Skip to content

Skip to table of contents

অধ্যায় ১৮

যীচুৰ অলৌকিক কাৰ্য্য

যীচুৰ অলৌকিক কাৰ্য্য

যীচুয়ে নিজৰ অলৌকিক কাৰ্য্যবোৰৰ দ্বাৰা প্ৰমাণ কৰিলে যে ভৱিষ্যতে ৰজাৰূপে শাসন কৰাৰ সময়ত তেওঁ কেনে ধৰণৰ কাম কৰিব

যীচুয়ে এনে বহুতো আচৰিত কাৰ্য্য কৰিছিল যিবোৰ সাধাৰণতে কোনো মানুহে কৰিব নোৱাৰে। কিয়নো এনে কৰিবলৈ যি শক্তিৰ প্ৰয়োজন আছিল সেইয়া মাত্ৰ ঈশ্বৰে দিব পাৰে। যীচুয়ে অলৌকিক কাৰ্য্যবোৰ সকলোৱে দেখাকৈ কৰিছিল। এই অলৌকিক কাৰ্য্যবোৰে প্ৰমাণ কৰিলে যে শত্ৰুবিলাকতকৈ যীচুৰ শক্তি বহুগুণে বেছি আৰু সাধাৰণ মানুহে কৰিব নোৱাৰা কামবোৰ তেওঁ কৰিবলৈ সামৰ্থ ৰাখে। আহক কেইটামান উদাহৰণলৈ লক্ষ্য কৰোঁ।

খোৱা-বোৱাৰ সমস্যা। যীচুৰ প্ৰথম অলৌকিক কাৰ্য্য আছিল পানীৰপৰা দ্ৰাক্ষাৰস তৈয়াৰ কৰা। আন দুটা পৰিস্থিতিত যীচুয়ে হাজাৰ হাজাৰ লোকক মাত্ৰ কেইটামান পিঠা আৰু মাছেৰে আহাৰ খোৱাইছিল। মন কৰিবলগীয়া কথা যে দুয়োটা পৰিস্থিতিতে সকলোৰে বাবে যথেষ্ট আহাৰ আছিল।

ৰোগ। যীচুয়ে “সকলো বিধৰ ৰোগ আৰু সকলো বিধৰ নৰিয়া সুস্থ কৰিলে।” (মথি ৪:২৩) অন্ধ, কলা, কুষ্ঠৰোগ আৰু মৃগীৰোগ আদিৰে আক্ৰান্ত লোকসকলক যীচুয়ে আৰোগ্য কৰি তুলিছিল। ইয়াৰ লগতে পঙ্গু, খোৰা আৰু ঘূণীয়া লোককো তেওঁ সুস্থ কৰিছিল। তেওঁ সুস্থ কৰিব নোৱাৰা এনে কোনো ধৰণৰ ৰোগ নাছিল।

ভয়ানক বতৰ। এবাৰ যীচু আৰু তেওঁৰ অনুগামীসকলে গালীল সাগৰত জাহাজেৰে যাত্ৰা কৰিছিল। হঠাতে এক বৰ ভয়ানক ধুমুহাই সাগৰক তোলপাৰ কৰিলে। ইয়াকে দেখি অনুগামীসকলে ভয়ত কম্পিত হ’ল। তেতিয়া যীচুয়ে ধুমুহাক উদ্দেশ্য কৰি এইদৰে ক’লে, “শান্ত হৈ, থিৰে থাক।” সেই মুহূৰ্ত্ততে ধুমুহা বতাহ গুচিল আৰু সাগৰ শান্ত হ’ল। (মাৰ্ক ৪:৩৭-৩৯) আন এক সময়ত যীচুয়ে এক বৰ ধুমুহাৰ সময়ত পানীৰ ওপৰেদি খোজ কাঢ়িছিল।—মথি ১৪:২৪-৩৩.

