লগা হয়। সেইবাবে এই শব্দ ব্যৱহাৰ কৰি পৌলে ক’ব বিচাৰিছিল যে আমি প্ৰত্যেকেই দুষ্ট আত্মিক প্ৰাণীবোৰৰ লগত সংঘৰ্ষ কৰিব লাগিব। আমি যিখন সমাজত বাস কৰোঁ, তাৰ লোকসকলে দুষ্ট আত্মিক প্ৰাণীবোৰৰ বিষয়ে বিশ্বাস কৰক বা নকৰক, কিন্তু আমি মনত ৰখা উচিত যে আমি যেতিয়া নিজৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰিলোঁ, তেতিয়াৰেপৰা চয়তানৰ লগত যেন আমাৰ মালযুদ্ধ আৰম্ভ হ’ল। সেইবাবে, আচৰিত হোৱাৰ কোনো কাৰণ নাই যে পৌলে ইফিচীয়া মণ্ডলীৰ ভাই-ভনীসকলক তিনি বাৰকৈ ‘থিৰে থকাৰ’ বাবে পৰামৰ্শ দিছিল।—ইফিচীয়া ৬:১১, ১৩-১৫.

৯. (ক) চয়তান আৰু দুষ্ট প্ৰাণীবোৰে কিয় ‘নানাবিধ কুকল্পনা’ ব্যৱহাৰ কৰে? (খ) চয়তানে আমাৰ চিন্তাধাৰাক কিয় ভ্ৰষ্ট কৰিবলৈ বিচাৰে আৰু আমি তাৰ প্ৰচেষ্টাক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰোঁ? (“ চয়তানৰ ধূৰ্ততাৰপৰা সাৱধান হওক” নামৰ বক্সত চাওক।) (গ) আমি এতিয়া চয়তানৰ কি কুকল্পনাৰ বিষয়ে আলোচনা কৰিম?

ধূৰ্ততা ভৰা ছলাহী। পৌলে সত্য খ্ৰীষ্টানসকলক চয়তানৰ “নানাবিধ কুকল্পনাৰ” সম্মুখত থিৰে থাকিবলৈ পৰামৰ্শ দিছিল। (ইফিচীয়া ৬:১১) লক্ষ্য কৰক যে ইয়াত পৌলে ‘নানাবিধ কুকল্পনা’ বুলি বৰ্ণনা কৰিছে। দুষ্ট প্ৰাণীবোৰে আমাক প্ৰলোভনত পেলাবলৈ এটা নহয়, কিন্তু নানা ধৰণৰ পদ্ধতি অৱলম্বন কৰে। তেওঁলোকে এনে কৰাৰ এক বিশেষ কাৰণ আছে। সময় অতিবাহিত হোৱাৰ লগে লগে কিছুমান সত্য খ্ৰীষ্টানে কোনো প্ৰলোভনৰ সময়ত স্থিৰে থাকে, কিন্তু আন কিবা প্ৰলোভন অহাৰ সময়ত স্থিৰে থাকিবলৈ ব্যৰ্থ হয়। সেইবাবে, চয়তান আৰু তাৰ দুষ্ট প্ৰাণীবোৰে আমাৰ দুৰ্বলতাবোৰ বিচাৰিবলৈ, আমাৰ আচৰণ বা আচাৰ-ব্যৱহাৰলৈ লক্ষ্য কৰি থাকে। ইয়াৰ পাছত সিহঁতে এইবোৰৰ সুযোগ লৈ যিহোৱাৰ লগত থকা আমাৰ সম্পৰ্কক দুৰ্বল কৰিবলৈ চেষ্টা কৰে। কিন্তু আনন্দৰ বিষয় যে আমি চয়তানৰ কুকল্পনাবোৰ চিনাক্ত কৰিবলৈ সক্ষম হৈছোঁ। কাৰণ বাইবেলে ইয়াৰ বিষয়ে স্পষ্টৰূপে বৰ্ণনা কৰিছে। (২ কৰিন্থীয়া ২:১১) এই কিতাপখনতে আমি চয়তানৰ কিছুমান টোপৰ বিষয়ে আলোচনা কৰিছিলোঁ। আমি শিকিছিলোঁ যে চয়তানে আমাক প্ৰলোভিত কৰিবলৈ ধন-সম্পত্তি, বেয়া সংগতি আৰু যৌন অনৈতিকতাক টোপ হিচাপে ব্যৱহাৰ কৰে। আহক এতিয়া আমি চয়তানৰ আন এক কুকল্পনাৰ বিষয়ে আলোচনা কৰোঁ আৰু সেয়া হৈছে ভুতবিদ্যা।

