Skip to content

Skip to table of contents

অধ্যায় ২২

পাঁচনিসকলে সাহসেৰে ঘোষণা কৰে

পাঁচনিসকলে সাহসেৰে ঘোষণা কৰে

তাড়না আৰু যাতনা পোৱাৰ সত্ত্বেও দিনক দিনে মণ্ডলীৰ সংখ্যা বাঢ়িবলৈ ধৰিলে

যীচু খ্ৰীষ্টৰ মৃত্যুৰ ১০ দিনৰ পাছত প্ৰায় ১২০ জন শিষ্যই যিৰূচালেমত এটা ঘৰত একত্ৰিত হয়। সেই আছিল ৩৩ খ্ৰীষ্টাব্দত যিহূদীসকলে পালন কৰা পেন্টাকোষ্ট বা পঞ্চাশ-দিনীয়া পৰ্ব্বৰ সময়। হঠাতে, খুব জোৰেৰে বতাহৰ দৰে কিবা শব্দ গোটেই ঘৰখনত শুনিবলৈ পোৱা গ’ল। আচৰিতভাৱে তাত উপস্থিত থকা শিষ্যসকলে বিভিন্ন ভাষাত কথা পাতিবলৈ ধৰিলে, যি ভাষাৰ বিষয়ে তেওঁলোকে কেতিয়াও নাজানিছিল। এই আচৰিত ঘটনাই কি প্ৰমাণ কৰে? শিষ্যসকলক ঈশ্বৰে পবিত্ৰ আত্মা অৰ্থাৎ তেওঁৰ সক্ৰিয় শক্তি দিছে।

পঞ্চাশ-দিনীয়া পৰ্ব্বৰ বাবে বহুতোলোক বিভিন্ন ঠাইৰপৰা যিৰূচালেমলৈ আহিছিল আৰু সেইবাবে ঘৰৰ বাহিৰত এক বৰ ভিৰক দেখিবলৈ পোৱা যায়। যীচু খ্ৰীষ্টৰ শিষ্যসকলে এনেকৈ বিভিন্ন ভাষাত কথা কোৱা দেখি তেওঁলোক আচৰিত হৈছিল। প্ৰকৃততে তাত কি হৈছিল তাৰ বিষয়ে পিতৰে, যোৱেল নামৰ ভৱিষ্যতবক্তাজনে ঈশ্বৰে তেওঁৰ আত্মা “বাকি দিম” বুলি কোৱা ভৱিষ্যতবাণীলৈ উনুকিয়াই দিয়ে। (যোৱেল ২:২৮, ২৯) পবিত্ৰ আত্মা পোৱা লোকসকলে বহুতো অলৌকিক কাৰ্য্য কৰিব। ঈশ্বৰৰ পবিত্ৰ আত্মাৰ সহায়ত কৰা কামবোৰৰপৰা এটা কথাই ক’ব পাৰি যে এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল। সেই পৰিৱৰ্তন হৈছে, ঈশ্বৰৰ অনুগ্ৰহ আৰু ইস্ৰায়েল ৰাষ্ট্ৰৰ ওপৰত নাই কিন্তু নতুনকৈ স্থাপিত হোৱা সত্য খ্ৰীষ্টান মণ্ডলীৰ ওপৰতহে আছে। যিসকল লোকে ঈশ্বৰক সেৱা কৰিবলৈ ইচ্ছা কৰিছিল, তেওঁলোকে যীচু খ্ৰীষ্টক অনুকৰণ কৰাৰ প্ৰয়োজন আছিল।

লাহে লাহে যীচুৰ শিষ্যসকলৰ ওপৰত তাড়না আৰু যাতনা বাঢ়িবলৈ ধৰিলে আৰু বিৰোধীসকলে তেওঁলোকক কাৰাগাৰত বন্দী কৰিলে। বন্দী হৈ থাকোঁতে ৰাতিৰ সময়ত স্বৰ্গদূতে কাৰাগাৰৰ দুৱাৰ খুলি শিষ্যসকলক মুকলি কৰিলে আৰু তেওঁলোকক ঘোষণা কৰা কাৰ্য্যক একেৰাহে কৰি থাকিবলৈ আজ্ঞা দিলে। কাৰাগাৰৰপৰা মুকলি হৈ তেওঁলোকে ঘোষণা কৰা কাৰ্য্যত লিপ্ত হ’ল। উপাসনা গৃহত প্ৰৱেশ কৰি তেওঁলোকে যীচু খ্ৰীষ্টৰ বিষয়ে শিক্ষা দিবলৈ ধৰিলে। শিষ্যসকলে এইদৰে কৰাৰ বাবে ধৰ্ম্মীয় নেতাসকলে তেওঁলোকৰ ওপৰত ক্ৰোধিত হ’ল আৰু ঘোষণা কৰা কাৰ্য্য বন্ধ কৰিবলৈ আদেশ দিলে। তেওঁলোকৰ আদেশৰ প্ৰতি কোনো ভয় নকৰি পাঁচনিসকলে এইদৰে কৈছিল: “মানুহতকৈ আমি ঈশ্বৰৰ আজ্ঞা মানিব লাগে।”—পাঁচনিৰ কৰ্ম্ম ৫:২৮, ২৯.