দুষ্ট আত্মা। দুষ্ট আত্মাবোৰ সাধাৰণতে মানুহতকৈ শক্তিশালী। ইয়াৰ কবলৰপৰা মুক্ত হোৱা ইমান সহজ নহয়। দুষ্ট আত্মাবোৰ ঈশ্বৰৰ শত্ৰু হয়। কিন্তু যীচুয়ে কেইবাটাও পৰিস্থিতিত প্ৰমাণ কৰিলে যে তেওঁ দুষ্ট আত্মাৰ কবলৰপৰা লোকসকলক ৰক্ষা কৰিব পাৰে। দুষ্ট আত্মাই নিজৰ কবলত ৰখা এনে কেইবাজনো ব্যক্তিক যীচুয়ে সহায় কৰিছিল। যীচুয়ে দুষ্ট আত্মাবোৰক পীড়িত লোকসকলৰপৰা ওলাই যাবলৈ আদেশ দিছিল। এই দুষ্ট আত্মাবোৰলৈ তেওঁ কেতিয়াও ভয় কৰা নাছিল। ইয়াৰ পৰিৱৰ্তে দুষ্ট আত্মাবোৰেহে যীচুক ভয় কৰিছিল আৰু তেওঁৰ ক্ষমতাক স্বীকাৰ কৰিছিল।

মৃত্যু। বাইবেলত, মৃত্যুক “শেষ শত্ৰু” বুলি উল্লেখ কৰিছে আৰু এই শত্ৰু, মৃত্যুৰপৰা কোনেও ৰক্ষা পাব নোৱাৰে। (১ কৰিন্থীয়া ১৫:২৬) কিন্তু, যীচুয়ে মৃত লোকসকলকো জীৱিত কৰি তুলিছিল। উদাহৰণস্বৰূপে, যীচুয়ে এগৰাকী বিধৱাৰ একমাত্ৰ পুত্ৰ আৰু এজনী সৰু ছোৱালীৰ পুনৰুত্থান কৰিছিল। এই সকলোবোৰ পুনৰুত্থানৰ ভিতৰত আটাইতকৈ উল্লেখনীয় হৈছে, যীচুৰ প্ৰিয় বন্ধু লাজাৰৰ পুনৰুত্থান। মন কৰিবলগীয়া কথা যে লাজাৰৰ মৃত্যু হোৱা চাৰিদিন হৈছিল আৰু তাৰ বাবে বহুতোলোকে শোক কৰি আছিল। সেই সময়ছোৱাত যীচুয়ে তেওঁৰ প্ৰিয় বন্ধু লাজাৰৰ পুনৰুত্থান কৰিছিল। এই পুনৰুত্থান যে এক অলৌকিক কাৰ্য্য হয়, তাক যীচুক ঘৃণা কৰা শত্ৰুসকলেও স্বীকাৰ কৰিছিল।—যোহন ১১:৩৮-৪৮; ১২:৯-১১.

যীচুয়ে এনে অলৌকিক কাৰ্য্য কৰাৰ কাৰণ কি বাৰু? যীচুয়ে পুনৰুত্থান কৰা লোকসকলৰ আকৌ মৃত্যু হোৱা নাছিলনে? নিশ্চয়, তেওঁ পুনৰুত্থান কৰা লোকসকলৰ মৃত্যু হৈছিল। কিন্তু ইয়াৰ দ্বাৰা এটা কথা প্ৰমাণ কৰে যে মচীহৰ বিষয়ে কৰা সকলো ভৱিষ্যতবাণী সত্য হয়। ইয়াৰ উপৰিও ঈশ্বৰে নিযুক্ত কৰা ৰজাৰ ওপৰত আমাৰ বিশ্বাস দৃঢ় হয়। কিয়নো তেওঁ খোৱা-বোৱাৰ সমস্যা, ৰোগ, ভয়ানক বতৰ, দুষ্ট আত্মা আৰু মৃত্যু আদি সকলোকে নাইকিয়া কৰিব। যীচুয়ে এই পৃথিৱীত থাকোঁতে তেওঁ কৰা কাৰ্য্যবোৰৰ দ্বাৰা প্ৰমাণ কৰিলে যে যিহোৱা ঈশ্বৰে তেওঁক ইয়াৰ বাবে শক্তি আৰু সামৰ্থ দিছে।

এই অংশ মথি, মাৰ্ক, লূক আৰু যোহন কিতাপৰ আধাৰত।