ভুতবিদ্যা—এক বিশ্বাসঘাতকতাৰ কাৰ্য্য

১০. (ক) ভুতবিদ্যা কি? (খ) যিহোৱা ঈশ্বৰে ভুতবিদ্যাৰ প্ৰতি কেনে দৃষ্টিভংগী ৰাখে আৰু আমিও ইয়াক কি দৃষ্টিভংগীৰে চোৱা উচিত?

১০ ভুতবিদ্যাৰ যোগেদি এজন ব্যক্তিয়ে দুষ্ট প্ৰাণীবোৰৰ লগত প্ৰত্যক্ষভাৱে সম্পৰ্ক গঢ়ি তোলে। মংগল চোৱা, যাদুবিদ্যা, তন্ত্ৰ-মন্ত্ৰ কৰা আৰু মৃত ব্যক্তিৰ লগত কথা পতা ইত্যাদি কাৰ্য্য ভুতবিদ্যাৰ লগত জড়িত আছে। কিন্তু আমি জানোঁ যে যিহোৱা ঈশ্বৰৰ দৃষ্টিত ভুতবিদ্যা “ঘিণলগীয়া।” (দ্বিতীয় বিবৰণ ১৮:১০-১২; প্ৰকাশিত বাক্য ২১:৮) আমিও “যি মন্দ, তাক ঘিণ কৰা” উচিত। গতিকে দুষ্ট প্ৰাণীবোৰৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ চেষ্টা কৰাটো কেতিয়াও উচিত নহয়। (ৰোমীয়া ১২:৯) এনে কাৰ্য্য কৰিলে আমাৰ স্বৰ্গত থকা পিতৃ যিহোৱা ঈশ্বৰৰ লগত বিশ্বাসঘাতকতা কৰা যেন হ’ব।

১১. যদি চয়তানে এজন সত্য খ্ৰীষ্টানক ভুতবিদ্যা কাৰ্য্যত জড়িত কৰিবলৈ সক্ষম হয়, তেনেহ’লে এইটো তাৰ বাবে কিয় এক গৌৰৱৰ বিষয় হ’ব? উদাহৰণ দি বুজাওক।

১১ চয়তানেও জানে যে ভুতবিদ্যাৰ লগত জড়িত হ’লে যিহোৱা ঈশ্বৰক বিশ্বাসঘাত কৰা হ’ব। সেইবাবে, সি আমাৰ মাজৰ কিছুমান লোকক এই কাৰ্য্যত জড়িত কৰিবলৈ চেষ্টা কৰিছে। যদি চয়তানে এজন সত্য খ্ৰীষ্টানক ভুতবিদ্যাৰ কাৰ্য্যত জড়িত কৰিবলৈ সক্ষম হয়, তেনেহ’লে এইটো তাৰ বাবে এক গৌৰৱৰ বিষয় হ’ব। কিয় বাৰু? ইয়াক বুজিবলৈ এই উদাহৰণলৈ ধ্যান দিয়ক। যদি এজন সৈনিকক নিজৰ সৈন্যদল ত্যাগ কৰি বিশ্বাসঘাত কৰিবলৈ আৰু শত্ৰুপক্ষৰ সৈন্যদলত যোগ কৰাবলৈ সক্ষম হয়, তেনেহ’লে শত্ৰুপক্ষৰ সেনাপতিয়ে আনন্দিত নহ’বনে? তেওঁ বিশ্বাসঘাত কৰা সৈনিকজনৰ, আগৰ সেনাপতিজনক অপমান কৰিবলৈ হয়তো সেই বিশ্বাসঘাতকক পুৰস্কাৰ হিচাপে সকলোৰে আগত তেওঁক প্ৰশংসা কৰিব। ঠিক সেইদৰে, যদি এজন খ্ৰীষ্টানে ভুতবিদ্যাত জড়িত হয়, তেনেহ’লে তেওঁ জানি-শুনি আৰু নিজ ইচ্ছাৰে যিহোৱা ঈশ্বৰক ত্যাগ কৰে আৰু চয়তানৰ সৈন্যদলত প্ৰত্যক্ষভাৱে সোমাই পৰে। কল্পনা কৰক যে যুদ্ধত লাভ কৰা পুৰস্কাৰৰ দৰে ইয়ে চয়তানক কিমান আনন্দিত কৰিব! আমাৰ মাজৰ কোনোবাই এইদৰে চয়তানে সফল হোৱাটো আৰু সি আনন্দিত হোৱাটো বিচাৰিবনে? কেতিয়াও নিবিচাৰে। আমি বিশ্বাসঘাতক নহওঁ।

