Skip to content

Skip to table of contents

অধ্যায় ২৬

পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হ’ল!

পৃথিৱীখন প্ৰমোদবনলৈ পৰিৱৰ্তন হ’ল!

যীচু খ্ৰীষ্টৰ অধীনত ঈশ্বৰৰ ৰাজ্যই যিহোৱাৰ নাম পবিত্ৰ কৰিব, তেওঁৰ সাৰ্ব্বভৌমত্ব প্ৰতিষ্ঠা কৰিব আৰু সকলো দুষ্টতাক নাইকিয়া কৰিব

বাইবেলৰ শেষৰ কিতাপখনৰ নাম হৈছে প্ৰকাশিত বাক্য। এই কিতাপখনে সকলো মানৱৰ বাবে আশা কঢ়িয়াই আনে। এই কিতাপখনৰ লেখক হৈছে পাঁচনি যোহন আৰু ইয়াত যিহোৱাৰ উদ্দেশ্যত পূৰ হ’বলগীয়া কিছুমান দৰ্শনৰ বিষয়ে বৰ্ণনা আছে।

প্ৰথম দৰ্শনত, পুনৰুত্থান হোৱা যীচু খ্ৰীষ্টই বহুতো মণ্ডলীক প্ৰশংসা আৰু সংশোধন কৰে। দ্বিতীয় দৰ্শনত, ঈশ্বৰৰ সিংহাসন আৰু আত্মিক প্ৰাণীবিলাকে ঈশ্বৰক প্ৰশংসা কৰি থকা দেখা যায়।

যেতিয়া ঈশ্বৰৰ উদ্দেশ্য পূৰ হোৱাৰ সময় আহি পৰে, তেতিয়া মেৰ পোৱালি অৰ্থাৎ যীচু খ্ৰীষ্টক এখন পুথি দিয়া হয়। সাতটা ছাবেৰে এই পুথিখন বন্ধ আছিল। প্ৰথম চাৰিটা ছাব খোলাত কেইজনমান অশ্বাৰোহীক দেখা গ’ল। প্ৰথম অশ্বাৰোহীজন হৈছে যীচু খ্ৰীষ্ট আৰু তেওঁৰ মূৰত এটা মুকুট আছে। যীচুৰ পাছত বেলেগ বেলেগ ৰঙৰ ঘোঁৰাৰ ওপৰত কেইজন অশ্বাৰোহীক দেখা গ’ল। এইবিলাকে যুদ্ধ, আকাল আৰু মহামাৰীক চিত্ৰিত কৰে। এই পৃথিৱীৰ দুষ্ট ব্যৱস্থাৰ অন্তিম সময়ত এইবোৰ হ’বলগীয়া আছিল। যেতিয়া সাত নম্বৰ ছাবটো খোলা হয়, তেতিয়া সাতটা তূৰী বজোৱা হয়। এই সাতোটা তূৰী বজোৱাৰ অৰ্থ হৈছে ঈশ্বৰৰ ন্যায়ৰ দিন ঘোষণা কৰা। ইয়াৰ পাছত সাতটা মহামাৰী হোৱা দেখা যায়। ইয়াৰ অৰ্থ হৈছে বিভিন্ন ধৰণে প্ৰকাশ কৰা যিহোৱাৰ ক্ৰোধ।

এক নৱজাত পুত্ৰ-সন্তানৰ লগত ঈশ্বৰৰ ৰাজ্যৰ তুলনা কৰা হৈছে। এই ৰাজ্যখন স্বৰ্গত স্থাপিত। স্বৰ্গত হোৱা যুদ্ধৰ পৰিণামস্বৰূপে, চয়তান আৰু তাক অনুকৰণ কৰা সকলো দুষ্ট স্বৰ্গদূতক এই পৃথিৱীলৈ পেলাই দিয়া হয়। ইয়াৰ পাছত এক বৰ মাত শুনা গ’ল, “হে পৃথিবী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গল; আৰু তাৰ কাল অলপ দেখি, সি অতি ক্ৰুদ্ধ হৈছে।”—প্ৰকাশিত বাক্য ১২:১২.

পাঁচনি যোহনে এতিয়া মেৰ পোৱালি অৰ্থাৎ যীচু খ্ৰীষ্ট আৰু তেওঁৰ লগত ১,৪৪,০০০ জন লোকক স্বৰ্গত দেখিছে। এই লোকসকলক পৃথিৱীৰপৰা নিৰ্ব্বাচন কৰা হৈছে আৰু তেওঁলোকে যীচু খ্ৰীষ্টৰ সৈতে “ৰাজত্ব কৰিব।” প্ৰকাশিত বাক্য কিতাপখনে প্ৰতিজ্ঞা কৰা বংশৰ দ্বিতীয় অংশৰ বিষয়েও বিতংভাৱে প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ সংখ্যা ১,৪৪,০০০ জন।—প্ৰকাশিত বাক্য ১৪:১; ২০:৬.

এই পৃথিৱীৰ শাসকসকলে হৰমাগিদোন অৰ্থাৎ “সৰ্ব্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ” একত্ৰিত হ’ব। আগতে বৰ্ণনা কৰা অনুসৰি সেই বগা ঘোঁৰাটোৰ ওপৰত বহা জনা অৰ্থাৎ যীচু খ্ৰীষ্টই স্বৰ্গীয় বাহিনীৰ নেতৃত্ব কৰিব আৰু এই পৃথিৱীৰ শাসকসকলৰ লগত যুদ্ধ কৰিব। এই যুদ্ধত পৃথিৱীৰ সকলো শাসকক সম্পূৰ্ণৰূপে ধ্বংস কৰা হ’ব। ইয়াৰ পাছত চয়তানক বন্দী কৰি, যীচু আৰু ১,৪৪,০০০ জনে “এহেজাৰ বছৰ” পৃথিৱীৰ ওপৰত শাসন কৰিব। এহেজাৰ বছৰৰ অন্তত চয়তানক ধ্বংস কৰা হ’ব।—প্ৰকাশিত বাক্য ১৬:১৪; ২০:৪.

এহেজাৰ বছৰজোৰা এই শাসনে আজ্ঞাকাৰী মানৱ জাতিৰ বাবে কি লাভ কঢ়িয়াই আনিব? ইয়াৰ উত্তৰ পাঁচনি যোহনে এইদৰে দিয়ে, “[যিহোৱাই] তেওঁবিলাকৰ চকুৰ পৰা আটাই চকু-লো মচি গুচাব; তাতে মৃত্যু আৰু নহব; শোক, বা ক্ৰন্দন, বা বেদনাও আৰু নহব; প্ৰথমবোৰ গুচিল।” (প্ৰকাশিত বাক্য ২১:৪) সৰ্বশেষত, গোটেই পৃথিৱীখন প্ৰমোদবনলৈ পৰিণত হ’ব।

প্ৰকাশিত বাক্যৰ কিতাপে খুব সুন্দৰকৈ বাইবেলৰ যি বাৰ্ত্তা তাক সম্পূৰ্ণ কৰি তুলিছে। মচীহৰ ৰাজ্যৰ যোগেদি যিহোৱা ঈশ্বৰৰ নাম পবিত্ৰ কৰা হ’ব আৰু গোটেই মানৱ জাতিক শাসন কৰাৰ যে মাত্ৰ তেওঁৰ অধিকাৰ আছে তাক প্ৰমাণ কৰা হ’ব।

—এই অংশ প্ৰকাশিত বাক্য কিতাপৰ আধাৰত।