যীচু খ্ৰীষ্টৰ শিষ্যসকলৰ ওপৰত যাতনা আৰু তাড়না দিনক দিনে প্ৰবল হ’বলৈ ধৰিলে। কিছুমান যিহূদীয়ে স্তিফান নামৰ এজন শিষ্যক ঈশ্বৰক নিন্দা কৰা বুলি দোষাৰোপ কৰি শিল দলিয়াই হত্যা কৰিলে। তাৰ্চ নগৰত থকা চৌল নামৰ মানুহজনে এই হত্যাৰ বাবে অনুমোদন দিছিল। ইয়াৰ পাছত চৌলে যীচু খ্ৰীষ্টক অনুকৰণ কৰা সকলক গ্ৰেপ্তাৰ কৰিবলৈ দম্মেচকলৈ যাত্ৰা কৰিলে। চৌলে দম্মেচকলৈ বুলি ৰাস্তাৰে গৈ থকাৰ সময়ছোৱাত অকস্মাতে আকাশৰপৰা পোহৰ ওলাই তেওঁৰ চাৰিওফালে প্ৰকাশিত হ’ল আৰু এক শব্দ শুনা গ’ল: “হে চৌল, হে চৌল, মোক কিয় তাড়না কৰিছা?” এই পোহৰৰ বাবে চৌল অন্ধ হৈ পৰিল আৰু তেওঁ সুধিলে: “আপুনি কোন?” তাৰপৰা উত্তৰ আহিল, “মই সেই যীচু।”—পাঁচনিৰ কৰ্ম্ম ৯:৩-৫.

এই ঘটনাৰ পাছত চৌল অন্ধ হৈ পৰিল আৰু তিনিদিনৰ পাছত যীচুয়ে অননিয় নামৰ এজন শিষ্যক চৌলৰ চকু সুস্থ কৰিবলৈ পঠিয়ালে। পাছলৈ চৌল যীচুৰ শিষ্য হৈ পৰিল আৰু সাহসেৰে ঘোষণা কাৰ্য্যত লিপ্ত হ’ল। ক্ৰমান্বয়ে চৌল, পৌল নামেৰে বিখ্যাত হৈ পৰিল আৰু খ্ৰীষ্টান মণ্ডলীত এজন উৎসাহী সদস্যৰূপে তেওঁ সকলোৰে পৰিচিত হ’ল।

যীচুৰ শিষ্যসকলে মাত্ৰ যিহূদী আৰু চমৰিয়া লোকসকলকহে ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিছিল। এতিয়া এজন স্বৰ্গদূতে কৰ্ণীলিয় নামৰ এজন ৰোমান সেনাপতিৰ আগত দেখা দিলে। তেওঁ এজন ঈশ্বৰলৈ ভয় ৰাখোঁতা লোক আছিল। এই স্বৰ্গদূতে পাঁচনি পিতৰৰ লগত যোগাযোগ কৰিবলৈ কৰ্ণীলিয়ক আজ্ঞা কৰিলে। পিতৰ আৰু আন কেইজনমান শিষ্যই কৰ্ণীলিয়ৰ ঘৰলৈ আহে আৰু কৰ্ণীলিয় তথা তেওঁৰ পৰিয়ালৰ লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে শিক্ষা দিয়ে। পিতৰে কথা হৈ থাকোঁতে কৰ্ণীলিয় আৰু তেওঁৰ পৰিয়ালৰ লোকসকলৰ ওপৰত ঈশ্বৰৰ পবিত্ৰ আত্মা আহিল। পিতৰে তেওঁলোকক যীচু খ্ৰীষ্টৰ নামেৰে বাপ্তিষ্মা ল’বলৈ পৰামৰ্শ আগবঢ়ালে। এই ঘটনাৰ পাছত অন্যান্য জাতিৰ লোকসকলৰ বাবে অনন্ত জীৱনৰ পথ মুকলি হ’ল আৰু এই বাৰ্ত্তা দূৰ দূৰণিলৈকে ঘোষণা কৰিবলৈ মণ্ডলীৰ লোকসকলে সাজু আছিল।

এই অংশ পাঁচনিৰ কৰ্ম্ম ১:১–১১:২১ পদৰ আধাৰত।