সন্দেহৰ ভাব সৃষ্টি কৰিব পৰা প্ৰশ্ন

১২. ভুতবিদ্যাৰ বিষয়ে আমাৰ চিন্তাধাৰাক পৰিৱৰ্তন কৰাৰ বাবে চয়তানে কি পদ্ধতি অৱলম্বন কৰে?

১২ যেতিয়ালৈকে আমি ভুতবিদ্যাক ঘৃণা কৰি থাকিম, তেতিয়ালৈকে চয়তানে আমাক ইয়াত জড়িত কৰিবলৈ সক্ষম নহ’ব। সেইবাবে, চয়তানে বুজিব পাৰে যে ভুতবিদ্যাৰ প্ৰতি থকা আমাৰ চিন্তাধাৰাক পৰিৱৰ্তন কৰিবলৈ হ’লে, আন কিবা কৰাৰ প্ৰয়োজন আছে। সি ইয়াক কেনেকৈ কৰিব? সত্য খ্ৰীষ্টানসকলক বিমূঢ়ত পেলাবলৈ চয়তানে এনে কিছুমান উপায় অৱলম্বন কৰে, যাৰ যোগেদি লোকসকলে “বেয়াক ভাল আৰু ভালক বেয়া” বুলি ভাবিবলৈ ধৰে। (যিচয়া ৫:২০) চয়তানে এনে এক পদ্ধতি ব্যৱহাৰ কৰে, যি বছৰ বছৰ ধৰি প্ৰভাৱিত বুলি প্ৰমাণিত হৈ আহিছে। সেয়া হৈছে সন্দেহৰ ভাব সৃষ্টি কৰিব পৰা প্ৰশ্ন।

১৩. চয়তানে সন্দেহৰ ভাব সৃষ্টি কৰিব পৰা প্ৰশ্ন সোধা পদ্ধতিটো কেনেদৰে ব্যৱহাৰ কৰিছিল?

১৩ অতীতত চয়তানে এই পদ্ধতি কেনেদৰে ব্যৱহাৰ কৰিছিল তালৈ ধ্যান দিয়ক। এদন বাগিছাত চয়তানে হৱাক এইদৰে প্ৰশ্ন কৰিছিল: “বাৰীৰ কোনো গছৰ ফল তোমালোকে নেখাবা বুলি ঈশ্বৰে বাস্তৱিকে ক’লে নে?” ইয়োবৰ সময়ত, স্বৰ্গত আয়োজন কৰা স্বৰ্গদূতসকলৰ সভাত চয়তানে এই প্ৰশ্ন উত্থাপন কৰিছিল: “ইয়োবে জানো বিনালাভে ঈশ্বৰলৈ ভয় ৰাখে?” আৰু যীচুৱে যেতিয়া এই পৃথিৱীত সেৱা কৰিবলৈ আৰম্ভ কৰিছিল, তেতিয়া চয়তানে তেওঁ যে মচীহ হয় তাৰ ওপৰত প্ৰশ্ন তুলি কৈছিল: “তুমি যদি ঈশ্বৰৰ পুত্ৰ হোৱা, তেন্তে এই শিলবোৰ পিঠা হবলৈ আজ্ঞা দিয়া।” প্ৰায় ছয় সপ্তাহৰ আগত যিহোৱা ঈশ্বৰে যীচুৰ বিষয়ে এইদৰে কৈছিল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।” লক্ষ্য কৰকচোন, যীচু খ্ৰীষ্টৰ বিষয়ে কোৱা এই বাক্যশাৰী ব্যৱহাৰ কৰি চয়তানে যিহোৱা ঈশ্বৰক কেনেকৈ ইতিকিং কৰিছে।—আদিপুস্তক ৩:১; ইয়োব ১:৯; মথি ৩:১৭; ৪:৩.

