অধ্যায় ১
সৃষ্টিকৰ্ত্তাই মানৱক এক প্ৰমোদবন দিলে
গোটেই বিশ্বব্ৰহ্মাণ্ড আৰু এই পৃথিৱীত ঈশ্বৰে জীৱন সৃষ্টি কৰিলে। এজন সিদ্ধ পুৰুষ আৰু তিৰোতাক সৃষ্টি কৰি ঈশ্বৰে তেওঁলোকক এক সুন্দৰ বাগিচাত থাকিবলৈ দিলে। ঈশ্বৰে তেওঁলোকক তেওঁৰ আজ্ঞাধীন হৈ থাকিবলৈ আদেশ দিলে
“আদিতে ঈশ্বৰে আকাশ-মণ্ডল আৰু পৃথিবী সৃষ্টি কৰিলে।” (আদিপুস্তক ১:১) এই বাক্যশাৰীৰে বাইবেলৰ লিখনি আৰম্ভ হৈছে। কোৱা হয় যে এই কিতাপৰ আৰম্ভণিৰ বাক্যশাৰীৰ দৰে আজিলৈকে কোনো কিতাপৰ আৰম্ভণি হোৱা নাই। সাধাৰণ কিন্তু তাৎপৰ্য্যপূৰ্ণ বাক্যৰ দ্বাৰা বাইবেলে এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ বিষয়ে পৰিচয় দিয়ে আৰু সেইজনা হৈছে সৰ্ব্বশক্তিমান ঈশ্বৰ—যিহোৱা। বাইবেলৰ এই পদে আমাক গোটেই বিশ্বব্ৰহ্মাণ্ড আৰু আমি থকা এই পৃথিৱীখনৰ সৃষ্টিকৰ্ত্তাৰ বিষয়ে পৰিচয় দিয়ে। আৰম্ভণিৰ বাক্যশাৰীৰ পাছত ঈশ্বৰৰ বাক্যই আমাক বৰ্ণনা কৰে যে কেনেকৈ ঈশ্বৰে বহু সময়জোৰি এই পৃথিৱীখন আমি থকাৰ বাবে যোগ্য কৰিলে আৰু আমাৰ চাৰিওফালে থকা প্ৰকৃতিৰ সকলো আশ্চৰ্য্যজনক বস্তুবোৰ অস্তিত্বত আনিলে।
ঈশ্বৰৰ সকলো সৃষ্টিৰ ভিতৰত মানুহেই হৈছে মহান। ঈশ্বৰৰ ব্যক্তিগত গুণবোৰ প্ৰতিফলিত কৰিব পৰাকৈ তেওঁ মানুহক নিজৰ প্ৰতিমূৰ্ত্তিৰে সৃষ্টি কৰিছিল। ঈশ্বৰে পৃথিৱীৰ ধূলিৰে মানুহক সৃষ্টি কৰিছিল। ঈশ্বৰে সেই মানুহৰ নাম আদম ৰাখিলে আৰু এক সুন্দৰ প্ৰমোদবনত তেওঁক থাকিবলৈ দিলে। সেই বাগিচাখনৰ নাম আছিল এদন বাগিচা। ঈশ্বৰে নিজেই এই বাগিচাখন তৈয়াৰ কৰিছিল আৰু সুন্দৰ ফল-মূলৰ গছ-গছনিৰে এইখন ভৰি আছিল।
ঈশ্বৰে জানিছিল যে এজন পুৰুষৰ বাবে এগৰাকী তিৰোতা হোৱা ভাল। আদমৰ এডাল কামীহাড়ৰপৰা ঈশ্বৰে এগৰাকী তিৰোতাক সৃষ্টি কৰিলে আৰু পত্নী হিচাবে আদমক দিলে। আদমে তাইৰ নাম হৱা ৰাখিলে। ইয়াকে দেখি আদমে উল্লাসিত হৈ কবিতাৰ আকাৰে এইদৰে নিজৰ মনৰ আনন্দ প্ৰকাশ কৰিছিল: “এওঁ মোৰ হাড়ৰো হাড়, মোৰ মঙহৰো মঙহ।” ইয়াৰ পাছত ঈশ্বৰে এইদৰে বৰ্ণনা কৰিছিল: “এতেকে মানুহে নিজ পিতৃ মাতৃক ত্যাগ কৰি, নিজ তিৰোতাত আসক্ত হব, আৰু সিবিলাক দুয়ো একদেহ হব।”—আদিপুস্তক ২:২২-২৪; ৩:২০.
ঈশ্বৰে আদম আৰু হৱাক দুটা আজ্ঞা দিছিল। প্ৰথমতে, ঈশ্বৰে তেওঁলোকক খেতি-বাতি কৰিবলৈ আৰু এই পাৰ্থিৱ ঘৰক যত্ন ল’বলৈ তথা লাহে লাহে এই পৃথিৱীখন তেওঁলোকৰ ল’ৰা-ছোৱালীৰে পূৰ কৰিবলৈ আজ্ঞা দিছিল। দ্বিতীয়তে, ঈশ্বৰে তেওঁলোকক বাগিচাৰ সকলো গছৰ ফল খাবলৈ সুযোগ দিছিল, কিন্তু মাত্ৰ এজোপা গছৰ ফল নাখাবলৈ তেওঁলোকক আজ্ঞা দিছিল আৰু সেই গছজোপা হৈছে, ‘ভাল বেয়া জ্ঞান দিওঁতা বৃক্ষ।’ (আদিপুস্তক ২:১৭) যদি আদম আৰু হৱাই ঈশ্বৰৰ এই আজ্ঞা পালন নকৰে, তেনেহ’লে তেওঁলোকৰ মৃত্যু হ’ব। তেওঁলোকে ঈশ্বৰক নিজৰ শাসক হিচাবে গ্ৰহণ কৰে নে নকৰে তাকে দেখুৱাবলৈ ঈশ্বৰে তেওঁলোকক এক সুযোগ দিছিল। আজ্ঞাকাৰী হৈ থকাৰ অৰ্থ হৈছে, ঈশ্বৰৰ প্ৰতি তেওঁলোকৰ প্ৰেম আৰু কৃতজ্ঞতা দেখুৱা। তেওঁলোকে ঈশ্বৰৰ শাসনক গ্ৰহণ কৰাৰ বহুতো কাৰণ আছিল। এই সিদ্ধ দম্পতীৰ কোনো খুঁত নাছিল। তেওঁলোকৰ সৃষ্টিৰ বিষয়ে বাইবেলে এইদৰে বৰ্ণনা কৰিছে: “পাছে ঈশ্বৰে নিজে নিৰ্ম্মাণ কৰা সকলোকে চাই অতি উত্তম দেখিলে।”—আদিপুস্তক ১:৩১.
—এই অংশ আদিপুস্তক কিতাপৰ ১ আৰু ২ অধ্যায়ৰ আধাৰত।