Skip to content

Skip to table of contents

অধ্যায় ১০

জ্ঞানী ৰজা চলোমন

জ্ঞানী ৰজা চলোমন

যিহোৱা ঈশ্বৰে চলোমনক জ্ঞানযুক্ত মন দিছিল। চলোমনৰ শাসন কালত ইস্ৰায়েলীসকলে শান্তি আৰু সুৰক্ষিত অনুভৱ কৰিছিল

যদি এখন ৰাজ্যৰ ৰজা আৰু প্ৰজাবিলাকে যিহোৱাৰ সাৰ্ব্বভৌমত্বক স্বীকাৰ কৰে আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰে, তেনেহ’লে সেই দেশৰ পৰিস্থিতি কেনে হ’ব বাৰু? ইয়াৰ উত্তৰ ৰজা চলোমনৰ ৪০ বছৰৰ শাসন কালত দেখা পোৱা যায়।

দায়ূদে নিজৰ মৃত্যুৰ আগত পুত্ৰ চলোমনক উত্তৰাধিকাৰীৰূপে নিযুক্ত কৰিলে। চলোমন ৰজা হোৱাৰ পাছত, এদিনাখন ৰাতি সপোনত তেওঁক কি লাগে বুলি যিহোৱাই সুধিলে। ঈশ্বৰৰ লোকসকলক উচিতভাৱে আৰু প্ৰজ্ঞাৰে শাসন কৰিবলৈ চলোমনে বুদ্ধি আৰু জ্ঞানৰ বাবে যিহোৱাক অনুৰোধ কৰিলে। চলোমনৰ অনুৰোধ আৰু ইচ্ছা অনুসৰি যিহোৱাই তেওঁক আশীৰ্ব্বাদ কৰিলে। ঈশ্বৰে ইয়াকো প্ৰতিজ্ঞা কৰিলে যে যদি চলোমনে যিহোৱাৰ আজ্ঞাকাৰী হৈ থাকে, তেনেহ’লে তেওঁক ধন, সন্মান আৰু জীৱনো দিয়া হ’ব।

ন্যায় বিচাৰৰ বাবে চলোমন বিখ্যাত হৈ পৰিল। এই ঘটনালৈ লক্ষ্য কৰক। এবাৰ দুগৰাকী তিৰোতাই এটা কেঁচুৱাৰ বাবে কাজিয়া কৰি আছিল আৰু দুয়োগৰাকীয়ে কেঁচুৱাটো নিজৰ হয় বুলি দাবী কৰিছিল। ইয়াকে দেখি চলোমনে কেঁচুৱাটোক দুডোখৰ কৰি দুয়োজনীৰ মাজত ভগাই দিবলৈ আদেশ দিলে। প্ৰথম তিৰোতাজনীয়ে এইদৰে কৰিবলৈ মান্তি হ’ল, কিন্তু কেঁচুৱাটোৰ প্ৰকৃত মাকে এনেকৈ কৰিবলৈ নিবিচাৰিলে আৰু তাই কেঁচুৱাটোক প্ৰথম তিৰোতাজনীক দিবলৈ ৰজাক অনুৰোধ কৰিলে। এতিয়া চলোমনে বুজিবলৈ একো অসুবিধা নহ’ল যে এই কেঁচুৱাটোৰ প্ৰকৃত মাক কোন হয় আৰু তেওঁ এই দয়ালু মাকজনীক কেঁচুৱাটো দিবলৈ আদেশ দিলে। ৰজাই এই যি বিচাৰ নিস্পত্তি কৰিলে, ইয়াকে দেখি সকলোৱে বুজিব পাৰিলে যে ঈশ্বৰৰ জ্ঞান চলোমনৰ লগত আছে।

চলোমনৰ শাসনৰ এক মহান সফলতা হৈছে, যিৰূচালেমত যিহোৱাৰ উপাসনা গৃহ নিৰ্ম্মাণ কৰা। ইস্ৰায়েলীসকলৰ বাবে এই উপাসনা গৃহই যিহোৱাক সেৱা কৰিবলৈ এক মুখ্য স্থান ল’ব। এই গৃহৰ উদ্ঘাটনৰ সময়ত চলোমনে প্ৰাৰ্থনাত যিহোৱালৈ এইদৰে কৈছিল, “চোৱা, স্বৰ্গই আৰু স্বৰ্গৰো স্বৰ্গই তোমাক ধাৰণ কৰিব নোৱাৰে, তেন্তে মই নিৰ্ম্মাণ কৰা গৃহই জানো পাৰিব?”—১ ৰাজাৱলি ৮:২৭.

চলোমনৰ যশস্যা অন্যান্য দেশবোৰতো জনাজাত হৈ পৰিল। আনকি আৰবৰ এখন দূৰ দেশ হৈছে চিবা আৰু তাতো চলোমনৰ নাম খ্যাতিমন্ত হৈছিল। সেইবাবে চিবা দেশৰ ৰাণীয়ে চলোমনৰ যশস্যা আৰু ঐশ্বৰ্য্য আদি চাবলৈ আহিল। চিবাৰ ৰাণীয়ে চলোমনৰ সকলো জ্ঞান আৰু ইস্ৰায়েলীসকলৰ জয়জয়ময়ময় অৱস্থা দেখি, তাই এনে এজন ৰজাক সিংহাসনত বহুৱাৰ বাবে যিহোৱা ঈশ্বৰক ধন্যবাদ কৰিলে। বাস্তৱতে, ইস্ৰায়েলৰ ইতিহাসত চলোমনৰ ৰাজত্ব কালেই আছিল, সবাটোতকৈ উন্নতিশীল আৰু শান্তিপূৰ্ণ।

কিন্তু দুখৰ বিষয় যে চলোমনে যিহোৱাৰ জ্ঞান অনুসৰি কাৰ্য্য কৰিবলৈ ব্যৰ্থ হ’ল। যিহোৱাৰ বাক্য অৱজ্ঞা কৰি চলোমনে বহুতো তিৰোতাক বিয়া কৰালে আৰু এই তিৰোতাসকলৰ বেছিভাগেই মিছা ধৰ্ম্মৰ দেৱতাবোৰক উপাসনা কৰিছিল। এই পত্নীসকলে চলোমনক যিহোৱাক সেৱা কৰাৰপৰা লাহে লাহে আঁতৰ কৰালে আৰু চলোমনে নিজেও প্ৰতিমা উপাসনা কৰিবলৈ ধৰিলে। তেতিয়া যিহোৱাই চলোমনক কৈছিল যে তেওঁৰ ৰাজ্য বিভক্ত কৰা হ’ব। কিন্তু ঈশ্বৰে দায়ূদক প্ৰতিজ্ঞা কৰাৰ বাবে এই ৰাজ্যৰ মাত্ৰ কিছু অংশ চলোমনৰ পৰিয়ালৰ হৈ ৰব। চলোমনে স্ব-ইচ্ছাৰে যিহোৱাক সেৱা কৰিবলৈ এৰি দিয়াৰ সত্ত্বেও ঈশ্বৰে কিন্তু দায়ূদৰ লগত কৰা নিয়মৰ প্ৰতি বিশ্বাসী হৈ থাকিল।

এই অংশ ১ ৰাজাৱলি ১ পৰা ১১ অধ্যায়; ২ বংশাৱলি ১ পৰা ৯ অধ্যায়; দ্বিতীয় বিবৰণ ১৭:১৭ পদৰ আধাৰত।