১৪. (ক) চয়তানে ভুতবিদ্যাৰ বিষয়ে সন্দেহৰ ভাব সৃষ্টি কৰিবলৈ তাৰ কুকল্পনা কেনেকৈ ব্যৱহাৰ কৰিছে? (খ) আমি এতিয়া কিহৰ বিষয়ে আলোচনা কৰিম?

১৪ বৰ্তমান সময়তো চয়তানে ভুতবিদ্যাৰ বিষয়ে সন্দেহৰ ভাব সৃষ্টি কৰিবলৈ সেই একেই পদ্ধতি ব্যৱহাৰ কৰে। দুখৰ বিষয়ে যে চয়তানে এই পদ্ধতিৰে কিছুমান সত্য খ্ৰীষ্টানৰ মনত সন্দেহৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হৈছে। তেওঁলোকে এই বিষয়ে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছে যে কিছুমান ভুতবিদ্যা সঁচাকৈ হানিকাৰক নে? (২ কৰিন্থীয়া ১১:৩) আমি এনে লোকসকলৰ চিন্তাধাৰাক পৰিৱৰ্তন কৰিবলৈ কেনেকৈ সহায় আগবঢ়াব পাৰোঁ? আমি কেনেকৈ নিশ্চিত কৰিব পাৰোঁ যে চয়তানৰ এই কুকল্পনা আমাক যেন প্ৰভাৱিত কৰিব নোৱাৰে? ইয়াৰ উত্তৰৰ বাবে আহক আমি জীৱনৰ দুটা দিশৰ বিষয়ে আলোচনা কৰোঁ, য’ত চয়তানে ভুতবিদ্যাৰে কলুষিত কৰিবলৈ চেষ্টা কৰিছে। সেয়া হৈছে মনোৰঞ্জন আৰু স্থাস্থ্যজনিত বিষয়।

আমাৰ আকাঙ্খা আৰু আৱশ্যকতাবোৰৰ সুযোগ লোৱা

১৫. (ক) পাশ্চাত্য দেশৰ লোকসকলে ভুতবিদ্যাৰ বিষয়ে কেনে দৃষ্টিভংগী ৰাখে? (খ) ভুতবিদ্যাৰ বিষয়ে জগতৰ যি দৃষ্টিভংগী আছে, তাৰ প্ৰভাৱ কিছুমান সত্য খ্ৰীষ্টানৰ ওপৰত কেনেকৈ পৰিছে?

১৫ বিশেষকৈ পাশ্চাত্য দেশবোৰত তন্ত্ৰ-মন্ত্ৰ, যাদুবিদ্যা আৰু ভুতবিদ্যাৰ লগত জড়িত থকা বিভিন্ন বিষয়বোৰ দিনক দিনে এক সাধাৰণ কথা হৈ পৰিছে। চিনেমা, কিতাপ-পত্ৰ, টিভিৰ কাৰ্য্যক্ৰম আৰু কম্পিউটাৰৰ গেইমবোৰত ভুতবিদ্যাৰ কাৰ্য্যবোৰে কোনো ক্ষতি নকৰে আৰু ই কেৱল আনন্দ-ফূৰ্তিৰ হয় বুলি তুলি ধৰে। কিছুমান চিনেমা আৰু কিতাপ-পত্ৰত তন্ত্ৰ-মন্ত্ৰৰ লগত জড়িত থকা বিষয়বোৰ জনপ্ৰিয় হৈ উঠিছে। দুষ্ট প্ৰাণীবিলাকে তন্ত্ৰ-মন্ত্ৰ কোনো বিপদজনক নহয় বুলি লোকসকলক পতিয়ন নিয়াবলৈ সক্ষম হৈছে। জগতৰ লোকসকলে তন্ত্ৰ-মন্ত্ৰক সাধাৰণভাৱে লয়। এই প্ৰভাৱ সত্য খ্ৰীষ্টানসকলৰ ওপৰত পৰিছে নেকি? কিছুমান লোকৰ চিন্তা-ভাৱনাৰ ওপৰত ই প্ৰভাৱ পৰিছে। কেনেকৈ বাৰু? উদাহৰণস্বৰূপে, এজন খ্ৰীষ্টানে যাদুবিদ্যাৰ ওপৰত আধাৰিত এখন চিনেমা চোৱাৰ পাছত কি কৈছিল তালৈ লক্ষ্য কৰক। তেওঁ এইদৰে কৈছিল, “মই কেৱল চিনেমাহে চাইছোঁ। মই যাদুবিদ্যাৰ লগত জড়িত থকা কোনো কাৰ্য্যতো কৰা নাই।” এনেধৰণৰ চিন্তাধাৰা কিয় বিপদজনক হ’ব পাৰে?

