অধ্যায় ১৬
মচীহৰ উপস্থিতি
যিহোৱা ঈশ্বৰে নাচৰতীয়া যীচুক প্ৰতিজ্ঞা কৰা মচীহ বুলি চিনাক্ত কৰে
প্ৰতিজ্ঞা কৰা মচীহক চিনাক্ত কৰিবলৈ যিহোৱা ঈশ্বৰে লোকসকলক সহায় কৰিবনে? নিশ্চয় কৰিব! ঈশ্বৰে ইয়াৰ বাবে কি কৰিলে তালৈ লক্ষ্য কৰক। হীব্ৰু শাস্ত্ৰপদ অৰ্থাৎ পুৰণি নিয়ম সম্পূৰ্ণ হোৱাৰ চাৰি শতিকাৰ পাছৰ ঘটনা। গালীল প্ৰদেশৰ উত্তৰফালে অৱস্থিত নাচৰত নামৰ নগৰখনত মৰিয়ম নামৰ এজনী কুমাৰীয়ে বাস কৰিছিল। এদিনাখন মৰিয়মে এক অতিথিৰ দৰ্শন হয় আৰু সেইয়া তাইৰ বাবে বৰ আচৰিত বিষয় আছিল। গাব্ৰিয়েল নামৰ এজন স্বৰ্গদূতে তাইক দেখা দিয়ে আৰু কয় যে ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ত তাই গৰ্ভৱতী হ’ব আৰু এটা পুত্ৰ সন্তানৰ জন্ম দিব। ইয়াক শুনি তাই আচৰিত হৈছিল কাৰণ তেতিয়ালৈকে তাই কুমাৰী হৈ আছিল। মৰিয়মৰপৰা জন্ম হোৱা এই পুত্ৰ হৈছে আগতেই প্ৰতিজ্ঞা কৰা ৰজা আৰু তেওঁ চিৰকালৰ বাবে শাসন কৰিব। সেই সন্তান হৈছে ঈশ্বৰৰ নিজৰ পুত্ৰ। এই পুত্ৰৰ জীৱন ঈশ্বৰে স্বৰ্গৰপৰা মৰিয়মৰ গৰ্ভত স্থানান্তৰ কৰিব।
যিহোৱা ঈশ্বৰে দিয়া এই গধুৰ দায়িত্বক মৰিয়মে অতি আদৰেৰে গ্ৰহণ কৰিলে। মন কৰিবলগীয়া বিষয় যে মৰিয়মৰ বিবাহ যোচেফ নামৰ ব্যক্তিজনৰ লগত হ’বলগীয়া আছিল। স্বৰ্গদূতে যোচেফক বিতংভাৱে বৰ্ণনা কৰিলে যে ঈশ্বৰে তেওঁৰ পুত্ৰৰ জীৱন মৰিয়মৰ গৰ্ভত স্থানান্তৰ কৰিছে আৰু তেওঁ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। মচীহে যে বৈৎলেহেমত জন্ম হ’ব তাৰ বিষয়ে কৰা ভৱিষ্যতবাণীৰ বিষয়েনো কি? (মীখা ৫:২) বৈৎলেহেম নগৰখন নাচৰতৰপৰা প্ৰায় ১৪০ কি. মি. দূৰৈত আছিল। তেনেহ’লে এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হ’ল?
এজন ৰোমান শাসকে লোকপিয়ল কৰিবলৈ আদেশ দিছিল। লোকসকলক তেওঁলোকৰ জন্ম লোৱা নগৰলৈ গৈ নিজৰ নাম পঞ্জীয়ন কৰাৰ প্ৰয়োজন আছিল। হয়তো যোচেফ আৰু মৰিয়মৰ জন্ম বৈৎলেহেমত হৈছিল আৰু সেইবাবে যোচেফে নিজৰ গৰ্ভৱতী পত্নীক তালৈ লৈ গৈছিল। (লূক ২:৩) মৰিয়মে এক সাধাৰণ ঘোঁৰাশালত নিজৰ পুত্ৰক জন্ম দিয়ে। পুত্ৰৰ জন্মৰ পাছত ঈশ্বৰে স্বৰ্গদূত পঠাই মেৰৰখীয়াবিলাকক জনালে যে এই মাত্ৰ জন্ম হোৱা সন্তান হৈছে প্ৰতিজ্ঞা কৰা মচীহ বা খ্ৰীষ্ট।
পাছলৈ আৰু বহুতোলোকে যীচুয়ে যে মচীহ হয় তাৰ প্ৰমাণ দিলে। তাৰে ভিতৰত এজন হৈছে যোহন বাপ্তাইজক। যোহনৰ বিষয়ে যিচয়া ভৱিষ্যতবক্তাই ভৱিষ্যতবাণী কৰিছিল যে তেওঁ খ্ৰীষ্টৰ বাবে পথ যুগুত কৰিব আৰু ইয়াৰ দ্বাৰা মচীহে ঈশ্বৰৰ প্ৰয়োজনীয় কাম সম্পূৰ্ণ কৰিব। (যিচয়া ৪০:৩) প্ৰথমবাৰৰ বাবে যীচুক দেখি আৱেগেৰে যোহনে এইদৰে কৈছিল: “জগতৰ পাপ নিওঁতা ঈশ্বৰৰ মেৰ পোৱালিক চোৱা!” ইয়াকে দেখি যোহনৰ কিছুমান অনুগামীয়ে যীচুক অনুকৰণ কৰিবলৈ ধৰিলে। তাৰ ভিতৰত এজনে এইদৰে কৈছিল: “আমি মচীহক, অৰ্থাৎ খ্ৰীষ্টক পালোঁ।”—যোহন ১:২৯, ৩০, ৩৬, ৪১.
যীচুয়ে যে মচীহ হয় তাৰ আৰু প্ৰমাণ আছে। যীচুৰ বিষয়ে যিহোৱা ঈশ্বৰে নিজেই ইয়াৰ সাক্ষ্য দিছিল। যোহনে যীচুক বাপ্তিষ্মা দিয়াৰ পাছত যিহোৱা ঈশ্বৰে নিজেই আকাশৰপৰা আকাশী বাণী কৰিছিল। পবিত্ৰ আত্মাৰ সহায়ত যিহোৱাই যীচুক মচীহ হিচাবে অভিষেক কৰিলে। যিহোৱাই এইদৰে কৈছিল: “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট।” (মথি ৩:১৬, ১৭) বহু বছৰৰ আগতে প্ৰতিজ্ঞা কৰা মচীহ উপস্থিত হ’ল।
এই ঘটনা কেতিয়া হ’ল বাৰু? দানিয়েলে ভৱিষ্যতবাণী কৰা অনুসৰি, ৪৮৩ বছৰৰ অন্তত অৰ্থাৎ ২৯ খ্ৰীষ্টাব্দত এই ঘটনা ঘটিল। এনে বহুতো প্ৰমাণৰ ভিতৰত, এই ঘটনা হৈছে মাত্ৰ এটাহে যিয়ে প্ৰমাণ কৰে যে যীচুয়েই হৈছে মচীহ অৰ্থাৎ খ্ৰীষ্ট। এতিয়া প্ৰশ্ন হ’ব পাৰে যে যীচু খ্ৰীষ্টই এই পৃথিৱীত থকাৰ সময়ত লোকসকলক কিহৰ বিষয়ে শিক্ষা দিছিল?
—এই অংশ মথি ১ পৰা ৩ অধ্যায়; মাৰ্ক ১; লূক ২; যোহন ১ অধ্যায়ৰ আধাৰত।