১৬. তন্ত্ৰ-মন্ত্ৰৰ লগত জড়িত থকা মনোৰঞ্জনবোৰ উপভোগ কৰা কিয় বিপদজনক হ’ব পাৰে?

১৬ এইটো সঁচা যে ভুতবিদ্যাৰ লগত জড়িত থকা বিষয়বোৰ দৰ্শকৰ দৰে উপভোগ কৰা আৰু ভুতবিদ্যাৰ কাৰ্য্য কৰাৰ মাজত পাৰ্থক্য আছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে যাদুবিদ্যাৰ লগত জড়িত থকা বিষয়বোৰ কেৱল উপভোগ কৰাটো বিপদজনক নহয়। কিয় বাৰু? এই বিষয়ে অলপ বিবেচনা কৰক: ঈশ্বৰৰ বাক্যই আমাক উনুকিয়াই দিয়ে যে চয়তান অথবা তাৰ দুষ্ট প্ৰাণীবিলাকে আমাৰ মনৰ কথা জনাৰ কোনো ক্ষমতা নাই। * আগত উল্লেখ কৰা অনুসৰি আমি কি চিন্তা কৰিছোঁ তাক জানিবলৈ আৰু আমাৰ মাজত কোনো আধ্যাত্মিক দুৰ্বলতা বিচাৰিবলৈ, দুষ্ট প্ৰাণীবিলাকে আমাৰ কামবোৰক আৰু তাৰ লগতে আমি চোৱা মনোৰঞ্জনবোৰক গভীৰভাৱে লক্ষ্য কৰি থাকে। সেইবাবে, যদি এজন খ্ৰীষ্টানে তন্ত্ৰ-মন্ত্ৰ, ভুতবিদ্যা আৰু যাদুবিদ্যাৰ লগত জড়িত থকা চিনেমা আৰু কিতাপ-পত্ৰ উপভোগ কৰে, তেনেহ’লে তেওঁ দুষ্ট প্ৰাণীবিলাকক নিজৰ দুৰ্বলতাবোৰৰ বিষয়ে জানিবলৈ দিয়ে। ফলস্বৰূপে, দুষ্ট প্ৰাণীবিলাকে সেই খ্ৰীষ্টানজনক পৰাজয় কৰি আধ্যাত্মিকভাৱে দুৰ্বল কৰিবলৈ তেওঁলোকৰ মালযুদ্ধ আৰু প্ৰবল কৰি তোলে। দুখৰ বিষয় যে যিসকল লোকে ভুতবিদ্যাৰ লগত জড়িত থকা চিনেমা আদি উপভোগ কৰিছিল, তেওঁলোক পাছলৈ ভুতবিদ্যাৰ কাৰ্য্যত লিপ্ত হৈ পৰে।—গালাতীয়া ৬:৭ পঢ়ক।

অসুস্থ হোৱাৰ সময়ত যিহোৱাৰপৰা পোৱা সহায়ৰ সুযোগ লওক

১৭. অসুস্থ ব্যক্তিজনৰ আৱশ্যকতাৰ সুযোগ লৈ চয়তানে কি কুকল্পনা কৰিব পাৰে?

১৭ চয়তানে কেৱল মনোৰঞ্জনৰ প্ৰতি থকা আমাৰ আকাঙ্খাৰ সুযোগ লোৱাই নহয় কিন্তু তাৰ লগতে স্থাস্থ্যজনিত বিষয়বোৰক লক্ষ্য ৰাখি তাৰ সুযোগ লয়। কেনেকৈ বাৰু? বিভিন্ন চিকিৎসা কৰাৰ পাছতো যদি এজন খ্ৰীষ্টানে সুস্থ হোৱা নাই তেনেহ’লে তেওঁ নিৰাশ হ’ব পাৰে। (মাৰ্ক ৫:২৫, ২৬) তেনে পৰিস্থিতিত চয়তান আৰু তাৰ দুষ্ট প্ৰাণীবিলাকে এই ব্যক্তিজনৰ দুৰ্বলতাৰ সুযোগ ল’ব পাৰে। সেইবাবে দুষ্ট প্ৰাণীবোৰে অসুস্থ ব্যক্তিজনক এনে চিকিৎসা পদ্ধতিৰ বাবে প্ৰলোভিত কৰিব পাৰে, যিবোৰ “অধৰ্ম্মযুক্ত [ভুতবিদ্যা, NW ]” কাৰ্য্য বা তন্ত্ৰ-মন্ত্ৰৰ লগত জড়িত থাকে। (যিচয়া ১:১৩) দুষ্ট প্ৰাণীসকলৰ এই কুকল্পনা যদি সফল হয়, তেনেহ’লে ই ঈশ্বৰৰ লগত অসুস্থ মানুহজনৰ সম্পৰ্ক দুৰ্বল কৰিব পাৰে। কেনেকৈ বাৰু?

১৮. চিকিৎসাৰ বাবে কেনেধৰণৰ পদ্ধতি খ্ৰীষ্টানসকলে ত্যাগ কৰা উচিত?

১৮ যেতিয়া ইস্ৰায়েলীসকলে “অধৰ্ম্মযুক্ত” কাৰ্য্য অৰ্থাৎ ভুতবিদ্যাৰ সহায় লৈছিল তেতিয়া যিহোৱা ঈশ্বৰে তেওঁলোকক এইদৰে সতৰ্ক কৰিছিল: “তোমালোকে হাত মেলিলে, মই তোমালোকৰ পৰা নিজ চকু ঢাকিম; এনে কি, তোমালোকে বিস্তৰ প্ৰাৰ্থনা কৰিলেও মই নুশুনিম।” (যিচয়া ১:১৫) সঁচাকৈ আমি অসুস্থ হোৱাৰ সময়ত এনে কাম কৰাৰপৰা আঁতৰি থাকিম, যাৰ বাবে যিহোৱা ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনা আৰু আমাক সহায় কৰাৰপৰা দূৰে থাকিব। (গীতমালা ৪১:৩) সেইবাবে যদি সত্য খ্ৰীষ্টানজনে ৰোগ নিৰ্ণয় পদ্ধতি বা চিকিৎসা বিষয়বোৰ কোনো ভুতবিদ্যাৰ লগত জড়িত আছে বুলি ইংগিত পায়, তেনেহ’লে সেইবোৰ ত্যাগ কৰা উচিত। * (মথি ৬:১৩) এনেদৰে কৰিলে আমি যিহোৱা ঈশ্বৰৰপৰা সহায় লাভ কৰিব পাৰিম বুলি নিশ্চিত হ’ব পাৰোঁ।—“ এইটো সঁচাকৈ ভুতবিদ্যা নে?” নামৰ বক্সত চাওক।

দুষ্ট প্ৰাণীবিলাকৰ বিষয়ে গল্প শুনাৰ সময়ত

১৯. (ক) চয়তানে লোকসকলক কি বুলি ঠগিছে? (খ) সত্য খ্ৰীষ্টানসকলক কেনেধৰণৰ সাধু-কথাৰপৰা আঁতৰি থকা উচিত?

১৯ পাশ্চাত্য দেশবোৰৰ বহুতোলোকে চয়তানৰ যে শক্তি আছে তাক সাধাৰণভাৱে লয়। কিন্তু পৃথিৱীৰ আন কিছুমান দেশত ইয়াৰ বিপৰীত দেখিবলৈ পোৱা যায়। চয়তানৰ ওচৰত অপাৰ শক্তি আছে বুলি সি লোকসকলক ঠগিছে। কিছুমান লোকে খাওঁতে, বহোঁতে, শোওঁতে সকলো সময়তে দুষ্ট প্ৰাণীৰ ভয়ত জীৱন অতিবাহিত কৰে। দুষ্ট প্ৰাণীবিলাকৰ কাৰ্য্যবোৰৰ বিষয়ে বিভিন্ন ধৰণৰ সাধু-কথা বা গল্প আদিত শুনিবলৈ পোৱা যায়। কিছুমান সাধু-কথা বৰ ৰস লগাই কোৱা হয় আৰু লোকসকলে এইবোৰ শুনি মুগ্ধ হয়। আমিও এনেধৰণৰ সাধু-কথা আনক ক’ব পাৰোঁনে? আমি এইদৰে কৰিব নোৱাৰোঁ। ঈশ্বৰৰ দাসসকলে দুটা গুৰুত্বপূৰ্ণ কাৰণৰ বাবে এনেধৰণৰ কাৰ্য্যৰপৰা আঁতৰি থাকে।

২০. এজন ব্যক্তিয়ে কেনেকৈ চয়তানৰ মিছা কথাবোৰ প্ৰচাৰ কৰিবলৈ সহায় কৰে?

২০ প্ৰথমটো হৈছে দুষ্ট প্ৰাণীবিলাকৰ বিষয়ে আনক কোৱাৰ দ্বাৰা এজন ব্যক্তিয়ে আচলতে চয়তানক সহায় কৰে। কেনেকৈ বাৰু? ঈশ্বৰৰ বাক্যই আমাক স্পষ্টৰূপে বৰ্ণনা কৰে যে শক্তিশালী কাৰ্য্য কৰাৰ ক্ষমতা চয়তানৰ আছে। কিন্তু বাইবেলে আমাক সতৰ্ক কৰি দিয়ে যে চয়তানে এইবোৰ কৰাৰ বাবে “মিছাৰ . . . চিন” আৰু ‘প্ৰবঞ্চনাৰ’ সহায় লয়। (২ থিচলনীকীয়া ২:৯, ১০) চয়তান হৈছে প্ৰবঞ্চক। সেইবাবে, ভুতবিদ্যাৰ যোগেদি বিভিন্ন লোকৰ মন কেনেকৈ ভুলাব পাৰে আৰু ভুতবিদ্যাৰ মিছা বিষয়বোৰ কেনেকৈ লোকসকলক সত্য বুলি বিশ্বাস কৰাব পাৰে, তাৰ বিষয়ে চয়তানে ভালদৰে জানে। এনেধৰণৰ ব্যক্তিসকলে বিশ্বাস কৰে যে তেওঁলোকে যি দেখিছে বা শুনিছে সেইবোৰ সত্য হয় আৰু আনৰ আগত ইয়াৰ বিষয়ে বৰ্ণনা কৰিব পাৰে। তেওঁলোকে এই কথাবোৰ বাৰে বাৰে কৈ থকাৰ বাবে, এটা সৰু বিষয় পাছলৈ ডাঙৰ বিষয়লৈ পৰিণত হয়। এজন সত্য খ্ৰীষ্টানে যদি এনেধৰণৰ সাধু-কথা আনক কৈ ফুৰে, তেনেহ’লে তেওঁ ‘মিছলীয়াৰ বাপেক’ অৰ্থাৎ চয়তানৰ ইচ্ছা পালন কৰে। তেওঁ চয়তানৰ হৈ মিছা কথা প্ৰচাৰ কৰিবলৈ সহায় কৰে।—যোহন ৮:৪৪; ২ তীমথিয় ২:১৬, ১৭.

২১. আমাৰ কথা-বতৰা কিহৰ ওপৰত হোৱা উচিত?

২১ এতিয়া দ্বিতীয় কাৰণটোলৈ মনোযোগ দিয়ক। যদি এজন খ্ৰীষ্টানে অতীতত দুষ্ট প্ৰাণীবিলাকৰ লগত কোনোধৰণৰ সম্পৰ্কত আহিছিল, তেনেহ’লে তেওঁ ভাই-ভনীসকলক ইয়াৰ বিষয়ে বাৰে বাৰে কোৱা উচিত নহয়। কিয় বাৰু? কিয়নো আমাক উপদেশ দিয়া হৈছে: ‘বিশ্বাসৰ আদি আৰু সিদ্ধিকৰ্ত্তা যীচুলৈ চাই থাকক।’ (ইব্ৰী ১২:২) গতিকে আমাৰ ধ্যান যীচু খ্ৰীষ্টৰ ওপৰত হোৱা উচিত, চয়তানৰ ওপৰত নহয়। মন কৰিবলগীয়া কথা যে এই পৃথিৱীত থকাৰ সময়ত যীচুৱে তেওঁৰ শিষ্যসকলক দুষ্ট প্ৰাণীবিলাকৰ সাধু-কথা কৈ আনন্দ-ফূৰ্তি কৰা নাছিল। চয়তানে কি কৰিব পাৰে আৰু কি কৰিব নোৱাৰে, তাৰ বিষয়েও তেওঁ ক’ব পাৰিলেহেঁতেন। কিন্তু তেওঁ সেইদৰে কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে তেওঁ সম্পূৰ্ণ ধ্যান ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা ঘোষণা কৰা কাৰ্য্যত কেন্দ্ৰীভূত কৰিছিল। সেইবাবে আমিও যীচু আৰু তেওঁৰ পাঁচনিসকলৰ দৰে “ঈশ্বৰৰ মহৎ কৰ্ম্মৰ” বিষয়ে কথা-বতৰা হোৱা উচিত।—পাঁচনিৰ কৰ্ম্ম ২:১১; লূক ৮:১; ৰোমীয়া ১:১১, ১২.

২২. “স্বৰ্গত” সদায় “আনন্দ” হৈ থাকিবলৈ আমি কি কৰিব পাৰোঁ?

২২ এইটো সঁচা যে ঈশ্বৰৰ লগত থকা আমাৰ সম্পৰ্ক বিচ্ছিন্ন কৰাৰ বাবে চয়তানে ভুতবিদ্যাৰ লগত জড়িত থকা বিভিন্ন কুকল্পনা ব্যৱহাৰ কৰে। কিন্তু যদি আমি যি মন্দ তাক ঘিণ কৰোঁ আৰু যি ভাল তাক গ্ৰহণ কৰোঁ তেনেহ’লে আমি চয়তানক কোনো সুযোগ নিদিম। ভুতবিদ্যাৰ পৰা আঁতৰি থাকিবলৈ আমাৰ দৃঢ়সংকল্পক চয়তানে কেতিয়াও লৰচৰ কৰিব নোৱাৰিব। (ইফিচীয়া ৪:২৭ পঢ়ক।) কল্পনা কৰক যে চয়তানৰ অস্তিত্ব সম্পূৰ্ণৰূপে শেষ নোহোৱালৈকে যদি আমি “চয়তানৰ নানাবিধ কুকল্পনাৰ সম্মুখত থিৰে থাকিবলৈ” সক্ষম হওঁ, তেনেহ’লে “স্বৰ্গত” কিমান যে “আনন্দ” হ’ব!—লূক ১৫:৭; ইফিচীয়া ৬:১১.

^ অনু. 16 চয়তানক বিপক্ষ, অপবাদক, প্ৰতাৰক, প্ৰলোভনকাৰী, মিছলীয়া এই নামবোৰ দিয়া হৈছে। এই নামবোৰৰ অৰ্থ এইটো নহয় যে সি আমাৰ হৃদয় বা মন পঢ়াৰ ক্ষমতা ৰাখে। কিন্তু ইয়াৰ বিপৰীতে যিহোৱা ঈশ্বৰ আমাৰ “হৃদয় পৰীক্ষা কৰোঁতা,” আৰু যীচু আমাৰ “অন্তৰৰ আৰু হৃদয়ৰ অনুসন্ধানকাৰী” বুলি বৰ্ণনা কৰিছে।—হিতোপদেশ ১৭:৩; প্ৰকাশিত বাক্য ২:২৩.

^ অনু. 18 অধিক জানিবলৈ ১৯৯৪, ১৫ ডিচেম্বৰ প্ৰহৰীবুৰুজ (ইংৰাজী), পৃষ্ঠা ১৯-২২ দিয়া লেখত চাওক: “এই স্বাস্থ্য পৰীক্ষা আপোনাৰ বাবে নেকি?” আৰু ২০০১, ৮ জানুৱাৰী সচেতন থাকক! (ইংৰাজী) পত্ৰিকাৰ “বাইবেলৰ দৃষ্টিভংগী: আপুনি চিকিৎসাৰ ক্ষেত্ৰত যি পদ্ধতি বাছনি কৰে সেয়া গুৰুত্বপূৰ্ণ নে?” লেখত চাওক।